ভাৱ সম্প্ৰসাৰণ
দশম শ্ৰেণীৰ ব্যাকৰণ'ৰ প্ৰশ্নোত্তৰ
১/ ভাৱ সম্প্ৰসাৰণ কৰা
পঢ়াই পঢ়ে, ৰৱে পান ।
এই তিনিয়ে নিচিন্তে আন ।। HCLC 2016]
উত্তৰ :- কোনো এটা কাম কৰিবলৈ যাওঁতে কামটোৰ প্ৰতি একাগ্ৰতা, নিষ্ঠা থাকিব লাগে । তেতিয়াহে কামটোত সফলতা অৰ্জন কৰিব পাৰি । তেনেদৰে ছাত্ৰই শিক্ষা গ্ৰহণ, শিক্ষকে শিক্ষাদান কাৰ্যত নিবিড় সহযোগৰ উপৰি নিষ্ঠা আৰু একাগ্ৰতাৰে কামখিনি সুচাৰুৰূপে কৰিলে সাফল্য লাভ হয় । ফকৰা-যোজনাটিত 'পঢ়াই' অৰ্থাৎ পঢ়োৱা শিক্ষকে আৰু 'পঢ়ে' অৰ্থাৎ ছাত্ৰই নিজৰ কৰ্তব্যৰ সময়ত আন চিন্তা - চৰ্চা মনলৈ অনাটো অনুচিত । কিয়নো এনে কৰিলে শিক্ষাগ্ৰহণ আৰু শিক্ষাদান কাৰ্য সাফল্যমণ্ডিত নহয় বুলি কোৱা হয় ।
২/ তলৰ ফকৰা যোজনাবোৰৰ ভাৱ সম্প্ৰসাৰণ কৰা ।
১/ অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ ।
উত্তৰ :- মানুহে অভ্যাস বা নীৰৱ সাধনাৰ যোগেদি যে জীৱনৰ সকলো কামকেই সুকলমে সমাধা কৰিব পাৰে, সেই কথাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে । মানুহে ধনুৰপৰা শৰ নিক্ষেপ কৰিলে সেই শৰ পোন বাটেৰেহে যায় । পোন বাটেৰে শৰ গৈহে শৰে লক্ষ্যবস্ত বিন্ধিব পাৰে । শৰ কেতিয়াও বেঁকা বাটেৰে যাব নোৱাৰে । কিন্ত কোৱা হয় যে অভ্যাসৰ যোগেদি বেঁকা বাটেৰেও শৰ নিক্ষেপ কৰিব পাৰি । উদাহৰণস্বৰূপে মানুহৰ কাণৰ বিন্ধা অতি সৰু আৰু ইখন কাণৰ পৰা সিখন কাণলৈ ওলোৱা বাটটোও পোন বাট নহয় । এই কৰ্ণ পথেৰে শৰ নিক্ষেপ কৰিব নোৱাৰি যদিও কোৱা হৈছে যে মানুহে অভ্যাস কৰিলে এই বাটেৰেও শৰ নিক্ষেপ কৰিব পাৰে । অৰ্থাৎ কঠোৰ অভ্যাসৰ দ্বাৰা যে অসম্ভৱকো সম্ভৱ কৰি তুলি মানুহে জীৱনযুদ্ধত জয়লাভ কৰিব পাৰে, তাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে ।
২/ অভাৱেই আৱিষ্কাৰৰ মূল ।
উত্তৰ :- জগতৰ যিকোনো নতুন সৃষ্টি বা আবিষ্কাৰৰ মূলত যে অভাৱ বা প্ৰয়োজনীয়তাবোধ ক্ৰিয়া কৰে, তাকেই এই কথাষাৰৰ যোগেদি বুজোৱা হৈছে । মানুহৰ যিকোনো নতুন সৃষ্টি বা আবিষ্কাৰৰ ক্ষেত্ৰত অভাৱবোধ নিহিত আছে । অভাৱত পৰিলেহে মানুহে সেই অভাৱ পূৰণ কৰিবলৈ মন মেলে । তাৰ বাবে মানুহে নতুন চিন্তা কৰিবলৈ লয়; নতুন নতুন ধৰণে বিভিন্ন বিষয় সম্বন্ধে দৃষ্টিভংগী গ্ৰহণ কৰে আৰু আৱিষ্কাৰ কৰে নতুন নতুন বিভিন্ন বিষয় । আমি পঢ়া ঈছপৰ সাধুৰ কাউৰীটোৱে কলহ এটাৰ তলিত থকা পানীখিনি খাবৰ বাবে এটা এটাকৈ শিল আনি শেষত কলহৰ তলিৰপৰা । ওপৰলৈ উঠি অহা সেই পানীখিনি খাবলৈ সমৰ্থ হোৱা কথাখিনিয়েও এই কথাৰেই সমৰ্থন কৰে । কাউৰীটোৰ পিয়াহ লাগিছিল । ক'তো পানী বিচাৰি নাপাই তাই শেষত কলহ এটাৰ তলিত অলপ পানী দেখিছিল । শেষত সেই পানীখিনিকে খাবলৈ বিছৰা কাউৰীজনীৰ মনলৈ বুদ্ধি আহিছিল । ওচৰতে থকা শিলৰ দ'ম এটাৰ পৰা ঠোঁটেৰে এটা এটাকৈ শিল আনি অৱশেষত তাই কলহটো পূৰাই পেলোৱাত পানীখিনি ওপৰলৈ উঠি আহিছিল । তেতিয়া কাউৰীয়ে হেঁপাহ পলুৱাই মনৰ আনন্দেৰে সেই পানী খাই উৰা মাৰি গৈছিল । কাউৰীয়ে পানীৰ অভাৱ পোৱাৰ বাবে তাইৰ মনলৈ এই বুদ্ধি আহিছিল আৰু এইদৰে নতুন কৌশল আৱিষ্কাৰ কৰি পানী খাইছিল ।
জগতৰ সকলোবোৰ নতুন আৱিষ্কাৰৰ ক্ষেত্ৰতেই এনেদৰে অভাৱবোধ দেখা যায় আৰু সেয়ে কোৱা হয় অভাৱেই আৱিষ্কাৰৰ মূল ।
৩/ অধিক মাছত বগলী কণা ।
উত্তৰ :- মানুহৰ বাবে যিখিনি প্ৰয়োজনীয়, তাতকৈ অধিক পালে যে সময়ত মানুহে কৰ্তব্য পাহৰি গৈ একোকেই ল'ব নোৱাৰি বিপাঙত পৰিবলগীয়া হয়, সেই কথাকেই এই যোজনাটোৰ জৰিয়তে দাঙি ধৰা হৈছে ।
বগলীয়ে বিল-খাল-পুখুৰী আদিৰ মাছ খাই জীয়াই থাকে আৰু বগলীৰ বাবে মাছ এবিধ অতি প্ৰিয় খাদ্য । পানীত মাছ দেখিলেই আনন্দত বগলীৰ মন থৌকিবাথৌ লাগে । কিন্ত যেতিয়া বগলীৰ প্ৰয়োজনতকৈ মাছৰ খংখ্য যথেষ্ট বেছি হয়, তেতিয়া কিন্ত বগলী বিপাঙত পৰে । বগলীয়ে তেতিয়া কোনটো মাছ ধৰিব, খাব, কোনটো এৰিব সেই কথা বিচাৰ কৰিব নোৱাৰা হয় । অন্য কথাত অধিক মাছ দেখিলে বগলীবোৰ যেন কণা হৈ পৰে আৰু কোনটো খাব, কোনটো নাখাব সেই কথা বিচাৰ কৰোঁতেই কণা বগলীয়ে মাছ ধৰিব নোৱাৰা হয় ।
মানুহৰ জীৱনতো সেই একে কথাই খাটে । প্ৰত্যেক মানুহৰ প্ৰয়োজনীয় বিষয়বস্তুৰ একোটা নিৰ্দিষ্ট সীমা আছে । সেইখিনি বস্ত পালেই মানুহে সুখ-সমৃদ্ধিৰে বসবাস কৰিব পাৰে । কিন্ত মানুহৰ সন্মুখত তাতকৈ যেতিয়া অধিক বস্ত আহি পৰিব, তাৰ উৱাদিহ নোপোৱা হয় । মানুহ তেতিয়া জ্ঞনৰহেত হৈ পৰে আৰু শেষত কেতিয়াবা কেতিয়াবা প্ৰয়োজনীয় বস্তবোৰকেই এৰি থৈ অপ্ৰয়োজনীয় বস্তবোৰকেই সাৱটি লয় ।
এইদৰে বস্তৰ প্ৰাচুৰ্যই যে মানুহৰ হিতাহিত জ্ঞান নাইকিয়া কৰে, সেই কথাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে ।
৪/ অতি ভক্তি চোৰৰ লক্ষণ ।
উত্তৰ :- ভক্তি শব্দই সাধাৰণভাৱে উপাসনা, আৰাধনা, সেয়া, খাটনি আদি অৰ্থ প্ৰকাশ কৰে । অতিৰিক্ত বুলিলে অতিৰিক্ত বা অধিক ভক্তিকেই বুজায় । সাধাৰণতে যিসকল দেৱ-দেৱী নাইবা যিসকল ব্যক্তিয়ে আমাৰ জীৱনৰ ওপৰত কিবা প্ৰকাৰে নহয়, কিবা প্ৰকাৰে প্ৰভাৱ পেলায়, নাইবা কিবা প্ৰকাৰে আমাক অনুপ্ৰাণিত কৰে তেওঁলোকৰ প্ৰতি আমি ভক্তি ভাৱ প্ৰকাশ কৰোঁ । কিন্ত সেয়া হ'লেও সকলো কামৰে একোটা সীমা বা পৰিসৰ থকাৰ দৰে ভক্তিৰ ক্ষেত্ৰতো এটা সীমা বা পৰিসৰ আছে । ভক্তিৰ সীমা বা পৰিসৰৰ ভিতৰত থাকি যেতিয়া কাৰোবালৈ শ্ৰদ্ধাৰ মনোভৱ জনোৱা হয়, তেনেকুৱা ভক্তিভাৱাপন্ন লোক সকলোৰে আদৰৰ হৈ পৰে । কিন্ত প্ৰয়োজনতকৈ অধিক ভক্তি প্ৰকাশ কৰিলেও বাস্তৱ ক্ষেত্ৰত কিন্ত কেতিয়াবা অতিভক্তিৰ মাজত কপটতা, দুষ্টালি আদিৰ মনোভাৱ জড়িত হৈ থকাও দেখা যায় । কেতিয়াবা দেখা যায় ব্যক্তিগত স্বাৰ্থপৰায়ণ লোকে নিজৰ নিজৰ কাৰ্যসিদ্ধিৰ বাটত অগ্ৰসৰ হৈ প্ৰয়োজনতকৈ অতিৰিক্তভাৱে ভৰি বা সেৱাৰ মনোভাৱ দেখুৱায় । তেনে লোকৰ এই ভক্তিৰ অধিক কিন্ত বাহ্যিকহে; ইয়াৰ মাজত সততে নিজৰ স্বাৰ্থসিদ্ধিৰ কথাহে জড়িত থাকে । অন্য কথাত তেওঁলোকে চোৰৰ দৰে নিজৰ স্বাৰ্থ উপযোগী কাম আদায় কৰিবৰ বাবেহে যেন আগবাঢ়ে । এনেকুৱা অসৎ লোকৰ ক্ষেত্ৰত সেৱাৰ মনোভাৱ দেখিয়েই সেয়ে কোৱা হয় 'অতিৰিক্ত চোৰৰ লক্ষণ' বুলি । এনেকুৱা লোকে দেখাত ভক্তিৰ মনোভাৱ দেখুৱায় যদিও ছেগ পালেই চোৰ কৰি নিবলৈও কুণ্ঠাবোধ নকৰে । সেয়ে এনে লোকৰ চতুৰালিৰ পৰা সাৱধান কৰি দিবলৈ 'অতিভক্তি চোৰৰ লক্ষণ' এই ফকৰাৰ ব্যৱহাৰ কৰা হয় ।
৫/ আঁঠুৱা চাই ঠেং মেলা ।
উত্তৰ :- অৱস্থা চাইহে যে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই কথাকে এই কথাষাৰীৰে বুজাব বিচৰা হৈছে । ৰাতিৰ ভাগত আমি মহৰ কামোৰৰ পৰা ৰক্ষা পাবৰ বাবে আঁঠুৱা তৰি লওঁ । কিন্ত আঁঠুৱাৰ তলত সোমাই লোৱাৰ লগে লগে আমি বিচাৰ কৰিব লাগিব যে সেই আঁঠুৱাখন কিমান দীঘল । সেই কথাৰ বিছাৰ নকৰাকৈয়ে যদি আমি ঠেং মেলি দিওঁ, তেতিয়াহ'লে ঠেং বাহিৰলৈ ওলাই পৰিব আৰু তেনে অৱস্থাত মহবিলাকে আমাৰ ঠেঙত পৰি বৰভোজ খাবলৈ সুবিধা পাব । ফলস্বৰূপে আমি মহৰ কামোৰৰ খজুৱতিৰ পৰা কষ্ট পোৱাৰ উপৰি হয়তো কেতিয়াবা বিভিন্ন বেমাৰ-আজাৰৰে সন্মুখীন হ'ব পাৰোঁ । একেদৰে আমাৰ সামৰ্থ্য অনুসৰিহে আমি খৰচৰ ব্যৱস্থা কৰিব লাগে আমি যদি আয়ৰ পিনে নাচাই উধাই-মুধাই ক'ৰবাৰ পৰা ধাৰ-ঋণ কৰি খৰচ কৰিবলৈ লওঁ, তেতিয়াহ'লে এটা সময়ত আমি সৰ্বস্বান্ত হ'ব লাগিব । আমাৰ সঞ্চয়তো নাথাকিবই, বৰং আমি পদে পদে ধৰুৱা হৈ, বিভিন্নজনৰ গালি-গালাজ খাই জীৱন নিৰ্বাহ কৰিব লাগিব । আনকি বিভিন্নজনৰ লালঞ্ছনা-গঞ্ছনাও আমি সহ্য কৰিব লাগিব । সেয়ে আমি আঁঠুৱা চাই ঠেং মেলিব লাগে অৰ্থাৎ অৱস্থা চাইহে নিজৰ নিজৰ কাৰ্যব্যৱস্থ স্থিৰ কৰিব লাগে । কথাষাৰিৰে এই মহৎ কথাখিনিকেই প্ৰকাশ কৰিছে ।
৬/ আপোন ভালেই জগত ভাল ।
উত্তৰ :- জগতখনৰ ভাল-বেয়া সকলোখিনিয়েই যেন নিজৰ ওপৰতেই নিৰ্ভৰ কৰে, সেই কথাকেই এই যোজনাটিৰে বুজোৱা হয় ।
সমাজ এখনৰ সকলো মানুহ যদি নিজেই ভাল হয়, তেতিয়া জগতখনো ভাল হয় । অৰ্থাৎ জগতখন ভাল হোৱাৰ মূল কাৰণেই হৈছে আমি প্ৰত্যেকে নিজে ভাল হোৱাটো । সমাজৰ লোকসকলৰ প্ৰত্যেকে যদি নিজে সৎ হৈ জীৱন নিৰ্বাহ কৰিবলৈ লয়, সকলোৱে যদি অন্য কাৰোৰেই অমংগল চিন্তা নকৰিবলৈ লয়, তেতিয়াহ'লে সকলোৱে অন্যৰ পৰাও সেই ধৰণৰ ব্যৱহাৰকেই লাভ কৰিব । ফলস্বৰূপে সমগ্ৰ জগততে এখন শান্তি-শৃংখলাৰ সমাজ গঢ়ি উঠিব আৰু সেইখন সমাজত সকলোৱে মুক্ত মনেৰে বিচৰণ কৰাৰ সুযোগ লাভ কৰিব । আমি যদি সকলোকে নম্ৰভাৱে ব্যৱহাৰ কৰোঁ তেতিয়া অইন সকলোৱে আমাকো নম্ৰভাৱে ব্যৱহাৰ কৰিবলৈ ল'ব । তাৰ বিপৰীতে আমি যদি অন্যক অভদ্ৰ আচৰণ কৰোঁ, অন্যক যদি আমি কটু মাত, কটু কথা ক'বলৈ লওঁ তেতিয়া আমিও অন্যৰপৰা সেই একেই ধৰণৰ ব্যৱহাৰকেই পাম সেয়ে কোৱা হয় সমাজৰ ভাল-বেয়া নিজৰ ওপৰতেই নিৰ্ভৰ কৰে বা আপোন ভালেই জগত ভাল ।
৭/ উদক ভেটা ৰখীয়া পতা ।
উত্তৰ :- সাধাৰণতে লুভীয়া মানুহক কোনো ভঁৰাল ঘৰৰ ৰখীয়া পতা কাৰ্যক ব্যংগাত্মকভাৱে বুজাবলৈ 'উদক ভেটা ৰখীয়া পতা' এই যোজনাটো ব্যৱহাৰ কৰা হয় ।
মানুহে জান-জুৰি, নদ-নদী আদিৰ পাৰত ভেটা বান্ধি মাছ ধৰে । কিন্ত উদক যদি সেই ভেটাৰ ৰখীয়া পতা হয়, তেতিয়াহ'লে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা বেছি । উদ মাছৰ লুভীয়া আৰু উদে মাছ খাই জীয়াই থাকে । সেয়ে উদক যদি ভেটাৰ ৰখীয়া পতা যায়, তেতিয়াহ'লে উদে মাছবোৰ ৰখিব চাৰি সেইবোৰ খাইহে শেষ কৰি পেলাব । উদক ভেটা ৰখীয়া পতাৰ দৰে মানুহে যদি কোনো লুভীয়া মানুহক কোনো ভঁৰাল ঘৰৰ ৰখীয়া পতা, তেতিয়া তেনে মানুহবোৰেও লাহে লাহে সেই ভঁৰালৰ বিভিন্ন সামগ্ৰীসমূহ এপদ-এপদকৈ নি এটা সময়ত আটাইবোৰ সমগ্ৰীকেই শেষ কৰি পেলাব । অন্যকথাত উদক ভেটা ৰখীয়া পতা যেনে কথা, লুভীয়া মানুহক ভঁৰাল ঘৰৰ ৰখীয়া পতাও তেনে কথা । দুয়ো ক্ষেত্ৰতেই মঙ্গল হোৱাতকৈ অমঙ্গল হোৱাৰেই সম্ভাৱনা বেছি । সেয়ে লুভীয়া মানুহক ভঁৰাল ঘৰৰ ৰখীয়া পতা কাৰ্যক বুজাবলৈ 'উদক ভেটা ৰখীয়া পতা' যোজনা ব্যৱহাৰ কৰা হয় ।
৮/ উমৈহতীয়া শ বাহী হয় ।
উত্তৰ :- সামাজিক ক্ষেত্ৰত বহুজনৰ সৈতে লগ লাগি কৰিব লগা কামত যে বহুক্ষেত্ৰত বিজুতি লাগে, বা কামবোৰ যে সহজসাধ্য নহয় সেই কথাকেই এই যোজনাটিৰে বুজোৱা হৈছে ।
হিন্দু ধৰ্মৰ নিয়ম অনুসৰি মৰা শ বাহী হ'ব নাপায়; অৰ্থাৎ মৃত্যুৰ দিনাখনেই সেই মৃতদেহৰ কাঠ-সংস্কাৰ কৰিব লাগে । সেয়ে আগৰ সময়ত মৃত্যৰ দিনাখনেই মৃতদেহত কাঠ-সংস্কাৰ কৰা হৈছিল; শ বাহী হ'বলৈ দিয়া হোৱা নাছিল । কিন্ত তথাপি ইয়াত উমৈহতীয়া শ বাহী হোৱা বুলি কোৱা হৈছে । ইয়াত 'উমৈহতীয়া শ' বুলি ৰূপকাৰ্থত উমৈহতীয়া সামাজিক কাম-কাজসমূহৰ কথাহে ক'ব বিচৰা হৈছে । উমৈহতীয়া সামাজিক কাম-কাজসমূহৰ সমাপনৰ ক্ষেত্ৰত নিৰ্দিষ্টভাৱে কোনো লোকক দায়িত্ব দিয়া নহ'লে সেই কাম সহজে হৈ নুঠে । সেই কাম বয়স হওঁতে যথেষ্ট বিজুতিৰ সৃষ্টি হয় আৰু হ'লেও যথেষ্ট পলমকৈহে হয় । এই ক্ষেত্ৰত যিহেতু কোনোৱে কামবোৰ নিৰ্দিষ্টভাৱে কৰিবলৈ নাহে; সকলোৱে যিহেতু গা-এৰা দি থাকে সেয়ে কামবোৰ হৈ উঠোতে যথেষ্ট খেলিমেলি হয় আৰু পলম হয় । উমৈহতীয়া কাম-কাজৰ সম্পাদনৰ এই অৱস্থালৈ চায়েই সেয়ে উমৈহতীয়া শ বাহী হয়' বুলি কোৱা হয় ।
৯/ এশ গৰু মাৰিলে বাঘৰো মৰণ ।
উত্তৰ :- মানুহে যে অন্যায়-অত্যাচাৰ কৰি কেতিয়াও সাৰি যাব নোৱাৰে; শেষত হ'লেও যে মানুহে নিজেই সেই অত্যাচাৰৰ ফল লাভ কৰিবই সেই কথাকেই এই বাক্যাশাৰীৰে বুজোৱা হৈছে । বাঘ মাংসভোজী প্ৰাণী আৰু বাঘে জীয়াই থাকিবৰ বাবে গৰু খাই মানুহৰ অপকাৰ সাধন কৰে । কিন্ত অত্যাচাৰী বাঘে যেতিয়া মাংসৰ বাবে এটা এটাকৈ গৰু মাৰিবলৈ ধৰে, তেতিয়া সেই অঞ্চলত ত্ৰাসৰ সৃষ্টি হয় । মানুহবোৰে তেতিয়া যিকোনো উপায়ে হ'লেও সেই বাঘ মাৰিবলৈ সংকল্পবদ্ধ হয় আৰু অৱশেষত চিকাৰীৰ হাতত সেই অত্যাচাৰী বাঘ নিধন হয় । সেইদৰে সমাজ জীৱনতো যিসকল লোকে বিভিন্ন প্ৰকাৰে মানুহৰ অনিষ্ট সাধন কৰে, সেইসকল লোককো সমাজে ভাল চকুৰে নাচায় । সেইসকল লোকৰ বিৰুদ্ধেও মানুহে জাগ্ৰত আৰু এদিন হ'লেও সেই লোকক কৰায়ত্ত কৰে । সময়ত সেই লোকে ৰাইজৰো মাৰধৰ খায় আৰু বিভিন্ন ধৰণে জেল-হাজোততো দিন কটাবলগীয়া হয় । মানুহে কৰা অন্যায় যে সমাজে সদায় সহ্য কৰি নাথাকে, অন্যায়কাৰী লোকক এদিন হ'লেও যে মানুহে শাস্তি প্ৰদান কৰে, সেই কথাকেই এই কথাফঁকিৰে বুজোৱা হৈছে ।
১০/ কণা হাঁহক পতান দি ভৰা ।
উত্তৰ :- চতুৰ লোকে ছল-চাতুৰীৰে মিছাকে সঁচা বুলি পতিয়ন নিয়াই মূৰ্খ লোকক ঠগোৱা কথাটোকেই এই যোজনাটোৰে বুজোৱা হৈছে । পোহনীয়া হাঁহক ধান খাবলৈ দিয়া হয় । চকুৰে ভলদৰে দেখিবলৈ পোৱা হাঁহক কোনেও ধানৰ সলনি পতান দিব নোৱাৰে; কিয়নো পতান দিলে সেই হাঁহে তাক খাবলৈ নাহে । কিন্ত হাঁহ কণা হ'লে তাৰ আগত ধানৰ সলনি পতান দিলেও সি একোকে নেদেখে বাবে তাকেই ধান বুলি খাবলৈ লয় । সেয়ে কণা হাঁহক পতান দি ঠগাবলৈ লোৱা কথা ভৱা হয় ।
সেই দৰে প্ৰত্যেক সমাজতে চতুৰ লোকসকলে মূৰ্খ বা অজ্ঞানী লোকসকলক ঠগাবলৈ বিচাৰ । চতুৰ লোকসকলে মিছাকে সঁচা বুলি কৈ, বেয়া বস্তকে ভাল বস্ত বুলি কৈ মূৰ্খ লোকসকলৰ আগত আনি দিয়ে আৰু মূৰ্খ লোকসকলে তাকেই সঁচা বুলি সেইবোৰ সহজভাৱে গ্ৰহণ কৰি লয় । মূৰ্খ লোকসকলে চতুৰ লোকৰ প্ৰৰোচনাত পৰি এইদৰে ঠগ খাই যথেষ্ট পৰিমাণে কষ্টৰো সন্মুখীন হয় । চতুৰ লোকৰ প্ৰৰোচনাত পৰি মূৰ্খ লোকসকলৰ নগুৰ-নাগতিৰ এই অৱস্থাকেই সেয়ে 'কণা হাঁহক পতান দি ভৰা' যোজনাৰে বুজোৱা হয় ।
১১/ কথাতেই কটা যায়, কথাতেই বঁটা পায় ।
উত্তৰ :- মানুহে মুখেৰে কোৱা কথা যে অতি মূল্যবান, তাকেই এই যোজনাটিৰে প্ৰকাশ কৰা হৈছে ।
মানুহে মানুহৰ প্ৰতি কৰা আচাৰ-ব্যৱহাৰত যথেষ্ট সংযত হোৱা দৰকাৰ । মানুহৰ কথাৰ সংযম আৰু সংমহীনতা দুয়োটাৰে সুকীয়া ফল আছে । মানুহৰ মুখ থাকিলেই বুলি মানুহে য'তে যিকোনো প্ৰকাৰে, যিকোনো ধৰণে কথা কোৱা উচিত নহয় । মানুহে কথা কোৱাৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰি চলা উচিত । অৰ্থাৎ পৰিস্থিতি অনুসৰি মানুহে জোখ-মাখ কৰিহে কথা কোৱা উচিত । য'ত যি ধৰণে কথা কোৱা উচিত তাত সেই ধৰণেহে ক'ব লাগে । তদুপৰি মানুহে কাক কথা কৈছে সেই কথাও বিচাৰ কৰি চোৱা উচিত । পাত্র-অপাত্রলৈ বিচাৰ নকৰি, পৰিস্থিতিলৈ লক্ষ্য নকৰি যিহকে-তিহকে বলকিৰে মানুহে বিভিন্ন ধৰণে তিৰস্কাৰ, গঞ্জনা, লঘু-লাঞ্ছনা আদি সহিবলগীয়া হয় । কেতিয়াবা কেতিয়াবা মাৰধৰো খাবলগীয়া হয় । মানুহৰ জীৱনত সিয়ে কটা যোৱাৰ তুল্য ।
কিন্ত তাৰ সলনি পৰিস্থতিলৈ চাই, পাত্রলৈ চাই, জোখ-মাখেৰে সকলোৰে মনত সন্তুষ্টি হোৱালৈ চাই মানুহে কথা ক'লে সকলোৰে প্ৰিয় হয় আৰু সিয়েই মানুহৰ বাবে বঁটা বা প্ৰশংসা স্বৰূপ । এইদৰে কথা কোৱাৰ ক্ষেত্ৰত মানুহক সাৱধান কৰি দিবৰ বাবে অসমীয়াত এই যোজনাটিৰ প্ৰয়োগ হৈ আহিছে ।
১২/ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ।
উত্তৰ :- কঠোৰ পৰিশ্ৰমেৰে অৰ্জন কৰা ধনেৰে কিনি অনা বস্তুৰ মূল্য কিনোঁতাৰ বাবে অপৰিসীম সেই কথাকেই এই যোজনাৰে বুজোৱা হয় ।
ধন দি কিনি অনা হাঁহৰ সামান্য অংশও মানুহে পেলাবলৈ নিবিচাৰে । তাৰ ঠোঁটটোৰ মাজতো মঙহ আছে বুলি ধৰি লৈ ঠোঁটলৈকে ভালদৰে কাটি-বাছি লয় । যোজনাটোত কেৱল মাত্ৰ হাঁহৰ কথাকেই কোৱা হৈছে যদিও হাঁহ ৰূপকেৰে কষ্টোপাৰ্জিত ধনেৰে কিনি লোৱা সকলোবোৰ বস্তুৰ ক্ষেত্ৰতেই এই কথা প্ৰযোজ্য বুলি ক'ব লাগিব । খাদ্যবস্তুৱেই হওঁক বা অন্যান্য বস্তুৱেই হওঁক মানুহে যেতিয়া অশেষ পৰিশ্ৰমেৰে উপাৰ্জিত ধনেৰে সেইবোৰ কিনি আনে, তেতিয়া মানুহে সেইবোৰ বস্তুৰ প্ৰকৃত ব্যৱহাৰ হোৱাটো বিচাৰে । যিকোনো খাদ্যবস্তুৰে এনেই পেলনি যোৱাটো মানুহে নিবিচাৰে; অথলে পেলনি গ'লে মানুহে মনত সীমাহীন দুঃখ-কষ্ট লাভ কৰে ।
কষ্ট উপাৰ্জিত ধনেৰে কিনা বস্তুৰ উপৰত মানুহে এইধৰণে দৃষ্টি আৰু মূল্য দিয়া কথাটোকেই বুজাবলৈ 'কইনা হাঁহৰ ঠোঁটলৈকে মঙহ' এই যোজনাটো প্ৰয়োগ কৰা হৈছে ।
১৩/ টেঙা আম এবাৰহে বেছিব পাৰি ।
উত্তৰ :- মানুহক কেৱল মাত্ৰ এবাৰহেঠগাব পাৰি সেইকথাকেই এই যোজনাৰে বুজোৱা হৈছে । মানুহে টেঙা আম বজাৰৰ পৰা কিনি আনিব নিবিচাৰে । মিঠা আম কিনি সুখ-শান্তিৰে মানুহে নিজৰ ল'ৰা-ছোৱালী, পৰিয়াল-পৰিজনৰ সৈতে খাব বিচাৰে । কিন্ত কেতিয়াবা কেতিয়াবা দুষ্ট-দুৰ্জন লোকে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বা সামান্য পইচাৰ লোভত বজাৰত টেঙা আমকেই মিঠা বুলি কৈ বিক্ৰী কৰে । ঘৰলৈ সেই আম কিনি অনাৰ পিছতহে মানুহে গম পায় যে সেইবোৰ টেঙা আম । তেতিয়াই মানুহে টেঙা আম বিক্ৰী কৰোঁতা সেই মিছলীয়া, ফাঁকিবাজৰ কথা বুজি পায় আৰু ভৱিষ্যতলৈয়ো তাক চিনি ৰাখে ।
ভৱিষ্যতে সেই মানুহজনে যদি বজাৰত মিঠা আমো বেচিবলৈ উলিয়া, তথাপি সেইজন মানুহৰ কোনেও নিকিনা হয় । এই কথাৰ যোগেদি মানুহে মানুহক এবাৰহে যে ফাঁকি দি নিজৰ অভীষ্ট সিদ্ধ কৰিব পাৰে, সেই কথাকেই বুজোৱা হৈছে । অন্য কথাত যিয়ে আনক ফাঁকি দিয়ে তেওঁক যে ভবিষ্যতলৈ আৰু কোনেও বিশ্বাসৰ বাবে নলয়, তাকেই ইয়াত দাঙি ধৰিছে ।
১৪/ তুলসীৰ লগত কলপটুৱাৰ মুক্তি ।
উত্তৰ :- পৱিত্র বা মহান মানুহৰ সংস্পৰ্শ বা সংগত থাকিলে সাধাৰণ মানুহো যে পৱিত্র হয় আৰু সেই অনুসাৰে ফল লাভ কৰে, সেই কথাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে । তুলসী হিন্দুসকলৰ মানত পৰম পৱিত্ৰ বস্তু । হিন্দুসকলৰ সকলোবোৰ ধৰ্মীয় কাম-কাজতে তুলসী পাতৰ ব্যৱহাৰ অতি প্ৰয়োজনীয় । তুলসী পাতৰ অবিহনে কোনো ধৰ্মীয় কাৰ্যই সম্পূৰ্ণ নহয় । মানুহৰ সাধাৰণতে কলৰ পটুৱাত তুলসীপাত ছিঙি আনি থয় আৰু কলপটুৱাৰে সৈতে সেইবোৰ নি ধৰ্মীয় কৰ্মত লগায় । পূজা-অৰ্চনা বা ধৰ্মীয় কাম-কাজ শেষ হ'লে সেই কলপটুৱাতে তুলসী পাতবোৰ ভৰাই নি পৱিত্র নৈৰ পানীত সেইবোৰ উটুৱাই দিয়ে । এনেদৰেই যেন তুলসীৰো মুক্তি হয় আৰু লগতে কলপটুৱায়ো মুক্তি লাভ কৰে । তুলসীৰ নিচিনা এই জগতত মানুহৰো যেন মুক্তি নিহিত থাকে জনগণৰ সেৱাৰ নিচিনা মহৎ কাৰ্যত । এই জগতত মানুহে সমাজৰ লোকৰ মংগল সাধন কৰিবলৈ গৈ মহান হয় আৰু তেতিয়াই যেন মানুহৰ পৰম মুক্তি লাভ হয় । মহান মানুহে এই কাম কৰিবলৈ যাওঁতে বিভিন্ন ক্ষেত্ৰত সাধাৰণ সৰু মানুহৰো সহায় লাভ কৰিবলগীয়া হয় । সেয়ে মহান মানুহৰ মহান কাৰ্যত সৰু মানুহৰ সৰু সৰু কাৰ্যও কিছু পৰিমাণে হ'লেও যোগ হৈ পৰে । সেইদৰেই যেন মহান মানুহৰ লগতে সৰু মানুহেও মংগলজনক কাৰ্যত সংযুক্ত হৈ নিজকে ধন্য মানিব পাৰে আৰু মুক্তি লাভ কৰিব পাৰে ।
এইদৰে মহান লোকৰ সংস্পৰ্শই যে সৰু মানুহৰ জীৱনকো মহান কৰি তোলে তাকেই কথাষাৰিৰ যোগেদি প্ৰকাশ কৰা হৈছে ।
১৫/ তৰোৱালতকৈ কলম চোকা ।
উত্তৰ :- ইংৰাজীত এষাৰ কথা আছে -- " Pen is mightier than the sword " ইংৰাজীৰ এই কথাষাৰৰে যেন অসমীয়া ৰূপান্তৰ তৰোৱালতকৈ কলম চোকা । কথাষাৰিৰে অস্ত্রৰ শক্তিতকৈ লিখনিৰ শক্তি বেছি বুলি কোৱা হৈছে । অন্য কথাত অস্ত্রৰ শক্তিৰ প্ৰভাৱ মানুহৰ জীৱনৰ ওপৰত যিমান গভীৰ, তাতকৈ বেছি গভীৰ হৈছে লিখনিৰ শক্তিৰ প্ৰভাৱ ।
জগতৰ বুৰঞ্জীলৈ চালে দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন শক্তিশালী বীৰে অস্ত্র-শস্ত্র আৰু বল-বীৰ্যৰ সহায়ত সাধাৰণ মানুহৰ ওপৰত প্ৰভাৱ পেলাই, সাধাৰণ মানুহক নিজৰ অধীনলৈ নি বিশাল সাম্ৰাজ্যৰ অধীশ্বৰ হৈ পৰিছে । কিন্ত তেনেকুৱা শক্তিশালী বীৰেই আকৌ এটা সময়ত এই জগতৰ পৰা আঁতৰি যাবলগীয়া হৈছে আৰু তেতিয়া কোনো মানুহেই সেইসকল লোকক স্মৰণ নকৰা হৈছে । কিন্ত যিসকল মহান লোকে নিজৰ লিখনিৰ যোগেদি সমাজৰ লোকৰ ওপৰত প্ৰভাৱ পেলাইছে, লিখনিৰ যোগেদি সমাজ জীৱনলৈ জাগৰণ আনিছে, সেইসকল লোকক কিন্ত আজিও পৃথিৱীৰ লোকে পাহৰিব পৰা নাই, তেওঁলোকৰ কথা পৃথিৱীৰ লোকে আজিও মুক্তকণ্ঠে স্বীকাৰ কৰিছে ।
অন্যভাৱে লিখনিৰ যোগেদি মানুহৰ জীৱনলৈ যি সাংঘাতিক ধৰণে পৰিবৰ্তন আনিব পাৰি, তৰোৱালেৰে কাটি তেনেধৰণে পৰিবৰ্তন আনিব নোৱাৰি । এইদৰেও লিখনি বা কলমৰ আঘাত বা চোক বেছি বুলি গ্ৰহন কৰিব পাৰি । সেয়ে লিখনিৰ শক্তিৰ ওপৰত গুৰুত্ব দি কোৱা হয় 'তৰোৱালতকৈ কলম চোকা' বুলি ।
১৬/ দুখ কৰিলে মুখ ভৰে ।
উত্তৰ :- পৰিশ্ৰমেই যে উন্নতিৰ মূল নাইবা শ্ৰম কৰিলেহে যে মানুহে বাঞ্ছিত ফল লাভ কৰিবলৈ সমৰ্থ হয়, তাকেই এই কথাখিনিৰ যোগেদি বুজোৱা হৈছে । মানুহৰ যদি জীৱনত উন্নতি কৰিব লাগে, তেতিয়াহ'লে মানুহে শ্ৰমৰ মৰ্যাদা বুজিব লাগিব আৰু উপযুক্তভাৱে শ্ৰম কৰিব লাগিব । মানুহে নিজৰ কৰ্তব্য-কৰ্ম উপযুক্তভাৱে সম্পন্ন কৰিবলৈ নগৈ যদি এনেয়ে বহি থাকে, তেতিয়া মানুহে কেতিয়াও ইন্সিত ফল লাভ কৰিব নোৱাৰে । জীৱনত মানুহে যিকোনো কামতে কষ্ট কৰিব লাগিব । ল'ৰা-ছোৱালীয়ে যদি পঢ়াৰ সময়ত কষ্ট হ'ব বুলি ভাবি নপঢ়ে; কাম কৰিবলগা সময়ত যদি মানুহে দেহত কষ্ট পাব বুলি কাম নকৰে, তেতিয়া তেনে ল'ৰা-ছোৱালীৰ মুখত কোনেও বিদ্যা সুমুৱাই নিদিয়ে, নাইবা তেনে মানুহৰ মুখতো কোনেও ভাত-মাছ-মঙহ সুমুৱাই নিদিয়ে ভালকৈ খাব-ল'ব বিচাৰিলে মানুহে যিকোনো প্ৰকাৰে দুখ-কষ্ট কৰিবই লাগিব । অৰ্থাৎ মানুহে পৰিশ্ৰম কৰিব লাগিব । শ্ৰমৰ জৰিয়তেহে মানুহে সুখ-সমৃদ্ধি লাভ কৰিব পাৰে । সেই কাৰণেই একেদৰে অসমীয়াত কোৱা হয় 'ৰুলে দায়' অৰ্থাৎ ধান ৰুলেহে মানুহে ধান পাব পাৰে ।
১৭/ বাছি খাবা, জাগি শুবা ।
উত্তৰ :- মানুহে যে জীৱনৰ কাম-কাজত আগবাঢ়োঁতে সদা-সতৰ্ক হৈ থাকিব লাগে, সেই কথাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে । জীৱন-ধাৰণৰ বাবে আমি বিভিন্ন ধৰণৰ খাদ্য খাবলগীয়া হয় । কিন্ত খাদ্য খোৱাৰ ক্ষেত্ৰত আমি সদায় সতৰ্ক হ'ব লাগিব । খোৱা খাদ্য আমি প্ৰয়োজনতকৈ বেছি খাব নালাগে; নাইবা যিকোনো ধৰণৰ খাদ্যও খাব নালাগে । আমি যদি বেছিকৈ খাওঁ, নাইবা যিকোনো প্ৰকাৰৰ খাদ্যকেই খাওঁ ম, তেতিয়া আমাৰ দেহ বিভিন্ন প্ৰকাৰৰ ৰোগৰ সন্মুখীন হ'ব পাৰে । সেইদৰে সুস্বাস্থ্যৰ বাবে আমাৰ জিৰণি বা টোপনিৰ প্ৰয়োজন হয়; নিশাৰ ভাগত আমি শুই পৰোঁ । কিন্ত শোৱাৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগিব যাতে সেই সময়তো আমি শক্ৰৱে আমাক অপকাৰ কৰিব নোৱাৰে । অন্য কথাত আমি শুব লাগিব যদিও জাগি শুব লাগে । খোৱা আৰু শোৱাৰ এই দুটা কথাৰে বুজাব বিচৰা হৈছে যে মানুহে জীৱনৰ সকলো ধৰণৰ কৰ্মক্ষেত্ৰতে সদা-সতৰ্কতাৰ নীতি অৱলম্বন কৰিব লাগে । তেনেকৈ আগবাঢ়িলেহে মানুহৰ জীৱনত উন্নতি সম্ভৱ হ'ব আৰু মানুহে খুখ-সমৃদ্ধিৰে বসবাস কৰিবলৈ সুবিধা পাব ।
১৮/ বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা ।
উত্তৰ :- মানুহৰ জীৱনৰ বিভিন্ন কৰ্মক্ষেত্ৰত যে বুঢ়া লোকৰ অভিজ্ঞতাপুষ্ট উপদেশ অতি অপৰিহাৰ্য; সেই উপদেশলৈ আওকাণ কৰি হুৰমূৰকৈ আগবাঢ়িলে যে পিছত অনুশোচনা কৰিবলগীয়া হয়; সেই কথাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে ।
সমাজৰ বুঢ়াসকল সংসাৰৰ দীঘল বাটত বিভিন্ন অভিজ্ঞতা লাভ কৰি আগবাঢ়ি যায় । সেয়ে বেছিভাগ বুঢ়াৰে সংসাৰ সম্পৰ্কে মানুহৰ জীৱন-যাত্ৰাৰ বিভিন্ন দিশ শম্পৰ্কে সম্পূৰ্ণ জ্ঞান নাইবা দৃষ্টিভংগী জন্মে । সমাজত যিকোনো কাম কৰিবলৈ গ'লেই সেয়ে তেনে বুঢ়া মানুহৰ উপদেশ মতে অগ্ৰসৰ হোৱাটো অতি বাঞ্ছনীয় । তেতিয়াহ'লে কামতো কোনো ধৰণৰ আউল নালাগে আৰু সমাজ জীৱনো সুস্থ-সবল হৈ উঠে । কিন্ত বহুতো ডেকাই বুঢ়া লোকৰ জীৱন অভিজ্ঞতাৰ কোনো অৰ্থ নাই বুলি ভাবি বুঢ়া লোকৰ অভিজ্ঞতা বা পৰামৰ্শ ল'বলৈ নিবিচাৰে । ইয়াৰ ফলস্বৰূপে বহু ক্ষেত্ৰত কামত বিঘিনি ঘটে আৰু কেতিয়াবা কেতিয়াবা সমাজ জীৱন বিপদ আৰু অশান্তিৰে জৰ্জৰিত হৈ পৰে
সমাজৰ এনে উতনুৱা ডেকাসকলৰ কৰ্ম-পদ্ধতিক ব্যঙ্গ কৰি সুস্থ বাট দেখুৱাবলৈকে সেয়ে এই পটন্তৰটি ব্যৱহাৰ কৰা হয় ।
১৯/ ভুকুতে কলটো নপকে ।
উত্তৰ :- মানুহৰ জীৱনৰ যিকোনো কামেই তুৰন্তে হওঁক বুলি ভাবি নহ'লে সেই কাম যে এৰি পেলোৱা উচিত নহয়, বৰঞ্চ ধৈৰ্য্য ধৰি সেই কামটো কৰিবলৈ আগবাঢ়িহে যাব লাগে সেই কথাকেই ইয়াৰ যোগেদি প্ৰকাশ কৰা হৈছে । কল এটা পকক বুলি ভুকুটো মাৰিলেই কলটো নপকে । কল এটা পকিবৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আৰু সেই সময়খিনি অহালৈ ধৈৰ্য্য ধৰিব লাগিব আৰু কলটো পকাৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনি কৰিব লাগিব । সেইদৰে জীৱনৰ যিকোনো কামেই এদিনতে হৈ নুঠে । তাৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আছে আৰু তাৰ বাবে উপযুক্তভাৱে কামো কৰিব লাগিব । কামটো সোনকালে হ'ব লাগে বুলি খুব জোৰে কিছুসময়ৰ বাবে কাম কৰি ভাগৰি পৰিলেও সেই কাম লগে লগে হৈ নুঠিব পাৰে । তাৰবাবে কিন্ত হতাশ হৈ বহি থাকিবৰ প্ৰয়োজন নাই । জীৱনত সাধনাৰে নিৰলস প্ৰচেষ্টাৰে এবাৰতে নোহোৱা কাম শতবাৰত হ'লেও কৰি যোৱাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব । তেতিয়াহে জীৱনত জয়লাভ সুনিশ্চিত হৈ পৰিব । ভুকুতে কল নপকে কথাষাৰৰ যোগেদি মূলতঃ এই কথাকেই বুজোৱা হৈছে । ইংৰাজীত এনে ধৰনৰ সমাৰ্থবাচক উক্তি হৈছে --- " Rome was not built in a day "
২০/ মন কৰিলেহে চন কৰিব পাৰি নাইবা মন কৰিলে চন বাকৰি মাটিতে ধন ।
উত্তৰ :- মানুহৰ জীৱনৰ কাৰ্যসিদ্ধিত উদগ্ৰ ইচ্ছাশক্তি বা মনেই যে সাংঘাতিক ধৰণে প্ৰভাৱ পেলায়, তাকেই ইয়াৰ যোগেদি কোৱা হৈছে । মানুহৰ মন নাইবা ইচ্ছাৰ নিচিনা শক্তিশালী বস্ত অন্য একো নাই । মনটোক যদি আমি স্থিৰ কৰি লওঁ, তেতিয়া আমাৰ আগলৈ যিমান বাধা-বিপৰ্যয়, বিপদ-বিঘিনি নাহক কিয়; সকলোবোৰ হেলাৰঙে অতিক্ৰম কৰি আমি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাঁৰো । কামত মনোযোগ দিলে সেইকাম অতি শীঘ্ৰে সম্পন্ন হয় । কাম যিমানেই কঠিন নহওঁক কিয়, যিমানেই দেখাত অসম্ভৱ নহওঁক কিয়, মনৰ জোৰত সকলো কঠিন, সকলো প্ৰকাৰৰ অসম্ভৱ কামকেই সম্ভৱ কৰি তুলিব পাৰি । এইদৰে মানুহৰ জীৱনৰ কৰ্মক্ষেত্ৰত মনৰ অদমনীয় প্ৰভাৱৰ কথা এই কথাষাৰিৰ যোগেদি বুজাইছে । ইংৰাজীতো এষাৰ কথা আছে '--- While there is a will, there is a way. " অৰ্থাৎ ইচ্ছা বা মন থাকিলেই কামৰ বাটো ওলাই পৰে ।
আমাৰ এইখন Website ত সকলোবোৰ শ্ৰেণীৰ প্ৰশ্নোত্তৰ ক্ৰমবৰ্দ্ধমান ভাৱে সন্নিৱিষ্ট কৰা হৈছে অধিক ছাবৰ বাবে তলৰ পাঠৰ নাম অনুসৰি নিৰ্বাচিত কৰক আৰু আমাৰ website ৰ প্ৰশ্নোত্তৰ সমূহ পঢ়ি আপোনাৰ অনুভৱ ব্যক্ত কৰিব পাৰে কমেন্ট কৰি ।
CLASS ASSAMESE QUESTION ANSWER
Group-A (বাধ্যতামূলক)
পদ্যাংশ
গদ্যাংশ
Group-B (বৈকল্পিক)
পদ্যাংশ
গদ্যাংশ
CLASS 1O GRAMMAR ANSWER
• দশম শ্ৰেণীৰ ব্যাকৰণ'ৰ ভাৱ সম্প্ৰসাৰণ
CLASS 11 ASSAMESE QUESTION ANSWER