কানাইৰ চাতুৰী
লিখক :- শ্ৰীধৰ কন্দলি
পাঠভিত্তিক প্ৰশ্নোত্তৰ
ভাব বিষয়ক :
১/ অতি চমু উত্তৰ দিয়া ।
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল ?
উত্তৰ :- গোপ শিশুসকলে আহি যশোদাক কৈছিল ।
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ?
উত্তৰ :- কৃষ্ণই চাৰি-পাঁচদিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ।
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ? [HSLC ' 2017]
উত্তৰ :- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই 'মোহিনী' ৰূপ ধাৰন কৰিছিল ।
(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল ? [HSLC ' 2011, 2013, 2016, 2018, 2022]
উত্তৰ :- কপিল মুনিৰ মাতৃ আছিল দেৱহুতি ।
(ঙ) কি ৰূপ ধাৰণ কৰি বিষ্ণুৱে বলিক চলনা কৰিছিল ? [HSLC 2013, 2017, 2022]
২/ তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ । [HSLC 2011, 2013, 2014, 2022]
---- এইষাৰ কাৰ উক্তি ? কাক দেখি তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা ।
উত্তৰ :- উদ্বৃত কথাষাৰ কৃষ্ণৰ উক্তি ।
মাতৃ যশোদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায় বুলি কবিয়ে কবিতাটিত উল্লেখ কৰিছে । শ্ৰীকৃষ্ণৰ জগতৰ ঈশ্বৰ হ'লেও উক্ত কবিতাটোত তেওঁক কবিয়ে এটি সাধাৰণ মানৱ শিশুৰ ৰূপত অংকন কৰিছে । তেওঁৰ মাতৃ যশোদা । এটি সাধাৰণ মানৱ শিশুক যেনেকৈ মাকে শাসন কৰে , দুষ্টালি কৰিলে শান্তি দিয়ে , ঠিক তেনেকৈ কৃষ্ণকো মাকে শাসন কৰে , দোষ কৰিলে শাস্তি দিয়ে , কেতিয়াবা বান্ধিও থয় , পুৱা সোনকালে শুই নুঠিলে খং কৰে । কৃষ্ণক মাকে গৰু চৰাবলৈ পঠায় এটি সাধাৰন মানৱ শিশুৰ দৰেই আৰু গৰু চৰাই আহি তেওঁ খাবলৈ পায় গৰম ভাতৰ সলনি কৰ্কৰা ভাত । তেওঁৰ চতুৰ্ভূজ ৰূপত সকলো ভোল যাৰ, কিন্ত মাক যশোদাইহে ইয়াৰ মোল নুবুজি তেওঁক লৱণু চোৰ , মাটি খোৱা , কলীয়া আদি কৈ ঠাট্টা কৰে । আন সকলো মাকৰ দৰে যশোদায়ো কৃষ্ণক একেই দুখ-কষ্টৰ মাজেদি ডাঙৰ কৰিছে আৰু কেতিয়াবা প্ৰয়োজন হ'লে খঙো কৰিছে । যশোদাৰ খং উঠা দেখিলেই কৃষ্ণয়ো এটি সাধাৰন মানৱ শিশুৰ দৰে ভয় খায় । অৱশ্যে এই সকলোবোৰ ভক্ত বৎসল কৃষ্ণৰ লীলা । এই লীলাৰ অংশৰূপেই কৃষ্ণই যশোদাক দেখি ভয় খোৱাৰ ভাও ধৰে ।
৩/ ' মোহিনী স্বৰূপ অমৃত পঠিয়ালো
সুধিলো দেৱৰ কাম ।"
---- কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল ? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা ।
উত্তৰ :- দেৱতাসকলক অমৃত খুৱাবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল ।
দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰা সময়ত ভগৱান হৰিয়ে ধম্বন্তৰিৰ ৰূপ লৈ হাতত অমৃত ভাণ্ড লৈ সমুদ্ৰৰ পৰা উঠি আহাৰ দেৱতাসকলক বঞ্চিত কৰি দৈত্যসকলে অকলে অমৃত পান কৰাৰ মানসেৰে অমৃত কাঢ়ি নিলে । এই কাৰ্যত ক্ষুণ্ণ হৈ দেৱতাসকলে ভগৱান বিষ্ণুৰ শৰণাপন্ন হ'ল । দৈত্যসকলৰ মাজতো অমৃতৰ ভাগ-বটোৱাৰাক লৈ কাজিয়া-পেচাল হ'ল । সেই সময়তে ভগৱান বিষ্ণুৱে অপৰূপ মোহিনী নাৰীৰ ৰূপ লৈ দৈত্যসকলৰ কাষত উপস্থিত হোৱাত মোহিনীৰ অপৰূপ ৰূপ দেখি দৈত্যসকল হৈ পৰে আৰু দৈত্য আৰু দেৱেতা দুয়ো পক্ষকে সমানে অমৃত ভগাই দিবলৈ মোহিনীক অনুৰোধ কৰে । সুযোগ বুজি মোহিনীয়ে দৈত্যসকলক বঞ্চিত কৰি অকল দেৱতাসকলক অমৃত পান কৰায় । এইদৰে ভগৱান বিষ্ণুৱে প্ৰবল পৰাক্ৰমী অসুৰসকলকো বুদ্ধিৰে ছলনা কৰি দেৱতাসকলৰ অমৃত পান কাৰ্য সফলতাৰে সম্পন্ন কৰিছিল ।
৪/ মাকৰ কি গুণৰ কথা ক'লৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ?
কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা । [HSLC 2016]
উত্তৰ :- শ্ৰীধৰ কন্দলিৰ 'কানাইৰ চাতুৰি' নামৰ কাব্যাংশৰ বৰ্ণনা মতে মাতৃ যশোদাই কৃষ্ণক বৰ নিষ্ঠুৰভাৱে অত্যাচাৰ কৰিছে আৰু তাৰ বাবে অভিমান কৰি কৃষ্ণয়ো মাক যশোদাক নানা কটু কথা শুনাইছে । মাতৃ যশোদাৰ কিছুমান গুণৰ কথা ক'বলৈকে যেন কৃষ্ণৰ লাজ লাগে । কাৰণ যশোদাৰ ঘৰত কৃষ্ণই কৰ্কৰা ভাত খাই গৰু চৰাই থাকিবলগীয়া হৈছে নানা দুৰ্জশ মূৰ পতি লৈ । কৃষ্ণ উপজি যশোদাৰ 'কাঠবাজি' বুলি জগতত থকা বদনাম নাইকীয়া কৰিলে । তথাপি যেন যশোদাৰ প্ৰতি অকণো মৰম নাই । বাঁহৰ বাঁহী বজাৰ দুয়োটা ওঁঠ কাটি তেজ ওলাইছে । তথাপি যশোদাই কৃষ্ণক এটা সোণৰ বাঁহী গঢ়াই নিদিয়ে । অথচ যশোদা এজনী ৰাজ-ৰাণী । লাগিলে ধন-সোণ গাতত পুতি ৰাখিব, তথাপি যেন কৃষ্ণৰ দুখ নেদেখে । দিনৰ দিনটো কৃষ্ণই গৰুজাক খেদি । খেদি ৰ'দে-বৰষুণে চৰাই ফুৰে; কিন্ত ভোকৰ ভাতকেইটাও পেট ভৰাকৈ দি নপঠায় । ফলত কৃষ্ণ আধাপেটি হৈ থাকিব লাগে । যশোদাই কৃষ্ণক পিন্ধিব দিয়া পোছাক-পাতিও তেনেই সাধাৰণ । গৰুৰ পাছত ঘূৰোতে কাঁইটীয়া বনত লাগি অ'ত-ত'ত লাগি কাপোৰ ফাটি শৰীৰৰ ছাল-বাকলি যায় । চুলিত লগাবলৈ তেল নাই । কুটুৰা-কুটুৰা চুলিবোৰ উপযুক্ত যত্ন ৰ অভাৱত জঁটা বান্ধিলে । কৃষ্ণৰ ইমানবোৰ দুখ দেখিও যশোদাই যেন অলপো মনোযোগ দিয়া নাই । এনেবোৰ কাৰণতে যশোদাৰ গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে ।
৫/ চমুটোকা লিখা :
(ক) বামন, (খ) দেৱহুতি, (গ) কপিল (ঘ) শ্ৰীধৰ কন্দলি, (ঙ) দৈৱকী
উত্তৰ :- (ক) বামন : বিষ্ণুৰ পঞ্চম অৱতাৰ । বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল । এই বামনে দৈত্যৰাজ বালিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰা ছলেৰে বালিক পাতাললৈ পঠাইছিল । ইয়াৰ যোগেদি দান কৰা বাবে বালিৰ যি অহংকাৰ হৈছিল তাক বিনাশ কৰিছিল ।
(খ) দেৱহুতি : দেৱহুতি আছিল স্বয়ংম্ভুৱ মুনিৰ কন্যা । তেওঁৰ স্বামীৰ নাম কৰ্দ্দম মুনিৰ । প্ৰসিদ্ধ মুনি কপিলৰ তেওঁ মাতৃ আছিল ।
(গ) কপিল : কপিল আছিল কৰ্দ্দম মুনি আৰু দেৱহুতিৰ পুত্ৰ । তেওঁ এজন প্ৰসিদ্ধ মুনি আছিল । তেওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক আছিল । তেওঁক বিষ্ণুক অৱতাৰ বুলিও গণ্য কৰা হয় । পুৰাণত বৰ্ণিত আখ্যান অনুসৰি সগৰ ৰজাৰ ষাঠি হেজাৰ পুত্ৰ কপিলৰ শাপতে ভষ্ম হয় ।
(ঘ) শ্ৰীধৰ কন্দলি : শ্ৰীধৰ কন্দলি শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ কবি । কন্দলিয়ে 'কানখোৱা' আৰু 'ঘুনুচা-কীৰ্তন' দুখন কাব্য ৰচনা কৰে । 'কানখোৱা' নিচুকনি গীতৰ আৰ্হিত ৰছিত । শ্ৰীধৰ কন্দলিৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট ।
(ঙ) দৈৱকী : বাসুদেৱৰ পত্নী শ্ৰীকৃষ্ণ প্ৰকৃত গৰ্ভধাৰক মাতৃ । দৈৱকীৰ মাতৃ কংস । দৈৱকীৰ অষ্টম পুত্ৰই কংসক বুলি আকাশবাণী শুনাৰ পিছত দৈৱকী আৰু বসুদেৱক কংসই বন্দী কৰি জেলশালত ৰাখে । প্ৰথম সাঁচটো পুত্ৰ কংসই নিধন কৰে । অষ্টম পুত্ৰ শ্ৰীকৃষ্ণই মহিমাৰে কংসৰ বন্দীৰ পৰা মুক্ত হৈ যশোদা নন্দৰ ঘৰত বসবাস কৰে ।
৬/ পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা । [HSLC 2019]
উত্তৰ :- কানাইৰ চাতুৰী নামৰ পাঠটোত উল্লেখ থকা অনুসৰি , এদিন ৰাতিপুৱা গোপশিশুসকলে কৃষ্ণ ঘৰলৈ আহি কৃষ্ণক জগাই দিবলৈ যশোদাক কোৱাত যশোদাই কৃষ্ণক সোনকালে উঠিবলৈ ক'লে । যশোদাই এইবুলিও খং কৰিলে যে কিহৰ ভাগৰতনো তেওঁ শুই থাকিব লাগে ইমান দেৰিলৈকে । তেওঁৰনো ইমান টোপনি কিহৰ ? সূৰ্য উদয় হ'ল । গতিকে যশোদাই তেওঁৰ মৰমৰ বোপাইক খং-ৰাগ ত্যাগ কৰি সোনকালে উঠিবলৈ ক'লে । ৰাতি পুৱাল, যদুমণি উঠিবৰ হ'ল । বুলি গোপ শিশুসকলে মাতি আছে বুলিও তেওঁ কৃষ্ণক ক'লে । কিন্ত শ্ৰীকৃষ্ণই মাকৰ কথাখিনি শুনি বিৰক্তি প্ৰকাশ কৰিলে আৰু মাকৰ ওপৰত খং কৰি ক'লে যে তেওঁ গৰু চৰাবলৈ নগৈ চাৰি-পাঁচদিনলৈকে নাখাই-নবৈ এনেদৰে শুই থাকিব । কাৰণ শ্ৰীকৃষ্ণই অনুভৱ কৰিছিল যে যশোদাই তেওঁৰ ওপৰত জাপি দিয়া অপবাদবোৰ দিনকদিনে বাঢ়ি গৈছে আৰু শ্ৰীকৃষ্ণই সেয়া সহ্য কৰিব নোৱাৰা হৈ গৈছে ।
মাকৰ কিছুমান কথাক লৈ শ্ৰীকৃষ্ণ অসন্তুষ্ট । মাকৰ কিছুমান গুণৰ কথা ক'বলৈ তেওঁৰ লাজ লাগে বুলি কৈছে । সেইবোৰ হৈছে যে বাঁহৰ বাঁহী বজাই তেওঁৰ দুই ওঁঠ ফাটি তেজ ওলায় । সেই কথা জানিও মাকে তেওঁক ছয় ৰতি সোণেৰে এটা বাঁহী গঢ়াই নিদিয়ে । অথচ তেওঁ হৈছে ৰাজপটেশ্বৰী । বাঁহীটৌৰ বাবে এইখিনিও খৰচ নকৰা মাকৰ ধনত জুই লাগিব আৰু গাতৰ ভিতৰতে পোত খাই থাকিব বুলি তেওঁ কৈছে । তেওঁ আৰু কৈছে যে গৰু চৰাবলৈ যাওঁতে মাকে হাতত যি মুঠি ভাত দি পঠায়, সেয়াই তেওঁৰ সেয়াই পেটে নভৰে , এগৰাহ খালে আন এগৰাহলৈ নোজোৰে , আধাপেটিকৈ থাকিব লাগে । গামোচাৰ দৰে সৰু ( নটুৱা টনাক ) পোছাক পিন্ধি গৰু চৰাই থাকোঁতে তেওঁৰ কাঁইটে বিন্ধে । কেঁকোৰা চুলিত গৰু-ধূলি পৰি পৰি প্ৰকাণ্ড জঁটা বান্ধিলে । তেল-ফণিৰ পৰশ নাপাই চুলিৰ এনে অৱস্থা হওঁতেও মাক কোনো খবৰেই নাই । এইবোৰ কথা ভাবিলে তেওঁৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাব খোজে ।
শ্ৰীকৃষ্ণই এয়াও ক'লে যে যিমান এই অনন্ত বিশ্ব-ব্ৰহ্মাণ্ড স্ৰজন কৰি অনেক লীলা কৰি জগতক মোহিত কৰিব পাৰে , ব্ৰহ্মা আদি কৰি চৰাচৰ সকলোৱে যাক সেৱা কৰে , সেইজন ভগৱান কৃষ্ণই পুত্ৰ ৰূপে আহি যশোদাৰ কোলা শুৱনি কৰিছে । কৰ্কৰা ভাত খাই যশোদাৰ ঘৰত গৰু চৰাছে । তথাপি যশোদাই তেওঁৰ তত্ব নুবুজি 'কলীয়া' বুলি ইতিকিং কৰে, 'দধিচোৰ' বুলি কয় । গতিকে এইদৰেই অপমান সহি থকাতকৈ তেওঁ মথুৰালৈ গুচি যাবলৈ বিচাৰিছিল । এনে কৰিলে যশোদাকো এসেকা দিয়া হ'ব । কৃষ্ণৰ তেওঁৰ কান্দি থাকিব ।
শ্ৰীকৃষ্ণৰ এনে কথা শুনি যশোদাৰ মাতৃ হৃদয় কান্দি উঠিছে । তেওঁ এইবোৰলৈ তেওঁৰ দোষ মৰিষণ কৰিবলৈ কৃষ্ণক কাকূতি-মিনতি কৰিছে । তেতিয়া মাকৰ কৰুণ মুখখন দেখি তেওঁ সন্তুষ্টি লভি মাকৰ কোলাত উঠি স্তনপান কৰি তেওঁৰ দাঁতেৰে হাঁহিব ধৰিলে । যশোদাই কৃষ্ণৰ হাঁহিমুখ চাই পৃথিৱীৰ সমস্ত সুখ আৰু তৃপ্তি লাভ কৰিছে ।
৭/ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি , কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা ।
উত্তৰ :- কৃষ্ণ স্বয়ং ভগৱান বিষ্ণুৰ অৱতাৰ । তেওঁ যুগে যুগে বিভিন্ন অৱতাৰ লৈ পৃথিৱীত অনেক কাৰ্য সমাধা কৰিছিল । 'কানাইৰ চাতুৰী' কবিতাটোত ভগৱানৰ বিভিন্নৰূপৰ কথা সুন্দৰ ৰূপত প্ৰকাশ কৰিছে । ইয়াত উল্লেখ আছে কৃষ্ণৰ চতুৰ্ভূজ ৰূপৰ কথা । তেওঁ চতুৰ্ভূজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ হাতৰ পৰা ৰক্ষা কৰিছিল । তেওঁৰ চতুৰ্ভূজ ৰূপ দেখি ত্রিদশৰ সকলো লোক ঢলি পৰিছিল । তেৱেঁই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সমুদ্ৰ মন্থনৰ সময়ত অমৃত পান কৰাইছিল । আকৌ কপিল মুনিৰূপে দেৱহুতিৰ গৰ্ভত জন্ম লৈ তেওঁক তত্ত্ব জ্ঞান দিছিল । বালিৰ দৰ্পচূৰ্ণ কৰি বিশ্বৰূপ দৰ্শন কৰাই বলিক পাতাললৈ পঠাইছিল বামন ৰূপ ধৰি । তেওঁ ভৰিৰ নখেৰে গংগাক পৃথিৱীলৈ বোৱাই আনিছিল, যি গংগাক বাটতে মহাদেৱে পাই জঁটাত ধাৰণ কৰিছিল । তেৱেই অনন্ত বিশ্ব ব্ৰহ্মাণ্ড স্ৰজন কৰি, আত্মাৰূপে সমস্ত জগত প্ৰতিপাল কৰি আছে । নাৰায়ণ ৰূপ লৈ অনন্ত শয্যাত জলত শয়ন কৰি নাভিৰ পৰা ব্ৰহ্মাণ্ডক স্ৰজন কৰি বেদৰ জ্ঞান দিছিল । এনেদৰেই কৃষ্ণই বিভিন্ন অৱতাৰ ধাৰণ কৰি কাৰ্য সমাধা কৰিছিল ।
৮/ কবিতাটোত 'কাঠবাঁজী' বুলি কাক কৈছে ? ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল ?
উত্তৰ :- যশোদা আছিল নি:সন্তান । তেওঁৰ সন্তান নোহোৱা দেখি তেওঁক কাঠবাঁজী বুলি কৈছে । কাঠবাঁজী শব্দটোৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱৰা তিৰোতা । নন্দ আৰু যশোদাৰ বিবাহৰ বহু সময় পিছতো কোনো সতি-সন্ততি জন্ম হোৱা নাছিল । ইয়াকে লৈ যশোদাৰ মনত বহু দুখ আছিল । অইন লোকসকলেও সতি-সন্ততি নোহোৱা যশোদাক কাঠবাঁজী বুলি সময়ে সময়ে উপলুঙা কৰিছিল ।
কিন্ত এসময়ত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপত যশোদাৰ পুত্ৰ সন্তানৰূপে আহিল । শ্ৰীকৃষ্ণক পুত্ৰ সন্তান হিচাপে পায় যশোদাই মনত যিমান সান্ত্বনা আৰু সুখ পালে, তাতকৈ বেছি সুখ পালে এই কাৰণেই যে তেওঁ অতদিন শুনি অহা কাটবাঁজী নামৰ অপবাদটৌৰ পৰা মুক্তি পালে । যদিও কৃষ্ণ যশোদাৰ গৰ্ভজাত সন্তান নহয়, তথাপি তেওঁক যশোদাৰ পুত্ৰ বুলি সকলোৱে জানে । অইন মানুহ নাজানিছিল যে শ্ৰীকৃষ্ণ প্ৰকৃততে দৈৱকীৰহে গৰ্ভজাত সন্তান ।ভাগ্যচক্ৰত পৰি কৃষ্ণ যদি যশোদাৰ ডাঙৰ-দীঘল নহ'লহেঁতেন, তেন্তে যশোদাক সকলোৱে কণ্ঠ-বাঁজী বুলি ঠাট্টা কৰিলেহেঁতেন । সেই অপবাদৰপৰা কৃষ্ণইহে তেওঁক ৰক্ষা কৰিলে আৰু যশোদাৰ মনৰ পৰা সন্তানহীনতাৰ দুখ দূৰ কৰিলে ।
৯/ তাৎপৰ্য ব্যাখ্যা কৰা ।
(ক) কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি ।
মই আজি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দূখ দূৰ কৰি ।।
উত্তৰ :- উদ্ধৃত কবিতাংশৰ বক্তা হৈছে কৃষ্ণ । মাকে তেওঁক মৰম নকৰে বুলি তেওঁ মাকৰ ওচৰত অভিযোগ কৰে, অভিমান কৰে । সেই কথাৰ আঁত ধৰি উদ্ধৃত কথাষাৰ কোৱা হৈছে ।
যশোদা আছিল নিঃসন্তান । তেওঁৰ সন্তান নোহোৱা দেখি তেওঁক কাঠ-বাছী বুলি কৈছিল । কাঠবাঁজী শব্দটোৰ অৰ্থ হৈছে সন্তান জন্ম নোৱৰা তিৰোতা । কৃষ্ণ যশোদাৰ গৰ্ভজাত সন্তান নহয় । যদিও তেওঁক যশোদাৰ পুত্ৰ বুলি সকলোৱে জানে, তথাপি তেওঁ প্ৰকৃততে দৈৱকীৰহে গৰ্ভজাত সন্তান । ভাগ্যচক্ৰত পৰি কৃষ্ণ যদি যশোদাৰ ঘৰত ডাঙৰ-দীঘল নহ'লহেতেন, তেন্তে যশোদাক কাঠ-বাঁজী বুলি ঠাট্টা কৰিলেহেঁতেন । সেই অপবাদৰপৰা কৃষ্ণইহে তেওঁক ৰক্ষা কৰিলে আৰু যশোদাৰ মনৰ পৰা সন্তানহীনতাৰ দুখ দূৰ কৰিলে ।
ভগৱান সদায় ভক্তৰ অধিন । ভগৱানে ভক্তৰ দুখ দূৰ কৰে । যশোদাও আছিল ভগৱানৰ পৰম ভক্ত । সেয়ে যশোদাৰ দৰে ভক্ত এগৰাকীয়ে মনোকষ্ট পোৱাটো ভগৱানে নিবিচাৰে বাবেই তেওঁৰ দুখ দূৰ কৰি সন্তানহীনা অপবাদৰ পৰা মুক্ত কৰিবলৈ স্বয়ং বিষ্ণুৱে তেওঁৰ ঘৰত পুত্ৰৰূপে থাকি যশোদাৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে । সেই গৰাকী মাকেই খং কৰাত, শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক উদ্ধৃত কথাষাৰৰ দ্বাৰা সোঁৱৰাই দিছে ।
(খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম ।।
উত্তৰ :- উদ্ধৃত কবিতাফাঁকি শ্ৰীধৰ কন্দলিৰ দ্বাৰা ৰচিত কানাইৰ চ্তুৰি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে য'ত শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ ওচৰত নানা কথাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল ।
যদিও যশোদাই শ্ৰীকৃষ্ণক এক মানৱ শিশুৰূপে ডাঙৰ-দীঘল কৰিছিল , আৰু নিজৰ পুত্ৰৰূপে প্ৰয়োজনৰ সময়ত গালি-শপনিত পৰিছিল, তথাপি কিন্ত শ্ৰীকৃষ্ণৰ নাৰায়ণ স্বৰূপৰ পৰা মাতৃ যশোদাক অন্ধকাৰত ৰখাটোত সক্ষম নাছিল । যশোদাই জানিব পাৰিছিল যে তেওঁৰ পুত্ৰৰূপে সাধাৰণ জীৱন যাপন কৰি থকা এই শিশুজনেই গোটেই জগতৰ পালনকৰ্তা ।
শ্ৰীকৃষ্ণ শিশুকালত যথেষ্ট উৎপতীয়া আছিল আৰু লগ-সমনীয়াৰ লগত গৈ অইন মানুহক যথেষ্ট আমনি কৰিছিল । যশোদাই এই কথা জানিব পাৰি মাজে-সময়ে কৃষ্ণক গালি-শপনি পৰিছিল আৰু কেতিয়াবা শাস্তিও প্ৰদান কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীকৃষ্ণই যশোদাক কৈছিল যে তেওঁ ভগৱানৰূপে এসময়ত দৈত্যৰ হাতৰ পৰা অমৃত উদ্ধাৰ কৰি দেৱতাসকলক খুৱাইছিল । এতিয়া মথুৰাত মানৱ শিশুৰূপে জন্মগ্ৰহণ কৰি তেওঁ মানুহৰ গালি-শপনিহে পাইছে । যশোদায়ো তেওঁক দধিচোৰৰূপেহে সম্বোধন কৰে ।
সৃষ্টিৰ আৰম্ভণিৰ কালছোৱাত দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰিছিল । সমুদ্ৰ মন্থনত নানা দ্ৰব্যাদি উৎপন্ন হৈছিল । এসময়ত সমুদ্ৰ মন্থনত অমৃতো উৎপন্ন হয় । ভগৱান হৰিয়ে ধম্বন্তৰিৰ ৰূপ লৈ হাতত অমৃত ভাণ্ড লৈ সমুদ্ৰৰ পৰা উঠি অহাত দেৱতাসকলক বঞ্চিত কৰি দৈত্যসকল অকলে অমৃত পান কৰাৰ মানসেৰে অমৃত কাঢ়ি নিলে । এই কাৰ্যত ক্ষুণ্ণ হৈ দেৱতাসকলে ভগৱান বিষ্ণুৰ শৰণাপন্ন হ'ল । দৈত্যসকলৰ মাজতো অমৃতৰ ভা-বাটোৱাৰাক লৈ কাজিয়া-পেচাল হ'ল । সেই সময়তে ভগৱান বিষ্ণুৱে অপৰূপ মোহিনী নাৰীৰ ৰূপ লৈ দৈত্যসকলৰ কাষত উপস্থিত হোৱাত মোহিনীৰ অপৰূপ ৰূপ দেখি দৈত্যসকল ব্যাকুল হৈ পৰে আৰু দৈত্য আৰু দেৱতা দুয়ো পক্ষকে সমানে অমৃত ভগাই দিবলৈ মোহিনীক অনুৰোধ কৰে । সুযোগ বুজি মোহিনীয়ে দৈত্যসকলক বঞ্চিত কৰি অকল দেৱতাসকলক অমৃত পান কৰায় । এইদৰে ভগৱান বিষ্ণুৱে প্ৰবল পৰাক্ৰমী অসুৰসকলকো বুদ্ধিৰে ছলনা কৰি দেৱতাসকলৰ অমৃত পান কাৰ্য সফলতাৰে সম্পন্ন কৰিছিল ।
দৈৱকীৰ সন্তানৰূপে মানৱ জীৱন আৰম্ভ কৰি শ্ৰীকৃষ্ণই জন্মৰ ঠিক পিচতেই মথুৰাৰ নন্দ-যশোদাৰ সন্তানৰূপে পৰিচিত লাভ কৰিছিল । অইন শিশুসকলৰ দৰে তেওঁ ডাঙৰ-দীঘল হৈছিল আৰু সাধাৰণ শিশুসুলভ ৰং-ৰহইচ , চতুৰালি, দুষ্টামি কৰি ভাল পাইছিল । তেওঁ সকলোৰে লগত বিভিন্ন চাতুৰী কৰিছিল । তাৰ ভিতৰত আছিল লৱণু চুৰ কৰি খোৱা । তেওঁ নিজৰ ঘৰত মাকৰ অনুপস্থিতিত লৱণু চুৰ কৰি খোৱাৰ উপৰিও আন গোৱালীসকলৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ লৱণু চুৰ কৰি খাইছিল । সেইবাবেই তেওঁ লৱণু চোৰ নাম পাইছিল । যশোদায়ো তেওঁক দধিচোৰ হিচাপে উপলুঙা কৰিছিল ।
সেয়েহে শ্ৰীকৃষ্ণই যশোদাক কৈছিল যে এসময়তৰ জগতৰ ত্ৰাণকৰ্তা ভগৱানে আজি লৱণু চোৰৰূপেহে পৰিচিত হৈছে ।
(গ) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ ।
তথাপি তোহাক দেখন্ত ডৰত
উৰি যায় মোৰ জীউ ।।
উত্তৰ :- কৃষ্ণ হ'ল নাৰায়ণ অৱতাৰ । যশোদা গোৱালৰ জীয়ৰী । তথাপি মাকক দেখি কৃষ্ণৰ ভয়ত প্ৰাণ উৰি যায় । ভগৱান ভাণ্ডাৰ দাস । যিয়ে এই চৰাচৰৰ হৃদয়ত আত্মাৰূপে আছে । সেইজনক যশোদাই একমাত্ৰ ভক্তিৰ বলত পুত্ৰৰূপে লাভ কৰিছে । কৃষ্ণই চাতুৰী কৰি গোপ শিশু আৰু মাকৰ আগত মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে । ভগৱান কৃষ্ণৰ মানৱীয় ৰূপ বা চৰিত্ৰ প্ৰকাশ কৰাটোৱেই কবিতাংশৰ তাৎপৰ্য ।
ভাষা বিষয়ক :
১০/ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা ।
(ক) আসি, (খ) খেড়ি, (গ) পুহাইল, (ঘ) নুজুৰাই, (ঙ) হন্তে, (চ) বিগুটিয়া ।
উত্তৰ :- (ক) আসি :- আহি, (খ) খেড়ি :- খেলা, (গ) পুহাইল :- পুৱাল, (ঘ) নুজুৰাই :- জুৰ নপৰা, (ঙ) হন্তে :- পৰা, (চ) বিগুটিয়া :- ঠাট্টা কৰা ।
১১/ (ক) সুন্দৰী, (খ) মাতৃ, (গ) মামা ।
উত্তৰ :- সুন্দৰী :- সুন্দৰ (পুঃ), (খ) মাতৃ :- পিতৃ (পুঃ) (গ) মামা :- মামী ( স্ত্রীঃ ) ।
১২/ বিপৰীত শব্দ লিখা ।
(ক) বিশ্বাস, (খ) দোষ, (গ) আনন্দ, (ঘ) অপমান, (ঙ) অমৃত ।
উত্তৰ :- (ক) বিশ্বাস :- অবিশ্বাস, (খ) দোষ :- গুণ, (গ) আনন্দ :- বিষাদ, (ঘ) অপমান :- মান, (ঙ) অমৃত :- বিহ, গৰল ।
অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ
১/ শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰ :- 'কাণখোৱা' আৰু 'ঘুনুচা কীৰ্তন' ।
২/ 'কাণখোৱা' পুথিখন অসমীয়া কোন শ্ৰেণীৰ লোকগীতৰ আৰ্হিত ৰচনা কৰা হৈছে ?
উত্তৰ :- 'কাণখোৱা' পুথিখন অসমীয়া 'নিচুকণি গীত'ৰ আৰ্হিত ৰচনা কৰা হৈছে ।
৩/ কাণখোৱা পুথিখন কেইটা অংশত ভাগ কৰিব পাৰি ?
উত্তৰ :- কাণখোৱা পুথিখন দুটা ভাগত ভাগ কৰা হৈছে ।
৪/ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন ?
উত্তৰ :- সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক আছিল কপিল মুনি ।
৫/ 'কানাইৰ চাতুৰী' কবিতাটোৰ ৰচক কোন ?
উত্তৰ :- 'কানাইৰ চাতুৰী' কবিতাটোৰ ৰচক হ'ল শ্ৰীধৰ কন্দলি ।
৬/ কৃষ্ণৰ মোমায়েক কোন আছিল ?
উত্তৰ :- কংস কৃষ্ণৰ মোমায়েক আছিল ।
৭/ বিষ্ণুৱে তেওঁৰ কোন অংগৰ পৰা ব্ৰহ্মাৰ সৃষ্টি কৰা বুলি কৈছে ?
উত্তৰ :- বিষ্ণুৱে তেওঁৰ ' নাভি ' অংশৰ পৰা ব্ৰহ্মাৰ সৃষ্টি কৰা বুলি কৈছে ।
৮/ বিষ্ণুৱে কাক বেদ পঢ়াইছিল ?
উত্তৰ :- বিষ্ণুৱে ব্ৰহ্মাক বেদ পঢ়াইছিল ।
৯/ 'কানাইৰ চাতুৰী' নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত ?
উত্তৰ :- শ্ৰীধৰ কন্দলিৰ 'কাণখোৱাৰ' পুথিৰ অন্তৰ্গত ।
১০/ কাঠবাজী বুলি কাক কোৱা হৈছে ?
উত্তৰ :- কাঠবাজী বুলি যশোদাক কোৱা হৈছে ।
১১/ কি ৰূপত বিষ্ণৱে অনন্ত শয্যাত শয়ন কৰিছিল ?
উত্তৰ :- নাৰায়ণ ৰূপত বিষ্ণুৱে অনন্ত শয্যাত শয়ন কৰিছিল ।
১২/ ৰাজপটেশ্বৰী কোন ? [HSLC 2020]
উত্তৰ :- নন্দৰজাৰ ৰাণী যশোদা ।
১৩/ দৈৱকী কোন ? [2019]
উত্তৰ :- কৃষ্ণৰ প্ৰকৃত মাক , বাসুদেৱৰ পত্নী আৰু কংসৰ ভনীয়েক ।
চমু প্ৰশ্নোত্তৰ প্ৰতিটোত ২/৩ নম্বৰকৈ
১/ মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ?
---কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা । [HSLC 2016]
উত্তৰ :- শিশু কৃষ্ণৰ কিছুমান কথাক লৈ অসন্তুষ্ট । মাকৰ কিছুমান কথাক লৈ অসন্তুষ্ট । মাকৰ কিছুমান গুণৰ কথা ক'বলৈ তেওঁৰ লাজ লাগে বুলি কৈছে । সেইবোৰ হৈছে যে বাঁহৰ বাঁহী বজাই তেওঁৰ দুই ওঁঠ ফাটি তেজ ওলায় । সেইকথা জানিও মাকে তেওঁক ছয় ৰতি সোণেৰে এটা বাঁহী গঢ়াই নিদিয়ে । অথচ তেওঁ হৈছে ৰাজপেশ্বৰী । বাঁহীটোৰ বাবে এইখিনিও খৰচ নকৰা মাকৰ ধনত জুই লাগিব আৰু গাতৰ ভিতৰতে পোত খাই থাকিব বুলি তেওঁ কৈছে । তেওঁ আৰু কৈছে যে গৰু চৰাবলৈ যাওঁতে মাকে হাতত যি মুঠি ভাত দি পঠায় , সেয়াই তেওঁৰ পেটেই নভৰে, এগৰাহ খালে আন এগৰাহলৈ নোজোৰে, আধাপেটিকৈ থাকিব লাগে ।গামোচাৰ দৰে সৰু (নটুৱা টকাক) পোছাক পিন্ধি গৰু চৰাই থাকোঁতে তেওঁক কাঁইটে বিন্ধে । কেঁকোৰা চুলিত গৰু-ধূলি পৰি প্ৰকাণ্ড জঁটা বান্ধিছে । তেল-ফণিৰ পৰস নাপাই চুলিৰ এনে অৱস্থা হওঁতেও মাকৰ কোনো খবৰেই নাই । এইবোৰ কথা ভাবিলে তেওঁৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাব খোজে ।
২/ " আন কাল যদি দোষ দেখা মোৰ
পৰিবাৰ মোক গালি । "
---- কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা । [HSLC 2016 , 2022]
উত্তৰ :- কথাষাৰ শিশু কৃষ্ণই মাক যশোদাক উদ্দেশ্য কৰি কৈছিল ।
শ্ৰীকৃষ্ণ হ'ল ভগৱানৰে এক ৰূপ । জগতত বিভিন্ন সময় আৰু প্ৰয়োজনত তেওঁ বিভিন্ন অৱতাৰ ধাৰণ কৰি নানা কাৰ্য সাধন কৰিছিল । কৃষ্ণই চাতুৰী কৰি গোপ শিশু আৰু মাকৰ আগত মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে ।
এদিনাখন ৰাতিপুৱা গোপশীশুসকলে খেলিবৰ বাবে শ্ৰীকৃষ্ণক জগাই দিবলৈ যশোদাক অনুৰোধ জনালে । তেতিয়া যশোদাই কৃষ্ণক জগালে আৰু দেখিলে শুই থকাৰ বাবে খঙো কৰিলে । জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈও তেওঁ মাক যশোদাৰ ভয়ত চলিব লাগে । তথাপি মাকক বিভিন্ন কথা শুনোৱাৰ লগতে উপৰিউক্ত কথাষাৰ কৈ মাকৰ মৰম আদায় কৰিব বিছাৰিছে ।
৩/ কেনে ধৰণৰ কথা কৈ মাতৃ যশোদাই শ্ৰীকৃষ্ণক জগাবলৈ চেষ্টা কৰিছিল ?
উত্তৰ :- গোপশিশুসকলে যশোদাক কৃষ্ণক জগাই দিবলৈ কোৱাত যশোদাই কৃষ্ণক সোনকালে উঠিবলৈ ক'লে । কিহৰ ভাগৰতনো তেওঁ শুই থাকিব লাগে ইমান দেৰিলৈকে । তেওঁৰনো ইমান টোপনি কিহৰ ? সূৰ্য উদয় হ'ল । গতিকে যশোদাই তেওঁৰ মৰমৰ বোপাইক খং-ৰাগ ত্যাগ কৰি সোনকালে উঠিবলৈ ক'লে । ৰাতিপুৱাল, যদুমণি উঠিবৰ হ'ল বুলি গোপ শিশুসকল মাতি আছে বুলিও তেওঁ কৃষ্ণক ক'লে ।
৪/ কৃষ্ণই কিয় মথুৰালৈ যাবলৈ বিচাৰিছিল ?
উত্তৰ :- মাক যশোদাৰ ওপৰত কৃষ্ণৰ অনেক অভিযান, অভিযোগ । যিজনে এই অনন্ত বিশ্ব-ব্ৰহ্মাণ্ড স্ৰজন কৰি অনেক লীলা কৰি জগতক মোহিত কৰিব পাৰে, ব্ৰহ্মা আদি কৰি চৰাচৰ সকলোৱে যাক সেৱা কৰে, সেইজন ভগৱান কৃষ্ণই পুত্ৰ ৰূপে আহি যশোদাৰ কোলা শুৱনি কৰিছে । কৰ্কৰা ভাত খাই যশোদাৰ ঘৰত গৰু চৰাইছে । তথাপি যশোদাই তেওঁৰ তত্ব নুবুজি 'কলীয়া' বুলি ইতিকিং কৰে, 'দধিচোৰ' বুলি কয় । বাঁহৰ বাঁহী বজাই তেওঁৰ ওঁঠ ফাটি তেজ ওলাই গৈছে । তথাপি মাকে তেওঁক ছয়ৰতি সোণৰ বাঁহী এটা গঢ়াই নিদিয়ে । মাকৰ সাঁচতীয়া ধনত জুই লাগিব বুলি কৈছে কৃষ্ণই । আনকি গৰু চৰাবলৈ যাওঁতে পেট পূৰাই খাব পৰাকৈ ভাতো বেছিকৈ দি নপঠায় বুলি কৈছে । তেল-ফণিৰ পৰশ নাপাই জঁট বন্ধা তেওঁৰ কেঁকোৰা চুলিখিনিৰ প্ৰতিও মাকে চকু নিদিয়ে । এইবোৰ কথা মনত পৰিলে তেওঁৰ কান্দোন ওলাব খোজে । গতিকে এইদৰে অপমান সহি থকাতকৈ তেওঁ মথুৰলৈ গুচি যাবলৈ বিচাৰিছিল । এনে কৰিলে যশোদাকো এসেকা দিয়া হ'ব । কৃষ্ণৰ বিৰহত তেওঁ কান্দি থাকিব ।
৫/ কৃষ্ণই কিয় লৱণু চোৰ নাম পাইছিল ?
উত্তৰ :- ' কানাইৰ চাতুৰী ' কবিতাটিত পোৱা কৃষ্ণ হ'ল এটি শিশু । আন সাধাৰণ শিশুৰ দৰেই তেৱোঁ আছিল দুষ্টালি কৰি ভালপোৱা ধৰণৰ । তেওঁ সকলোৰে লগত বিবিধ চাতুৰী কৰিছিল । তাৰ ভিতৰত আছিল লৱণু চুৰ কৰি খোৱা । তেওঁ নিজৰ ঘৰত মাকৰ অনুপস্থিতিত লৱণু চুৰ কৰি খোৱাৰ উপৰিও আন গোৱালীসকলৰ ঘৰতো কোনো নথকাৰ সুযোগ লৈ লৱণু চুৰ কৰি খাইছিল । সেইবাবেই তেওঁ লৱণু চোৰ নাম পাইছিল ।
কংস :- কংস আছিল মথুৰাৰ ৰজা উগ্ৰসেনৰ পুত্ৰ । এওঁ অতি অত্যাচাৰ আৰু স্বেচ্ছচাৰী আছিল । এওঁ নিজ ভগ্নী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানৰ হাতত মৃত্যুবৰণ কৰিব লাগিব বুলি আকাশবাণী শুনাত দৈৱকীক কৰাগাৰলৈ নিক্ষেপ কৰে আৰু দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তানকে জন্মৰ পিছতে আনি মাৰি পেলায় । কিন্ত সেয়ে হ'লেও দৈৱবাণী অনুসৰিয়েই এদিন দৈৱকীৰ অষ্টম পুত্ৰ শ্ৰীকৃষ্ণৰ হাতত তেওঁৰ মৃত্যু হয় ।
পৃথু :- পুৰাণ প্ৰসিদ্ধ বিখ্যাত ৰজা বেনৰ পুত্ৰ আছিল পৃথু । শাস্ত্ৰত উল্লেখ থকা অনুসৰি, এবাৰ দেশত আকালে দেখা দিয়াত গাই এজনীৰ ৰূপ ধাৰণ কৰা পৃথিৱীক খীৰাই এই পৃথুৱে প্ৰজাৰ প্ৰাণ ৰক্ষা কৰিছিল ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ প্ৰতিটোত ৪/৬ নম্বৰকৈ
১/ কবিতাটোৰ জৰিয়তে কৃষ্ণৰ দুমুখীয়া চৰিত্ৰ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ।
উত্তৰ :- ' কানাইৰ চাতুৰী ' কবিতাটিত কৃষ্ণৰ দুমুখীয়া চৰিত্ৰ অতি সুন্দৰ ৰূপত প্ৰকাশ পাইছে । ইয়াত শিশু কৃষ্ণৰ ঈশ্বৰীয় গুণৰ পৰিবৰ্তে সাধাৰণ মানৱীয় খং-অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ অধিক ফুটাই তুলিছে । এটি সাধাৰণ মানৱ শিশুৰ দৰেই যশোদাই কৃষ্ণক ডাঙৰ-দীঘল কৰিছে । দুষ্টালি কৰিলে শান্তি দিয়ে, কেতিয়াবা বান্ধি থয় । আন শিশুবোৰৰ দৰে মাকৰ ওচৰত অভিমান কৰে, মাকৰ ওপৰত খং কৰে, ঠেহ-পেঁচ পাতি ৪/৫ দিনলৈকে নোখোৱাকৈ, বিচনাৰ পৰা নুঠাকৈ থাকিব বুলি কয় । আন বিলাক শিশুৰ দৰেই কৰ্কৰা ভাত খাই গৰু চৰাই ফুৰে নটুৱা টনাক এখন পিন্ধি । তেল-ফণিৰ পৰশ নোপোৱা তেওঁৰ কেঁকোৰা চুলিত জঁট বন্ধোতেও যশোদাৰ নাই , সেই কথাত তেওঁৰ বৰ দুখ লাগিছে । সেয়ে এই সকলো অপমান পোটক তুলিবলৈ তেওঁ কংস মামাৰ ঠাইলৈ অৰ্থাৎ মথুৰালৈ গুচি যাব বুলি কৈছে । তেতিয়াতো তেওঁলৈ মনত পেলাই কান্দি থাকিব । আকৌ তেওঁৰ কথা শুনি যশোদাই তেওঁৰ কাকূতি-মিনতি কৰি এইবাৰলৈ অভাগীৰ দোষ মৰিষণ কৰিবলৈ খাটনি ধৰিছে মাকৰ বেজাৰ দেখি তেওঁৰ সন্তুষ্টি লাভ কৰি মনৰ আনন্দত মাকৰ কোলাত উঠি স্তনপান কৰিছে ।
কিন্ত এই সকলোবোৰ মানৱীয় লীলা কৰিলেও তাৰ মাজতেই তেওঁৰ ঈশ্বৰীয় গুণৰ প্ৰকাশ কৰিছে । যশোদাৰ গালি-শপনি শুনি তেওঁ নিজৰ মাহাত্ম্যৰ কথা সুঁৱৰিছে । তেৱেঁই যে ব্ৰহ্মাকে আদি কৰি এই চৰাচৰ বিশ্ব-ব্ৰহ্মাণ্ড স্ৰজন কৰি সমস্তকে পালন কৰি আছে আৰু বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰি কাৰ্য সমাধা কৰিছে, সেই কথাও প্ৰকাশ কৰিছে তেওঁৰ নাভিৰপৰা কেনেকৈ ব্ৰহ্মাক স্ৰজন কৰিলে, চতুৰ্ভূজ ৰূপ ধৰি ত্রিদশৰ লোকক চমক খুৱালে, মোহিনী ৰূপ ধৰি দেৱতাক সমুদ্ৰ মন্থনত ওলোৱা অমৃত পান কৰালে, কপিল ৰূপে মাতৃ দেৱহুতিক তত্ত্ব জ্ঞান দিলে, বামন ৰূপ ধৰি বলিক ছলনা কৰিলে, ভৰিৰ নখেৰে গংগাক বোৱাই আনিলে, এই সকলোবোৰ কথাৰ মাজেদি তেওঁৰ ঐশ্বৰিক গুণ সমূহ প্ৰকাশ পাইছে ।
২/ তাৎপৰ্য ব্যাখ্যা কৰা :
(ক) যশোদাৰ বাণী শুনি চক্ৰপাণি
বোলন্তে নমতা নাৱ ।
তোমাৰ আতাই বোপাই বোলন্ত
নুজুৰাই মোৰ গাৱ ।।
উত্তৰ :- ওপৰৰ কবিতাফাকিত শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ ওচৰত ক্ষোভ প্ৰকাশ কৰি কোৱা কথাখিনি উল্লেখ কৰিছে । গকুলৰ ৰজা নন্দন পত্নী অৰ্থাৎ ৰাণী যশোদাৰ কোনো সতি-সন্ততি নোহোৱা বাবে সকলোৱে যশোদাক কাঠবাজী বুলি ইতিকিং কৰিছিল । কিন্ত কংসৰ কাৰাগাৰত জন্ম শ্ৰীকৃষ্ণ আহি যশোদাৰ ঘৰত আশ্ৰয় লোৱাৰে পৰা সকলোৱে কৃষ্ণক যশোদাৰ সন্তান বুলি ভাবি তাইক আৰু ইতিকিং নকৰা হ'ল । অথচ সেইজন কৃষ্ণকে অলপো মৰম নকৰে বুলি কৃষ্ণই যশোদাৰ ওচৰত ক্ষোভ উজাৰিছে ।
(খ) নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড
স্ৰজি আছো লীলা কৰি ।
সমস্তে জগত প্ৰতিপাল কৰি
আত্মা ৰূপে আছো ধৰি ।।
উত্তৰ :- প্ৰশ্নোদ্ধৃত কবিতাংশৰ বক্তা হৈছে কৃষ্ণ । ' কানাইৰ চাতুৰী ' কবিতাটিত কৃষ্ণৰ মানৱীয় ৰূপৰ লগতে ঐশ্বৰিক ৰূপৰো প্ৰতিফলন ঘটিছে । উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে ভগৱানৰ লীলাসমস্ত ব্যক্ত কৰা হৈছে । সেই লীলাৰ অংশ হিচাপে তেওঁ যশোদাৰ ঘৰত পুত্ৰ হিচাপে পালিত হৈছে আৰু আন আন গোপ শিশু সকলৰ সৈতে তেৱোঁ কৰ্কৰা ভাত খাই গৰু চৰাই ফুৰে । কেতিয়াবা মাকৰ গালি খাব লগা হৈছে, কেতিয়াবা শাস্তিও পাবলগীয়া হৈছে, অপযশো পাবলগীয়া হৈছে । স্বয়ং বিষ্ণুৰ অৱতাৰ হৈয়ো তেওঁ এটি সাধাৰণ মানৱ শিশুৰ দৰে থাকিব লগা হৈছে । অথচ তেৱেঁই এই অনন্ত বিশ্ব-ব্ৰহ্মাণ্ড স্ৰজন কৰিলে । তেৱেঁই সকলো জীৱৰে আত্মাৰূপে থাকি জীৱকূলক প্ৰতিপালন কৰি আছে । এটি সাধাৰণ শিশু হিচাপে থাকিলেও তেওঁৰেই যে ভগৱান লীন হৈ আছে সেই কথাকে উদ্ধৃত কবিতাংশৰ দ্বাৰা ব্যক্ত কৰিছে ।
(গ) ব্ৰহ্মা আদি কৰি ঘত চৰাচৰ
মোক সেৱা কৰি যায়
তোৰ ঘৰে আসি গৰু চাৰি ফুৰো
কৰকৰা ভাত খাই ।।
উত্তৰ :- উদ্ধৃত কবিতাংশৰ বক্তা হৈছে কৃষ্ণ । তেওঁ মাতৃ যশোদাক উদ্দেশ্যি এই কথাষাৰ ব্যক্ত কৰিছে । কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ মহিমাৰ কথা ক'বলৈ গৈ এনেদৰে কৈছে ।
' কানাইৰ চাতুৰী ' কবিতাটিত উল্লেখ কৰা অনুসৰি ভগৱানে বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰি এই পৃথিবীত অনেক লীলা কৰি গৈছে । সেই লীলাৰ অংশ হিচাপে তেওঁ পুত্ৰৰূপে যশোদাৰ গৃহত অনেক কাৰ্য কৰিছে । সাধাৰণ মানৱ শিশুৰ দৰে কৰ্কৰা ভাত এমুঠি খাই গৰু চৰাইছে, মাকৰ গালি-শপনিও শুনিছে, শাস্তিও পাইছে । স্বয়ং ভগৱান হৈয়ো তেওঁ যে সাধাৰণ মানৱ শিশুৰ দৰে এইবোৰ চাতুৰী কৰি আছে সেই কথা যশোদাই বুজি নাপায় । তেওঁৰ মানৱ শিশুৰ ৰূপটোৰ আঁৰত থকা ঈশ্বৰীয় ৰূপটো যশোদাই চিনি নাপায় । সেয়ে তেওঁ ব্যক্ত কৰিছে যে যিজন ভগৱানে এই অনন্ত বিশ্ব-ব্ৰহ্মাণ্ড স্ৰজন কৰি সমস্ত জগতকে আত্মাৰূপ ধৰি প্ৰতিপালন কৰি আছে, ব্ৰহ্মাণ্ডকে আদি কৰি চৰাচৰ সকলোৱে যাক সেৱা কৰে, সেই পৰম ব্ৰহ্ম ভগৱানে যশোদাৰ ঘৰত পুত্ৰৰূপে থাকি কৰকৰা ভাত খাই গৰু চৰাই ফুৰিছে । ইয়াৰ দ্বাৰা তেওঁৰ মানৱীয় ৰূপৰ প্ৰতিফলন ঘটিছে ।
(ঘ) পলম আনন্দে থাকিৱন্ত কৃষ্ণে
চাৰু দান্ত দৰশাই
ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা
কৃষ্ণৰ বদন চাই ।।
উত্তৰ :- প্ৰশ্নোদ্ধৃত কবিতাংশ শ্ৰীকৃষ্ণৰ মানৱ শিশুৰূপী কাৰ্য-কলাপৰ প্ৰসঙ্গত অৱতাৰণা কৰা হৈছে । যিজন পৰম ব্ৰহ্ম ভগৱানে অনন্ত বিশ্ব-ব্ৰহ্মাণ্ড স্ৰজন কৰি সকলো জীৱকে আত্মাৰূপ ধৰি প্ৰতিপালন কৰি আছে , সেইজন ভগৱানেই মানৱ শিশুৰ ৰূপত যশোদাৰ গৃহত ডাঙৰ-দীঘল হৈ নানান চাতুৰী কৰি ফুৰিছে । তেওঁ চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মত্ত্বৰ ৰূপ ঢালি ৰাখি এটি সাধাৰণ মানৱ শিশুৰ দৰে মাতৃ যশোদাৰ ওচৰত অভিমান কৰিছে খং কৰিছে । আকৌ কোনো সময়ত মাকৰ মৰম বিচাৰি ঠেহ পাতিছে ।
ভাতৃৰ ওচৰত সন্তানৰ আবদাৰ, ওজৰ-আপত্তিৰ শেষ নাই । শিশু কৃষ্ণৰো মাকৰ ওপৰত বহু ওজৰ-আপত্তি । যিহেতু তেওঁ আন গোপ শিশুসকলৰ লগত বনত গৰু চৰাবলৈ যায় । গৰু চৰাওঁতে খাবলৈ বুলি ঘৰৰ পৰা বান্ধি দি পঠোৱা ভাতেৰে তেওঁৰ পেটেই নভৰে, কাৰণ ভাত কমকৈ দিয়ে বুলি তেওঁ কৈছে । তেল-ফনিৰ পৰশ নাপাই কেঁকোৰা চুলিত জঁট বন্ধিছে । তথাপি মাকৰ তালৈ ভ্ৰুক্ষেপ নাই । সেইবাবে তেওঁ মাকৰ ওপৰত খং কৰি, মাকক এসেকা দিবলৈকে কংস মামাকৰ ঠাই অৰ্থাৎ মথুৰালৈ গুচি যোৱাৰ কথা কৈছে । তেওঁৰ কথা শুনি যশোদাৰ মাতৃ হৃদয় কান্দি উঠিছে । তেওঁ এইবাৰলৈ তেওঁৰ দোষ মৰিষণ কৰিবলৈ কৃষ্ণক কাকূতি-মিনতি কৰিছে । তেতিয়া মাকৰ কৰুণ মুখখন দেখি তেওঁ সন্তুষ্টি লভি মাকৰ কোলাত উঠি স্তনপান কৰি তেওঁৰ সুন্দৰ দাঁতেৰে হাঁহিব ধৰিলে । যশোদাই কৃষ্ণৰ হাঁহিমুখ চাই পৃথিৱীৰ সমস্ত সুখ আৰু তৃপ্তি লাভ কৰিছে ।
উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে যশোদাৰ মমতাময়ী মাতৃৰ ৰূপটো প্ৰতিফলিত কৰিছে অতি সুন্দৰ ৰূপত ।
আমাৰ এইখন (website) ত এনেধৰণৰ প্ৰশ্নোত্তৰ আপোনালোকৰ উপযোগি হোৱা কৈ পাঠটিৰ অন্তৰ্নিহিত সকলোবোৰ প্ৰশ্নোত্তৰ আগবঢ়াই দিয়া হৈছে এনেধৰণৰ প্ৰশ্নোত্তৰ ছাবৰ বাবে তলত দিয়া লিংক সমূহ নিৰ্বাচন কৰক । আৰু আমাৰ এইসমূহ প্ৰশ্নোত্তৰ পঢ়ি কেনেধৰণৰ অনুভব পাইছে কমেন্ট কৰি জনাবৰ বাবে Contact Us ত জনাব পাৰিব ।
CLASS 10 ASSAMESE QUESTION ANSWER
Group-A (বাধ্যতামূলক)
পদ্যাংশ
গদ্যাংশ
Group-B ( বৈকল্পিক )
পদ্যাংশ
১৩• কানাইৰ চাতুৰী
গদ্যাংশ
CLASS 1O GRAMMAR ANSWER
CLASS 11 ASSAMESE QUESTION ANSWER