বৈচিত্ৰ্যময় অসম class 10

দ্ৰুত পাঠ (বৈচিত্ৰ্যময় অসম) Class 10 

তিৱাসকল 

১/ ভাষিক দিশৰপৰা তিৱাসকল কোনোটো থালৰ লোক ?
উত্তৰ :- ভাষিক দিশৰ পৰা এওঁলোক ইন্দো-চীন ৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ 'বডো' থালৰ লোক
২/ তিৱাসকলে তেওঁকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি ?
উত্তৰ :- খ্ৰাম (ঢোল) বাৰ, খ্ৰাম খুজুৰা, খ্ৰাম পান্থাই, দুমদিং, দগৰ, পাতিঢোল আদি চামৰাৰ বাদ্য; বাঁহৰ পাবেৰে তৈয়াৰ ৱাফাং খ্ৰাম, থকথৰৰক: মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম'হৰ শিঙৰ পেঁপা, মুহুকি আৰু খায়াং (তাল) ইত্যাদি বাদ্যযন্ত্ৰ । 
৩/ তিৱা সমাজত 'জেলা' বুলি কাক কোৱা হয় ?
উত্তৰ :- তিৱাৰ সমাজ গাঁঠনিটো পৰিয়ালৰপৰা আৰম্ভ হয় । খেলৰ প্ৰশাসনিক আৰু সামাজিক মূৰব্বীজনক ভৈয়ামত 'জেলা' বুলি কোৱা হয়  ।
৪/ তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা । 
উত্তৰ :- তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বিশেষভাৱে সমৃদ্ধ । মৰম-চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকী 'জোনবিল' মেলাখন প্ৰচীন অৰ্থনীতিৰ জীয়া দলিল । ইয়াৰ বাহিৰেও পাহাৰ অঞ্চলৰ বিভিন্ন পূজা, উৎসৱ-পাৰ্বণবোৰ হৈছে - ৱানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাণ্ঠি, লাংখন, মাই পথালা, মাই ৰাৱাৰ, খাপলাং, ৰাৱানে ফূৰা, পান্থাইচ্যৱা ইত্যাদি । আনহাতে ভৈয়াম অঞ্চলৰ উপস্থিত পাৰ্বণবোৰ হৈছে - জোনবিল মেলা, বৰত, গোঁসাই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদ । 
৫/ ফুলগুৰিৰৰ ধেৱা কি ?
উত্তৰ :- ভাৰতৰ স্বাধীনতা সংগ্ৰামত তিৱাসকলৰ বিশেষ অৱদান আছে । অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 'ফুলগুৰি  ধেঁৱা'ৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে । বিদ্ৰোহৰ অপৰাধ চোৱাবৰ লালুঙকে ধৰি বহু লোকৰ প্ৰাণ যোৱাৰ উপৰি এঘাৰজন লোক যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল ।
৬/ চমুটোকা লিখা :
(ক) ইন্দ্ৰচিং দেউৰী, (খ) বলাইৰাম সেনাপতি 
উত্তৰ :- (ক) ইন্দ্ৰচিং দেউৰী : তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি হ'ল ইন্দ্ৰচিং দেউৰী । তেখেতৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং ভিতৰুৱা অঞ্চল লংখৈপাৰ গাঁৱত ১৯৩২ চনত । মালচিং পোমা আৰু মামা আমচিৰ তেখেত আছিল তৃতীয় পুত্ৰ । ১৯৩৯ কাৰ্বিআংলং জিলাৰ বাওলাগোগ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়িয়েই অৰ্থৰ অভাৱত শিক্ষা জীৱন সামৰিব লগা হয় । ১৯৪৯ চনত ভাৰতীয় বিপ্লবী কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ পাছলৈ পাৰ্টিত যোগদান কৰি সক্ৰিয়ভাৱে কাম কৰিছিল । পাৰ্টিত থকা অৱস্থাত তেওঁ অনুভৱ কৰিছিল তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত দুৰৱস্থাৰ কথা । কিন্ত ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ তাগিদাত পৰি তেখেতে ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে তেখেতে ১৯৫৩ চনত গাৰো পাহাৰ জিলাৰ তুৰাৰপৰা চাকৰি ইস্তফা দি পুনৰ তিৱা জাতিক জাগ্ৰত কৰাৰ কামত ব্ৰতী হয় ।
     কাৰ্বিআংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসমূহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজৰ আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে অতি কষ্টেৰে ইন্দ্ৰচিং দেউৰীয়ে বিন মাছলাই, ৰবটচিং আমচি আৰু পদ্মকান্ত কাকতিকে আদি কৰি সচেতন ব্যক্তিসকলৰ সহযোগত ১৯৬০ চনত থাৰাখুঞ্জী গাঁৱত 'তিৱাচা মিচন' নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে । এই অনুষ্ঠানে তিৱা গাওঁসমূহত প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাপ্তবয়স্কসকলৰ বিদ্যালয় গঢ়ি পাঠদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । তিৱা সমাজৰ কুটীৰ শিল্পক আগবঢ়াই নিয়াৰ বাবে মিচনে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । তেতিয়াই ইন্দ্ৰচিং দেউৰীয়ে 'অ' তিৱা, অ' তিৱা ছেৰাণ চাৱা' নামে এটি জনপ্ৰিয় গীত ৰচনা কৰিছিল ।
       তিৱাচা মিচন' ৰ কাম চলি থকাৰ সময়ত 'অল পাৰ্টী হিলচ লিভাৰ কনফাৰেন্স' এ একাংশ তিৱা এলেকাক সামৰি মেঘালয় ৰাজ্য গঠনৰ দাবী উত্থাপন কৰাত ইন্দ্ৰচিং দেউৰীয়ে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয় । কাৰণ ইতিপূৰ্বে সংযুক্ত পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলা গঠনৰ সময়ত তিৱা বসতি প্ৰধান এলেকা বিভাজিত হৈছিল । তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন 'লালুং দৰবাৰ' ১৯৬৭ চনত ইন্দ্ৰসিংহ দেউৰীৰ নেতৃত্বতেই জন্ম হৈছিল ।
       ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া পোন প্ৰথম বাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত ১৯৭৬ চনত সাধাৰণ সদস্য হিচাবে মনোনীত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ উপাধ্যক্ষ হিচাবেও নিযুক্তি হৈছিল । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ১৯৮১ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত আমৰি সমষ্টিৰপৰা লালুং দৰবাৰৰহৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচিত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল । 
     ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াই তিৱা সাহিত্য সংস্কৃতিৰ ভঁড়ালকো চহকী কৰি থৈ গৈছে । তেখেতৰ বহু কবিতা, গীত বিভিন্ন আলোচনী আদিত প্ৰকাশ পাইছে । তাৰে ভিতৰতে "তিৱা তচিমা" গীতটো ইতিমধ্যে তিৱা জাতীয় সংগীত হিচাবে তিৱাসকলে গ্ৰহণ কৰিছে । এই জাতীয় সংগীতৰ সুৰ তেখেতে নিজে দিছিল ।
     ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া এজন তিৱা জাতীয় জীৱনৰ কাণ্ডাৰী আছিল । তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল । সেইবাবে পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক 'ফা পৰৈ' (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল । তিৱা জাতি জীয়াই থকালৈকে ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াও তিৱা জাতিৰ মাজত সদায় জীয়াই থাকিব । তেখেতে ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে ।
      (খ) বলাইৰাম সেনাপতি : অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী স-প্ৰতিষ্ঠিত লেখক, সংস্কৃতি সাধক হ'ল বলাইৰাম সেনাপতি । তেওঁৰ জন্ম ১৯৩১ চনৰ ৩ মাৰ্চত, নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত । তেওঁৰ পিতৃ আছিল বগাৰাম সেনাপতি আৰু মাতৃ পদ্মেশ্বৰী বৰদলৈ । বাৰপূজীয়া এল, পি, আৰু এম, ভিডিঅ, স্কুলত প্ৰথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতিয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁও গভৰ্ণমেন্ট হাইস্কুলত । ঘৰুৱা জঞ্জালৰ হেতু হাইস্কুলীয়া সমাপ্ত নকৰাকৈয়ে ডেকা বয়সত তেওঁ ১৯৫৩ চনৰ পৰা ১৯৬৩ চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল । 'মিকিৰ পাহাৰত কি ঘটিছে' নামৰ 'ৰামধেনু'ত প্ৰকাশিত প্ৰবন্ধটো লিখাৰ বাবে চৰকাৰী বিষয়াৰ ৰোষত পৰি মাথোন ১০ বছৰ কাল শিক্ষকতা কৰি বৰথল এম, ই, স্কুলৰ প্ৰধান শিক্ষকৰ চাকৰিটো এৰি ঘুৰি আহিবলগীয়া হৈছিল আৰু কৃষিকৰ্মত মনোনিবেশ কৰিছিল । বলাইৰাম গীত-মাত ম, নৃত্য-বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন । তেওঁ তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে "তিৱা কৃষ্টি সন্থা" গঠনত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল । তিৱা ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল । সেনাপতিৰ সৰহসংখ্যক সাহিত্য ৰচনা অসমীয়া ভাষাতে সৃষ্টি হৈছে । ইয়াৰ দ্বাৰা তেওঁ কেৱল তিৱা সাহিত্য সংস্কৃতিক সমৃদ্ধি কৰাই নহয় অসমীয়া সাহিত্যৰ ভঁড়ালো চহকী কৰি থৈ গৈছে । তেওঁ 'ৰামধেনু' আলোচনীত সেই সময়ত বিভিন্ন লেখা-মেলাৰ জৰিয়তে অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনৰ লগত পৰিচিত হৈ পৰে । গীতিকাৰ, সুৰকাৰ, গায়ক সেনাপতিয়ে ১৯৫৪ চনত 'মুকুল' নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে । তেওঁ ৰামধেনুত লিখা তিৱাসকলৰ 'ৰাতিসেৱা' বিষয়াক প্ৰৱন্ধই সেইসময়ত সমকালীন অসমৰ বিদ্বৎ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । সেনাপতি বহুদিন ধৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য আছিল । তেওঁ বাৰপূজীয়াত অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল । তদুপৰি তেওঁ ২০০০ চনত 'তিৱা মাথনলাই তখ্ৰা ' অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতিৰ অলংকৃত কৰিছিল । সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হ'ল 'অতীতৰ সন্ধানত' (১৯৯৭) পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত' (১৯৯৭), আৰু 'তিৱা জনগোষ্ঠীয় সংস্কৃতিৰ আলোকপাত তিৱা সমাজ আৰু সংস্কৃতি' (২০১০) এই তিনিখন গন্থ । পুস্তিকা আকাৰত প্ৰকাশ পোৱা তেওঁ প্ৰদান কৰা 'তিৱা জনজাতি আৰু বৈষ্ণৱ সমাজ' শীৰ্ষক 'অনন্তদেৱ স্মাৰক বক্তৃতা' ৰ ভাষণটোত সেনাপতিৰ চিন্তাৰ গভীৰতা আৰু সমাজ বিশ্লেষণৰ বিচক্ষণতা সুন্দৰ প্ৰকাশ পাইছে । সেনাপতিৰ মৃত্যুৰ পিছত 'বলাইৰাম সেনাপতিৰ ৰচনাসমগ্ৰ' প্ৰকাশ হয় ২০১৭ চনত । বিভিন্ন কাকত, আলোচনী, স্মৃতিগ্ৰন্থ, মুখপত্ৰত তেওঁ নিয়মিতভাৱে লেখা-মেলা কৰিছিল । তাৰ ভিতৰত ৰামধেনু, আমাৰ প্ৰতিনিধি, সাদিনীয়া অসমীয়া, নৱযুগ, ৰিংছাং, আজিৰ অসম আৰু গৰীয়সী আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি । 
     সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাবে ১৯৯১ চনত অসম চৰকাৰে তেওঁলৈ সাহিত্যক পেঞ্চন আগবঢ়ায় । ইয়াৰ উপৰিও তিৱাসমাজ সংস্কৃতিৰ একান্ত সাধক, গাৱেষক পণ্ডিত হিচাপে নগাঁও জিলা সাহিত্য সভাই ২০১১ চনত তিলক চন্দ্ৰ দেৱশৰ্মা স্মাৰক 'ড' সূৰ্য কুমাৰ ভূঁঞা বঁটা' আৰু অসমৰ লোক সংস্কৃতিৰ সাধক হিচাপে বকুল বন ন্যাস, অসমে ২০১১ চনত 'বকুল বন বঁটা' প্ৰদান কৰিছিল ।
    বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীত আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে । আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত বলাইৰাম সেনাপতি ৰচিত গীতি আলেখ্য কেইখন হৈছে --- নগাৰ নৰোত্তম গোঁসাই শ্ৰীৰাম, ফুলগুৰিৰ, তিৱা সমাজ সংস্কৃতি, হেৰুৱাই দিনৰ সুৰ আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী গীত ।
    বিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল জীৱন যাপন কৰা অল্পভাষী এইগৰাকী মহান ব্যক্তিয়ে ২০১৪ চনৰ ১১ মে'ত ইহলীলা সম্বৰণ কৰে ।

দেউৰীসকল

১/ দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল ?
উত্তৰ :- মঙ্গোলয়ড নৃ - গোষ্ঠীৰ অন্তৰ্গত দেউৰীসকল উত্তৰ পূব-দিশৰপৰা অসমলৈ প্ৰব্ৰজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশে-পাশে বাস কৰিবলৈ লয় ।
২/ দেউৰীসকলে সামাজিকভাৱে কেইটা খেলত বিভক্ত আৰু কি কি উল্লেখ কৰা ।
উত্তৰ :- দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত ডিবঙীয়া, টেঙাপনীয়া, বৰগঞাঁ আৰু পাটৰগঞাঁ ।
৩/ শদিয়াৰপৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল ? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলো বসবাস কৰি আছে ?
উত্তৰ :- শদিয়া অঞ্চলতেই দেউৰী সকল বহু বছৰ ধৰি বসবাস কৰি আছিল কালক্ৰমত সম্ভৱত প্ৰাকৃতিক দুৰ্যোগ, আন্ত:গোষ্ঠীগত যুদ্ধ-বিগ্ৰহ অথবা উৰ্বৰা কৃষি ভূমিৰ সন্ধানত এই ঠাই এৰি লুইতৰ বুকুৱেদি ভটিয়াই আহি তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত প্ৰথমে বাস কৰিবলৈ লয় আৰু তাৰপৰা পিছত বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটে । দেউৰীসকল বৰ্তমান উজনি অসমৰ ৮ খন জিলা - তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ আৰু বিশ্বনাথ জিলাৰ আছে ।
৪/ দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে ?
উত্তৰ :- দেউৰীসকল সকলে নিজেকে "জিম'চঁণায়া" বুলি চিনাকি দিয়ে ।
৫/ দেউৰী ভাষা তিৰ্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালত অন্তৰ্ভুক্ত ? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ?
উত্তৰ :- দেউৰী ভাষা মূলত: চীনা-তিৰ্বত ধৰ্মীয় ভাষা পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত । এই ভাষাটোৰ স্বকীয় কিছুমান বৈশিষ্ট আছে । ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰী ভাৱে স্বীকৃতি দিয়ে । 
৬/ দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা জাতীয় উৎসৱ উল্লেখ কৰা ।
উত্তৰ :- দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা জাতীয় উৎসৱ হ'ল-- কৃষি ভিত্তিক উৎসৱ-বিবা বচু গিবা মেচ্চু (বসন্ত আদৰণি উৎসৱ), বিহু উৎসৱ-চিগাদাগাৰেবা বিচু, 'বিচু দাবেবা মেচ্চু' , মিদি দেৰুবা মেচ্চু' (ৰাজ কেবাং) ।
৭/ দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী ?
উত্তৰ :- দেউৰীসকলে 'কুন্দি' ধৰ্মক বিশ্বাস কৰে । 'কুন্দিমামা' হ'ল তেওঁলোকৰ উপন্যাস দেৱতা । 'কুন্দি' মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু 'মামা' মানে প্ৰকৃতিক বুজাইছে । এই কুন্দিমামাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ও পালনকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে  ।

৮/ চমুটোকা লিখা 
(ক) ভীমবৰ দেউৰী             (খ) ৰাধাকান্ত দেউৰী 
(গ) বৰ্গৰাম দেউৰী              (ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী 
উত্তৰ :- (ক) ভীমবৰ দেউৰী : - বৃহত্তৰ অসমৰ ক্ষুদ্ৰ পৰিসৰত এক প্ৰচেষ্টাৰ আৱৰ্ত্তত থাকি অসমৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে যুঁজ দি জীৱন পাত কৰা বিৰল ব্যক্তিত্বৰ চানেকি জননেতা ভীমবৰ দেউৰী । উজনি এচুকত জন্ম গ্ৰহণ কৰি অবিভক্ত অসমৰ ইমূৰৰপৰা সিমূৰলৈ সকলো জনগোষ্ঠীৰ মাজত নিজকে বিলীন কৰি অসমৰ জাতীয় সত্ত্বাক প্ৰতিষ্ঠা কৰিবলৈ ভীমবৰ দেউৰী উঠি পৰি লাগিছিল । জনগোষ্ঠীৰ মাজেৰে এজন হৈ সকলো জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ বাবে অহৰহ কাম কৰি যাওঁতে যোৱা ভীমবৰ দেউৰীক অসমৰ প্ৰথমজনা প্ৰধান মন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ভীমবৰ দেউৰীক 'জননেতা' আখ্যাৰে বিভূষিত কৰিছিল । 
      ১৯০৩ চনৰ মে' মাহৰ ১৬ তাৰিখ আৰু অসমীয়াৰ জেঠ মাহৰ ৩ তাৰিখে ভীমবৰ দেউৰীৰ জন্ম হয় । পিতৃৰ নাম গদৰাম (গদৰা) দেউৰী মাতৃৰ নাম বাজতী দেউৰী (বাজং) দেউৰী আছিল ।
     শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলৰ বৰগঞা দেউৰী গাঁৱত । (বৰ্তমান উক্ত গাঁওখন ব্ৰহ্মপুত্ৰৰ) পিছত বাম ৰজাবাৰী গাঁৱত স্থায়ী বাসস্থান লয় । পিতৃৰ পূৰ্বৰ বাসস্থান শদিয়াত আছিল । বুলি শুনা যায় । 
    ১৯০৮ চনত ৫৭ নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ হয় । ১৯১৩ চনত প্ৰাথমিক বিদ্যালয়ৰ শেষান্ত পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰতেই প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয় । ১৯১৮ চনত শিৱসাগৰ চৰকাৰী এম, ভি, স্কুলৰপৰা এম, ভিডিঅ, পাছ কৰি মামে চাৰিশটকীয়া বৃত্তি অৰ্জন কৰে ।
   ১৯২৫ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা এন্ট্ৰেন্স পৰীক্ষাত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হয় । 
   ১৯২৫ চনৰ ১৪ জুলাইত কটন কলেজত নাম ভৰ্তি কৰে কটন কলেজৰপৰা ১৯২৭ চনত প্ৰথম বিভাগত আই, এ, পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯২৯ চনত একে কলেজৰ পৰাই অৰ্থনৈতি বিষয়ক প্ৰধান বিষয় হিচাপে লৈ দ্বিতীয় শ্ৰেণীৰ সন্মানসহ বি, এ পাছ কৰে । ১৯৩১ চনত কলিকতাৰপৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বি, এয়, হয় । একে সময়তে প্ৰেচিডেন্সি কলেজত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰে । অৰ্থৰ অসুবিধাৰ কাৰণে পৰীক্ষা নিদিয়াকৈ চাকৰি কৰাৰ ইচ্ছাৰে অসমলৈ ঘূৰি আহে । ১৯৩২ চনত অসম অসামৰিক সেৱা পৰীক্ষা কৃতকাৰ্য হয় যদিও স্বতন্ত্ৰভাৱে ওকালতি কৰিবলৈ লয় । ওকালতি ব্যৱসায়ে ভীমবৰৰ ৰাজহুৱা জীৱন উন্মক্ত কৰে । 
     ১৯৩২ চনত ডিব্ৰুগড় আদালতত ওকালতি আৰম্ভ কৰে । ১৯৩৩ চনত ভীমবৰ দেউৰীয়ে উদ্যোগ লৈ দেউৰী, সোণোৱাল কছাৰী, মটক, মিছিং, বডো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্য ১৭/০৪/১৯৩৩ তাৰিখে নাগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিবেশন অনুষ্ঠিত কৰি Assam Bacward Plains Tribal League চমুকৈ ট্ৰাইবেল লীগৰ জন্ম দিয়ে । এই অধিবেশনত ভীমবৰ দেউৰীয়ে সভাত উদাও ভাষণ দিয়ে । ভীমবৰ দেউৰীৰ যুক্তিপূৰ্ণ এই সভাতে ভীমবৰ দেউৰী সৰ্বসন্মতিক্ৰমে সাধাৰণ সম্পাদক নিৰ্বাচিত হয় । ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিত অসম বিধান সভাৰ ১০৮ খন আসনৰ মাজত ৪ খন আসন অনগ্ৰসৰ ভৈয়ামৰ জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হয় ।
     ১৯৩৮ চনত ভীমবৰ দেউৰীক ডিব্ৰুগড় স্থানীয় মণ্ডলৰ এজন মনোনীত সদস্য হিচাপে ৰাজ্যপালে নিযুক্তি দিয়ে । ১৯৩৯ চনত অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থাৎ অসম বিধান পৰিষদৰ সদস্য পদত মনোনীত সদস্য হিচাপে মনোনীত কৰে ।
    ভীমবৰ দেউৰীক বিবাহ : ১৯৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত মন্ত্ৰী ৰূপ নাথ ব্ৰহ্মৰ কন্যা কমলৱতী ব্ৰহ্মৰ লগত ভীমবৰ দেউৰীৰ ব্ৰহ্মধৰ্ম মতে কোকৰাঝাৰ বাঁশবাৰী গাঁৱত বিবাহ সম্পন্ন হয় । ১৯৪৫ চনত নবেম্বৰ মাহত শ্বিলঙত এই জনগোষ্ঠীসমূহৰ প্ৰতিনিধিৰে বহা অধিবেশনত "আচাম ট্ৰাইবেল এণ্ড ৰেছেচ ফেডাৰেচন"ৰ জন্ম হয় । ইয়াৰ প্ৰধান গুৰি ধৰোঁতা আছিল ভীমবৰ দেউৰী । ১৯৪৬ চনত উচ্চ পৰিষদৰ সদস্য পদৰ ম্যাদ শেষ হোৱাত ৰাজ্যপালে পুনৰ তেওঁক সদস্য (M.L.A) হিচাপে দ্বিতীয়বাৰৰ বাবে মনোনীত কৰে । ১৯৪৬ চনত চৰ্দাৰ পেটেলৰ উপদেশ ক্ৰমে ভীমবৰ দেউৰীক বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰি হিচাপে গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভাৰ সদস্য কৰা হয় । ১৯৪৭ চনত ভীমবৰ দেউৰীয়ে ভাইচৰয় লৰ্ড ওৱাডেলক লগ ধৰি সমষ্টি গঠন, পাকিস্তানত অসমক চামিলকৰণ, সুকীয়া যুটীয়া নিৰ্বাচন আদি বিষয়ত ট্ৰাইবেল লীগৰ সুস্পষ্ট মতামত জানিবলৈ দিছিল আৰু অসমক যে কোনো কাৰনতেই পাকিস্তানৰ লগত চামিল কৰিবলৈ দিয়া নহ'ব সেইটো তেওঁ স্পষ্ট কৰি দিছিল ।
      ১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতিয় জনগোষ্ঠীৰেই নহয়, অসম আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল । 
      দেশখনত বহিৰাগত প্ৰবজন ৰোধ, প্ৰাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি-জনগোষ্টীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা, কেন্দ্ৰৰপৰা ৰাজ্যসমূহলৈ অধিক ক্ষমতা বিকেন্দ্ৰীকৰণ, স্বায়ত্ত শাসন, বিধান পৰিষদ গঠন, সকলো প্ৰদৰ্শনৰ যোগেদি ৰাজনৈতিক, সামাজিক জীৱন পৰিচালিত কৰিছিল ।
        তেওঁ ১৯৪৭ চনৰ ৩০ নবেম্বৰত ৪৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ পত্নী কমলাৱতী দেউৰীৰ দেউৰীৰ পুত্ৰ ক্ৰমে পীতাম্বৰ দেউৰী, পৃথ্বীবৰ দেউৰী, ইন্দিবৰ দেউৰী আৰু কন্যা ভাৰতী দেউৰীক এৰি যায় ।  

       (খ) ৰাধাকান্ত দেউৰী : - স্বৰ্গীয় ৰাধাকান্ত দেউৰীৰ জন্ম হৈছিল ১৯৩১ চনৰ জুন মাহৰ ১তাৰিখে লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত । তেখেতৰ পিতৃৰ নাম আছিল আদিচন দেউৰীৰ আৰু মাতৃৰ নাম তাইৰ দেউৰী । পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ ৰাধা কান্ত দেউৰীৰ তিনিগৰীকী বাই-ভনী আছিল । সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত থাকি ডাঙৰ-দীঘল হোৱা দেউৰীদেৱৰ ঘৰৰ অৱস্থা বিশেষ ভাল নাছিল । দেউতাকৰ অৱস্থাৰ প্ৰতি জানি শুনি নামভৰ্তি নকৰোৱাকৈ নিজে লোকৰপৰা কিতাপ, ফলি খুজি গাঁৱৰ ১১ নং মৰনৈ প্ৰাথমিক বিদ্যালয়ত ১৯৪২ চনত শিক্ষা জীৱন আৰম্ভ কৰিছিল । কষ্টৰ মাজেৰে পঢ়াত মনোযোগ দি সুখ্যাতিৰে মেট্ৰিক পাছ কৰি যোৰহাটৰ জে, বি, কলেজত কলেজীয়া জীৱন আৰম্ভ কৰে ১৯৫৮ চনত বি, এ, ডিগ্ৰী লাভ কৰে । ১৯৫৯ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে মকৰল হয় । যোৰহাটলৈ আহি বি, টি, পাছ কৰে । ১৯৮৫ তেখেতে শদিয়াৰ চপাখোৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ-শিক্ষক হিচাবে যোগদান কৰে । তাতো বেছি দিন শিক্ষকতা নকৰি ১৯৮৬ চনত একে পদতে লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি সলনি কৰি শিক্ষকতা জীৱন স্থিৰভাৱে চম্ভালিবলৈ লয় ।
       জনগোষ্ঠী তথা অসমীয়া ভাষা সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম । তেখেত এজন স্বল্পভাষী তথা দেউৰী ভাষা সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল । বিভিন্ন কাগজে-পত্ৰই, আলোচনী আদিত তেখেতৰ লেখনি সিচঁৰিত হৈ আছে । দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰীদেৱৰ অমূল্য গ্ৰন্থসমূহ দেউৰী চ্চবিঁব ' (দেউৰী অভিধান), চ্চিবাঁ জিমচাঁয়া চ্চবিঁব (আধুনিক দেউৰী শব্দকোষ) দুখন প্ৰধান, ইয়াৰে দ্বিতীয়খন গ্ৰন্থ ত্রি-ভাষিক (দেউৰী, অসমীয়া, ইংৰাজী) । এইখন পূৰ্ণাঙ্গ দেউৰী ভাষাৰ অভিধান । "দেউৰী শব্দ সম্ভাৰ" তেখেতৰ অন্যতম সংযোজিত পুথি ।

     (গ) বৰ্গৰাম দেউৰী :- লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱৰ নিবাসী বৰ্গৰাম দেউৰী ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে জন্ম গ্ৰহণ কৰে । ১৯৪৪ চনত বাঁহগড়া দেউৰী এল, পি, স্কুলত নাম ভৰ্তি কৰে । ১৯৪৯ চনত খ'ৰা এম, ই, স্কুলত  শিক্ষা গ্ৰহণ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হয় । মেট্ৰিক পাছ কৰি বৰ্গৰাম দেউৰীয়ে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি, এ, চি পাছ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিষয়ত নাম ভৰ্তি কৰে আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তো অধ্যয়ন কৰে । তেখেতে এম, এ, চি আৰু এল, এল, বি, একে সময়তে সুখ্যাতিৰে পাছ কৰি পিছত পাঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওপেথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেখেতে সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে ।
    বৰ্গৰাম দেউৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে কামৰূপ একাডেমী বিদ্যালয়ত শিক্ষকতা কৰিছিল । ১৯৭১ চনত লক্ষীমপুৰ বাৰত যোগদান কৰি ওকালতি জীৱন আৰম্ভ কৰে । এই সময়ছোৱাতে তেখেতে মণিপুৰ কলেজত প্ৰবক্তা হিচাবে যোগদান কৰিছিল । যদিও তাত ভাল নলগাত উভতি আহি পুনৰ লক্ষীমপুৰত ওকালতি আৰম্ভ কৰে । অবিভক্ত লক্ষীমপুৰ জিলাৰ ধেমাজি চিৰিপানী দেউৰী গাঁৱত ১৯৭১ চনত অনুষ্ঠিত হোৱা দেউৰী সন্মিলনৰ সভাত তেখেতক পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত কৰে । 
       ১৯৭৮ চনত বঙ্গালমৰা গাঁও পঞ্চায়তৰপৰা কাউন্সিলাৰ হিচাবে নিৰ্বাচিত হয় । ১৯৮৩ চনত অসম বিধান সভালৈ বিহপুৰীয়া সমষ্টিৰপৰা তেখেতে প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় । ১৯৯১ চনত পুনৰ তেখেতে বিহপুৰীয়া সমষ্টিৰপৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ উপৰিও ৰেচম আৰু হস্ততাঁত ও বয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰে । 
      বৰ্গৰাম দেউৰী মন্ত্ৰী হৈ থাকোঁতেই অসমৰ জনজাতিসকলৰ জনজাতি জিৰণি চ'ৰা আৰু আকাশী হোষ্টেল আদি নিৰ্মান কৰাৰ উপৰিও বাহগড়া দেউৰী গাঁৱৰ মিনি হাস্পাতাল আৰু ভেটেনেৰী হাস্পাতাল দুখন নিৰ্মাণ কৰা হয় । দেউৰী ভাষাক দেউৰী ভাষা হিচাবে স্বীকৃতি প্ৰদান আৰু দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাত বৰ্গৰাম দেউৰীৰ অৱদান আছিল উল্লেখনীয় । তেখেত ২০০৪ চনত হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত মৃত্যু বৰণ কৰে । ভীমবৰ দেউৰীৰ পিছত বৰ্গৰাম দেউৰী আছিল জনগোষ্ঠীৰ দ্বিতীয়জন ৰাজনৈতিক তথা অসম চৰকাৰৰ মন্ত্ৰী ।

        (ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী :- চন্দ্ৰ সিং দেউৰী খেলা-ধূলা, লোক-শিল্পী আৰু দেউৰী লেখক হিচাপে জীয়াই আছে । দেউৰী জনগোষ্ঠীৰ মাজত এক সুকীয়া পৰিচয় আছে । ১৯২৭ চনৰ ২৮ এপ্ৰিলৰ ঔৰষত গোপাল দেউৰীৰ আতবা দেউৰীৰ গৰ্ভত উপৰ দেউৰী গাঁও, যোৰহাটত তেওঁৰ জন্ম হৈছিল । দেউৰী এল, পি, স্কুলৰপৰা প্ৰাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ যোৰহাট পলিটেকনিক হাইস্কুলৰপৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হয় । পিচত তেওঁ ১৯৬২ চনত কলা শাখাত নাম লগাই ছিলং কলেজৰপৰা কৰ্মজীৱনৰ মাজতে আই, অ, পৰীক্ষাত উত্তীৰ্ণ হয় । 
      ১৯৫৫ চনৰ এক অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি ও জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মাৰ্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰপৰা অৱসৰ লয় । 
     ১৯৫৯ চনৰ দিল্লি গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক-গীত আৰু লোক-নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও ১৯৫৯ চনৰপৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোক-গীত পৰিবেশন কৰে । লেখক হিচাপে তেওঁ ১৯০৩ চনৰপৰা একে লেঠাৰিয়ে-১) আৰাও - ১৮০৩ চন, ২) আৰ্চিয় ইবাঁ -২০১৪ চন, ৩) আমিৰিয়া ইবাঁ ২০১৩ চন, ৪) বিচু-২০১৫ চন, ৫) হিচৰি-২০১৬ চন, ৬) দেউৰী জনজীৱন ২০১৬ চনত নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ায়  ।

অসমৰ নেপালীভাষী গোৰ্খাসকল 

১/ নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষঠীয় লোকৰ সংমিশ্ৰণ ?
উত্তৰ :- আৰ্য-ঙ্গোল-কিৰাতৰ সংমিশ্ৰণ ।
২/ লাল মোহৰীয়া পাণ্ডা' বলি ক'লে কি বুজা ?
উত্তৰ :- প্ৰাচীন ধৰ্মগ্ৰন্থৰ মতে কামাখ্যা মন্দিৰৰ নিৰ্মাতা আৰু প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকে বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ কামাখ্যা মন্দিৰত পূজা কৰিবলৈ নেপালৰপৰা পূজাৰী আনিছিল । পিছলৈ তেওঁলোক কামাখ্যা মন্দিৰত 'লালমোহৰীয়া পাণ্ডা' হিচাপে খ্যাত হৈ পৰিল ।
৩/ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা । 
উত্তৰ :- ছবিলাল উপাধ্যায় ।
৪/ ট্ৰাইবেল বেল্ট এণ্ড ব্লক'ত নেপালীভাষী লোকসকলে কেতিয়া 'সংৰক্ষিত শ্ৰেণী'ৰ মৰ্যাদা পাইছিল ?
উত্তৰ :- গোপীনাথ বৰদলৈদেৱৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত গঠন হোৱা 'ট্ৰাইবেল বেল্ট আৰু ব্লক'ত পেপালীভাষী সকলেও অন্যান্য জাতিৰ দৰে 'সংৰক্ষিত' শ্ৰেণীৰ মৰ্যাদা পাইছিল ।
৫/ ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক'ত ক'ত সত্র স্হাপন কৰিছিল ?
উত্তৰ :- ৰতিকান্ত উপাধ্যায় পোন্ধৰ শতিকাৰ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য আছিল । নেপালী ব্ৰাহ্মণ ৰতিকান্ত উপাধ্যায়ে বৰ্তমান টিয়ক আৰু নগাঁৱত 'নেপালী সত্র' স্হাপন কৰিছিল ।
৬/ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি ?
উত্তৰ :- গোৰ্খা জনগোষ্ঠীৰ লোকসকলে গোটেই বছৰজুৰি বিভিন্ন উৎসৱ-পাৰ্বণ পালন কৰে । মহিলাসকলে পালন কৰা 'তীজ' , পাৰিবাৰিক সম্বদ্ধ নিকপকপীয়া কৰা উৎসৱ 'বড়া দশৈ' আৰু ভাতৃভগ্নীৰ প্ৰেমৰ উৎসৱ 'তিহাৰ' এই উৎসৱবোৰৰ অন্যতম । 
৭/ জম্বুদ্বীপে, আৰ্যাৱৰ্তে, ভাৰতবৰ্ষে, অসম প্ৰান্তে' বোলা কথাষাৰৰ তাৎপৰ্য কি ?
উত্তৰ :- অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃশ্ৰাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি 'জম্বুদ্বীপে, আৰ্যৱৰ্তে, ভাৰতবৰ্ষে, অসম প্ৰান্তে' বুলি কয় ।
৮/ সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্ঠি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল ?
উত্তৰ :- ব্ৰিটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত হোৱা সুগৌলী সন্ধিৰ মতে, নেপালৰ নাগৰিকৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ ভাৰতত বিলীন হয় ।
৯/ ভাৰতৰ স্বাধীনতা সংগ্ৰামত ছবিলাল উপাধ্যায়ৰ অৱদানৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰ :- ১৮৮২ চনৰ ১২ মে ৰ দিনা বৰ্তমানৰ বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত কাশীনাথ উপাধ্যায়ৰ ঔৰষত জন্ম গ্ৰহণ কৰা ছবিলাল উপাধ্যায়ৰ আনুষ্ঠানিক শিক্ষা মাধ্যমিক পৰ্যায়তে সীমিত আছিল । কিন্ত তেওঁ আনুষ্ঠানিক অধ্যয়নৰ বলত আৰু চন্দ্ৰনাথ শৰ্মা, ঘনশ্যাম বৰুৱা, লোকনায়ক অমিয়া কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল । তৎকালীন ব্ৰিটিছ চৰকাৰে কাজিৰঙাৰ আশেপাশে থকা গোৰ্খা আৰু মিচিং লোকৰ গৰু-ম'হৰ খুটি উচ্ছেদৰ প্ৰস্তুতি চলায় । ছবিলাল উপাধ্যায়ে ১৯১৯৯ চনত তেজপুৰত অনুষ্ঠিত 'অসম এছোচিয়েচন'ৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰে আৰু প্ৰস্তাৱটো গৃহীত হয় । 'অসম এছোচিয়েচন'ৰ লগত যুক্ত 'ছবিলাল বাবু'ৰ ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্ৰিলৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা সভাত 'অসম এছোচিয়েচন'ক অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয় । ছবিলাল বাবু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হয় । কংগ্ৰেছত যোগদান কৰা বাবে উপাধ্যায়ক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে । সেয়ে তেওঁ ১৯২১ চনত বোম্বেত (বৰ্তমান মুম্বাই) অনুষ্ঠিত সৰ্বভাৰীয় কংগ্ৰেছ অধিবেশনলৈ যাব নোৱাৰিলে । মহাত্মা গান্ধী অসমলৈ আহিছিল ১৯২১ চনত । গান্ধীৰ আগমনৰ আগে আগে ব্ৰিটিছে অসমৰ কংগ্ৰেছৰ নেতাসকলক স্বাধীনতা আন্দোলনৰপৰা আঁতৰাই আনিবলৈ নানা প্ৰলোভন দিছিল । ছবিলালকো মৌজাদাৰ, কাউন্সিলাৰ, বৰলাট আদি লোভনীয় পদ যাচিছিল । তেওঁ এই সকলোবোৰ প্ৰত্যাখ্যান কৰি গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱী ৰূপে জপিয়াই পৰিল আৰু ছমাহ কাৰাবাস খাটিলে । জেপৰপৰা ওলাই আহি তেওঁ বিদেশী বস্ত বৰ্জন কাৰ্যসূচীত সহযোগ কৰে আৰু প্ৰথমে নিজৰ ঘৰত থকা বিদেশী বস্তু জ্বলাই । তেওঁ স্হানীয় ভাবে স্বদেশী বিদ্যালয় স্থাপনত আগভাগ লয় । ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰপৰা তেওঁক আঁতৰাই ৰাখিবলৈ ব্ৰিটিছে আকৌ প্ৰলোভন দিয়ে । কিন্ত উপাধ্যায়ে এই সকলো নস্যাৎ কৰে আৰু অসমক 'চি' গ্ৰুপৰ অন্তভূৰ্ক্ত কৰা চক্ৰান্তৰ তীব্ৰ বিৰোধিতা কৰে আৰু তেওঁৰ নেতৃত্বত 'অখিল ভাৰতীয় গোৰ্খা লিগ'ৰ আহ্বানত তেজপুৰত ৩০ হাজাৰ নেপালীভাষী লোকক সমবেত কৰে জিন্নাৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰে ।
১০/ হৰিপ্ৰসাদ গোৰ্খা ৰাইৰ সাহিত্যক অৱদানৰ বিষয়ে ব্যাখ্যা কৰা ।
উত্তৰ :- নাগালেণ্ডৰ ৰাজধানী ক'হিমাত ধনৰাজ ৰাই আৰু যশোদা ৰাইৰ সন্তান ৰূপে ১৯১৫ চনৰ ১৫ মাৰ্চত জন্মগ্ৰহণ কৰা হৰিপ্ৰসাদ ৰাইয়ে পিচত নিজকে হৰিপ্ৰসাদ গোৰ্খা ৰাই হিচাপে চিনাকি দিছিল । আৱাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গোৰ্খা ৰাইয়ে ধনবাহাদুৰ সোনাৰ আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগত লগ লাগি সাহিত্য চৰ্চাত আত্মনিয়োগ কৰে । এই ত্ৰিমূৰ্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিছিল আৰু অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত ব্ৰতী হৈছিল । অহম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খোজ পেলোৱা 'গোৰ্খা' ৰাইয়ে ধনবাহাদুৰ সোনাৰ তথা গোবিন্দ চন্দ্ৰ পৈৰাৰ সহযোগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰে । পৰাধীন ভাৰতত জাতীয় চেতনা আৰু জাগৰণৰ বাবে সাহিত্য চৰ্চাক মাধ্যম হিচাপে লোৱা ব্যক্তিসকলৰ ভিতৰত গোৰ্খা ৰাইয়ো অন্যতম । সমালোচক গোবিন্দ প্ৰসাদ অধিকাৰীৰ মতে গোৰ্খা ৰাইয়ে ১৯৩৫ চনত অসমীয়া ভাষাত ৰাজনৈতিক প্ৰবন্ধ লিখিছিল । অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য ৰচনা কৰা গোৰ্খা ৰাই সঁচা অৰ্থতে সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক আছিল । তেওঁৰ গল্পবোৰত পাহাৰৰ জনজাতীয় আৰু অজনজাতিয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্ৰ ফুটি উঠা দেখা যায় । দৰাচলতে হৰিপ্ৰসাদ ৰাইৰ নামৰ লগত গোৰ্খ শব্দ সংযোজনৰ আঁৰৰ মানুহগৰাকী আছিল প্ৰখ্যাত সাহিত্যিক মিত্ৰদেৱ মহন্ত । শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰা গোৰ্খা ৰাইয়ে পিছলৈ আকাশবাণীত সেৱা আগবঢ়াই নেপালী আৰু অসমীয়া সাহিত্যৰ সেৱা কৰি গৈছিল । 
      ৰাইয়ে কেইবাখনো অভিধান ৰচনা কৰিছিল, যেনে -
(ক) মিকিৰ শব্দকোষ (১৯৭৪-৭৬) 
(খ) পুমেইতাঙখুল শব্দকোষ (১৯৭৪-৭৬) 
(গ) মাৰাম শব্দকোষ (১৯৭৪-৭৬)
(ঘ) মেইৰিঙ শব্দকোষ (১৯৭৪-৭৬) 
(ঙ) অসমীয়া শব্দকোষ (১৯৭৪-৭৬) 
(চ) নেপালী শব্দকোষ (১৯৭৪-৭৬) 
       ইয়াৰোপৰি, তেওঁ নেপালী ভাষাত সৃষ্টি কৰা পুথিসমূহ হ'ল 
১) বাবৰী (কবিতা সংকলন, ১৯৭৪)
২) মনটৰিকো বোলী (কবিতা সংকলন, ১৯৭৭) 
৩) য়হা বদনাম হুঞ্চ (গল্প পংকলন ১৯৭৪ ইত্যাদি ।
১১/ দলবীৰ সিং লোহাৰৰ পৰিহাৰৰ পৰিচয় দিয়া আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁ কেনেদৰে জড়িত আছিল ব্যাখ্যা কৰা ।
উত্তৰ :- দলবীৰ সিং লোহাৰৰ জন্ম ১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ খলিহামাৰীত । পিতৃৰ নাম অনতৰাম লোহাৰ । ১৫ বছৰ বয়সতে লোহাৰে জাতীয় আন্দোলনত স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰে আৰু ১৯৩০ চনত কৰাচীৰ অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে । লোহাৰে ১৯৩০ চনত কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা কৰি তিনি মাহ কাৰাবাস খাটে । নিৰ্ভীক আৰু স্বাধীনতা প্ৰিয় লোহাৰে ব্ৰিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰি পুনৰ ১৯৩১-৩২ চনত ছমাহ কাৰাবাস খাটিছিল খাটিবলগীয়া হয় । অস্পৃশ্যতা দূৰীকৰণত তেওঁ সক্ৰিয় ভূমিকা লৈছিল আৰু সেৱাদল গঠনত আগভাগ লৈছিল । তেওঁ শ্ৰমিক আন্দোলনৰ নেতা আছিল আৰু ট্ৰেড ইউনিয়ন গঠনত নিজকে মনোনিৱেশ কৰিছিল । তেওঁ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰা কাৰ্যৰ বিৰোধিতা কৰা বাবে ঘৰৰপৰা বিতাড়িত হ'বলগীয়া হৈছিল আৰু তেওঁক কেৱল গোৱালপাৰা জিলাতহে থাকিবলৈ অনুমতি দিয়া হৈছিল । এসময়ত লোহাৰ গোৱালপাৰাৰ পৰা সংগোপনে কলগছৰ ভূৰেৰে ব্ৰহ্মপুত্ৰয়েদি উজাই আহি ঘৰ পাইছিল । ১৯৪৬ চনত দলবীৰ সিং লোহাৰ শ্ৰমিক আৰু পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰা বিধান সভালৈ বিৰ্বাচিত হয় । দলবীৰ সিং লোহাৰেই হৈছে অসমৰ নেপালীভাষী প্ৰথম বিধায়ক । ১৯ জুলাই ১৯৬৯ চনত তেওঁ মৃত্যুবৰণ কৰে ।

বড়োসকল 

১/ বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তভূৰ্ক্ত ।
উত্তৰ :- বড়ো ভাষা হৈছে চীন তিব্বত বৰ্মীয় ঠালৰ ভাষা ।
২/ বড়োভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ?
উত্তৰ :- ১৯৬৩ চনত ।
৩/ বড়োভাষাৰ প্ৰথম গ্ৰন্থখন কি ?
উত্তৰ :- বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ হৈছে গংগাচৰণ কছাৰীৰ বড়ো ফিছা ও আইন (১৯১৫) 
৪/ বড়োসকল পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটামান চানেকিৰ নাম উল্লেখ কৰা ।
উত্তৰ :- বড়ো মহিলাসকলে কাপোৰত তোলা ফুলবোৰ হৈছে-দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখ্ৰেব, থাইগিব বিবাৰ হাজৌ আগৰ ইত্যাদি । 
৫/ চমুটোকা লিখা 
(ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী, (খ) শোভা ব্ৰহ্ম, (গ) বীৰেশ্বৰ ব্ৰহ্ম
উত্তৰ :- (ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী :- নৃত্য শিল্পী ওস্তাদ কমিনি কুমাৰ নাৰ্জাৰী নিস্বাৰ্থ আৰু অশেষ প্ৰচেষ্টাত বড়ো নৃত্য ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্টীয় পৰ্যায়লৈ উন্নত হয় । তেওঁ ১৯২৬ চনত বৰ্তমান গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখ্যটা অঞ্চলৰ বামুনকুৰা গাঁৱত জন্ম গ্ৰহণ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল বজাৰাম নাৰ্জাৰী আৰু মাতৃৰ নাম আছিল থাংগালী নাৰ্জাৰী 
     ইং ১৯৫৫ চনত দিল্লীত হোৱা অল ইণ্ডিয়া ৰেডিঅ'ৰ মুকলি প্ৰদৰ্শনী অনুষ্ঠানত তেওঁ অংশ গ্ৰহণ কৰি বিবাহ গীত পৰিবেশন কৰিছিল । এই অনুষ্ঠানৰ পৰা উভতি আহিয়েই ওস্তাদ কামিনিয়ে বড়ো সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিনত কাম কৰিবলৈ লয় । 
    ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসত ওস্তাদ কামিনি কুমাৰ নাৰ্জাৰীয়ে এটি সাংস্কৃতিক দল লৈ অংশ গ্ৰহণ কৰে । ২৭ জানুৱাৰী অনুষ্ঠিত হোৱা বড়ো কৃষ্টি দলে বাগুৰুমবা নৃত্য পৰিবেশন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰে ।
       ইং ১৯৯২ চনত এছিয়া মেলা ১৩ত অংশ গ্ৰহণ কৰি বড়ো নাছিনা নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰপৰা ভূয়শী প্ৰংশাসি লাভ কৰিছিল । ইং ১৯৭৬ চনত গুৱাহাটীত হোৱা ভাৰত-ছভিয়েট মন্ত্ৰী সন্মিলনত বড়ো কৃষ্টি প্ৰদৰ্শন কৰে । ইয়াৰ উপৰিও নাৰ্জাৰীৰ দৰে ইং ১৯৮২ চনৰ জুলাই তাৰিখে গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা 'জনজাতি লোক-নৃত্য প্ৰদৰ্শনী' অনুষ্ঠানত তেওঁৰ কৃষ্টি দলে অংশ গ্ৰহণ কৰে ।
      ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে ১৯৮২ চনত "সংগীত নাটক একাডেমী" লাভ কৰিছিল । তেওঁৰ প্ৰচেষ্টাতেই বড়ো সংস্কৃতিয়ে ৰাষ্টীয় পৰ্যায়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ল । এই মহান শিল্পীজনে ১৯৯৮ চনৰ ১৬ মে তাৰিখে ইহলীলা সম্বৰণ কৰে । 

      (খ) শোভা ব্ৰহ্ম :- ড০ শোভা ব্ৰহ্ম ভাৰতৰ এজন প্ৰখ্যাত ভাস্কৰ্যবিদ আৰু অসমৰ কলা জগতৰ পথ প্ৰদৰ্শক । তেওঁৰ সৃষ্টিৰাজিয়ে বড়ো আৰু অসমীয়া সমাজৰ প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰিছে । এই মহান শিল্পী গৰাকী ইং ১৯২৮ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ ভূমকা নামৰ এখন পিছপৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্ৰহ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্ৰী ব্ৰহ্ম । 
       ড০ ব্ৰহ্মই নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল । ইয়াৰ পিছত ধুবুৰীৰ ছাপটগ্ৰাম হাইস্কুলৰপৰা ১৯৫০ চনত বুৰঞ্জী বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গুৱাহাটী মহাবিদ্যালয়ত নাম ভৰ্তিকৰে । ব্ৰহ্মদেৱ সৰুৰেপৰাই এজন চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী হোৱাৰ সপোন দেখিছিল । 
      ললিত কলাৰত্ন ড০ শোভা  ব্ৰহ্মদেৱে ১৯৫০ চনত কবি গুৰু ৰবীন্দ্ৰ নাথ নাথ ঠাকুৰে স্থাপন কৰা কলিতাস্থিত শক্তি নিকেতনত নাম ভৰ্তি কৰে আৰু ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্ৰী লৈ অসমলৈ উভতি আহে ।
     তাৰিণী চৰণ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে । তেওঁৰ সৃষ্টিশীল জীৱনৰ দুটা লক্ষ্য  
আছিল । প্ৰথমটো হৈছে অসমত চাৰু কলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা, দ্বিতীয়টো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্টীৰ কৃষ্টি-কলা, জন জীৱন অধ্যন কৰি এক ন-ৰূপে সুসজ্জিত কৰি গঢ়ি তোলাৰ মন সদায় পুহি ৰাখিছিল । দৰিদ্ৰতা আৰু চৰম অৰ্থ অভাৱ-স্বত্তেও তেওঁ শিল্প ধাৰাৰ সৃষ্টিৰ যি নিৰলস প্ৰচেষ্টা ই কেতিয়াও থমকি ৰোৱা নাছিল । ১৯৬৪ চনৰ ৩১ জানুৱাৰী তাৰিখে বৰ্তমানৰ চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে তেওঁ নিযুক্তি লাভ কৰে । এই মহাবিদ্যালয়খনৰ চৰকাৰীকৰণ কৰাৰপৰা কলেজ পৰ্যায়লৈ নিবৰ বাবে অশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল । আনকি তেওঁ ইয়াৰ বাবে নিজৰ জীৱনত বহুতো সংঘাতপূৰ্ণ সময় অতিবাহিত কৰিবলগীয়া হৈছিল । মাজে সময়ে বহু মন্ত্ৰী বিধায়ক, বিষয়া কৰ্মচাৰীৰ ওচৰলৈ গৈ নিজৰ তিক্ত অভিজ্ঞতাৰে বিষন্ন মনেৰে ঘৰমুৱা হবলগীয়া হৈছিল । তথাপি তেওঁৰ মন বিচলিত হোৱা নাছিল । কোনো ক্ষোভ নাছিল । ড০ শোভা ব্ৰহ্মদেৱে কিবা নহয় কিবা এটা কাম কৰি ভাল পাইছিল । তেওঁ নিজৰ জীৱনত আনন্দক জলাঞ্জলি দি নৱ-প্ৰজন্মৰ কাৰণে অক্লান্তভাৱে কাম কৰিছিল । নিজৰ চিত্ৰ ভাস্কৰ্যৰ জৰিয়তে জাতি-ভাষা বৰ্ণ নিৰ্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল । তেওঁৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে আছিল । ১৯৬৫ চনত তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যসমূহ প্ৰথমবাৰৰ বাবে গুৱাহাটী জিলা পুথি ভঁৰালত প্ৰদৰ্শন কৰা হৈছিল । তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যসমূহ প্ৰথমবাৰৰ বাবে গুৱাহাটী জিৰা পুঠি ভঁৰালত প্ৰদৰ্শন কৰা হৈছিল । তাৰ পাছত তেওঁৰ সৃষ্টিবোৰ শ্বিলং, দিল্লী, কলকাতা, মুম্বাইৰপৰা বুলগেৰিয়া, চেকোল্শ, 'ভাকিয়া আদি দেশ বিদেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হৈছিল । তেওঁৰ সৃষ্টিৰাজিয়ে স্বদেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তৰ শিল্প প্ৰেমীৰ মন জয় কৰিব পাৰিছিল । দেশৰ বিভিন্ন সংগ্ৰহালয়ত তেওঁৰ চিত্ৰই স্থান পাইছে । 
    চিত্ৰ ভাস্কৰ্য উপৰিও তেওঁৰ সাহিত্য সৃষ্টিতো যথেষ্ট হাত আছিল । ১৯৮৯ চনত চাৰু-কলা আৰু কলা - মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত সাহিত্য ৰচনা কৰাত নিজকে নিমজ্জিত কৰি ৰাখিছিল । তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে -- "শিল্পকলাৰ নৱ প্ৰজন্ম" ভাৰতীয় চিত্ৰ কলা (অনৃষাদ) গোদান উজি (বড়ো), লিউ-নাৰ্ডো- দ্যা-ভিল্সি, ৰোজেছ ৰেজ এণ্ড গল্ড (ইংৰাজী) আৰু খস্হায়াঞ্জলী (বড়ো ভাষাত অনুবাদ) । 
     ড০ শোভা ব্ৰহ্মদেৱে নিজৰ কৰ্মৰাজিৰ বাবে ৰাজ্যিক পৰ্যায়ৰপৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল । তেওঁ লাভ কৰা বঁটাসমূহ হৈছে অসম শিল্পী পেঞ্চন বঁটা (১৯৭৭), অসম চৰকাৰৰ সাংস্কৃতিক পেঞ্চন বঁটা (১৯৯০), কমল কুমাৰী বৰুৱা ফাউণ্ডেশ্যন বঁটা (১৯৯১), অসম ৰাজ্যিক বিষ্ণু ৰাভা বঁটা (১৯৯৬), প্ৰণৱ শিল্পী বঁটা (১৯৯৬) সৎভাৱনা বঁটা (২০০২) ইংখা কমিটি বঁটা (২০০৬) বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এৱাৰ্ড ফৰ আৰ্ট এণ্ড কালচাৰ (২০০৬) ললিত কলা ৰত্ন এৱাৰ্ড (২০০৭) ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ব বিদ্যালয়ৰ পৰা ব্ৰহ্মাদেৱে দি-লিট-উপাধি লাভ কৰিছিল ।
     ড০ শোভা ব্ৰহ্মদেৱে নাৰীৰ ওপৰত নিষ্ঠুৰতা আৰু মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে প্ৰকৃতিৰ ওপৰত চলা ধ্বংস লীলা সহ্য কৰিবপৰা নাছিল । মাতৃ জাতিৰ বেদনাক চিত্ৰৰ যোগেদি বিমোচনৰ কথা চিন্তা কৰিছিল । ভুমকাত বড়ো নাৰীৰ ওপৰত হোৱা পাশৱিকতাই তেওঁৰ চিত্ৰত প্ৰকাশ পাইছিল । অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, নদ-নদী, শিল আৰু সেউজীয়া পাহাৰৰ মনোৰম দৃশ্যই তেওঁৰ মনত উদ্ৰেক সৃষ্টি কৰিছিল আৰু এয়েই তেওঁক শিল্প আৰু ভাস্কৰ্য জগতলৈ লৈ গৈছিল ।
    চিত্ৰ শিল্প ওপৰত ভাস্কৰ্যৰ লগত সাহিত্য চৰ্চাত নিজকে মনে প্ৰাণে ঢালি দি এই মহান শিল্পজনে ইং ২০১২ চনৰ মাৰ্চ মাহৰ ৫ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰি ।

    (গ) বীৰেশ্বৰ ব্ৰহ্ম :- শ্বহীদ বিদেশৰ ব্ৰহ্মদেৱে ইং ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ ভাতমাৰী গাঁৱত জন্মগ্ৰহণ কৰে । তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাৰামনি ব্ৰহ্ম আৰু সোনটি ব্ৰহ্ম । ব্ৰহ্মাদেৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ  ৩৬৫ নম্বৰ প্ৰাথমিক বিদ্যালয়ত ১৯৫৪ চনত । প্ৰাথমিক শিক্ষা সাং কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিকৰ বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভৰ্তি কৰে । এই বিশ্ববিদ্যালয়ৰপৰাই এম, ই, খণ্ডৰ ঌ
বৃত্তি লাভ কৰাৰ লগতে ১৯৬৭ চনত পি, ইউ, এচছি, পৰীক্ষাত অংকত লেটাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হয় । একেটা বৰ্ষতেই যোৰহাট অসম কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীত নামভৰ্তি কৰে আৰু ১৯৭২ চনত উক্ত কৃষি মহাবিদ্যালয়ৰপৰা কৃষিৰ স্নাতক ডিগ্ৰী লাভ কৰে ।
     তেওঁ ১৯৭৩ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে "হিন্দুস্থান সাৰ নিগমৰ সাৰ সম্প্ৰসাৰণ" আৰু "কৃষি গৱেষণা বিভাগত" চাকৰি জীৱন আৰম্ভ কৰে । সেই বিভাগতেই তেখেতে বিভিন্ন পদবী বহন কৰি ধুবুৰী, কোকৰাঝাৰ আৰু মঙ্গলদৈ ইত্যাদি ঠাইবোৰত থাকি সকলো কৰ্ম জীৱনৰ চানেকী দাঙি ধৰে তেখেতে ইং ১৯৮০ চনৰ আগষ্ট মাহলৈ এই বিভাগত থকাৰ পিছত খাদ্য নিগম (FCI) বিভাগত Quality Control ৰ Deputy Manager ৰূপে গুৱাহাটীত নিযুক্ত হয় । ১৮৮১ চনৰপৰা ১৯৮৩ চনলৈ কৰ্মসুত্ৰে বিহাৰৰ ৰাজধানী পাটনাত কৰ্ম সম্পাদনা কৰিবলগীয়া হয় । পুনৰ ইং ১৯৮৩ চনত গুৱাহাটীলৈ Reginal Officer ৰূপে পদোন্নতিৰ লাভ কৰি ঘূৰি আহে । পিছলৈ ১৯৯৮ চনত সেই বিভাগেই Zonal Officer অত Manager (Movment) হিচাপে পদোন্নতি পায় ।
       শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সুচিন্তক, সমাজসেৱক, সাহিত্যিক তথা সুসংগঠক আছিল । তেখেতে মুঠ ৮ টা ভাষা সলসলীয়াকৈ ক'ব পাৰিছিল । সেইবোৰ যেনে, বড়ো  ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী ।
      বিনেশ্বৰ ব্ৰহ্মহ ১৯৯০ চনৰপৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হয় । দুটা কাৰ্য্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল । ২০০০ চনৰ ১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্হিত নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁৰ অকাল মৃত্যুক আকোৱালী লয় । 
     তেওঁৰ প্ৰকাশিত গ্ৰন্থ হ'ল --- "আই নি মাদৈ" (কবিতা পুথি -১৯৮৫), "বৰদৈসিখলা (কবিতা পুথি -১৯৯৭) আৰু "আমনি গামি ভাতাৰমাৰি" (প্ৰবন্ধ সংকলন) 

মটকসকল 

১/ মটক শব্দৰ অৰ্থ লিখা ।
উত্তৰ :- টাই ভাষাৰ 'ম' মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী পণ্ডিত লোক ।
২/ মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা ।
উত্তৰ :- মটক শব্দটিৰ উৎপত্তিৰ ইতিহাস বিচাৰি চালে 'ফুখাও' (Phukhao) শব্দৰ ইতিহাস চাব লাগিব । ফুখাও টাইৰ এটি অন্যতম শাখা । এই শাখাটো টাই মংগোলীয় ফুটাই থালৰ অন্তৰ্গত । 'ফু' মানে টাই ভাষাৰ 'গৰাকী' বা সন্মানীয় মানবিশিষ্ট মানুহ আৰু 'খাও' মানে 'বগা' । ফুথাইসকলক চীন দেশৰ লাও ৰাজ্যত বসবাস কৰাৰ বাবে লাও বুলিও কোৱা হয় ।
৩/ মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক ?
উত্তৰ :- টাই মংগোলীয় জনগোষ্ঠী হিচাপে মটকৰ পৰম্পৰাগত ধৰ্ম হৈছে তাও ।
৪/ মটকসকৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধ লিখা ।
উত্তৰ :- সপ্তদশ শতিকাত কালসংহতিৰ প্ৰৱৰ্তক গোপালদেৱৰ শিষ্য অনিৰুদ্ধ দেৱে প্ৰচাৰ কৰা মায়ামৰা বৈষ্ণৱ ধৰ্ম মটকসকলে গ্ৰহণ কৰিছিল । ইয়াৰ ফলতে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ৰজাঘৰীয়াই বৈষ্ণৱসকলৰ লগতে সেই মটকসকলৰ ওপৰতো অত্যাচাৰ চলাইছিল । মটক ৰজা সৰ্বানন্দ সিংহ মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম নেতা আছিল । 
৫/ মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম - কাজসমূহ বৰ্ণনা কৰা ।
উত্তৰ :- মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই জনকল্যাণমূলক কাম - কাজ হাতত লৈছিল । আলি - পদূলি নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থাৰ উন্নতি কৰিছিল । ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি বন্ধোৱাইছিল । প্ৰজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে - ভিতৰে মুঠ চৌব্বিশটা পুখুৰী খন্দাইছিল । বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলধোৱা পুখুৰী, গোধা পুখুৰী আদিয়েই প্ৰধান । সৰ্বানন্দই খন্দোৱা তিনিচুকীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল ।
৬/ চমুটোকা লিখা :
(ক) শিক্ষাবিধ পৱন নেওগ, (খ) ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই, (গ) সৰ্বানন্দ সিংহ 
উত্তৰ :- (ক) শিক্ষাবিধ পৱন নেওগ :- ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত পৱন নেওঁগৰ জন্ম হয় । পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ । মাতৃ ঢকোৱাৰ পিছত মাহী আই মুহীলা নেওগৰদ্বাৰা লালিত পালিত হৈ পাঁচ বছৰৰ দেওনা পাৰ হওঁতেই শিক্ষা আৰম্ভ কৰে তিনিচুকীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত । শিক্ষা সম্পূৰ্ণ কৰি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে । নিজৰ দৃঢ়তাৰে অধ্যয়ন কৰি এই বিশ্ববিদ্যালয়ৰপৰা ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে ।
     খেলা-ধূলাত যথেষ্ট ৰাপ থকা নেওগে বিশেষকৈ ফুটবল আৰু ভলীবল খেলত বিদ্যালয়খনৰ এজন ভাল খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰিছিল । সঙ্গীত তেওঁৰ প্ৰিয় আছিল আৰু যৎপৰোনাস্তি চৰ্চাও কৰিছিল । তেওঁৰ বহুমুখী প্ৰতিভাৰ বাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রীসকলৰ অতি প্ৰিয় ছাত্ৰ আছিল ।
    প্ৰবেশিকা পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে যোৰহাটৰ জে, বি, কলেজৰ কলা বিভাগত নাম ভৰ্তি কৰে । পঢ়া-শুনাৰ উপৰিও তেওঁ শৰীৰ চৰ্চা কৰি প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিছিল । (Muscle control বিভাগত তেওঁ কৃতিত্ব দেখুৱাৰ বাবে ১৯৫৫ চনত Mr, J,B উপাধি প্ৰদান কৰা হৈছিল । N,C,C ত যোগ দি নিজ দক্ষতাৰ বাবে এজন ভাল নেতা হিচাপেও পৰিচিত হৈছিল । ১৯৫৬ চনত তেওঁ দ্বিতীয় বিভাগত আই, এ, পাছ কৰে ।
     তাৰ পাছত স্নাতক অধ্যয়ন গুৱাহাটীৰ কটন কলেজত আৰম্ভ কৰে । কলেজত থাকোঁতেই আন্ত: মহাবিদ্যালয় প্ৰতিযোগিতাৰ শৰীৰ চৰ্চা বিভাগ প্ৰতিযোগিতাত তেওঁক Physique হিচাপে নিৰ্বাচিত কৰীআৰু তেওঁক Mr, Cottonian উপাধি প্ৰদান কৰা হৈছিল । সেই একে বছৰতে অৰ্থাৎ ১৯৫৭ Gymnasium প্ৰতিযোগিতাত Mr, Guwahati উপাধি প্ৰদান কৰি পুৰস্কৃত কৰে ।
      ১৯৫৮ চনত দেউতাক ৰোগশয্যাত থকাৰ বাবে স্নাতক মহলা সম্পূৰ্ণ কৰিব নোৱাৰিলে । ১৯৫৯ চনত তেওঁ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অস্থায়ী শিক্ষক হিচাপে শিক্ষকতা কৰে । ১৯৬০ চনত তেওঁ পুনৰ স্নাতক পৰীক্ষা দিয়ে আৰু ডিগ্ৰী লাভ কৰে । তেওঁ কিন্ত অৰ্থ উপাৰ্জনৰ কথা চিন্তা কৰি ১৯৬২ চনত D,S,P পদৰ নিযুক্তি পাইছিল যদিও তেওঁ শিক্ষকতা বাদ দিব পৰা নাছিল । 
      তেওঁৰ মনোবল আৰু সাহস অপৰিসীম আছিল । ল'ৰা-ছোৱালীক তেওঁ খুউব মৰম কৰিছিল । অঞ্চলটোৰ বিপদ-আপদতপৰি লোকক তেওঁ সৎপৰামৰ্শ দি সহানুভূতি জনাইছিল ।
     ১৯৯২ চনৰ ৩০ চেপ্তেম্বৰত তেওঁ চাকৰিৰপৰা অৱসৰ লয় । এই সময়ত তেওঁৰ শৰীৰ কিছু দুৰ্বল হোৱাত সকলো কাম পুনৰ উদ্যমেৰে কৰিবপৰা নাছিল যদিও আংশিক হিচাপে কৰি আছিল । ২০০১ চনত বৰগুৰিত স্থাপিত হোৱা Art School ত তেওঁ আগভাগ লৈছিল । এই অঞ্চলটোত এখন Montessory খোলাৰ বাবে তেওঁ শিক্ষাবিদসকলৰ লগত আলোচনা কৰি আছিল । কিন্ত মনৰ আশা মনতে ৰ'ল । ১১ আগষ্ট ২০০২ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

(খ) ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই :- ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই তদানীন্তন বেংমৰা ৰাজ্যৰ (১৭৮৮) প্ৰতিস্থাপক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সুযোগ্য পৰিনাতি আছিল । ৰজা সৰ্বানন্দ সিংহৰ তিনিজন পুত্ৰ আছিল । মাটিবৰ, কলিবৰ আৰু কমলেশ্বৰ । মাটিবৰৰ ভোগবৰ, ভগীৰথ, দুখীৰথ, সুক আদিকে ধৰি দহজন পুত্ৰ আছিল । ভগীৰথৰ তৃতীয় পুত্ৰ বিশবৰৰ নুমলীয়া তথা ষষ্ঠ পুত্ৰই আছিল ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই । লঙ্কেশ্বৰ গোঁহাইয়গো০১-০৫-১৯৫৪ তাৰিখে তেতিয়াৰ লখিমপুৰ জিলাৰ উপায়ুক্তৰ আগত ঐতিহাসিক বেংমৰা ৰাজ্যৰ পুনৰ উদ্ধাৰৰ বাবে তৰা গোচৰৰ সাক্ষীত তেওঁৰ জন্ম ১৮৮৭ চনত তিনিচুকীয়াত হোৱা বুলি উল্লেখ আছে । স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যুৰ পিছত ৰাজ পৰিয়ালটোৰ লগতে বেংমৰা ৰাজ্যৰ অন্যান্য বিষয়ববীয়াসকল ৰাজ্যৰ বিভিন্ন স্থানৰ সিঁচৰিত হৈ বসবাস কৰিছিল । ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাইৰ ১০/১২ বছৰ বয়সত পৰিয়ালৰ সৈতে চাবুৱালৈ উঠি যায় । ৰাজপৰিয়াল বাস কৰাৰ বাবে অঞ্চলটোৰ নাম পৰৱৰ্তী সময়ত ৰজাবাৰী নামেৰে নামাকৰণ হয় । সেই সময়ত খেতি - বাতিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ৰাজকুমাৰৰ পৰিয়ালটিকে ধৰি ৰাজপৰিয়ালৰ কিছু লোকে খেতি মাটিৰ সন্ধানত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ ডিৰাকলৈ উঠি যায় । পৰিয়ালটিয়ে সৰু ডিৰাক নিগাজীকৈ থাকিবলৈ লয় ।
     ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই অনুষ্ঠানিক উচ্চ শিক্ষাৰে শিক্ষিত নাছিল যদিও সাহসী উচ্চকাংক্ষী আৰু চিন্তাশীল ব্যক্তি আছিল । তেওঁ সমাজক নেতৃত্ব দিবপৰা উপযুক্ত গুণৰ অধিকাৰী আছিল । ৰজাৰ উপায়ুক্ত প্ৰতিনিধি হিচাপে দেশ স্বাধীন হোৱাৰ পূৰ্বৰেপৰা বেংমৰা দাবী উত্থাপন কৰিছিল । তেখেতে থলুৱা জাতি-জনগোষ্ঠীৰ ভূমি অধিকাৰ সম্পত্তিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বেংমৰা ৰাজ্যৰ সুকীয়া স্বীকৃতি দাবী কৰি আহিছিল । তেখেতে বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত কাঠৰ মিল খুলি কাঠৰ যোগান ধৰিছিল । কাঠৰ উপৰিও সোণ আৰু হাতী ব্যৱসায়তো সুনাম অৰ্জন কৰিছিল । ৰাজবংশৰ প্ৰতিনিধি হিচাপে ইংৰাজ বিষয়াসকলৰ সৈতে সুসম্পৰ্ক আছিল । হাতী ধৰা আৰু প্ৰশিক্ষণ দিয়াত তেখেতৰ বিশেষ দখল আছিল । তেওঁ ব্ৰহ্মদেশৰ ৰজাৰ লগত মিতিৰালি কৰি হাতী ধৰিছিল  মণিপুৰৰ ৰজাক বন্ধুত্বৰ চিন হিচাপে তেওঁ দুটা হাতী উপহাৰ দিছিল । তেওঁৰ চিকিমৰ লগতো ভাল সম্পৰ্ক আছিল । ৰাজকুমাৰদেৱে বাৰ্মিজ, মণিপুৰী, চিংফৌ, খামতি, মিচিং, দেউৰী, নক্টে আদিকে ধৰি বহুকেইটা ভাষা জানিছিল । তেখেতে ব্যৱহাৰ কামত বিভিন্ন ঠাই ভ্ৰমি ফুৰিছিল যদিও নিজৰ মূল লক্ষ্যৰপৰা বিচলিত হোৱা নাছিল । তেখেতে এই বৃহৎ অঞ্চলটোৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ ৰাইজ আৰু মুখিয়াল তথা ৰজাসকলৰ সৈতে অতি মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল । সেয়েহে তেখেতসকলে ৰাজকুমাৰদেৱৰ সংগ্ৰামখিনিত সহযোগিতা আগবঢ়াইছিল । এইসকলৰ ভিতৰত বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ টংকেশ্বৰ দেউৰী, খামতি ৰাজকুমাৰ চৌখামুন গোহাঁই, বিচা ৰাজ্যৰ চিংফৌ ৰাজকুমাৰ জখং আৰু গাঁওবুঢ়া পিন লংলংদেৱ তেখেতৰ সংগ্ৰামী কাৰ্যসূচীত ব্যক্তিগতভাৱে উপস্থিত থকাৰ উপৰিও আৰ্থিক সহযোগিতা আগবঢ়াইছিল । তেখেতে নিজ ৰাজ্যৰ উপৰিও অৰুণাচল, মণিপুৰ, চিকিম, নাগালেণ্ড, মেঘালয় আদি অঞ্চলৰ সমাজকৰ্মী সৈতে জনহিতকৰ তথা উন্নয়নমূলক কামত নিজকে জড়িত কৰিছিল । শেষ অৱস্থাত ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই শয্যাশায়ী হৈ ১৯৭৩ চনৰ ৭ মাৰ্চৰ দিনা সৰু ডিৰাকৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । উক্ত দিনা জিলা কৰ্তৃপক্ষই স্থানীয় বন্ধ ঘোষনা কৰিছিল । 

(গ) সৰ্বানন্দ সিংহ  :- সৰ্বানন্দ সিংহৰ পিতৃৰ নাম আছিল মৰুৎনন্দন আৰু মাতৃৰ নাম আছিল পাতয় । পিতৃ-মাতৃৰ একমাত্ৰ সন্তান সৰ্বানন্দ কেঁচুৱা কালতে মাতৃৰ নাম আছিল পাতয় । পিতৃ-মাতৃৰ একমাত্ৰ সন্তান সৰ্বানন্দ কেঁচুৱা কালতে মাতৃক হেৰুৱাবলগীয়া হৈছিল । অতি সাধাৰণ খাটিখোৱা মৰুৎনন্দন আছিল মটকৰ বুৰুক চুতীয়া খেলৰ লোক । সৰ্বানন্দৰ পিতৃ প্ৰদত্ত নাম আছিল 'মেজেৰা' । মাতৃহাৰা মেজেৰাক সকলো সময়তে মৰৎনন্দনে লগত লৈ ফুৰিবলগীয়া হৈছিল আৰু অতি যতনেৰে তুলি-তালি ডাঙৰ দীঘল কৰিছিল । মৰুৎনন্দনে এবাৰ মেজেৰাক বোকোচাত লৈ পুখুৰী খান্দি থাকোঁতে ৰজাই দেখি তেখেতক কামৰপৰা অব্যাহতি দিছিল । পিতৃৰ লালন-পালনত লাহে লাহে মেজেৰা ডাঙৰ হৈ ডেকা হৈছিল । 
     মেজেৰা আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি । তেখেতে মায়ামৰা ধৰ্মগুৰু অষ্টভুজ গোঁসাইৰ ওচৰত শৰণ লৈছিল । শৰণ লোৱাৰ সময়ত গোঁসাইজনে শৰণাৰ্থীক একো একোটি নাম দিয়াটো মায়ামৰা বৈষ্ণৱ বৈষ্ণৱ ধৰ্মৰ এটি পৰম্পৰা । সেয়েহে মেজেৰাক অষ্টভূজ গোঁসাইয়ে নাম দিছিল সৰ্বানন্দ । মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল । বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে অত্যাচাৰ চলিছিল । বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্ধী কৰি কাৰাগাৰত ৰাখিছিল । এইখিনি সময়ত সৰ্বানন্দই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈছিল । সৰ্বানন্দৰ আছিল প্ৰচুৰ সাংগঠনিক দক্ষতা । কাৰাগাৰৰ ভিতৰে বাহিৰে সকলো মটকলোকৰ তেওঁ মনোবল বঢ়াইছিল । সৰ্বানন্দই বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষনা কৰিছিল । সৰ্বানন্দ সিংহই ৰজা হৈ প্ৰথমে বৰ্তমানৰ তিনিচুকীয়াৰপৰা প্ৰায় দহ কিলোমিটাৰ উওৰে ৰঙাগঢড়াত ১৯৮৮ খ্ৰীষ্টাব্দত ৰাজধানী স্থাপন কৰিছিল আৰু ১৭৯১ খ্ৰীষ্টাব্দত বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল । ৰজা হৈ সৰ্বানন্দ সিংহই টাই পৰম্পৰা ৰক্ষা কৰি স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল । নিজৰ নামত সোন আৰু ৰূপৰ মুদ্ৰা প্ৰচলিত কৰিছিল । এই মোহৰবোৰ এটকীয়া, আধাটকীয়া আৰু আধামহীয়া অৰ্থাৎ এটকাৰ আঠভাগৰ একাংশ হিচাপত আছিল বুলি জানিবপৰা যায় ।
      মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল । আলি-পদূলি নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থাৰ উন্নতি কৰিছিল । ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলি বন্ধোৱাইছিল । সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে-ভিতৰে মুঠ চৌব্বিশটা পুখুৰী খন্দাইছিল । বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, বৰ পুখুৰী, চিউলধোৱা পুখুৰী, গোধা পুখুৰী আদিয়েই প্ৰধান । সৰ্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল ।
      সৰ্বানন্দ সিংহৰ ৰাজশাসনত প্ৰজাবৰ্গ শান্তিত বসবাস কৰিছিল বুলি জনা যায় । ৰাজ্য খাদ্য শস্যৰে নদন-বদন আছিল । প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ নিজ ৰাজ্যতে নিৰ্মাণ কৰি লৈছিল । সৰ্বানন্দ সিংহ আছিল অতি দূৰদৰ্শী আৰু বিচক্ষণ বুদ্ধিৰ ৰজা । প্ৰজাসকলৰ মাজত সৰ্বানন্দ অতি জনপ্ৰিয় আছিল । প্ৰজাৰঞ্জক এই ৰজাজন অসুস্থ হৈ কিছু বছৰ শয্যাশায়ী হৈ কিছু বছৰ শয্যাশায়ী হৈ ১৮০৫ চনত ইহলীলা সম্বৰণ কৰে । সৰ্বানন্দৰ মৃত্যুৰ পিছত তেওঁৰ বৰ পুত্ৰ মাতিবৰ বৰ সেনাপতি মটক ৰাজ্যৰ ৰজা হৈছিল । 

মৰাণসকল 

১/ মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পৰ্কত তিনিটা বাক্যত লিখা ।
উত্তৰ :- মৰাণসকল অসমৰ এক প্ৰাচীন কিৰাত মঙ্গোলীয় মূলৰ জনগোট । এওঁলোক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আদিম অধিবাসী । মৰাণসকলৰ  ঐতিহাসিক যুগৰ অন্তিম ৰজাজন আছিল বোদৌচা  ।
২/ অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণসকলৰ বসতি বেছি  ? 
উত্তৰ :- তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা অৰুণাচলৰ নামচাই আৰু চাংলাং জিলা ।
৩/ বুৰঞ্জীত উল্লেখ অংকা বাৰ ঘৰ কছাৰীৰ নাম লিখা ।
উত্তৰ :- দমচয় (ডিমাচা), ইনটুহজয় (হোজাই), বিহদয় (বড়ো), জুহল-লুইৱা (লালুং বা সম্প্ৰতি তিৱা), বাদূ সোনলয় (সোনোৱাল), ইনটু মিনখঁয় (মেৰাণ), দিউনয় (দেউৰী), ইনটু-মেচয় (মেছ), কুচুবয়ঁ (কোচ), ইটটু-গাৰোৱে (গাৰো), ৰাভা কিৰাটয় (ৰাভা), বাদু হজয় (হাজং) ।
৪/ ১০ টা মৰাণ ভাষাৰ শব্দ লিখা ।
উত্তৰ :- মৰাণ ভাষাৰ কেইটামান শব্দ হ'ল দি (পানী), সিম (নিমখ), মাই (ধান), মাইৰুম (চাউল), মিয়াম (ভাত), মহন (মাংস), চান (সূৰ্য), দান (চন্দ্ৰ), হাটাৰাই (তাৰাবোৰ), মকুহাং (বৰষুণ) চেনফং (গছ), হিংকা (কাপোৰ), খেৰো (মূৰ), হান (চাহ), হাটাই (দাঁত) হাপাতোলা (ভৰি), হিৱা (মতা), হিচি (মাইকী), মাদাই (সন্মানীয়) লোক), তাদাই (ডেকা ল'ৰা), চেখলা (ছোৱালী) 
৫/ মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা ।
উত্তৰ :- ঐতিহাসিক যুগৰ মৰাণ ৰাজ্যখনৰ চাৰিসীমা উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূৱে চফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ ।
৬/ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল ।
উত্তৰ :- বডোচা বা বৰদৌছা ।
৭/ মৰাণসকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে ?
উত্তৰ :- বহাগৰ প্ৰথম মঙ্গলবাৰ দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু সাত দিন, সাত ৰাতি বিহু মাৰিছিল আৰু এনেদৰে অন্যান্য অসমীয়াতকৈ ভিন্ন দিন-বাৰত আজিও তেওঁলোকে বিহু পালন কৰে । অতি সম্প্ৰতি দেউৰীসকলৰ বিহুৰ দৰেই মৰাণসকলৰ বিহুক 'মৰাণ বিহু' নামেৰে জনা যায় । গছতলৰ বিহু, ৰাতি বিহু, ধৰ্ম হুঁচৰি, বৰমগা আদিয়ে মৰাণ বিহুক সমৃদ্ধ কৰিছে ।
৮/ মৰাণসকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেলৰ নাম লিখা ?
উত্তৰ :- মৰাণসকলৰ মাজত বহুতো খেল-বংশ আছে । এই খেল-বংশবোৰ বৃত্তিসূচক, স্থানবাচক, গুণবাচক, জাতিবাছক, যেনে --- তেলপৰা তেলেপীয়া, নাও নিৰ্মাণ কৰাসকলক নাওশলীয়া, চিকৰি, গনতা, কাঁড়ী গঞা, দহোটীয়া, ডিমৌগুৰীয়া, দাউচলীয়া, পেটুধুৱা, হাতীমূৰীয়া, ৰংযোগনীয়া,  ৰুপাই গনতা, মাজুলী গঞা, হলধিবৰীয়া, সৌকাধৰা, খাটোৱাৰা ইত্যাদি ।
৯/ মৰাণসকলৰ জাতীয় খেতি কি ?
উত্তৰ :- সুমথিৰা বা কমলা টেঙা ।
১০/ মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনে ধৰনৰ ?
উত্তৰ :- সমাজ পৰিচালনাত আগভাগ লয় ।
১১/ ক'ত ক'ত মৰাণসকলৰ দেৱ-দেৱীৰ পুজাৰ শাল আছিল ।
উত্তৰ :- অতীজৰে মৰাণসকলে শদিয়াৰ কেঁচাইখাতী থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ জ্ঞোখোৱা, দেওশাল, চৰাইদেউ আদিত শাল পাতি দেৱ-দেৱী পূজা কৰিছিল । 
১২/ চমু টোকা লিখা :
(ক) সমন্বয়ৰ জনক কিৰাত শৌৰ্য বোদৌচা, (খ) বীৰাঙ্গনা ৰাধা ৰুকুণী (গ) বীৰ শেনাপতি ঝপৰা জগধা, (ঘ) মোহন শইকীয়া, (ঙ) বাঘৰ মৰাণ 
উত্তৰ :- 
(ক) সমন্বয়ৰ জনক কিৰাত শৌৰ্য বোদৌচা :- অসমৰ অন্যতম আদিম অধিবাসী কিৰাত মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিম জনা ৰজা আছিল বদৌচা । ১২২৮ খৃষ্টাব্দত চাইল্যুঙ চ্যুকাফাই অসমত প্ৰবেশ কৰাৰ সময়ত বদৌচাৰ অধীনত উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূৱে চফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ মহানদীৰ মাজৰ ভূখণ্ড এখন সমৃদ্ধিশালী ৰমাণ, ৰাজ্য আছিল । সাম্প্ৰতিক কালৰ শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ একাংশ সামৰি মৰাণ ৰাজ্যৰ অৱস্থিত আছিল । মৰাণ ৰাজ্যৰ কাষতে বৰাহী ৰাজ্য আছিল আৰু অন্যান্য অঞ্চলত চুটীয়া, কছাৰী, ভূঞা ৰাজ্যৰ উপৰিও পাহাৰ-ভৈয়ামৰ সকলোবোৰ আদিম গোষ্ঠীৰ নিজ নিজ ভূখণ্ড আছিল । সেই প্ৰাচীন ৰাজ্যবোৰৰ মাজত, জাতি-জনগোষ্টীৰ সকলৰ মাজত কোনো ধৰনৰ অসূয়া-অপ্ৰীতি, দ্বন্দ-সংঘাত, যুদ্ধ-বিগ্ৰহ আদি হোৱাৰ সম্ভেদ বুৰঞ্জীত পোৱা নাযায় । কাজেই সমগ্ৰ ভূ-ভাগতে কৌটিকলীয়া শান্ত-সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিবেশ বিৰাজমান হৈ আছিল বুলি সহজেই অনুমান কৰিব পাৰি । 
     কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ 'অসমীয়া কৃষ্টি' শীৰ্ষক পুস্তিকাত সেই কালৰ মৰাণসকলৰ প্ৰবল প্ৰতাপী বুলি কৈ গৈছে । এই বৰেণ্য গৱেষকজনৰ ভাষাই বদৌচাৰ শক্তিশালী প্ৰভাৱৰ কথাও সূচাইছে । সময়ৰ সুদূৰ আৰু অগম্য পাহাৰ-পৰ্বতলৈকে মৰাণসকলৰ অধিপত্য থকাৰ সম্ভেদে, বিশাল বিস্তৃত অঞ্চলটোত সম্প্ৰীতি বৰ্তাই ৰখাৰ দিশত বদৌচাৰ শক্তিশালী ভূমিকাৰেই ইঙ্গিত বহন কৰে ।
   চাউল্যুঙ চুকাফাই সেয়েহে ৰাজ্য প্ৰতিষ্ঠাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ মানসেৰেই ইয়াৰ মৰাণসকলেই প্ৰথমে লগ ধৰিছিল । প্ৰবল অতিথি পৰায়ণ মহানুভৱ বদৌচাই চ্যুকাফাসহিত লগত অহা টাইসকলক আদৰি লৈছিল । ৰজা বদৌচাৰ অনুমতি আৰু আতিথ্যত চ্যুকাফা আৰু তেওঁৰ অনুগামীসকলে ইয়াৰ থলুৱা মৰাণ, বৰাহী, চুতীয়া, কছাৰী সমাজৰ সৈতে বহু কালজুৰি সমিলমিলেৰে বসবাস কৰি সকলোৰে আপোনা আৰু থলুৱা সমাজৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল । লগত তিৰোতা লৈ নহা টাইসকলে ইয়াৰ থলুৱা গাভৰু বিবাহ কৰাই মহামিতিৰ হৈ পৰিছিল ।
    অপুত্ৰক বদৌচাই সুলক্ষণযুক্ত, সুদৰ্শন যুৱক চ্যুকাফালৈ নিজৰ কন্যা বিয়া দিয়াৰ সূত্ৰে শহুৰ-জোঁৱাই সম্বন্ধেৰে বান্ধ খাইছিল । সেয়েহে বদৌচাই নিজৰ বৃদ্ধ বয়সত জোঁৱায়েক চুকাফাৰ হাতত মৰাণ ৰাজ্যৰ শাসনভাৰ অৰ্পণ কৰিছিল আৰু পৰম বুজা-বুজি অনুসৰি বৰাহী ৰাজ্যও চামিল হৈছিল । বদৌচা আৰু বৰাহী ৰজা থাকুমথাৰ পৰাম্শক্ৰমে চ্যুকাফাই মৰাণ-বৰাহীৰ পবিত্ৰ পূজাৰথলি চৰাইদেউত ৰাজধানী পাতি, মৰাণ ৰাজ্যৰ আহোম ৰাজ্য নামকৰণ কৰি এখন সন্মিলিত ৰাজ্যৰ পাতনি মেলিছিল । এনেদৰেই চ্যুকাফাই বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতি সত্বাৰ বীজ ৰোপণ কৰিলে । কিন্ত চ্যুকাফাৰ এনে মহৎ কাৰ্যৰ আঁৰত থকা বদৌচাৰ বিৰাট অৱদান কোনো কালেই স্বীকৃত নহ'ল । এতেকে চাউল্যুঙ চুকাফাক অসমীয়া জাতিৰ পিতৃ আখ্যা দিয়াৰ সমানেই বদৌচাক অসমীয়াৰ জাতিৰ 'পিতামহ' আখ্যাৰে আখ্যায়িত কৰিব পাৰিলেহে তেৰাই প্ৰতিষ্ঠা কৰি যোৱা যুগজয়ী দৃষ্টান্তৰ প্ৰাসংগিকতাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ঐক্য যাউতিযুগীয়া ধৰি ৰখাৰ বাট মুকলি হ'ব ।

(খ) বীৰাঙ্গণা ৰাধা ৰুকুণী :- বিশ্ব ইতিহাসৰ গণবিপ্লৱসমূহৰ ভিতৰত মধ্যযুগৰ অসম মুলুকত সংঘটিত মোৱামৰীয়া গণবিপ্লৱো অন্যতম । এই সৰ্বাত্মক গণবিপ্লৱত নাৰীশক্তিৰ সবল যোগদান এক বিস্ময়কৰ অধ্যয়ৰূপে চিহ্নিত হৈছে ।
       ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, অনাচাৰ-অত্যাচাৰৰ বিৰুদ্ধে, সকলো জাতি-উপজাতি সাধাৰণ কৃষক প্ৰজাই সৰ্বাত্মকভাৱে অংশগ্ৰহণ কৰা এই বিপ্লৱৰ নেতৃত্ব দিছিল মৰাণসকলে । বীৰ ৰাঘৱ মৰাণ আৰু নাহৰখোৱা মৰাণৰ (শইকীয়া) অগ্ৰণী ভূমিকাৰ সমানেই প্ৰজা সাধাৰণক সংগঠিত কৰিব বাবে শক্তিশালী অংশ গ্ৰহণ কৰিছিল নাহৰৰ দুই পত্নী ভাতুকী, ভাবুলী ওৰফে ৰাধা-ৰুকুনীয়ে ।
     মোৱামৰীয়া বিপ্লৱৰ বৰ্হিপ্ৰকাশো ঘটিছিল এই দুই থকাৰ সময়তে ৰজা লক্ষীসিংহই বৰধাক সাজিবৰ বাবে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল । ৰাধা-ৰুকুনীয়ে গাঁৱৰ মানুহ একত্ৰিত কৰি "এইখন থলুৱা জনগণৰ আহ্বান কালৰ হাবি, যাউতিযুগীয়া প্ৰাকৃতিক সম্পদ, ইয়াৰ অধিকাৰ নাই । "বুলি কৈ ৰজাৰ মানুহক উভতাই পঠিয়াইছিল  ।
     প্ৰণিধাযোগ্য যে, এই দুই বীৰাঙ্গনাই সেই কালৰ পৃথিৱীত নোহোৱা-নোপোজা এক শক্তিশালী যুঁজাৰো নাৰী বাহিনী গঠন কৰিছিল । প্ৰথম যেতিয়া বিপ্লৱী বাহিনী আৰু ৰজাঘৰীয়া সৈন্য বাহিনীৰ মাজত মুখামুখি যুদ্ধ হৈছিল, তেতিয়া ৰাধা আৰু ৰুকুনীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত তিস্তিব নোৱাৰি ৰজাঘৰীয়া বাহিনী বিষমভাৱে পৰাজিত হৈছিল । ৰাধা-ৰুকুনীৰ বীৰত্ব সন্দৰ্ভত পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ 'অসম বুৰঞ্জী'ত উল্লেখ কৰিছে এনেদৰে-- 'সেই ৰণত ৰাধা আৰো ৰুকুনীয়ে পুৰুষৰ সাজত ধনু-কাঁড় লৈ ৰণ দিছিল । এই তিৰোতা দুগৰাকী বৰ চতুৰ আছিল আৰু গুপুতে ৰণৰ কৌশল জনাৰ বাবে সিবিলাকৰ গাত কেৱে ধনুৰ কাঁড় কিম্বা শিলৈৰ গুলি লগাব নোৱাৰিছিল । 'তদুপৰি এই দুই নেত্রীৰ অসীম বীৰত্বৰ এনে সত্য গাঁথা বুৰঞ্জীৰ পাতত সন্নিৱিষ্ট হৈ আছে । উল্লেখযোগ্য যে গোহাঞিবৰুৱাদেৱে অবিস্মৰণীয় সময় দক্ষতাকে প্ৰতিভাত কৰে । বিপ্লৱী বাহিনীয়ে ৰংপুৰ দখল কৰি ৰমাকান্তক ৰজা পতাৰ সময়তো এই দুইগৰাকী পৰামৰ্শদাত্রী ৰূপেই অৱতীৰ্ণ হৈছিল ।
      পৰৱৰ্তী সময়ত ৰাজতন্ত্ৰৰ ষড়যন্ত্ৰৰ বলি হৈ দুই গৰাকীৰে মৃত্যু হ'ল যদিও, পক্ষপাতদুষ্ট ৰজাঘৰীয়া বুৰঞ্জীৰ কৃপণালীয়েও তেওঁলোকৰ অজেয় কীৰ্তি ঢাকি ৰাখিব নোৱাৰিলে । এতেকে নিপীড়িত মানুহৰ মুকুতি প্ৰয়াসী এই দুগৰাকী মহান নাৰী ইতিহাস পৰিক্ৰমাৰ যুগে যুগে অমৰ হৈ থাকিব আৰু আজিৰ বিশাল নাৰী সমাজৰ সাহ আৰু প্ৰেৰণাৰ অনল উৎস হৈ ৰ'ল ।

(গ) বীৰ সেনাপতি ঝপৰা জগধা :- ঝপৰা জগধা দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুৰুষ আছিল । তেওঁৰ পিতৃৰ নাম আছিল দাৰবি । যদিওৱা ত্ৰয়োদশ শতিকাতেই অসমলৈ চাওলুং চুকাফাই আহি মৰাণ, বৰাহী, কছাৰী আদি জাতি সামৰি বৃহত্তৰ অহোম ৰাজ্যৰ পাতনি মেলিছিল, পঞ্চদশ শতিকাতকৈয়ো পাছলৈকে মৰাণসকলৰ দৰে বহু জনজাতিয়ে ঘন অৰণ্যৰ মাজত অৰণ্যবাসী হিচাপে জীৱন নিৰ্বাহ কৰিছিল । সেইসকলে দলপতি বা মুৰব্বীৰ পৰিচালিত সমাজ পাতি বসবাস কৰিছিল । তেনে এগৰাকী দলপতি আছিল খাওখাই । প্ৰাচীন সৌমাৰখণ্ডৰ এক বিস্তৃত অঞ্চলত তেওঁৰ তত্ত্বাৱধানত উল্লেখযোগ্য ভূমিকা লৈছিল । উল্লেখযোগ্য যে মৰাণসকলে আহোম ৰাজ্য তথা অসমীয়া জাতি প্ৰতিস্থাত প্ৰধান ভূমিকা লৈছিল । সেয়েহে তেওঁলোকে আহোম ৰাজ্য প্ৰশাসনলৈ কৰ-কাটল দিব নেলাগিছিল । খাওখাই আৰু দাৰবীৰ ছয়জন পুত্ৰ খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আৰু চিকচৌ । জগধা পঞ্চম পুত্ৰ আছিল । তেওঁ সকলোতকৈ পাহোৱাল, বলী আৰু সাহসী আছিল । ল'ৰালি কালতে তেওঁ বাৰিষা ডিব্ৰু নদী পাৰ হৈ অৰণ্যত মেলি থোৱা হাতী ধৰি ঘৰলৈ আনিব পাৰিছিল । আন দহজন ল'ৰাতকৈ জগধা সাহস, বল বিক্ৰম আৰু চিন্তাধাৰাত যথেষ্ট আগবঢ়া আছিল । সমনীয়াৰ সৈতে খেল-ধেমালি , চৰাই চিকাৰ, চেমেনিয়াৰ চিকাৰী ভোজ আদিত জগধাই ককায়েকহঁততকৈও এখোপ আগবঢ়া, সেয়ে সকলোৱে তেওঁক মুখ্য স্থান দিছিল । ক্ৰমান্বয়ে ডাঙৰ হৈ অহাত সি বিহু দলৰ, ডেকা-ডেকেৰীহঁৰ দলপতি হৈ পৰিল । সেই সময়ত সিহঁতে শদিয়াৰ কেঁচাইখাতী শালৰপৰা বুধবাৰে গৰু বিহু অনুষ্ঠিত কৰি বিহু নমাই আনিছিল । 
    সেই সময়ত আন জনজাতিৰ লগত প্ৰায়ে যুদ্ধ-বিগ্ৰহ চলিছিল । খাওখাইৰ পুত্ৰ জগধাৰ নেতৃত্বত এক বিশাল যুঁজাৰু সৈনিক দল গঠন হৈছিল । জগধাৰ গাৰ গঠন আনতকৈ খামিডাঠ আছিল । তেওঁ একে ঘাপে এডাল চোৱাগছ কাটি বগৰাই দিব পাৰিছিল । জগধাকেই সকলোৱে সেনাপতিৰ দায়িত্ব দিছিল । অভিজ্ঞতাৰ পৰা যুদ্ধৰ ৰণ-কৌশল শিকি জগধাই সৈনিকসকলক প্ৰশিক্ষণাদি ৰণত পাৰ্গত কৰি তুলিছিল । বিভিন্ন সময়ত তেওঁৰ সৈন্য-বাহিনীৰ দলে বিভিন্ন জাতি-উপজাতিক মহাপৰাক্ৰমেৰে কুৰিবাৰকৈপৰাস্ত কৰিছিল । আন আন মৰাণ প্ৰধান অঞ্চলত উপদ্ৰপ কৰা পাহাৰীয়া জাতি-জনগোষ্ঠীক খেদিবলৈ জগধাৰ সৈন্য দলক আহ্বান জনাই জনোৱা হৈছিল । জগধাৰ মূৰটো বহুত ডাঙৰ আৰু চুলিৰে ভোবোৰা হৈ থকা বাবে মানুহে তেওঁক ঝপৰা বুলিও কৈছিল । পাছলৈ সকলোৱে তেওঁক ঝপৰা জগধা বুলিছিল ।
      এবাৰ খামতিসকলে মৰাণ গাঁও এফালৰপৰা আক্ৰমণ কৰি আহিছিল । সেনাপতি ঝপৰা জগধাই সাতদিন দেউচাঙত শত্ৰু ৰুধিবৰ বাবে কেঁচাইখাতীৰ পূজা অৰ্চনা কৰিছিল । তেওঁ তৰোৱাল (মৰাণ ভাষাত হানচাই) উলিয়াই যঁক উঠি নাচি নাচি যুদ্ধলৈ গতি কৰিছিল । সেই যুদ্ধত বিস্তৰ ৰূপত শত্ৰু সৈন্য সেনাপতি ঝপৰা জগধাই নিপাত কৰি পাহাৰলৈকে খেদি পঠিয়াইছিল ।
     এনে ধৰণৰ অনেক যুদ্ধত ঝপৰা জগধাই নিজ জাতিক ৰক্ষা কৰি জাতীয় বীৰৰূপে পৰিগণিত হৈছিল । আজিও মৰাণ সমাজৰ তেওঁৰ নাম ৰৈ বৈ যোৱাকৈ প্ৰচলিত হৈ আছে । 

(ঘ) মোহন শইকীয়া :- মৰাণসকলৰ আধুনিক কালছোৱাৰ পুৰোধা ব্যক্তিসকলৰ অন্যতম প্ৰয়াত মোহন শইকীয়া । অতীত অসমৰ এক শক্তিশালী জনগোষ্ঠী অথচ বিভিন্ন ঐতিহাসিক বিড়ম্বনাৰ কবলত পৰি সাম্প্ৰতিক কালত অতিকে জৰ্জৰিত আৰু সৰ্বদিশতে অনগ্ৰসৰ মৰাণ সমাজখনৰ প্ৰথমচাম মুষ্টিমেয় শিক্ষিত লোকৰ অন্যতম শইকীয়াদেৱ । 
      ১৯৩০ চনৰ ২২ নৱেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ তালাপৰ এক অতি ভিতৰুৱা অঞ্চলৰ ২২ নং তামূলি গাঁৱত তেওঁৰ জন্ম । পিতৃৰ নাম আছিল স্বৰ্গীয় জ্ঞানেন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া শুকানি শইকীয়া । প্ৰাথমিক শিক্ষা জন্ম গাঁৱতে গ্ৰহণ কৰি ১৯৫০ চনত ডাঙৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৫ চনত ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বি কম পাছ কৰি প্ৰথমে ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কেৰাণী পদত যোগদান কৰে । তেখেতৰ মেধা আৰু দক্ষতা সম্পৰ্কে সমগ্ৰ উজনি অসমতে প্ৰচাৰিত হোৱাৰ সূত্ৰে মহাকালী চাহ বাগিচা কৰ্তৃ পক্ষই মেনেজাৰৰ পদ যাঁচিছিল । তদুপৰি অ' এন জি চিত লোভনীয় চাকৰি পাইছিল । কিন্ত এই সকলোবোৰ মোহ ত্যাগ কৰি তেখেতে পিছপৰা অঞ্চলৰ সমাজত শিক্ষাৰ পোহৰ পেলোৱাৰ মানসেৰে কাকপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰূপে যোগদান কৰি পিছলৈ টঙনা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে ।
      সামাজিক জীৱনত তেখেতে মৰান জনগোষ্ঠীয় সমাজখনলৈ অনন্য বৰঙণি আগবঢ়ায় । কেইজনমান শিক্ষিত ব্যক্তিক লগত লৈ প্ৰথমে গঠন কৰে ১৯৬৫ চনত 'অসম মৰান সভা' । মৰাণ সভাৰ জৰিয়েতে তেখেতে মৰাণ সমাজক কোঙা কৰি পেলোৱা কানি নিবাৰণ অভিযান আৰম্ভ কৰি গাঁৱে-ভূঞে সজাগতা সভা-সমিতি অনুষ্ঠিত কৰিছিল । এই মহৎ কৰ্মৰ বাটত তেখেতে দুষ্কৃতিকাৰীসকলৰ প্ৰতিবাদ, ককৰ্থনা আৰু অজ্ঞান সমাজৰ বহু লোকৰপৰা সমালোচনাৰ সন্মুখীন হৈছিল । তেখেতৰ দিনতেই মৰাণসকলক অনুসূচীকৰণ কৰা, মৰাণসকলক বিনা প্ৰিমিয়ামে মাটিৰ পট্টা দিয়া, মৰাণ বেল্ট এণ্ড ব্লক গঠন কৰা আদিকে ধৰি বহু দাবী সম্বলিত স্মাৰক পত্ৰ চৰকাৰৰ ওচৰত প্ৰদান কৰা হৈছিল । তেখেতে অসম মৰাণ সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে আৰম্ভ কৰি কেইবাটাও কাল কাৰ্যনিৰ্বাহ কৰিছিল । তেখেতে প্ৰস্তুত কৰি চৰকাৰক প্ৰদান কৰা 'Moran Devolopment Plan' নামৰ আঁচনিখন মৰাণৰ অগ্ৰণী সমাজত আজিও চৰ্চিত বিষয় ৰূপে পৰিগণিত হৈ আছে । তেখেতে জাতীয় ইতিহাস, সংস্কৃতিৰ ওপৰত ভালেমান উন্নতমানৰ লেখা লিখি থৈ গৈছে আৰু তেখেতৰ প্ৰচেষ্টাতে ডিগবৈৰ ওচৰত বানবিধ্বস্ত লোকৰ তামূলি বনগাঁও প্ৰতিষ্ঠা হৈছিল ।
     স্বকীয় বৈশিষ্ট্যপূৰ্ণ 'মৰাণ বিহু'ক তেওঁৱেই এখন গোড়া সমাজৰপৰা বাহিৰলৈ উলিয়াই বহল সমাজত পৰিচয় কৰাই দিছিল । তেওঁ পোনপ্ৰথমবাৰৰ বাবে ১৯৫১ চনত কাকপথাৰৰপৰা বিহুদল লৈ অসমৰ বিভিন্ন মঞ্চত মৰাণ বিহুক সৰ্বজন সমাদৃত কৰিছিল । এনে কাৰণতো তেওঁ বহুতৰে সমালোচনাৰ সন্মুখীন হৈছিল । তেওঁ সৃষ্টি কৰা মৰাণ বিহুগীতৰ কেছেট 'হোতৌ-পাতৌ' মৰান সংস্কৃতিৰ এক অনুপম চানেকি । 
      অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল আৰু অশেষ নিৰ্যাতন ভুগিবলগীয়া হৈছিল । পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদৰ এগৰাকী উল্লেখনীয় নেতা ৰূপে প্ৰতিস্থিত হৈছিল । এইজনা আপোচবিহীন সংগ্ৰামীয়ে জীৱনত বহু ত্যাগ স্বীকাৰ কৰি সাধাৰণ জীৱন যাপন কৰিছিল । এইজনা মহৎ ব্যক্তি মৰাণ সমাজত চিৰকাল স্মৰণীয় হৈ থাকিব ।

 (ঙ) ৰাঘব মৰাণ :- অসম মুলুকত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্ৰধান নেতাজনৰ নামেই আছিল বীৰ ৰাঘব মৰাণ ।
    ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, শোষণ-নিষ্পেষণৰ কবলৰপৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ খাটিখোৱা প্ৰজাসাধাৰণৰ মুকুতিৰ হকে এইজনা বীৰৰ সুন্দৰ নেতৃত্বতে সূচনা হৈছিল বিশ্বৰ সৰ্বপ্ৰথম এই সৰ্বাত্মক বিপ্লৱ ।
      ৰজাঘৰৰ বুৰঞ্জীৰ পাতে পাতে এই বিপ্লৱক মৰাণৰ দৌৰাত্ম্য, ৰাঘৱ মৰাণক নিষ্ঠুৰ, অত্যাচাৰী, নাৰীহৰণকাৰীৰূপে অপব্যাখ্যা দিয়াৰ বিপৰীতে আধুনিক কালৰ প্ৰগতিবাদী পণ্ডিত ড০ অমলেন্দু গুহ, ড০ হীৰেন গোহাঁই, ড০ স্বৰ্ণলতা বৰুৱা, ড০ ধ্ৰুৱজ্যোতি বৰা, ড০ দেৱব্ৰত শৰ্মাকে ধৰি আন বহু চিন্তাবিদে, ৰাঘৱৰ মুখেৰে নিৰ্গত হোৱা ৰাইজেই ৰজা' মহামন্ত্ৰৰে সূচনা কৰা এই বিপ্লৱক শোষক আৰু শোষিতৰ মাজত হোৱা গৃহযুদ্ধ আখ্যা দিছে । উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ ফৰাচী বিপ্লৱৰ কুৰি বছৰৰ পূৰ্বেই এই বিপ্লৱ সংঘটিত হৈছিল । 
      এই কথাও আজি পৰিষ্কাৰ যে সাধাৰণ কৃষক সন্তান ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজা, বাঁহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে বিৰাট ৰাজকীয় বাহীনীকপৰাস্ত কৰি ৰাজশাসন ওফৰাই দিয়াৰ দৰে নজিৰবিহীন আৰু বিস্ময়কৰ ঘটনা বিশ্বৰ বুৰঞ্জীতে বিৰল ।
      বিপ্লৱৰ সমস্ত প্ৰেক্ষাপট অধ্যয়ন-বিশ্লেষণে ৰাঘৱ মৰাণৰ মহৎ চৰিত্ৰক পোহৰলৈ আনে । ৰাঘৱৰ আহ্বানত জাতি-গোষ্ঠী নিৰ্বিশেষে সকলো প্ৰজা জাগৰিত হৈ সদলবলে ওলাই অহাৰ ঘটনাই তেৰা যে সৰ্বজন গ্ৰহণীয় নেতা আছিল ই তাৰেই ইঙ্গিত দিয়ে । ৰাজ্যখনৰ চাৰিওফালে ৰাজত্বক ঘেৰাও কৰি বিপ্লৱী বাহিনীক গোট কৈ তৈয়াৰ কৰা, যুদ্ধত গেৰিলা কৌশল প্ৰয়োগ আহিয়ে ৰাঘৱ মৰাণৰ প্ৰচুৰ সাংগঠনিক দক্ষতা, যুদ্ধ কুশলতা দাঙি ধৰে । তদুপৰি ৰজা লক্ষী সিংহক বন্ধী কৰি ৰাজকীয় মৰ্যাদা দিয়া, প্ৰকৃত গণশত্ৰুসকলক মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলক সামান্য শাস্তি দি ৰেহাই দিয়া, পলৰীয়া ৰাজকীয় সৈন্যক যাবলৈ এৰি দিয়া, দোষীসকল বিচাৰ মুকলি ঠাইত ৰাইজৰ সন্মুখত ৰাইজৰপৰামৰ্শৰে সিদ্ধান্ত গ্ৰহণ কৰা আদি তথ্য সমূহে এইজনা মহান পুৰুষৰ মানৱীয় প্ৰমূল্যৰ প্ৰতি সচেতন উদাৰ নৈতিক গণতান্ত্ৰিক চৰিত্ৰকে প্ৰতিফলিত কৰে । এতেকে সকলো মানহে বিচৰা শ্ৰেণী বৈষম্যবিহীন সমাজ গঢ়াৰ পথ প্ৰদৰ্শকৰূপে এইজনা মহামানৱ যুগ যুগলৈ প্ৰাসংগিক হৈ থাকিব । তদুপৰি অসমৰ সমাজ জীৱনৰ ধাবমান গতিধাৰাক মসৃণ ৰূপ দিবৰ বাবে ঐক্যবদ্ধ, শক্তিশালী সমাজ বৰ্তাই ৰাখিবলৈকে ৰাঘৱ মৰাণ অসম সমাজে আদৰ্শ গ্ৰহণ লগীয়াটোও প্ৰণিধানযোগ্য হৈ থাকিব ।

মিচিংসকল 

১/ 'মিচিং' জনজাতিৰ বিষয়ে এটা চমু টোকা লিখা ।
উত্তৰ  :- অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠীটো হ'ল মিচিং । মিচিং সকলক 'মিৰি' নামেৰেও জনা যায় । ভাৰতবৰ্ষৰ সংবিধানত মিচিং সকলক অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাবে 'মিৰি' নামেৰে চিহ্নিত কৰিছে । মিৰি শব্দৰ ব্যৱহাৰ মিচিং সকলে নিজে নকৰে । ' মিৰি ' শব্দৰ ব্যৱহাৰ মিচিংসকৰে সমাজৰ এক শ্ৰেণীৰ মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে । এই শব্দৰ প্ৰয়োগ পঞ্চদশ শতিকাৰ পোন প্ৰথম বাৰৰ বাবে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱে কৰিছিল বুলি কোনো কোনোৱে কয় যদিও বুৰঞ্জীৰ মতে শঙ্কৰদেৱৰ আগৰপৰাই মিৰি শব্দৰ ব্যৱহাৰ আছিল । পৰৱৰ্তী কালত ইংৰাজসকলেও একে শব্দকে ব্যৱহাৰ কৰি লেখা-মেলা কৰিছিল । বহল অৰ্থত তেওঁলোকে নিজকে 'তানি' বুলি পৰিচয় দিয়ে । 'তানি' শব্দৰ অৰ্থ মানুহ বা মানৱ ।
     মিচিংসলৰ পূৰ্ব বাসস্থান হিচাপে অসমৰ উত্তৰলানি পাহাৰকে চিহ্নিত কৰা হৈছে । বৰ্তমানৰ অৰুণাচলৰ 'আবৰ পাহাৰ'ৰপৰাই সূচল জীৱিকাৰ সন্ধানত মিচিংসল অসমৰ সমতললৈ নামি আহিছিল । মিচিংসলৰ এই আগমণৰ সময়ক লৈ পণ্ডিতসকলৰ মাজত দ্বিমত আছে । কোনো কোনো বুৰঞ্জীবিদৰ মতে অসমৰ আহোম ৰাজবংশ প্ৰতিষ্ঠা অৰ্থাৎ ১২ শ শতিকাৰ আগৰেপৰাই মিচিংসল সভ্যতাৰ সংস্পৰ্শলৈ আহি অসমৰ সমতল অঞ্চলত বসবাস কৰি আছিল ।
     মিচিং জনগোষ্ঠীৰ মাজত কেইবাপ্ৰকাৰে বিবাহ সম্পাদিত হয় । বংশ বা গোত্ৰ গণনা পুৰাণৰ ফালৰপৰা কৰা হয় । মনে বিচৰা জীৱন সংগী বিচৰাত ডেকা-গাভৰুসকলৰ মাজত স্বাধিনতা আছে । বিয়াৰ পাছত দুয়ো পক্ষৰ ফালৰপৰা অনুমোদন জনালেই সকলো মীমাংসা হয় । কিন্ত বিয়া একেটা কুলৰ মাজত সম্পাদিত নহয় । কুল বিচাৰত উচ্চ-নীচৰ বিচাৰ বা ভাৱ নাথাকে । থাকে মাথো মিতিৰ সম্বন্ধহে ।
      কৃষিয়েই মিচিংসলৰ জীৱিকাৰ সম্বল । বছৰত প্ৰধানত : দুবিধ ধান খেতি আহু আৰু শালি হয় । ধান খেতিৰ উপৰিও মিচিংসলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে ।
      মিচিং গাওঁবিলাকত শান্তি-সম্প্ৰতি বজাই ৰাখিবৰ বাবে একোজন গাওঁবুঢ়া থাকে । কোনো এজন ব্যক্তিয়ে অপৰাধ কৰিলে 'কৌবাং' বা মেল পাতি গাওঁ বুঢ়াৰ তত্বাৱধানত দোষীৰ বিচাৰ কৰা হয় । ক্ষমাৰ অযোগ্য দোষীক বৰ্জন বা সমাছচ্যুত কৰাৰ নিয়মো প্ৰচলিত হৈ আহিছে । এনে কৌবাং বা বিচাৰ মুৰংঘৰ নতুবা গাঁওবুঢ়াৰ চোতালত পতা হয় ।
      মিচিংসলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজ-পাৰত । পুৰুষসকলৰ বাবে ৰিহা-মেখেলা, ৰিবি-গাচেং আদি থকাৰ উপৰিও আ-অলংকাৰো দেখা যায় । প্ৰচলিত আছে যে মিচিং তিৰোতাই তাঁতশালত সপোন সৰগ ৰচনা কৰিব পাৰে । বনৰ চৰাই, হৰিণা, মাছ আদিৰ ৰূপ-ছয়াও বন্দী হয় মিচিং শিপীনীৰ নিপুন হাতত । তাঁতশালৰ কাপোৰৰ উপৰিও বিখ্যাত গাদু বা মিৰিজিম মিচিংসলৰ জাতীয় সম্বল ।
     মিচিংসলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধৰ্ম হিচাপে 'দঞি-পল' ই মিচিংসলৰ মূলধৰ্ম । লোক-বিশ্বাসত মিচিংসল অত্যন্ত বিশ্বাসী । কুকুৰাক সততেই বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে বিশ্বাস কৰে । ধৰ্মীয় উৎসৱ দবুৰ পূজা তাৎপৰ্যপূৰ্ণ বিভিন্ন দেৱতাৰ সন্তুষ্টাৰ্থে দবুৰত পূজা আগবঢ়োৱা হয় । ঘৰখনৰ গুচি-অশুচি আৰু উন্নতিত দেৱতাৰ কোপ দৃষ্টি থকা বুলি বিশ্বাস আছে । জন্মৰেপৰা মৃত্যলৈকে জীৱনটোক দঞি-পল বা সূৰ্য-চন্দ্ৰই পৰিচালনা কৰে বুলি মিচিংসলৰ বিশ্বাস আছে । 
     মিচিংসলে মিচিংসলে জাতীয় উৎসৱ আলি-আঃয়ে লিগাঙৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু মিচিংসলে পালন কৰে । এই উৎসৱৰ লগত তানি বঙহৰ চলুং, মপিন উৎসৱৰ সামঞ্জস্য আছে । মিচিংসলৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাং তিনিটা পদৰ সমষ্টি । আলি, আঃয়ে আৰু লৃগাং । আলি মানে মাটিৰ তলত হোৱা বীজ, আঃয়ে হ'ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ অৰ্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ । সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হৈ আহিছে । এই দিনটোৰ হিচাপ ৰাখিয়েই বীজ ৰোপণৰ শুভাৰম্ভ কৰে । পুৰাং আপিন বা টোপোলা ভাতৰ লগত দিনচান, ঙচান অৰ্থাৎ শুকান মাছ, মঙহ আৰু আপঙেই এই উৎসৱৰ প্ৰধান খাদ্য । আপং মিচিংসলৰ চিৰাচৰিত পানীয় দ্ৰব্য । আলি-আয়ে লিগাঙৰ দিনা আপং আৰু লৃগাঙৰ উপাদান প্ৰথমে দেৱতা, ডা-ডাঙৰীয়ালৈ গৃহস্থই উছৰ্গা কৰে । গুমৰাগৰ নৃত্য আৰু গীতে মিচিংসলৰ ঐতিহ্য আৰু শান্তিপ্ৰিয়তাৰ পৰিচয়কে বহন কৰে । মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহুক মিচিংসলে পৰম্পৰাগতভাৱেই পালন কৰে ।
      মিচিং ভাষা লোক সাহিত্যৰ দিশত অত্যন্ত চহকী । অলিখিত ৰূপত বছৰ বছৰ ধৰি চলি অহা গীত-মাতবোৰক সম্প্ৰতি লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে । মিচিং ভাষা চীন-তিব্বতীয় ভাষা পৰিয়ালৰ বৰ্মী শাখাৰ অন্তৰ্গত । অধ্যাপক নাহেন্দ্ৰ পাদুনে মিচিং ভাষাৰ বিকাশৰ স্তৰক ঘাইকৈ তিনিটা ভাগত ভাগ কৰি আলোছনা আগবঢ়াইছে । ভাগ তিনিটা হ'ল আদি স্তৰ, মধ্য স্তৰ আৰু আধুনিক স্তৰ । আদি স্তৰত মিৰৃ বা আঃবাঙৰ স্ত্ততিমূলক গীত-মাত আৰু লোক-কথাবোৰ পৰে । এইবোৰ আদিম স্তৰৰপৰা ১৮৮৬ চন পৰ্যন্ত । এইবোৰৰ লিখত ৰূপ নাছিল । পুৰোহিত বা মিবুসকলৰ মুখে মুখে এই শ্ৰেণীৰ গীত -মাতবোৰ কাল বাগৰি আহি আছিল । পৰৱৰ্তী কালত আঃবাং আৰু পৌৰাণিক গীতবোৰক সংগ্ৰহ কৰি লিখিত ৰূপ দিয়াৰ ক্ষেত্ৰত ১৯৬৪ চনত প্ৰকাশ কৰা সুৰেণ দলেৰ 'লেকে নিঃতম' খন উল্লেখযোগ্য । মধ্য স্তৰক ১৮৮৬ চনৰপৰা ১৯৮৬ চনলৈ সামৰিব পাৰি । মধ্য স্তৰক দুটা ভাগত ভগাব পাৰি । ইয়াৰে এটা ভাগক মিছনেৰি স্তৰ আৰু আনটো ভাগক মিচিং ভাষাৰ সম্পৰীক্ষাৰ স্তৰ বা যুগ বুলিও অভিহিত কৰিব পাৰি । সম্প্ৰতি মিচিং ভাষাত কবিতা, গল্প, নাটক উপন্যাস, ব্যাকৰণ, অভিধান আদি ৰচনা কৰি কবি, গল্পকাৰ  নাট্যকাৰ আৰু ঔপন্যাসিকসকলে ভাষা-সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে ।
      মিচিং সমাজ সুশৃংখলিত সমাজ । ইয়াৰ প্ৰধান কাৰণ হৈছে শ্ৰেণী - বৈষম্যহীনতা । পুৰুষৰ দৰেই মিচিং মহিলাইও কৃষি-কৰ্ম, গৃহ-কৰ্মাদিত সমানভাৱেই অংশ গ্ৰহণ কৰে । কেতবোৰ সমুহীয়া কাম - কাজতো মিচিং মহিলাই অংশ গ্ৰহণ কৰে ।
২/ মিচিংসলৰ তিনিবিধ সাজপাৰৰ নাম লিখা ।
উত্তৰ :- পুৰুষসকলৰ বাবে পৰম্পৰাগত 'মিবু গালুগ', মহিলাৰ বাবে 'ৰিবি-গাচেং' আৰু বিখ্যাত 'গাদু বা মিৰিজিম' মিচিংসকলৰ জাতীয় সম্বল ।
৩/ মিচিংসলৰ ধৰ্মপ্ৰাণ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- মিচিংসলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধৰ্ম হিচাপে 'দঞি-পল' ই মিচিংসলৰ মূলধৰ্ম । লোক-বিশ্বাসত মিচিংসল অত্যন্ত বিশ্বাসী । কুকুৰাক সততেই বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে বিশ্বাস কৰে । ধৰ্মীয় উৎসৱ দবুৰ পূজা তাৎপৰ্যপূৰ্ণ । বিভিন্ন দেৱতাৰ সন্তষ্টাৰ্থে দবুৰত পূজা আগবঢ়োৱা হয় । ঘৰখনৰ শুচি-অশুচি আৰু উন্নতিত দেৱতাৰ কোপ দৃষ্টি থকা বুলি বিশ্বাস আছে । জন্মৰেপৰা মৃত্যুলৈকে জীৱনটোক দঞি-পল বা সূৰ্য-চন্দ্ৰই পৰিচালনা কৰে বুলি মিচিংসলৰ বিশ্বাস আছে ।
৪/ আলি আয়ে লিগাং কিয় আৰু কেতিয়া পতা হয় ।
উত্তৰ :- মিচিংসলৰ জাতীয় উৎসৱ হ'ল আলি-আঃয়ে লৃগাং আঃয়ে আৰু লৃগাং শব্দৰ অৰ্থ হ'ল বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ । সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পতাৰ হয় ।
৫/ আলি আয়ে লিগাং শব্দৰ ব্যুৎপত্তি লিখা ।
উত্তৰ :- মিচিংসলৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাং তিনিটা পদৰ সমষ্টি । আলি, আঃয়েঃ আৰু লৃগাং । আলি মানে মাটিৰ তলত হোৱা বীজ, আঃয়ে হ'ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ । অৰ্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ ।
৬/ চমুটোকা লিখা :
(ক) ভৃগুমুনি কাগয়ুং (খ) শ্বহীদ কমলা মিৰি (গ) ঐৰাম বৰি (ঘ) যাদব পায়েং ।
উত্তৰ :- (ক) ভৃগুমুনি কাগয়ুং :- ভৃগুমুনি কাগয়ুঙৰ পূৰ্ব-পুৰুষৰ নাম আছিল কাৰ্তং । কাৰ্তঙৰ তিনিজন পুত্ৰ সন্তান-ক্ৰমে তামন, খহুৱা আৰু কুশৰাম । খহুৱাৰ ঔৰসত য়াবৰীৰ গৰ্ভত ভৃগুমনিৰ জন্ম হয় ১৯৩২ চনৰ অক্টোবৰ মাহৰ কোনো এক শুভ মুহূৰ্তত আলিমূৰ গাঁৱত ভৃগুমুনি কাগয়ুঙে শৈশৱ কালটো গাঁৱতে পাৰ কৰিছিল ।
      ভৃগুমুনি কাগয়ুঙে গাঁৱৰে ৫৮ নং আলিমূৰ প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । যোৰহাট চৰকাৰী বহুমুখী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ১৯৫৮ চনত প্ৰাইভেটকৈ অৱতীৰ্ণ হৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ভৃগুমনি কাগয়ুং আছিল সৰুৰেপৰা আত্মনিৰ্ভৰশীল । পিতৃ বিয়োগৰ পিছত পঢ়াৰ খৰচ তেওঁ নিজে উলিয়াই লৈছিল । সেয়ে দিনৰ ভাগত নিজে অৰ্থ-উপাৰ্জনৰ উদ্দেশ্য বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিছিল আৰু ৰাতিৰ ভাগত কলেজত পঢ়িছিল । এনেদৰে পঢ়িয়েই তেওঁ যোৰহাট জে বি কলেজৰ পৰা আই, এ, আৰু বি বৰুৱা কলেজ, গুৱাহাটীৰপৰা ১৯৮৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে । তদুপৰি কাগয়ুঙে ১৯৯২ চনত মহীশূৰৰ Institute of Indian language-ত মিচিং প্ৰাপ্ত বয়স্কঃ পাঠ্যপুথি প্ৰণয়নৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰে । এই প্ৰতিষ্ঠানতে তেওঁ ভাষা বিষয়ক প্ৰশিক্ষণো গ্ৰহণ কৰিছিল ।
       হাইস্কুলত পঢ়ি থাকোঁতেই কাগয়ুঙে অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ লগ হৈ ১৯৫২ চনত দিখৌমুখ এম, ই, স্কুল প্ৰতিষ্ঠা কৰে । এই বিদ্যালয়খনত তেওঁ বিনা বেতনে শিক্ষকতাৰ সেৱা আগবঢ়াইছিল ।
      ইয়াৰ পিছত ১৯৫৮ চনত যোৰহাট ভকেশ্বনেল কলেজিয়েট হাইস্কুল (Vocational Collegiate High School, Jorhat) ত এগৰাকী শিক্ষক হিচাপে যোগদান কৰে । একে সময়তে Jorhat industrial institute-ৰ  Instructor পদত মাধ্যমিক বিদ্যালয়ত ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তিনি বছৰ শিক্ষকতাৰ চাকৰি কৰে । ভৃগুমুনি কাগয়ুঙে স-সন্মানে অৱসৰ গ্ৰহণ কৰে ১৯৯০ চনত ।
       অসমীয়া কাব্য সাহিত্যলৈ ভৃগুমুনি কাগয়ুঙৰ অৱদান অপৰিসীম । তেওঁৰ ৰচিত অসমীয়া কাব্য-গ্ৰন্থকেইখন হ'ল - কবিতা কলি, আনাহুত, মন বননিৰ জুই আৰু কবিতা কুসুম । 'কবিতাকলি, নামৰ কাব্যগ্ৰন্থখন তেওঁ সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই লিখিছিল । ভৃগুমুনি কাগয়ুঙৰ আটাতকৈ জনপ্ৰিয় কাব্যগ্ৰন্থখনৰ নাম হৈছে 'অনাহুত' । ভাৰত চৰকাৰে তেওঁক 'অনাহুত' কাব্য গ্ৰন্থৰ বাবেও ভৃগুমুনি কাগয়ুঙৰ ১৯৯৪ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল । ভৃগুমুনি কাগয়ং মিচিং জনগোষ্ঠীৰ প্ৰথম ৰাষ্টীয় পুৰস্কাৰ প্ৰাপ্ত সাহিত্যিক ।
      ভৃগুমুনি কাগয়ুঙৰ কবিতা ৰমন্যাস আৰু আধুনিকতাৰ মিশ্ৰিত ৰূপ । এফালে ৰমন্যাসবাদৰ ভাবালুতা আৰু কল্পনাপ্ৰিয়তা আৰু আনফালে আধুনিক বাস্তৱতা আৰু বস্তুনিষ্ঠতাৰ প্ৰকাশ তেওঁৰ কবিতাৰ মন কৰিবলগীয়া দিশ । দেশপ্ৰেম, ৰোমান্টিকতা, ইতিহাস চেতনা, মানৱতাবোধ আৰু সমাজৰ প্ৰতি দায়বদ্ধতা ভৃগুমুনি কিগয়ুঙৰ কবিতাৰ প্ৰধান বিশেষত্ব । ঐতিহ্য চেতনা আৰু মানৱতাবোধ তেওঁৰ কবিতাৰ প্ৰাণ ৱন্ত স্বৰূপ । 
       ভৃগুমুনি কাগয়ুঙে অসমীয়া ভাষাৰ লগে লগে মিচিং ভাষাটো কবিতা লিখিছিল । কাগয়ুঙৰ বিভিন্ন সময়ত লিখা মিচিং কবিতাৰ সংকলনখন হ'ল "কাঃকাঃ মৌতম দঃঞিং' ।
       তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা মুঠ ২৭ (সাতাইছ) খন । ভৃগুমুনি কাগয়ুঙে ৰচনা কৰা কাব্যগ্ৰন্থসমূহৰ ভিতৰত 'কবিতা কলি' 'অনাহুত', 'মন বননিৰ জুই' আৰু 'কবিতা কুসুম' উল্লেখযোগ্য । তেওঁ ৰচিত প্ৰৱন্ধ গ্ৰন্থসমূহৰ ভিতৰত 'আৱেগিক ঐক্য সাধনত শ্ৰীমন্ত শঙ্কৰদেৱ' আঞ্চলিক ভাষা বনাম ত্রিভাষা', মিচিং কৃষ্টিৰ চমু আভাস', 'ভাষা আৰু শিক্ষাৰ ভূমিকা', 'মিচিং শব্দকোষ', 'মিচিং লোজন' আৰু 'ভৃগুমুনি কাগয়ুঙৰ মিচিং জন-জীৱনঃ চিন্তা-বিচিত্রা' ইত্যাদি ।
      ভৃগুমুনি কাগয়ুং এগৰাকী কৃতিমান প্ৰৱন্ধ লেখক আৰু প্ৰসিদ্ধ লোক-সংস্কৃতিৰ গৱেশক । অসমীয়া আৰু মিচিং ভাষা-সাহিত্য-সংস্কৃতিৰ গভীৰ অধ্যয়ন আৰু চৰ্চা তেওঁৰ জীৱনৰ ব্ৰত আছিল । ইয়াৰ বাহিৰেও তেওঁৰ প্ৰায় পাঁচশৰো অধিক গৱেষণামূলক আৰু চিন্তাগধুৰ প্ৰৱন্ধ বিভিন্ন কাকত-আলোচনী আদিত সিচঁৰতি হৈ আছে ।
      ২০১১ চনৰ ২৭ মাৰ্চত এইগৰাকী মনীষা, সু-সাহিত্যিক আৰু প্ৰসিদ্ধ কবি ভৃগুমুনি কাগয়ুঙৰ পৰলোকগামী হয় ।
    (খ) শ্বহীদ কমলা মিৰি :- নিজৰ দেশমাতৃক পৰাধীনতাৰ কবলৰপৰা মুক্ত কৰিবলৈ যিসকল জীৱনকো তুচ্ছ জ্ঞান কৰি জলাঞ্জলি দি গ'ল সেইসকল নমস্য ব্যক্তিক সমাজত দেৱতাৰ আসনত স্থান দি পূজা কৰা দেখা যায় । দেশমাতৃক স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি জ্ঞান কৰা হয় । তেনে মহান শ্বহীদসকলৰ অনবদ্য অৱদান উত্তৰ পুৰুষৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ পৰে । তেনে ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল কমল চন্দ্ৰ লইং, যি কমলা মিৰি নামেৰে পৰিচিত ।
        ১৮৯৪ চনৰ শিৱসাগৰ জিলাৰ (বৰ্তমান গোলাঘাট জিলা) ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা কমলা মিৰিৰ জন্ম হৈছিল । ওপৰ টেমেৰা কালক্ৰমত কেইখনো গাঁৱত বিভক্ত হ'ল আৰু কমলা মিৰি জন্ম হোৱা গাঁওখনক এতিয়া গুলুং টেমেৰা নামেৰেহে জনা যায় । কমলা মিৰিৰ পিতৃৰ নাম আছিল চিকৌ লইং আৰু মাতৃৰ নাম আছিল মংগলী লইং । সেই সময়ত ওপৰ টেমেৰা গাঁৱত কোনো শিক্ষানুষ্ঠান নথকাত কমলা মিৰিয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ বাবে ভোলাগুৰিলৈ ঢাপলি মেলিছিল আৰু তেতিয়াৰপৰাই বৰণ্যে মুক্তিযোদ্ধা আপিৰাম গগৈৰ লগত বন্ধুত্ব স্থাপন হ'ল বুলি জনা যায় । কোনো কোনোৱে আকৌ সোনাৰাম মিত্র নামৰ এজন বাংলা জনা লোকৰপৰা কমলা লইঙে শিক্ষা গ্ৰহণ কৰিছিল বুলি ক'ব খোজে ।
     মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনে ভাৰতবৰ্ষৰ চুকে-কোণে দেশপ্ৰেমৰ জোৱাৰ বিয়পাই পেলাইছিল । সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা গোলাঘাট জিলাৰ (সেই সময়ত শিৱসাগৰ জিলা) কমলা মিৰি আৰু তেওঁৰ সতীৰ্থ মিচিং ডেকাসকলকো দেশপ্ৰেমৰ সেই অসমৰ বাণীয়ে উদ্বেলিত কৰিছিল । সেই অমৰ বাণীৰ দ্বাৰা উদ্বোধন হৈ এজন-দুজনকৈ শত-সহস্ৰ মিচিং মিচিং ডেকা আগবাঢ়ি আহিছিল ।
      কমলা মিৰিৰ নেতৃত্বতেই মহুৰা মৌজাৰ বংকুৱাল অঞ্চলতো বিকাৰাম মিৰি বেজিয়া লইং, ভূটাই লইং, ধাতুৰাম পেগু, বোন্দা লইং, শম্ভৰাম মিৰি আদিয়ে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ।
       সেই সময়ত ৰেল-মটৰৰ কথা বাদেই বাট-পথ আদিও সুচল নাছিল । গোলাঘাটলৈ ওপৰ টেৰাৰপৰা কুৰি মাইলতকৈ বেছি ৰাষ্ট্ৰ খোজ কাঢ়িয়েই যাব লগা হৈছিল । তেতিয়াৰ ইমান দুৰ্গম বাট অতিক্ৰম কৰি কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰাটো অতি দুঃসাহসৰ কাম আছিল । কিন্ত দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে, তেজৰ সিৰাই সিৰাই প্ৰবাহিত হৈ থকা দেশপ্ৰেমৰ বাবে তেনেধৰণৰ কষ্টবোৰ কোনো বিশেষ কথা নাছিল । 
      সেই সময়ত ওপৰ টেমেৰাৰপৰা আৰম্ভ কৰি গেলাবিলৰ উত্তৰ অংশৰ গাঁওসমূহত কানি, ভাং আদি মাদক দ্ৰব্যৰ ভৰপূৰ হৈ আছিল । বিশেষকৈ কানীয়াৰে ভৰি থকা ওপৰ টেমেৰা গাঁৱত কানীয়াৰ সঁচ নাইকীয়া কৰাটো কমলা মিৰি আৰু তেওঁৰ সহযোগীসকলৰ কৃতিত্ব বুলি বয়োজেষ্ঠ লোকসকলে আজিও স্বীকাৰ কৰে ।
       মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনৰ আঠ আগষ্টত মুম্বাই বাহা "অল ইণ্ডিয়া কংগ্ৰেছ কমিটি"ৰ সিদ্ধান্তমৰ্মে ব্ৰিটিছৰ বিৰুদ্ধ ভাৰত-ত্যাগ আন্দোলন ঘোষণা কৰা হয় আৰু ন আগষ্ট তাৰিখে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু আদি অনেক নেতাক বৃটিছ চৰকাৰে কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰে । তেতিয়া কমলা মিৰিৰ সভাপতিত্বত ১৮/০৮/১৯৪২ তাৰিখে ৰঙামাটি মৌজাৰ ওপৰ টেমেৰা গাঁৱত শান্তি সেনাৰ দৰ গঠন কৰি ওঠৰজনীয়া এটি দলক গোলাঘাটত পিকেটিং কৰিবলৈ নিৰ্বাচিত কৰে । সভাৰ সিদ্ধান্ত অনুসৰি কমলা মিৰিয়ে মূল নেতৃত্ব লোৱাৰ উপৰি সোনধন পেগু, মালিধৰ পেগু, বলোৰাম লইং (চেক্ৰেটেৰী), বেপুং পাৰ্টী (নায়ক) জাৰমন মৰাং, কৰ্দ্দিক মৰাং, বোম্বা বৰি, ফেদলা লইং, ঠগি, বেলেম লইং, মেকনা লইং, বুবা বৰি, দচয়া বৰি, কোমল সইং, এলোক পঠৰী, নন্দীৰাম লইং, মেতুং বৰিয়ে শান্তি সেনাৰ কাম কৰিবলৈ সংকল্পবদ্ধ হয় ।
       ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে গোলাঘাটত কংগ্ৰেছৰ কাৰ্যালয়ত বিপ্লৱৰ বা-বাতৰি ল'বলৈ যাওঁতে কমলা মিৰিকে আদি কৰি তেওঁৰ সহকৰ্মীসকলক বৃটিছ চিপাহীয়ে বন্দী কৰে । একে বছৰৰে আঠ অক্টোবৰ তাৰিখে গোলাঘাটৰ সেই সময়ৰ দণ্ডাধীশ আশু দত্তই বন্দীসকলৰ বিচাৰ কৰি প্ৰত্যেককে আঠ মাহকৈ কাৰাদণ্ড দি যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে । কাৰাগাৰত তেওঁ গোপীনাথ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, মহম্মদ তৈয়াবুল্লা, অমিয় কুমাৰ দাস, হেম বৰুৱা আদি নেতাসকলক লগ পায় । কাৰাগৰৰ ভিতৰত গোপীনাথ বৰদলৈৰ ওচৰত কমলা মিৰিয়ে হিন্দী শিকিছিল আৰু যঁতৰত কপাহী সূতা কাটিছিল । কাৰাগাৰৰ বন্ধী জীৱন কটোৱাৰ সময়তে কমলাৰ স্বাস্থ্য ভাগি আহিবলৈ লোৱাত কাৰাগাৰ হস্পিতালত ভৰ্তি কৰোৱা গৈছিল । এইজনা মহান দেশ প্ৰেমিকে ১৯৪৩ চনৰ ২২ এপ্ৰিলৰ মাজ ৰাতি চাৰে বাৰ বজাত অৰ্থাৎ ২৩ এপ্ৰিলত সকলোকে কন্দুৱাই এই পৃথিৱীৰপৰা মেলানি মাগিলে । 
      (গ) ঐৰাম বৰি :- মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰিৰ জন্ম হৈছিল ব্ৰিটিছ প্ৰশাসনৰ 'নেফা' (NEFA) ৰ অন্তৰ্গত আয়ন গাঁৱত ১৮৭৭ চনত তেখেতৰ জন্ম হৈছিল বুলি জনা যায় । বৰিদেৱৰ পিতৃ-মাতৃৰ নাম আছিল প্ৰয়াত তাকিৰ বৰি আৰু মঙলী বৰি । 
      সেই সময়ত প্ৰয়াত বৰিৰ গাঁৱৰ আশে-পাশে বিদ্যালয় নাছিল । তেখেতে নিজা গাঁৱৰপৰা ত্রিছ-পঁইত্রিশ কিলোমিটাৰ নামনিৰ পুৰণা মুৰ্কংচেলেকৰ অন্তৰ্গত মেচাকী প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰে ।
       ঐৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বৰ্ণাঢ্য মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ কাম ১৯৫০ চনৰ বহু আগৰ পৰাই আৰম্ভ কৰিছিল । ১৯৫২ চনৰ পৰা কৃষ্টিপ্ৰাণ এচাম যুৱক-যুৱতীক লগত লৈ মিচিঙৰ মুল্যৱান ঐ নিঃতম, চৌল্লয়া, লৌৰৌলি, লঃলে, কাবান, তৌবঃ তৌকাং, বৃনি, মিবু আঃবাং ইত্যাদিবোৰৰ প্ৰণালীবদ্ধ চৰ্চা, সংৰক্ষণ আৰু সংবৰ্ধনৰ কামত হাতে-কামে লাগে । তেখেতৰ লগত সহযোগ কৰা পোন্ধৰগৰকীৰো অধিক ডেকা-গাভৰুৰ দল আছিল । বৰিদেৱৰ এই সাংস্কৃতিক দলটিয়ে জোনাই, পাচিঘটৰপৰা আৰম্ভ কৰি গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, মাজুলীলৈকে লোককৃষ্টি প্ৰদৰ্শন কৰি মিচিঙৰ স্বকীয় শৈলীৰে ভৰা বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ ঘটালে । স্মৰ্তব্য যে মিচিং সংস্কৃতিৰ সাধক বৰিদেৱে পাঁচগৰাকী যুৱতীৰ সহযোগত প্ৰণালীবদ্ধভাৱে লৃগাং-লঃলে, গুমৰাগ নৃত্যৰ উপস্থাপন কৰি মিচিং কৃষ্টিক নতুন মাত্ৰা প্ৰদান কৰালে । তাৰোপৰি তাহানিৰ মুৰ্কংচেলেক অঞ্চলৰ পিছপৰা মিচিং গাঁওসমূহত বৰিখে বঢ়া-শুনা, পৰিস্কাৰ-পৰিচ্ছন্নকৈ থকা, গ্ৰাম্য সমাজত আন্তঃসহযোগিতাৰে কৰ্ম সম্পাদন কৰা, প্ৰচলিত হৈথকা সামাজিক ব্যাধিসমূহ দূৰ কৰা ইত্যাদিবোৰৰ উপৰিও উচ্চ-নীচৰ বিচাৰ নকৰাকৈ গ্ৰাম্য সমাজখন স সুস্থ-সবল ৰূপত জীয়াই ৰখাৰ বাবে কৰ্ম আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল । তেখেতে 'আয়ন অঞ্চল সংস্কাৰ আৰু উন্নয়ন সভা'ৰপৰা আদি কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰাম লৈকে বহু মূল্যৱান কৰ্ম ৰূপায়ণ কৰি গ'ল ।
       তাহানিৰ 'নেফা' প্ৰশাসনৰ বিষয়া আৰ্নল্ড চাহাব আৰু মাথুৰ চাহাবৰ পৰিকল্পনাত, ঐৰাম বৰিৰ নেতৃত্বত আয়ন চাৰিআলিৰপৰা চিয়াং ব্ৰহ্মপুত্ৰলৈ স্থানীয় ৰাইজে পথ এটি নিৰ্মাণ কৰে । ১৯৫৮ চনত 'নেফা' প্ৰশাসনে উক্ত পথছোৱাৰ শেষাংশত মিলিত চিয়াং- ব্ৰহ্মপুত্ৰৰ ঘাটখন 'ঐৰাম ঘাট' নামেৰে নামাকৰণ কৰে । বৰ্তমানেও আয়ান চাৰিআলিৰপৰা দক্ষিণ-পূবে গলে ৰবিদেৱৰ কৰ্ম-সন্মানৰ চানেকিক 'ঐৰাম ঘাট' নামটোৱে জীৱন্ত ৰূপত জিলিকাই ৰাখিছে ।
      (ঘ) যাদব পায়েং :- গছ থাকিলেহে মানুহ থাকিব । অৰ্থাৎ গছ আৰু মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক । এই মহাজগতৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰৰ ক্ষেত্ৰত মানুহৰ অতি গুৰু দায়িত্ব আছে । ইয়াৰ বাবে লাগে সদিচ্ছা আৰু পৰিৱশ ৰক্ষাৰ প্ৰবল হেপাঁহ । এই গুৰু দায়িত্ব বহন কৰি সমগ্ৰ পৃথিৱীৰ মানৱ সমাজক প্ৰকৃতি ৰক্ষাৰ নিৰ্বাক বাণী প্ৰদান কৰিবলৈ আগবাঢ়ি আহিল যোৰহাটৰ ককিলামুখৰ ১ নং মিচিং গাঁৱৰ নিবাসী মাত্র দশম শ্ৰেণীলৈকে পঢ়া শ্ৰীযাদৱ মোলাই পায়েং । ১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে যোৱা প্ৰায় চল্লিশটা বৰ্ষ কেৱল গছ ৰুইছে আৰু সেইবোৰ লালন-পালন কৰিছে । লগতে মোলাই কাঠনিত বাস কৰা আৰু চৰিবলৈ অহা জীৱ-জন্তু, চৰাই-চিৰিকতিসমূহো তেওঁ পালন কৰিছে । প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেষ কৰ্মী ভাৰতৰ অৰণ্যৰ মানৱ যাদৱ পায়েঙে অসমৰ তদানীন্তন শিৱসাগৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত জন্ম হৈছিল ১৯৫৯ চনৰ ৩০ অক্টোবৰত ।ব্ৰহ্মপুত্ৰৰ ত্রাসত বাসস্থান সলনি কৰিবলগীয়া হোৱাত বৰ্তমান ককিলামুখৰে ১নং মিৰি গাঁৱৰ থিতাপি লয় । তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং । পিতৃ-মাতৃৰ ১১ টা সন্তানৰ ভিতৰত যাদৱ পায়েং তৃতীয় স্থানত । দিচৈ কাষৰ ব্ৰাহ্মণ গাঁৱৰ যদুনাথ বেজবৰুৱাৰ তত্ত্বাৱধানত যাদৱ পায়েঙে ৯০ নং বালি গাওঁ প্ৰথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলিছিল । তেখেতৰ পৰাই তেওঁ পৰিৱেশ সংৰক্ষণ আৰু জীৱ-জন্তুৰ প্ৰতি প্ৰীতি মনোভাৱৰ আদি পাঠ গ্ৰহণ কৰিছিল । দশম মান শ্ৰেণীলৈকে পঢ়া পায়েঙে প্ৰৱেশিকা পৰীক্ষা নিদিয়াকৈয়ে ঘৰলৈ উভতি আহিছিল । ঘৰলৈ উভতি আহি দেখে যে, ঔনা চাপৰিত ব্ৰহ্মপুত্ৰৰ বানে পেলাই থৈ যোৱা বলুকাত প্ৰখৰ ৰদৰ সাপ-বেঙকে আদি কৰি সৰু-সুৰা অজস্ৰ জীৱ-জন্তু মৃত্যু মুখত পৰিছে । তেতিয়াই প্ৰখৰ খৰাঙত মৃত্যুৰ ক্ষণ গণি থকা অসহায় এপাল সাপ তেওঁৰ দৃষ্টিগোচৰ হ'ল । দৰহী হৃদয়ৰ গৰাকী পায়েঙে সাপবোৰ ৰক্ষা কৰাৰ নিমিত্তে ওচৰ-পাজৰৰ গাঁৱৰ বয়োজেষ্ঠ সকলৰ পৰা পৰামৰ্শ লৈ ৫০ জোপা বাঁহ ৰোপন আৰম্ভ কৰিছিল । তাৰ পিছত প্ৰতি বছৰে গছ-বিৰিখ ৰোপন কৰা কাৰ্য তেওঁৰ অভ্যাসত পৰিণত হ'ল ।  কালক্ৰমত ১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে বিশাল কাঠনি গঢ়ি তুলিলে । যাক আজি বিশ্বই "মোলাই কাঠনি" বুলি চিনি পায় । এই মোলাই কাঠনি বৰ্তমান নৱগঠিত মাজুলী জিলাৰ ঔনা অৰুণা চাপৰিৰ দাঁতিত অৱস্থিত । যোৰহাটৰ ককিলামুখৰ পৰা গলে গলে ব্ৰহ্মপুত্ৰৰ এৰাসুতি পাৰ হৈ যাব লাগে; আনহাতে মাজুলীয়েদি গ'লে বৰনৈ পাৰ হৈ মোলাই কাঠনি পায় । 
      বৰ্তমান ১৩৬০ একৰ অৰ্থাৎ ৪০৫০ বিঘা মাচিত মোলাই কাঠনি ব্যাপ্ত । অনাগত পাঁচ ভিতৰত ২০০০ একৰ ভূমিলৈ মোলাই কাঠনি বিস্তৃত কৰা আঁচনি লৈছে যাদৱ পায়েঙে । পায়েঙৰ মোলাই কাঠনিৰ বিশাল পৰিয়ালৰ ভিতৰত মূল্যৱান ৰঙা চন্দন, বগা চন্দন, চিচুগছ, হলখ, গমাৰী, তিতাচপ, পমা আদি মূল্যৱান বিৰিখৰ ওপৰি বিভিন্ন ধৰণৰ ঔষধি বন-লতাৰে আৱৰা । চাৰিটা ঢ়েঁকীয়াপতীয়া বাঘ মোলাই কাঠনিৰ প্ৰধান আকৰ্ষণ । বছৰত তিনি-চাৰি মাহৰ বাবে চৰিবলৈ অহা ১১৫ টা হাতী, ৫০০ ৰো অধিক হৰিণা মোলাই কাঠনিৰ সদস্য । কাজিৰঙাৰ পৰা চৰিবলৈ অহা তিনিটা এশিঙিয়া গড় মোলাই কাঠনিৰ আলহি সদস্য । পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত ম'হ, গৰু গাহৰি, হাঁহ-কুকুৰা ইত্যাদি । ইয়াৰে ৯০ চা ম'হ ৫০ টি গৰু-গায় আৰু দহটা গাহৰি আছে । বাঘবোৰে পায়েঙৰ পোহনীয়া গৰু-ম'হ ভক্ষণ কৰিলেও তেওঁ বেয়া নাপায়; কাৰণ সেইবোৰেই বাঘৰ খাদ্য । বৰঞ্চ মানুহে বন-জঙঘল ধ্বংস কৰাৰ ফলত বাঘ, হাতী আদি জন্তুবোৰৰ খাদ্য আৰু চৰণীয়া ঠাইৰ নাটনি হোৱা বাবে তেওঁ মানুহকে দোষাৰোপ কৰিব খোজে । শগুণ, শামুকভঙা, বগলী, হুদু, বৰটোকোলা, শাপলী হাঁহ, কাউৰী, কামচৰাই, বাদুলী, কপৌ আদি বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই-চিৰিকতি পায়েঙৰ মোলাই কাঠনিৰ এৰাব নোৱাৰা পৰিয়াল । তেওঁৰ মত-"তেখেতৰ সাক্ষাৎ কৰিবলৈ অহা অভ্যাগতসকলে তেওঁৰ গামোচা পিন্ধোৱতকৈ মোলাই কাঠনিলৈ গৈ এজোপা গছ ৰুই দিলে তেওঁ অধিক সুখী হ'ব । পোহনীয়া গৰু-ম'হৰ বাবদ তেওঁৰ বছৰি তিনি হাজাৰ (৩০০০) টকাকৈ চৰকাৰক কৰ হিচাপে আদায় দিয়ে ।
     পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মোলাই পায়েহে ৰূপায়ণ কৰা মহান কৰ্মৰ প্ৰতিদান স্বৰূপে ২০১২ চনত নতুন দিল্লীস্থিত জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেখেতৰ ভাৰতৰ অৰণ্য মানৱ (Forest Man of India) উপাধি প্ৰদান কৰে । সেই বছৰতে তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামে ২৫০ লাখ টকাসহ 'হীৰাখচিত বঁটা' আকৰে আৰু লগতে উচ্চ প্ৰশংসা কৰে । ২০, ২১, ১২ নবেম্বৰ, ২০১২ চনত পেৰিচৰ U.N. Global Conference ত তেওঁক সম্বৰ্ধনা জনোৱা হয় । প্ৰকৃতিৰ নীৰৱ সাধক যাদৱ পায়েঙক ২০১৫ চনত ভাৰত চৰকাৰে ভাৰতৰ চতুৰ্থ সৰ্ব্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী উপাধি প্ৰদান কৰে । তেখেতৰ এতিয়ালৈকে চীন, টাইৱান, শ্ৰীলংকা, আৰৱৰ ড'হা, চুইজাৰলেণ্ড, ফ্ৰান্স, বাংলাদেশ আদি দেশসমূহলৈ নিমন্ত্ৰিত আৰু সম্বৰ্দ্ধিত হৈছে ।
       ইয়াৰ উপৰিও মিচিং সম্প্ৰদায় আৰু বহুতো পুৰোধ্য ব্যক্তি আছে । উদাহৰণস্বৰূপে "মিচিং' সমাজৰ প্ৰথম বন বিষয়া, মহীচন্দ্ৰ মিৰি যাৰ বাবে কাজিৰঙাই বিশ্বমানচিত্রত স্থান পাইছিল । তেওঁ কাজিৰঙাৰ গড় প্ৰথম যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠাই এটা খৰ্গৰ গড়ৰ স্হান কাজিৰঙা বুলি চিহ্নিত কৰিছিল । 
      মিচিংসলৰ আন এজন উল্লেখযোগ্য ব্যক্তি হ'ল বিশ্ব পাঞ্জা চেম্পিয়ন ৰাজেন্দ্ৰ কুমাৰ মিলি । ১৯৭৭ চনত কলিকতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় 'আৰ্ম ৰেচলিং' প্ৰতিযোগিতাত যোগদান কৰি ৰাষ্ট্ৰীয় চেম্পিয়নবিশ্বপ খিতাপ অৰ্জন কৰিছিল । ১৯৭৯ চনত তেখেতে কানাডাৰ এডমন্টনত অনুষ্ঠিত ইন্টাৰনেচনেল 'আৰ্ম ৰেচলিং' প্ৰতিযোগিতাত ভাৰতৰ হৈ খিতাপ অৰ্জন কৰে ১৯৮১ চনত ভাৰতৰ কলিকতাত 'ৱল্ড আৰ্ম ৰেচলিং'প্ৰতিযোগিতাত অসম তথা ভাৰতৰ হৈ চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল ।

মণিপুৰীসকল 

১/ কেতিয়াৰপৰা মনিপুৰী সকলে অসমত স্থায়ীভাৱে বসবাস কৰিব আহিছে ?
উত্তৰ :- ১৮১৯ খ্ৰীষ্টাব্দত মান সেনাই ৰাজ্য আক্ৰমণ কৰে । মণিপুৰী প্ৰজাসকলৰ ওপৰত মান সেনাই কৰা বৰ্বৰ অত্যাচাৰ আৰু উৎপীড়িত তিষ্ঠি থাকিব নোৱাৰি তেওঁলোক কাছাৰ, ছিলেট (বৰ্তমানৰ বাংলাদেশৰ অন্তভূৰ্ক্ত) আদি ঠাইলৈ আহিছিল বুলি কোৱা হয় । পাছত এই লোকসকলে স্ব-স্থানলৈ উভতি নগৈ কাছাৰ (বৰ্তমান কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা) জিলাতেই স্থায়ীভাৱে বাস কৰিবলৈ লয় ।
২/ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তৰ্ভুক্ত হয় ?
উত্তৰ :- ১৯৯২ চনত মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হয় । 
৩/ মণিপুৰী মীতৈ/মৈতৈ সকলৰ সমাজত সাতটা যেক ছালাইৰ নাম কি কি ?
উত্তৰ :- মণিপুৰী বা মীতৈ/মৈতৈ সমাজ সাতোটা 'য়েক-ছালাই' অৰ্থাৎ খেল বা ফৈদত বিভক্ত । এইবোৰ হ'ল মঙাং (নিংথৌজা), লুৱাং, খুমন, মোইৰাং, অঙোম, খাবা-ঙানবা আৰু চেংলৈ । 
৪/ মনিপুৰী মীতৈ/মৈত্ৰীৰ নিজা ঘৰত পূজা অৰ্চনা কৰে দেৱ-দেৱীৰ নাম কি কি ?
উত্তৰ :- 'লাইনিংথৌ ছানামহী', 'ইমা লৈমৰেণ শিদবী' আদি দেৱ-দেৱী ।
৫/ লাই হৰাওবা কি ? বছৰৰ কি মাহত লাই ইৰাওবা উৎসৱ পালন কৰা হয় ? লাই হৰাওবা উৎসৱত ব্যৱহাৰ কৰা এটি বাদ্য যন্ত্ৰৰ নাম লিখা ।
উত্তৰ :- মণিপুৰীসকল মূলত : কৃষিজীৱি । তেওঁলোকৰ সমাজ আৰু সংস্কৃতিও কৃষি ভিত্তিক । মণিপুৰী উৎসৱ 'লাই হৰাওবা' কৃষিভিত্তিক হ'লেও লোকাচাৰ জড়িত । 'লাই হৰাওবা' ৰ অৰ্থ হৈছে 'নেদেখাজনৰ সন্তোষ সাধন' । 'লাই হৰাওবা' হৈছে মণিপুৰী সংস্কৃতিৰ প্ৰতিবিম্ব স্বৰূপ । মণিপুৰীসকলে আদিম জড়দেৱতা 'উমংলাই পূজা প্ৰাঙ্গণত 'লাই হাৰাউফম'ত প্ৰতিবছৰে উদযাপন কৰে । 'লাই হাৰাওবা' ৰ প্ৰধান শিল্পী মাইবা-মাইবী এই নৃত্যৰ প্ৰধান বাদ্যযন্ত্ৰ হল পেনা । বীনা জাতীয় এবিধ বাদ্য ।
৬/ মনিপুৰী মীতৈ/মৈতৈ সকলৰ কিছুমান নাচৰ নাম লিখা ।
উত্তৰ :- 'থাবল চোংবি', 'মাইবী জগোই' (লাই হৰাওবা নৃত্য) 
৭/ চমুটোকা লিখা
(ক) নাওৰিয়া ফুলো                    (খ) নৃত্যগুৰু কে, যতীন্দ্ৰ সিংহ
(গ) সমাজসেৱক সৰস্বতী সিংহা  (ঘ) নোংথোম্বম বিদ্যাপতি সিংহ 
উত্তৰ :- (ক) নাওৰিয়া ফুলো :- আধুনিক মণিপুৰী সাহিত্যৰ বাটকটীয়া ব্যক্তিসকলৰ ভিতৰত নাওৰিয়া ফুলো অন্যতম ।
     ১৮৮৮ চনৰ ২৮ আগষ্ট তাৰিখে অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ লাইশ্ৰম খুন' নামৰ গাঁৱত নাওৰিয়া ফুলোৰ জন্ম হয় ।  তেওঁ নাওৰেম চাওবা আৰু থম্বৌ দেবীৰ পঞ্চম সন্তান । জন্মতে কুন্দত কটা যেন সুন্দৰ-সুঠাম শিশুটিক ককাকে নাম দিলে ফুন্দ্ৰেই' অৰ্থাৎ কুন্দ । পঢ়াশালিৰ শিক্ষকে সুকোমল এপাহ ফুলৰ দৰে ধনীয়া ল'ৰাটিৰ নাম ৰাখিলে 'ফুলো'।
      তেওঁলোকৰ পূৰ্বপুৰুষসকল আছিল ৰাজন্য শাসিত মণিপুৰ দেশৰ প্ৰজা । তেওঁলোকৰ কোনোবা আজো ককাক এজন ৰাজদৰবাৰৰ বিষয়া আছিল । পিছে মান-ভাগনত আজো ককাক হেৰান্দ স্বদেশ এৰি ভগনীয়া দলৰ সৈতে আহি এইখন গাঁৱত নিগাজীকৈ থাকিবলৈ লয় । 
       কুৰি শতিকাৰ তৃতীয় দশকটো (১৯২০-৩০) মণিপুৰী আধুনিক সাহিত্যৰ অৰুণোদয়ৰ সময় । এই দশকটোতে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত এচাম মাতৃভাষাপ্ৰেমীয়ে সাহিত্য ৰচনাত মনোনিৱেশ কৰে । নাওৰিয়া ফুলোই শিক্ষকতা কৰি থকা সময়ৰপৰাই সাহিত্য চৰ্চা আৰম্ভ কৰে অনুবাদেৰে । ১৯১৮ ৰ ১৯১৯ লৈকে হিন্দু উপনৈৰ উপাখ্যানৰ কাহিনীৰে পাঁচ খন নাটক ৰচনা কৰে । সেইসমূহ (১) "ইনিংথৌ হৰিচন্দ্ৰ"-- (ৰাজা হৰিচন্দ্ৰ) (২) "সীতা বনবাস"(৩) "ৰামনা বনবাসতগী হললকলবদা" -- (বনবাসৰপৰা ৰামৰ প্ৰত্যাৱৰ্তনত) (৪) "দুষ্মন্ত শকুক্তলা" (৫) 'শ্ৰৱণ কুমাৰ ।" পৰৱৰ্তী সময়ত--- (১৯৩০-১৯৪০) ১১ বছৰৰ ভিতৰত কবিতা আৰু নিবন্ধৰ ১৯ খন গ্ৰন্থ ৰচনা কৰে । তেওঁৰ গদ্যসমূহৰ উল্লেখনীয় গ্ৰন্থসমূহ --(১) 'মীতৈ হৌভম ৱাৰী" (মীতৈৰ ইতিবৃত্ত । (২) " গৌড় ধৰ্ম্ম চঙকপা মতাং" (গৌড় বা গৌড়ীয় ধৰ্ম্ম প্ৰবৰ্তনৰ সন্ধিক্ষণ) । (৩) "মীতৈ য়েলহৌ ময়েক " --- (মীতৈ প্ৰাচীন লিপি ) (৪) "অহন য়াথং " --- (গুৰু উপদেশ )। (৫) " হৌৰকপা অমসুং হৌভম " (পেৰাবৃত্ত) (৬) "বামোনগী মতিক" ---- (বামুনৰ প্ৰভাৱ) । (৭) ঐগী ৱাৰেং--- (মোৰ গদ্য /নিবন্ধ) ইত্যাদি ।
       (১) য়ুমলাইৰোন-১৯৩০ গৃহ দেৱ-দেৱীৰ স্তোত্ৰ) । (২) শিংথা চৈথাৰোন ১৯৩০ (ধৰ্মীয় ৰীতি-নিতিৰ মন্ত্র) । (৩) সকোক থীৰেন ১৯৩১ (সৃষ্টি তত্ত্ব কথা ) । (৪) চীংনু লাইৰোন (চিংনু দেবীৰ স্ত্তুতি মন্ত্ৰ) (৫) তেংবানবা অমসুং লাইনিংথৌ লাইপও-১৯৩৩ (সৃষ্টিকৰ্তা কথোপকথন) আৰু লাইনিংথৌ "সনামহীৰ কথোপকথন) । (৬) থাইন নোংইন-১৯৩৬ (আধ্যাত্মিক আৰু সাংসাৰিক ধৰ্ম পথৰ উপদেশ), (৭) পামহৈবা-১৯৪৭ (পামহৈবা ৰজা জীৱন চৰিত) (৮) "অথৈবা সৈৰেং " -১৯৩৪ (শ্ৰেষ্ঠ কবিতা ) ইত্যাদি ।
         ১৯৩০ চনৰ ১৩ এপ্ৰিলত নাওৰিয়া ফুলোই তেওঁৰ মতাদৰ্শৰ মাত্র ১২ জন অনুৰাগীক লৈ "অপোকপা মৰূপ" (অপোকপা সমাজ) গঠন কৰে । এই মঞ্চৰ যোগেদি তেওঁৰ মতাদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে দুগুণ উৎসাহেৰে আগবাঢ়ে । পৰবৰ্তী সময়ত মণিপুৰত অপোকপা সমাজ গঠন কৰে । জনসাধাৰণৰ দৃষ্টিত তেওঁ হৈ পৰিল 'পুনৰুত্থানৰ নায়ক ।
       তেওঁৰ কবিতাসমূহ আধ্যাত্মিক ভাৱধাৰা আৰু প্ৰাচীন ঐতিহ্যৰ গুণ-গান, বিলুপ্ত মীতে দেৱ-দেৱীৰ স্ৰোত, স্তুতি, মন্ত্ৰ, গীত আদিয়ে পৰিপূৰ্ণ । সেইসমূহ সাহিত্যৰ অমূল্য সম্পদ । বহুমুখী প্ৰতিভাধাৰী এইগৰাকী ক্ষণজন্ম পুৰুষে ৫৩ বছৰ বয়সত ১৯৪১ চনৰ ৩০ জন তাৰিখে ইহলীলা সম্বৰণ কৰে ।
(খ) নৃত্যগুৰু কে যতীন্দ্ৰ সিংহ  :- বিশ্ব ভাৰতী শান্তিনিকেতন সংগীত ভৱনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰেণ্য নৃত্য শিল্পী নৃত্যগুৰু অধ্যাপক কে, যতীন্দ্ৰ সিংহৰ জন্ম হয় ১৯৪৩ চনত এপ্ৰিল মাহৰ ২২ তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত । গুৰু কে, যতীন্দ্ৰ সিংহ, মণিপুৰী নাট-সংকীৰ্ত্তন গুৰু কে, কামিনী সিংহ আৰু শ্ৰীমতী পশোৎলৈমা দেৱীৰ সুপুত্র । লৰালি কালৰেপৰা তেওঁ আছিল অতি নম্ৰ, বিনয়ী, সংগীত তথা নৃত্য প্ৰেমী । বংশৰ ঐতিহ্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি শৈশৱতে পিতৃ আৰু কে কামিনী সিংহৰপৰা নাট সংকীৰ্ত্তন ও নৃত্যৰ আদি পাঠ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত সেই সময়ৰ মণিপুৰ ৰাজ্যৰ প্ৰখ্যাত নৃত্যগুৰু, গুৰু লোকেশ্বৰ, গুৰু অমুবী আৰু গুৰু অতোম্বাৰপৰা নৃত্যৰ তালিম লৈছিল ।
        ১৯৬৫ চনত বৃত্ত পাই বিশ্বভাৰতী শান্তিনিকেতনলৈ নৃত্যশাস্ত্ৰ বাবে যায় । নৃত্যশিক্ষা সাং কৰি তাতেই তেওঁ নৃত্য আৰু সংগীত বিভাগত অধ্যাপকৰ পদত নিযুক্তি পাই শান্তি নিকেতনত নিগাজিকৈ থাকিবলৈ লয় । অধ্যাপনাৰ সমান্তৰাল ভাৱে তেওঁ নৃত্যৰ সাধনাত মনোনিৱেশ কৰে । বিভিন্ন নৃত্যৰ সংযোজন ও সংমিশ্ৰণৰ জৰিয়তে তেওঁ আটকধুনীয়া নতুন নৃত্যশৈলী উদ্ভাৱন কৰি শিক্ষাৰ্থীসকলক শিকাইছিল । ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত নৃত্যৰ বহু কৰ্মশালা, আলোচনাচক্ৰ তথা সাংস্কৃতিক সমাৰোহত নৃত্যৰ প্ৰদৰ্শন তথা বক্তৃতা প্ৰদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ উদ্দেশ্যগত শান্তিনিকেতনৰ এনে বহু কৰ্মশালা ও আলোচনাচক্ৰ আয়োজন কৰি মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্যৰ শ্ৰীবৃদ্ধিৰ অহৰহ চেষ্টা  চলাই গৈছিল । তেওঁৰ তত্ত্বাৱধান আৰু নিৰ্দেশনাত তেওঁৰ ছাত্ৰ-ছাত্ৰী ও বিশ্বভাৰতীৰ সংগীত বিভাগৰ শিল্পী সমন্বিতে, দক্ষিণ আমেৰিকা, চিন, জাপান, মালয়াছিয়া, ছিংগাপুৰ,ফ্ৰান্স, ৰাছিয়া, ম্যানমাৰ আৰু বাংলাদেশকে আদি কৰি বিশ্বৰ বিভিন্ন মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্য মঞ্চায়ন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল । তেওঁৰ ভৰিত যেন যাদু আছিল । তেওঁ যেতিয়া নাচিবলৈ লয় তেতিয়া দৰ্শকসকলে অনুভৱ কৰে যেন শূন্যত ভাহি মলয়া ছাটিৰ তালে তালে নাচিব লাগিছে । নৃত্যৰত অৱস্থাত তেওঁ আছিল সিমানেই নিভাঁজ, প্ৰাণৱন্ত ও শিল্পময় । স্বনামধন্য শিল্পী গৰাকীয়ে দেশ-বিদেশৰপৰা অৰ্জন কৰা সন্মান ও গৌৰৱতকৈও অসংখ্য ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধ সকলৰ অম্লান শ্ৰদ্ধা ও মৰম চেনেহক তেওঁৰ দীৰ্ঘদিনৰ অধ্যাপনাৰ উল্লেখযোগ্য সফলতা বুলি গণ্য কৰে । 
          বিশ্বভাৰতী শান্তি নিকেতনত প্ৰথম অধ্যাপনা আৰু শেষত কিছু বছৰ অধ্যক্ষৰ দৰে গুৰু দায়িত্বত কাৰ্য নিৰ্বাহ কৰি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে । অৱসৰৰ পিছতো সংগীত নৃত্য-নাটিকা আদিত অন্ত-কৰণেৰে জীৱনৰ অন্তিম মূহুৰ্ত্তলৈকে সেৱা আগবঢ়াই গৈছিল ।তেওঁ 'ত্রিধাৰ' আৰু মীৰজিঙ্গাঁনসা ' নামৰ দুখন টেলিফিল্মটো অভিনয় কৰিছিল । গুৰু কে, যতীন্দ্ৰ সিংহক ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে ' নৃত্যগুৰু ' ২০১০ খ্ৰীষ্টাব্দত ৰাজকুমাৰ বুদ্ধিমন্ত মেমৰিয়েল ডান্স একাডেমী ত্ৰিপুৰাই 'ৰাজকুমাৰ মেমৰিয়েল এৱাৰ্ড , আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ, ইম্ফালে 'নৃত্যৰত্ন ' উপাধিৰে সন্মানিত কৰে । মণিপুৰী নৃত্যৰ বিৰল প্ৰতিভাৰ অধিকাৰী বৰেণ্য শিল্পী নৃত্যগুৰু কে, যতীন্দ্ৰ সিংহ যোৱা ২ এপ্ৰিল ২০১৮ চনত সোমবাৰে ৰাতি শান্তিনিকেতনৰ অবল পল্লীৰ নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে ।
       (গ) সমাজসেবিকা সৰস্বতী সিংহ :- অসম আন্দোলনৰ নেত্রী , সমাজসেবিকা, সৰস্বতী সিংহ ইং ১৮৫৮ চনৰ ৮ (আঠ) চেপ্তেম্বৰত হোজাই জিলাৰ লংকা অঞ্চলৰ আমপুখুৰী গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰে । পিতৃৰ নাম ৱাহেংবম জয়চন্দ্ৰ সিংহ আৰু মাতৃৰ নাম ৱাহেংবম ফজবী দেবী ।
       আমপুখুৰী নিম্ন প্ৰাইমাৰী স্কুলৰ পৰাই শিক্ষাৰ্থী জীৱনৰ আৰম্ভ কৰে । কাশীপুৰ এম:ভি স্কুলৰপৰা বৃত্তি সহ: এম:ভি: পাছ কৰাৰ পাছত, লংকা ৰাষ্ট্ৰভাষা হাইস্কুলৰ পৰা ১৯৭৬ চনত পৰীক্ষাত উত্তীৰ্ণ হয় । নগাওঁ গাৰ্লচ কলেজৰপৰা ১৯৮১ চনত বি, এ, পাছ কৰে । কিছু বছৰৰ বিৰতিৰ পিছত ১৯৯৩ চনত নগাঁও আইনৰ মহাবিদ্যালয়ৰপৰা আইন স্নাতক উপাধি লাভ কৰে ।
       ১৯৮২ চনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত অঙ্গনৱাড়ী কৰ্মী হিচাপে কৰ্ম্ম জীৱনৰ আৰম্ভ কৰে । কিছুদিনৰ পিছত আমপুখুৰী  এল:পি: স্কুলত শিক্ষক হিচাপে যোগদান কৰে । ১৯৮৫ চনৰ ১৪ ছেপ্টেম্বৰত শিক্ষকতাৰপৰাও অব্যাহতি লয় ।
      ২০০৫ চনত সৰস্বতী সিংহাৰ উদ্যোগত মণিপুৰী ভাষা সাহিত্য উন্নতিৰ কাৰণে হোজাই "পান মণিপুৰী লিটাৰেৰী ফ'ৰাম" (নিখিল মণিপুৰী সাহিত্য মঞ্চ) এই মঞ্চৰ নামত তেওঁ নিজৰ গাঁঠিৰ ধনেৰে আন এগৰাকী স্হানীয় কবি, শানৌ ৰাজকুমাৰ এখনি কবিতা সংকলন নোংপোকথোঙ হাঙলে'ৰ সৰস্বতী প্ৰকাশনৰপৰা প্ৰকাশ কৰে । মণিপুৰী ভাষা-সাহিত্য উন্নতিৰ হকে আজীৱন তেওঁ নিস্বাৰ্থ সেৱা আগবঢ়াই গৈছিল । 
         আইনৰ স্নাতক সৰস্বতী সিংহাই ১৯৯৬ চনত হোজাইৰ শঙ্কৰদেৱ নগৰ আদালতত এগৰাকী অধিবক্তাৰূপে যোগদান কৰে । তেওঁৰ বাক পটুতা, প্ৰত্যোৎপন্নমতি আৰু অধ্যৱসায়ী গুণৰ কাৰণে অতি কম দিনৰ ভিতৰত এগৰাকী পেচাদাৰী আইনজীৱিৰূপে নিজকে প্ৰতিষ্ঠা কৰে । উল্লেখযোগ্য যে তেওঁ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম মণিপুৰী মহিলা অধিবক্তা ।
       তেওঁ অন্ত:কৰণে উপলব্ধি কৰিছিল---- নাৰী সমাজৰ চেতনা জাগৰণৰ প্ৰয়োজন । সেয়েহে হোজাই, লংকা, নগাঁও অঞ্চলৰ নাৰীসকল বিকাশৰ কাৰণে বিভিন্ন মহিলা সংগঠন প্ৰতিষ্ঠা কৰি তেওঁ নিজে তাৰ গুৰি ধৰিছিল । তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য সংগঠনটো হোজাইৰ 'মৈৰা পাইবী লূপ' অৰ্থাৎ 'জোঁৰলোৱা মহিলা বাহিনী' নামৰ মহিলা সংগঠনটো । ১৯৭০ চন মানত চুবুৰীয়া মণিপুৰত "অল মণিপুৰ উইমেন ছচিয়েল ৰিফোৰমেসন এণ্ড ডেভেলপমেণ্ট সমাজ" নামৰ এটা মহিলা সংগঠনৰ জন্ম হয় । সমাজৰ অন্ধকাৰ স্বৰূপ কুসংস্কাৰ আঁতৰাই জোঁৰৰ অগ্নি শিখাই সমাজ পোহৰাব । এই নাৰী বাহিনীয়ে সমাজৰ কুসংস্কাৰ বিৰুদ্ধে সংগ্ৰামত নামিছিল । প্ৰথমে যুঁজ দিছিল সমাজৰ মাদক দ্ৰব্য সেৱনকৰী আৰু জুৱা খেল নিৰ্মূল অভিযানত । তেওঁ হোজাই-লংকাৰ নাৰী সমাজত নতুন চেতনা জগাই এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ সমাজসেৱৰ জীৱনজোৰা অৱদানৰ কাৰণে মণিপুৰী সাহিত্য পৰিষদ, অসমে ২০১২ চনত 'সমাজসেবিকা' উপাধি আৰু বঁটাৰে বিভূষিত কৰে ।
      (ঘ) নোংথোম্বম বিদ্যাপতি সিংহ :- নোংথোম্বম বিদ্যাপতি সিংহ এজন বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি আছিল । তেখেতে ইং ১৯১২ চনৰ ২৪ নবেম্বৰ তাৰিখে বৰ্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্ম গ্ৰহণ কৰিছিল । তেখেতৰ পিতৃ স্বৰ্গীয় ললিত সিংহ এজন কবিৰাজ আৰু জ্যোতিষী আছিল । মাতৃ স্বৰ্গীয় মাইচন দেবী অসমত থকা মণিপুৰীসকলৰ প্ৰথম ডেপুটী ইন্সপেক্টৰ হিজম ৰমন সিংহৰ বায়েক আছিল । তেখেত ইং ১৯৩১ চনত কলিকাতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি পিছত শিলেট মুৰাৰীচান্দ কলেজৰ পৰা ইন্টাৰমেডিয়েট পাছ কৰে । উক্ত কলেজৰ পৰা ইং ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনত বুৰঞ্জীত অনাৰ্ছসহ বি, এ, পাছ কৰে ।
       নোংথোম্বম বিদ্যাপতি সিংহই ইং ১৯৩৬ চনত কাছাৰ জিলাৰ সেনাই এম, ই, স্কুলত ইংৰাজী শিক্ষকৰূপে যোগদান কৰে । সেই সময়ত সোনাই অঞ্চলত এম, ই, পাছ কৰাৰ পিছত হাইস্কুল পঢ়াৰ কোনো সুবিধা নাছিল । সেয়ে তেখেতৰ প্ৰচেষ্টাত সোনাই এম, জি, স্কুলত হাইস্কুল স্থাপন কৰি হাইস্কুলীয়া শিক্ষাৰ অভাৱ দূৰ কৰে ।
        নোংথোম্বম বিদ্যাপতি সিংহই অতি সহজ সৰল জীৱন যাপন কৰিছিল । সদায় ধূতি পাঞ্জাবী পৰিধান কৰা বিদ্যাপতি সিংহ আদৰ্শবান পুৰুষ । অকল পঢ়া-শুনাতেই নহয় নাটক আদি সাংস্কৃতিক দিশতো আগৰণুৱা আছিল । 
       তেখেতৰ সভাপতিত্বত ১৮৩৯ চনত কাছাৰ মণিপুৰী যুৱ সংঘ নামৰ এটি অনুষ্ঠান গঢ়ি উঠিছিল । উক্ত সংঘৰ যোগেদি স্বজাতি যুৱকসকলক জাগ্ৰত কৰিছিল । 
       ১৯৩৫ চনৰ ভাৰত সাসন আইনৰ অধীনত ইং ১৯৪৬ চনত অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনত তেখেতৰ সাউথ হাইলাকান্দি নিৰ্বাচিত হৈছিল । তেখেতে ইং ১৯৫১ চনলৈকে বিধায়ক হৈ আছিল । বিধায়ক হৈ থকা কালত তেখেতৰ নিজ মাতৃভাষা মণিপুৰী মাধ্যমেৰে শিক্ষা-দীক্ষা লোৱাৰ সুবিধা লাভৰ বাবে বহুবাৰ দাবী উত্থাপন কৰিছিল । ইয়াৰ ফলস্বৰূপে পৰৱৰ্তী কালত অসম চৰকাৰে মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ।
         ভাৰত স্বাধীন হোৱাৰ পিছত ইং ১৯৪৮ চনত পূব পাকিস্তানত বসবাস কৰা মণিপুৰীসকলক উৎপীড়ন কৰা খবৰ শুনি তেখেতে কাছাৰৰ তিনিজন মণিপুৰী নেতা আৰু এশজন ছাত্ৰ - ছাত্ৰী প্ৰেৰণ কৰি সেই সময়ত সেই ঠাইত থকা মনিপুৰী প্ৰজা আৰু চুবুৰীয়া প্ৰজাসকলৰ মাজত সদভাব ৰাখি বসবাস কৰিবলৈ সৎপৰামৰ্শ আগবঢ়াইছিল ।
       স্বজাতি আৰু জনতাৰ বাবে নি:স্বাৰ্থভাৱে কাম কৰি বহু কম বয়সত ৪২ বছৰ বয়সত ১৯৫৪ চনৰ ১৪ চেপ্তেম্বৰ তাৰিখে সোনাই চহৰত নোংথোম্বম বিদ্যাপতি সিংহ মৃত্যুবৰণ কৰে ।

ৰাভাসকল 

১/ ৰাভাসকলৰ আদি বাসভূমি ক'ত আছিল ?
উত্তৰ :- ৰাভাসকল ঘাইকৈ তিব্বতীয় মূলৰ লোক । আৰু তাৰ পৰা তেওঁলোকে । প্ৰথমে গাৰোপাহাৰলৈ আহে আৰু পিছত অসমৰ সমভূমিত বসবাস কৰিবলৈ । লয় ।
২/ সামাজিক ফালৰপৰা ৰাভাসকল কি কি শাখাত বিভক্ত ?
উত্তৰ :- মঙ্গোলীয় ফৈদৰ ৰাভা জাতি সামাজিক ফালৰপৰা কেইবাটাও শাখাত বিভক্ত যেনে -- ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী, আদি ।
৩/ ৰাভা সংস্কৃতিৰ প্ৰতীক কি ?
উত্তৰ :- ৰাভা সংস্কৃতিত অতীতৰে পৰা চলি অহা প্ৰতীক হ'ল 'মানচালেংকা ' বা 'মাছৰোকা ' চৰাই ।
৪/ ৰাভাসকলৰ প্ৰধান দেৱতা কি ?
উত্তৰ :- পৌৰাণিক আখ্যান আৰু পৰম্পৰাগত বিশ্বাসমতে ৰাভা সকলৰ প্ৰধান দেৱতা হ'ল ৰিছি ।
৫/ ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি ?
উত্তৰ :- বায়খো পূজা ।
৬/ চমুটোকা লিখা :
(ক) বিষ্ণুপ্ৰসাদ ৰাভা, (খ) ৰাজেন ৰাভা, (গ) প্ৰসন্ন পাম, (ঙ) বীৰু বালা ৰাভা ।
উত্তৰ :- (ক) বিষ্ণুপ্ৰসাদ ৰাভা : - কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত । চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ ঔৰষত জন্ম লাভ কৰা বিষ্ণু প্ৰসাদ ৰাভা 'কলাগুৰু ' নামেৰে জনাজাত । বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত । কিন্ত দেউতাকে পিছত বঙালী মাধ্যমত ভৰ্তি কৰায় যদিও পিছলৈ তেজপুৰত আহি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰে ।
       ১৯২৬ চনত তেজপুৰ হাইস্কুলৰপৰা জিলাৰ ভিতৰতে প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি কুইন এমপ্ৰেছ' পদক লাভ কৰিছিল । হাইস্কুলীয়া শিক্ষা জীৱনৰপৰাই বিষ্ণু ৰাভা আগশাৰীৰ খেলুৱৈ আছিল । ফুটবল, ক্ৰিকেট, হকী খেলাৰ উপৰিও সুন্দৰ গীত গায়, নাচে, অভিনয় কৰে চিত্ৰ আঁকে । ইয়াৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিও তেওঁৰ প্ৰৱল আসক্তি আছিল । ১৯২৬ চনত কলকাতাৰ চেন্টপল কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে আৰু সেই কলেজৰ ক্ৰিকেট দলৰ কেপ্টেইন নিৰ্বাচিত হয় । চেন্টপল কলেজৰপৰা প্ৰথম বিভাগত আই, এছ, চি, পাছ কৰাৰ পিছত ১৯৩০ চনত ৰিপন কলেজত বি, এছ, চি, শ্ৰেণীত নাম লগাই পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ পঢ়ে । ৰিপণ কলেজতো তেওঁ ফুটবলৰ কেপ্টেইন নিৰ্বাচিত হয় । সেইসময়তে ভাৰতৰ স্বাধীনতাৰ আন্দোলনৰ জোৱাৰে কলকাতাত মহানগৰী অস্হিৰ কৰি তুলিছিল । দেশপ্ৰেমী বিষ্ণ ৰাভায়ো আন্দোলনত নিয়োজিত হোৱাৰ কাৰণে বৃটিছ প্ৰশাসনৰ চকুত পৰিল ।
         সেই সময়তে বিষ্ণু ৰাভাই মনে মনে ৰিপন কলেজ এৰি কোঁচ বিহাৰৰ ভিক্টোৰিয়া কলেজত নাম ভৰ্তি কৰে ।
          ২১ বছৰীয়া ভিক্টোৰিয়া কলেজৰ ছাত্ৰ বিষ্ণু প্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰি বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিলে -----
       "ৰাজ্যে আছে দুইটি পাঠা
        একটি কালো একটি সাদা 
        ৰাজ্যেৰ যদি মঙ্গল চাওঁ 
        দুই পাঠাই বলি দাওঁ 

   এইয়া আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ বিপ্লৱৰ আৰম্ভণি । বৃটিছ চৰকাৰৰ ৰোষত পৰি ভিক্টোৰিয়া কলেজত পঢ়াৰ পথ ৰুদ্ধ হোৱাত পুনৰ মাইকেল কলেজত নাম ভৰ্তি কৰি অধ্যয়নত মনোযোগ দিলে । কিন্ত বাছনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিব পুলিচৰ হাৰা-শাস্তিৰ বলি হৈ মাইকেল কলেজ ত্যাগ কৰিবলৈ বাধ্য হয় । ১৯৩১ চনত তেওঁৰ ছাত্ৰ জীৱনৰ অন্ত পৰিল ।
      কলকাতালৈ গুছি গৈ তাতে হাতত কলম তুলি লৈ আৱাহন, বাঁহীৰ পাতত লিখিবলৈ আৰম্ভ কৰি অসমীয়া সাহিত্য প্ৰেমীৰ মাজত ন-কৈ চিনাকি হ'ল--- বিষ্ণু প্ৰসাদ ৰাভা ।
       সংগীত সাধনাত ব্যস্ত থাকোতেই ৰাছিয়াৰ বিখ্যাত অভিনেত্ৰী আনা পাভলভাৰ নৃত্য উপভোগ কৰি লগত পৰিচয় ঘটিল আৰু তেওঁৰ শিল্পী প্ৰাণে পালে অফুৰন্ত প্ৰেৰণা । অসমৰ সাংস্কৃতিক জগতৰ বৰণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ সঙ্গ পাই বিষ্ণু প্ৰসাদ ৰাভা অধিক উজ্জ্বীৱিত হৈ পৰিল । গীত নৃত্য আৰু অন্যান্য সাংস্কৃতিক কৰ্মত ব্যস্ত হৈ থাকোতে গায়িকা প্ৰিয়লতা দত্তৰে ১৯৩৭ চনত বিহাৰ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে পত্নীৰ মৃত্যু হয় । শোক বিহ্বল হৈ বিষ্ণুপ্ৰসাদ ৰাভাই গীত ৰচনা কৰে----

          'পৰজনমৰ শুভ লনগত......
          মোৰ হিয়াৰ অপূৰ্ণ আশা ।'

    ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বিষ্ণুপ্ৰসাদ ৰাভাই নৃত্য পৰিবেশন কৰে । মহাদেৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰি ড০ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণক আপপ্লত কৰাৰ লগতে ভূয়সী প্ৰশংসা পায় । বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাক ১৯৬২ চনত দেশদ্ৰোহী সজাই কাৰাৰুদ্ধ কৰে । এই সময়তে দ্বিতীয়া পত্নী কনকলতা মেধিৰ মুন মুন (পৃথ্বীৰাজ), থুন থুন (হেমৰাজ) ৰ জন্মৰ পিছতে অকাল বিয়োগ ঘটে । তাৰ পিছত যাযাবৰী হৈ জীৱন কটায় যদিও সেই সময়ত ' সোণপাহী', 'মিচিং কনেং ', অসমীয়া কৃষ্টিৰ চমু আভাষ আৰু অতীজ অসম আদি অতি মূল্যৱান গ্ৰন্থ লিখি থৈ যায় ।
       ৰাভাদেৱে ১৯৬৭ চনত তেজপুৰ সমষ্টিৰপৰা বিধায়ক নিৰ্বাচিত হয় । বিষ্ণু ৰাভাৰ শেষত মোহিনী ৰাভাৰ সতে বিবাহ পাশত আবদ্ধ হয় । সমগ্ৰ জীৱন দলিত আৰু অৱহেলিতাৰ পক্ষে সংগ্ৰাম কৰি বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জীৱন আছিল সীমাহীন দুখ-যন্ত্রণাৰে ভৰা । তাৰ মাজেৰে তেখেতৰ দ্বাৰা সৃষ্ট গীত, নৃত্য, লেখা সমূহে তেখেতক জনমানসত অসম কৰি গ'ল । ১৯৬৯ চনৰ ২০ জুনৰ দিনা এইজন বিপ্লৱী নেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন নাটৰ সামৰণি ঘটে ।
     (খ) ৰাজেন ৰাভা : - কৃতী শিক্ষক, প্ৰতিতযশা সাহিত্যিক, আজীৱন গৱেষক ৰাজেন ৰাভাৰ জীৱন আৰু কৃতি বিশাল । 'অভিধানেই মোৰ গুৰু' বুলি কোৱা ৰাজেন ৰাভাই 'ৰাভা সাধু', 'ৰাভা জনজাতি' আদিৰ উপৰিও দুকুৰিৰো অধিক প্ৰবন্ধৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে । ১৯২০ চনৰ ১৮ ছেপ্টেম্বৰত দুধনৈত জন্মগ্ৰহণ কৰা ৰাজেন এম ই স্কুলৰপৰা ওলাই মাত্র পাঁচ টকা পৰিতোষিকেৰে এখন মাৰোৱাৰী দোকানত জীৱিকাৰ বৃত্তি গ্ৰহণ কৰি নিজ সংকল্পৰ দৃঢ়তাৰ বাবেই প্ৰাইভেট মেট্ৰিক (১৯৫৫), আই, এ, আৰু শেষত অসমীয়া বিভাগত এম, এ, (১৯৭১) উত্তীৰ্ণ হৈ ৰাভা আৰু সমাজ-সংস্কৃতি বিষয়ত অধ্যয়ন কৰিবলৈ লয় । আজীৱন সাহিত্য সাধক, সমাজ আৰু মানৱপ্ৰেমী ৰাজেন ৰাভাৰ বৰ্ণাঢ্য জীৱনৰ প্ৰথমছোৱা কাল আছিল দুখ আৰু কষ্টকৰ । ১৯৪৯ চনত তেওঁ যোৰহাট নৰ্মাল স্কুলত মাহিলী কুৰিটকীয়া বৃত্তিৰে অধ্যয়ন কৰাৰ সুবিধা পায় । গোৱালপাৰা স্কুল ব'ৰ্ডে তেওঁক জয়ৰামকুছি মজলীয়া বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়ে । সেই সেই সময়ত 'উদয়ন' নামৰ তিনিমহহীয়া আলোচনী এখন উলিয়ায় । অৱশ্যে ইয়াৰ আগতে তেওঁ কৃষিকৰ্মতো মনোনিৱেশ কৰাৰ লগতে মণিপুৰী বস্তৰো কৰিছিল । স্বাধীনতা আন্দোলনতো যোগদান কৰি 'কৰিম কিম্বা মৰিম' বাহিনীত ভৰ্তি হৈছিল । ১৯৩৮ চনত যোৰহাটৰ কোকিলামুখত এগৰাকী অধ্যক্ষ অধীনত 'অসম বংগীয় সাৰস্বত আশ্ৰম'ৰ ঋষি বিদ্যালয়ত এবছৰ কাল সংস্কৃত আৰু বাংলা ভাষা আয়ত্ব কৰে । ইয়াৰ পিছত কোকৰাঝাৰ গুৰু ট্ৰেইনিং কেন্দ্ৰৰপৰা (১৯৪৮) ডিষ্টিংছনসহ পথম স্হান, যোৰহাট নৰ্মাল স্কুলত ত্রি-ভাষিক শেষ পৰীক্ষা (১৯৫২) ত পাঁচটা বিষয়ত লেটাৰসহ দ্বিতীয় স্থানত, তিতাবৰত বুনিয়াদী প্ৰশিক্ষণ কলেজৰপৰা প্ৰশিক্ষণ লাভ, ৱাৰ্ধাৰ ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ (১৯৫৭) পৰা হিন্দী বিশাৰদ আৰু শেষত পি এইচ ডি (প্ৰভিজনেল), ১৯৭২ চনত ড: মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত The Rabhas : Their Ianguage and culture আৰু পি এইচ ডি (ফাইনেল) ১৯৭৭ চন (সংশোধিত The Rabhas : Their society and culture with special reference to non-sanskritized groups) অৱশ্যে এই গৱেষণামূলক (থেছিছ) গ্ৰন্থখন বিভিন্ন কাৰণত বিশ্ববিদ্যালয়ত জমা দিয়াৰ সুযোগ নাপালেও ৰাভাসকলৰ বিষেয়ে লিখা সেইখন আপুৰুগীয়া পুথি হৈ থাকিব ।
       তেওঁ অসম সাহিত্যসভাৰ বঙাইগাঁও অধিবেশনৰ উপসভাপতি আৰু দুধনৈ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল । তেওঁক অসম চৰকাৰে সাহিত্যক পেঞ্চন প্ৰদান কৰাৰ লগতে ১৯৪৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰো বঁটা গ্ৰহণ কৰে ।
       (গ) প্ৰসন্ন পাম :- ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তৰ্গত লাতাপৰা গাঁৱত । পিতৃ কলম কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা । পূব গাৰো পাহাৰ জিলাৰ মণিকজঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা প্ৰসন্ন পাম আগিয়া এম, ভি, স্কুলৰপৰা উত্তীৰ্ণ হয় । 
      ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পাম সৰুৰেপৰা ৰাভা কৃষ্টিৰ সাধনাত ব্ৰতী হৈ পৰিছিল । অনাঁতাৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল । এইবোৰ গীতৰ কথা আৰু সৰে সাম্প্ৰীতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে । "দদান বীৰ" নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্ন পামৰ মাৰুক্ষেত্রী, (নাটক), সৃষ্টিবিধান, ময়ৰা শক্তি, লাঙামুক্তি, কামগিৰি শক্তি, পিদান সংসাৰ, মায়া হাছং, লেখা তেৱা জমা তংচা ইত্যাদি গ্ৰন্থ অপ্ৰকাশিত অৱস্হাত থাকি আছে ।
    সমগ্ৰ জীৱন ৰাভা কৃষ্টি অক্লান্তভাৱে সাধনা কৰা প্ৰসন্ন পাম ১৯৫২ চনত অমনী বালা ৰাভাৰ সতে বিবাহ পাশত আবদ্ধ হৈ চাৰিজন ল'ৰা আৰু ৩ জনী ছোৱালীৰ পিতৃ হয় । ২০-০২-১৯৭৮ ইং তাৰিখে এক নিৰ্বাচনী প্ৰচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পীৰ জীৱন অকালতে নিয়তিয়ে কাঢ়ি নিলে ।
      (ঙ) বীৰুবালা ৰাভা :- ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসকৰ সমাজৰপৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ আপ্ৰাণ চেষ্টাৰে নিজকে উৎসৰ্গিত কৰা সংগ্ৰামী নেত্রী বীৰুবালা ৰাভা ।গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাওঁ এখনত ১৯৪৯ ইং চনত জন্ম লাভ কৰা বীৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা । প্ৰথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীলৈ পঢ়ি মাত্র ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি আছিল বোৱা-কটা কামৰ জৰিয়তে । ইয়াৰ লগে লগে সামাজিক কু-সংস্কাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সক্ৰিয় অংশ গ্ৰহণ কৰে । অবিৰাম ভাৱে এই কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ স্বীকৃতি হিচাপে লাভ কৰা বঁটা আৰু স্বীকৃতি সমূহ তলত উল্লেখ কৰা হ'ল ।
       ২০০৫ ইং চনত :- শান্তিৰ নবেল বঁটালৈ মনোনয়ন । 
       ২০০৫ ইং চনত :- Real Hero স্বীকৃতি , IBN 18 Network and Reliance Group.
      ২০১১ ইং চনত :- সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্ত মেমোৰিয়ল বঁটা পুৰস্কাৰ প্ৰদানেৰে "সমাজপ্ৰাণ" পুৰস্কাৰ । 
      ২০১১ ইং চনত :- উৰ্মিলা দাস মেমোৰিয়েল বঁটা ।
      ২০১২ ইং চনত :- ডিব্ৰুগড় মহিলা ক্লাৱৰ 'জয়মতী' বঁটা প্ৰদান ।
      ২০১৩ ইং চনত :-ইংখং ৱেলফেয়াৰ ছ'ছাইতি কোকৰাঝাৰ জিলাৰ দ্বাৰা "মেন অৱ দা ইয়াৰ" বঁটা ।
      ২০১৪ ইং চনত :- শিক্ষাগাৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা "বীৰাংগনা মূলাগাভৰু" বঁটা ।
      গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা বীৰুবালা ৰাভাৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান ২০১৫ ইং চনত । 
      বৰ্তমান 'Mission Birubala' জৰিয়তে নামেৰে অহৰহ ভাৱে ডাইনী হত্যাৰ দৰে । অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি আছে ।

সোণোৱাল কছাৰীসকল

১/ ডিমাচা ভাষাত সোণোৱাল মানে কি ?
উত্তৰ :- ডিমাচা ভাষাত সোনোৱাল মানে উজ্জ্বল আৰু ঐশ্বৰ্যশালী ।
২/ সোণোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল ?
উত্তৰ :- সোণোৱাল কছাৰীসকল ৮৩০ খ্ৰী:ৰপৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল ।
৩/ সোণোৱাল কছাৰীসকলৰ লোকসাহিত্য সমূহৰ বিষয়ে লিখা ।
উত্তৰ :- জনসাধাৰণে ৰচনা কৰা সাহিত্যই লোক সাহিত্য । এনে সাহিত্যই মুখ বাগৰি যুগ যুগ ধৰি কৃষ্টি, সংস্কৃতি, ইতিহাস বহন কৰি আহিছে । ইয়াৰোপৰি মুখে মুখে ৰচনা কৰা, মুখ বাগৰি জীয়াই থকা পুৰণি নাম, পদ, মালিতা, ফকৰা যোজনা, সাধুকথা ইত্যাদি উল্লেখযোগ্য চহা সাহিত্য । বৰ্তমানলৈ প্ৰাপ্ত লোকসাহিত্যসমূহৰ ভিতৰত হায়দাং গীত, হুঁচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাইনাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গোঁসাইৰ নাম, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত, তৰাচিয়া গীত আদিয়েই প্ৰধান । মুখ বাগৰি অহা এই সাহিত্যবোৰ অৱশ্যে বৰ্তমান লিখিত ৰূপত প্ৰকাশ পাবলৈ ধৰিছে ।
৪/ সোণোৱাল কছাৰীসকলৰ সমাজ পদ্ধতি বৰ্ণনা কৰা ।
উত্তৰ :- সোণোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া । বৰ্তমান সোণোৱালসকলৰ মাজত ১৩৫ টা সঁচ আছে । ইয়াৰে চাৰিটা বা ততোধিক সঁচ মিলি একোটা বংশ হয় । সোণোৱাল কছাৰীসকলৰ মাজত সৰ্বমুঠ ২৫ টা বংশ আছে । ইয়াৰে চৈধ্যটা বংশক নিৰ্বাচন কৰি কছাৰীৰ ৰাষ্ট্ৰীনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল । সোণোৱাল কছাৰীসকলৰ বিবাহৰ ক্ষেত্ৰত প্ৰথমে সঁচ আৰু বংশ বিচাৰ হয় । একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ককাই ভাই হিচাপে গণ্য কৰা হয় ।
৫/ সোণোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয় ?
উত্তৰ :- সোণোৱাল কছাৰীসকল ৮৩০ খ্ৰী:ৰপৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল । কিন্ত ১৬৮১ চন (১৬০০) ত আহোমৰ স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্ৰী শ্ৰীকেশৱদেৱ গোস্বামীদেৱে শদিয়াৰ; সোণোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি বৰ্তমান কুণ্ডিল ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন কৰি থাকোতে অতি কৌশলেৰে সোণোৱাল কছাৰীসকলক 'শৰণ' দিয়াই দ্বৈত ধৰ্মৰ বিভাজন কৰিলে । সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱাসকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামাকৰণ কৰিলে । আৰু সেই সময়ৰপৰাই সোণোৱাল সকলৰ মাজত 'গোসাঁই নাম' অন্তৰ্ভুক্ত হয় । সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্ৰতি সোণোৱাল কছাৰীসকল দ্বৈত ধৰ্মী ।
৬/ চমুটোকা লিখা :
(ক) গগণ চন্দ্ৰ সোণোৱ
(খ) পৰশুৰাম সোণোৱাল
(গ) যোগেশ দাস 
(ঘ) যোগেন্দ্ৰনাথ হাজৰিকা
উত্তৰ :- (ক) গগণ চন্দ্ৰ সোণোৱাল :- সাহিত্য-সংস্কৃতিৰ সাধক গগণ চন্দ্ৰ সোণোৱালে তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহবাগিছাত ১৯২৬ চনত ২৪ ডিচেম্বৰ তাৰিখে জন্ম গ্ৰহণ কৰে । ডাঙৰী গাঁৱৰ তিলক সোণোৱাল তেখেতৰ পিতৃ আৰু মাতৃ আদিত সোণোৱাল  ।
     মাকুম প্ৰাথমিক বিদ্যালয়ত তেখেতৰ শিক্ষা  জীৱন আৰম্ভ হয় । তাৰ পাছত যথাক্ৰমে ডাঙৰী মধ্য ইংৰাজী বিদ্যালয় আৰু ডাঙৰী ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ ডিব্ৰুগড় হনুমান বক্স কানৈ কলেজৰপৰা কলা শাখাত প্ৰাক-স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেখেতৰ শিক্ষা জীৱনৰ সিমানতে সামৰণি পৰে ।
     তিনিচুকীয়া জিলাৰ কাকপথাত ১৯৪৭ চনত মধ্য ইংৰাজীৰ বিদ্যালয়ত এগৰাকী প্ৰতিষ্ঠাপক শিক্ষক ৰূপে কৰ্ম জীৱনৰ পাতনি মেলে তাৰপৰাই সহকাৰী শিক্ষক পদৰপৰা ১৯৮৮ চনত ৩১ ডিছেম্বৰত অৱসৰ গ্ৰহণ কৰে ।
       শিক্ষকতাৰ বাদেও সোণোৱালদেৱে স্বাৱলম্বী হ'বলৈ জীৱিকাৰ বাবে কৃষিকৰ্মতো আত্মনিয়োগ কৰিছিল ।
      ডাঙৰীয়াৰ মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়োঁতেই গগন চন্দ্ৰ সোণোৱাল দেৱে সাহিত্য চৰ্চা আৰম্ভ কৰে । বিদ্যালয়ৰ হাতে লেখা আলোচনীৰ পাততেই ১৯৪২ চনত "মানৱ সভ্যতা আৰু ক্ৰমবিকাশ" প্ৰবন্ধতো এঘাৰ বছৰ বয়সত লিখিছিল । সেই কালৰ জনাজাত গুৱাহাটীৰ 'তৰুণ লেখক সংঘ'ৰ প্ৰথম প্ৰকাশিত মুখপত্ৰ "তৰুণ জাগৰণ"ত সোণোৱাল কছাৰীৰ" হায়দাং গীত প্ৰকাশ কৰিছিল । তেখেতে ৰচনা কৰা একৈশটা সাধুকথা অসম সাহিত্য সভাই "সোণোৱালৰ সাধু নামেৰে ১৯৭৮ চনত প্ৰকাশ কৰে । সোণোৱাল দেৱৰ সাহিত্য চৰ্চা সাধনাৰ উৎকৃষ্ট নিদৰ্শন ৰূপে বৰ্তমানলৈকে প্ৰকাশ হৈছে বিভিন্ন বিষয়ৰ-যেন (১) "সোণোৱাল কছাৰী সকলৰ ঐতিহ্য" (২) "অসমৰ সংস্কৃতিত সোণোৱালসকলৰ অৱদান" আদি চৌবিশটা মৌলিক প্ৰৱন্ধ (৩) লোক সাহিত্য সংগ্ৰহ যেনে-গীত মাত, হায়দাং হুঁচৰি, আইনাম, অপেচৰা নাম , লখিমী নাম ইত্যাদি । (৪) অন্যান্য ৰচনাৱলীত আছে তেৰটা অমূল্য নিৱন্ধ, (৫) ভাষাণাৱলীত সন্নিবিষ্ট হৈছে উনৈশটা ভাষণ, (৬) ছয়টা কবিতা-প্ৰভৃতি বিচিত্ৰ সাহিত্য কৰ্মই গগন চন্দ্ৰ সোণোৱাল দেৱৰ জীৱনৰ কীৰ্তি । সাংস্কৃতিক জীৱনৰ গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লগলাগি সোণোৱাল কছাৰীৰ সমাজ জীৱনৰ ইতিহাস স্বৰূপ হুঁচৰি গীত ছৈখোৱাৰ বিছনী গাঁৱৰপৰা ১৯৪২ চনত সংগ্ৰহ কৰিছিল ।
        তেখেতে কাকপথাৰত প্ৰথম শাখা সাহিত্য সভা গঠন কৰিছিল । অবিভক্ত ডিব্ৰুগড় জিলাৰ সভাপতি আৰু তিনিচুকীয়া জিলাৰ প্ৰতিষ্ঠাপক সভাপতিৰ পদো অলংকৃত কৰিছিল । অসম সাহিত্য সভাৰ ভালেমান অধিবেশনত তেখেতে প্ৰতিনিধি ৰূপে অংশ গ্ৰহণ কৰিছিল । অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ এগৰাকী একনিষ্ঠ কৰ্মী ৰূপে স্বীকৃত দি অসম চৰকাৰে সোণোৱাল দেৱক সাহিত্যিক পেঞ্চন আগবঢ়াইছে । 
      গগন চন্দ্ৰ সোণোৱাল সদৌ অসম জনসংস্কৃতি পৰিষদৰ প্ৰথম গৰাকী কাৰ্যকাৰী সভাপতি হৈছিল আৰু পাছত সভাপতি পদৰ গুৰু দায়িত্ব বহন কৰিছিল ।
       নিজক প্ৰতিষ্ঠা, প্ৰতিভাৰ প্ৰশংসাৰ প্ৰতি নিস্পৃহ, নীৰৱ কৰ্ম সাধনত একান্ত ভাৱে নিৰ্বিষ্ঠ থকা সোণোৱালদেৱে ২০০৯ চনত ২৭ অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰে । জীৱন কালত তেখেতে কৰি যোৱা সামাজিক কল্যাণকামী আৰু প্ৰগতিশীল কৰ্ম চিন্তাই গগন চন্দ্ৰ সোণোৱালক স্মৰণীয় কৰি ৰাখিব ।
  (খ) পৰশুৰাম সোণোৱাল :- পৰশুৰাম সোণোৱালৰ জন্ম হয় ১৯০৪ চনৰ ২৫ মে, তাৰিখে নাগাঘুৰি চাহ বাগিছাত । তেওঁৰ পিতৃৰ নাম আছিল পঞ্চানন সোণোৱাল আৰু মাতৃ আছিল গুটিমালা শুনোৱাল । গ্ৰেহেম বজাৰ নিম্ম বুনিয়াদী পাঠশালাত পৰশুৰাম সোণোৱালদেৱে প্ৰাথমিক শিক্ষাৰ শুভাৰম্ভ কৰে । সুখ্যাতিৰে সেই স্কুলৰপৰা উত্তীৰ্ণ হয় আৰু চৰকাৰী ল'ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নাম লগায় । আৰু সেই স্কুলৰপৰাই তেওঁ ১৯২৪ চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে আৰু কটন কলেজৰ পৰা আই, এ, কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত নাম লগায় । সেই কলেজৰ পৰা ১৯২৮ চনত বুৰঞ্জীত সন্মানসহ বি, এ, ত প্ৰথম শ্ৰেণী লাভ কৰি উত্তীৰ্ণ হয় । ১৯৩২ চনত তেওঁ 'ইউনিভাৰচিটি অব কলকাতা"ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰাৰ লগতে একে সময়তে সেই বিশ্ববিদ্যালয়ৰ পৰা এল, এল, বি ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।
     পৰশু সোণোৱাল কেৱল যে এজন বিদ্যায়তনিক দিশত পুৰুধা আছিল সেয়া নহয় । তেখেত এজন এনে ব্যক্তি আছিল যিয়ে ক্ৰীড়া, সংগীত সাধনা, লেখক (গল্প, প্ৰৱন্ধ) আদিৰ লগতে সুকুমাৰ কলাতো সিদ্ধান্ত আছিল । তেওঁৰ গল্প আদি সেই সময়ত প্ৰকাশিত [llustrated Weekly of India আলোচনীত সঘনে প্ৰকাশিত হৈছিল আৰু প্ৰয়োজনীয় চিত্ৰসমূহৰ স্কেচ নিজে আঁকিছিল ।
      যি সময়ত অসমত টেনিছ, ফুটবল আৰু হকী খেলৰ কোনো চিনাকি নাছিল, সেই সময়ছোৱাত পৰশু সোণোৱাল নিজা পাৰদৰ্শিতাৰে প্ৰেছিডেন্সি কলেজৰ ফুটবল, হকী আৰু টেনিছ খেলত এক সুকীয়া স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল । তাৰ সুনামতে "ইউনিভাৰচিটি অব কলকাতাৰ" হকী দলৰ অধিনায়ক ৰূপে নিৰ্বাচিত হৈ বহু প্ৰতিযোগিতাত নিজৰ ক্ষমতা দেখুৱাবলৈ সক্ষম হৈছিল আৰু অসমত ইয়াৰ প্ৰসাৰ ঘটাইছিল ।
      কৰ্মজীৱন আৰম্ভ কৰে ১৯৩৪ চনৰ ১৪ এপ্ৰিলৰ দিন । সেই তাৰিখতে তেওঁ ডিব্ৰুগড় উকীল সন্থাত ৩৫ (পয়ত্রিছ) নম্বৰৰ পঞ্জীয়নেৰে যোগদান কৰে । এই উকীল সন্থাত নাম পঞ্জীয়ন কৰা এম, এ, এল, এল, বি, প্ৰথম অসমীয়া ব্যক্তিজন হ'ল পৰশুৰাম সোণোৱাল ।
       পৰশুৰাম সোণোৱাল বহুতো সামাজিক কামতো জড়িত হৈছিল । ইংৰাজ শাসনকালত অসমত যি আধুনিক জীৱন-যাপনৰ শৈলী গঢ়ি উঠিছিল, সেইবোৰত পৰশু সোণোৱালে সকলো ক্ষেত্ৰতে সহায়ৰ হাত আগবঢ়াইছিল । উচ্চ শিক্ষাৰ বাবে ডিবৰু নগৰৰ বহু নাগৰিকে কলেজ এখন স্থাপনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল, পৰশু সোণোৱালে তাৰ প্ৰতি সঁহাৰি জনাই এটা বছৰ বিনামূলীয়াকৈ পাঠদান প্ৰস্তাৱ আগবঢ়াই এবছৰকাল অকলেই কলেজখনৰ বুৰঞ্জী বিভাগ পৰিচালনা কৰিছিল ।
       সোণোৱালদেৱ একেৰাহে ডিব্ৰুগড় লোকেল ব'ডৰ সক্ৰিয় সদস্য, অসম মেডিকেল স্কুল ব'ৰ্ডৰ সদস্য, জিলা ট্ৰাইবেল লীগৰ সভাপতি আদিকে সামৰি ডিব্ৰুগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদক ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল । স্বাধীনতাৰ পাছৰ সময়ছোৱাত অসমৰ অনুন্নত জাতি - জনগোষ্ঠীসকলৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক তথা সাংস্কৃতিক দিশ আগবঢ়াই নিবলৈ গঠন কৰা সদৌ অসম ট্ৰাইবেল লীগৰ বাবে তেখেতে বহুতো অৱদান তথা ত্যাগ স্বীকাৰ কৰি গৈছে ।
         ১৯৬০ চনৰ পহিলা অক্টোবৰৰ দিনা সহ-ধৰ্মিনীৰ লগতে তিনি পুত্ৰ সহিত পাঁচগৰাকী কন্যা আৰু পৰিয়াল-পৰিজন, গুণমুগ্ধক কন্দুৱাই ইহলীলা সম্বৰণ কৰে ।
   (গ) যোগেশ দাস :- ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহ-বাগিছাত প্ৰাত: স্মৰণীয় শিক্ষাবিদ আৰু প্ৰখ্যাত সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল । তেখেতৰ পিতৃৰ নাম সূৰ্যকান্ত দাস আৰু মাতৃৰ নাম আছিল চিন্তামণি দাস । চাহ বাগিছাৰ নয়নাভিৰাম প্ৰাকৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা যোগেশ দাসে চাহ-বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা-জীৱন আৰম্ভ কৰে । ডুমডুমা মজলীয়া বিদ্যালয়ৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জৰ্জ-ইনষ্টিউশ্বন, বৰ্তমান বাগ্নীবৰ নীলমনি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে । ১৯৫৪ চনত অতি সুখ্যাতিৰে প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৪৯ চনত কটন কলেজৰপৰা স্নাতক উপাধি লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৫৩ চনত স্নাতকোত্তৰ উপাধি লাভ কৰে । ছাত্ৰ অৱস্থাৰপৰাই এখেতে গল্প ৰচনা কৰি এগৰাকী পৈনত গল্পাকাৰৰ পৰিচয় দিছিল । ১৯৫৩ চনতেই এখেতৰ উপন্যাস "সঁহাৰি পাই" প্ৰকাশ হৈছিল ।
   কৰ্মজীৱন :- ডুমডুমা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা যোগেশ দাসে ১৯৫৩ চনৰপৰা ১৯৮৮ চনলৈকে গুৱাহাটী বি, বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে । জ্ঞানৰ সাধনাই এখেতৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ।
     শিক্ষকতা এখেতৰ অন্তৰৰ আবেদন আৰু জীৱনৰ পবিত্ৰতম অভিলাষ যদিও সমান্তৰালভাবে অসমীয়া সাহিত্যক আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি উদ্দীপনা এখেতৰ জ্ঞান-প্ৰসাৰী চৰ্চাই ইয়াৰ উৎকৃষ্ট উদাহৰণ । শিক্ষকতা, সাহিত্য-সাধনা, জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰক এখেতে জীৱনৰ ব্ৰত হিচাপে গন্য কৰিছিল । সেয়েহে কৰ্তব্য তথা দায়িত্বৰ প্ৰতি অৱহেলা নকৰাকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনতো জড়িত হৈ নিষ্ঠাৰে দেশসেৱা, জন-সেৱা আৰু সমাজ সেৱাত ব্ৰতী হৈ পৰিছিল । "নতুন অসমীয়া" কাকতৰ উপসম্পাদক, "দৈনিক অসম" কাকতৰ সহকাৰী প্ৰধান সম্পাদক,  "প্ৰহৰী" আৰু "অধিনায়ক " ৰ সম্পাদনাৰ সৈতৈ জড়িত আছিল । "অসম সাহিত্য সভা-পত্রিকা"ৰো সম্পাদক আছিল ।
     সাহিত্য কৃতী :- যোগেশ দাস এগৰাকী স্বনামধন্য, সফল আৰু মানবীয় প্ৰমূল্যবোধেৰে ভৰপূৰ সাহিত্যিক ।
     যোগেশ দাসৰ গল্প পুথিসমূহ পপীয়া তৰা (১৯৫৬) ডাৱৰৰ আঁৰে আঁৰে (১৯৫৮), ত্ৰিবেণী (১৯৬১), মদাৰৰ বেদনা (৯৮৬৩) আৰু হাজাৰ লোকৰ ভীৰ (১৯৫৬) । উপন্যাস সমূহ সঁহাৰি পাই (১৯৫৩), ডাৱৰ আৰু নাই (১৯৫৫), জোনাকীৰ জুই (১৯৫৬), উৎকণ্ঠ (১৯৬০), ছাঁ জুই খেদি (১৯৬১), নিৰুপায় নিৰুপায় (১৯৬৩), এমুঠি ধূলি (১৯৬৫), হেজাৰ ফুল (১৯৬৭) অবৈধ (১৯৭২), জুইৰ ধোঁৱা (১৯৭২), নৰেশ, মালতী আৰু (১৯৭৭), ৰজনী বিদূৰ (১৯৮১) ইত্যাদি । তদুপৰি এখেতে অন্যান্য বহুতো গ্ৰন্থ লিখি থৈ গৈছে । ইংৰাজী গ্ৰন্থ Folk Lore of Assam, অনুবাদ গ্ৰন্থ 'বনে বনে' জীৱনী গ্ৰন্থ "হেম বৰুৱা" ইত্যাদি ।
      সন্মান আৰু বঁটা-বাহন :- ১৯৮৫ চনৰ ৮,৯ আৰু ১০ ফেব্ৰুৱাৰীত বিহপুৰীয়াৰ শ্ৰীশ্ৰী মাধৱদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্যসভাৰ এক পঞ্চাশতম অধিবেশনত সভাপতিত্ব কৰে । সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত এখেতে অতি সাৰুৱা আৰু চিস্মৰণীয় ভাষণ প্ৰদান কৰি এগৰাকী মহান চিন্তাবিদৰ পৰিচয় দি গৈছে ।
      এই গৰাকী প্ৰখিতযশা গদ্যশিল্পী যোগেশ দাসে জীৱনত বহুতো বঁটা-বাহন লাভ কৰিলে । ১৯৮০ চনত "পৃথিৱীৰ অসুখ" নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে । ১৯৮৬ চনত "আকৌ বনে বনে" গ্ৰন্থৰ বাবে "মোক্ষদানন্দপাঠক শিশু-সাহিত্য বঁটা ১৯৮৯ চনত "সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা" লাভ কৰে "এনাজৰী" গ্ৰন্থৰ বাবে । ১৯৯৪ চনত তেখেতলৈ আগবঢ়োৱা হয় । "অসম উপত্যকা বঁটা" ।
        এইগৰাকী স্থিতপ্ৰজ্ঞ তথা বৰেণ্য ব্যক্তিৰ ১৯৯৯ চনৰ ৯ চেপ্তেম্বৰত দেহাৱসান হয় ।
       (ঘ) যোগেন্দ্ৰনাথ হাজৰিকা :- অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকা অসমৰ জনসাধাৰণৰ মাজত যোগেন হাজৰিকা নামেৰে অধিক জনাজাত । মানুহজন সকলো গুণেৰে বিভূষিত, পিন্ধনত বগা খদ্দৰৰ পোছাক, সুন্দৰ শাৰিৰীক গঠন ধীৰ-স্হিৰ গম্ভীৰ, সকলো ক্ষেত্ৰতে পৰিপাটি, কথা - বতৰাত অতি সংযম, অতি ভদ্ৰ আচাৰ-ব্যৱহাৰ, বুদ্ধিদীপ্ত ব্যক্তিত্বশীল গুণেৰে সমৃদ্ধ এগৰাকী গৌৰ বৰণৰ ওখ-পাখ সহজতে সকলোকে তেখেতৰ চৰিত্ৰৰ ভূষণ ।
      তেখেত আছিল একেধাৰে কৃতী ছাত্ৰ, আদৰ্শ সমাজবাদী, সু-সংগঠক, সু-লেখক, বুদ্ধিজীৱি, আলোচনী সম্পাদক, আইনবিধ, সু-দক্ষ সাংসদ, ভাৰতৰ প্ৰথম গৰাকী বহি: পৰিক্ৰমা বিভাগৰ সংসদীয় সচিব, চতুৰ ৰাজনীতিবিদ, বিধায়ক, দক্ষ প্ৰশাসক, বিধান সভাৰ অধ্যক্ষ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ।
     অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ পুৰণিখঙীয়া গাঁৱত ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এটি দৰিদ্ৰ পৰিয়ালত যোগেন হাজৰিকাদেৱৰ জন্ম হৈছিল । তেখেতৰ পিতৃ-মাতৃ ক্ৰমে৺ গোপাল চন্দ্ৰ হাজৰিকা আৰু৺ ৰত্না হাজৰিকা আছিল । তেখেতৰ পত্নী বীনা হাজৰিকা আৰু একমাত্ৰ পুত্ৰ মনজীৎ হাজৰিকা ।
      আৰ্থিক অনাটনৰ বাবে তেখেতৰ পৰিয়ালটো জন্মগ্ৰহণ টেঙাখাতৰ পৰা বুঢ়ীদিহিঙৰ পাৰৰ হাতীবন্ধা গাঁৱলৈ উঠি গৈছিল । তেওঁলোকৰ বাসস্থান হাতীবন্ধা গাঁৱত সেইসময়ত কোনো প্ৰাথমিক বিদ্যালয় নথকাত যোগেন হাজৰিকাই টেঙাখাত ঘাঁহি গাঁৱৰ নিজ পৰিয়ালৰ এঘৰত থাকি ওচৰতে ভেকোৱাজান প্ৰথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল । আৰ্থিক অনাটনৰ বাবে যোগেন হাজৰিকাই চানা-বাদাম বিক্ৰী কৰি খৰচ-পাতি উলিয়াই শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল । দুগৰাকী দয়ালু ব্যক্তি তেতিয়াৰ ডিব্ৰুগড়ৰ লোকেল ব'ডৰ চেয়াৰমেন, চাহ খেতিয়ক ডম্বৰুধৰ শইকীয়া আৰু ডিব্ৰুগড়ৰ আগশাৰীৰ আইনবিদ, শিক্ষাবিধ, সমাজসেৱক পৰশুৰাম সোণোৱালৰ প্ৰৰণা, আৰ্থিক সাহাৰ্য্যত ১৯৪১ চনত ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৬ চনত কটন কলেজৰ পৰা স্নাতক, ১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতিত স্নাতকোত্তৰ (এম, এ) আৰু ১৯৫২ চনত আইনৰ ডিগ্ৰী কৰে । উল্লেখযোগ্য-যোগেন হাজৰিকা সোণোৱাল জনগোষ্ঠীৰ দ্বিতীয় গৰাকী এম, এ আৰু তৃতীয় গৰাকী বি, এল, ডিগ্ৰীধাৰী ব্যক্তি আছিল ।
       স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত । হাজৰিকাদেৱে এই নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰপৰা জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু একেৰাহে ১৯৬৭ চনলৈকে লোকসভাৰ সাংসদ আছিল । প্ৰথম সাধাৰণ নিৰ্বাচনৰ আগে আগে ১৯৫১ চনত তেখেতে সদৌ অসম ট্ৰাইবেল লীগৰ নেতৃত্ব বহন কৰি থকা কালছোৱাত এবছৰ কাল অস্হায়ী সাংসদৰ মনোনীত সদস্য আছিল বুলি জনা যায় । তেখেত লোকসভাৰ এগৰাকী সু-দক্ষ সাংসদ আছিল । এনে সু-দক্ষ গুণৰ বাবে ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে বহি: পৰিক্ৰমা বিভাগৰ সংসদীয় সচিবৰূপে নিয়োজিত আছিল । সংসদীয় ৰাজনীতিৰপৰা হাজৰিকাদেৱে আশীৰ দশকত অসমৰ ৰাজনীতিৰ বিধান সমাজ মজিয়াত প্ৰবেশ কৰে । বিধানসভাৰ নিৰ্বাচনত তেখেতৰ ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰপৰা জনতা দলৰ টিকটত প্ৰতিদ্বন্দিতা কৰি অসম বিধান সভালৈ নিৰ্বাচিত হয় আৰু অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হয় । তাৰ পিছত ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয় ।
       যোগেন হাজৰিকাদেৱে কলিকতা বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল । তেখেতে ১৯৫২ চনত আইনৰ ডিগ্ৰী লাভ কৰে  । আইনৰ ডিগ্ৰী লাভ কৰি হাজৰিকাদেৱে ১৯৫২ চনত কলিকতাৰ হাইকৰ্টৰ ওকালতি জীৱন আৰম্ভ কৰি সেই বছৰতেই ডিব্ৰুগড়লৈ আহি বাৰ লাইব্ৰেৰীত যোগদান কৰিছিল । তদুপৰি তেখেতে গুৱাহাটীৰ হাইকৰ্টতো ওকালতি কৰিছিল । ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত তেখেতে দিল্লীৰ চুপ্ৰিম ক'ৰ্টতো ওকালতি জীৱন আৰম্ভ কৰিছিল । উল্লেখযোগ্য ভাৰতৰ চুপ্ৰিম ক'ৰ্টত হাজৰিকাই আছিল সোনোৱাল কছাৰী জনগোষ্ঠীৰ একমাত্ৰ এডভ'কেট ।
       হাজৰিকাদেৱ এগৰাকী জনজাতীয় নেতাৰ হিচাপে জনজাতিসকলৰ সৰ্বাঙ্গীন বিকাশত দেহে-কেহে নিজকে উছৰ্গা কৰিছিল । জনজাতিসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে গঠন হোৱা কেইটামান দল-সংগঠনৰ সৈতে তেখেত কেনেদৰে জড়িত হৈ পৰিছিল তাৰ এটি চমু আভাষ দিয়া হ'ল ।
     (ক) ১৯৩৩ চনত অসমৰ ভৈয়ামৰ সকলো জনগোষ্ঠীৰ সমূহীয়া ৰাজনৈতিক সংগঠন 'ট্ৰাইবেল লীগ' গঠন হৈছিল । এই ট্ৰাইবেল লীগৰ আদৰ্শই হাজৰিকাদেৱক গভীৰভাৱে প্ৰভাৱান্বিত কৰি তুলিছিল । তেনে পৰিপ্ৰেক্ষিতত ট্ৰাইবেল লীগৰ সেই সময়ৰ সম্পাদক ভীমবৰ দেউৰী আৰু সদস্য পৰশুৰাম সোণোৱালৰ কাৰ্যকালছোৱাত হাজৰিকাদেৱে তেখেতসকলৰ সংস্পৰ্শলৈ আহি ট্ৰাইবেল লীগৰ কামত নিজকে জড়িত কৰি তুলিছিল ।
     (খ) ১৯৪০ চনত 'সদৌ অসম প্ৰগতিশীল কছাৰী সন্মিলন'ৰ সম্পাদকৰ গুৰুদায়িত্ব বহন কৰিছিল ।
    (গ) হাজৰিকাদেৱে গুৱাহাটীত অধ্যয়ন কৰি থকা সময়ত All  Assam Plains and Hills Tribe Students Association নামৰ এটি সংগঠন জন্ম হৈছিল । হাজৰিকাদেৱে এই সংগঠনৰ সভাপতিৰ দায়িত্বত থাকি এই সংগঠনৰ সৰ্বাঙ্গীণ বিকাশত অহোপুৰুষাৰ্থ কৰিছিল ।
      যোগেন হাজৰিকাই সাহিত্য চৰ্চাও কৰিছিল । 'নায়ক' নামৰ এখন আলোচনী সম্পাদনা কৰাৰ উপৰিও তেখেতে অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰবন্ধ পাতি লিখিছিল । 'ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু গণ পৰিষদ' আৰু ইংৰাজী ভাষাত লিখা --- Consider-ation on twenty five Million Soul of Trial India' হাজৰিকাদেৱৰ দুখন অতি উল্লেখযোগ্য গ্ৰন্থ ।
     জ্ঞানপিপাসু হাজৰিকাদেৱে তেখেতৰ দীঘলীয়া জীৱনকালত বহুতো মূল্যৱান গ্ৰন্থ ক্ৰয় কৰি আৰু সেইবিলাক গ্ৰন্থ অধ্যয়ণৰ কৰি নিজৰ জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিছিল । তেখেতে জীৱনকালত সংগ্ৰহ কৰা দুহেজাৰতকৈ অধিক মূল্যৱান গ্ৰন্থ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু টেঙাখাত মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ দান কৰিছিল ।
      পাহাৰ-ভৈয়ামৰ মিলনৰ সাধক জনজাতীয় নেতা অসমীয়া জাতিৰ নি:স্বাৰ্থ প্ৰেমিক । যোগেন্দ্ৰনাথ হাজৰিকাই ১৯৯৭ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে জীৱন নাট সামৰি এই সংসাৰৰ পৰা চিৰ বিদায় মাগিলে ।

হাজংসকল 

১/ হাজংসকল কোন জনগোষ্ঠীৰ লোক ?
উত্তৰ :- নৃতাত্বিকসকলৰ মতে হাজংসকল ইণ্ডো-মংগোলীয় জনগোষ্ঠীৰ ।
২/ হাজংসকলক পাৰ্বত্য স্বায়ত্ব শাসিত জিলাবোৰৰ কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল ?
উত্তৰ :- ভাৰতৰ সংবিধানৰ ১৯৫০ চনত আইন অনুসৰি হাজংসকল অবিভক্ত অসমৰ পাৰ্বত্য স্বায়ত্ব শাসিত জিলাবোৰতহে অনুসূচীত জনজাতি হিচাপে স্বীকৃতি আছিল ।
৩/ বৰ্তমান হাজংসকল অসমৰ প্ৰধানত : কোন জিলাত বসবাস কৰি আছে ?
উত্তৰ :- হাজংসকল বৰ্তমান অসমৰ গোৱালপাৰা, ধুবুৰী, কামৰূপ, বাস্কা, ওদালগুৰি, চিৰাং, দৰং, লক্ষিমপুৰ, ধেমাজী, নগাঁও আদি জিলাৰ অ'ত ত'ত তাকৰীয়া সংখ্যকভাৱে সিঁচৰতি হৈ বসবাস কৰি আছে ।
৪/ হাজংসকলৰ মূল জীৱিকা কি  ?
উত্তৰ :- হাজংসকলৰ মূল জীৱিকা হ'ল কৃষি ।
৫/ বাস্তদেও পুজা কেতিয়া অনুষ্ঠিত কৰে ?
উত্তৰ :- ব'হাগ মাহত ।
৬/ হাজং সমাজত কাছৰি ঘৰৰ তাৎপৰ্য কি ?
উত্তৰ :- হাজংসকলৰ আদৰ্শ গৃহস্থৰ ঘৰ-হাউলি (ঘৰ-বাৰী) এনে ধৰণৰ---- এটা মাইজৌ ঘৰ (বৰ ঘৰ), এটা চাংঘৰ (ভঁৰাল), এটা আখলি ঘৰ (ৰান্ধনি ঘৰ), এটা গুলি ঘৰ (গোহালি) আৰু আগচোতালত এখন কাছৰি ঘৰ । কাছৰি ঘৰ বাট চ'ৰা ঘৰ বুলি ক'ব পাৰি যদিও আচলতে হাজংসকলৰ ই ডেকাচাং আছিল । এসময়ত গাঁৱৰ মূৰব্বী বা প্ৰতিপত্তিশীল ব্যক্তিৰ ঘৰ হাউলিতহে কাছৰি ঘৰ আছিল । কাছৰি ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলেহে নিশা শুইছিল । গাঁৱলৈ পুৰুষ আলহী-অতিথি আহিলেও এই কাছৰি ঘৰতহে ৰাতি থকিবলৈ দিয়া হয় ।

 নাথ যোগীসকল 

১/ অসমৰ নাথ যোগীসকলৰ উৎপত্তি সম্পৰ্কে লিখা ।
উত্তৰ :- যোগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল । নাথ বা যোগী সম্প্ৰদায়টো অসমৰ তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী আৰ্য সভ্যতাৰ বহু আগৰে পৰা এই সম্প্ৰদায়টোৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ বসবাস কৰি আহিছে । নাথ পৰম্পৰাৰ মতে আদিনাথ, অৰ্থাৎ ভগৱান শিৱইহে প্ৰথমগৰাকী না । মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষানাথ নাথসকলৰ প্ৰধান দুগৰাকী গুৰু । নাথ যোগীসকলৰ দুটা ভাগ আছে । তাৰে এটা হ'ল গৃহস্থ যোগী, আনটো হ'ল সন্ন্যাসী যোগী । নাথসকলৰ আদিগুৰু মহাযোগী মৎস্যেন্দ্ৰনাথ কামৰূপৰ বাসিন্দা আছিল আৰু তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন আছিল । তন্ত্ৰ আৰু যোগ সাধনাত ভিত্তি অনুসৰিয়েই ভাৰতবৰ্ষ অথবা অসমত নাথ যোগীসকলৰ উৎপত্তি হোৱা বুলি আমি ক'ব পাৰো বা অতীজৰে পৰা কৈ অহা হৈছে ।
   ২/ নাথ যোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা ।
উত্তৰ :- নাথসকলৰ অতি প্ৰাচীন নিজস্ব সাহিত্য আছে । তন্ত্ৰ -মন্ত্ৰ যোগ আধ্যাত্মিক দৰ্শন আয়ুৰ্বেদ, জ্যোতিষ ৰসায়ন আদি বিভিন্ন দিশত নাম সিদ্ধ পুৰুষসকলে ভালেমান অমূল্য সাহিত্য আয়ুৰ্বেদ, জ্যোতিষ ৰসায়ন আদি বিভিন্ন দিশত নাম সিদ্ পুৰুষসকলে ভালেমান  অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । অতীতত নাথ সিদ্ধাচৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চৰ্যাপদসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্ৰভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে । এই সম্প্ৰদায়ৰ এগৰাকী সুযোগ্য সন্তান সাহিত্যিক প্ৰত্নতাত্ত্ববিদ, পণ্ডিত তত্ত্বাভূষণ প্ৰয়াত ৰাজমোহন নাথদেৱে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই গৈছে । নাথ যোগীসকলৰ দুটা ভাগ আছে । তাৰে এটা হ'ল গৃহস্থ যোগী । আনটো হ'ল সন্ন্যাসী যোগী সন্ন্যাসী যোগীসকলেই নামধৰ্মৰ প্ৰচাৰ কৰে । নাথসকল গুৰু গোৰক্ষানাথ হ'ব যোগ সাধন আবিস্কাৰক । গুৰু গোৰক্ষানাথে প্ৰৱৰ্তন কৰা যোগসাধন মাৰ্গৰ ওপৰত ৰচিত স্বামী আত্মাৰাম যোগীৰ হঠযোগ প্ৰদীপিকা সমগ্ৰ বিশ্বতে সমাদৃত যোগৰ এখন মূল্যৱান গ্ৰন্থ । নাথসকলৰ আদিগুৰু আছিল মহাযোগী সত্যেন্দ্ৰনাথ । এই সম্প্ৰদায়টোৰ গুণী পুৰুষ পৰমভক্ত বৈষ্ণৱ সমুৰানাথ বুঢ়াআতা মহাপুৰুষ শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল ।
৩/ নাথ যোগীসকলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- নাথ বা যোগী সম্প্ৰদায়টো অসম তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী । আৰ্য সভ্যতাৰ বহু আগৰ পৰা এই সম্প্ৰদায়ৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্নৰ মাজতে সিঁচৰতি হৈ আছে । আমাৰ অসমতো নাথ যোগীসকল প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে । ঘাইকৈ গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, দৰং, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, কাছাৰ আদি জিলাত লাখ লাখ নাথ যোগী মানুহে বসবাস কৰি আছে । এই সম্প্ৰদায়ৰ লোকসকলৰ আদি পুৰুষবোৰ যোগ সাধনাত ব্ৰতী আছিল । মহাযোগী মৎস্যেন্দ্ৰনাথে আৰু গুৰু গোৰক্ষানাথ নাথসকলৰ প্ৰধান দুগৰাকী গুৰু ।
      তন্ত্ৰ-মন্ত্র যোগ আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ, জ্যোতিষ ৰাসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধ পুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে । বৰ্তমান অসমৰ এনে বুজনসংখ্যক নাথ যোগী লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্মত দিক্ষিত হৈ মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিক আঁকোৱালি লৈছে । 
     এই সম্প্ৰদায়ৰ লোকসকল স্বভাৱগতভাৱে শান্তিপ্ৰিয় আৰু দেশপ্ৰেমিক । 
     ১৯৮০ চনত অসমৰ ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা বিদেশী বহিস্কাৰ আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বহীদ আছিল প্ৰায় ১৪০ গৰাকী । অসমৰ নাথ যোগীসকল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে ।
         এই সম্প্ৰদায়টোক শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ধৰ্মীয় সকলো দিশতে আগবঢ়াই নিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰা প্ৰমুখ্যে ভালেকেইগৰাকী দূৰদৰ্শী ব্যক্তিৰ ১৯১৯ চনতেই গঠিত অসম প্ৰদেশিক যোগী সন্মিলনী শতায়ুপ্ত অসমৰ অন্যতম পুৰণি জনগোষ্ঠীয় অনুষ্ঠান ।

আদিবাসীসকল 


১/ আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- অসমৰ চাহ বাগিচা আৰু গাঁও প্ৰায় ৫৫ লাখ আদিবাসী সম্প্ৰদায় আছে সাধাৰণতে দেশৰ প্ৰথম 'বাসিন্দা' বা নিবাসীসকলক আদিবাসী বুলি কোৱা হয় । এই গোষ্ঠীৰ লোকসকল চুটি-চাপৰ অতি ক'লা বৰণৰ আৰু চেপেটা নাকৰ । কোল, ভিল, মুণ্ডা, আদি জাতি এই গোষ্ঠীৰ অন্তৰ্গত । আদিবাসীসকল জন্মসূত্ৰে প্ৰকৃতিপ্ৰেমী বুলি ক'ব পাৰি ।
       ভাত মাহৰ একাদশীৰ দিন এই সম্প্ৰদায়ৰ লোকসকলে 'কৰম' নামৰ এক কৃষিভিত্তিক উৎসৱ বৰ উলহ-মালহেৰে পালন কৰে । কৰম,  ঝঘৰ, ভমকচ, জাদুৰ ইত্যাদি এই সম্প্ৰদায়ৰ প্ৰধান নাচৃগান । আদিবাসীৰ ভাষাসমূহ দ্ৰাবিড় আৰু অষ্টিক গোষ্ঠীৰ ভাষা নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত কুডুৰ সাহিত্য সভা, চাওতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা ইত্যাদি গঢ়ি উঠিছে ।
       খ্ৰীষ্টচন মুণ্ডা আৰু জাষ্টি লাক্ৰা এই সম্প্ৰদায়ৰ দুজন বিশেষ ব্যক্তি । 
    ২/ আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বণৰ বিষয়ে লিখা । 
উত্তৰ :- আদিবাসী ভাষাসমূহ দ্ৰাবিড় আৰু অষ্টিক গোষ্ঠীয় ভাষা । উদাহৰণস্বৰূপে, উৰাংসকলৰ কুডুম ভাষাটি দ্ৰাবিড় গোষ্ঠীৰ, সেইদৰে মুণ্ডা আৰু চাওতালসকলৰ ভাষা অষ্টিক গোষ্ঠীৰ কোলাৰীয়াল ভাষা । খছিসকলৰ ভাষা আৰু কিছু ৰীতি-নীতিৰ মিল থকালৈ আঙুলিয়াই তেওঁলোকে নিজৰ মাজত উমৈহতীয়া ভাষা আদিবাসীয়া কথা পাতে । আদিবাসী কুডুম, মুণ্ডা, চাওতাল, চাওঁৰা, কুড়মালী, খাড়িয়া ইত্যাদি জাতিৰ নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত কুডুম সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, চাওতালী সাহিত্য সভা, খাড়িয়া মহাসভা কডমালী সাহিত্য সভা ইত্যাদি গঢ়ি উঠিছে । এই সম্প্ৰদায়ৰ মুখ্য উৎসৱসমূহৰ ভিতৰত প্ৰধানকৈ 'কৰম' কৃষিভিত্তিক উৎসৱ । কৰম এবিধ গছ গাঁৱৰ মহিলাসকলে বিশেষকৈ যুৱতীসকলে এই উৎসৱ অতি ধৰ্মীয় পৰম্পৰাৰে পালন কৰে । 'কৰম ' পূজাত আদিবাসীসকৰ পৰম্পৰাৰ নীতি-কথা নিহিত হৈ থাকে । কৰম উৎসৱটো বন্ধুৰ, সম্প্ৰীতি একতা ভাল ফচল আৰু আগন্তুক বিবাহ হ'বলৈ প্ৰস্তুত হোৱা যোৱতীসকশৰ বাবে এক ব্ৰতৰ সময় । কৰম উৎসৱৰ উপৰিও টুচু বাহা পৰব, চহৰাই মাগে, ফাগুৱা ইত্যাদি উৎসৱো আদিবাসীসকলে পালন কৰা দেখা পোৱা যায় । 
(৩) চমুটোকা লিখা----
(ক) খ্ৰীষ্টচন মুণ্ডা : - ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা এজন সাহসী বীৰৰ নাম হ'ল খ্ৰীষ্টচন মুণ্ডা । ১৯১৬ চনত এইজনা আদিবাসী বীৰে দেশৰ হকে প্ৰাণ আহুতি দি স্বনামধন্য হৈ ৰ'ল । তেজপুৰৰ ওচৰৰ ফুলবাৰী চাহ বাগিচাত খ্ৰীষ্টচন মুণ্ডাই অসমৰ কৃষক আৰু শ্ৰমিক বিদ্ৰোহ ১৯১০-১৯১৬ চনত গঢ়ি তুলিছিল  । ব্ৰিটিছ চৰকাৰে খ্ৰীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিছিল । যাতে পুনৰ কোনো শ্ৰমিকে ব্ৰিটিছ চৰকাৰৰ বিৰোধ কৰিবলৈ সাহস কৰিব নোৱাৰে ।
    (খ) জাষ্টিন লাক্ৰা :- ১৯৭০ চনৰ ২ অক্টোবৰ তাৰিখে চৰাইবিলৰ কচুগাঁৱত জাষ্টিন লাক্ৰাৰ জন্ম হৈছিল । তেখেত আছিল সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জন্মদাতা । জাষ্টিন লাক্ৰাক আদিবাসীসকলৰ 'জাতীয় পিতা ' আখ্যা দিয়া হয় । ১৯৯৬ চনত শিলং মহাবিদ্যালয়ত শিক্ষা লৈ থাকোতে নামনি অসমত গোষ্ঠী সংঘৰ্ষই দেখা দিয়ে আৰু প্ৰায় দুই লাখ মানুহ আশ্ৰয় শিবিৰত আশ্ৰয় লয় । তেওঁ শিক্ষা এৰি ৰাইজৰ সেৱাত নামি পৰে । এইজনা মহান আদিবাসী নেতাই ২০১৫ চনৰ ১৫ জুলাইত ইহলীলা ত্যাগ কৰে। 

আমাৰ এইখন Website ত এনে ধৰণৰ আৰু প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে তলৰ পাঠ অনুযায়ী নিৰ্বাচিত কৰি অধিক চাওক ।
CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A  (বাধ্যতামূলক)
  পদ্যাংশ  
  গদ্যাংশ  
Group-B (বৈকল্পিক)
  পদ্যাংশ  
CLASS 1O GRAMMAR MCQ 
বৈচিত্ৰ্যময় অসম প্ৰশ্নোত্তৰ Class 10  
CLASS 11 QUESTIONS 


Post a Comment

0 Comments