অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ mcq

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ 

Class 10 SEBA Cocial Science Chapter 3 Questions Answers 

অতি চমু উত্তৰৰ প্ৰশ্ন 

১/ ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি ? পৰিবৰ্তন হৈছিল ?
উত্তৰ :- ১৮২৬ চনত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠাৰ হোৱাৰ পিছত দ্ৰব্যৰ পৰিবৰ্তে মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা প্ৰবৰ্তন কৰা হয় । ব্ৰিটিছ সকলে সকলো ধৰণৰ ৰাজহ মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে ।
২/ কোনে চনত মফট মিলচ অসমলৈ আহিছিল ?
উত্তৰ :- ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল ।
৩/ কেঞাসকল কোন আছিল ?
উত্তৰ :- কেঞাসকল হৈছে বহিৰাগত মাৰোৱাৰি সম্প্ৰদায়ৰ লোক যিয়ে অসমীয়া প্ৰজাক সুতৰ বিনিময়ত ধন ধাৰলৈ দি জীৱিকা নিৰ্বাহ কৰিছিল ।
৪/ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ :- অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল ।
৫/ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল ?
উত্তৰ :- ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কন্দৰপেশ্বৰ সিংহক আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল ।
৬/ মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ?
উত্তৰ :- মণিৰাম দেৱানক মধু মল্লিক বঙালী মুক্তিয়াৰে সহায় কৰিছিল ।
৭/ মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল ?
উত্তৰ :- মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাঁচীকাঠত ওলমিব লগা হৈছিল ।
৮/ কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?
উত্তৰ :- কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ।
৯/ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ?
উত্তৰ :- অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা গুৰুত্বপূৰ্ণ কাৰণ আছিল ----
(ক) বিদ্ৰোহৰ সংখ্যা অতি কম আছিল, কেৱল যোৰহাট আৰু শিৱসাগৰতেই এওঁলোকৰ গতিবিধি সীমিত আছিল । দেৱানে নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমৰ্থন আদায় কৰিব পৰা নাছিল ।
(খ) বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱানে বিদ্ৰোহস্থলীৰ পৰা বহু দূৰত অৱস্থান কৰিছিল । তেওঁ কলিকতাত থাকি পত্ৰৰ জৰিয়তে বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যিটো অপ্ৰায়াগিক বুলি প্ৰমাণিত হয় । তেওঁ নিকটবৰ্তী স্থানৰ পৰা বিদ্ৰোহ পৰিচালিত কৰাৰ প্ৰয়া জন আছিল ।
১০/ কোন কোন চনত টিকট কৰা আৰু আয়কৰ প্ৰবৰ্তন কৰা হৈছিল ?
উত্তৰ :- ১৯৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰবৰ্তন কৰা হৈছিল ।
১১/ ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা ।
উত্তৰ :- ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা প্ৰধান কাৰণ হ'ল --- (ক) ব্ৰিটিছ চৰকাৰে আৰোপ কৰা অত্যাধিক কৰ ।
(খ) বানপানী, অনাবৃষ্টি আদি প্ৰাকৃতিক দুৰ্যোগ ।
১২/ লেফটেনেণ্ট ছিংগাৰ কোন আছিল ?
উত্তৰ :- ১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেণ্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল । প্ৰতিবাদকাৰী কৃষকসকলৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁতে কৃষকসকলে তেওঁক লাঠীৰে কোবাই হত্যা কৰে ।
১৩/ ফুলগুৰিৰৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ :- ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল ।
১৪/ ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ :- ৰঙিয়াৰ কৃষক বিদ্ৰোহ ১৮৯৩ চনত সংঘটিত হৈছিল ।
১৫/ লচিমা ক'ত অৱস্থিত ?
উত্তৰ :- অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত ।
১৬/ লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ :- লচিমাৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত সংঘটিত ।
১৭/ পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ?
উত্তৰ :- পথৰুঘাটৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত হৈছিল ।
১৮/ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ :- ১৮৬১ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব ওকিয়াং নাবায়ে দিছিল ।
১৯/ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ :- ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব সম্বোধন কছাৰী দিছিল ।
২০/ টিকটকেন্দ্ৰজিক কোনে মৃত্যদণ্ডে দণ্ডিত কৰিছিল ?
উত্তৰ :- টিকেন্দ্ৰজিতক ব্ৰিটিছসকলে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল ।
২১/ জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল ।
উত্তৰ :- জে ডব্লিউ কুইন্টনক ১৮৯১ চনত হত্যা কৰিছিল ।

দীঘল উত্তৰৰ প্ৰশ্ন 

১/ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰ :- ভাৰতীয় চিপাহীসকলৰ বিদ্ৰোহেৰে ১৮৫৭ চনৰ ১০ মে'ত মিটাৰত আৰম্ভ হোৱা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ এটা প্ৰশাখা আছিল অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহ । অসমত বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ প্ৰধান কাৰণ হৈছে ব্ৰিটিছ প্ৰশাসন ওপৰত জনসাধাৰণৰ অসন্তুষ্টি । জনসাধাৰণৰ অসন্তুষ্টিৰ কাৰককেইটা তলত উল্লেখ কৰা হ'ল ---
(ক) ক্ৰটিপূৰ্ণ ভূমি ৰাজহ ব্যৱস্থা :- অসমত ১৮৫৭ চনৰ বিদ্ৰোহ সূত্ৰপাত হোৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰক হৈছে নতুন ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন । এই ব্যৱস্থাৰ অন্তৰ্গত মুদ্ৰাৰে ভূমি ৰাজহ আৰু অন্যান্য কৰ সংগ্ৰহৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল । এই ব্যৱস্থাই অসমীয়া কৃষক সমাজৰ ওপৰত বাৰুকৈয়ে কুপ্ৰভাৱ পেলাইছিল ।
      ব্ৰিটিছসকলে কৰ সংগ্ৰহৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল । মাথাউৰি নিৰ্মাণ আৰু জলসিঞ্চনৰ ব্যৱস্থা আদিৰে কৃষি উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা নাছিল । অসমীয়া প্ৰজাই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ ৰাজহ পৰিশোধ কৰিবলগীয়া হৈছিল ।
    (খ) মহামাৰীৰ বিস্তাৰ :- উজনি অসমত কলেৰা আৰু বসন্তই সৃষ্টি কৰা মহামাৰীয়ে ১৮৯৩, ১৮৪৭ আৰু ১৮৫২ চনত ভালেমান গাঁও ধ্বংস কৰিছিল । কোনো ধৰণৰ সহায় আৰু কৰ ৰেহাই প্ৰদান নকৰাত সাধাৰণ লোকসকল বিতুষ্ট হৈ পৰিছিল ।
    (গ) চাহ বাগিছাহমূহক ভূমি ৰাজহৰ পৰা ৰেহাই :- ব্ৰিটিছসকলে উজনি অসমত স্থাপন কৰা চাহ বাগিছাৰ অন্তৰ্ভুক্ত ভূমিৰ ৰাজহ ৰেহাই দিছিল । অতিৰিক্ত কৰৰ বোজা সাধাৰণ কৃষকে বহন কৰিব পাৰিছিল ।
   (ঘ) কুটীৰ শিল্পৰ অবনতি :- ব্ৰিটিছসকলে বিদেশী বস্ত্ৰ আমদানি কৰাৰ নীতি গ্ৰহণ কৰাৰ ফলত পাট মুগা শিল্পৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিল ।
  (ঙ) নিয়োগৰ অভাৱ :- অসমীয়া সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকল আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনত নিযুক্ত হ'ব পৰা নাছিল । ব্ৰিটিছসকলে বংগদেশৰ পৰা অনা বঙালী বাবুসকলে কোম্পানীৰ প্ৰশাসনত নিযুক্ত হৈছিল ।
    (চ) দাস প্ৰথা বিলুপ্ত :- ১৮৪৩ চনত হোৱা দাস প্ৰথাৰ বিলুপ সাধনক অভিজাত শ্ৰেণীটোৱে সহজভাৱে লোৱা নাছিল কিয়নো ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ধৰনৰ কায়িক শ্ৰম তেওঁলোকে নিজে কৰিবলগীয়া হৈছিল ।
      এনেদৰে মৰ্যাদা হানি হোৱাত তেওঁলোকৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল ।  মুক্ত হোৱা লগুৱা-লিকছৌ বিলাক চাহ বাগিছাত নিযুক্ত হৈছিল যদিও তেওঁলোকৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।
    (ছ) লাখেৰাজ ভূমিৰ ওপৰত কৰ নিৰ্ধাৰণ :- ব্ৰাহ্মণ পুৰা হিত সকলে পূৰ্বৰে পৰা ভোগ-দখল কৰি অহা লাখেৰাজ বা নিস্কৰ ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈ অৱশিষ্টভাগৰ ওপৰত খাজনা আৰোপ কৰাত তেওঁলোক ইংৰাজ শাসনৰ বিৰোধী হৈ পৰিছিল ।
   (জ) পূৰ্ববতী বিদ্ৰোহ :- ব্ৰিটিছসকলে অসম অধিকাৰ কৰাৰ পাছত আহোম ৰাজতন্ত্ৰ পুনৰায় প্ৰতিষ্ঠা কৰিবলৈ কেইবাটাও বিদ্ৰোহ সংঘটিত হৈছিল । ১৯২৮ , ১৯২৯ আৰু ১৯৮০ চনৰ বিদ্ৰোহ এনে বিদ্ৰোহৰ ভিতৰত পৰে । ১৯৫৭ চনৰ বিদ্ৰোহক এই বিদ্ৰোহ বিলাকৰ পৰৱৰ্তী প্ৰৰ্যায়ৰ বিদ্ৰোহ হিচপে বিবেচনা কৰা হয় ।
২/ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ?
উত্তৰ :- মণিৰাম দেৱানে অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল । তেওঁ এই বিদ্ৰোহৰ পৰিকল্পনাকাৰী, উপদেষ্টা আৰু সংগঠক আছিল । মণিৰাম দেৱানে তেওঁৰ কৰ্মজীৱনৰ প্ৰথম ভাগত অসমত ব্ৰিটিছ চৰকাৰৰ অধীনৰ সেৱাত নিযুক্ত আছিল । কিন্ত ব্ৰিটিছৰ নীতিৰ ফলত তেওঁ ক্ষমতা আৰু মৰ্যাদা হেৰুৱাই সাধাৰণ প্ৰজা হিচাপে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল ।
      আহোম ৰাজত্বৰ পুনৰ প্ৰতিষ্ঠা হলে হেৰুওৱা মৰ্যাদা ঘুৰাই পোৱাৰ আশাত তেওঁ ১৯৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ মফট মিলাচৰ হাৰত এখন আৱেদন দাখিল কৰে যদিও তেওঁৰ প্ৰতি কোনো সহানুভূতি প্ৰদৰ্শন কৰা নাছিল বৰং তেওঁক এজন চক্ৰান্তকাৰী হিচাপেহে অভিহিত কৰিছিল ।
     আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহৰ হাতত অসমৰ শাসনভাৰ অৰ্পণ কৰাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষক সৈমানে কৰিবলৈ ১৮৫৭ চনৰ প্ৰথম ভাগত তেওঁ কলিকতালৈ গৈছিল, কিন্ত তেওঁ বংগদেশৰ গৱৰ্ণৰ জেনেৰেলক লগ কৰাৰ কোনো সুযোগ নাপালে । মিৰাটত সূত্ৰপাত ঘটা চিপাহী বিদ্ৰোহৰ বিষয়ে তেওঁ কলিকতাত জানিব পাৰিলে ।
     কলিকতাত মণিৰাম দেৱানে মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ সৈতে মিলিত হৈ ব্ৰিটিছসকলক অসমৰ পৰা উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে । তেওঁলা কৰ বাহাদুৰ গাঁওবুঢ়া , ফুৰ্মুদ আলি , দুটিৰাম বৰুৱা, মায়াম নাজিৰ, মহাবীৰ মুক্তিয়াৰ আদি ব্যক্তিৰ সমৰ্থন লাভ কৰে ।
      এই বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে কন্দৰ্পেশ্বৰ সিংহই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থাপনা কৰিব ।
    মণিৰাম দেৱানে কলিকতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকক পত্রযোগে বিদ্ৰোহলৈ সাজু হ'বলৈ আহ্বান জনোৱাৰ লগতে ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যবাহিনীৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আহ্বান জনায় । ১৮৫৭ চনৰ অক্টোবৰ মাহত দুৰ্গা পূজাৰ সময়ত বিদ্ৰোহ সংঘটিত কৰাৰ সিদ্ধান্ত লোৱা হয় ।
       অৱশ্যে , নেতাসকলে পদক্ষেপ লোৱাৰ আগতেই ব্ৰিটিছে অভিসন্ধিটো ধৰা পেলালে কিয়নো ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে স্পষ্টভাৱে ষড়যন্ত্ৰৰ উল্লেখ থকা মণিৰাম দেৱানৰ পত্ৰসমূহ ব্ৰিটিছৰ হাতত পৰিছিল । বিদ্ৰোহ সংগঠনত তেওঁ পালন কৰা ভূমিকাৰ বাবে তেওঁক কলিকতাত গ্ৰেপ্তাৰ কৰি বিচাৰৰ সন্মুখীন হ'বলৈ অসমলৈ অনা হয় । 
     ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰি তেওঁক আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত ৰাজহুৱাকৈ ফাচী দিয়া হয় ।
৩/ কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা ।
উত্তৰ :- অসমত ১৮৫৭-৫৮ চনত মণিৰাম দেৱানে বিদ্ৰোহ সংঘটিত কৰা আঁচনি প্ৰস্তুত কৰিছিল আৰু তেওঁক কেইগৰাকীমান আহোম ডা-ডাঙৰীয়াই সহায় কৰিছিল । ব্ৰহ্মপুত্ৰ উপত্যকাত পুনৰায় আহোম শাসন প্ৰতিষ্ঠাৰ লক্ষ্যত উপনীত হোৱাত ই বিফল হোৱাৰ কৰককেইটা তলত উল্লেখ কৰা হ'ল ---
   (ক) বিদ্ৰোহৰ সংখ্যা অতিতাকৰীয়া আছিল :- মণিৰাম দেৱানৰ সমৰ্থন কেৱল যোৰহাট আৰু শিৱসাগৰতে আছিল । নগাঁও, কামৰূপ আৰু গুৱাহাটীত তেওঁ সমৰ্থন আদায় কৰিব পৰা নাছিল ।
    (খ) আঁচনি কাৰ্যকৰী কৰাত বিলম্ব :- সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছতো বিদ্ৰোহীসকলে বিদ্ৰোহ কাৰ্যকৰী কৰাত পলম কৰিছিল । ফলস্বৰূপে , ব্ৰিটিছসকলে প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণেৰে বিদ্ৰোহ দমন কৰিবলৈ যথেষ্ট সময় পাইছিল ।
    (গ) নেতৃত্বৰ অভাৱ :- বিদ্ৰোহৰ প্ৰধান সংগঠক মণিৰাম দেৱানে সুদূৰ কলিকতাৰ পৰা পত্ৰৰ জৰিয়তে বিদ্ৰোহ পৰিচালনা কৰাৰ চেষ্টা কৰিছিল, যিটো বাস্তৱসন্মত নাছিল । তেওঁ যথাসম্ভৱ সোনকালে অসমলৈ ঘূৰি আহি বিদ্ৰোহ পৰিচালনা কৰাটো উচিত আছিল । মণিৰাম দেৱান ভাল প্ৰশাসক আছিল যদিও বিদ্ৰোহৰ নেতৃত্বৰ বাবে আৱশ্যকীয় অহৰ্তা নাছিল ।
   (ঘ) জন সমৰ্থনৰ অভাৱ :- অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বিদ্ৰোহৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰা নাছিল । আহোম ৰাজতন্ত্ৰৰ অধীনৰ জীৱন ধাৰাতকৈ তেওঁলোক ৰঙালী মধ্যবিত্ত শ্ৰেণীৰ জীৱন ধাৰাৰ প্ৰতিহে আকৰ্ষিত হৈছিল ।
   (ঙ) গোপনীয়তাৰ অভাৱ :- মণিৰাম দেৱানে কলিকতাৰ পৰা তেওঁৰ সহযোগীসকললৈ লিখা পত্ৰ ব্ৰিটিছসকলে হস্তগত কৰাৰ পৰিণতিত সমগ্ৰ অভিসন্ধি ৰাজহুৱা হয় । ফলস্বৰূপে , বিদ্ৰোহ আৰম্ভ কৰাৰ পূৰ্বেই ইয়াক দমন কৰা হৈছিল ।
    (চ) অস্ত্র-শস্ত্রৰ অভাৱ :- মণিৰাম দেৱানে অসমলৈ অস্ত্ৰ-শস্ত্ৰ অনাৰ কথা আছিল । তেতিয়ালৈকে, বিদ্ৰোহসকলে অস্ত্ৰ-শস্ত্ৰ প্ৰত্যক্ষ কৰা নাছিল ।
    (ছ) চিপাহীসকলৰ সমৰ্থনৰ অভাৱ :- ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ প্ৰধান চালিকা শক্তি আছিল চিপাহীসকল যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংঘবদ্ধভাৱে বিদ্ৰোহৰ সূচনা কৰিছিল । ইয়াৰ বিপৰীতে অসমত মুখ্যত : কেইগৰাকীমান ক্ষন্ন ডা-ডাঙৰীয়াই বিদ্ৰোহৰ পদক্ষেপ লৈছিল যিয়ে স্থানীয় সৈনিক গোটৰ সমৰ্থন আদায় কৰিব পৰা নাছিল ।
৪/ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ।
উত্তৰ :- অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহ অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা । যদিও এই বিদ্ৰোহ অসমৰ পৰা বিদ্ৰোহক বিতাড়িত কৰাৰ ক্ষেত্ৰত বিফল হৈছিল তথাপি এই বিদ্ৰোহে অসম আৰু ইয়াৰ জনসাধাৰণৰ ওপৰত সুদূৰসাৰী প্ৰভাৱ পেলাইছিল । এই বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে তলত উল্লেখ কৰা হ'ল --- 
   (ক) অসম জাতীয় আন্দোলনৰ অংশত পৰিনত হয় :- ১৮৫৭ চনৰ বিদ্ৰোহৰ অসমৰ অংশগ্ৰহণ ঘটনাটো হৈছে  প্ৰথমটো ঘটনা য'ত দেশৰ পৰা ব্ৰিটিছক বিতাড়িত কৰিবলৈ ভাৰতৰ অৱশিষ্ট অংশৰ সৈতে অসমৰ জনসাধাৰণে যোগদান কৰিছিল আৰু এনেদৰে জাতীয় স্বাধীনতা আন্দোলনৰ অংশ হৈ পৰিছিল ।
   (খ) আদৰ্শগত উদাহৰণ :- ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ ৰাজ্যৰ বিভিন্ন অংশত বহুতো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল । মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ মৃত্যুয়ে জনসাধাৰণক অনুপ্ৰাণিত কৰিছিল । আৰু অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰতিক্ৰিয়া বুলি বহুতো ইতিহাসবিদে বিবেচনা কৰে ।
     (গ) হিন্দু মুছলমানৰ মাজত একতা স্থাপন :- হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকলে বিদ্ৰোহৰ মুখ্য সংগঠকৰ ভূমিকা পালন কৰিছিল । এই একতাই জাতীয়তাবাদৰ উদ্যম বৃদ্ধি কৰাৰ লগতে ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতিৰ সূচনা কৰে ।
     (ঘ) অনুপ্ৰেৰণাৰ উৎস :- মহাত্মা গান্ধীৰ নেতৃত্বত উত্থান হোৱা জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ বিফল বিদ্ৰোহটোৱে শ শ স্বাধীনতাপ্ৰিয় জনতাক অনুপ্ৰাণিত কৰিছিল ।
৫/ ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা ।
উত্তৰ :- অসমৰ কেইবাবছৰ ধৰি চলা এলানি কৃষক বিদ্ৰোহৰ প্ৰথমটো বিদ্ৰোহেই হৈছে ১৮৬১ চনৰ ফুলগুৰিৰ ধাৱা । ব্ৰিটিছসকলে প্ৰবৰ্তন কৰা নতুন ৰাজহ নীতিৰ ফলত কৃষকসকলৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল ।
       চৰকাৰৰ দ্বাৰা আফু খেতিৰ ওপৰত নিষেধাজ্ঞ আৰোপ আৰু তামোল - পাণৰ ওপৰত কৰ আৰোপ কৰাটোৱেই হৈছে ফুলগুৰি ধাৱাৰ প্ৰধান কাৰণ । আফু খেতিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা নগাঁও জিলাৰ ফুলগুৰি গাঁৱত বসবাস কৰা তিৱা জনজাতিৰ লোকসকল চৰকাৰৰ নিষেধাজ্ঞাৰ ফলত অতিশয় অসন্তুষ্ট হৈ পৰে ।
     চৰকাৰী নিৰ্দেশনাৰ বিৰুদ্ধে অসন্তুষ্ট প্ৰকাশ কৰিবলৈ অঞ্চলটোৰ ১৫০০ জন কৃষকে ১৮৬১ চনৰ ১৭ চেপ্তেম্বৰত ৰাইজ মেল অনুষ্ঠিত কৰে য'ত আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ।
    আফু খেতিৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহ্বানৰ আৰু তামোল পাণৰ ওপৰত কৰাৰো পণ্য প্ৰত্যাহাৰ অনুৰোধ জনাই উপায়ুক্ত হাৰ্বাট স্কন্সৰ হাতত এখন আৱেদন পত্ৰ দাখিল কৰে । তেওঁ তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাত ১৮৬১ চনৰ ১৫ অক্টোবৰত ফুলগুৰিত লাঠিৰে সজ্জিত কৃষকসকলে অন্য এক ৰাইজমেল অনুষ্ঠিত কৰে ১৮ অক্টোবৰত এই মেলত প্ৰায় ৪০০০ কৃষক ৰাইজ সমৱেত হয় । 
     সহকাৰী উপায়ুক্ত লেফটেনেণ্ট জি বি ছিংগাৰে ৰাইজৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন নকৰিলে আৰু লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতত থকালাঠিবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিলে । লাঠিৰ বাবে টনা-আজোৰা চলি থাকোতে সমবেত ৰাইজৰ উপৰ্যুপৰ
 লাঠি আঘাতত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয় ।
৬/ ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰ :- ব্ৰিটিছ চৰকাৰৰ অৱদমনকাৰী নীতিৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ পদক্ষেপ অব্যাহত থাকিল । বৃটিছসকলে ফুলগুৰিৰ বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়তো ১৮৯২ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰে আৰু কঠোৰভাৱে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । ইয়াৰ ফলত সাধাৰণ জনগণ ক্ষুদ্ধ হৈ পৰে আৰু ৰাইজ মেলত মিলিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
    বজালী অঞ্চলৰ ৰাইজমেলত আৰু পানাগাঁৱৰ চাপৰিত অনুষ্ঠিত ৰাইজমেলত উত্তৰ কামৰূপৰ লচিমা , চৌখুটী, পানগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি, ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ, বজালী আদিৰ কৃষকসকলে অংশগ্ৰহণ কৰিছিল । ১৮৯৪ চনৰ ২১ জানুৱাৰীত খাজনা সংগ্ৰহ কৰিবলৈ যাওঁতে মৌজাদাৰ আৰু মণ্ডলক ৰাইজে মাৰপিট কৰে আৰু ইয়াৰ ফলস্বৰূপে মৌজাদাৰজনৰ মৃত্যু হয় ।
     বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰে আৰু লচিমা জিৰণি শিবিৰলৈ লৈ যায় । অৱশ্যে, ৩০০০ জন কৃষকে ভাবুকি প্ৰদান কৰাৰ ফলস্বৰূপে তেওঁলোকক মুকলি কৰি দিবলৈ বাদ্য হয় । পিছদিনা উপায়ুক্ত মেক কেবেই ৫৯ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰি জেলত আবদ্ধ কৰি ৰাখে । 
      তেওঁ সমবেত ৰাইজৰ দাবী মানিবলৈ অস্বীকাৰ কৰে । ১৮৯৪ চনত সংঘটিত লচিমাৰ কৃষক বিদ্ৰোহেই হৈছে উত্তৰ কামৰূপৰ প্ৰধান কৃষক বিদ্ৰোহ ।
৭/ ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা ।
উত্তৰ :- ব্ৰিটিছসকলৰ অৱদমনকাৰী অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে ১৮৬১ চনৰ পৰা ১৮৯৪ চনলৈ এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল । কামৰূপ, দৰং আৰুনগাঁও জিলাৰ বহুতো অংশত বিদ্ৰোহৰ উত্থান অধিক সংখ্যক বিদ্ৰোহ ব্ৰিটিছে কঠোৰভাৱে দমন কৰিছিল ।
    ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটৰ কৃষকসকলেও বিদ্ৰোহ সংঘটিত কৰিছিল । বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ আগতেই বৃহৎ মাত্ৰাত প্ৰস্তুত আৰু পৰিকল্পনা কৰি থৈছিল মঙলদৈ মহকুমাৰ কলাইগাঁও, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে প্ৰথমতে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰে আৰু পৰৱৰ্তী পৰ্যায়ত ১৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ পথৰুঘাটত ৰাইজমেল অনুষ্ঠিত কৰি গোট খোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । 
    জিলাধিপতিয়ে এই সম্পৰ্কে অৱগত তেওঁ আৰক্ষী অধীক্ষকৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ পথৰুঘাটত উপস্থিত হয় । খাজনা দিবলৈ অমান্তি হোৱা কৃষকৰ ভূমি তেওঁলোকে বাজেয়াপ্ত কৰে । ২০০ জন ক্ষুদ্ধ কৃষকে অধীক্ষক বেৰিংটনৰ আগুৰি ধৰাত তেওঁ কোনোমতে সাৰি আহি জিৰণি শিবিৰত আশ্ৰয় গ্ৰহণ কৰে ।
    লাঠি আৰু বাঁহৰ কামিৰে সজ্জিত প্ৰায় ২০০০ গৰাকী উত্তেজিত কৃষকে জিৰণি শিবিৰৰ পিনে অগ্ৰসৰ হয় । সমবেত কৃষকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱাত উপায়ুক্তই বেৰিংটনক গুলীচালনা কৰিছিল নিৰ্দেশ দিয়ে । গুলীচালনাৰ ফলস্বৰূপে ১৪০ জন কৃষকৰ মৃত্যু হয় আনহাতে ১৫০ জন কৃষক আহত হয় ।
    অৱশ্যে চৰকাৰী হিচাপমতে ১৫ জন কৃষকৰ মৃত্যু হয় আৰু ৩৭ জন কৃষক আহত হয় । চৰকাৰে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিদ্ৰোহত জড়িত থকাৰ অভিযোগত বিচাৰ কৰে । আকলু শেখ আৰু অন্যান্য ছয়জনক শাস্তি প্ৰদান কৰা হয় আৰু বাকী সকলকে মুক্তি দিয়া হয় । ব্ৰিটিছৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে অসমত উত্থান হোৱা বিদ্ৰোহলানিৰ ভিতৰত এয়া অন্তিমটো বিদ্ৰোহ আছিল ।
৮/ ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰ :- ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱা এক অন্যতম পাহাৰীয়া জনজাতি হৈছে জয়ন্তীয়াসকল । ১৮৩৫ চনত ব্ৰিটিছে স্বাধীনতাপ্ৰিয় জয়ন্তীয়া জনজাতিসকলৰ ভূখণ্ড অধিকাৰ কৰাত তেওঁলোকে ব্ৰিটিছৰ এই পদক্ষেপ সহজভাৱে লোৱা নাছিল ।
    ব্ৰিটিছসকলে নিজেই নিযুক্ত কৰা দলৈ সকলৰ ওপৰত সঘনে কৰা দোষাৰোপ , সামূহিকভাৱে মাছ সংগ্ৰহ আদিত ৰাজহ সংগ্ৰহৰ স্বাৰ্থত নিষেধাজ্ঞা আৰোপণ, ধৰ্মীয় আৰু পৰম্পৰাগত ৰীতি-নিতিত হস্তক্ষেপ আদিয়ে বিদ্ৰোহ বীজ ৰোপণ কৰিছিল ।
    নগদ ধন হিচাপে কৰ কাটল প্ৰদান কৰি নোপোৱা এই জনজাতিসকলৰ ওপৰত গৃহকৰ আৰু আয়কৰ আৰোপ কৰা পদক্ষেপে তেওঁকৰ মাজত ক্ষোভ অধিক মাত্ৰা বৃদ্ধি কৰিছিল । চৰ্দাৰ আৰু দলৈসকলৰ লগত মিলিত হৈ জয়ন্তীসকলে বিদ্ৰোহৰ প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰিছিল ।
    গৃহকৰ আৰোপ কৰাৰ ঠিক পাছতে জোৱাইৰ তহচিলদাৰক অপসাৰণ কৰি বিদ্ৰোহৰ সূচনা কৰা হয় । পৰৱৰ্তী পৰ্যায়ত জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা অঞ্চলত বিদ্ৰোহৰ সূত্ৰপাত হয় । কিন্ত ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে এই বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰিছিল । 
    জয়ন্তীয়া পাহাৰৰ লোকসকলে ওকিয়াং নংবাহৰ নেতৃত্বত বিদ্ৰোহ ঘোষণা কৰে আৰু ১৮৬২ চনৰ ১৭ জানুৱাৰীত তেওঁলোকে হঠাতে জোৱাইস্থিত ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰে । তেওঁলোকে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰ সংযোগী পথ দুটা আগৰে পৰা অৱৰোধ কৰি ৰাখিছিল আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা পুলিচ বাহিনীৰ লোকক হত্যা কৰিছিল ।
    ওকিয়াং নংবাহক ফাঁচী দিয়াৰ পাছত অন্যান্য বিদ্ৰোহসকলৰ আশা ভংগ হ'ল আৰু ১৮৬৩ চনত ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰিলে । এনেদৰে এই বিদ্ৰোহৰ অন্ত পৰিল ।
৯/ ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্ব ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা ।
উত্তৰ :- দীৰ্ঘকালজুৰি মণিপুৰ ব্ৰিটিছৰ সুৰক্ষাৰ অধীনৰ দেশীয় ৰাজ্যৰূপেবৰ্তি আছিল । ১৮৯০ চনত সিংহাসনৰ বাবে ৰাজপৰিয়ালৰ মাজত বিবাদৰ সূত্ৰপাত হোৱাত অসমৰ ব্ৰিটিছ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰে । ব্ৰিটিছৰ উপস্থিতিৰ সুযোগ গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি ১৮৯০ চনৰ ২১ ছেপ্টেম্বৰত সিংহাসন দখল কৰে ।
    সুৰচন্দ্ৰই সহায়ৰ বাবে অনুৰোধ জনোৱাত ব্ৰিটিছে কৰ্ণপাত নকৰিলে আৰু ব্ৰিটিছৰ বিৰুদ্ধে গোপনে বিদ্ৰোহৰ পৰিকল্পনা কৰা সেনাপতি টিলন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজাক হেঁচা প্ৰয়োগ কৰে । অৱশ্যে , জনপ্ৰিয় সেনাপতিজনক দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ কথা নাছিল ।
    এনে প্ৰেক্ষাপটত অসমৰ মুখ্য আয়ুক্ত জে ডব্লিউ কুইন্টন আৰু চাৰিজন অন্যান্য বিষয়াই টিকেন্দ্ৰজিতক আটক কৰিলৈ মণিপুৰলৈ আহোঁতে বিদ্ৰোহী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে । পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছসকলে এক শক্তিশীল বাহীনী প্ৰেৰণ কৰি টিকেন্দ্ৰজিতক আটক কৰে ।
   ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁক ফাঁচী দিয়া হয় । ১৮৯১ চনৰ ছেপ্টেম্বৰত চূড়চন্দ্ৰ নামৰ এজনক ৰজা হিচাপে ঘোষণা হয় । ব্ৰিটিছ চৰকাৰৰ ৰাজনৈতিক প্ৰতিনিধিক মণিপুৰৰ প্ৰশাসনৰ সকলো দায়িত্ব অৰ্পণ কৰা হয় ।
     বিদ্ৰোহৰ সময়ছোৱাত ব্ৰিটিছে সন্মুখীন হোৱাৰ ক্ষতিৰ বাবত ব্ৰিটিছসকলক ২.৫০ লাখ টকা পৰিশোধ কৰিবলৈ বাধ্য কৰা হয় । এনেদৰে মণিপুৰৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰিছিল ।

চমু টোকা লিখা :

১/ অসমত ইংৰাজে প্ৰৱৰ্তনকৰা ৰাজহ ব্যৱস্থা ।
উত্তৰ :- ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ হৈ পৰিছিল । অৱশেষত তেওঁলোকে ৰাজ্যখনৰ প্ৰশাসনৰ দায়িত্ব 
সম্পূৰ্ণৰূপে গ্ৰহণ কৰে । কেইটামান বৰ্ষৰ ভিতৰতে গঢ়ি তোলা শক্তিশালী ৰাজহ সংগ্ৰহৰ প্ৰণালীৰ অধীনত এক নতুন ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয় ।
     কৃষিৰ উন্নীতকৰণ বা কৃষকৰ দৰিদ্ৰতা দূৰীকৰণৰ পৰিৱৰ্তে । ৰাজহ সংগ্ৰহৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছিল  । আহোম যুগত দ্ৰব্যৰ জৰিয়তে প্ৰদান কৰা হৈছিল, কিন্ত ব্ৰিটিছে মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে ।
     এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল কিয়নো কৰ পৰিশোধ কৰিব পৰাকৈ তেওলোকৰ হাতত নগদ ধন নাছিল । কৃষকসকলে সুদখোৱা মাৰোৱাৰী আৰু বঙালী মহাজনৰ পৰা ধন ধাৰলৈ ল'বলৈ বাধ্য হৈছিল । এই মহাজন শ্ৰেণীটোৱে অত্যাধিক সুতৰ হাৰ দাবী কৰাৰ পৰিণতিত তেওঁলোকৰ অস্তিত্বৰ অধিক অৱনতি ঘটিছিল । এনেদৰে ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতি মুদ্ৰা অৰ্থনীতিয়ে জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰিণতিত পৰৱৰ্তী সময়ছোৱাত ভালেমান বিদ্ৰোহ সংঘটিত হৈছিল ।
২/ মণিৰাম দেৱান ।
উত্তৰ :- অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বীজ ৰোপণ কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান । তেওঁ এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ আৰু প্ৰশাসক আছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা । তেওঁক ব্ৰিটিছে যোৰহাটত চিৰস্তাদাৰ হিচাপে নিয়োগ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ৰজা পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল ।
     পাছত তেওঁ যোৰহাটত চাহ বাগিছা স্থাপন কৰিছিল, কিন্ত ব্ৰিটিছ চাহ খেতিয়কে পোৱাৰ দৰে তেওঁ ৰাজহ পৰিশোধৰ ক্ষেত্ৰত ৰেহাই পোৱা নাছিল । এইটো কাৰণৰ লগতে অন্যান্য কাৰকে তেওঁক ব্ৰিটিছ বিৰোধী কৰি তুলিছিল । 
     চিপাহী বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ১৮৫৭ চনত বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল যাৰ বাবে তেওঁ কেইগৰাকীমান বিশিষ্ট দেশভক্ত লোক সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে তেওঁলোকে পৰিকল্পনাটো কাৰ্যকৰী কৰাৰ আগতে তেওঁলোকক ৰচনা কৰা ষড়যন্ত্ৰটো ৰাজহুৱা হৈ পৰিছিল ।
    মণিৰাম দেৱান আৰু তেওঁৰ এজন সহযোগী পিয়লি বৰুৱাক দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ৰাজহুৱাকৈ ফাঁচী দিয়া হয় । তেওঁৰ জীৱনৰ আদৰ্শই শ শ স্বাধীনতা প্ৰয়াসী যুবক যুৱতীক অনুপ্ৰাণিত কৰিছিল ।
৩/ ফুলগুৰি ধাৱা ।
উত্তৰ :- ১৮৬১ চনত সংঘটিত হোৱা ফুলগুৰি ধাৱাক অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ হিচাপে বিবেচনা কৰা হয় । ব্ৰিটিছৰ শোষণাত্মক অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে গঢ়ি উঠা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এয়া প্ৰথমটো বিদ্ৰোহ আছিল । ব্ৰিটিছ চৰকাৰৰ আফু খেতি বন্ধ কৰাৰ আদেশটোৱেই ইয়াৰ কাৰক আছিল ।
    ব্ৰিটিছসকলে তিৱা জনজাতিৰ লোকসকলক আফিং বা কানিৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল কিয়নো তেওঁলোকে (ব্ৰিটিছে) নিজে কানি বিক্ৰী কৰিবলৈ লৈছিল ।
    এই নিষেধাজ্ঞাই তিৱা জনজাতিৰ লোকসকলক যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকে নাগাঁৱৰ ওচৰৰ ফুলগুৰি নামৰ গাঁওখনত বিদ্ৰোহ সংঘটিত কৰিছিল । বিদ্ৰোহী সকলে নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক হত্যা কৰিছিল । এই অপৰাধত বহুতো কৃষকক গ্ৰেপ্তাৰ কৰা হয় আৰু হেজাৰজনক স্থায়ী কাৰাগাৰত কেইবা মাহ বন্দী কৰি ৰখা হয় ।
৪/ লাচিমাৰ কৃষক বিদ্ৰোহ ।
উত্তৰ :- ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ অসমত সংঘটিত হোৱা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ আছিল । ১৮৯৪ চনৰ জানুৱাৰীত কামৰূপ জিলাত সংঘটিত হোৱা লচিৰাম বিদ্ৰোহ । লচিমাৰ কৃষক বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছসকলে আৰোপ কৰা বৰ্ধিত হাৰৰ ৰাজহ ।
     কৃষকসকলে খাজনা হ্ৰাস কৰিবলৈ ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিল যদিও তেওঁলোকৰ দাবী মানি নললে । ইয়াৰ ফলত কৃষকসকলে বিদ্ৰোহৰ সূত্ৰপাত কৰে । উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত । অঞ্চল টোৰ ৰাইজে অনুষ্ঠিত কৰা ৰাইজমেলত চৰকাৰে নিৰ্ধাৰণ কৰা বৰ্ধিত হাৰৰ ৰাজহ পৰিশোধ নকৰাৰ সিদ্ধান্ত ল'লে ।
       ৰাজহ সংগ্ৰহৰ বাবে যোৱা দুজন ব্যক্তিক বেয়াকৈ মাৰধৰ কৰাৰ-ফলত তাৰে এজনৰ কিছুদিন পিছত মৃত্যু হয় । পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ কৰ্তৃপক্ষই প্ৰেৰণ কৰা নগাঁৱৰ মহকুমাধিপতিয়ে ৭৫ জন লোকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় । প্ৰায় ২০০০ কৃষকে শিবিৰটো ঘেৰাও কৰাত তেওঁ বন্দীসকলক মুকলি কৰি দিয়ে ।
      এই বিদ্ৰোহৰ প্ৰধান নেতাসকল আছিল গোঁসাই দলৈ , পুষ্পৰাম কলিতা , দেৱীদত্ত শৰ্মা , জয়ন্তী বেজ , নিৰ্ভাষা কলিতা আৰু মংগলু কলিতা ।
৫/ পথৰুঘাটৰ ৰণ ।
উত্তৰ :- ব্ৰিটিছ চৰকাৰে কৃষক সকলক কৰা অৰ্থনৈতিক শোষন আৰু অত্যাধিক কৰৰোপণৰ বাবে ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ অসমত এলানি কৃষক বিদ্ৰোহৰ সূত্ৰপাত হয় । ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে , ৰঙিয়া , লচিমা আদিৰ লোকে ইতিমধ্যেই বিদ্ৰোহ ঘোষণা কৰিছিল । ১৮৯৪ চনৰ জানুৱাৰীত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল ।
       এই অঞ্চলৰ কৃষকসকলে ১৮৯৪ চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ পথৰুঘাটত তিনি দিনীয়াকৈ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰি তাত সমবেত হোৱাৰ পৰিকল্পনা কৰিছিল । জিলাধিপতিয়ে এই সম্পৰ্কে অৱগত হোৱাত তেওঁ আৰক্ষী অধীক্ষকৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ ২৭ জানুৱাৰীত পথৰুঘাটত উপস্থিত হয় ।
খাজনা নিদিয়া কৃষকৰ সম্পত্তি তেওঁলোকে বাজেয়াপ্ত কৰি আনে । এই ঘটনাত ক্ষুদ্ধ হৈ ৰাজহ সংগ্ৰহ কৰিবলৈ যোৱা আৰক্ষী অধীক্ষক বেৰিংটনক প্ৰায় ২০০ জন কৃষকে আগুৰি ধৰে । তেওঁ কোনোমতে সাৰি আহি জিৰণি শিবিৰত উপনীত হয় । লাঠি আৰু বাঁহৰ কামিৰ সজ্জিত প্ৰায় ২০০০ গৰাকী উত্তেজিত কৃষকে জিৰণি শিবিৰৰ পিনে অগ্ৰসৰ হয় ।
     সমবেত কৃষকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱাত উপায়ুক্তই বেৰিংটনক গুলীচালনা কৰিছিল নিৰ্দেশ দিয়ে । গুলীচালনাৰ ফলস্বৰূপে ১৪০ জন কৃষকৰ মৃত্যু হয় , আনহাতে ১৫০ জন কৃষক আহত হয় । অৱশ্যে চৰকাৰী হিচাপমতে ১৫ জন কৃষকৰ মৃত্যু হয় আৰু ৩৭ জন কৃষক আহত হয়  
     চৰকাৰে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিদ্ৰোহত জড়িত থকাৰ অভিযোগত বিচাৰ কৰে । আকলু শ্বেখ আৰু অন্য ছয়জনক শাস্তি প্ৰদান কৰা হয় আৰু বাকী সকলোকে মুক্তি দিয়া হয় ।
৬/ অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব ।
উত্তৰ :- ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ঌ
ব্ৰিটিছ সকলে অসমৰ প্ৰশাসনৰ দায়িত্ব লাভ কৰে । ভূখণ্ডৰ গৰাকী হোৱাৰ পাছত তেওঁলোকে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাই অসমৰ কৃষকসকলক সম্পূৰ্ণভাৱে বিধ্বস্ত কৰে ।
     তেওঁলোকে উচ্চ হাৰত ৰাজহ দাবী কৰিছিল আৰু মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল যিটো পৰিশোধ কৰাটো কৃষকসকলৰ বাবে কষ্টকৰ আছিল । ব্ৰিটিছৰ বিৰুদ্ধে সামগ্ৰিক অসন্তুষ্টিৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন অংশত এলানি কৃষক বিদ্ৰোহৰ সূচনা হয় ।
    এনে কিছুমান বিদ্ৰোহ হৈছে ফুলগুৰি ধাবা (১৮৬১) , নামনি অসমৰ বিদ্ৰোহ (১৮৯২-৯৩) , ৰঙিয়াৰ বিদ্ৰোহ (১৮৯৩-৯৪) , লচিমাৰ বিদ্ৰোহ (১৮৯৪) , পথৰুঘাটৰ বিদ্ৰোহ (১৮৯৪) ইত্যাদি । এই বিদ্ৰোহ বিলাকৰ উল্লেখযোগ্য বৈশিষ্ট্যটো এয়ে যে ---
১/ এয়া সাধাৰণ জনগণৰ বিদ্ৰোহ আছিল, অভিজাত শ্ৰেণীৰ বিদ্ৰোহ নাছিল ।
২/ দ্বিতীয়তে, ব্ৰিটিছ চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিৰুদ্ধে এই বিদ্ৰোহসমূহ সংঘটিত কৰা হৈছিল 
 ইয়াৰ ৰাজনৈতিক বা সামাজিক দিশ জড়িত হৈ থকা নাছিল, অৰ্থনৈতিক কাৰকৰ বাবেহে এই বিদ্ৰোহ সংঘটিত হৈছিল ।
     তদুপৰি , এই বিদ্ৰোসমূহে ব্ৰিটিছবিৰোধী যুঁজৰ অগ্ৰণী স্থানত সাধাৰণ জনগণৰ উত্থান দেখুৱায় । এই বিদ্ৰোহসমূহে ৰাজ্যখনত স্বাধীনতাৰ স্পৃহা বৃদ্ধি কৰে আৰু এয়া ভবিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক পটন্তৰ হৈ পৰে ।
৭/ টিকেন্দ্ৰজিৎ ।
উত্তৰ :- মণিপুৰৰ ইতিহাসৰ এক অন্যতম বিশিষ্ট ব্যক্তি হৈছে টিকেন্দ্ৰজিৎ । তেওঁ মণিপুৰ ৰাজ্যৰ সেনাপতি হিচাপে কেইবাবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ এগৰাকী প্ৰকৃত দেশভক্ত আছিল যিয়ে মণিপুৰ ৰাজ্যৰ কল্যাণৰ বাবে অৱদান আগবঢ়াইছিল ।
     সেয়ে ব্ৰিটিছৰ আশ্ৰিত ৰাজ্য মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ প্ৰয়াস কৰোঁতে তেওঁ ব্ৰিটিছসকলৰ বিৰোধিতা কৰিছিল । অৱশেষত তেওঁ ৰাজ্যখনৰ ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা হৈ পৰে । মণিপুৰে ৰাজ্য নিয়ন্ত্ৰণৰ বিষয়তে ব্ৰিটিছে তেওঁক প্ৰতিবন্ধক হিচাপে গণ্য কৰিলে ।
    সেয়ে , তেওঁক আটক কৰি নিৰ্বাসিত কৰাৰ পৰিকল্পনা তেওঁলোকে কৰিলে । কিন্ত দুৰ্ভাগ্যবশত: যেতিয়া অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু অন্য চাৰিজন বিষয়াই টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰিবলৈ আছিল , তেতিয়া স্বাধীনতাপ্ৰিয় মণিপুৰীসকলে তেওঁলোকক হত্যা কৰিছিল ।
      অৱশ্যে, পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছে টিকেন্দ্ৰজিতক আটক কৰি ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে দোষী সাব্যস্ত কৰি ৰাজহুৱাকৈ ফঁচী দিলে । শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম সাহসিকতাপূৰ্ণ দেশভক্তিৰ কাহিনী হিচাপে স্মৰণীয় হৈ ৰ'ব ।

আৰু অধিক এনেধৰণৰ প্ৰশ্নোত্তৰ অধ্যয়ন কৰিবৰ বাবে অধ্যায় সমূহ নিৰ্ধাৰণ কৰক ।
CLASS 10 COCIAL SCIENCE ANSWER 
   ইতিহাসৰ প্ৰথম খণ্ড  
৩/ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ 
CLASS 10 ASSAMESE QUESTION ANSWER 

CLASS 11 ASSAMESE QUESTION ANSWER 


Post a Comment

0 Comments