অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

১/ অৰ্থনৈতিক ভূগোল কাক বোলে ? ইয়াৰ মূল বিষয়বস্তু কি ? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ।
উত্তৰ :- ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন , বিতৰণ , উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় , তাকে অৰ্থনৈতিক ভূগোল বোলে ।
অৰ্থনৈতিক ভূগোলৰ মূল মূল বিষয়বস্তু হ'ল মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ । ইয়াৰ অন্তৰ্গত তলত দিয়া কেইটা সাঙুৰি লোৱা হৈছে ---
(ক) সম্পদৰ উৎপাদন (খ) সম্পদৰ বিতৰন (গ) সম্পদৰ উপভোগ (ঘ) সম্পদৰ বিনিময় ।
সম্পদ অবিহনে মানুহৰ এই অৰ্থনৈতিক কাৰ্য্যকলাপবোৰ কোনোটোৱেই সম্পাদন কৰিব নোৱাৰি । গতিকে , সম্পদৰ প্ৰাচুৰ্যতা, ইয়াৰ উন্নয়ন আৰু ব্যৱহাৰ অৰ্থনৈতিক ভূগোল প্ৰধান বিষয়বস্তু । অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ'ল --- (ক) কৃষি ভূগোল (খ) ঔদ্যোগিক ভূগোল (গ) সম্পদ ভূগোল (ঘ) পৰিবহণ ভূগোল (ঙ) বজাৰ ভূগোল আৰু (চ) পৰ্যটন ভূগোল ।
২/ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ সম্পদসমূহ আৰু ইয়াৰ সৈতে জড়িত মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপসমূহ অধ্যয়ন কৰা হয় । অৰ্থনৈতিক ভূগোলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখাৰ অধীনত পাঁচটা বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত সেইবোৰ হ'ল---
(ক) পৰম্পৰাগত অৰ্থনৈতিক ভূগোল :-
(১) অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত ?
(২) অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি ?
(৩) অৰ্থনৈতিক কাৰ্যটো অন্য কি কি পৰিঘটনাৰ সৈতে জড়িত ?
(খ) আধুনিক অৰ্থনৈতিক ভূগোল :-
(১) অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাতে কিয় হৈছে ?
(২) অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাৰ পৰিৱৰ্তে আন ঠাইত হলে বেছি ভাল নহ'লহেতেন নে ? অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ অন্তৰ্গত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহক প্ৰধানকৈ চাৰিটা প্ৰকাৰত শ্ৰেণীবিভক্ত কৰিব পাৰি ?
(ক) প্ৰাথমিক বৃত্তি :- যিবোৰ কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা প্ৰাকৃতিক সম্পদ আহৰণ কৰে ।
(খ) দ্বিতীয়ক বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰাকৃতিক সম্পদসমূহক মানুহৰ ব্যৱহাৰোপযোগী ৰূপলৈ ৰূপান্তৰ কৰে ।
(গ) তৃতীয় বৃত্তি :- যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় ।
(ঘ) চতুৰ্থক বৃত্তি :- যিটোৰ কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সূচল আৰু ফলপ্ৰসূ কৰি তোলা হয় ।
৩/ মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি ?
উত্তৰ :- মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তি মানে হ'ল পৃথিৱীত জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যৰে মানুহে প্ৰয়োজনীয় উপাদানসমূহ আহৰণ কৰিবলৈ সম্পাদন কৰা বিভিন্ন কাৰ্যকলাপসমূহ । মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তিসমূহ হৈছে :-
(১) প্ৰাথমিক বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ খাদ্য, বাসস্থান, পিন্ধন - উকা আদিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে ।
যেনে :- কৃষি কাৰ্য , অৰণ্যৰ পৰা খাদ্য সামগ্ৰীৰ আহৰণ, খনিজ সম্পদ আহৰণ, মাছমৰা কাৰ্য আদি ।
(২) দ্বিতীয় বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰাথমিক কাৰ্যৰ দ্বাৰা আহৰণ কৰা কেঁচামাল সমূহক বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে এক ব্যৱহাৰোপযোগী সামগ্ৰীলৈ পৰিবৰ্তন কৰে তাকে দ্বিতীয়ক বৃত্তি বোলে । যেনে :- শিল্পোৎপাদন , নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য আদি ।
(৩) তৃতীয় বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ ব্যৱহাৰ কাৰীক যোগায় আৰু উৎপাদক আৰু উপভোক্তাৰ মাজত সম্পৰ্ক স্থাপন হয় তাকেই তৃতীয়ক বৃত্তি বোলে ।
যেনে :- পৰিবহণ , যোগাযোগ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন কাৰ্য আদি ।
(৪) চতুৰ্থক বৃত্তি :- নিৰ্দিষ্ট দক্ষতা, বুদ্ধিমত্তা, দুৰদৃষ্টিসম্পন্নতা, নৈপুণ্যতা গুণ আদিৰ প্ৰয়োজন হয় । যেনে :- বেংক বা অনা বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন , শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান আদি ।
৪/ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সমূহ হ'ল :-
(১) কৃষি ভূগোল :- কৃষি ভূগোলত প্ৰধানকৈ কৃষিকাৰ্যৰ সৈতে জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ , কৃষি বিতৰণ , কৃষি পদ্ধতি , শস্যৰ উৎপাদন তথা ইয়াৰ লগত জড়িত তত্ত্ব, বজাৰ, কৃষি সামগ্ৰীৰ আমদানি-ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয় ।
(২) ঔদ্যোগিক ভূগোল :- ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে উদ্যোগৰ প্ৰকাৰ , ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীসমূহৰ উৎপাদন, উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত তত্ত্ব বা অঞ্চলভুক্তীকৰণ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয় ।
(৩) সম্পদ ভূগোল :- সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ , সম্পদ সমূহৰ আঞ্চলিক বিতৰণ, উদঘাটন তথা উৎপাদনৰ লগতে সম্পদ আৰু উন্নয়নৰ মাজৰ সম্পৰ্ক, সম্পদক সংৰক্ষণ তথা ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় ।
(৪) পৰিবহণ ভূগোল :- পৰিবহণ ভূগোলত প্ৰধানকৈ পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ সৈতে জড়িত কাৰকসমূহৰ লগতে সম্পদৰ বিতৰণৰ ক্ষেত্ৰত পৰিবহনৰ ভূমিকা , মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ তথা যাতায়ত পৰিবহনৰ ভূমিকা আৰু ঔদ্যোগিক উন্নয়ন, কৃষি উন্নয়ন আদিৰ দৰে অৰ্থনৈতিক উন্নয়নসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় ।
(৫) বজাৰ ভূগোল :- বজাৰ ভূগোলত বজাৰ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে বজাৰসমূহৰ বিতৰণৰ ধৰণ আৰু ইয়াৰ সৈতে জড়িত তত্ত্বসমূহৰ অধ্যয়নক সামৰি লোৱা হয় ।
(৬) পৰিকল্পনা আৰু উন্নয়ন ভূগোল :- পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পৰিকল্পনা কৌশল , বহনক্ষম উন্নয়ন, আঞ্চলিক তথা সম্পদভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয় ।
(৭) পৰ্যটন ভূগোল :- পৰ্যটন ভূগোলত পৰ্যটনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পৰ্যটনৰ প্ৰকাৰ , পৰ্যটন ব্যৱস্থাৰ বিকাশ আৰু পৰিকল্পনা প্ৰক্ৰিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয় ।
৫/ সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয় ?
উত্তৰ :- দেশ এখনত উপলব্ধ সম্পদৰ গুণাগুণ, সম্পদৰ পৰিমাণ আৰু সঠিক ব্যৱহাৰৰ সৈতে দেশখনৰ অৰ্থনৈতিক উন্নয়ন জড়িত হৈ থাকে । আনহাতে, অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ বিভিন্ন শাখা আৰু উপশাখাবোৰৰ অধ্যয়ন সম্পদ ভূগোলৰ সৈতে পোনপটীয়াকৈ জড়িত । সেয়ে, সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বলা হয় ।
৬/ সম্পদ বুলিলে কি বুজা ? ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহ উল্লেখ কৰা ।
উত্তৰ :- সকলো জীৱ আৰ পৰিস্থিতিৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস, ৰাজহ যোগান বা সহায়ক সম্পদ বোলে । অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তু বোৰকে সম্পদ বোলে । এই সম্পদবোৰক দেশ এখনৰ উমৈহতীয়া অৱলম্বন হিচাপে সংজ্ঞাবদ্ধ কৰা হয় ।
প্ৰকৃতিত উপলব্ধ বায়ু, পানী , সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, খনিজ পদাৰ্থ, মাছ আদি উপাদানবোৰক সম্পদ বুলি গণ্য কৰা হয় ; কিয়নো এইবোৰে পৃথিৱীক মানুহৰ বাসোপযোগী কৰি তোলাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহায় কৰে ।
প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদৰ মূল বৈশিষ্ট্যসমূহ হৈছে ---
(ক) উপকাৰিতা :- সম্পদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল যে ই বিভিন্ন ধৰণে মানুহৰ বাবে উপযোগী হোৱা উচিত । মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় কিছুমান চৰ্ত পূৰাব পাৰিব লাগিব । সম্পদ মানুহৰ কিছুমান অৰ্থনৈতিক কাৰ্য যেনে: বিভিন্ন দ্ৰব্যৰ উৎপাদন, বিতৰণ আৰু উপভোগত সেৱা আগবঢ়ায় ।
(খ) কাৰ্যকাৰিতা :- সকলো সম্পদৰে নিৰ্দিষ্ট কাৰ্যকাৰিতা আছে অৰ্থাৎ এইবোৰ নিৰ্দিষ্ট কাৰ্যক্ষমতাসম্পন্ন বা উপযোগিতা সম্পন্ন হোৱা বাঞ্চনীয় । উদাহৰণ স্বৰূপে , বিভিন্ন উদ্যোগৰ বাবে খনিজ সম্পদৰ প্ৰয়োজন ।
সশ্যই মানৱ জীৱন-নিৰ্বাহ কায়, বননিয়ে মানুহৰ নিশাহত এৰি দিয়া কাৰ্বন ডাই-অক্সাইড শোষণ কৰাৰ লগতে কাঠ, পশুখাদ্য , জীৱ-জন্তুৰ বাসস্থান আদিৰ যোগান ধৰে । এনেকৈয়ে প্ৰত্যেক সম্পদৰ এক নিজস্ব কাৰ্যকাৰিতা আছে ।
৭/ "সম্পদ পৰিবৰ্তনশীল " ---- বাখ্যা কৰা ।
উত্তৰ :- সম্পদৰ এটা বৈশিষ্ট্য হ'ল ইয়াৰ পৰিবৰ্তনশীল দিশটো কেতিয়াবা প্ৰকৃতিত পোৱা কোনো এটা সামগ্ৰী বৰ্তমান উপকাৰী নহ'লেও পিছত উপকাৰী সামগ্ৰী হ'ব পাৰে আৰু সম্পদলৈ পৰিবৰ্তন হ'ব পাৰে ।
এনেধৰণৰ বস্তুক নিষ্ক্ৰিয় সামগ্ৰী বোলা হয় । উদাহৰণস্বৰূপে, সাগৰৰ পানী বৰ্তমান অধিক ব্যৱহাৰ নহয় কিন্ত আশা কৰা হয় যে ইয়াৰ পৰা মানুহৰ বাবে উপযোগী বস্তু তৈয়াৰ কৰিব পৰা হ'ব । তেনেদৰে বৰ্তমান ব্যৱহাৰ হৈ থকা বস্তু এটা তেনেধৰণৰ একে বস্তুৰ আবিস্কাৰ হ'লে ব্যৱহাৰ হৈ থকা বস্তুটো ব্যৱহাৰ হৈ যাব পাৰে ।
খনিজ তেল বৰ্তমান অত্যাধিক ব্যৱহৃত হোৱা সম্পদ আৰু ইয়াৰ অবিহনে দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন অসম্ভৱ । কিন্ত অদূৰ ভবিষ্যতে কম খৰচী আৰু সহজলভ্য বিকল্প দ্ৰব্যৰ উদ্ভাৱনে ইয়াক অব্যৱহৃত সামগ্ৰীলৈ পৰিবৰ্তন কৰিব পাৰে । গতিকে , সম্পদৰ উপকাৰিতা সাময়িক , ইয়াৰ সময় সাপেক্ষে পৰিবৰ্তন হ'ব পাৰে ।
মানুহৰ বাবে হানিকাৰক বা অপকাৰী দ্ৰব্যক প্ৰতিৰোধক বোলে । উদাহৰণস্বৰূপে , দামোদৰ নদীৰ বানপানীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছিল । কিন্ত যেতিয়া এই পানীবান্ধ দি বাধা দিয়া হয়, তেতিয়া ই অতি উপকাৰী হৈ পৰে আৰু মানুহৰ বসতি আৰু কৃষিত সহায়ক হয় । এনেদৰে এবিধ প্ৰতিৰোধক সম্পদলৈ পৰিবৰ্তন হ'ব পাৰে ।
গতিকে , এই প্ৰসংগত আমি ক'ব পাৰোঁ যে 'সম্পদ পৰিবৰ্তনশীল ' ।
৮/ সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা ।
উত্তৰ :- সম্পদে মানুহক বিভিন্ন ধৰণে সহায় কৰে । সম্পদৰ কিছুমান প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল :-
(ক) জীৱন ধাৰণৰ অৱস্থাৰ উন্নয়ন :- সম্পদৰ প্ৰাচুৰ্যতাই মানুহৰ মৌলিক প্ৰয়োজন অন্ন , বস্ত্ৰ বাসস্থানৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও মানুহৰ অন্যান্য প্ৰয়োজনবোৰ পূৰণ কৰে । ই জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নয়ন কৰে ।
উদাহৰণস্বৰূপে , ধান , ঘেঁহু আদি কৃষিদ্ৰব্য মানুহৰ খাদ্যদ্ৰব্য হিচাপে ব্যৱহৃত হোৱাৰ উপৰিও এইবোৰে জীৱিকা উপাৰ্জনত সহায় কৰে ।
(খ) আথ-সামাজিক উন্নয়ন :- প্ৰয়োজনীয় সম্পদ অবিহনে কোনো এখন দেশেই অগ্ৰগতি কৰিব নোৱাৰে । উদ্যোগ কৃষি , কোনো এখন দেশেই অগ্ৰগতি কৰিব নোৱাৰে । উদ্যোগ, কৃষি, বেপাৰ-বাণিজ্যৰ বাবে খনিজ সম্পদ , কৃষিদ্ৰব্য , বনজ দ্ৰব্য , মানৱ সম্পদ আদিৰ প্ৰয়োজন । বহু দেশৰ অনগ্ৰসৰতাৰ কাৰণ হ'ল প্ৰয়োজনীয় পৰিমাণৰ সম্পদৰ অভাৱ ।
গতিকে, দেশ এখনৰ আৰ্থ-সামাজিক উন্নয়ন সম্পদৰ প্ৰাচুৰ্যতাৰ ওপৰত বহু পৰিমানে নিৰ্ভৰশীল ।
(গ) মানৱ কল্যাণ :- মানৱ সমাজৰ বিকাশ সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰশীল । সম্পদে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰে ।
৯/ সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- সম্পদ আৰু মানুহৰ মাজত এক নিবিড় সম্পৰ্ক আছে । এটাৰ অবিহনে আনটো বৰ্তি থাকিব নোৱাৰে বা বিকাশ সাধন কৰিব নোৱাৰে । সম্পদৰ সৈতে মানুহ তিনি ধৰণে জড়িত ।
(ক) সম্পদৰ উৎপাদক হিচাপে :- মানুহেই সম্পদৰ অন্তিম উৎপাদক । মানুহৰ বাবে প্ৰয়োজনীয় অধিক সংখ্যক সম্পদ প্ৰকৃতিত পোৱা যায় যদিও তাৰে বেছিভাগ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰ অনুপযুক্ত অৱস্থাত পোৱা যায় । এনেবোৰ সম্পদ মানুহে প্ৰয়োজন অনুসৰি ৰূপান্তৰ কৰি ব্যৱহাৰোপযোগী কৰি লয় ।
খনিজ সম্পদ বনজ সম্পদ, জল সম্পদ, কৃষি সম্পদ আদি মানুহৰ সক্ৰিয় ভূমিকাৰ অবিহনে বিকশিত কৰা সম্ভৱ নহয় । গতিকে মানুহ সকলো সম্পদৰ প্ৰধান ৰূপান্তৰক । উদাহৰণস্বৰূপে , মানুহৰ দ্বাৰা উৎপাদিত সম্পদবোৰ হ'ল প্ৰযুক্তিবিদ্যা , ঘৰ , ৰাস্তা , উদ্যোগ , বিদ্যালয় , কাৰ্যালয় , যান - বাহন আদি ।
(খ) সম্পদ উপভোগকাৰী হিচাপে :- মানুহ সম্পদৰ উপভোক্তা । মানুহে খাদ্যশস্য, কাপোৰ, খনিজ তেল আৰু বিভিন্ন ধৰণৰ মানৱ-সৃষ্ট সামগ্ৰীবোৰ উপভোগ বা ব্যৱহাৰ কৰে । পানী , বায়ু, খাদ্য, বস্ত্ৰ বাসস্থান আদি প্ৰয়োজনীয় সম্পদৰ অবিহনে মানুহে স্বাভাৱিক জীৱন-যাপন কৰিব নোৱাৰে ।
গতিকে , পৃথিৱীত জীৱৰ জীৱন-ধাৰণত সম্পদ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
প্ৰাকৃতিক সম্পদ আৰু মানৱ - সৃষ্ট সকলোবোৰ কেনেদৰে ব্যৱহাৰ বা বিকাশ হ'ব সেয়া নিৰ্ভৰ কৰে মানুহৰ ওপৰত । মানৱ জ্ঞান আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত সম্পদ উন্নয়ন স্তৰ নিৰ্ভৰশীল । তদুপৰি মানুহৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ ওপৰত সম্পদৰ পৰিবৰ্তনশীল প্ৰকৃতি নিৰ্ভৰ কৰে ।
১০/ সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা ।
উত্তৰ :- সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে । এই দুয়োটাৰ মাজৰ পাৰস্পৰিক সম্পৰ্কক তলত উল্লেখ কৰা তথ্যৰ পৰা অনুধাৱন কৰিব পাৰি ----
(ক) সম্পদৰ আবিষ্কাৰ :- প্ৰায় সকলোবোৰ সম্পদৰ আবিষ্কাৰৰ ক্ষেত্ৰত বিজ্ঞানে আমাক সক্ষম কৰি তুলিছে । বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই লুপ্ত আৰু অজ্ঞাত হৈ থাকিলহেঁতেন । আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ অবিহনে বৰ্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূগৰ্ভত লুপ্ত অৱস্থাত থাকিলহেঁতেন ।
(খ) নিষ্ক্ৰিয় সামগ্ৰীৰ ৰূপান্তৰ :- বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ বাবে মানুহৰ কৌশল আৰু শ্ৰম ব্যৱহাৰ কৰি পৃথিৱীৰ বহুতো নিষ্ক্ৰিয় সামগ্ৰী আৰু প্ৰতিৰোধক সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা হৈছে ।
(গ) সম্পদৰ উচিত ব্যৱহাৰ :- বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰত সহায় কৰিছে । বিজ্ঞানী আৰু গৱেষকসকলে পূৰ্বস্থিত সম্পদবোৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি এই সম্পদসমূহৰ অধিক উপযোগী কৰি তুলিছে ।
১১/ উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা ।
উত্তৰ :- পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায় । যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায় , ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি । সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক, মানৱশিষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি । তদুপৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ; নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি ।
উদাহৰণস্বৰূপে :- উদ্ভিদ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা জৈৱিক সম্পদ, নবীকৰণযোগ্য সম্পদ আকৌ উদ্ভিদ এটা ব্যক্তিগত বা জাতীয় সম্পদো । ঠিক তেনেদৰেই সোণ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ইয়াৰ এটা অজৈৱিক সম্পদ । ইয়াৰ উপৰি সোণক অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত বা জাতীয় সম্পদ বুলিও ক'ব পাৰি ।
১২/ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা ।
উত্তৰ :- প্ৰাকৃতিক ভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰেই হ'ল প্ৰাকৃতিক সম্পদ ই গোটা , জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱী অৱস্থাত থাকিব পাৰে । প্ৰাকৃতিক সম্পদসমূহৰ বহুবোৰেই প্ৰাকৃতিত উপলব্ধ হোৱাৰ দৰেই ব্যৱহাৰ কাৰাৰ বিপৰীতে অন্য কিছুমান বিভিন্ন উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় ।
বায়ু, পানী, সূৰ্যৰ ৰশ্মি, ভূমি, খনিজ পদাৰ্থ , প্ৰাকৃতিক গেছ, উদ্ভিদ, জীৱ-জন্ত, নদ-নদী , সাগৰ মহাসাগৰ আদি হৈছে প্ৰাকৃতিক সম্পদৰ উদাহৰণ ।
১৩/ মানব সৃষ্টি সম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- মানহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি নিজ প্ৰচেষ্টাৰে প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদ বোৰেই হৈছে মানৱ সৃষ্ট সম্পদ । উদাহৰণস্বৰূপে :- বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ, কপাহৰ পৰা তৈয়াৰ কৰা কাপোৰ, খাদ্য সামগ্ৰী, ঔষধ, কাঠৰ আচবাব, --- দুৱাৰ, আকৰিকৰ পৰা সংশ্লেষিত ধাতু আদি হৈছে মানৱ সৃষ্ট সম্পদৰ উদাহৰণ ।
১৪/ "সম্পদ সংৰক্ষণ "বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়োজনীয়তা কি ?
উত্তৰ :- সম্পদৰ অপচয়মূলক ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰোধ কৰি সৰ্বাধিক উপযোগিতা আহৰণৰ উদ্দেশ্য সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰৰ প্ৰক্ৰিয়াকে সম্পদৰ সংৰক্ষণ বুলি জনা যায় । সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কাৰক কেইটা তলত উল্লেখ কৰা হ'ল :-
(ক) সীমিত সম্পদ :- প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত । পৃথিৱীৰ কোনো দেশতেই সকলো সম্পদ উপলব্ধ নহয় । সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে । মানুহে বৰ্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই ক্ষয়শীল বা অনবীকৰণযোগ্য ।
সেয়ে সীমিত সম্পদবোৰ দীৰ্ঘ দিন ধৰি ব্যৱহাৰোপযোগী কৰি ৰাখিবলৈ হ'লে সেইবোৰ পৰিকল্পিত ভাৱে ব্যৱহাৰ কৰিব লাগে ।
(খ) বৰ্ধিত জনসংখ্যা :- জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তাও বাঢ়ি আহিছে । বৰ্ধিত জনসংখ্যাই উপলব্ধ সম্পদ দ্ৰুতগতিত নি:শেষ কৰে । আমেৰিকা, কানাডা, জাপান, জাৰ্মানী, ইংলেণ্ড আদি দেশৰ জনসংখ্যা কম যদিও অৰ্থনৈতিক উন্নয়নৰ বাবে এনেবোৰ দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অতি বেছি ।
আনকি ভাৰত আৰু চীনৰ দৰে উন্নয়নশীল দেশতো কয়লা, তেল, প্ৰাকৃতিক গেছ, কপাৰ, আইৰণ, বক্সাইট , আদি খনিজ সম্পদবোৰৰ ব্যৱহাৰ যথেষ্ট বেছি ।
(গ) বিভিন্ন প্ৰজাতিৰ সংৰক্ষণ :- বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে । পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুত জন্ত যেনে ---- বাঘ, সিংহ, হাতী , গড় আদিৰ মুঠ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে ।
অসমত বহুতো মূল্যৱান উদ্ভিদ প্ৰজাতি, যেনে --- সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন আদি বিলুপ্তৰ গৰাহত পৰিছে । তেনেদৰে , সোণালী বান্দৰ, হলৌবান্দৰ, বনৰীয়া মহৈ আদি জন্তুও বিপদাপন্ন হৈ পৰিছে । এনেধৰণৰ জীৱীয় সম্পদ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।
(ঘ) প্ৰদূষণ নিয়ন্ত্ৰণ :- সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হয় । ৰাসায়নিক দ্ৰব্য, সাৰ , যানবাহন , কীটনাশক আদিৰ ব্যৱহাৰ আৰু তেল , কয়লা , প্ৰাকৃতিক গেছ আদি খনিজ সম্পদবোৰৰ বৰ্ধিত ব্যৱহাৰে অত্যাধিক মাত্ৰাত পৰিৱেশ প্ৰদূষিত কৰে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ।
গতিকে, হানিকাৰক প্ৰভাৱ হ্ৰাস কৰিবলৈ পৰিকল্পিত ভাৱে সম্পদৰ ব্যৱহাৰ কৰা উচিত ।
১৫/ সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়োজনীয়তা কি ?
উত্তৰ :- সাধাৰণতে কোনো ধৰনৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ কৰা কাৰ্য তথা ধাৰণকে সম্পদ সংৰক্ষণ বোলা হয় ।
সম্পদ সংৰক্ষণৰ মুল উদ্দেশ্য হ'ল --- আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হ'ব পাঁৰো । গতিকে আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্ৰয়োজনীয় সংৰক্ষণ ব্যৱস্থা হাতত ল'ব লাগিব ।
১৬/ সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতি :-
(ক) বিকল্প সম্পদৰ সন্ধান :- সম্পদৰ বহুল ব্যৱহাৰ হ্ৰাস কৰাৰ এটা উপায় হ'ল সমগুণসম্পন্ন বিকল্প সম্পদৰ উদঘাটন । ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন । বৰ্তমান বহুতো বাণিজ্যিক সামগ্ৰীৰ ভাল বিকল্প সামগ্ৰী আছে ।
উদাহৰণ স্বৰূপে, কপাহী সূতাৰ পৰিৱেৰ্তে সাংশ্লেষিক আঁহ, পেট্ৰল বা ডিজিটেলৰ পৰিৱেৰ্তে যা-বাহনত বিদ্যুতৰ ব্যৱহাৰ আদি । অনবীকৰণযোগ্য সম্পদ যেনে :- কয়লা , তেল , খনিজ সম্পদ আদি অত্যাধিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰশক্তি, জলবিদ্যুত জৈৱ গেছ আদিব্যৱহাৰ কৰিব পাৰোঁ ।
(খ) পুনৰাৱৰ্তন :- পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেচাঁ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি । উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন ।
(গ) অভিযোজন :- প্ৰয়োজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবোৰৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতো অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি । ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্ৰাস কৰে আৰু সম্পদৰ উৎপাদন বঢ়ায় । উদাহৰণ স্বৰূপে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰৰ প্ৰয়োগ ।
(ঘ) বৰ্জিত দ্ৰব্য নিয়ন্ত্ৰণ :- বৰ্জিত দ্ৰব্যবোৰ সঠিকভাৱে সংগ্ৰহ কৰিলে আৰু বৈজ্ঞানিক ভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতো নতুন সামগ্ৰী পাব পাৰি । উদাহৰণ স্বৰূপে :- কাৰখানা আৰু নগৰৰ নলা-নৰ্দমাৰ বৰ্জিত পানীক নিৰ্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰি ।
(ঙ) সংৰক্ষণ সম্পৰ্কীয় জ্ঞানৰ সম্প্ৰসাৰণ :- জন জাগৰণ, কৰ্মশালা, সম্পদ সংৰক্ষণ ব্যৱস্থাপনা জৰিয়তে দেশ এখনৰ জনসাধাৰণক সম্পদৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰিব পাৰিলে সম্পদ সংৰক্ষণত এক বৃহত সাফল্য লাভ কৰিব পৰা যায় ।
(চ) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ :- সম্পদৰ সঠিক সংৰক্ষণৰ বাবে , ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ উচিত চৰকাৰে এই আইনৰ সঠিক কাৰ্যকৰীকৰণ হোৱাটো নিশ্চিত কৰিব লাগিব আৰু আইন ভংগীকাৰীসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
(ছ) সম্পদৰ সঠিক মূল্যায়ন :- যিকোনো দেশৰ উন্নয়নৰ বাবে সম্পদৰ সঠিক মূল্যায়ন প্ৰয়োজন । যেতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই উপলব্ধ সম্পদৰ পৰিমাণৰ বিষয়ে জ্ঞাত হ'ব , তেতিয়াহে তেনে সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিব পাৰিব ।
(জ) সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ :- উপলব্ধ সম্পদৰ প্ৰসাৰতা পৰীক্ষা কৰাটোৱেই জৰুৰী নহয়, সমসাময়িকভাৱে এনে সম্পদৰ ভৱিষ্যত প্ৰয়োজনীয়তাৰ গুৰুত্ব নিৰ্ণয় কৰাটো জৰুৰী যাতে সম্পদৰ ব্যৱহাৰ, সুপৰিকল্পিতভাৱে হয় ।
১৭/ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- দ্ৰুতজনসখ্যা বৃদ্ধি, বৰ্তমান মজুত থকা সম্পদসমূহৰ অত্যাধিক ব্যৱহাৰ, সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে কৰা ব্যৱহাৰৰ ফলত হোৱা বৰ্ধিত পাৰিপাশ্বিৰ্ক সমস্যা আদিৰ পৰিমাণস্বৰূপে বিশ্বৰ বহুতো গুৰুত্বপূৰ্ণ সম্পদ নি:শেষ হ'বলৈ ধৰিছে ।
উপযুক্ত পৰিমাণৰ সম্পদৰ অবিহনে পৃথিৱীত জীৱন যাপন কৰাটো যথেষ্ট কষ্টকৰ হৈ উঠাৰ লগতে কোনো দেশেই উন্নতি বা প্ৰগতি লাভ কৰিব নোৱাৰিব ।
সেয়েহে , মজুত সম্পদসমূহৰ সংৰক্ষণ কৰাৰ লগতে সম্পদসমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যৰে বহুতো ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিষ্ঠা হৈছে । এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছে :-
(ক) IUCN Ê- IUCN ---- ৰ সম্পূৰ্ণ নামটো হৈছে --- International Union for Conservation of Nature ( আন্ত:ৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ) । ১৯৪৮ চনত এই সংস্থাটোৰ গঠন হৈছিল আৰু ই পৃথিৱীত বিৰাজ কৰি থকা সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় ভূমিকা পালন কৰি আহিছে ।
UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলে ( বৃটিছ জীৱবিজ্ঞানী ) - এ ইয়াৰ প্ৰতিস্থা কৰিছিল । এই সংস্থাটোৰ প্ৰধান লক্ষ্য হ'ল গোলকীয় প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ জৈৱ-বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা ।
ই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি কাৰ্য সম্পাদন কৰে । IUCN-এ প্ৰতিষ্ঠা কৰা আন্তৰ্জাতিক সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্ৰকৃতি নিধি [WWF for Nature ] আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ।
(খ) পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় :- ভাৰতত প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰ্যসূচীৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় প্ৰতিষ্ঠাকৰা হৈছিল । প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্ৰণালয়টো দায়বদ্ধ ।
এই মন্ত্ৰণালয়ৰ অংশ হিচাপে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা নামে স্বতন্ত্ৰ প্ৰতিষ্ঠাপন কৰা হয় ।
(গ) বেচৰকাৰী প্ৰতিষ্ঠানসমূহ :- ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান হ'ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ ( চি এছ ই ) , গ্ৰীনপিচ ইণ্ডিয়া , বাইল্ড লাইফ ষ্ট্ৰাষ্ট অৱ ইণ্ডিয়া আদি । তদুপৰি , অসমৰ , অসমতা বিজ্ঞান সমিতি আৰণ্যক আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে ।
১৮/ চমুটোকা লিখা :
(ক) সম্পদ
উত্তৰ :- সকলো জীৱ আৰু পৰিস্থিতিতন্ত্রৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস , ৰাজহ , যোগান বা সহায়ক সম্পদ বোলে । অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তু বোৰকে সম্পদ বোলে । সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় সেইবোৰ হ'ল ---
১/ প্ৰাকৃতিক সম্পদ । আৰু ২ / মানৱ সৃষ্ট সম্পদ ।
উত্তৰ :- প্ৰাকৃতিক সম্পদ :- প্ৰাকৃতিক ভাৱে সৃষ্ট হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে । যেনে :- পানী, বায়ু , সূৰ্যৰ ৰশ্মি, খনিজ সম্পদ, গছ-গছনি , প্ৰাণী , নদী ইত্যাদি ।
২/ মানৱ সৃষ্ট সম্পদ :- মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানৱসৃষ্ট সম্পদ বোলে । যেনে :- বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ , কপাহৰ পৰা তৈয়াৰী কাপোৰ , সাংশ্লেষিক বস্ত্ৰ, সাংশ্লেষিক ৰবৰ , ঔষধ , ৰাসায়নিক সাৰ ইত্যাদি ।
(খ) মানৱ সম্পদ
উত্তৰ :- মানৱ সম্পদ মানে হ'ল শিক্ষা, প্ৰশিক্ষণ, অভিজ্ঞতা আদিৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদসমূহ যথোপযুক্ত ভাৱে ব্যৱহাৰৰ বাবে সক্ষম হৈ উঠা দেশৰ জনসমষ্টি । এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল মানৱ সম্পদ ।
ইউৰোপ আৰু আমেৰিকাৰ অধিক সংখ্যক দেশ উন্নত হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াত হোৱা মানৱ সম্পদৰ উন্নয়ন । সুশিক্ষা আৰু প্ৰশিক্ষণৰ বাবে এই বোৰ দেশত মানৱ সম্পদ উন্নত । মানুহেই অন্যান্য সম্পদৰ প্ৰধান চালক । মানুহৰ অবিহনে কোনো ধৰনৰ সম্পদ বিকাশিত নহয় ।
জাপান, ছুইজাৰলেণ্ড, ছিংগাপুৰ, টাইৱান আদি দেশৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ হোৱা সত্বেও মানৱ সম্পদত উন্নত হোৱা বাবে দেশবোৰে অৰ্থনৈতিক জীৱনৰ প্ৰত্যেক দিশত যথেষ্ট উন্নতি সাধন কৰিছে ।
(গ) সম্পত্তি
উত্তৰ :- মানুহৰ প্ৰয়োজন পূৰাব পৰা বিনিময় মূল্য থকা সকলোবোৰ অৰ্থনৈতিক দ্ৰব্যই হৈছে সম্পত্তি । সকলো সম্পত্তিয়ে সম্পদ কিন্ত সকলো সম্পদ সম্পত্তি নহ'বও পাৰে । সম্পত্তিৰ কেইটামান বৈশিষ্ট্য হ'ল :-
(১) মানুহৰ প্ৰয়োজন পূৰণৰ ক্ষমতা থকা বাবে সম্পদৰ উপকাৰিতা আছে ।
(২) সম্পত্তিৰ যোগান সীমিত ।
(৩) টকা বা মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি । সকলো সম্পত্তিয়েই সম্পদ । কিন্ত সকলো সম্পদেই সম্পত্তি নহয় । উদাহৰণস্বৰুপে , ভূমি , ঘৰ , যন্ত্ৰপাতি আদি সম্পত্তিৰ বজাৰ মূল্য থকা বাবে এইবোৰক সম্পদ বুলিব পাৰি ।
আনহাতে বায়ু , পানী , শিক্ষা , সামাজিক প্ৰতিষ্ঠান , জনস্বাস্থ্য আদি সম্পত্তি নহয় ; কাৰণ এইবোৰৰ কিছুমান প্ৰকৃতিত প্ৰচুৰ পৰিমানে পোৱা যায় । বিনিময় কৰিব নোৱাৰি আৰু কিছুমানৰ বজাৰ মূল্য নাই । আকৌ সম্পদ মানৱ কল্যাণৰ বাবেহে ব্যৱহাৰ হয় । কিন্ত সম্পত্তি উপকাৰী বা অপকাৰী দুই ধৰণৰ হ'ব পাৰে ।
উদাহৰণস্বৰূপে , বিষ , ৰাসায়নিক , এলক'হল আদি সম্পত্তি যদিও এইবোৰৰ ব্যৱহাৰ মানুহৰ বাবে হানিকাৰক । গতিকে এনেধৰনৰ দ্ৰব্যক সম্পদ বুলিব নোৱাৰি ।
(ঘ) নবীকৰণযোগ্য সম্পদ
উত্তৰ :- যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নি:শেষ হৈ নাযায় আৰু এইবোৰ পুন:পুৰ্ণীকৃত প্ৰক্ৰিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায় তেনে সম্পদক নবীকৰণযোগ্য সম্পদ বোলে ।
যেনে :- সূৰ্যৰ ৰশ্মি , পানী , মাটি ইত্যাদি ।
(ঙ) ব্যক্তিগত সম্পদ
উত্তৰ :- যিবোৰ বস্তু এজন লোকৰ ব্যক্তিগত দখলত থাকে , তাকে ব্যক্তিগত সম্পদ বোলে । যেনে :- মাটি, ঘৰুৱা সা-সম্পত্তি, ব্যক্তিগত গুণাৱলী যেনে:- ভাল চৰিত্ৰ, শিক্ষা, বিভিন্ন দক্ষতা আদি ।
(চ) জাতীয় সম্পদ
উত্তৰ :- যিবোৰ সম্পদৰ ৰাষ্ট্ৰৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বোলে । যেনে :- পৰিবহণ ব্যৱস্থা, ভূমি, নদী, খনিজ সম্পদ, অৰণ্যৰ জীৱ-জন্তু , কৃষি-শস্য বিভিন্ন উৎপাদিত সামগ্ৰী , জনসংখ্যা আদি ।
(ছ) জীৱয় সম্পদ
উত্তৰ :- জীৱ থকা সম্পদবোৰক জীৱয় সম্পদ বোলে । যেনে :- গছ-গছনি , প্ৰাণী , মাছ , শস্য ইত্যাদি ।
(জ) সম্পদ সংৰক্ষণ
উত্তৰ :- প্ৰাকৃতিক সম্পদৰ গুণগত মানদণ্ড , মূল্য আৰু বিচিত্ৰতাৰ স্থিতাৱস্থা বাহালকৰণেৰে আৰু বৰ্ধিত কৰণেৰে এইবোৰৰ বিচক্ষণ ব্যৱহাৰৰ বাবে আৰু নিৰৱচ্ছিন্ন যোগানৰ নিশ্চয়তাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু ব্যৱস্থাপনাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয় ।
সম্পদ সংৰক্ষণৰ প্ৰধান উদ্দেশ্য হ'ল প্ৰাকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদবোৰ এনেধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ । বহুত খনিজ সম্পদ , উদ্ভিদ আৰু প্ৰাণী দ্ৰুত হাৰত নি:শেষ হ'ব ধৰিছে ।
যিহেতু ইয়াৰ বেছিভাগ সম্পদ সৃষ্টি কৰিব নোৱাৰি । বা বৃদ্ধি কৰিব নোৱাৰি সেয়ে সম্ভৱপৰ উপায় অৱলম্বন কৰি সম্পদসমূহ সংৰক্ষণ কৰাৰ অতীৱ প্ৰয়োজন । আমি এই সম্পদবোৰৰ বিকল্প দ্ৰব্য সন্ধান কৰি , পুন:ৰ্ণীকৃত প্ৰক্ৰিয়া ব্যৱহাৰ কৰি , পুনৰাৱৰ্তন, অভিযোজন আদি পদ্ধতি অৱলম্বন কৰি , অপচয় নিয়ন্ত্ৰণ সংক্ৰান্ত আইনসমূহ ৰূপায়িত কৰি এইবাৰৰ সংৰক্ষণ কৰিব পাৰোঁ ।
(ঝ) সম্পদৰ পুনৰাৱৰ্তন
উত্তৰ :- সম্পদৰ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি । উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন ।
(ঞ) IUCN ।
উত্তৰ :- ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্ত:ৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (International Union Conservation of Nature) চমুকৈ (IUCN) বিশেষভাৱে উল্লেখযোগ্য । ১৯৪৮ চনতে UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিস্থিত হৈছিল । এই সংস্থাটোৰ মুল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গবেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা । IUCN ৰ নেতৃত্বত WWF for Nature (World Wide fund for Nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (World Conservation Monitoring Centre )স্থাপিত হৈছে ।
১৯/ পাৰ্থক্য লিখা :
(ক) সম্পদ আৰু সম্পত্তি
উত্তৰ :- ১/ সম্পদ , মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয় । আন হাতে সম্পত্তি , অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে সম্পত্তি বোলা হয় ।
২/ সকলোবোৰ সম্পত্তিয়েই সম্পদ । আনহাতে সকলোবোৰ সম্পদ সম্পত্তি নহ'বও পাৰে ।
(খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল ।
উত্তৰ :- অৰ্থনৈতিক ভূগোল :- ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় । তাকে অৰ্থনৈতিক ভূগোল বোলা হয় ।
সম্পদ ভূগোল :- সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ , সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক , সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় ।
(গ) সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী ।
উত্তৰ :- সম্পদ :- মানুহৰ জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই হৈছে সম্পদ ।
উদাহৰণ :- পৃথিৱীত বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি , মাটি , গছ-গছনি , ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই লাগতিয়াল ।
নিষ্ক্ৰিয় সামগ্ৰী :- কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভবিষ্যতে সেই একোটা সামগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে । এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰনৰ অপকাৰ বা উপকাৰ সাধন নকৰে , তাকে নিষ্ক্ৰিয় সামগ্ৰী বোলে ।
(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ ।
উত্তৰ :- জীৱীয় সম্পদ :- প্ৰকৃতিৰ জীৱ থকা সকলোবোৰ সম্পদকে জীৱীয় সম্পদ বোলে । যেনে :- গছ-গছনি, জীৱ-জন্তু ।
অজীৱীয় সম্পদ :- প্ৰকৃতিৰ জীৱ নথকা সকলোবোৰ সম্পদেই অজীৱীয় সম্পদ । যেনে :- শিল, মাটি, খনিজ পদাৰ্থ আদি ।
(ঙ) নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদ ।
উত্তৰ :- নবীকৰণযোগ্য সম্পদ সম্পদ সমূহ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰযোগ্য কৰিলব পাৰি । আনহাতে অনবীকৰণযোগ্য সম্পদ সমূহ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহ বৰিব নোৱাৰি ।
(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ ।
উত্তৰ :- ব্যক্তিগত সম্পদ :- মানুহৰ নিজ নিজ দখলত বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভালগুণ যেনে :- ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা , আদিক ব্যক্তিগত সম্পদ বোলা হয় ।
জাতীয় সম্পদ :- এখন দেশৰ দখলত থকা সকলোবোৰ সম্পদ যেনে :- ৰাস্তা - ঘাট, ভূমি, নদ-নদি, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু , শিক্ষানুষ্ঠান প্ৰশাসনিক ব্যৱস্থা , আৰু চৰকা আনকি জাতীয় সম্পদ বোলা হয় ।
উদাহৰণ :- কাজিৰঙা এখন জাতীয় সম্পদ ।
(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ ।
উত্তৰ :- মানৱ সৃষ্ট সম্পদ :- মানুহে সৃষ্টি কৰিলোৱা সকলোবোৰ সামগ্ৰীকেই সম্পদ বোলে ।
উদাহৰণ :- বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, গছ-গছনিৰ পৰা খাদ্য আৰু গৃহ নিৰ্মাণ কৰা হয়
মানৱ সম্পদ :- প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি, আৰু আগ্ৰহৰ প্ৰয়োজন হয় । এনেবোৰ গুণ থাকিলে মানুহক মানৱ সম্পদ বোলা হয় ।
(জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন ।
উত্তৰ :- সম্পদৰ পুনৰাৱৰ্তন :- সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনব্যৱহাৰ কৰিব পাৰি । পুৰণি পলিথিন, প্লাষ্টিক বটল কাগজ , লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেচা সামগ্ৰী কিছু পৰিমানে হ'লেও সংৰক্ষণ কৰিব পাৰি । পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি ।
অভিযোজন :- অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন কৰিব পাৰি (innovation) প্ৰক্ৰিয়া প্ৰয়োগ কৰিব লাগে । ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋনাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে ।
২০/ শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(ক) তলৰ কোনটো মানৱশিষ্ট সম্পদ ?
(১) নদ-নদী (২) খনিজ তেল
(৩) জলসিঞ্চন নলা (৪) অৰণ্য
উত্তৰ :- (৩)
(খ) তলৰ কোনটো অজীৱীয় সম্পদ ?
(১) বায়ু (২) গছ-গছনি
(৩) জীৱ-জন্তু (৪) ভেঁকুৰ
উত্তৰ :- (১)
(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ?
(১) বায়ু (২) পানী
(৩) শস্য (৪) কয়লা
উত্তৰ :- (৪)
(ঘ) তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ?
(১) এশিঙীয়া গঁড় (২) নল গাহৰি
(৩) জিৰাফ (৪) মিথুন
উত্তৰ :- (২)
(ঙ) IUCO সংস্থাটো কোন আন্ত:ৰাট্ৰীয় সংস্থাৰ অন্তৰ্গত ?
(১) UNESCO (২) UNO
(৩) WWF (৪) UNEP
উত্তৰ :- (১)
CLASS 1O COCIAL SCIENCE ANSWER
ইতিহাসৰ প্ৰশ্ন উত্তৰ (প্ৰথম খণ্ড)
ভূগোলৰ প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)
১/ অৰ্থনৈতিক ভূগোল বিষয় বস্তু আৰু সম্পদ
CLASS 1O ASSAMESE QUESTION ANSWER
CLASS 11 ASSAMESE QUESTION ANSWER