ধৰ ঝাডু ধৰ ভাই Class 10 Question Answer

Class 10 Assamese Chapter 14 Question Answer 

ধৰ ঝাডু ধৰ ভাই

লিখক:- অম্বিকাগিৰী ৰায়চৌধুৰী
ভাব-বিষয়ক :
অতি চমুকৈ উত্তৰ দিয়া : 
(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?
উত্তৰ :- অসম কেশৰী ।
(খ) সাতামপুৰুষীয়া 'সোণৰ চোতাৰ-ঘৰ' কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে ?
উত্তৰ :- বহু যুগৰ ভৃঁহুৰ পৰি ।
(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে ?
উত্তৰ :- বীৰ বেশেৰে ।
(ঘ) কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ?
উত্তৰ :- কাজল ছাইৰে ।
২/ 'হ'ল এনে তোৰ সময় হ'বৰ 
     জাতিৰ ঝাডুদাৰ যে ভাই ।'
--- ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাডুদাৰ' হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে ?
উত্তৰ :- ইয়াত কবিয়ে কৈছে যে অসমীয়া জাতিয়ে বহু যুগ থৰি নিজৰ তুচ্ছ জ্ঞান কৰি পদে পদে ঘৃণীত হৈও পৰৰ গোলামি কৰি তথা নিজে ধাৰ-ঋণত গ্ৰস্ত হৈও পৰৰ চৰণপূজাত ব্ৰতী হৈ নিজৰ সৰ্বনাশ মাতি আনিলে । সেয়েহে জাতিক পুনৰুদ্ধাৰ কৰিবলৈ হাত ঝাডু লৈ সকলো বাধা-বিঘিনি সাৰি-পুছি আঁতৰাই পেলাবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে ।
৩/ 'নহ'লে যে বিশ্ব সভাত 
     নহ'ব তোৰ বহাৰ ঠাই ।'
------ বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিদেৰ্শ দিছে ?
উত্তৰ :- কবিয়ে যে অসমীয়া জাতিয়ে নিজৰ হীনমন্যতা আৰু সংকীৰ্ণতা আঁতৰাই বীৰৰ দৰে আগবাঢ়ি গৈ জাতিৰ উন্নতিৰ বাটত থকা সকলো কলংক , অসূয়া , হিংসা , ঘৃণা , ভেদাভেদ আদি সাৰি - পুছি আঁতৰাই পেলালেহে অসমীয়াই বিশ্বসভাত ঠাই পাব ।
৪/ 'ধৰ ঝাডু ধৰ ভাই' --- কবিতাটিৰ মূল ভাব লিখা ।
উত্তৰ :- 'ধৰ ঝাডু ধৰ ভাই' কবিতাটিৰ জৰিয়তে কবিয়ে আমাৰ সমাজত বৰ্তি থকা কিছুমান ব্যৱস্থা, যেনে --- পৰস্পৰ ভেদাভেদ , সিংসা-বিদ্বেষ , ঘৃণা আদিয়ে গোটেই জাতিটোক যে এক ধ্বংসৰ মুখলৈ লৈ গৈ তাক সকলোকে গুৰুত্বসহকাৰে উপলদ্ধি কৰিবলৈ আহ্বান জনাইছে আৰু ঝাডুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে এই অনিষ্টকাৰী ব্যৱস্থাসমূহ আঁতৰ কৰিলেহে সমাজখন ৰক্ষা পৰিব বুলি উল্লেখ কৰিছে । কেৱল কায়িকভাৱে নহয় , জাতিয়ে মানসিকভাৱ
 নিজৰ স্বাধীনতা ঘুৰাই আনিব পাৰিলেহে অসমীয়াই বিশ্ব দৰবাৰত নিজৰ এখন সন্মানজনক আসন লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি কবিয়ে দৃঢ়তাৰে কৈছে । সাধাৰণ ঝাডু এইডালেও ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি জাকতজিলিকা কৰি তোলাৰ দৰে অন্তৰত মনোবল আৰু সাহস থাকিলে অসমীয়াৰ দৰে সৰু জাতি এটাইও নিজৰ মাজত থকা সকলো কালিমা আৰু অসূয়া আঁতৰাই বিশ্বৰ আগত নিজৰ শ্ৰেষ্ঠত্বৰ পৰিচয় দিবলৈ সক্ষম হ'ব ।
৫/ ব্যাখ্যা কৰা :
(ক) হিংসা-দ্বেষৰ' ভেদাভেদৰ,
       ঘৃমা-ঘৃণি স্বাৰ্থ ডেমৰ 
       কত যে কি মলি-মামৰ 
       ভৰি জাতিৰ জীৱন যায় ।
উত্তৰ :- এই উক্তিটো অসমীয়া সাহিত্য চয়নিকা (নতুন) পাঠ্যপুথিৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ দ্বাৰা ৰচিত ' ধৰ ঝাডু ধৰ ভাই' শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে । ইয়াত কবিয়ে আমাৰ মাজত থকা মলি মলিস্বৰূপ কিছুমান সামাজিক অসূয়াৰ কথা উল্লেখ কৰিছে ।
     কবিয়ে কৈছে যে জাতিৰ মাজত থকা মালিস্বৰূপ কিছুমান অসূয়া , যেন --- পাৰস্পৰিক ভেদাভেদ , হিংসা-বিদ্বেষ, ঘৃণা, হীনমান্যতা, অভিমান আদিয়ে আমাৰ সমাজ ব্যৱস্থাৰ উত্তৰণৰ বাটত যে কিমান কাঁইট ছটিয়াই থৈছে সেয়া সকলোৱে অনুভৱ কৰা উচিত । এই মলিবোৰে জাতীয় জীৱনকো মলিন কৰি তুলিছে ।
(খ) ধৰ ঝাডু ধৰ ভাই ।
       আৰু চাবৰ সময় নাই ---
                        চা থাকোতে মুখত কেৱল 
                             ভৰিল কাজল-ছাঁই ।
উত্তৰ :- এই উক্তিটো অসমীয়া সাহিত্য চয়নিকা (নতুন) পাঠ্যপুথিৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ দ্বাৰা ৰচিত 'ধৰ ঝাডু ধৰ ভাই' শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে ।
       কবিয়ে কৈছে যে বৰ্তমান সময় অতি সংকটময় । জোঁট পুৰি হাত পালেহি । উপযুক্ত সময়ত কোনো ব্যৱস্থা নলৈ হাত সাবটি বহি থকাৰ ফলস্বৰূপে আজি গোটেই জাতিটোৰ মুখ কলংকৰ দাগেৰে ভৰি পৰিছে । পৰাধীনতা, হীনমন্যতা, পাৰস্পৰিক ভেদাভেদ, ঘৃণা, আদিয়ে জাতিটোৰ স্বভিমানক পংগু কৰি তুলিছে । ইয়াৰ প্ৰতিকাৰস্বৰূপে ঝাডুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে সমাজত তৰপে তৰপে জমা হৈ থকা এই জাবৰবোৰ পৰিস্কাৰ কৰিবলৈ সকলোৱে ঝাডুদাৰৰ ভূমিকা গ্ৰহণ কৰা উচিত বুলি কবিয়ে কৈছে ।
৬/ 'ধৰ ঝাডু ধৰ ভাই' --- কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেম ভাব কিদৰে প্ৰকাশ পাইছে লিখা ।
উত্তৰ :- ' ধৰ ঝাডু ধৰ ভাই' --- কবিতাটোৰ মাজেৰে কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব অতি পোনপটীয়াকৈ প্ৰকাশ পাইছে । ভাৰতভূমিয়ে পৰাধীনতাৰ শিকলিত আবেষ্টিত হৈ থকাৰ সময়ত কবিয়ে স্বাধীনতা সংগ্ৰামৰ আন্দোলনত সশ্ৰম কাৰাদণ্ড খাটি কাৰাগাৰত পায়খানা চাফা কৰিবলগীয়াও হৈছিল । সেই সময়ত হোৱা অভিজ্ঞতাৰ সৈতে দেশৰ পৰিস্থিতিৰ সাদৃশ্য দেখা পাই তেওঁ কাৰাগাৰৰ ভিতৰতে এই বিখ্যাত কবিতাটো ৰচনা কৰিছিল । কবিয়ে অনুভৱ কৰিছিল যে পৰাধীনতাই জাতিৰ গৌৰৱময় ইতিহ্যক আৱৰ্জনাৰে পুতি পেলাইছে । আনৰ গোলামি কৰি তথা পৰৰ বাবে নিজৰ মগজু বিক্ৰী কৰি জাতিটো দেউলীয়া হৈ পৰিছে । পৰস্পৰ ভেদাভেদ,  হীনমন্যতা, ঘৃণা, হিংসা-বিদ্বেষ আদিয়ে জাতিটোক দিনকদিনে নিম্নমুখী কৰি নিছে এনে দুৰৱস্থাৰ যদি বাহাল থাকে , তেন্তে বিশ্বসভাত এনে জাতিৰ কোনো অস্তিত্ব নাথাকিব । দেশ আৰু স্বজাতিৰ প্ৰতি থকা চৰম প্ৰেমৰ তাড়নাতে কবিয়ে স্বাধীনতা আন্দোলন কৰি কাৰাৰুদ্ধ হৈ থকা অৱস্থাতো এনে এটি কবিতা ৰচনা কৰি সকলোকে আহ্বান জনাব খুজিছে যে সমাজত তৰপ বান্ধ থকা এই অসূয়াবোৰ ঝাডুৰে ঘৰ-দুৱাৰ সাৰি-পুছি পৰিস্কাৰ কৰাৰ দৰেই আঁতৰাই সমাজখন পৰিস্কাৰ কৰিলেহে জাতিটো ৰক্ষা পৰিব । সকলো বাধাৰ হেঙাৰ ওফৰাই নিজৰ শক্তিক চিনি লৈ বীৰৰ দৰে আগুৱাই গৈ বিশ্ব দৰবাৰত আত্মপ্ৰতিষ্ঠাত ব্ৰতী হ'বলৈ তেওঁ জাতিটোৰ প্ৰতি আহ্বান জনাইছে ।
ভাষা-বিষয়ক :
 ১/ তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা :
(ক) হীনে-ঘিনে       (খ) ধাৰে-ঋণে     (গ) ঘৃণা-ঘৃণি
(ঘ) জাহি-জাবৰ     (ঙ) সাৰি-পুছি     (চ) মলি-মামৰ
উত্তৰ :- (ক) হীনে-ঘিণে : আনৰ ওচৰত গোলাম হৈ হীনে-ঘীণে জীৱন অতিবাহিত কৰাটো চৰম ধিক্কৰজনক কথা ।
(খ) ধাৰে-ঋণে : ধিৰে-ঋণে সৰ্বস্বান্ত হৈ মানুহজনে অৱশেষত আত্মহত্যা কৰিছিল ।
(গ) ঘৃণ-মাণি : মানুহৰ মাজত বৰ্ধিত ঘৃণা-ঘৃণিয়ে সমাজখনলৈ নেতিবাচক বাৰ্তা কঢ়িয়াই আনিছে ।
(ঘ) জাহি-জাবৰ : জাবৰেৰে স্কুলঘৰৰ চৌহদটো ভৰি থকা দেখি চৰকাৰী পৰিদৰ্শকজনৰ খং উঠিছিল ।
(ঙ) সাৰি-পুছি : বনুৱাজনে বাটটো সাৰি-পুছি পৰিস্কাৰ কৰি তুলিছিল ।
(চ) মলি-মামৰ : কাম-বন নকৰাকৈ থাকিলে মগজুতো মলি-মামৰ বান্ধে ।
২/ তলৰ শব্দবোৰত মূৰ্দ্ধণ্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱা :
(ক) সোণ        (খ) ঘৃণা             (গ) ঋণ
উত্তৰ :- (ক) সোণ : মুল শব্দত 'ণ' থকা তদ্ভৱ শব্দত 'ঋ' বা 'ৰ' নাথাকিলেও 'ণ' ব্যৱহাৰ হয় । যেনে --- সোণ (মুল শব্দ স্বৰ্ণ বা সুৱৰ্ণ) ।
(খ) ঘৃণা : এটা পদৰ ভিতৰত 'ঋ' আৰু 'ষ'ৰ পাছত দন্ত্য 'ন' মূৰ্দ্ধণ্য 'ণ' হয় ।
(গ) ঋণ : এটা পদৰ ভিতৰত 'ঋ' আৰু 'ষ'ৰ পাছত দন্ত্য 'ন' মূৰ্দ্ধণ্য 'ণ' হয় ।
৩/ বিপৰীত শব্দ লিখা :
(ক) ঘৃণা       (খ) স্বাৰ্থ       (গ) জীৱন      (ঘ) বীৰ
উত্তৰ :- (ক) প্ৰেম, (খ) নিস্বাৰ্থ, (গ) মৃত্যু,  (ঘ) কাপুৰুষ ।
অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ
অতি চমু প্ৰশ্নোত্তৰ                     প্ৰতিটোত ১ নম্বৰকৈ
১/ অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?
উত্তৰ :- বৰপেটাত, ১৮৮৫ চনত ।
২/ দেশৰ স্বাধীনতা স্বাধীনতা উদ্বাৰ আৰু সমৃদ্ধিৰ কাৰণে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কি কি অনুস্থানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ?
উত্তৰ :- সন্ত্ৰাসবাদী দল, অসহযোগ আন্দোলন, অসম সংৰক্ষিণী আন্দোলন ।
৩/ অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল ?
উত্তৰ :- ১৯৫০ চনৰ মাৰ্ঘেৰিটা অধিবেশনৰ ।
৪/ কি মলি-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ, ভেম ।
উত্তৰ :- হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ, ভেম ।
চমু প্ৰশ্নোত্তৰ                          প্ৰতিটোত ২/৩ নম্বৰকৈ
১/ অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ৰচনাসমূহ কি কি ?
উত্তৰ :- বীণা' , 'তুমি' , 'ঋহুতি' , 'অনুভূতি' , 'ডেকা-ডেকেৰীৰ বেদ' , 'বেন্দো কি ছন্দেৰে' ,
উত্তৰ :- বীণা' , 'তুমি' , 'আহুতি' , 'অনুভূতি' , 'ডেকা-ডেকেৰীৰ বেদ' , 'বন্দো কি ছন্দেৰে' , 'স্হাপন' , 'জয়দ্ৰথ বধ' , 'বেদনাৰ উল্কা' , 'দেশেই ভগৱান 'ইত্যাদি ।
২/ ঝাডু উপমাৰে কবিয়ে সকলোকে কি আহ্বান জনাইছে ?
উত্তৰ :- ঝাডুৰে সাৰি-পুছি  ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়াই কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে ।
৩/ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে 'ধৰ ঝাডু ধৰ ভাই' কবিতাটি কি পৰিস্থিতিত ৰচনা কৰিছিল ?
উত্তৰ :- 'ধৰ ঝাৰু ধৰ ভাই' কবিতাটি দেশ পৰাধীন হৈ থকা সময়ত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে আন্দোলন কৰি ১৯২১ চনত সশ্ৰম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত ৰচনা কৰিছিল ।
৪/ কি কাৰণে ঝাডু ধৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে ?
উত্তৰ :- পৰাধীনতা, হীনমন্যতা, পাৰস্পৰিক ভেদাভেদ, ঘৃণা আদিয়ে জাতিটোৰ স্বভিমানক পংগু কৰি তুলিছে । ইয়াৰ প্ৰতিকাৰস্বৰূপে ঝাডুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে সমাজত তৰপে জমা হৈ থকা এই জাবৰবোৰ পৰিস্কাৰ কৰিবলৈ সকলোৱে ঝাডুদাৰৰ ভূমিকা গ্ৰহণ কৰা উচিত বুলি কবিয়ে কৈছে ।
৫/ কবিৰ মতে কিহে জাতীয় জীৱনত মলিন কৰি তুলিছে ?
উত্তৰ :- কবিয়ে কৈছে যে জাতিৰ মাজত থকা মলিস্বৰূপ কিছুমান অসূয়া, যেনে--- পাৰস্পৰিক ভেদাভেদ,  হিংসা-বিদ্বেষ,  ঘৃণা, হীনমন্যতাৰ,  অভিমান আদিয়ে আমাৰ সমাজ ব্যৱস্থাৰ উত্তৰণৰ বাটত যে কিমান কাঁইট ছটিয়াই থৈছে, সেয়া সকলোৱে অনুভৱ কৰা উচিত এই মলিবোৰে জাতীয় জীৱনক মলিন কৰি তুলিছে ।
৬/ ব্যাখ্যা কৰা :
সাতাম পুৰুষৰ 
আহা ! সোণৰ চোতাল ঘৰ 
      কত যুগৰ ভূহুঁৰ পৰি
      আছে যে পোত খাই 
উত্তৰ :- এই উক্তিটো অসমীয়া চয়নিকা (নতুন) পাঠ্যপুথিৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত 'ধৰ ঝাডু ধৰ ভাই' শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে । ইয়াত কবিয়ে জাতীয় জীৱনত কালিমা সনা বিভিন্ন উপাদানৰ কথা উল্লেখ কৰিছে ।
       কবিয়ে উল্লেখ কৰিছে যে সোণৰ দৰেই মূল্যৱান চোতাল, যি এসময়ত ঐতিহ্যৰে ভৰপূৰ আছিল; সময়ৰ তৰপে তৰপে গোট খাই থকা জাবৰ-জোঁথৰ, মলি ইত্যাদিয়ে ইয়াক মূল্যহীন কৰি তুলিছে । সেয়েহে আজিৰ যুগৰ পুৰুষে সাতামপুৰুষীয়া ঐতিহ্যৰ মূল্যৱান কৰিবলৈ অসমৰ্থ হৈছে । কবিয়ে উল্লেখ কৰিছে যে আমাৰ ঐতিহ্য আৰু পৰম্পৰা অতি চহকী আছিল । কিন্ত বহু যুগৰ আৱৰ্জনা থুপ খাই এই বৈভৱময় ঐতিহ্যক কদৰ্যময় কৰি তুলিছে ।
৭/ শব্দ-অৰ্থ লিখা :
কাজল-ছাই, সোণৰ চোতাল, যুগৰ ভূহুঁৰ, গোলামি, সাতাম পুৰুষীয়া, হিংসা-দ্বেষ, চুকে-কোণে :
উত্তৰ :- 
     শব্দ                  অৰ্থ
কাজল-ছাঁই       :   কালংক, পৰাধীনতা, কালিমা ।
    শব্দ                  অৰ্থ 
সোণৰ চোতাল  :    সোণ অতি মূল্যৱান বস্তু । সোণৰ দৰেই মূল্যৱান চোতাল এইখন --- যি ঐতিহ্যৰে ভৰপূৰ ।
   শব্দ                    অৰ্থ 
যুগৰ ভূহুঁৰ        :     সময়ত তৰপে তৰপে গোট খাই থকা ভোৰাই । অৰ্থাৎ বহুদিন ধৰি গোট খাই থকা জাবৰ জোঁথৰ, মলি ইত্যাদি, পৰাধীনতাৰ কালিমা ।
    শব্দ                   অৰ্থ 
  গোলামি          :   অধীনত থকা । আনৰ তলত থকা --- য'ত নিজৰ কোনো ধৰনৰ স্বাধীনতা নাথাকে ।
    শব্দ                   অৰ্থ 
সাতাম পুৰুষীয়া :   সুপ্ৰাচীন, বহু পুৰুষৰ পৰা চলি অহা।
    শব্দ                   অৰ্থ 
সিংসা-দ্বেষ         :   পৰস্পৰৰ প্ৰতি হিংসা ভাব, খিয়লা-খিয়লি ।
   শব্দ                    অৰ্থ 
চুকে-কোণে         : অতি ভিতৰুৱা ঠাইত, সকলো ঠাইতে ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ                প্ৰতিটোত ৪/৬ নম্বৰকৈ
১/ 'ধৰ ঝাডু ধৰ ভাই' কবিতাটিৰ পাঠবোধ লিখা ।
উত্তৰ :- কবিয়ে উল্লেখ কৰিছে যে সোণৰ দৰেই মূল্যৱান চোতাল, যি এসময়ত ঐতিহ্যৰে ভৰপূৰ আছিল, সময়ৰ তৰপে তৰপে গোট খাই থকা জাবৰ-জোঁথৰ, মলি ইত্যাদিয়ে ইয়াক মূল্যহীন কৰি তুলিলে । সেয়েহে আজিৰ যুগৰ পুৰুষে সাতামপুৰুষীয়া ঐতিহ্যৰ মূল্যৱান কৰিবলৈ অসমৰ্থ হৈছে । কবিয়ে উল্লেখ কৰিছে যে আমাৰ ঐতিহ্য আৰু পৰম্পৰা আদিয়ে চহকী আছিল । কিন্ত বহু যুগৰ আৱৰ্জনা থুপ খাই এই বৈভৱময় ঐতিহ্যক কদৰ্যময় কৰি তুলিছে ।
       কবিয়ে কৈছে যে বৰ্তমান সময়ত অতি সংকটময় । জোঁট পুৰি হাত পালেহি । উপযুক্ত সময়ত কোনো ব্যৱস্হা নলৈ হাত সাবটি বহি থকাৰ ফলস্বৰূপে আজি গোটেই জাতিটোৰ মুখ কলংকৰ দাগেৰে ভৰি পৰিছে । ঝাডুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ , সিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়াই কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুওৱা স্বাধীনতা ঘুৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে । কবিতাটি দেশ পৰাধীন হৈ থকা সময়ত কবিয়ে আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত ৰচনা কৰা ।
২/ 'ধৰ ঝাডু ধৰ ভাই ' কবিতাটিৰ কবি-পৰিচয় লিখা ।
উত্তৰ :- 'ধৰ ঝাডু ধৰ ভাই' কবিতাটিৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৯৮৫ চনত বৰপেটাত জন্ম হয় । তেওঁৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী । বৰপেটাত শিক্ষা আৰম্ভ কৰি গুৱাহাটীৰ সোনাৰাম হাইস্কুলত থাৰ্ড ক্লাছ পৰ্যন্ত পঢ়ে । তেওঁৰ গোটেই জীৱনটো ঘটনাবহুল । দেশৰ স্বাধীনতা উদ্বাৰ আৰু সমৃদ্ধিৰ কাৰণে তেওঁ সন্ত্ৰাসবাদী দল, অসহযোগ আন্দোলন,  অসম সংৰক্ষিণী আন্দোলন আদিৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । এইবোৰ কাৰণত তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিবলগা হৈছিল । 
       ১৯২১ চনত ৰায়চৌধুৰীদেৱক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল । জে'লৰ পায়খানা সাৰি চাফাই কৰা কাম তেওঁৰ দিয়া হৈছিল । এই কাম কৰোতে তেওঁ বাঢ়নী চলোৱাৰ লগে লগে এই 'ধৰ ঝাডু ধৰ ভাই' কবিতাটি ৰচনা কৰি গাই গৈছিল । নানা ঘাত-প্ৰতিঘাতৰ মাজতো তেওঁ সাহিত্য চৰ্চা কৰিবলৈ এৰা নাছিল । ১৯৬৭ চনত গুৱাহাটীত এইজনা বিপ্লৱী কবিৰ মৃত্যু হয় ।
      অম্বিকাগিৰী ৰায় চৌধুৰীক 'অসম কেশৰী' আখ্যা দিয়া হৈছিল । ১৯৫০ চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিবেশনৰ তেওঁ সভাপতি আছিল । ৰায়চৌধুৰীদেৱৰ ৰচনাসমূহ হ'ল--- 'বীণা' , 'তুমি' , আহুতি অনুভূতি', 'ডেকা-ডেকেৰীৰ বেদ ', 'বন্দো কি ছন্দেৰে', 'স্হাপন কৰা', 'জয়দ্ৰথ বধ', 'বেদনাৰ উল্কা', 'দেশেই ভগৱান' ইত্যাদি ।
আমাৰ এইখন Website ত পঢ়ি কেনেধৰণৰ অনু্ভৱ পাইছে কমেন্ট কৰি জনাব পাৰিব আৰো এনেধৰণৰ প্ৰশ্নোত্তৰ সমূহ অধিক ছাবৰ বাবে তলৰ লিংক সমূহ নিৰ্বাচন কৰক 
CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক) 
  পদ্যাংশ  
  গদ্যাংশ  
Group-B (বৈকল্পিক) 
  পদ্যাংশ  
১৪• ধৰ ঝাডু ধৰ ভাই  
  গদ্যাংশ  
CLASS 1O GRAMMAR ANSWER 
CLASS 11 ASSAMESE QUESTION ANSWER 




Post a Comment

0 Comments