আবেদন লিখন Class 10 প্ৰতিবাদন লিখন Class 10 দশম শ্ৰেণীৰ ব্যাকৰণ'ৰ প্ৰশ্নোত্তৰ
১/ তুমি পঢ়ি অহা প্ৰাথমিক বিদ্যালয়খনৰ সোনালী জয়ন্তী উৎসৱৰ মুকলি সভা । এই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ পিৰিয়দৰ পিছত ছুটী বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা) [HSLC 2016]
উত্তৰ :-
প্ৰতি,
মাননীয় অধ্যক্ষ মহোদয়
.... উচ্চতৰ মাধ্যমিক বিদ্যালয়
বিষয় : চতুৰ্থ পিৰিয়দৰ পিছত ছুটী বিচাৰি আবেদন ।
(শ্ৰেণী শিক্ষকৰ যোগেদি)
তাং ২৪-১২-২০২৪
মহাশয়,
বিনীত নিবেদন এই যে মই এই বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ । মই অধ্যয়ন কৰি অহা .... প্ৰাথমিক বিদ্যালয়খনত সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হৈ আছে । তদুপলক্ষে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে তালৈ মোক নিমন্ত্ৰণ জনাইছে । গতিকে আজি আবেলি বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভালৈ যাম বুলি ভাবিছো । দয়ালু মহোদয়ে মোক চতুৰ্থ পিৰিয়দৰ পাছত ছুটী দি উক্ত অনুষ্ঠানলৈ অনুমতি প্ৰদান কৰে যেন ।
এয়াই মহোদয়ৰ ওপৰত মোৰ সৰল মিনতি ।
ইতি
আপোনাৰ বিশ্বাসী
........................
নাইবা
তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই এখন স্থানীয় বাতৰি কাকতত বাবে এখন প্ৰতিবাদন প্ৰস্তুত কৰা । [HSLC 2016]
উত্তৰ :-
প্ৰতি,
মাননীয় সম্পাদক মহোদয়,
আজিৰ দৈনিক বাতৰি
গুৱাহাটী
মাননীয় মহোদয়,
সন্মান সহকাৰে এই পত্ৰৰ যোগদি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ক ...... পঞ্চায়তৰ ৰাইজৰ হৈ জনাওঁ যে আমাৰ এই অঞ্চলটো আজি পৰ্যন্ত চৰকাৰীভাৱে যোগান ধৰা শিশুৰ পানী যোগান আঁচনিৰ পৰা বঞ্চিত হৈ আছে । আমাৰ অঞ্চলটোৰ ৰাইজে বৰ্তমানেও পুখুৰী আৰু কিছুসংখ্যক নদীৰ পানীও ব্যৱহাৰ কৰি আহিছে । যাৰফলত প্ৰায়ে নানা ধৰণৰ অসুখত ভুগিবলগা হৈছে । সেয়ে বাতৰি কাকতৰ যোগেদি বিভাগীয় মন্ত্ৰী মহোদয়ক জনাওঁ যাতে আমাৰ অঞ্চললৈ অতি সোনকালে বিজ্ঞানসন্মত খোৱা পানীৰ যোগান ধৰি ৰাইজক উপকৃত কৰে । এয়ে মহোদয়ৰ ওচৰত মিনতি ।
ইতি
আপোনাৰ বিশ্বাসী
........................
২/ তুমি বাস কৰা অঞ্চলত মেলেৰিয়া ৰোগে ভয়াবহ ৰূপ ধৰিছে । এইক্ষেত্ৰত ৰোগ নিৰাময়ৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ ৰাজ্যৰ চিকিৎসাবিভাগলৈ অনুৰোধ জনাই বাতৰিকাকতৰ সম্পাদকলৈ এখন চিঠি লিখা ।
উত্তৰ :-
প্ৰতি, সম্পাদক,
দৈনিক অসম
গুৱাহাটী - ৩
সবিনয় নিবেদন,
আজি কেইদিনমান ধৰি গোগামুখ অঞ্চলত মেলেৰিয়া ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে অঞ্চলৰ প্ৰতি ঘৰতে দুই-তিনিজনক মেলেৰিয়াই আক্ৰান্ত কৰিছে । বহুকেইজনে ইতিমধ্যে প্ৰণো হেৰুৱাইছে ।
এনে অৱস্থাত চহৰৰ মাজ মজিয়াত থকা চিকিৎসালয়খনলৈ যাবলৈও অসুবিধা । আনপিনে গ'লেও তাত উপযুক্ত পথ্য পোৱা নাযায় । সকলো দৰৱ কিনি খোৱাটো গাৱলীয়া দৰিদ্ৰ পৰিয়ালৰ পক্ষে অসম্ভৱ । এইক্ষেত্ৰত ৰাজ্যৰ চিকিৎসা বিভাগে তেনে কোনো তৎকালীন ব্যৱস্থা হাতত লোৱা নাই ।
সেয়েহে আপোনাৰ কাকতৰ জৰিয়তে আমাৰ গোগামুখ অঞ্চলৰ স্বাস্থ্য ৰক্ষাৰ্থে তথা মেলেৰিয়া ৰোগ নিৰ্মূলৰ অৰ্থে জৰুৰী ব্যৱস্থাৰ কথা বুজি সমস্যা সমাধানৰ ব্যৱস্থা ল'ব ।
ইতি
ভৱদীয়
নাম :- x
ঠিকনা :- y
৩/অসুখৰ বাবে তুমি দুদিনমান স্কুললৈ আহিব পৰা নাছিল, সেই দুদিনমানৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখনি আবেদনপত্র প্ৰস্তুত কৰা ।
(নাম-ঠিকনা নিলিখিবা, লিখিলে নম্বৰ কটা যাব)
উত্তৰ :-
প্ৰতি,
মাননীয় প্ৰধান শিক্ষক মহোদয়
গোপালনাথ পলিটেকনিক্যাল ইনষ্টিটিউচন
গোগামুখ ।
(মাননীয় শ্ৰেণীৰ শিক্ষক মহোদয়ৰ জৰিয়তে)
বিষয় : ছুটীৰ বাবে আবেদন ।
তাং ১২-১২-২০২৪
মহোদয়,
বিনিত নিবেদন এই যে মই ১০ আৰু ১১ তাৰিখে শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো । গতিকে দয়ালু মহোদয়ে উক্ত দুদিনৰ ছুটী দি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰে যেন ।
এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি ।
আপোনাৰ বিশ্বাসী
নাম :- ...............
শ্ৰেণী :- ...............
শাখা :- ..............
আমাৰ এইখন Website ত Class 10 ৰ লগতে সকলোবোৰ শ্ৰেণীৰ প্ৰশ্নোত্তৰ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে এনেধৰণৰ অধিক প্ৰশ্নোত্তৰ ছাবৰ বাবে তলৰ লিংক সমূহ নিৰ্বাচন কৰক আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ সমূহ পঢ়ি আপোনাৰ কেনে অনুভৱ হৈছে কমেন্ট কৰি জনাব পাৰিব ।
CLASS 10 ASSAMESE QUESTION ANSWER
Group-A (বাধ্যতামূলক)
পদ্যাংশ
গদ্যাংশ
Group-B (বৈকল্পিক)
গদ্যাংশ
CLASS 10 ASSAMESE GRAMMAR
• দশম শ্ৰেণীৰ আবেদন লিখন আৰু প্ৰতিবাদন লিখন
CLASS 11 ASSAMESE QUESTION ANSWER