পৰিৱশ আৰু পৰিৱেশৰ সমস্যা class 10

 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

পৰিৱশ আৰু পৰিৱেশৰ সমস্যা mcq পৰিৱশ আৰু পৰিৱেশৰ সমস্যা প্ৰশ্ন উত্তৰ 

১/ পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ।
উত্তৰ  :- "পৰিৱেশ" শব্দটোৱে জীৱ বা জীৱ সমষ্টিৰ চাৰিওফালে বৰ্তি থকা এটা ভৌগলিক অৱস্থাক বুজায় যত অণুজীৱ, বিভিন্ন প্ৰজাতি উদ্ভিদ, জীৱ-জন্তুৰ লগতে বৃহৎ আকাৰৰ স্তন্যপায়ী প্ৰাণীৰ দৰে জৈৱিক উপাদানসমূহ আৰু মাটি, পানী, বায়ুৰ লগতে সকলো ধৰণৰ অজৈৱিক উপাদান অন্তৰ্ভুক্ত হৈ থাকে ।
     এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহেই পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে । ভৌগলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশতন্ত্রৰ চাৰিটা মণ্ডল-স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলক সূচোৱা হয় ।
     এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্ট অৱস্থাকে বহল অৰ্থত আমি পৰিৱেশ বুলি কওঁ । ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে "স্থল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিয়েই হৈছে পৰিৱেশ  ।"
২/ পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা ।
উত্তৰ  :- পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান হ'ল --- (i) জৈৱ উপাদান  :- বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী ।
(ii) অজৈৱ উপাদান  :- মাটি, পানী, বায়ু আৰু সকলো জড় বা নিৰ্জীৱ উপাদান  ।
৩/ স্থলমণ্ডল বুলিলে কি বুজায় লিখা ।
উত্তৰ  :- শিল, মাটি, খনিজ, পদাৰ্থ, পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা, উপকূল আদিৰে গঠিত ভূগোলকে স্থলমণ্ডল বুলি কোৱা হয় । স্থলমণ্ডলৰ গুণাগুণ তথা সময়ে সময়ে হোৱা ইয়াৰ পৰিবৰ্তন পৃথিৱীৰ পৰিৱেশতন্ত্রৰ অন্য তিনিটা মণ্ডল জলমণ্ডল, বায়ুমণ্ডলত আৰু জীৱমণ্ডলে নিৰ্ধাৰণ কৰে ।
৪/ জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা ।
উত্তৰ  :- জলমণ্ডল বুলিলে ভূপৃষ্ঠক আৱৰি থকা জলভাগকে বুজায় । জলমণ্ডল গঠন কৰা অৱয়ৱসমূহ হৈছে :- 
(i) সাগৰ , (ii) মহাসাগৰ (iii) নদ-নদী , (iv) হ্ৰদ (v) কুঁৱা ইত্যাদি ।
৫/ বায়ুমণ্ডলত কিহেৰে গঠিত লিখা ।
উত্তৰ  :- ভূপৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কি:মি: উচ্চতালৈ বিয়পি থকা গেছীয় তৰপটোকে বায়ুমণ্ডলত বুলি কোৱা হয় । ৭৮.০৮ শতাংশ নাইট্ৰজেন, ২০.৯৪ শতাংশ অস্কিজেন, ০.০৩৫ শতাংশ কাৰ্বন ডাই অক্সাইড, ০.০০১৩ শতাংশ আৰ্গন আৰু হাইড্ৰজেন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত  ।
৬/ জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ।
উত্তৰ:- জীৱমণ্ডলে পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিত থকা অঞ্চলসমূহক সামৰি লৈছে । স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল এই মণ্ডলৰ অনুষ্ঠিত  । ভূপৃষ্ঠ, ভূপৃষ্ঠৰ পৰা কেইমিনিটমান তললৈ, বায়ুমণ্ডলৰ আৰু সাগৰ-মহাসাগৰৰ প্ৰায়ভাগ অংশই এই মণ্ডলে সামৰি লৈছে ।
৭/ পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ  :- পৰিৱেশ স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল নামৰ চাৰিটা উপাদান বা মণ্ডলেৰে গঠিত । পৰিৱেশৰ এই চাৰিওটা মণ্ডলৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকাৰ লগতে ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল  । প্ৰকৃততে, চাৰিওটা মণ্ডলে নিজৰ নিজৰ প্ৰকৃতি আৰু অস্তিত্বৰ বাবে পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল  ।
     জল চক্ৰ, কাৰ্বন চক্ৰ, নাইট্ৰজেন চক্ৰ আদিৰ দৰে প্ৰকৃতিৰ বিভিন্ন চক্ৰসমূহ এই চাৰিওটা মণ্ডলৰ যোগেদি আগবাঢ়ে । এই মণ্ডলসমূহৰ বিভিন্ন উপাদানসমূহৰ মাজত এক নিকটবৰ্তী জটিল আন্ত:সম্বন্ধ আছে ।
     যিকোনো এটা গুৰুত্বপূৰ্ণ মণ্ডলত সংঘটিত হোৱা পৰিৱৰ্তনে পৰিৱেশৰ অন্য তিনিওটা মণ্ডলকে প্ৰভাৱিত কৰে । যেতিয়া সূৰ্যৰ পৰা হোৱা অত্যাধিক বিকিৰণৰ দ্বাৰা বায়ুমণ বায়ুমণ্ডল প্ৰভাৱিত হয় তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলৰ ক্ষতিসাধন হয় ।
     ইয়াৰ জৰিয়তে বৰফ ফলত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ ভূপৃষ্ঠৰ উপকূলীয় অঞ্চলসমূত বৃহৎ পৰিৱৰ্তন সংঘটিত হয় । ইয়াৰ ফলস্বৰূপে স্থালমণ্ডৰ বহুতো অঞ্চল পানীৰ তলত বুৰ যায় । বায়ুমণ্ডলৰ অত্যাধিক উষ্ণতাৰ ফলত স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলত বা কৰা বহুতো অণুজীৱ, উদ্ভিদ তথা জীৱ-জন্তুৰ মৃত্যু হয় । 
     আনহাতে, স্থলমণ্ডলত থকা থকা গছ - গছনিসমূহ জধে-মধে কটাৰ ফলত অত্যাধিক মাত্ৰাত সেউজগৃহ গেছসূহ বৃদ্ধ হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে । যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত থকা জীৱসমূহৰে ক্ষতি কৰা নাই , বৰঞ্চ ই জলমণ্ডলৰ জীৱসমূহৰ ক্ষতিসাধন কৰিছে ।
    এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল  ।
৮/ পৰিৱেশ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা । 
উত্তৰ  :- বৰ্তমান সময়ত স্থান আৰু কাল অনুযায়ী পৰিৱেশৰ পৰিবৰ্তন ঘটা দেখা যায় । এনে পৰিৱেশ পৰিবৰ্তনৰ প্ৰধান কাৰণসমূহ হৈছে নগৰীকৰণ, ঔদ্যোগিকৰণ, যোগাযোগ তথা পৰিবহনৰ সম্প্ৰসাৰণ, অৰণ্য আৰু জলাশয়সমূহৰ সংকোচন আদিৰ দৰে পৰিৱেশ বিৰোধী মানৱ কাৰ্যকলাপসমূহ  ।
     এই কাৰ্যকলাপসমূহে চাৰিওটা মণ্ডলতে গভীৰভাৱে কু-প্ৰভাৱ পেলাইছে । পাৰ্ৰত্য অঞ্চলৰ পৰা মৰুভূমি অঞ্চলৈকে হোৱা জনসংখ্যা তথা মানৱ কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ ফলত সেইবোৰ অঞ্চলৰ পৰিৱেশৰ দ্ৰুতভাৱে পৰিবৰ্তন ঘটিছে ।
     পৰিৱেশ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ তলত উল্লেখ কৰা হ'ল  ---
(i) জনসংখ্যা বৃদ্ধি । (ii) ঔদ্যোগিকৰণ তথা নগৰখনিৰণ । (iii) পৰিৱেশত কাৰ্বন-ডাই-অক্সাইড পৰিমাণ বৃদ্ধি হোৱা । (iv) নিৰ্বনানীকৰণ আৰু জলাশয়ৰ সংকোচন । (v)পাৰ্ৰত্য আৰু অঞ্চলৈ সম্প্ৰসাৰিত হোৱা মানৱ কাৰ্যকলাপ  ।
৯/ পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা ।
উত্তৰ  :- বহুবছৰ পূৰ্বে পৃথিৱীত কোনোধৰণৰ পাৰিপাশ্বিৰ্ক সমস্যা নাছিল  । ইয়াৰ মূলতে আছিল পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট উপাদানসমূহৰ মাজত থকা ভাৰসাম্যতা ।
     কিন্ত দিনে দিনে বৃদ্ধি হৈ অহা দ্ৰুত জনসংখ্যা, নগৰীকৰণৰ সম্প্ৰসাৰণ, ঔদ্যোগিকৰণ, নিৰ্বনানীকৰণ, জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ, জলাশয়ৰ সংকোচন আদিৰ ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডলৰ উপাদানসমূহৰ মাজত থকা পাৰিপাশ্বিৰ্ক ভাৰসাম্যতা বিঘ্নিত হৈ পৰে ।
    ইয়াৰ ফলতে প্ৰদূষণ, মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, বৰফৰ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতো সমস্যাৰ উদ্ভৱ হৈছে । পৰিৱেশৰ লগত জড়িত এই সকলোবোৰ সমস্যাকে পাৰিৱেশিক বা পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় ।
১০/ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা ।
উত্তৰ  :- ভৌগোলিক দিশৰ পৰা পাৰিপাৰ্শ্বিক সমস্যা বোৰক উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি :- 
(ক) স্থানীয় সমস্যা :- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় ।
  যেনে :- ক্ষুদ্ৰ উদ্যোগ এটাৰ দ্বাৰা হোৱা ভূমি প্ৰদূষণ, জলাশয়সমূহ তৰাং হোৱাৰ ফলত খৰালি কালত হোৱা পানীক অভাৱ, স্থানীয় নদীৰ দ্বাৰা হোৱা গৰাখহনীয়াৰ সমস্যা আদি 
(খ) আঞ্চলিক সমস্যা :- এটা বা ততোধিক ভৌগলিক অঞ্চলজুৰি সৃষ্টি হোৱা সমস্যাকে আঞ্চলিক পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় । কেতিয়াবা এই আঞ্চলিক সমস্যাই একাধিক ৰাষ্ট্ৰকো সামৰি লয় ।
   যেনে :- অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বৃহৎ উদ্যোগিক অঞ্চলৰ ভূমি আৰু জল প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনীজনিত সমস্যা, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি ।
(গ) গোলকীয় সমস্যা  :- সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যাবোৰকে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় । যিহেতু গোলকীয় সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সামাধনাৰ্থে আন্তৰ্জাতিক প্ৰচেষ্টা প্ৰয়োজন হয় ।
   উদাহৰণস্বৰূপে গোলকীয় উত্তাপবৃদ্ধি, যিয়ে পৰিৱেশত প্ৰভাৱ পেলায় আৰু ইয়াৰ কোনো ভৌগলিক সীমানাই ।
১১/ পৰিৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখা ।
উত্তৰ  :- পৰিৱেশৰ স্থানীয় সমস্যা :- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় ।
   যেনে :- ক্ষুদ্ৰ উদ্যোগ এটাৰ দ্বাৰা হোৱা ভূমি প্ৰদূষণ, জলাশয়সমূহ তৰাং হোৱাৰ ফলত খৰালি কালত হোৱা পানীৰ অভাৱ , স্থানীয় নদীৰ দ্বাৰা হোৱা গৰাখহনীয়াৰ সমস্যা আদি ।
১২/ পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ।
উত্তৰ  :- পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ হৈছে :- (ক) অসমৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ বানপানীৰ সমস্যা । আৰু (খ) মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা । 
১৩/ কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা ।
উত্তৰ  :- সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যাবোৰকে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় । যিহেতু গোলকীয় সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়েহে সমস্যাসমূহৰ সমাধানাৰ্থে আন্তৰ্জাতিক প্ৰচেষ্টা প্ৰয়োজন হয় । উদাহৰণস্বৰূপে গোলকীয় উত্তাপবৃদ্ধি , যিয়ে পৰিৱেশত প্ৰভাৱ পেলায় আৰু ইয়াৰ কোনো ভৌগলিক সীমানাই ।
১৪/ পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা ।
উত্তৰ  :- বিশ্বৰ প্ৰধান পাৰিপাৰ্শ্বিক সমস্যাসমূহ হ'ল :- 
(ক) মাটি, পানী আৰু বায়ু প্ৰদূষণ  ।
(খ) মৰুকৰণ । (গ) ভূমিস্খলন আৰু ভূমিৰ অৱক্ষয় । (ঘ) গোলকীয় উত্তাপ বৃদ্ধি । (ঙ) কৃত্রিম বানপানী । (চ) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি আদি ।
১৫/ প্ৰদূষণৰ অৰ্থ লিখা ।
উত্তৰ  :- হানিকাৰক পদাৰ্থ বা দ্ৰব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয় । পৰিৱেশ প্ৰদূষণকৰ সংযোজন বা পুঞ্জীভৱনৰ ফলত প্ৰদূষণৰ সৃষ্টি হয় । যিংক, ছালফাৰ ডাই-অক্সাইড , কাৰ্বন মন' অক্সাইড আদি হৈছে পৰিৱেশৰ প্ৰধান প্ৰদূষক আৰু পৰিৱেশৰ উপাদান সমূহৰ প্ৰদূষণ জীৱ কূলৰ বাবে হানিকাৰক হ'ব পাৰে  ।
১৬/ পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা ।
উত্তৰ  :- ৰাসায়নিক পদাৰ্থ, পদাৰ্থকণা, বিকিৰণ, অণুজীৱ আদিৰ দৰে হানিকাৰক দ্ৰব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্ৰদূষণ বুলি কোৱা হয় ।
    সাধাৰণতে পানীৰ উৎসৰ ওচৰত জনবসতি, উদ্যোগ, কৃষি-পথাৰ আদি থাকিলে তাৰ পৰা নিৰ্গত আৱৰ্জনা বা অপদ্ৰব্যসমূহ পানীৰ সৈতে মিহলি হ'লে পানীৰ প্ৰদূষণ ঘটে । 
১৭/ মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা ।
উত্তৰ  :- বৰ্তমান সময়ত বিশ্বৰ প্ৰায়বোৰ দেশতে ভূমি প্ৰদূষণ বৃদ্ধি হৈ বিপদ সীমাৰ কাষ চাপিছে । মাটি প্ৰধানকৈ মানৱ কাৰ্যকলাপৰ বাবেই প্ৰদূষিত হয় ।
    সাধাৰণতে মাটিৰ সৈতে যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজক্ৰিয় পদাৰ্থ, নগৰীয়া আৱৰ্জনা, এচিড বৰষুণ আদি মিহলি হয় তেতিয়া মাটিয়ে নিজৰ প্ৰাকৃতিক গুণাগুণ তথা উৰ্বৰতা শক্তি হেৰুৱায় । ইয়াকে মাটি প্ৰদূষণ বুলি কোৱা হয় ।
১৮/ বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ।
উত্তৰ  :- বৰ্তমান বায়ু প্ৰদূষণ এটা গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সমস্যাত পৰিণত হৈছে । বায়ুমণ্ডল বিশেষকৈ নাইট্ৰজেন (৭৮.০৮) শতাংশ অক্সিজেন (২০.৯৪ শতাংশ ) আৰ্গন ((০.৯৩ শতাংশ) আৰু কাৰ্বন ডাই-অক্সাইড (০.০৩৫ শতাংশ) আদিৰ দৰে গছসমূহৰ দ্বাৰা গঠিত  । এই গছসমূহে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বায়ুমণ্ডলীয় উষ্ণতাক ভাৰসাম্য অৱস্থাত ৰাখে ।
    কিন্ত যেতিয়া এই গছসমূহৰ আয়তন বৃদ্ধি হয় যদি কোনো কঠিন , তৰল অথবা গেছীয় পদাৰ্থ বায়ুমণ্ডলৰ সৈতে সংযোজিত হয় তেতিয়া বায়ুমণ্ডলীয় ভাৰসাম্যতা বিনষ্ট হয় আৰু ইয়াৰ ফলত বায়ু প্ৰদূষিত হয় । এনেধৰণৰ প্ৰদূষণ জৈৱ আৰু অজৈৱ উপাদানসমূহৰ বাবে হানিকাৰক হয় ।
     বায়ু প্ৰদূষণৰ কাৰণসমূহ হ'ল ---
   (i) প্ৰাকৃতিক কাৰকসমূহ :- 
(ক) আগ্নেয় উদগিৰণ  :- আগ্নেয় উদগিৰণত নিৰ্গত হোৱা ধোৱা, ছাই আৰু গেছীয় পদাৰ্থসমূহৰ দ্বাৰা বায়ু প্ৰদূষণ ঘটে । উদাহৰণস্বৰূপে ফিলিপাইনছৰ মাউণ্ট পিনাটু'বক্সৰ উদগিৰণত ১৫-২০ নিযুত টনা পৰিমাণৰ ছালফাৰ ডাই-অক্সাইড নিৰ্গত হৈছিল ।
(খ) বনজুই :- বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত হোৱা বনজুয়েও বায়ু প্ৰদূষিত কৰে ।
(ii) মানৱ কাৰকসমূহ :- 
(ক) ঔদ্যোগিকৰণ আৰু নগৰীকৰণ  । (খ) যানবাহনৰ বৰ্ধিত ব্যৱহাৰ তথা আণৱিক বিস্ফোৰণ । (গ) জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰ   ।
এই আটাইবোৰ মানৱ কাৰ্যকলাপে বায়ুত কাৰ্বন মন অক্সাইড, নাইট্ৰাছ অক্সাইড, হাইড্ৰ'কাৰ্বন , ছালফাৰ ডাই-অক্সাইড আদি ক্ষতিকাৰক গেছৰ সংযোজন ঘটাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰে ।
১৯/ মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া ।
উত্তৰ  :- কম পৰিমাণে বৰষুণ হোৱা আৰু অধিক মাত্ৰাত বাষ্পীভৱন  হোৱা পৃথিৱীৰ যিবিলাক অঞ্চলত উদ্ভিদ, মানুহ আৰু অন্যান্য প্ৰাণীৰ জীৱন ধাৰণ কষ্টকৰ তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায় । বিশ্বৰ মূল ভূভাগৰ প্ৰায় ২০ শতাংশ মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে ।
    মৰুভূমিৰ আশে-পাশে থকা এলেকা বোৰলৈ মৰুসদৃশ অৱস্থাৰ সম্প্ৰসাৰণ ঘটাকৈ মৰুকৰণ হিচাপে সংজ্ঞাবদ্ধ কৰা হয় । শেহতীয়াভাৱে বিশ্বৰ মূল ভূখণ্ডৰ প্ৰায় ৩৫ শতাংশ মৰুকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে । 
     ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নাইৰোবিত অনুষ্ঠিত এখন সন্মিলিত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো এনেধৰণৰ "মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এক মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে ।"
২০/ মৰুকৰণৰ-কাৰণ দৰ্শোৱা ।
উত্তৰ  :- মৰুকৰণৰ কাৰণসমূহ হ'ল :-
(i) প্ৰাকৃতিক কাৰক :-
(ক) খৰাং বতৰ :- ই মাটিৰ উৎপাদনশীলতাক প্ৰভাৱিত কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলত মৰুকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় ।
(খ) গোলকীয় উত্তাপ বৃদ্ধি :- গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা উষ্ণতা বৃদ্ধিয়ে মৰুভূমিৰ পৰিৱেশ অধিক শুষ্ক কৰি তোলাত মৰুকৰণৰ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হৈছে ।
(ii) মানৱ কাৰক :-
(ক) মানৱ কাৰ্যকলাপ :- মৰুকৰণ প্ৰক্ৰিয়াক উৎসাহিত কৰা মানৱ কাৰ্যকলাপসমূহ হৈছে অত্যাধিক পশুচাৰণ, কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু নিৰ্বনানীকৰণ  ।
(খ) জনসংখ্যা বৃদ্ধি :- জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি তথা মৰুপ্ৰায় অঞ্চলসমূহত মানুহৰ হেঁচা বৃদ্ধি কৰিছিল, যিটোৱে মৰুভূমিৰ সম্প্ৰসাৰণৰ সৃষ্টি কৰিছে ।
২১/ মৰুকৰণ সমস্যা সমাধান সম্ভৱ নে ?
উত্তৰ  :- ই এটা প্ৰত্যাহ্বান মূলক কাৰ্য যদিও বনানীকৰণ , বৰষুণৰ পানী সংৰক্ষণ, মাটিৰ ক্ষয়ীভৱন ৰোধকৰণ, কৃত্রিম জলসিঞ্চন ব্যৱস্থাৰ নিৰ্মাণ, অৰ্ধ-অনুৰ্বৰ অঞ্চললৈ জলসিঞ্চন খাল সম্প্ৰসাৰণ আদিৰ দৰে ব্যৱস্থাসমূহৰ গ্ৰহণৰ দ্বাৰা মৰুকৰণ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ । 
      যিহেতু মৰুকৰণৰ সমস্যাটো কেৱল এখন দেশৰে সমস্যা নহয়, সেয়েহে গোলকীয়ভাৱে ইয়াৰ মোকাবিলা কৰাৰ অতি প্ৰয়োজন আহি পৰিছে । মৰুকৰণ প্ৰক্ৰিয়াটো যিহেতু যিহেতু গোলকীয় উত্তাপ বৃদ্ধিৰ সৈতে জড়িত হৈ আছে, সেয়েহে গোলকীয় উত্তাপ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে নিশ্চিত ভাৱে মৰুকৰণ প্ৰক্ৰিয়াও হ্ৰাস কৰিব  ।
২২/ গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা ।
উত্তৰ  :- গোলকীয় উত্তাপ বৃদ্ধি হৈছে বৰ্তমান আমাৰ বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিৱেশ সম্বন্ধীয় সমস্যা । বায়ুমণ্ডলত সেউজগৃহ  । গেছসূহ সংযোজিত হোৱাৰ ফলস্বৰূপে ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাকে গোলকীয় উত্তাপ বৃদ্ধি হোৱা বুলি কোৱা হয় ।
    গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণসমূহ হ'ল  :-  সেউজগৃহ গেছসূহৰ নিৰ্গমণ, কাৰ্বন ডাই-অক্সাইড [CO2], মিথেন [CH4], নাইট্ৰাইড [N2O] , জলীয় বাষ্প আদিৰ দৰে গেছসমহে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলীয় উষ্ণতা নিয়ন্ত্ৰণত ৰাখিব পাৰে ।
    এনে গছসমূহক সেউজগৃহ গেছ বোৰ আৰু বায়ুমণ্ডলত এই গছসমূহৰ উপস্থিতিত মুঠ পৰিমাণ কেৱল ০.১ শতাংশ  । কিন্ত কোনো কাৰনত বায়ুমণ্ডলত এই গেছসূহৰ পৰিমাণ বৃদ্ধি পালে বা তাৰতম্য ঘটিলে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি হৈ গোলকীয় উত্তাপ বাঢ়ে ।
     গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত এই সকলোবোৰ সেউজগৃহ গেছৰ ভিতৰত কাৰ্বন ডাই-অক্সাইড গেছৰ ভূমিকা সৰ্বাধিক হোৱা দেখা যায় যিহেতু যোৱা ১৫০ বছৰত বায়ুমণ্ডলত অকলে এই গেছে ৩০ শতাংশলৈ বৃদ্ধি হৈছে ।
      তদুপৰি ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা বিস্তৃত ৰূপত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱস্থাৰ তথা নিৰ্বনানীকৰণ আদিৰ দৰে মানুহৰ কাৰ্যকলাপে গোলকীয় বৃদ্ধিত অৰিহণা যোগাইছে কাৰণ ই বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি বায়ুমণ্ডলীয় উত্তাপৰ বৃদ্ধিৰ হৈছে ।
২৩/ গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰনৰ সমস্যা সৃষ্টি কৰিব লিখা ।
উত্তৰ  :- গোলকীয় উত্তাপ বৃদ্ধিয়ে নিম্নলিখিত সম্ভাব্য সমস্যাসমূহ সৃষ্টি কৰিব পাৰে :- 
(১) বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি :- প্ৰাক ঔদ্যোগিক বিপ্লৱৰ যুগৰ পৰা বৰ্তমানলৈ ভূপৃষ্ঠৰ গড় উত্তাপ প্ৰায় ০.৭৬⁰ ছেলছিয়াছ বৃদ্ধি হৈছে আৰু ভৱিষ্যতে ৫.৮⁰ চেলচিয়াছলৈ হ'ব বুলি অনুমান কৰা হৈছে ।
(ii) মেৰুঅঞ্চলত বৰফৰ গলন :- ২-৩  ডিগ্ৰী চেলচিয়াছ উত্তাপ বৃদ্ধি পালে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰিব  ।
(iii) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি :- মেৰুদেশীয় বৰফৰ গলনে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব । সাগৰপৃষ্ঠত এক মিটাৰ উচ্চতা বৃদ্ধিয়ে ৫ নিযুত বৰ্গ কি:মি উপকূলৱৰ্তী অঞ্চল, বহুততা জনবসতিপূৰ্ণ দ্বীপ, বদ্বীপ আৰু প্ৰৱাল দ্বীপ জলমগ্ন কৰিব ।
(iv) উদ্ভিদ আৰু জীৱ-জন্তৰ বিতৰণ তথা বৃদ্ধিত পৰিৱৰ্তন ঘটাব । 
(v) শস্য উৎপাদন হ্ৰাস কৰিব  ।
(vi) মৰুকৰণ প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণ ঘটাব ।
২৪/ গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ?
উত্তৰ :- গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ নিম্নোলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে :-
(i) অপ্ৰয়োজনীয় গছ-গছনি কটা বন্ধ কৰা ।
(ii) বৰ্ধিত জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণ কৰা ।
(iii) ক্লৰ'ফ্লৰ'কিৰ্বন নিৰ্গত কৰা সঁজুলিসমূহৰ ব্যৱহাৰ হ্ৰাস কৰা ।
(iv) খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে জীৱাশ্ম ইন্ধনসমূহৰ ব্যৱহাৰ হ্ৰাস কৰাষ।
(v) সৌৰশক্তি , বায়ু শক্তি, জৈৱশক্তি আদিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰা ।
CLASS 10 COCIAL SCIENCE ANSWER 
    ইতিহাসৰ প্ৰশ্ন উত্তৰ (প্ৰথম খণ্ড)   
  ভূগোলৰ প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)  
২/ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা  
CLASS 10 QUESTION ANSWER 
CLASS 11 QUESTION ANSWE


Post a Comment

0 Comments