ৰচনা class 10

ৰচনা class 10

(ক) সাহিত্য, কলা সংস্কৃত সম্পৰ্কীয় , (খ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় (গ) শিক্ষা আৰু ক্ৰিয়া সম্পৰ্কীয় 
১/ তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা :
(ক) তোমাৰ প্ৰিয় গ্ৰন্থ এখনৰ ওপৰত ।
(আৰম্ভণি --- গ্ৰন্থখনৰ পৰিচয় ---- প্ৰিয় হোৱাৰ কাৰণ ----- সামৰণি)
উত্তৰ :- 
মোৰ প্ৰিয় গ্ৰন্থ
     মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনাকৰা 'আদি দশম' কাব্য মোৰ এখনি প্ৰিয় গ্ৰন্থ । এই গ্ৰন্থ মহৰ্ষি বেদব্যাস ৰছিত ভাগৱত পুৰাণৰ দশম স্কন্ধৰ আদিছোৱাৰ প্ৰাঞ্জল ভাঙনি । পাঁচ হেজাৰ বছৰ জুৰি ভাৰতবৰ্ষৰ জনমানসক আলোড়িত কৰি অহা অপুৰ্ব শ্ৰীসম্পন্ন চৰিত্ৰ পুণ্যশ্লোক শ্ৰীকৃষ্ণৰ জন্ম-বৃতান্ত আৰু শৈশৱ-কৈশোৰৰ লীলাৰে চৰিত এই কাব্য শংকৰদেৱৰ প্ৰতিভাৰ উজ্জ্বল চানেকি ।কৃষ্ণাস্ত ভগৱান স্বয়ম্ ' আৰু 'ঈশ্বৰ: পৰম: কৃষ্ণ সচ্চিদানন্দ ৱিগ্ৰহ :-- ভাগৱত পুৰাণৰ এই মহাবাণীয়ে যুগ যুগান্তৰ ধৰি ভাৰতবৰ্ষৰ জনমানসক অনুৰঞ্জিত কৰি এক মহান সাংস্কৃতিক ঐতিহ্যৰ সৌধ গঢ়িছিল । শংকৰদেৱে ভাগৱত পুৰাণৰ বিভিন্ন স্কন্ধৰ অনুবাদৰ সহায়েৰে অসমৰ মানুহক বিশাল ভাৰতবৰ্ষৰ এই মহান ঐতিহ্যৰে সৈতে চিনাকি কৰি দিলে । ভাগৱত পুৰাণৰ বাৰটা স্কন্ধৰ ভিতৰত দশম স্কন্ধৰ এক সকীয়া আবেদন আছে । কিয়নো, এই কাব্যৰ বিষয়বস্তু শিশু আৰু কিশোৰ কৃষ্ণৰ মনোহৰ ব্ৰজলীলা ।
      মূলৰ ভাব, ভাষা আৰু প্ৰকাশভংগী সম্পূৰ্ণ শুদ্ধভাৱে ৰক্ষা কৰি শংকৰদেৱে এই গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে । কিন্ত তাৰ মাজতে অসীম প্ৰতিভাধৰ কৰিব ৰচনাৰ মৌলিক সৌন্দৰ্য বিকশিত হৈ উঠিছে । শিশু কৃষ্ণৰ দুষ্টালি, ঠেঁহ চেপ, পালক পিতৃ-মাতৃ নন্দ-যশোদাৰ সৈতে থকা স্নেহৰ বান্ধোন, কিশোৰ কৃষ্ণৰ সখিসকলৰ প্ৰতি থকা নিবিড় মমতা, জ্যেষ্ঠ ভ্ৰাতৃ বলৰামৰ বাবে থকা স্নেহ শ্ৰদ্ধা, ব্ৰজবধু গোপীসকলৰ প্ৰতি পদৰ্শিত পৰম অনুকম্পা, সকলো প্ৰাণীৰে প্ৰতি বৰষা কৰুণাধাৰা, আনকি দুস্কতিৰ প্ৰতিভুদুৰ্জন কংস ৰজাক বধ কৰি তেওঁকো সৰূপা মুক্তি দি কৰা কৃপা --- দশমৰ বৰ্ণিত বিষয় ।
      'আদি দশম'ত গোপকৃষ্ণৰ কিশোৰ ৰুপৰ বৰ্ণনাই পাঠকক অনুক্ষণ মুগ্ধ কৰি ৰাখে । কৃষ্ণৰ গাৰ বৰণ নতুন মেঘৰ দৰে শ্যাম, নয়নযুৰি পদ্মৰ পাহিৰ, শুভ্ৰ কুন্দ-ফুল-কলি যেনে দাঁত, কোমল কুঁহিপাতৰ দৰে হাতৰ তলুৱা, নৱ পদ্ম কোষ যেন চাৰু চৰণ । হালধীয়া পাটৰ বস্ত, সুগন্ধি বনফুলৰ মালা, ৰত্ন-অলংকাৰ, কৌস্তুভ মণিয়ে সেয়ে ৰূপ আৰু মোহনীয় কৰি তোলে । কিশোৰ কৃষ্ণই গোকুলৰ প্ৰতিটো প্ৰতিটো প্ৰাণীৰে মন মুহি থৈহি । পদ্ম-গন্ধেৰে সুৰভিত যমুনাৰ ৰম্য বালিত কৃষ্ণক চাৰিওফালে আৱৰি লৈ গোপশীশুসকলে দৈ ভাত খায় । সেই চিত্ৰ যেন এপাহি পূৰ্ণ প্ৰস্ফুটিত পদুম ফুলেহে । কৃষ্ণ যেন পদুমৰ চকা আৰু সখিসকল যেন পদুমৰ পাহি ।
       বৃন্দাবনৰ ৰমণীয়ে বন প্ৰান্তৰত কৃষ্ণৰ সৈতে গোপবালকসকলে ৰং ধেমালি কৰে । কোনোৱে পক্ষীৰ ছায়া খেদি ফুৰে, কোনোযৱে কুলিৰ কন্ঠৰ সিঞাৰে । কোনোৱে ভোমোৰাৰ লগে লগে ভৰি খুপি ফুৰে, কোনোৱে ময়ুৰৰ দৰে চালি ধৰি নাচে, কোনোৱে ৰাজহঁতৰ লগে লগে ভৰি খুপি খুপি ফুৰে, কোনোৱে বেঙৰ লগত দেও পাৰি ফুৰে । পৰম দেৱতা কৃষ্ণক সখিৰূপে লাভ কৰা ব্ৰজৰ শিশুসকলৰ এনে ভাগ্যোদয় দেখি ভক্ত কবি অভিভূত হৈ পৰে । কৃষ্ণৰ বাঁহীৰ সুৰ শুনিলে কালিন্দী যমুনা উজাই বয়, কমল বনত শিহৰণ জাগে, গৰু, মৃগ, পক্ষী চিত্ৰৰ পুতলিৰ দৰে থৰ হয়, তৰুলতাই মধুক্ষৰণ কৰে, মেঘে মিত্র বুলি মধুৰ গাজনিৰে সম্ভাষণ কৰি ছায়াছত্র ধৰে আৰু কৃষ্ণসাৰ হৰিণীবোৰ বিমোহিত হৈ কাষ চাপি আহে ।
       এই লীলাময় কৃষ্ণকেই সৃষ্টিকৰ্তা ব্ৰহ্মাই নিৰ্জন বৃন্দাবনত অপূৰ্ব গোপৰূপত দেখিছে, এওঁৰ মহিমা দেখি দুৰ্দান্ত কালীনাগ আৰু পত্নীসকল বিষ্ময়ত অভিভূত হৈছে, এওঁৰেই মুৰুলীমোহন নটবৰ ৰূপে শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰজবধুসকলক ব্যাকুল কৰিছে আৰু এওঁৰেই দিব্যৰূপ নীল যমুনাৰ তলত দেখি অক্ৰুৰ বাৰম্বাৰ শিহৰিত হৈছে । কংসৰ ৰাজসভাত এওঁকেই সমজুৱাসকলে দশৰূপত দৰ্শন কৰিছে ।
       ভক্তজনৰ পৰম নমস্য এই ভূৱনসুন্দৰ কৃষ্ণৰ সৌন্দৰ্য আৰু লীলা অসংখ্য মনোমোহা চিত্ৰকল্পৰে উপমা, ৰূপক, উৎপ্ৰেক্ষা অনুপ্ৰাস আদি অলংকাৰেৰে, নৱৰসেৰে,  দুলড়িলেছাৰি ছবি, ঝুমুৰী ছন্দেৰে বৰ্ণনা কৰি কবিয়ে পাঠকৰ মন অনাবিল আনন্দেৰে ভৰপূৰ কৰি তুলিছে ।
(খ) অসমৰ প্ৰাকৃতিক সম্পদ 
(আৰম্ভণি -----প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰ ----- সম্পদবোৰৰ ব্যৱহাৰ ----- সামৰণি )
উত্তৰ :- 
অসমৰ প্ৰাকৃতিক সম্পদ

আৰম্ভণি :- প্ৰাকৃতিক সম্পদ বুলিলে প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন ধৰণৰ সম্পদসমূহকেই বুজা যায় ---- দেশ এখনৰ চহকী অৱস্থা নিৰ্ভৰ কৰে ইয়াৰ প্ৰাকৃতিক সম্পদৰ ওপৰত । ভাৰতৰ ভিতৰত যিকেইখন ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী, তাৰ ভিতৰত অসমো অন্যতম অৱশ্যে অসমৰ বিভিন্ন প্ৰাকৃতিক সম্পদৰ আটাইখিনি এতিয়াও উদ্ধাৰ হোৱা নাই ।
      প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ :- প্ৰধানকৈ তিনিবিধ প্ৰাকৃতিক সম্পদ --- বনজ, খনিজ, জলজ । কৃষিও যিহেতু প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতাৰ ওপৰতেই নিৰ্ভৰ কৰে সেয়ে কৃষিকো প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা কৰি ল'ব পাৰি ।
      বনজ সম্পদ :- হাবিৰ মূল্যৱান গছ-গছনি, ছেগুন , শলক,  বনচুম,  তিতাচপা , আদি । হাবিত পোৱা লতা জাতীয় দ্ৰব্য ---- যিবোৰ ঔষধ গুণেৰে সমৃদ্ধ --- বিভিন্ন মছলাজাতীয় গছেৰেও অসমৰ বাহি-বননি সমৃদ্ধ --- বিভিন্ন প্ৰকাৰৰ জন্তুবোৰো বনজ সম্পদৰ ভিতৰুৱা --- বাঘ, ভালুক, হাতী, গঁড় আদি । বিভিন্ন প্ৰকাৰৰ চৰাইবোৰো --- ধনেশ, ময়ুৰ, বিভিন্ন প্ৰকাৰৰ হাঁহ আদি । এইবোৰ চালান দি চৰকাৰে বহু টকা উপাৰ্জন কৰে । এইবোৰৰ দ্বাৰা বিভিন্ন উদ্যোগো স্থপন
 হৈছে --- বহুতো লোকৰ অন্নসংস্হানৰ অভাৱো দূৰ হৈছে ।
       খনিজ সম্পদ :- বিভিন্ন মাটি, শিল, চুণ, খাৰুৱা তেল, কয়লা আদি । এইবোৰৰ সহায়ত বিভিন্ন উদ্যোগ স্থাপন হৈছে --- বিভিন্ন ঠাইত পেট্ৰলিয়াম পুং আৱিষ্কৃত হৈছে --- লিডু, মাৰ্ঘেৰিটাৰ, বৰগোলাইত, কয়লাৰ খনি আবিষ্কৃত হৈছে । ডিগবৈ, দুলিয়াজান, হুগ্ৰীজান,  নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ আদিত পেট্ৰল'লিয়াম পুং --- গোৱালপাৰাৰ কোনো কোনো ঠাইত লোৰ সন্ধান --- এইবোৰৰ ফলত তেল শোধনাগাৰ হৈছে --- মানুহৰ অন্ন - বস্ত্ৰৰ সমস্যা সমাধানত কিছু বৰঙণি দিছে ।
     জলজ সম্পদ :- অসম নৈ-নালাৰে ভৰপূৰ --- মাছ - কাছ আদি -- ইয়াৰ নৈৰ পানীৰ সহায়ত বিজুলী উৎপাদনৰ সম্ভাৱনা আছে । পৰিকল্পিতভাৱে মাছ পোহাৰ সম্ভাৱনাও আছে ।
     কৃষিজ সম্পদ :- ধান আৰু অন্যান্য খেতিৰ বাবে অসমৰ মাটি উপযুক্ত হোৱাৰ উপৰি চহৰ বাবে অসম ভাৰত তথা পৃথিৱী বিখ্যাত । এড়ি, পাট-পলু আদিও পুহিব পাৰি । 
       সামৰণি :- অসম এইদৰে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ যদিও বাস্তৱ দৃষ্টিভংগীৰে চালে দেখা যায় যে এইবোৰৰ যথাযথ প্ৰয়োগ অসম চৰকাৰে এতিয়াও কৰিবলৈ সক্ষম হোৱা নাই । প্ৰাকৃতিক সম্পদসমূহৰ হিচাপত অসম উদ্যোগ বা কল-কাৰখানাসমূহ স্থাপনৰ দিশত যিমান দূৰ আগবাঢ়িব লাগিছিল --- সিমান এতিয়াও হোৱা নাই । এইক্ষেত্ৰত অসমৰ বিজ্ঞানী, ৰাইজ তথা অসম চৰকাৰে গুৰুত্বপূৰ্ণ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব ।
২/ তোমাৰ প্ৰিয় সাহিত্যিক'ৰ ওপৰত এখনি ৰচনা লিখা :
উত্তৰ :- 
তোমাৰ প্ৰিয় সাহিত্যিক

    সাহিত্যৰ প্ৰতি থকা অনুৰাগ ক'ব নোৱাৰাকৈয়ে সাহিত্যৰ সৃষ্টিকৰ্ত্তা সকলৰ প্ৰতিও এক গভীৰ আপোনত্ব ভাবৰ সৃষ্টি কৰে । সেয়েহে এই ভালপোৱাৰ তালিকাখনো ক্ৰমে দীঘল হৈ যায় । তথাপি তাৰ মাজৰ পৰাই যদি এজন প্ৰিয় সাহিত্যিক বিচাৰিবলৈ যত্ন কৰোঁ তেতিয়া যিজন ব্যক্তিয়ে মোৰ মানসপটত ভূমিক মাৰেহি তেওঁ হ'ল জোনাকী যুগৰ ত্রিমুৰ্ত্তিৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱা । বেজবৰুৱাৰ সৰল, নিভাঁজ গ্ৰাম্য ভঙ্গীৰ বাক্য, বুদ্ধিদীপ্ত, হাস্যৰস, গভীৰ সহনশীলতা আৰু ব্যাপকতাই মোক সদায়েই সন্মোহিত কৰে । 
     লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল অসমৰ এক ঐতিহ্যমণ্ডিত বংশত । দেউতাক আছিল আহোম ৰজাৰ দিনৰ বিখ্যাত বেজবৰুৱা বংশৰ লোক দীননাথ বেজবৰুৱা আৰু তেওঁ বৃটিছৰ দিনত মুন্সেফ কাম কৰিছিল । তেওঁ নগাঁওৰ পৰা বৰপেটালৈ বদলি হৈ নাঁৱেৰে গৈছিল আৰু গধুলি আঁহতগুৰি নামে ঠাইত নাওঁ বান্ধিছিল । সেই সময়তে নাওঁৰ কুন্দিতে লক্ষী পূৰ্ণিমাৰ দিন (১৮৬৮ চনত ) বেজবৰুৱাৰ জন্ম হৈছিল । লক্ষ্মীপূৰৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবেই তেওঁৰ নাম ৰাখিছিল লক্ষ্মীনাথ । বেজবৰুৱাই ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দিয়ে আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈ কুৰি টকীয়া জলপানী লাভ কৰি কলিকতাত পঢ়িবলৈ যায় । ১৯০৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি,এ ডিগ্ৰী লাভ কৰে । ইয়াৰ পিছত তেওঁ ইংৰাজী সাহিত্যত এম, এ, আৰু আইনৰ পৰীক্ষা দিয়াৰ বাবে পঢ়াশুনা কৰিছিল যদিও পৰীক্ষাত নবহিল ।
     বেজবৰুৱা আছিল এজন স্বাধীন মনৰ মানুহ । সেয়েহে তেওঁ বি, এ, পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁলোকৰ চৰকাৰে চাকৰী যাচিছিল যদিও তেওঁ স্বাধীন ভাবে কিবা এটা কৰাৰ কথা ভাবি কলিকতাত আছিলগৈ । তাত থকা সময়তে তেওঁ অসমৰ বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগত লগ লাগি স্বাধীনভাবে কাঠৰ ব্যৱসায় কৰিবলৈ লয় । পিছত উৰিষ্যাৰ সম্বলপুৰতো তেওঁ নিজাকৈ ব্যৱসায় কৰে । এইবোৰৰ মাজতে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি অকৃপণ সেৱা আগবঢ়াই তেওঁ তেওঁৰ দেশমাতৃৰ প্ৰতি থকা দায়িত্বও সঠিক ভাবে পালন কৰি যায় ।
     বেজবৰুৱাৰ বিবাহ কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালত । ১৮৯১ চনৰ ১১ মাৰ্চত তেওঁ ঠাকুৰবাৰীৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ পানি গ্ৰহণ কৰে । বিয়াৰ পিছত মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে বেজবৰুৱাক এটি সোণৰ কলম উপহাৰ দি সেই কলমৰ পৰা সুনিপুন লেখা বাহিৰ হোৱাৰ বাবে আশীৰ্বাদ দিছিল । বেজবৰুৱাৰ ক্ষেত্ৰত এই আশীৰ্বাদ ষোল অনাই কামত আহিছিল । 
     বেজবৰুৱা দেৱে কলিকতাত প্ৰবসুৱা ছাত্ৰসকলে প্ৰথম বহি অঃভাঃউঃসঃ সভা গঠন কৰাৰ সময়ৰে পৰা ধৰি অসমৰ সাহিত্য সংস্কৃতি বিস্তাৰৰ বাবে আহোপুৰুষাৰ্থ কৰে আৰু সাহিত্যৰ প্ৰতিটো বিভাগতে অসমীয়া সাহিত্যক চহকী তুলিবলৈ নিজে সকলো সৃষ্টিশীল সাহিত্য ৰচনাত হাত দিয়ে । সেই সময়তো আছিল আধুনিকতাৰ উত্থানৰ সময় । পাশ্চাত্য জগতৰ পৰা ন ন শৈলী, ন ন বিভাগ অসমীয়া সাহিত্যৰ মাজলৈও আদৰি আনি কিদৰে তাক সামৰ্থ্যবান কৰি তুলিব পৰা যায় সেয়ে আছিল বেজবৰুৱাৰ প্ৰধান চিন্তা । সেয়ে গল্প, উপন্যাস, নাটক আদি প্ৰতিটো দিশতে এনে অগ্ৰসৰ দায়িত্ব পালন কৰি তেওঁ অসমীয়া সাহিত্যত এখন সুকীয়া আসন প্ৰতিষ্ঠা কৰি থৈ গৈছে । সেয়েহে সাহিত্যৰ বুৰঞ্জীকাৰ সকলৰ বহুতেই অসমীয়া সাহিত্যৰ এই সময়ছোৱাত বেজবৰুৱাৰ যুগ বুলি অখ্যায়িক কৰিছে ।
      বেজবৰুৱা দেবে জীৱনজোৰা সাধনাৰে সৃষ্টি কৰি যোৱা অমৰ সাহিত্য কৰ্মসমূহৰ উল্লেখ এই ক্ষেত্ৰত নিত্যান্তই প্ৰয়োজনীয় । গল্পপুথি - সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহোঁকলি; উপন্যাস - পদুম কুঁৱৰী; কবিতা পুথি - কদম কলি, পদুম কলি; শিশুসাহিত্য - বুঢ়ী আইৰ সাধু, জুনুকা, বাখৰ, ভাগৱত কথা, ককা দেউতা আৰু নাতিল'ৰা; জীৱনী পুথি - শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ আৰু আত্মজীৱনী মোৰ জীৱনৰ সোঁৱৰণ; তত্বমূলক আলোচনা - শ্ৰীকৃষ্ণ কথা, তত্বকথা, চৈতন্যদেৱ, অসমীয়া ভাষা আৰু সাহিত্য; নাটক - বেলিমাৰ, চক্ৰধ্বজ সিংহ, ছয়মতী কুঁৱৰী, পাঁচনি, নোমল, চিকৰপতি - নিকৰপতি, লিকিতাই ইত্যাদি । এই লেখনিসমূহ বাদেও তেখেতে কৃপাবৰ বৰবৰুৱা নামত লিখা কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভোতনি, বৰবৰুৱাৰ বুলনি আদি ৰচনাসমূহে অসমীয়া পাঠকক সদায় একবিস্ময়কৰ আনন্দ প্ৰদান কৰি থাকিব । ইয়াৰ উপৰিও ইংৰাজী ভাষাত লিখা তেখেতৰ "History of Vaishnavism in India and Rasa Lila of Sri Krishna " এক উল্লেখনীয় অৱদান । নিজে এই বিলাক ৰচনা ৰাজি লিখি উলিওৱাৰ উপৰি তেখেতে নিজা উদ্যোগত বাঁহী নামৰ আলোচনী খনো সম্পাদনা কৰিছিল ।
       অকনো জিৰণী নোলোৱাকৈ কলম চলোৱা বেজবৰুৱা সামাজিক জীৱনতো আছিল আগবঢ়া । তেখেতে ১৯২৪ চনত গুৱাহাটীত অসম আৰু সংস্কৃতিক বলিষ্ঠ নেতৃত্ব প্ৰদান কৰিছিল । অসমীয়া জাতীয়তাবাদৰ উত্থানৰ কালৰ এজন আগশাৰীৰ কাণ্ডাৰী হিচাপে তেখেতে সাহিত্য আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াইছিল । সমসাময়িক প্ৰায় সকলো লোকৰ মাজত নিজৰ দৰেই বেজবৰুৱাৰ মনতো বৃটিছ ভক্তি আছিল যদিও সামগ্ৰিকভাবে তেখেত আছিল নিভাঁজ মানুহ । অকৃত্ৰিম ভাবে তেওঁ জাতীয় উন্নতি বিচাৰিছিল ।
     সাহিত্য হিচাপে বেজবৰুৱা আছিল অন্যতম প্ৰতিভাৰ গৰাকী । তেওঁৰ সুক্ষ্ম  বিচাৰবোধ গভীৰ সহনশীলতা আদিয়ে তেওঁৰ সাহিত্যক সদায় অসম কৰি ৰাখিব । বেজবৰুৱা দেবে ভাল সৃষ্টিশীল ৰচনা কৰাই নহয়, তেখেতে সমালোচক হিচাপেও অগ্ৰদূতৰ ভূমিকা গ্ৰহণ কৰে । জাতীয় জীৱনত শংকৰদেৱক প্ৰতিষ্ঠা কৰাত তেওঁ বিশেষ ধৰণে আগভাগ লয় আৰু তেওঁৰ মাজেদিয়েই অসমীয়া জাতীয় জীৱনৰ এই গুৰুত্বপূৰ্ণ দিশটো পোহৰলৈ আহে । সাহিত্যিক হিচাপে তেওঁৰ আটাইতকৈ বলিষ্ঠ দিশটো হ'ল হাস্যৰস । বেজবৰুৱাৰ আগতে ইমান সফলভাবে অসমীয়া সাহিত্যিক কোনেও ৰসাল কৰি তুলিব পৰা নাছিল আৰু আজিও এই দিশটো তেওঁ এৰি থৈ যোৱা ঠাইতে আছে বুলিলেও অত্যুক্তি নহ'ব । এই সকলোবোৰ দিশৰ পৰাই বেজবৰুৱাক মোৰ ভাল লাগে । তেওঁক ভাল পাওঁ বাবে হয়তো তেওঁৰ মাজত কোনো দোষ দেখা নাপাওঁ । কিন্ত এই কথাত সন্দেহ নাই যে দোষে গুণেই মানুহ । বেজবৰুৱাৰো হয়তো কোনোবা দিশত কিবা দোষ থাকিব পাৰে কিন্ত এইটো নিসন্দেহ যে তেওঁ অসমীয়া আধুনিক সাহিত্যৰ এগৰাকী কেন্দ্ৰীয় ব্যক্তিত্ব তেওঁৰ সাহিত্য মনত থাকিব লগা ধৰণে মিঠা ।

অসমৰ লোক-সংস্কৃতি

      লোক সংস্কৃতি যদিও পৃথিৱীৰ সকলো জাতিৰে লোকজীৱনটোৰ প্ৰতিফলন তথাপি ই এক  বিদ্যায়তনিক শব্দ হিচাপে আত্ম প্ৰকাশ কৰিছিল ১৮৪৬ । ইংৰাজীত Folk lore শব্দৰ প্ৰতিশব্দ হিচাপে । অৱশ্যে জনকৃষ্টি, লোকযান, লোক-শ্ৰুতি, লোকবৃত্ত, লোকবিদ্যা আদি শব্দবোৰৰো প্ৰচলন আছে । এতিয়া এই শব্দৰ লোক সমাজৰত প্ৰচলিত বিভিন্ন ধৰণৰ সাংস্কৃতিক শিশসমূহক সামৰি লয় । লোক জীৱনৰ সংস্কৃতি বোলোতে ধ্যান-ধৰণা, আচাৰ-অনষ্ঠান, পূজা-পাৰ্বন, অভিজ্ঞতা উপলদ্ধি আদি সকলো প্ৰকাৰৰ কলাগত সৃষ্টিক সামৰি লয় । লোক সংস্কৃতি এক ব্যাপক বিষয় । ইয়াৰ বিশালতা আৰু বিভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক লোকসংস্কৃতিৰ পণ্ডিত সকলে চাৰিটা ভাগত ভাগৰিছ - (১) লোক সাহিত্য বা মৌখিক সাহিত্য (২) সামাজিক ৰীতি নীতি (৩) বস্তুগত লোক জীৱন আৰু (৪) লোকায়ত পৰিবেশ কলা ।
       এতিয়া অসমৰ লোকসংস্কৃতি বোলোতে লোক জীৱনৰ এই চাৰিটা দিশ অসমৰ সংস্কৃতিত কিদৰে প্ৰতিফলিত হৈছে তাকে বিচাৰ কৰাটো প্ৰয়োজন । কিন্ত তাৰ আগতেই এই কথা কৈ যোৱা উচিত যে অসম বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন ভাষিক আৰু ভ
বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন দেশ । এই সকলো সম্প্ৰদায় বা সকলো জনগোষ্ঠীৰ পৰম্পৰাগত উমৈহতীয়া উপাদানবোৰেই হ'ল অসমৰ লোকসংস্কৃতিৰ কথা আমি সততে মনত ৰাখিব লাগিব । 
      লোক সাহিত্য বা মৌলিক সাহিত্য - লোক জীৱনত আনন্দ, উৎসাহ, আশা - আকাঙ্খা, দুখ - বেদনা , ভয় - ভক্তি এই বিভিন্ন দিশবোৰ সামৰি বিভিন্ন সময়ত জন্ম হৈছে বিভিন্ন ধৰণৰ গীতমাত, বিহুগীত, আইনাম, দেহবিচাৰৰ গীত, মহখেদা গীত, অপেস্বৰী সবাহৰ নাম, গোঁসাই নাম, সদাশিৱৰ নাম, নাওঁখেলৰ গীত, নিচুকনি গীত আদি অসমীয়া ভাষাৰ গীতমাত বোৰৰ উপৰি জনজাতীয় ভাষা সমূহো লোকগীতৰে ঠাই খাই আছে এই সকলোবোৰকে লোকগীত বুলিব পাৰি আৰু এই দিশত আমাৰ লোক জীৱন বিশেষভাৱে সমৃদ্ধ । আজৰি পৰত কাহিনী কোৱাৰ প্ৰবনতা বা অভিজ্ঞতাৰ সাৰ সংকলন কৰি আইনৰ আগত কোৱাৰ প্ৰবনতাৰ ফল স্বৰূপে লোক জীৱনত জন্ম হৈছে বিভিন্ন সাধুকথা, প্ৰবাদ প্ৰচলন, সাঁথৰ আদি নানানটা লোক সাহিত্যৰ সম্পদ । এইবোৰ মৌখিক সাহিত্যৰ প্ৰৱচন অতি লাগতিয়াল সম্পদ । 
        সামাজিক ৰীতিনীতি - দীৰ্ঘদিন ধৰি একেলগে বসবাস কৰা জনসমষ্ঠিৰ মাজত কেতবোৰ আনুষ্ঠানিক ৰীতি - নীতিয়ে লাহে লাহে শিপাবলৈ ধৰে আৰু সেইবোৰ জনগোষ্ঠীৰ বৈশিষ্ট্য হৈ পৰেগৈ । এনে বহু ৰীতি-নীতি আধুনিক দৃষ্টিৰে অপ্ৰয়োজনীয় বা অবিশ্বাস্য হোৱাৰ পিছত সি তাৰ সামাজিক ভিত্তি হেৰুৱাই নেপেলায় । অসম মূলত জনজাতি প্ৰধান দেশ । সেই হিচাপে জনজাতীয় ব্যৱস্থাত থকা কালতে উদ্ভৱ হোৱা কেতবোৰ ৰীতিনীতি বা বিশ্বাস আজিও আমাৰ সমাজত প্ৰচলিত । উৰ্বৰা উৎসৱ হিচাপে অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মাজতে প্ৰচলিত নীতি নিয়মবোৰ এক সামাজিক ৰূপ লৈ ইয়াৰ জাতীয় সংস্কৃতিৰ ৰূপত আত্মপ্ৰকাশ কৰিছে । ইয়াত বৈকল্পিক ব্ৰাহ্মণ্যধাৰা যথেষ্ট প্ৰবল হোৱা স্বত্বেও অসমৰ ব্ৰাহ্মণ সকল মাছ মাংস ইত্যাদি খায় আৰু ইয়াত সেইবোৰ খাই বৈ সাধনা কৰিলেহে ফল পোৱা যায় বুলি বিশ্বাস । গতিকে মাছ মাংস ইয়াত ব্ৰাহ্মণ সকলোৰো ৰীতিসন্মত আহাৰ । আকৌ আমাৰ সমাজত থকা ভূত প্ৰেতৰ বিশ্বাস; বেজ-বেজালি আদিৰ ব্যৱহাৰ প্ৰায়বোৰ স্বৰৰ মানুহৰেই সম্পদ । মুখ লগা, আই ওলোৱা আদি আমাৰ সামূহিক বিশ্বাস । এইদৰে ভালেমান বিশ্বাস, ভালেমান উৎসৱ অনুষ্ঠান ৰীতি-নীতি বিভিন্ন স্তৰৰ সমাজৰ পৰা আহি সামগ্ৰিক ৰূপ পৰিগ্ৰহ কৰিছেহি । শেহতীয়াভাবে বৈষ্ণৱ ভাবাদৰ্শই আকৌ ভালেমান নতুন সংস্কাৰ আনি দিছে, যিবোৰ অসমীয়া সমাজখনৰ প্ৰায়বোৰ জনগোষ্ঠীৰেই উমৈহতীয়া সম্পদ ।
     বস্তুগত লোকজীৱন-লোক সংস্কৃতিৰ ক্ষেত্ৰত বস্তুগত সমলবোৰৰো এক বিশেষ গুৰুত্বপূৰ্ণ স্থান আছে । ঘৰ-দুৱাৰ, সাজ-পাৰ, আ-অলংকাৰ আদি বিভিন্ন দিশত জনজীৱনে আহৰণ কৰা সাংস্কৃতিক বৈশিষ্ট্যসমূহ লোক সংস্কৃতিৰ ভিতৰত । অসমত নগৰ কেন্দ্ৰীক সভ্যতাৰ বাদে গ্ৰাম্য অঞ্চলৰ ঘৰবোৰৰ বিশেষত্ব মন কৰিবলগীয়া যেন চৰাঘৰ পাকঘৰ, মাৰলঘৰ, ভাড়ালঘৰ, আদিৰে সুসজ্জিত অসমীয়া মানুহৰ ঘৰ । আগফালে সৰুকৈ পাৰিলে একোটা গোঁসাই ঘৰ, ঢাপ মৰা বাৰী ইত্যাদি আমাৰ ঘৰৰ বৈশিষ্ট্য । তেনেদৰে তাঁতশালখন অসমৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ । পাট-মুগাৰ কাপোৰ, জোনবিৰি, ঢোলবিৰি, ডুগডুগি আদি বিশিষ্ট অলংকাৰ, কাঁহ-পিতলৰ বাছন আদি আমাৰ বৈশিষ্ট্য । বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পিছত গঢ় লৈ উঠা বিভিন্ন সত্রবোৰ আৰু সত্রত থকা বিভিন্ন সামগ্ৰীবোৰ আমাৰ বস্তুগত সংস্কৃতিৰ প্ৰকৃত উদাহৰণ । অংকীয়া ভাওঁনাৰ ব্যৱহাৰ হোৱা মুখা, কঁহিলাৰ পুতলা, বাঁহ বেতৰ নানা বিধ সজুলি আদি এই অঞ্চলৰ বিশেষ ধৰনৰ বস্তুগত সংস্কৃতি । এইদৰে বিচাৰ কৰিলে দেখা যাব যে অসমৰ লোক জীৱনটোক এনে ভালেমান বস্তুগত সমলে এক বিশেষত্ব প্ৰদান কৰিছে ।
    লোকয়ত পৰিবেশ্য কলা-সংগীত নৃত্য নাট আদি পৰিবেশ্য কলাৰ সম্পদ । আমাৰ বিভিন্ন গীত মাতত ব্যৱহৃত সুৰ তাল আদি পৰিবেশ্য কলাৰ ভিতৰত । বিহু নাচ, বেওধনী নাচ, আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত থকা, বাগৰুম্বা, নংসিদ্ধি, ফাৰকান্তি আদি নৃত্যই আমাৰ পৰাবেশ্য কলাক চহকী কৰি ৰাখিছে । তেনেকৈ ওজাপালি, কুশানগাৰ, ভাৰীগান, পুতলানাচ, কামৰূপীয় ঢুলীয়া, খলীয়া ভাওৰীয়া অংকীয়া ভাওনা আদি আমাৰ লোকনাট্যৰ উল্লেখনীয় উদাহৰণ । 
      এই সকলোবোৰ কলাক লৈ অসমৰ লোক সংস্কৃতিৰ জগতখন চহকী হৈ আছে । জনগোষ্ঠী সমূহৰ বিভিন্ন কলা সংস্কৃতিক ইয়াৰ ভৌগোলিক পৰিবেশ, অৰ্থনৈতিক জীৱন আদিয়েও বহু পৰিমানে উমৈহতীয়া ৰূপত গঢ় দিয়াত সহায় কৰিছে । এনেবোৰ কাৰণতেই হয়তো গাজ টেঙাৰ পৰা খৰিচা, খাৰ আদি অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰেই উমৈহতীয়া খাদ্য সামগ্ৰী । অসমৰ লোকসংস্কৃতিৰ মাজত থকা সমন্বয়ৰ এই মূল দিশটো আটাইতকৈ এক উল্লেখনীয় দিশ ।

অসমৰ জাতীয় উৎসৱ

     উৎসবোৰ হ'ল এজনৰ জীৱনৰ আশা আকাংক্ষা, আনন্দ উৎসাহ আদিৰ এক সামূহিক প্ৰকাশ । সেই হিচাপে উপসৰ্গবোৰে জীৱন সংগ্ৰামৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে । এনেদৰে একোটা সৰু সৰু মানৱ গোটৰ মাজত প্ৰচলিত উৎসৱবোৰ নিৰ্দিষ্ট ভৌগোলিক, অৰ্থনৈতিক সামাজিক আদি কাৰণত উমৈহতীয়া গুৰুত্ব অৰ্জন কৰে আৰু সি লাহে লাহে জাতীয় সম্পদ হৈ পৰে । এনেবোৰ উৎসৱকে আমি জাতীয় উৎসৱ বোলো । জাতীয় উৎসৱ জাতিটোৰ বিভিন্ন বৰ্ণ, বিভিন্ন গোষ্ঠীৰ বা বিভিন্ন অৰ্থনৈতিক কাঠামোৰ মানুহক সাঙুৰি লয় আৰু ই জাতিটোৰ সামাজিক জীৱন ধাৰাক প্ৰতিফলিত কৰেগৈ ।
       অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ জীৱন সংগ্ৰামৰ মূল বিশবোৰ প্ৰতিফলিত কৰি এক সামূহিক উৎসৱ হিচাপে আত্মপ্ৰকাশ কৰিছিল বিহু উৎসৱে । বিহু শব্দৰ উৎপত্তি সম্পৰ্কে পণ্ডিত সকলোৰ নানান মত আছে । বিষুৱ সংক্ৰান্তিৰ এই উৎসৱ পালন কৰালৈ চাই বহুতে সংস্কৃত 'বিষুৱ' শব্দৰ পৰা ইয়াৰ উৎপত্তি হোৱা বুলি মত প্ৰকাশ কৰিছে । কিছুমান বড়ো ভাষাত বৈচাণ্ড শব্দৰ পৰাই বিহু শব্দটো আহিছে বুলিছে । উল্লেখনীয় যে ডিমাচাসকলৰ বুচু আৰু দেউৰীসকলৰ বিচু শব্দৰ লগতো বিহু শব্দটোৰ সঙ্গতি আছে । তিৱাসকলৰ মাজতো বসুমতীৰ পূজা হিছাপে বিচু উৎসৱ প্ৰচলন আছে । অৰ্থৰ্ববেদ আৰু ঐতিৰীয় ব্ৰাহ্মণত সূৰ্য্যৰ গতি নিৰ্ণয় কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে বাবে কৰা বিষুবন যজ্ঞৰ কথা আছে । এই সকলো বিলাকতে দেখা যায় যে কৃষিৰ উৎপাদনৰ লগত ইয়াৰ এক ওতঃপ্ৰোত সম্পৰ্ক ।
      বিহু তিনিটা -  কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু । বছৰৰ বেলেগ বেলেগ সময়ত উদযাপন কৰা এই বিহু কেইটাক সময় আৰু অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি কঙালী বিহু, ভোগালী বিহু আৰু ৰঙালী বিহুও বোলা হয় । আহিনৰ শেষত লাহে লাহে সৌনবৰনীয়া হ'বলৈ ধৰা শৈইচ মুঠি আদৰিবৰ বাবে খেতিয়কৰ মন উখল মাখলহয় । পথাৰৰ পূৰঠ হওঁ হওঁ কৰা ধান মুঠি যাতে পোক পৰুৱাই অনিষ্ট নকৰে তাৰে কামনা কৰি আহিনৰ সংক্ৰান্তিৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে পথাৰত আকাশ বন্তি জ্বলায় । অভাৱ অনাটনৰে জৰ্জৰিত এই উৎসৱ উপলক্ষে কোনো বিশেষ ধৰনৰ অনুষ্ঠান বা খাদ্য আদিৰ ব্যৱহাৰ নাই মাত্ৰ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলায় বুট-মণ্ড ইত্যাদি দিয়া হয় । আৰ্থিক দুৰৱস্থাৰ এই সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই হ'বলা এই বিহুক কঙালী বোলা হয় । 
      পুহৰ সংক্ৰান্তিৰ সময়ত উদযাপিত হয় ভোগালী বিহু । আঘোণ মাহত সোণোৱালী শইচ চপাই আনি ভঁৰাল ভৰাই কৃষকে স্বস্তিৰ নিশ্বাস পেলায় । বছৰ জোৰা সাধনাৰ ফল ঘৰ চপোৱাৰ আনন্দৰে গাওঁবোৰ উল্লিখিত হৈ পৰে । ইফালে এই সময়ছোৱাতে প্ৰায়বোৰ বস্তুৰে উভৈনদীৰ সময় । সেইবাবেই ডেকাবোৰ লগ হৈ পথাৰত মেজি সাজে আৰু তাত ভোজ ভাত খায় আনন্দ কৰে । পুৱা এই ঘৰত জুই দি অগ্নি দেৱতাক প্ৰনাম জনোৱা হয় । ঘৰে ঘৰে চিৰা, পিঠা, লাৰু, মুড়ি উভৈনদী হৈ পৰে আৰু ইজনে সিজনক নিমন্ত্ৰণ দিয়া অতি আদৰেৰে খুউৱা ধুউৱা কৰে । ভোগালী আৰু বিহুত থকা মেজি জ্বলোৱাৰ পৰম্পৰা বহুতৰ মতে জনজাতীয় সমাজ ব্যৱস্থাত থকা সময়ৰে থকা ঠাইৰ পৰা বহু দূৰৈত খেতিৰ বাবে সাজি লোৱা অস্থায়ী টঙীঘৰ বা আস্থানবোৰত খেতি চপাই শেষ কৰি ডেকাবোৰে আনন্দ উৎসৱ পালন কৰে আৰু সেইবোৰ ভাঙি জুই জ্বলাই দি ঘৰমুৱা হয় । হয়তো পৰবৰ্তী কালত জনজাতীয় এনে পৰম্পৰাৰ ওপৰতে অগ্নিপূজাৰ নীতিটো যোগ হৈ এনে ৰূপ লয় । দ্বিতীয়তে মাঘ মাহৰ । পিছতেই আৰম্ভ হোৱা পচোৱা বতাহৰ সময়ত অগ্নি দেৱতা বৰ ৰুষ্ট হৈ পৰে । চাৰিওফালে খৰাং বতৰ । অকনমান কিৰিঙতিতে প্ৰচণ্ড অগ্নি প্ৰৱলিত হয় । সেই ভয়ৰ বাবেই তাহানি মানুহে তেওঁলোকৰ শইচ আদি যাতে নিৰাপদে থাকে তাৰ কামনা কৰি অগ্নি দেৱতাক পূজা কৰিব পাৰে । সি ষিয়েই নহওক চাৰিওফালে ভোগৰ সামগ্ৰীৰে ভৰি থকা এই সময়ছোৱাত উদযাপিত এই বিহুক ভোগালী বিহু বোলা হয় । এই বিহুৰ সংগতি ৰাখি ম'হযুঁজ, কণীযুঁজ, বুলবুলি চৰাই যুঁজ আদি অনুষ্ঠিত হয় ।
      নতুন বছৰটোক আৰম্ভনিৰ লগে লগে চ'ৰ-বহাগৰ সংক্ৰান্তিৰ দিনাই আৰম্ভ হয় বহাগ বিহু । বসন্তৰ পৰশ লাগি প্ৰকৃতি হৈ উঠে ৰঙে ৰূপে বিভূষিতা । চতুৰ্দিশে গছে গছে নতুন কুঁহি পাত, কুলি-কেতেকীৰ পৰান জুৰুৱা মিঠা মাত আৰু নতুন নতুন ফল-ফুলৰ প্ৰাণস্পৰ্শী শোভাই প্ৰকৃতিক সজাই তোলে ন কন্যাজনীৰ সাজেৰে । প্ৰকৃতিৰ মাজত প্ৰস্ফুটিত হয় গৰ্ভসম্ভৱা মাতৃৰ অনাবিল সৌন্দৰ্য্য । প্ৰকৃতিৰ প্ৰেমৰ এই ৰঙীন ছবিয়ে মানুহকো বলীয়া কৰে । ডেকা-গাভৰুৰ মনলৈ আনে অফুৰন্ত উদ্দাম আৰু আশা বাসনা । সেইবাবেই বহাগ বিহুক ভবা হয় যৌৱনৰ উৎসৱ বুলি । সেই বুলি প্ৰেমত বলীয়া মানুহে পাহৰি যায় যে সিহঁতৰ জীৱন যৌৱনক ধৰি ৰখাৰ একমাত্ৰ উপন্যাস- খেতি- পথাৰ'ৰ বাবেও এয়া সাজু হোৱাৰ সময় । সেয়েহে বিহুৰ প্ৰথম দিনাই মানুহে পালন কৰে গৰু বিহু । গৰু বিহুৰ দিনা মাহ হালধীৰে গৰু, গাইক নোৱাই - ধুৱাই বেঙেনা কেৰেলা আদি দলিয়াই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় । এইবোৰ দলিয়াই মানুহে গায় ।
       "লাউ খা বেঙেনা খা 
        দিনে দিনে বাঢ়ি যা 
        মাৰ সৰু বাপেৰ সৰু 
        তহঁত হবি বৰ গৰু ।।"
    ইত্যাদি । সন্ধিয়া গৰু গাইক আদৰি আনি গোহালিৰ ওচৰত জাগ দিয়া হয় । সিহঁতক মাখিয়তিৰে বিচি গোৱা হয় "মাখিয়তী মাখি পাত । মাখি মাৰে জাক জাক ।" ইত্যাদি । 
    গৰু বিহুৰ পিছদিনা মানুহৰ বিহু । মানুহৰ বিহুত ৰাতিপুৱা সকলোৱে গা-পা ধুৱাই নতুন কাপোৰ পিন্ধে । সৰুয়ে ডাঙৰক সেৱা জনায় আশীৰ্বাদ লয় । আপোনজনক বিহুৱান দি চেনেহৰ আদান প্ৰদান কৰা হয় । ইঘৰে অহা যোৱা - খোৱা বোৱা আদিৰ মাজেৰে মিলা - প্ৰীতি আৰু ম'ৰম-স্নেহৰ সম্পৰ্কক আৰু সুদৃঢ় কৰা হয় ।
     ইয়াৰ পিছৰ দিনা হ'ল গোঁসাই বিহু । গোঁসাই বিহুৰ দিনাৰ আনুষ্ঠানিকতা হ'ল গোঁসাই বিগ্ৰহক নোৱাই ধোৱাই সামূহিক নামকীৰ্ত্তন ইত্যাদি কৰা হয় । এই কেইটাই হ'ল মূল বিহু । ইয়াৰ উপৰিও চেৰা বিহু, চেনাইৰ বিহু, তাতৰ বিহু, নাঙলৰ বিহু আদি সাতবিহু পালন কৰা হয় ।
       এয়া হ'ল বহাগ বিহুৰ লগত জড়িত কৃষিকেন্দ্ৰিক সমাজৰ বিভিন্ন নীতি - নিয়ম বা আনুষ্ঠানিকতা । কিন্ত ইয়াৰ উপৰিও ৰঙালী বিহুৰ লগত জড়িত হৈ ডেকা গাভৰুৰ সমূহীয়া নৃত্য - গীতৰ ব্যৱস্থাটোৱে তাক বিশেষ ধৰনৰ স্থান প্ৰদান কৰিছে । এই গীত মাত বোৰৰ মাজতে আছে প্ৰকৃতিক শষ্য সম্ভৱা কৰি তোলাৰ প্ৰচেষ্টাত গোৱা যৌৱনৰ উন্মাদনাৰ উন্মুক্ত প্ৰকাশ । গীত - নাচ প্ৰতিটোৰ মাজতে, ঢোলৰ চেওত বা টকাৰ মাতত, পেঁপাৰ শব্দত বা গগনাৰ মাতত আছে যৌৱনৰ মোহময়ী প্ৰকাশ । এই প্ৰকাশেই বিহুক এক যুগমীয়া সম্পদ কৰি তুলিছে । ড০ ভূপেন হাজৰিকাই কোৱাৰ দৰে অসমীয়া জাতিৰ হৈ আয়ুস ৰেখা গনা জীৱনৰ ই সাহ । বিহুৰ এই দিনবোৰেই ইয়াক যৌৱনৰ উৎসৱ কৰি অসমীয়া ডেকাক সাহস দিছে, মিলাপ্ৰীতি, সন্মান আদিৰ মাজেৰে এটা সন্মিলিত জাতি গঢ়ি তোলাত সহায় কৰিছে আৰু এনেদৰেই ই হৈ পৰিছে আমাৰ জাতীয় উৎসৱ ।

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান 

     মানৱ সভ্যতাৰ প্ৰগতিৰ এক অন্যতম সপোন হ'ল বিজ্ঞান । বিজ্ঞান মানুহৰ কাৰ্য্যৰেই উল্লেখনীয় সাফল্যৰ এটা দিশ, তথাপি বিজ্ঞানে আকৌ সভ্যতাক আগুৱাই নিয়াতো বিশেষ ভূমিকা পালন কৰিছে । বিজ্ঞানীসকলৰ নেৰানেপেৰা পৰিশ্ৰম আৰু একাগ্ৰ সাধনাৰ ফলত ন ন আবিষ্কাৰ আৰু নতুন পৰীক্ষা নিৰীক্ষা হৈ আছে আৰু তাৰ ভিত্তিতেই সভ্যতাই ন ন গঢ় লৈছে । মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান বোলোতে আমি আচৰিত নহৈ নোৱাৰো যে ছেফটিপিনৰ পৰা চুপাৰ কম্পিউটাৰলৈকে এই সকলোবোৰেই বিজ্ঞানৰ অৱদান যিবোৰৰ ভিত্তিতে আজি মানৱ জীৱন সমৃদ্ধ হৈছে আৰু মানুহে মহাকাশত নিজৰ বিজয় সাব্যস্ত কৰিব পাৰিছে । 
      বিজ্ঞাননো কি ? বিজ্ঞান হ'ল পৰীক্ষালব্ধ আৰু প্ৰণালীবদ্ধ জ্ঞান । সভ্যতাৰ আদিম স্তৰৰে পৰা মানুহে নিজৰ চিন্তা শক্তিৰে নানানটা পৰীক্ষা নিৰীক্ষা চলাই নিজৰ প্ৰয়োজন মতে জগতৰ বস্তুবোৰ গঢ়ি-পিতি নিজৰ কামত লগাইছে । কিন্ত আদিম স্তৰত এনেবোৰ জ্ঞানৰে প্ৰয়োজনীয়তা পূৰণ হ'লেও তাকে প্ৰণালীবদ্ধ ভাবে পৰীক্ষা কৰাৰ ব্যৱস্থা নাছিল । সেয়েহে বহু ঘটনা বা অনুমান কৰি লৈছিল । এনে প্ৰৱনতাৰ ফলস্বৰূপে সমাজত ভালেমান অন্ধবিশ্বাসৰো জন্ম হৈছিল । কিন্ত এনেবোৰ ব্যৱস্থাৰ মাজেদিয়েই সমাজ আগবাঢ়িছিল আৰু নতুন নতুন উদ্ভাৱনৰ বাবে মানুহে সদায় প্ৰচেষ্টা চলাইছিল । সপ্তদশ শতিকাৰ মাজভাগত ইউৰোপত এচাম লোকে চিন্তা, গবেষণা আৰু প্ৰয়োগ কৌশলৰ উদ্ভাৱন কৰি জগতত বিস্ময়ৰ সৃষ্টি কৰিলে । যন্ত্ৰৰ আৱিষ্কাৰ হ'ল আৰু যন্ত্ৰৰ আৱিষ্কাৰে যোগাযোগ, শিল্প, উদ্যোগ আদিত বিপ্লৱ আনিলে । লিওনাৰ্দো দ্য ভিন্সিৰ দৰে মনীষিয়ে প্ৰণালীবদ্ধ পৰীক্ষাৰ উপৰত গুৰুত্ব আৰোপ কৰিলে আৰু তেওঁৰ অসাধাৰণ কল্পনা শক্তিৰে ভালেমান দিশত নতুন তথ্যৰ সন্ধান দি থৈ গ'ল । লাহে লাহে পদাৰ্থ বিজ্ঞানত নিউটনে, জ্যোতিৰ্বিজ্ঞানত গেলিলিঅ'ই আৰু জীৱ বিজ্ঞানত ডাৰউইনে ভালেমান বিস্ময়কৰ অৱদান দি প্ৰতিষ্ঠিত ধাৰণা সমূহকে ওলট-পালট কৰি দিলে । এনেবোৰ আৱিস্কাৰে ক্ৰমে মানুহক ধৰ্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ স্বাধীনভাৱে চিন্তা আৰু গৱেষণা কৰিবলৈ প্ৰেৰণা যোগালে । এনে প্ৰেৰণাৰ বলতে উদ্যোগিক দিশত ভালেমান অ ভূতপূৰ্ব উদ্ভাৱন ঘটিল, গ্ৰহ গ্ৰহান্তৰ আৰু তৰাৰ' দেশলৈ যাত্ৰাপথৰ সূচনা হ'ল আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্যৰসন্ধান বিচাৰি বিজ্ঞানে বাট বুলিলে । 
       বিজ্ঞানে মানৱ সভ্যতাক কি দিয়া নাই । এতিয়া বিজ্ঞানৰ বলত মানুহে আয়ত্ব কৰিছে জীৱ প্ৰযুক্তি বিদ্যা । বিজ্ঞানৰ এই শাখাৰ প্ৰয়োগতে মানুহে তৈয়াৰ কৰিছে উন্নত শস্যৰ বীজ, উন্নত সচঁৰ গাই, গৰু, হাঁহ, পাৰ, মাছ, কুকুৰা ইত্যাদি । চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে দুৰাৰোগ্য ব্যাধি সমূহ নিৰাময় কৰিব পৰাৰ ব্যৱস্থা আৱিষ্কাৰ হৈছে, মানৱ জীৱনক সন্ত্ৰাসিত কৰা মহামাৰীবোৰ নিৰ্মূল হৈছে, অকাল মৃত্যুৰ হাৰ কমিছে আৰু মানুহৰ জীৱন ভালেমান নিৰাপদ হৈছে । প্ৰযুক্তি কৌশলৰ বিকাশৰ ফলত জীৱনৰ প্ৰতিটো দিশতে বিস্ময়কৰ পৰিবৰ্তন হৈছে, দুৰদৰ্শনৰ দৰে ব্যৱস্থাৰ প্ৰবৰ্তনৰ ফলত পৃথিৱীখন মানুহৰ শোৱনি কোঠাত উপস্থিত হৈছেহি, কম্পিউটাৰ আদিৰ উদ্ভাৱনৰ ফলত জীৱনৰ গতি ভালেমান ক্ষীপ্ৰতৰ হৈ পৰিছে, আৰু এনেদৰে বিজ্ঞানে সভ্যতাৰ গতিক ক্ষীপ্ৰতৰ কৰি তুলিছে । গতিকে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান এক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা বিষয়, বৰং সৰল ভাৱে ক'বলৈ গ'লে বৰ্তমানৰ মানৱ সমাজখনেই বিজ্ঞানৰ অৱদানৰ দ্বাৰাই চালিত হৈ আছে । 
       কিন্ত সকলোবোৰ অৱদানৰ স্বত্বেও বিজ্ঞানৰ আৱিস্কাৰে সভ্যতাক ভালেমান সংকটৰো মুখামুখি কৰিছে । বিজ্ঞানৰ উন্নতিয়ে দিয়া সুফলবোৰ পৃথিৱীৰ অধিকাংশ মানুহেই ভোগ কৰিব পৰা নাই । এমুঠি মানুহৰ স্বাৰ্থত ব্যৱহৃত বিজ্ঞানে সমাজৰ বাবে সেয়েহে 
সমস্যাৰ সৃষ্টি কৰিছে । পৃথিৱীৰ সকলো মানুহৰ মনতে কল্যাণৰ ভাৱনা আৰু বৈজ্ঞানিক মানসিকতা জগাই তুলিব পাৰিলে বিজ্ঞানে মানব সভ্যতাৰ বিস্ময়কৰ উন্নতিৰ শিখৰলৈ আগুৱাই নিব পাৰিব ।
CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক)
  পদ্যাংশ  
  গদ্যাংশ  
Group-B (বৈকল্পিক) 
  পদ্যাংশ  
CLASS 1O GRAMMAR MCQ 
ৰচনা প্ৰশ্নোত্তৰ  
CLASS 11 QUESTION ANSWER 


Post a Comment

0 Comments