ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য mcq

ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক ঐতিহ্য 

অতি চমু উত্তৰৰ প্ৰশ্ন : 
১/ সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?
উত্তৰ :- সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ মিৰাট ঠাইলৈ বিস্তৃত আছিল ।
২/ সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?
উত্তৰ :- সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ প্ৰায় ৪০০০ চনত হৈছিল ।
৩/ ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?
উত্তৰ :- ঋকবেদৰ আনুমানিক ৰচনা কাল হ'ল --- খ্ৰীষ্টপূৰ্ব ১৫০০ চন আৰু খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ মাজত ।
৪/ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা 'সত্যমেৱ জয়েতে' এই বাক্যশাৰী মূলত : কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?
উত্তৰ :- ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা 'সত্যমেৱ জয়তে' এই বাক্যশাৰী মূলত : মুণ্ডক উপনিষদ গ্ৰন্থৰ পৰা লোৱা হৈছে ।
৫/ প্ৰাচীন ভাৰতত ৰচিত ৰাজনিমীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?
উত্তৰ :- প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান কিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল -- কৌটিল্যৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ ।
৬/ 'বিবিধতাৰ মাজত একতা' [Unity In Diversity] এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?
উত্তৰ :- 'বিবিধতাৰ মাজত একতা' [Unity In Diversity] এই বাক্যাংশ পণ্ডিত জৱাহৰলাল নেহৰুৰ গ্ৰন্থ 'ভাৰত সম্ভেদ ' [Discovery of India ] গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ।
৭/ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল ?
উত্তৰ :- ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল ।
৮/ ভাৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল ?
উত্তৰ :- ভৰত মুনিৰ নাট্যশাস্ত্ৰ খ্ৰীষ্টপূৰ্ব ২০০ চনৰ পৰা দ্বিতীয় শতিকালৈ ৰচিত হৈছিল ।
৯/ ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ?
উত্তৰ :- ভৰতৰ নাট্যশাস্ত্ৰত প্ৰায় ৬০০ টা শ্লোক আছে ।
১০/ হেৰাকা আন্দোলন কি ?
উত্তৰ :- নাগালেণ্ডৰ বিভিন্ন জনজাতীয় গোটৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে গঢ়ি তোলা আন্দোলনটোকে হেৰাকা আন্দোলন বুলি জনা যায় ।
১১/ নাগালেণ্ডৰ 'হৰ্ণবিল' উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত ?
নাগালেণ্ডৰ 'হৰ্ণবিল' উৎসৱ ধনেশ পক্ষী জীৱৰ নামত উৎসৰ্গিত ।
১২/ 'চপছৰ কুট' কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?
উত্তৰ :- 'চপছৰ কুট ' মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ।
১৩/ মিজো শব্দৰ অৰ্থ কি ?
উত্তৰ :- মিজো শব্দৰ অৰ্থ হ'ল--- 'পাহাৰৰ বাসিন্দা' ।
১৪/ উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্ৰচলিত ?
উত্তৰ :- উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ৰ ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্ৰচলিত ।
১৫/ মণিপুৰী নৃত্য কি মূল বিষয় - বস্তুক আলম কৰি গঢ়ি উঠিছে ?
উত্তৰ :- মণিপুৰী নৃত্য চৈতন্য মহাপ্ৰভুৰ শৈশৱ , কৃষ্ণলীলা আদিক মূৰ বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে ।
১৬/ অসমৰ প্ৰাচীন নাম কি আছিল ?
উত্তৰ :- অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল ।
১৭/ কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ?
উত্তৰ :- 'হা-চোম ' বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ।
১৮/ চৰ্যাপদ মানে কি ?
উত্তৰ :- খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাত লিখা কেইটামান অসমীয়া গীতক চৰ্যাপদ হিচাপে জনা যায় ।
১৯/ চৰ্যাপদ কেতিয়া ৰচিত হৈছিল ?
উত্তৰ :- চৰ্যাপদ খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাত ৰচিত হৈছিল ।
২০/ মাধৱকন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?
উত্তৰ :- মাধৱকন্দলিয়ে বৰাহীৰজা মহামাণিক্য পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ।
২১/ অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?
উত্তৰ :- অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল ।
২২/ জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উত্তৰ :- জিকিৰ আৰু জাৰি আজানপীৰ (চাহ মিলন) ৰচনা কৰিছিল ।
২৩/ আজানপীৰ কোন ?
উত্তৰ :- আজানপীৰ ইছলামধৰ্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক আছিল । তেওঁৰ অন্য নাম আছিল চাহ মিলন ।
২৪/ আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?
উত্তৰ :- আজানপীৰ ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল । 
২৫/ দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল ?
উত্তৰ :- দ-পৰ্বতীয়া শিলৰ তোৰণখন খ্ৰীষ্টিয় ষষ্ট শতিকাত নিৰ্মিত হৈছিল ।
২৬/ চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?
উত্তৰ :- চাংৰুং ফুকনৰ প্ৰধান দায়িত্ব আছিল ৰাস্তা-ঘাট, প্ৰসাদ, মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ আৰু জোখ-মাখৰ তদাৰক কৰা ।
২৭/ লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰি হৈছিল ?
উত্তৰ :- লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ প্ৰতিমা পাণ্ডে বৰুৱা শিল্পীক পদ্মশ্ৰীৰ সন্মান প্ৰদান কৰা হৈছিল ।
২৮/ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি ?
উত্তৰ :- অসমৰ প্ৰথম বাৰ্তালোচনাখনৰ নাম হ'ল-- 'অৰুণোদয়' ।
২৯/ উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটোৰ কি ?
উত্তৰ :- উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টিক ন-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো হ'ল--- মেঘালয়ৰ 'খাছী' ।
৩০/ ৰচয়িতাসকলৰ নাম লিখা :
উত্তৰ :- (ক) অৰ্থশাস্ত্ৰ  :- কৌটিল্য ।
(খ) হস্তী বিদ্যাৰ্ণৱ :- সুকুমাৰ বৰকাইথ ।
(গ) কীৰ্তন :- শংকৰদেৱ ।
(ঘ) নামঘোষা :- মাধৱদেৱ ।
(ঙ) চোৰধৰা পিম্পৰা গুচোৱা :- মাধৱদেৱ ।
(চ) কালিয়দমন :- শংকৰদেৱ ।
(ছ) ৰামবিজয় :- শংকৰদেৱ ।
(জ) কথাগীতা :- ভট্টদেৱ ।
(ঝ) ৰাজতৰঙ্গিনী :- কলহন ।
(ঞ) ভাৰত সম্ভেদ :- জৱাহৰলাল নেহেৰু ।

চমু উত্তৰৰ প্ৰশ্ন :

১/ খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিচত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ।
উত্তৰ :- খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ'ল --- 'গ্ৰীক ' আৰু ' হুন ' ।
২/ সিন্ধু উপত্যকাত আৱিস্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা মূৰ্তিৰ নাম লিখা ।
উত্তৰ :- সিদ্ধু উপত্যকাত আবিস্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম হৈছে --- 'পশুপতি সদৃশ মুৰ্তি ', আৰু 'মাতৃদেৱীৰ মূৰ্তি ' ।
৩/ অষ্টিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ।
উত্তৰ :- অষ্টিসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে ---
(ক) ধান খেতি । 
(খ) কুঁহিয়াৰৰ পৰা গুৰ প্ৰস্তুতকৰণ ।
৪/ ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছিল ?
উত্তৰ :- বিশ্বৰ বিভিন্ন প্ৰান্তত পৰা আগমন ঘটা ভিন্ন নৃ-গোষ্ঠীৰ প্ৰভাৱত ভাৰতীয় সমাজখনত গঢ়ি উঠিছে । ইয়াৰ জৰিয়তে ভাৰতত সাংস্কৃতিক বৰ্ণাঢ্যতাৰ সূচনা হৈছে । এই বৰ্ণাঢ্যতাৰ সৃষ্টি আৰু ধাৰাবাহিকতাত ভৌগোলিক পৰিস্থিতিয়ে স্বকীয় ভূমিকা পালন কৰে ।
     ভাৰতৰ ভূপাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত এহাতে বিশাল সমভূমি থকাৰ বিপৰীত আনহাতে পাৰ্বত্য অঞ্চল বিৰাজ কৰিছে, এহাতে মৰুভূমি থকাৰ বিপৰীতে আনহাতে ক্ৰান্তীয় অৰণ্য বিৰাজ কৰিছে , এহাতে উপকুলৱৰ্তী অঞ্চল বিৰাজ কৰাৰ বিপৰীতে আনহাতে গভীৰতম অভ্যন্তৰীণ এলেকা বিৰাজ কৰিছে ।
৫/ বেদৰ চাৰিখন সংহিতাৰ নাম লিখা ।
উত্তৰ :- বেদৰ চাৰিখন সংহিতাৰ নাম হ'ল---
(ক) ঋগবেদ ।  (খ) যজুৰ্বেদ । (গ) সামবেদ । (ঙ) অথৰ্ববেদ ।
৬/ অশোক দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?
উত্তৰ :- ধৰ্মীয় সহিষ্ণুতাৰ পৰিশীলনৰ বাবে প্ৰাচীন ভাৰতবৰ্ষৰ এক বিশেষ দিশ আছে । তৃতীয় শতিকাত গিৰ্ণাৰত থকা অশোকৰ দ্বাদশ মুখ্য শিলা-পলিপিত লিখা কথাখিনিৰ পৰা এয়া স্পষ্ট হয় । এই শিলালিপিত লিখা কথাখিনিয়ে ভাৰতীয় শাসকসলৰ ধৰ্মীয় সহিষ্ণুতাৰ প্ৰাচীনতম সাক্ষ্য বহন কৰিছে ।
   এইশিলাপিত ব্যক্ত কৰা হৈছে যে নিজৰ ধৰ্মটো অন্য ধৰ্মতকৈ শ্ৰেষ্ঠ বিবেচনা কৰিব নালাগে ইয়াৰ পৰিৱৰ্তে আটাইবোৰ ধৰ্মৰ সাৰ আহৰণ কৰি সমন্বয়ৰ পথ অনুসৰণ কৰিব লাগে ।
৭/ সাংস্কৃতিক বহুত্ববাদ মানে কি ?
উত্তৰ :- যি ব্যৱস্থাত অন্তৰ্গত সদৃশ আৰু বিসদৃশ ভিন্ন সংস্কৃতিয়ে অন্য সংস্কৃতিৰ ভাল উপাদানবিলাক গ্ৰহণেৰে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰে তাকে সাংস্কৃতিক বহুত্ববাদ বুলি জনা যায় ।
     ভাৰত হৈছে সাংস্কৃতিক বহুত্ববাদ বিৰাজ কৰা দেশৰ উৎকৃষ্ট উদাহৰণ কিয়নো ইয়াত সংস্কৃতি , ভাষা , জাতি , ধৰ্ম , পৰম্পৰাগত ৰীতি-নীতি , সাজ পোছাকৰ শৈলী , খাদ্যভা , লোকসংস্কৃতি আদিৰ বিচিত্ৰ সমাহাৰ পৰিলক্ষিত হয় ।
৮/ ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ।
উত্তৰ :- ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হৈছে:- 
(ক) আৰ্যভট্ট । (খ) ব্যক্ষ্মগুপ্ত ।
৯/ প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ লিখা ।
উত্তৰ :- প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম হৈছে:- 
(ক) চৰক সংহিতা । (খ) সুশ্ৰুত সংহিতা । 
১০/ ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি ?
উত্তৰ :- ভাৰতীয় চিত্রকলাক দুটা ভাগত ভাগ কৰিব পাৰি সেইবোৰ হৈছে -- 
(ক) বৃহদাকাৰ দেৱাল চিত্ৰ ।
(খ) ক্ষুদ্ৰাকাৰ চিত্ৰ ।
১১/ চিত্রকলাৰ প্ৰতি পৃষ্ঠাপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদাছাহৰ নাম লিখা ।
উত্তৰ :- চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম হৈছে ---
(ক) জাহাংগীৰ । (খ) ছাহজাহান ।
১২/ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা ।
উত্তৰ :- ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথি হৈছে ---
(ক) হস্তীবিদ্যাৰ্ণৱ । (খ) আনন্দ লহৰী ।
১৩/ হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা ।
উত্তৰ :- হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হৈছে ---
(ক) দিলবৰ । (খ) দোচাই ।
১৪/ ঝুম খেতি মানে কি বুজা ?
উত্তৰ :- একোচিটা মাটি গছ-গছনি জ্বলাই লৈ তাত উৰ্বৰতা লুপ্ত নোহোৱালৈকে খেতি কৰাৰ পাছত অন্য একোচিটা মাটিলৈ স্থানান্তৰিত হৈ একে পদ্ধতি অনুসৰণেৰে কৃষিকাৰ্য কৰাকে ঝুম খেতি বোলা হয় ।
১৫/ জেং বিহু মানে কি ?
উত্তৰ :- অসমত তিনিটা বিহু উদযাপন কৰা হয় ---- এই কেইটা হৈছে ---
(ক) ব'হাগ (ৰঙালী) বিহু, (খ) কাতি (ৰঙালী) বিহু ।
(গ) মাঘ (ভোগালী বিহু যিকেইটাক্ৰমে ব'হাগ , কাতি আৰু মাঘ মাহত উদযাপন কৰা হয় । ব'হাগ বিহুত উজনী অসমৰ মহিলাসকলে পুৰুষৰ অগোচৰে নিৰ্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য-গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয় ।
১৬/ ওজাপালিৰ দুটা ভাগৰ নাম লিখা ।
উত্তৰ :- ওজাপালি হৈছে এক অন্যতম জনপ্ৰিয় লোক-নৃত্য । ওজাপালিৰ দুটা ভাগ হৈছে ---
(ক) ব্যাস ওজা । (খ) সুকনান্নী ওজা ।
১৭/ প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা ।
উত্তৰ :- প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিক নাম হৈছে ---
(ক) কঁপিল । (খ) পতঞ্জলি ।
১৮/ আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ।
উত্তৰ :- আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম হৈছে --- (ক) দেওধাই বুৰঞ্জী । (খ) তুংখুঙ্গীয়া বুৰঞ্জী ।
১৯/ বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা ।
উত্তৰ :- বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ হৈছে  ---
(ক) দৰং জিলাৰ দেউল । (খ) বাঁস পূজা ।
২০/ দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা ।
উত্তৰ :- দৰঙৰ দুবিধ লোকনৃত্যৰ নাম হৈছে ---
(ক) ঢেৰা ঢুলীয়া । (খ) বৰ ঢুলীয়া ।
২১/ ভাৰতত থকা মূল নৃ-গোষ্ঠীকেইটা কি কি ?
উত্তৰ :- ভাৰতত থকা মূল নৃ-গোষ্ঠীকেইটা হৈছ  ----
(ক) প্ৰট'অষ্ট্ৰেলয়ড বা অষ্ট্ৰিকসকল । (খ) নিগ্ৰো গোষ্ঠী । (গ) মংগোলীয় গোষ্ঠী । (ঘ) আৰ্যভাষী নাৰ্ডিক । (ঙ) দ্ৰাবিড়সকল । (চ) পশ্চিমৰ প্ৰশস্ত মস্তিস্কী (ৱেষ্টাৰ্ণ ব্ৰেচিচেফালিক ) ।
২২/ ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা ।
উত্তৰ :- ভাৰতীয় সাংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছে ---
(ক) সাংস্কৃতিক বহুত্ববাদ । (খ) বিভিন্ন যুগৰ সাম্ৰাজ্যৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা ।
(গ) বিভিন্ন শাসকে অক্ষুন্ন ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা ।
২৩/ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে ?
উত্তৰ :- প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ চাৰিটা ভাগত ভগোৱা হৈছে সেইবোৰ হ'ল -- 
(ক) মছজিদ । (খ) মিনাৰ (গম্বুজ অথবা) কীৰ্তিস্তম্ভ) ।
(গ) মঞ্জিল (ৰাজপ্ৰসাদ) । (ঘ) মাকোৱাৰা (মৃত্যুকৰ সৌধ) ।
২৪/ ভাৰত আৰু উওৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত 'সাংস্কৃতিক একতাৰ জালিকা' বুলিলে কি বুজা লিখা ।
উওৰ :- যদি আমি সামগ্ৰিকভাৱে ভাৰতৰ আৰু বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ বিকাশ অধ্যয়ন কৰো, তেন্তে উভয়ৰে ভিন্ন সাংস্কৃতিক ঐতিহ্য বিৰাজ কৰাৰ সন্দৰ্ভত আমি সাদৃশ্য দেখা পাওঁ ।
     সিন্ধু সভ্যতা, বৈদিক সভ্যতা, আৰু আৰ্য সভ্যতাৰ ভিন্ন নৃ-গোষ্ঠী --- দ্ৰাবিড় , আৰ্যভাষী নৰ্ডিক, প্ৰট' অষ্ট্ৰলয়ড, নিগ্ৰো, মংগোলীয়, ৱেষ্টাৰ্ণ ব্ৰেচিফালিক আদিৰ প্ৰভাৱৰ পৰিনতিত ভাৰতৰ ঐতিহ্য গঢ়ি উঠাৰ দৰে উত্তৰ-পূৰ্বাঞ্চলতো মংগোলীয় আৰু অষ্ট্ৰিক নৃ-গোষ্ঠীয় লোকৰ পৰা কালক্ৰমত উত্থান হোৱা ভালেমান জাতি-জনজাতিৰ প্ৰভাৱত এক বৈশিষ্ট্যসম্পন্ন ঐতিহ্য গঢ়ি উঠিছে ।
     ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চল উভয়ৰে লোকসমষ্টিৰ ধৰ্মীয় বিশ্বাস , উৎসৱ, নৃত্য, সংগীত , ৰীতি-নীতি ভিন ভিন । এই মহান আৰু অনন্য সাংস্তিক ঐতিহ্য থকাৰ সত্ত্বেও সামগ্ৰিকভাৱে ভাৰতত আৰু বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলত এক সাংস্কৃতিক একতা বিৰাজ যাৰ সূত্ৰপাত হৈছে বাণিজ্যক, আদান-প্ৰদান, বিবাহ , যুদ্ধকালীন পাৰস্পৰিক সাহাৰ্য্য আদিৰ জৰিয়তে ।
     ভিন ভিন অঞ্চলৰ লোকসকল ধৰ্ম, ভাষা আদিৰ মাধ্যমেৰে একতাৰ দোলেৰে বান্ধ খাই আছে । সামাজিক পৰম্পৰা, বিশ্বাস, ৰীতি নীতি ধৰ্মীয় ক্ৰিয়া কাণ্ড আদিৰ আত্মীকৰণৰ ফলত ভিন্ন সাংস্কৃতিক গোটৰ উত্থান হৈছে । গতিকে , লোকসকলৰ মাজৰ সাংস্কৃতিক বিনিময়ে সাংস্কৃতিক একতাৰ জালিকা গঠন কৰিছে যিয়ে দেশৰ বৈচিত্ৰ্যৰ মাজত একতা স্থাপনতো ভূমিকা পালন কৰিছে ।
২৫/ UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা ।
উওৰ :- UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছে ---
(ক) তাজমহল । (খ) অজন্তাৰ গুহাসমূহ । (গ) সাঁচীৰ স্তপ ।
২৬/ ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ :- প্ৰাচীন কালৰে পৰা উচ্চ মানদণ্ডৰ ভাস্কৰ্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে । কালক্ৰমত মানুহে গৌতম বুদ্ধ, মহাবীৰ হিন্দুধৰ্মীয় বিভিন্ন দেৱ-দেৱী , যক্ষ - যক্ষিণী, আপেশ্বৰী, বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি নিৰ্মাণ কৰে ।
২৭/  ভাৰতৰ ভাস্কৰ্য সিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি ?
উত্তৰ :- ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী হৈছে --- 
(ক) গান্ধাৰ শিল্পকলা । (খ) মথুৰা শিল্পকলা । (গ) অমৰাৱতী শিল্পকলা ।
২৮/ দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা ।
উত্তৰ :- দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছে --
(ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ (মহাৰাষ্ট্ৰ) ।
(খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ (মধ্য প্ৰদেশ) ।
(গ) চিত্তনাৱাচলৰ দেৱালয় চিত্ৰসমূহ (তামিলনাড) ।
২৯/ মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰ :- মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম হৈছে ---- (ক) পাদছাহনামা  । (খ) তুতিনামা ।
(গ) জাহাংগীৰনামা ।
৩০/ চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা ?
উত্তৰ :- চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় ছটা উপাদানেই হৈছে চিত্ৰকলাৰ ষড়াংগ । চিত্ৰকলাৰ ষড়াংগত তলত দিয়াকেইটা অন্তৰ্ভুক্ত--- (ক) আকৃতি । (খ) জোখ-মাখ ।
(গ) আৱেগ অনুভূতি প্ৰকাশক কৌশল । (ঘ) কলাত্মক উপস্থাপন । (ঙ) সাদৃশ্য জ্ঞান । (চ) তুলিকা ব্যাৱহাৰৰ নিয়ম ।
৩১/ ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- যোগবিদ্যা সমগ্ৰ বিশ্বলৈ প্ৰাচীন ভাৰতৰ এক মহৎ অৱদান । প্ৰাচীন মহৰ্ষি বা গুৰুসকলে যোগবিদ্যাৰ বিকাশ সাধন কৰিছিল । সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ছোৱাত ইয়াৰ উদ্ভৱ হৈছিল বুলি অনুমান কৰা হৈছে ।
     কিন্ত মহৰ্ষি পতঞ্জলিয়ে দ্বিতীয় শতিকাত যোগসূত্ৰ নামৰ এখন গ্ৰন্থ সংকলন কৰি এই বিদ্যাক সুসংহত ৰূপত উপস্থাপন কৰে । তেতিয়াৰ পৰা যোগবিদ্যা ভাৰতৰ জনপ্ৰিয় হৈ পৰে ।
    যোগবিদ্যাৰ জৰিয়তে শাৰীৰিক উৎকৰ্ষ সাধন হোৱাৰ লগতে মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয় । যোগবিদ্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে ।
৩২/ ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ :- ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল --- (ক) ভাৰতীৰ স্থাপত্য শিল্পৰ নিদৰ্শন মঠ-মন্দিৰৰ প্ৰধান শিখৰসমূহ আৰু সহযোগী শিখৰসমূহ পৰ্বত শৃংগৰ আৰ্হিত নিৰ্মিত হৈছিল ।
(খ) দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ উৰ্ধবাংশ আয়তাকাৰ গঠনেৰে উৰ্ধবদিশত ক্ৰমান্বয়ে ক্ষুদ্ৰাকৃতিৰ হৈ যোৱা পৰিলক্ষিত হয় ।
(গ) মঠ-মন্দিৰ আদি ধৰ্মীয় উপাসনা গৃহসমূহ হিন্দু বস্তু শাস্ত্ৰৰ আধাৰত নিৰ্মিত হৈছিল ।
৩৩/ ৰঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?
উত্তৰ :- ৰঙালী বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু , মানুহ বিহু , গোসাঁই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা আৰু চেৰা বিহু বুলি জনা যায় ।
৩৪/ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি ?
উত্তৰ :- কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তুসমূহ হৈছে -- জীৱনৰ সুখ-দুখ, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব , দেহৰ ক্ষণভংগুৰতা , দেৱ-দেৱীৰ প্ৰশস্তি ইত্যাদি ।
৩৫/ অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰ :- অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গন্থ হৈছে ----
(ক) ৰামায়ণ । (খ) মহাভাৰত । (গ) বিষ্ণু পুৰাণ ।

দীঘল উত্তৰৰ প্ৰশ্ন :

১/ ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- সাংস্কৃতিক বহুত্ববাদ আৰু 'বৈচিত্ৰ্যৰ মাজত একতা'ৰ বাবে ভাৰথ সুপৰিচিত । শ শ বছৰৰ সাংস্কৃতিক আত্মীকৰণ আৰু অভিযোজনৰ ফলস্বৰূপে ইয়াৰ সাংস্কৃতি গঢ়ি উঠিছে । দেশখনত বিৰাজ কৰা সভ্যতাৰ অধ্যয়নৰ জৰিয়তে দেশখনত কেনেদৰে বহুসংস্কৃতিৰ অৱতাৰণা হ'ল সেয়া জানিব পাৰি ।
      খ্ৰীষ্টপূৰ্ব ৪০০০ চনত গঢ়ি উঠা সিন্দু-উপত্যকাৰ সভ্যতা এক প্ৰাচীন সভ্যতা আৰু এই সভ্যতাৰ বিকাশ সাধন কৰিছিল দ্ৰাবিড়সকলে । ই ভাৰতীয় সংস্কৃতিক যথেষ্ট প্ৰভাৱিত কৰিছে । পৰৱৰ্তী পৰ্যায়ত খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা সূচনা হোৱা আদি বৈদিক, বৈদিক , পৰৱৰ্তী বৈদিক যুগত বেদৰ লগতে ৰামায়ণ আৰু মহাভাৰত এই মহাকাব্য দুখনৰ ৰচনা হয় যিয়ে ভাৰতৰ সংস্কৃতি নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ইয়াৰ পাছত আৰ্য সংস্কৃতিয়ে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে ।
     দ্ৰাবিড়সকল , আৰ্যভাষি নৰ্ডিক , প্ৰট ' অষ্ট্ৰলয়ড, নিগ্ৰো , অষ্ট্ৰিক, মংগোলীয় আৰু ৱেষ্টাৰ্ন ব্ৰেচিচেফালিক আদি নৃ-গোষ্ঠীসমূহে সংমিশ্ৰণ প্ৰক্ৰিয়াৰ জৰিয়তে বহুতো জাতি উপজাতিৰ সৃষ্টি কৰিছে । ৰীতি-নীতি, সামাজিক পৰম্পৰা , বিশ্বাস, ধৰ্মীয় ক্ৰিয়া কাণ্ড আদিৰ সংমিশ্ৰণৰ ফলস্বৰূপে অন্যান্য সাংস্কৃতিক গোটৰ গঠন হৈছে ।
     ফলস্বৰূপে, আৰ্য সংস্কৃতিয়ে নৃ-গোষ্ঠীয় গোটৰপৰিৱৰ্তন সাধন কৰিছে । ভাৰতৰ ভিন ভিন শাসকে ধৰ্মীয় সহিষ্ণুতাৰ অনুশীলন কৰিছিল আৰু লাহে লাহে হিন্দু ধৰ্মৰ বাদে অন্য ধৰ্মৰ লোকে ভাৰতত প্ৰবেশ কৰিবলৈ আৰম্ভ কৰিছিল ।
     অন্য ধৰ্মাৱলম্বী এইসকল লোক হৈছে খ্ৰীষ্টিয়ান, মুছলমান, ইহুদী, বৌদ্ধ ইত্যাদি । কলা , সংস্কৃতি , সাহিত্য স্থাপত্য, পৰম্পৰা, ধৰ্মীয় ক্ৰিয়া - কাণ্ড, উৎসৱ আৰু জীৱন নিৰ্বাহৰ শৈলীৰ ওপৰত ভিন ভিন ধৰ্মীয় বিশ্বাসে প্ৰভাৱ বিস্তাৰ কৰে ।
     তদুপৰি গ্ৰীক , গ্ৰীক , শক , হুন , তুৰ্কী , আফগান , পৰ্তগীজ, মোগল , গুলন্দাজ, ফৰাচী আৰু ব্ৰিটিছসকলৰ সামৰিক আক্ৰমণে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে । বহুতে স্থায়ীভাৱে স্থাপন কৰি ভাৰতীয় নাগৰিকৰ সাংস্কৃতিক বৈচিত্ৰ্য সংযোজন কৰে । 
       ভাৰতৰ ভৌগোলিক বৈচিত্ৰ্যয়ো ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ অৰিহণা যোগায় । সমভূমি , পাহাৰ , মৰুভূমি উপকুলৱৰ্তী অঞ্চল, উপত্যকা আদিত বসবাস কৰা সকলো লোকৰ ভিন্নভাবে বিকশিত হৈছে কিয়নো তেওঁলোকৰ গৃহভূমিৰ প্ৰকৃতিয়ে জীৱন শৈলী, খাদ্য, শস্য, লোক সংস্কৃতি আদি প্ৰভাৱিত কৰে ।
      অৱশ্যে , উৎপত্তি আৰু জীৱন শৈলীত সাংস্কৃতিক বিভিন্নতা বিৰাজ কৰাৰ সত্ত্বেও ভাৰতৰ বিভিন্ন অঞ্চলত সাংস্কৃতিক একতা বিৰাজ কৰিছে । ইয়াকে সাংস্কৃতিক বহুত্ববাদ বুলি জনা যায় ।
২/ 'ভাৰতৰ প্ৰচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা  --- সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লৈ সম্ভৱত: অতিৰঞ্জিত কৰা নহ'ব --- বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা ।
উত্তৰ :- ভাৰতৰ প্ৰাচীন সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতি'ৰ আত্ম নিহত হৈ আছে বুলি বিবেচনা কৰিব পাৰি । বেদ , বেদাংক, উপনিষদ, ব্ৰাক্ষ্মণ, আৰণ্যক, ৰামায়ণ, মহাভাৰত, গীতা, পুৰাণ আদি হিন্দু ধৰ্মৰ গ্ৰন্থসমূহ সংস্কৃত ভাষাত লিখা হৈছিল । এই গ্ৰন্থসমূহত ধৰ্মীয় বিষয়বস্তু থকাৰ উপৰিও প্ৰাচীন কালৰ মানুহৰ জীৱন নিৰ্বাহৰ লগত জড়িত ধৰ্মবহিৰ্ভূত তথ্যও উপস্থাপন কৰা হৈছে ।
     এই গ্ৰন্থসমূহে প্ৰাচীন ভাৰতৰ ৰাজনৈতিক, সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত আলোকপাত কৰে । ৰাজনীতি, চিকিৎসা শাস্ত্ৰ, বিজ্ঞান, সাহিত্য বিষয়ক প্ৰাচীন ভাৰতৰ অন্যান্য গ্ৰন্থও সংস্কৃত ভাষাত লিখা হৈছিল । এনে কিছুমান গ্ৰন্থ হৈছে ।
     কৌটিল্যৰ অৰ্থশাস্ত্ৰ, চিকিৎসাবিষয়ক গ্ৰন্থ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা, কালিদাস , শূদ্ৰক, বাণভট্ট আদি লেখকৰ বিশুদ্ধ সাহিত্যৰাজি, কপিল , পতঞ্জলি, গৌতম , বাদৰায়ণ, ৰামানুজ, মাধৱাচাৰ্য আদিৰ দৰ্শন বিষয়ক গ্ৰন্থ কলহনৰ দ্বাৰা ৰচিত ইতিহাস বিষয়ক গ্ৰন্থ ৰাজতৰংগিণী আৰু আৰ্যভট্ট, বৰাহমিহিৰ , ব্ৰহ্মগুপ্ত প্ৰথম আৰু দ্বিতীয় ভাস্কৰ্যৰাচাৰ্য, মহৰ্ষি ভৰদ্বাজ আদিৰ দ্বাৰা ৰচিত বিজ্ঞান বিষয়ক গ্ৰন্থ ।
     দক্ষিণ ভাৰতৰ সংগম সাহিত্যও সংস্কৃত ভাষাত লিখা হৈছিল । ওপৰত উল্লেখ কৰা গ্ৰন্থসমূহত ভাৰতীয় সংস্কৃতি'ৰ আত্মা আৰু উদ্যম নিহিত হৈ আছে । লিখনিসমূহত মানুহৰ জীৱন ধাৰা, ধৰ্মীয় অনুশীলন, বৈজ্ঞানিক জ্ঞান, দৰ্শন সম্পৰ্কীয় চিন্তাধাৰা , চিকিৎসা , সাহিত্য-সম্বন্ধীয় জ্ঞান , কলাসন্মত অনুধাৱন, সাংস্কৃতিক অনুশীলন আদি উপস্থাপন কৰা হৈছে ।
    এই সাহিত্য কৰ্মৰাজিয়ে ভাৰতৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱন সম্পৰ্কে পুংখানুপুংখভাৱে বৰ্ণনা আগবঢ়াইছে । সেয়ে, ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা - সাংস্কৃতিৰ আত্মনিৰ্হিত হৈ আছে বুলি অভিহিত কৰা হয় ।
৩/ ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা ।
উত্তৰ :- খ্ৰীষ্টপূৰ্ব ৪০০০ চনৰ আশে-পাশে ভাৰতৰ উত্তৰ-পশ্চিম অংশত সিন্ধু উপত্যকাৰ সভ্যতাৰ বিকাশ ঘটিছিল বুলি অনুমান কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত আৰ্যভাষী নৰ্ডিকসকলে ১৫০০ খ্ৰীষ্টাব্দত ভাৰতলৈ প্ৰব্ৰজন কৰি আৰ্য সংস্কৃতিৰ বিকাশ সাধন কৰিছিল । খ্ৰীষ্টপূৰ্ব ৪০০ চনৰ ভিতৰত আৰ্য সংস্কৃতি ভাৰতৰ অধিকাংশ ঠাইলৈ প্ৰসাৰিত হয় ।
     আৰ্য সংস্কৃতিয়ে ভাৰতত প্ৰসাৰিত হৈ থকা সময়তে বিভিন্ন অঞ্চলৰ সামাজিক আৰু ধৰ্মীয় পৰম্পৰাৰ সংমিশ্ৰণ ঘটে । ইয়াৰ ফলস্বৰূপে আৰ্য সংস্কৃতিৰ ৰূপান্তৰণ ঘটে । হিন্দু ধৰ্মৰ পৱিত্র গ্ৰন্থসমূহ যেনে সংহিতা, ব্ৰাহ্মণ, আৰণ্যক, ৰামায়ণ, মহাভাৰত, উপনিষদ, পুৰাণ, স্মৃতি, বেদাংগ, আদিয়ে এই ৰূপান্তৰণৰ কথা ব্যক্ত কৰে । 
   প্ৰাচীন ভাৰতৰ ধৰ্মীয় ক্ষেত্ৰৰ এটা লক্ষ্যণীয় বৈশিষ্ট্য হ'ল ধৰ্মীয় সহিষ্ণুতাৰ প্ৰাধান্য । ভাৰতৰ প্ৰত্যেক অংশত স্বকীয় উপাসনা প্ৰণালী আৰু ধৰ্মীয় ক্ৰিয়া কাণ্ড বিকাশ সাধন হৈছিল । আৰ্যসকলে ভাৰতৰ অন্যান্য অংশলৈ স্থানান্তৰিত হওঁতে অন্যান্য অঞ্চলৰ ভাল উপাদান বোৰ আহৰণ কৰিছিল ।
    প্ৰকৃততে আৰ্যসকলে নতুন উপাসনা পদ্ধতিৰ সংযোজন কৰিছিল । তেওঁলোকে স্থানীয় লোকৰ বহুতো ধৰ্মীয় ৰীতি-নীতি গ্ৰহণ কৰিছিল । অন্যাৰ্থত আৰ্য আৰু অনাৰ্য জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আৰু ধৰ্মীয় সংমিশ্ৰণ ঘটে । সেয়ে হিন্দু ধৰ্মৰ লোকসকল আৰু বুদ্ধিদেৱ বা মহাবীৰক অনুসৰণ কৰা লোকসকলৰ মাজত আমি সংঘাত প্ৰত্যক্ষ নকৰা ।
     ধৰ্মীয় সহিষ্ণুতা কেৱল সাধাৰণ লোকৰ মাজতে সীমাবদ্ধ নাছিল, বৰং শাসকসকলৰ মাজতো ইয়াৰ পৰিশীলন হৈছিল । সম্ৰাট অশোক ইয়াৰ উৎকৃষ্ট উদাহৰণ । খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ এক শিলালেখত তেওঁ ভিন্ন ধৰ্মালম্বী লোকপ্ৰতি সহিষ্ণুতা প্ৰদৰ্শনৰ এক শিলালেখত তেওঁ ভিন্ন ধৰ্মালম্বী লোকপ্ৰতি সহিষ্ণুতা প্ৰদৰ্শনৰ বাবে জনসাধৰণলৈ আহ্বান জনাইছিল ।
     সকলো ধৰ্মৰ সাৰভাগ গ্ৰহণ কৰি ঐক্যবদ্ধভাৱে সহাবস্থান কৰিবলৈ তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছিল । শাসক উদ্যোগত হোৱা ধৰ্মীয় সহিষ্ণুতাৰ অনুশীলনৰ এয়া প্ৰাচীনতম উদাহৰণ । গতিকে , দেখা যায় যে প্ৰাচীন কালৰ পৰা মানুহে সহিষ্ণুতাৰ পৰিশীলন কৰিছিল ।
      অৱশ্যে , মুছলমান আৰু খ্ৰীষ্টিয়ানসকলে মধ্যযুগীয়া ভাৰতবৰ্ষত বসতি স্থাপন কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিল ।
৪/ উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে ?
উত্তৰ :- উত্তৰ-পূৰ্বাঞ্চল শব্দটোৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অৰ্থাৎ অসম , মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাক সূচোৱা হয় । এই অঞ্চলটোৰ কিছুমান সাধাৰণ বৈশিষ্ট্যৰ কাৰণে অঞ্চলটোৱে এক উমৈহতীয়া পৰিচয় অৰ্জন কৰিছে । আটাইকেইখন ৰাজ্যৰ বহুতো সাধাৰণ কাৰক আছে ।
      প্ৰথমে , ৰাজ্যকেইখন ব্ৰ্হ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ড চৌপাশে বিস্তৃত হৈ আছে ।
     দ্বিতীয়তে , সমগ্ৰ অঞ্চলটো ভূটান , চীন , ম্যানমাৰ আৰু বাংলাদেশৰ দ্বাৰা পৰিবেষ্টিত ।
    তৃতীয়তে, অসমৰ আটাইকেইখন চুবুৰীয়া ৰাজ্যই পাহাৰীয়া হোৱা হেতুকে পথ পৰিবহণৰ বাবে আটাইয়ে অসমৰ ওপৰত নিৰ্ভৰ কৰে । 
     চতুৰ্থতে, মেঘালয়ৰ খাছীয়া লোকসকলৰ বাদে অঞ্চলটোৰ অধিকাংশ লোকেই মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীয় লোক । 
    শেষত , প্ৰাচীন কালত পাহাৰীয়া অঞ্চলসমূহৰ শাসক আৰু অসমৰ শাসকৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছিল । তেওঁলোকৰ, মাজত বৈবাহিক সম্পৰ্ক স্থাপন হোৱাৰ উপৰিও বিপদৰ সময়ত সামৰিক সাহাৰ্য্যৰ বিনিময় কৰা হৈছিল আৰু উৎপাদিত সামগ্ৰীৰ আদান-প্ৰদান কৰা হৈছিল ।
     এই আটাইবোৰ কাৰকৰ প্ৰভাৱ ভিন্ন ৰাজ্যৰ অধিবাসী হোৱা সত্ত্বেও মানুহৰ একতা বিৰাজ কৰিছিল । অৱশ্যে , উমৈহতীয়া সুকীয়া পৰিচয় থকা সত্ত্বেও উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ স্বকীয় সুকীয়া পৰিচয় আছে ।
     প্ৰতিখন ৰাজ্যৰ স্বকীয়তা বিশিষ্ট পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য আছে আৰু লগতে ইয়াৰ এক অনন্য ৰাজনৈতিক ইতিহাস আছে যিয়ে এখন ৰাজ্যক অন্যান্য ৰাজ্যৰ পৰা পৃথক কৰিছে ।
৫/ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাবৰণৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- প্ৰাচীন কালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান ধৰ্ম আছিল হিন্দুধৰ্ম । অসম , ত্ৰিপুৰা আৰু মণিপুৰত হিন্দু ধৰ্মৰ অনুশীলন ঘটিছিল । অসমত পঞ্চদশ শতিকাত বৈষ্ণৱ ধৰ্মৰ বিকাশ ঘটিছিল আৰু শীঘ্ৰে ই মণিপুৰলৈ প্ৰসাৰিত হয় । ফলস্বৰূপে মণিপুৰৰ মেইটেই সম্প্ৰদায় সংখ্যাগৰিষ্ঠ লোক চৈতন্য পন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী ।
     বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ লোকনৃত্য, লোকসংগীত, বাদ্যযন্ত্ৰকে ধৰি মণিপুৰী সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰতে পৰিলক্ষিত হয় । অৱশ্যে, বহুতো মণিপুৰী লোকৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী বিশ্বাস চলি আছে । ত্ৰিপুৰাৰ অধিকাংশ লোক হিন্দু । ইয়াত বাংলাভাষী লোকৰ সংস্কৃতি পৰিলক্ষিত হয় ।
      বৃটিছ শাসন কালত ১৮৩০ চনৰ পৰা খাছীয়া গাৰো আৰু জয়ন্তীয়াসকলে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে । সম্প্ৰতি ৰাজ্যখনত ৭০ শতাংশ লোক খ্ৰীষ্টিয়ান । একেদৰে , একেদৰে , মিজোৰাম ৰাজ্যৰ অধিকাংশ লোক খ্ৰীষ্টিয়ান অৱশ্যে ইয়াত বৌদ্ধধৰ্ম আৰু হিন্দু ধৰ্ম অনুসৰণ কৰা লোকো আছে ।
      কিন্ত দুৰ্ভাগ্যবশত: খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পাছত মিজো সম্ৰদায়ে উৎসৱ-পাৰ্বণকে ধৰি তেওঁলোকৰ পৰম্পৰাগত সংস্কৃতিৰ বহুতো উপাদান হেৰুৱাইছে । অৱশ্যে, ১৯৭৩ চনৰ পৰা মিজোৰামত পৰম্পৰাগত উৎসৱ চপচৰ কূট ' পুনৰায় উদযাপন কৰি অহা হৈছে । 
      অন্যান্য বহুততা পৰম্পৰাগত নৃত্য, সংগীত আৰু সামূহিক উৎসৱ পুনৰুদ্ধাৰ পদক্ষেপো তেওঁলোকে গ্ৰহণ কৰিছে । নাগালেণ্ডৰ সংখ্যাগৰিষ্ঠ লোকেও খ্ৰীষ্টিয়ান ধৰ্ম অনুসৰন কৰে  । কিন্ত তেওঁলোকে পৰম্পৰাগত ৰীতি-নীতি আৰু পৰিশীলন ত্যাগ কৰা নাই । অৰুণাচল প্ৰদেশৰ লোকে হিন্দু ধৰ্ম, খ্ৰিষ্টান ধৰ্ম , বৌদ্ধ ধৰ্ম আদি অনুসৰণ কৰে ।
       অৱশ্যে কিছুলোকে প্ৰকৃতি-প্ৰাণবাদী ধৰ্মপন্থা অনুশীলন কৰে । এনেদৰে, উত্তৰ-পূৰ্বাঞ্চলৰ ধৰ্মীয় বাতাবৰণত সমন্বয়ৰ প্ৰতিচ্ছবি পৰিস্ফত হয় । 
৬/ অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে --- এই প্ৰসংগটো চমুকৈ আলোচনা ।
উত্তৰ :- জনগোষ্ঠী, সংস্কৃতি আৰু ধৰ্মৰ বিচিত্ৰ সমাহাৰ হিচাপে অসমক গণ্য কৰা হয় । দীৰ্ঘকাল জুৰি জনগোষ্ঠীয় বৈচিত্ৰ্য অসমৰ এক বৈশিষ্ট্য হিচাপে স্বীকৃতি হৈ আহিছে । প্ৰাচীন কাল আৰু মধ্যযুগত ৰাজ্যখনৰ বিভিন্ন অংশত ভালেমান নৃ-গোষ্ঠী যেনে নিগ্ৰো গোষ্ঠী, অষ্ট্ৰিলয়ড, মংগোলীয় গোষ্ঠী, দ্ৰাবিড়সকল আৰু ককেছয়ড গোষ্ঠী আদিয়ে বসতি স্থাপন কৰিছিল । 
      ইতিহাসবিদসকলৰ মতে তিব্বত ব্ৰহ্মী ভাষিক গোত্ৰৰ মংগোলীয় লোকসকলে ভাৰতৰ উত্তৰ- পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছিল আৰু ক্ৰমান্বয়ে অসম, বংগদেশ, বিহাৰ আৰু নেপালত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল । অসম আগমনৰ ঠিক পাছতে এই মংগোলীয় জনগোষ্ঠীৰ লোকসকলে যিসকল লোকৰ সংস্পৰ্শলৈ, আহিছিল তেওঁলোকৰ জাতিগত আৰু সাংস্কৃতিক বৈশিষ্ট্য আত্মীকৰণ আৰম্ভ কৰে ।
       মংগোলীয় গোষ্ঠীৰ পাছত আৰ্যসকলে অসমত প্ৰৱেশ কৰিছিল । আৰ্যসকলে খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ আশে-পাশে ভাৰতত প্ৰবেশ কৰিছিল বুলি ধাৰণা কৰা হৈছে । সিন্ধু আৰু গংগা উপত্যকাত কেইবা শতিকা জুৰি বসতি স্থাপনৰ পাছত তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো এইটো অতি সাৰুৱা অঞ্চল আছিল ।
      আহোমসকলৰ শাসন কালত দক্ষিণ-পূব এছিয়া মংগা উপত্যকাৰ পৰা ভিন ভিন জনগোষ্ঠীয় লোক অসমত প্ৰবেশ কৰিছিল । অষ্টাদশ শতিকাৰ প্ৰথম ভাগত খামতি , টুৰুঙ, নাৰা আদি ভিন ভিন জনজাতিৰ লোকে দক্ষিণ এছিয়াৰ বিভিন্ন অংশৰ প্ৰব্ৰজন কৰিছিল । 
       এই সময়ছোৱাত তুৰ্কী - আফগান অভিযানকাৰী , মোগল আক্ৰমণকাৰী আদিয়ে অসমত বসতি স্থাপন কৰিছিল । তেওঁলোকে বসতি স্থাপন কৰাৰ ফলস্বৰূপে অসমত ইছলাম ধৰ্মৰ প্ৰসাৰ আৰম্ভ হয় । এই প্ৰব্ৰজন আৰু বসতিস্থাপনৰ ফলস্বৰূপে ভিন্ন সংস্কৃতি, ধৰ্ম আৰু জনগোষ্ঠীৰ সমন্বয় ঘটে ।
      এনেদৰে, আহোম সম্প্ৰদায়ৰ লোক সকলকে বহুজনগোষ্ঠীয়, বা গোষ্ঠীয় বৈশিষ্ট্য আহৰণ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত এই বৈশিষ্ট্যৰ অধিক ৰূপান্তৰণ আৰু সম্প্ৰসাৰণ ঘটে । ইয়াৰ পৰিপ্ৰেক্ষিতত মধ্যযুগীয়া অসমৰ সমাজখন বিভিন্ন জাতি-জনগোষ্টীৰে গঠিত হৈছিল ।
     অসমীয়া সমাজৰ লোকসকলৰ এক বৃহত অংশ আৰ্যগোষ্ঠীয় হিন্দুধৰ্মীয় লোক আৰু বিভিন্ন অনাৰ্য জনগোষ্ঠীয় লোকেৰে গঠিত । জনজাতীয় লোকসকলে আহোম সম্প্ৰদায়ৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল । অঞ্চলটোৰ বিভিন্ন জনজাতীয় লোকৰ ভাষাৰ পৰা অসমীয়া ভাষাৰ ভালেমান শব্দৰ উৎপত্তি হৈছে বুলি অনুমান কৰা হৈছে ।
      একেদৰে জনজাতীয় লোকৰ মাজত প্ৰচলিত ভালেমান সাংস্কৃতিক বৈশিষ্ট্য অসমীয়া সংস্কৃতিয়ে আহৰণ কৰিছে । গতিকে , এইটো সত্য যে অসমৰ আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে ।
৭/ অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- অসমত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰাৰ আৰম্ভণিৰ পৰা সাহিত্য আৰু চিত্রকলা উভয়ৰে বিকাশ সাধন কৰিছিল । কলা শৈলী হিচাপে চিত্রকলাৰ বিকাশ সাধন কৰা হৈছিল । পৰম্পৰা বিকশিত কৰি ইয়াক বিস্তৃতভাৱে অনুশীলন কৰা হয় ।
    কেইখনমান গুৰুত্বপূৰ্ণ সচিত্ৰ সাঁচিপতীয়া পুথি হৈছে হস্তীবিদ্যাৰ্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ , কুমাৰ হৰণ শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ ইত্যাদি  । এই সচিত্ৰ গ্ৰন্থসমূহৰ মানদণ্ড যথেষ্ট উন্নত আছিল আৰু ইয়াত স্থানীয় প্ৰভাৱ বিৰাজ কৰিছিল । হস্তীবিদ্যাৰ্ণৱ নামৰ সচিত্ৰ পুথিখন সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল ।
      এই বিখ্যাত পুথিখনত চিত্ৰ অংকন কৰা শিল্প দুগৰাকী হৈছে ---- দিলবৰ আৰু দোচাই । মধ্যযুগীয়া অসমত চিত্ৰকলাৰ বিকাশৰ এটা নেতিবাচক দিশ এয়ে যে এই সময়ছোৱাত কেৱল ব্যাখ্যামূলক চিত্ৰ শৈলীৰহে বিকাশ সাধন হৈছিল, অন্যান্য চিত্ৰ শৈলীৰ এই সময়ছোৱাত অৱনতি ঘটিছিল ।
    এই বিধ চিত্ৰশৈলীত প্ৰাকৃতিক ' সামগ্ৰীৰে ৰঙেৰে চিত্র কৰা হৈছিল । প্ৰথমে সাঁচিপাতত এটা নিৰ্দিষ্ট ৰঙৰ প্ৰলেপ দিয়া হৈছিল তাৰ পাছত বিষয়বস্তুৰ প্ৰয়োজন সাপেক্ষে ৰজা, প্ৰসাদ, উপাস্য দেৱতা, জীৱ-জন্ত আদিৰ চিত্ৰ অংকন কৰা হৈছিল । খালীস্থানত ফুল, লতা আদিৰ চিত্ৰ উপস্থাপন কৰা হৈছিল ।
        সাধাৰণতে ৰঙা , সেউজীয়া, হালধীয়া আৰু ক'লাৰং ব্যৱহাৰ আছিল । সপ্তদশ শতিকাৰ পৰা আহোম ৰজাসকলে চিত্ৰসকলৰ পৃষ্ঠপোষকতা কৰিছিল আনহাতে সত্ৰাধিকাৰ পৃষ্ঠপোষকতাত সত্ৰসমূহত সচিত্ৰ পুথিৰ বিকাশ সাধন হৈছিল ।
৮/ অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা ।
উত্তৰ :- অসমৰ এক লক্ষ্যণীয় বৈশিষ্ট্য এয়ে যে ৰাজ্যখনত সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্ৰ্য পৰিলক্ষিত হয় । অসমৰ ভিন্ন ভিন্ন জনগোষ্ঠীয়ে ভিন্ন ভিন্ন ধৰ্ম অনুসৰন কৰে । অধিকাংশ লোকেই হিন্দু ধৰ্ম অনুসৰণ কৰে । ৰাজ্যখনৰ অন্যান্য ধৰ্মাৱলম্বী গোটেকেইটা হৈছে  ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ ইত্যাদি ।
      অসমত বসবাস কৰা হিন্দুসকলে ভিন ভিন হিন্দুধৰ্মীয় পন্থা অনুসৰণ কৰে । অসমত বসবাস কৰা হিন্দুধৰ্মীয় গোটসমূহক তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি ।
(ক) শাক্ত (খ) বৈষ্ণৱ (গ) শৈৱ  (ঘ) সৌৰপন্থী ।
       শক্তিপীঠৰ অবস্থিতৰ বাবে অসম প্ৰসিদ্ধ । অসমৰ আটাইতকৈ উল্লেখযোগ্য শক্তিপীঠ হৈছে কামাখ্যা মন্দিৰ । অসমৰ ৰাজধানীৰ সমীপৱৰ্তী ঠাইতেই অবস্থিত । সমগ্ৰ বিশ্বতে এই মন্দিৰটো প্ৰসিদ্ধ । প্ৰত্যেক বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ বৃহৎ সংখ্যক তীৰ্থযাত্ৰী আহে । 
    অসমৰ অন্য এক হিন্দুধৰ্মীয় ভক্তিমাৰ্গ হৈছে বৈষ্ণৱ ভক্তিমাৰ্গ । বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰা হাজাৰ হাজাৰ লোকে অসমত বসবাস কৰে । এই ভক্তিমাৰ্গৰ প্ৰধান পৃষ্ঠপোষক আছিল শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱ । ত্ৰয়োদশ শতিকাত অসমত ইছলাম ধৰ্মৰ প্ৰচলন আৰম্ভ হোৱাৰ তথ্য উপলব্ধ হৈছে ।
      সাম্প্ৰতি ইছলাম ধৰ্মালম্বী লোকৰ শতকৰা পৰিমাণ বৃদ্ধিপ্ৰাপ্ত হৈছে । ১৯৭১ চনত বাংলাদেশ গঠনৰ পাছত ইয়াৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত ইছলাম ধৰ্মালম্বী লোকৰ সংখ্যাধিক্য ঘটে । অসমৰ ইচলাম ধৰ্মাৱলম্বী লোকৰ এখন পবিত্ৰ তীৰ্থস্থান হৈছে হাজোত অৱস্থিত পোৱামক্কা । আজানপীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰি হৈছে এবিধ জনপ্ৰিয় ধৰ্মীয় গীত ।
      অসমত বসতি স্থাপন কৰা অন্য এটা ধৰ্মীয় গোট হৈছে শিখসকল । চন্দ্ৰকান্ত সিংহৰ সাশনকালত সংঘটিত হোৱা মানৰ অসম আক্ৰমণৰ সময়ত আহোম সৈন্যক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জীত সিংহৰ নিৰ্দেশ ক্ৰমে এটা শিখ সৈন্যদল অসমলৈ আহিছিল । ইয়াৰে কিছু নিৰ্দেশ অসমত নিগাজীকৈ বসতি স্থাপনেৰে শিখ সম্প্ৰদায়ৰ ভেটি স্থাপন কৰে ।
৯/ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকাৰ হৈছে ? 
উত্তৰ :- যদি আমি অসম আৰু প্ৰতিৱেশী ৰাজ্য অৰুণাচল প্ৰদেশ , মণিপুৰ , নাগালেণ্ড, মেঘালয় , আদিৰ ইতিহাস পৰ্যবেক্ষণ কৰোঁ তেন্তে আমাৰ অৱগত হয় যে সাংস্কৃতিক বৈচিত্ৰ্য আৰু সাংস্কৃতিক সংমিশ্ৰণৰ মাত্ৰা সৰ্বাধিক সৰ্বাধিক পৰিমানে অসমত দৃশ্যমান হয় ।
      জনগোষ্ঠী, সংস্কৃতি আৰু ধৰ্মৰ বিচিত্ৰ সমাহাৰ হিচাপে অসমক গণ্য কৰা হয় । নিগ্ৰো গোষ্ঠী , অষ্ট্ৰিলয়ড, মংগোলীয় , ককেছয়ড, অষ্ট্ৰিক আদি নৃগোষ্ঠীয়ে অসমৰ বিভিন্ন অংশত বসতি স্থাপন কৰিছিল । ক্ৰমান্বয়ে এই ভিন্ন নৃ-গোষ্ঠীয় গোটসমূহে উমৈহতীয়া অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাইছে ।
      এইটো এক স্বীকৃত সত্য যে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাৰ অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক মাত্ৰাত ঘটিছে । নিম্নোক্ত কাৰকৰ বাবে এনে হৈছে :
    (ক) অসম ৰাজ্যখনত সৰ্বাধক সংখ্যক নৃ-গোষ্ঠীয় গোট থকাৰ বিপৰীতে অন্যান্য ৰাজ্যত কম সংখ্যক নৃ-গোষ্ঠীয় গোট আছে ।
   (খ) অৰ্থনৈতিকভাৱে অসমৰ অধিক সম্পদ আৰু সুবিধা আছে । বিস্তীৰ্ণ সমভূমি , কৃষিকৰ্মৰ সম্ভাৱনা , জলসম্পদ উপলব্ধতা আদিয়ে অৰ্থনৈতিক সমৃদ্ধি সাধন কৰাৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক ক্ষেত্ৰৰ উৎকৰ্ষ সাধন হৈছে । অন্যান্য ৰাজ্য কেইখনৰ এনেকুৱা সম্পদ উপলব্ধ নহয় ।
    (গ) অধিকাংশ নৃ-গোষ্ঠীয়ে অসমৰ মাজেৰে হৈছিল । খাছীয়া, গাৰো আৰু জয়ন্তীয়াসকলে অসম ৰাজ্যৰে অতিক্ৰম কৰাৰ ফলস্বৰূপে ৰাজ্যখনৰ সংস্কৃতিৰ সমৃদ্ধি ঘটিছিল ।
    (ঘ) ব্ৰহ্মপুত্ৰ আৰু বৰাক এই বৃহৎ নদী-দুখন অসমৰ মাজেৰে প্ৰবাহিত হোৱাৰ বাবে অসম সৌভাগ্যশালী হৈছে কিয়নো ইহঁতৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক সমৃদ্ধি বৃদ্ধি হৈছে । এই নদী দুখনৰ বাবে নৌপৰিবহণৰ উৎকৰ্ষ সাধন হোৱাৰ লগত বয় বস্তু আৰু মানুহৰ পৰিবহণ সহজসাধ্য নাছে ।
    (ঙ) ভাৰতৰ অৱশিষ্ট অংশৰ সৈতে কেৱল অসমহে কায়িকভাৱে সংলগ্ন ফলস্বৰূপে ৰাজ্যখনৰ বাহিৰৰ বিভিন্ন শ্ৰেণীৰ লোকে অসমত পদাৰ্পণ কৰে । তেওঁলোকৰ উপস্থিতিয়ে অসমীয়া সমাজখনত সাংস্কৃতিক বিনিময় আৰু সাংস্কৃতিক সংমিশ্ৰণ প্ৰভাবিত কৰিছে । অন্যান্য উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভাৰতৰ অৱশিষ্ট অংশৰ লগত অসমৰ জৰিয়তেহে সংযোজিত ।
১০/ "লোক-সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে "--- এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা ।
উত্তৰ :- এইটো সত্য যে লোকসংগীত , লোকনৃত্য আৰু পৰম্পৰাগত অনুশীলনেৰে গঠিত লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে । লোক সংস্কৃতি সাধাৰনতে লিখিত ৰূপত উপস্থাপন কৰা নাথাকে । এইয়া এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ মুখৰ কথাৰে আৰু সামূহিক আদৰ্শৰে পৰিবাহিত হয় ।
      সেয়ে , যদি কোনো ব্যক্তিয়ে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোক সংস্কৃতিৰ বিষয়ে অধ্যায়ন কৰিবলৈ বিচাৰে তেন্তে তেওঁ সংশ্লিষ্ট সমাজখন পুংখানুপুংখ ভাৱে পৰ্যবক্ষণ
 কৰাৰ প্ৰয়োজন ।
       সমাজখন এক খোলা কিতাপৰ দৰে কিয়নো সমাজখনে ইয়াৰ ক্ৰিয়াকলাপ, উৎসৱ-পাৰ্বণ, পৰিশীলন, ৰীতি-নিতি, পৰম্পৰা , সাজ-পোছাকৰ শৈলী, সামূহিক অনুষ্ঠান, মুল্যায়ন ব্যৱস্থা, প্ৰশাসনীয় ব্যৱস্থা সন্দৰ্ভত ভালেমান তথ্য যোগায় ।
    তেতিয়া আমি অসমৰ লোক সংস্কৃতি পৰ্যবেক্ষণ কৰো তেতিয়া আমি ইয়াৰ বিভিন্নতা , সমৃদ্ধি আৰু সজীৱতাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হওঁ । অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনৰ এক সমৃদ্ধিশালী পৰম্পৰা হওঁ । অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনৰ এক সমৃদ্ধিশালী পৰম্পৰা আছে । এই লোকসংগীত সমুহ বিভিন্ন উপলক্ষ্যে পৰিবেশন কৰা হয় । ইয়াৰ ভালেমান পৰম্পৰাগত গীত কালক্ৰমত লুপ্ত হৈছে ।
    আনহাতে , ভালেমান এতিয়াও পৰিৱেশন কৰা হয় । বিয়ানাম , নিচুকণি গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকসগীত যথেষ্ট জনপ্ৰিয় । অসমত এতিয়াও জনপ্ৰিয়তা বাহাল থকা লোক সংগীতসমূহ হৈছে আইনাম , ধাইনাম, টোকাৰীৰ, চিয়া গীত, নাঙেলি গীত (গৰখীয়া গীত) , চেৰা ঢেকা ইত্যাদি ।
     একেদৰে লোকনৃত্যৰ ক্ষেত্ৰতো অসম ৰাজ্যখন প্ৰসিদ্ধ । অসমত লোকনৃত্যবোৰৰ ভিতৰত এক উল্লেখযোগ্য লোকনৃত্য হৈছে ওজাপালি । ওজাপালি দুটা ভাগত বিভক্ত ---
(ক) ব্যাসৰ ওজাপালি । (খ) সুকন্নানী ওজাপালি ।
(ক) ব্যাসৰ ওজাপালি :- ৰামায়ণ, মহাভাৰত কহিনী সন্নিৱিষ্ট বৈষ্ণৱী গীত পৰিবেশন কৰা হয় ।
(খ) সুকন্নানী ওজাপালি :- মনসা দেৱীৰ সন্তুষ্টিৰ বাবে পৰিবেশন কৰা গীতেৰে সুকন্নানী ওজাপালি পৰিবেশন কৰা হয় ।

চমুটোকা লিখা :

১/ প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প :
উত্তৰ :- প্ৰাচীন কালত উচ্চ মানদণ্ডৰ ভাস্কৰ্য শিল্পৰ বিকাশৰ বাবে ভাৰত প্ৰসিদ্ধ আছিল । গুপ্তযুগত ভাস্কৰ্য শিল্পৰ বিকাশ শীৰ্ষতম স্থানত উপনীত হৈছিল । প্ৰাচীন ভাস্কৰ্য সমূহ শিল, ব্ৰঞ্জ, তাম আৰু সোণেৰে নিৰ্মাণ কৰা হৈছিল । স্থানীয় শৈলীৰে মূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছিল । এই মূৰ্তিসমূহত শান্তি , আৰাম, পীড়া, স্বৰ্গীয় প্ৰেম আদি প্ৰকাশ কৰা হৈছিল ।
      ভাস্কৰ্য সমূহৰ প্ৰধান বিষয়বস্তু আছিল গৌতম বুদ্ধ, মহাবীৰ , হিন্দু ধৰ্মৰ দেৱ-দেৱী, বিভিন্ন প্ৰাণী ইত্যাদি । প্ৰাচীন যুগৰ ভাস্কৰ্য শিল্পকলাক তিনিটা ভাগত ভাগ কৰিব পাৰি --- গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা । এইবোৰৰ ভিতৰত গান্ধাৰ শিল্পকলা আটাইতকৈ জনপ্ৰিয় আছিল । 
      গৌতম বুদ্ধ মূৰ্তি নিৰ্মাণত এই শৈলী ব্যৱহাৰ কৰা হৈছিল । মধ্যযুগত ধৰ্মমূলক ভাস্কৰ্য নিৰ্মাণত প্ৰতিবন্ধকতা আহিছিল কিয়নো ইছলাম ধৰ্মই মৃত ব্যক্তিৰ মূৰ্তি নিৰ্মাণৰ পোষকতা নকৰিছিল । মুছলমান শাসকসকলে ভাস্কৰ্য শিল্পৰ পৰিৱৰ্তে স্থাপত্য শিল্প আৰু চিত্রকলাৰ উত্তৰণত অধিক আগ্ৰহী আছিল ।
২/ ভাৰতীয় চিত্ৰকলা :
উত্তৰ :- চিত্ৰকলাৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতত যথেষ্ট উৎকৰ্ষ সাধন হৈছিল । প্ৰাচীন আৰু মধ্যযুগীয় চিত্ৰকলাক দুটা ভাগত ভগাব পাৰি যেনে --- বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ  । সচিত্ৰ পুথি প্ৰস্তুত কৰিবলৈ ক্ষুদ্ৰাকাৰ চিত্ৰ ব্যৱহাৰ কৰা হৈছিল  
    অজন্তা গুহা (মহাৰাষ্ট্ৰ) ৰ দেৱাল , বাঘ (মধ্যপ্ৰদেশ) , চিত্তনাৱাচল (তামিলনাডু) সমন্বিতে ভাৰতৰ বিভিন্ন অংশত বৃহদাকাৰ দেৱাল চিত্ৰ দেখা যায় । এইবিলাক চিত্ৰকলাৰ প্ৰধান বিষয়বস্তু হৈছে গৌতম বুদ্ধ, মহাবীৰৰ জীৱন আৰু ক্ৰিয়াকলাপ আৰু হিন্দু দেৱা-দেৱী ।
     এই চিত্ৰকলাবোৰৰ ভিতৰত অজন্তা গুহাৰ আটাইতকৈ উল্লেখযোগ্য আৰু সমগ্ৰ বিশ্বতে ই প্ৰসিদ্ধ । মোগল যুগত চিত্ৰকলাৰ যথেষ্ট উৎকৰ্ষ সাধন হৈছিল আৰু বিশিষ্ট চিত্ৰকৰসকলক আকবৰ, জাহাংগীৰ আৰু ছাহজাহান পৃষ্ঠপোষকতা কৰিছিল । ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ সচিত্ৰ পুথিতহে উপস্থাপন কৰা হৈছিল ।
      মোগল সম্ৰাট সকলে এনে কৰ্মত উৎসাহ প্ৰদান কৰিছিল । মোগল যুগৰ কেইখন মান গুৰুত্বপূৰ্ণ সচিত্ৰ পুথি হৈছে পাদছাহনামা, তাই নামা, জাহাংগীৰ নামা , দোস্তান-ই-আমিৰ, খামদা ইত্যাদি ।
৩/ ভাৰত সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য :
উত্তৰ :- সংগীত আৰু নৃত্যৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহ্য সমৃদ্ধিশালী । বেদৰ স্তোত্ৰসমূহ এক নিৰ্দিষ্ট সাংগীতিক শৈলীৰে উপস্থাপন কৰা হৈছিল । মোগল যুগত সংগীতে বিকাশৰ উচ্চতৰ স্তৰত উপনীত হৈছিল । ধ্ৰুপদী আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা হৈছিল ।
     এইবিলাকৰ ভিতৰত চেহনাই, তবলা, চন্তুৰ, চেতাৰ , বীণা আৰু বাহী গুৰুত্বপূৰ্ণ । সংগীতৰ চিনিনাকৈ নৃত্যয়ো প্ৰাচীন যুগত মনোযোগ আকৰ্ষণ কৰিছিল । ভাৰতৰ ভিন্ন প্ৰান্তত বৃহৎ সংখ্যক লোকনৃত্য আছে । এইবোৰৰ ভিতৰত ভাৰত চৰকাৰে আঠবিধ নৃত্যক ভাৰতীয় ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিছে । এই আঠবিধ নৃত্য হৈছে : 
(ক) কথাকলি (কেৰেলা) (খ) মোহিনী আট্টম (কেৰেলা) (গ) ভাৰত নাট্যম (তামিলনাডু) (ঘ) কুচিমুচি (অন্ধ্ৰপ্ৰদেশ) (ঙ) ওডিছি (ওড়িশা) (চ) কথক (উত্তৰ ভাৰত) (ছ) মণিপুৰী নৃত্য (মণিপুৰ) (জ) সত্রীয়া (অসম) ।
৪/ অসমৰ ভাস্কৰ্য সিল্প :
উত্তৰ :- প্ৰাচীন কাল আৰু মধ্যযুগত অসমত ভাস্কৰ্য শিল্পৰ উল্লেখযোগ্য বিকাশ সাধন হৈছিল । শিল, হাতীৰ দাঁত, সোণ, ৰূপ, ব্ৰঞ্জ আৰু কাঠেৰে ভাস্কৰ্যসমূহ নিৰ্মাণ কৰা হৈছিল । এই ভাস্কৰ্যসমূহৰ প্ৰধান বিষয়বস্তু আছিল ধৰ্মীয় উপাস্য দেৱতা যেনে শিৱ, বিষ্ণু, গংগাপতী, সূৰ্য ইত্যাদি । ৰাজ্যখনৰ বিভিন্ন অংশত বিভিন্ন জীৱ-জন্তুৰ ভাস্কৰ্যও দেখা যায় ।
      তেজপুৰৰ দ-পৰ্বতীয়া , বামুণী-পাহাৰ, মদন কামদেৱ, আমবাৰী , ডবকা, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড় , দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, আদিত অসমৰ প্ৰধান ভাস্কৰ্য সমূহ দেখা যায় । দ-পৰ্বতীয়াৰ ভাস্কৰ্য সমূহ অষ্টম শতিকাত নিৰ্মান কৰা হৈছিল । গুপ্তযুগৰ ভাস্কৰ্যৰ দ্বাৰা এই ভাস্কৰ্য সমূহ যথেষ্ট প্ৰভাৱিত হৈছিল ।
৫/ অসমৰ স্থাপত্য শিল্প :
উত্তৰ :- প্ৰাচীন কালত অসমত স্থাপত্য শিল্পৰ অধিক উৎকৰ্ষ সাধন হোৱা নাছিল । অৱশ্যে মধ্যযুগত আহোম আৰু কোচ ৰজাৰ পৃষ্ঠপোষকতাত স্থাপত্য শিল্পৰ কিছু উৎকৰ্ষ সাধন হৈছিল । অসমৰ প্ৰধান স্থাপত্য সমূহৰ ভিতৰত আহোম ৰাজত্ব কালত নিৰ্মিত ৰংঘৰ, কাৰেংঘৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ উল্লেখযোগ্য । 
     এই সময়ছোৱাত নিৰ্মিত বিখ্যাত মন্দিৰ সমূহ হৈছে । কামাখ্যা মন্দিৰ, উগ্ৰতাৰ মন্দিৰ, উমানন্দ মন্দিৰ, শিৱদৌল, জয়দৌল, দেৱীদৌল , ফাকুৱা দৌল , হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয় , দেৰগাঁও আৰু বিশ্বনাথ শিৱ মন্দিৰ, নৱগ্ৰহ ইত্যাদি । এই স্থাপত্য সমূহ ইটা আৰু শিলেৰে তৈয়াৰ কৰা হৈছিল । 
       আহোম ৰজাসকলে নিৰ্মাণ কাৰ্য্যত যথেষ্ট মনোযোগ নিবদ্ধ কৰিছিল । বাট-পথ, প্ৰাসাদ, মন্দিৰ আদিৰ নিৰ্মাণ আৰু মেৰামতি তদাৰক কৰিবলৈ চাংৰুং ফুকন নামৰ এজন বিষয়া নিয়োগ কৰা হৈছিল ।
৬/ অসমৰ বৈষ্ণৱ সাহিত্য:
উত্তৰ :- অসমত পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱে আৰম্ভ কৰা বৈষ্ণৱ আন্দোলনে সাহিত্য সম্বন্বিতে অসমীয়া সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱিত কৰিছিল  । অসমীয়া সাহিত্যৰ ওপৰত এই ধৰ্মীয় আন্দোলনে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু এই সময়ছোৱাত ভালেমান কাব্যনাট , ভক্তিমূলক গীত আদি ৰচিত হয় । 
      এই সাহিত্য সমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ ইত্যাদি । মধ্যযুগীয়া অসমৰ মহান বৈষ্ণৱ ধৰ্ম প্ৰচাৰক শংকৰদেৱে ৩০ টাবৰগীত আৰু কেইবাখনো অংকীয়া নাটকে ধৰি বহুসংখ্যক সাহিত্য ৰচনা কৰিছিল । তেওঁ ৰচনা কৰা কীৰ্তন পুথিখন তেওঁৰ সৰ্বোত্তম সৃষ্টিষ  ।
    ছেক্সপিয়েৰে সাহিত্য ৰচনা কৰাৰ আগতেই মহাপুৰুষ শংকৰদেৱে প্ৰথমে নাট চিহ্নযাত্ৰা ৰচনা কৰি মঞ্চস্থ কৰিছিল । শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে গুৰুজনাক অনুসৰণ কৰি নামঘোষাৰ লগতে ভালেমান বৰগীত ৰচনা কৰি গৈছে ।
     অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰা নৱবৈষ্ণৱ যুগৰ অন্যান্য লেখকসকল আছিল ভট্টদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী ইত্যাদি ।
৭/ অসমৰ লোক সংগীত
উত্তৰ :- অসমৰ ভিন ভিন উপলক্ষ্যত পৰিৱেশন কৰা বিভিন্ন ধৰনৰ লোক সংগীতৰ প্ৰচলন আছে । অসমৰ লোক সংগীত সমূহ অনন্য আৰু বিশেষত্বপূৰ্ণ  । এইবিলাক অসমীয়া সাংস্কৃতিৰ এক অপৰিহাৰ্য অংশ । বিবাহ , উৎসৱ-পাৰ্বণ, সামূহিক সমাৱেস আদিত এইবিলাক পৰিৱেশন কৰা হয় ।
      কামৰূপী আৰু গোৱালপৰীয়া লোকগীত সমগ্ৰ অসমতে অতি জনপ্ৰিয় । অন্যান্য জনপ্ৰিয় লোকগীত সমূহ হৈছে আইনাম , ধাইনাম, টোকাৰি গীত , চিয়াগীত, নাঙেলী গীত, চেৰা ঢেক ইত্যাদি । লোক সংগীতৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উভয় লোক সংগীতৰ ভালেমান শিল্পীক সন্মানিত কৰিছে ।
     সাংগীত নাটক অকাডেমিৰ দ্বাৰা সন্মানিত কেইগৰাকীমান শিল্পী হৈছে প্ৰয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা । গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল ।
৮/ অসমৰ ধৰ্মীয় সংহতি :
উত্তৰ :- বৃহৎ সংখ্যক নৃ-গোষ্ঠীয় জনজাতি , জাতি , সাংস্কৃতিক গোট আৰু ধৰ্মীয় গোটেৰে অসম ৰাজ্যখন আশীৰ্বাদপুষ্ট । ৰাজ্যখনত প্ৰধান্য বিস্তাৰ কৰা ধৰ্মকেইটা হৈছে হিন্দুধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টিয়ান ধৰ্ম, বৌদ্ধ ধৰ্ম, প্ৰকৃতি --- প্ৰাণবাদী বিশ্বাস ইত্যাদি । ধৰ্মীয় ক্ষেত্ৰত ৰাজ্যখনত এক লক্ষ্যণীয় বৈশিষ্ট্য এয়ে যে ৰাজ্যখনত ধৰ্মীয় সংহতি বিৰাজ কৰিছে ।
       সংখ্যাগৰিষ্ঠ লোকে হিন্দুধৰ্ম অনুসৰণ কৰে যদিও তেওঁলোকে হিন্দুধৰ্মৰ বিভিন্ন পন্থা অনুসৰণ কৰে অৰ্থাৎ তেওঁলোকে শাক্ত, শৈৱ , বৈষ্ণৱ আৰু সৌৰপন্থী । বৃহৎ সংখ্যক লোকে শংকৰদেৱ আৰু মাধৱদেৱে জনপ্ৰিয় কৰা বৈষ্ণৱ ভক্তিমাৰ্গৰ অনুসৰণ কৰে ।
    ধৰ্মীয় অনুশীলন আৰু ৰীতি নীতি ভিন্ন হলেও হিন্দু ধৰ্মৰ বিভিন্ন পন্থাৰ মৌলিক উপাদানসমূহ একে । তেওঁলোকৰ মাজত বিশেষ সংঘাত পৰিলক্ষিত নহয় । গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰ হিন্দুসকলৰ এক প্ৰসিদ্ধ তীৰ্থ স্থান ।
     অন্যান্য ধৰ্মীয় গোট অৰ্থাৎ মুছলমান, খ্ৰীষ্টিয়ান, শিখ আৰু বৌদ্ধ ধৰ্মালম্বী লোকে ৰাজ্যখনত শান্তিপূৰ্ণ ভাৱে বসবাস কৰে । অন্যাৰ্থত, ধৰ্মীয় আৰু সংহতিৰ বাবে অসম প্ৰসিদ্ধ ।
৯/ অসমৰ বুৰঞ্জী সাহিত্য :
উত্তৰ :- মধ্যযুগৰ আহোম ৰজা আৰু ডা-ঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্য সমূহ ৰচনা কৰা হৈছিল । এই বুৰঞ্জী সাহিত্য সমূহ অসমৰ সাহিত্যৰ ভঁৰাললৈ এক উল্লেখযোগ্য সংযোজন  । প্ৰথম অৱস্থাত বুৰঞ্জী সাহিত্য সমূহ আহোমসকলৰ টাই ভাষাতে ৰচনা কৰা হৈছিল যদিও ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাত লিখাৰ পদক্ষেপ গ্ৰহণ কৰা হয় ।
     বৃটিছ শাসন কালত কিছুমান বুৰঞ্জী সাহিত্যৰ উদ্ধাৰ সংৰক্ষণ আৰু মুদ্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয় । এনে কিছুমান বুৰঞ্জী হৈছে তুংখঙ্গীয়া বুৰঞ্জী, দেওধাই বুৰঞ্জী , কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী ইত্যাদি ।
১০/ বিহু উৎসৱ :
উত্তৰ :- অসমৰ অসমীয়া লোকসকলে জাত-পাত, উচ্চ-নীচৰ ভেদাভেদ পাহৰি সৰ্বাত্মকভাৱে বিহু উদযাপন কৰে ।
    একোটা বৰ্ষত তিনিটা বিহু উদযাপন কৰা হয় --- চ'ত মাহব সংক্ৰান্তিৰ দিনাৰ পৰা বহাগ মাহৰ প্ৰথম ছয়দিনলৈ ব'হাগ বা ৰঙালী বিহু উদযাপন কৰা হয় , কাতি মাহৰ প্ৰথম দিনটোত কাতিৰা কঙালী বিহু উদযাপন কৰা হয় , কাতি মাহৰ প্ৰথম দিনটোত কাতিবা কঙালী বিহু উদযাপন কৰা হয় , আৰু মাঘ বা ভোগালী বিহু পুহ মাহৰ অন্তিম দিনটোৰ ৰাতিৰ ভাগত আৰু মাঘ মাহৰ প্ৰথমটো ৰাতিপুৱা উদযাপন কৰা হয় ।
      ৰঙালী বিহুত ৰং --- ধেমালি আৰু প্ৰাণচাঞ্চল্যৰ পয়োভৰ হয় । প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপন কৰা হয় । এই দিনটোত গৰুক তেল-হালধি সানি স্নান কৰোৱা হয় । দ্বিতীয় দিনটো মানুহ বিহু হিচাপে উদযাপন কৰা হয় ।
         এই দিনটোত সকলোৱে নতুন বস্ত্ৰ পৰিধান কৰি বয়সস্থ লোক সকলৰ আশীৰ্বাদ গ্ৰহণ কৰে । ৰঙালী বিহু তৃতীয় , চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম দিনকেইটাক ক্ৰমে গোঁসাই বিহু , কুটুম বিহু , চেনেহী বিহু , মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়  । এই সময়ছোৱাত বিহু নৃত্য, খেল - ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
      ঢোল , পেপা, গগনা আদি বিস্তৃতভাৱে সংগত কৰা হয় । কাতি বিহুৰ দিনা উপবাস কৰি ৰাত্ৰি ভাগত তলত আৰু ধাননি পথাৰত চাকি বন্তি জ্বলোৱা হয় । ভোগালী বিহুত উৰুকাৰ দিনা সমূহীয়া ভোজ-ভাতৰ আয়োজন কৰা হয় ।
     উক্ত দিনটোত সাজি উলিওৱা ভেলাঘৰ (বাহ, খেৰ আদিৰ সজা অস্থায়ী পজাঘৰ) বা মেজি ৰং --- ধেমালিৰে ভোজ ভাত খোৱাত অন্তত পিছদিনা জ্বলাই দিয়া হয় । মানুহে অগ্নি দেৱতাৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে ।

এনেধৰণৰ প্ৰশ্নোত্তৰ অধ্যয়ন ছাবৰ বাবে অধ্যায
নিৰ্বাচিত কৰক ।

CLASS 1O COCIAL SCIENCE ANSWER 
     ইতিহাসৰ প্ৰথম খণ্ড     
৫/ ভাৰত আৰু উওৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য  
CLASS 10 ASSAMESE QUESTION ANSWER 
CLASS 11 ASSAMESE ANSWER 


Post a Comment

0 Comments