Class 10 Assamese SEBA Chapter 8 MCQ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Class 10 Assamese SEBA Chapter 8 Questions Answers
পাঠ ৮
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
পাঠভিত্তিক প্ৰশ্নোত্তৰ
লিখক :- আব্দুছ ছাত্তাৰ
ভাব বিষয়ক :
১/ অতি চমু উত্তৰ দিয়া ।
(ক) ত্ৰয়োদশ শতিকাৰ অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ? [ HSLC 2015 ]
উত্তৰ  :- ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলিয় ।
(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল  ?
উত্তৰ  :- প্ৰাচীন কালৰে পৰা অসম দেশখন যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল  ।
(গ) কিহে অসমীয়া জাতিক অধিক কটকটয়া কৰিছিল  ?
উত্তৰ  :- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকীটয়া কৰিলে ।
(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল  ?
উত্তৰ  :- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ।
(ঙ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোষবিলাক  ?
উত্তৰ  :- এয়োদশ শতিকাৰ হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা বহিৰাগত গোষ্ঠীৰ লোকসকলেই আজিৰ মংগোলীয় লোক ।
২/ চমু উত্তৰ লিখা ।
(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
উত্তৰ  :- অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা,  কাৰবি আদি জাতি-গোষ্ঠীক জনা যায় ।
(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল  ?
উত্তৰ  :- অসমৰ স্কুলীয়া শিক্ষাৰ মাধ্যমৰূপে বাংলা ভাষা ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে চলিছিল  ।
(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন ? তেওঁলোক ক'ৰ ক'ৰপৰা অসমলৈ আহিছিল  ?
উত্তৰ  :- চাহ উদ্যোগৰ কৰ্মীসকল হ'ল চাহ জনগোষ্ঠীৰ চাহ বনুৱাসকলক । তেওঁলোক ভাৰতবৰ্ষৰ উৰিষ্যা, বিহাৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল  ।
(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰ  :- পাঠটিত উল্লেখ থকা বিভিন্ন খাদ্যবস্তুসমূহ এনেধৰনৰ --- পাৰাথা, পোলাও, কোৰ্মা-কৌপ্তাৰ, কেক-বিস্কুট, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিংগাৰা , লুচি-পুৰী, ড'চা, চেম্বাৰ  ইডলি আদি ।
৩/ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি ? [ HSLC 2013, 14, 16 ]
উত্তৰ  :- অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল ---গৰখীয়া নাম, নিচুকণি গীত, নাও মেখেলা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি ।
৪/ 'অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে' -- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰৰ কথা বৰ্ণনা কৰা ।
উত্তৰ  :- নানা জাতি জনগোষ্ঠী আৰু তেওঁলোকৰ বৰ্ণময় সাংস্কৃতিক উপাদান সমূহেৰে অসম চহকী । ইতিহাসে ঢুকি পোৱা দিনৰ আগৰ পৰাই অসমত অলেখ অনাৰ্য জাতি গোষ্ঠীয়ে নিজৰ স্বকীয় সংস্কৃতি বজাই ৰাখি বাস কৰিছিল । বড়ো, কাৰ্বি, ৰাভা, তিৱা,  আদি অতি পুৰণি কালৰেপৰা অসমত বাস কৰি অহা খিলঞ্জীয়া জনগোষ্ঠী । এই সকলো জাতি - জনগোষ্ঠীৰ মাজত পাৰস্পৰিকভাৱে  হোৱা সাংস্কৃতিক উপাদানসমূহৰ আদান - প্ৰদানৰ ফলত এক উমৈহতীয়া সাংস্কৃতিক পৰিমণ্ডল গঢ়ি উঠিছিল । পৰৱৰ্তী পৰ্যায়ত টাই আহোমকে ধৰি কেবাটাও টাই গোষ্ঠী এই অঞ্চলত প্ৰৱেশ কৰি নিজৰ বৰ্ণময় সংস্কৃতিৰে থলুৱা লোকৰ সাংস্কৃতিৰ লগত সমন্বয় ঘটাইছিল  । ইতিমধ্যে অসমলৈ আৰ্য সাংস্কৃতিৰো প্ৰৱেশ ঘটিছিল  । আৰ্য ভাষা তথা খিলঞ্জীয়া অধিবাসী সকলৰ স্বকীয় ভাষাৰ সমন্বয়ত এক উমৈহতীয়া ভাষা অৰ্থাৎ অসমীয়া ভাষাৰো জন্ম হৈছিল  । ইছলামসকলৰ আগমনৰ লগে লগে অসমীয়া ভাষাও চহকী হ'ল  ।
ঊনবিংশ শতিকাত ইংৰাজৰ আগমনৰ লগে লগে উদ্যোগ, ব্যৱসায়, চাকৰি আদি সংক্ৰান্তত ভাৰতৰ অন্য প্ৰান্তত অলেখ জাতি জনগোষ্ঠীৰ লোক অসমলৈ আহিল । ন পুৰণি সকলো জাতি গোষ্ঠীৰ পাৰস্পৰিক, সাংস্কৃতিক আদান  - প্ৰদানে উমৈহতীয়া  অসমীয়া সংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ আৰু বাৰে বৰণীয়া কৰি তুলিলে । কাৰণ অসমলৈ অহা অধিক সংখ্যক জাতি গোষ্ঠীয়েই নিজ নিজ মাতৃভূমিৰ সৈতে সম্বন্ধ ছেদ কৰি অসমকে মাতৃভূমি বুলি  অসমীয়া ভাষাক মাতৃভাষা বুলি গ্ৰহণ কৰি বৃহৎ অসমীয়া সংস্কৃতিত মিলি গ'ল ।
     অসমীয়া সংস্কৃতি নানা জাতি গোষ্ঠীৰ স্বকীয় সংস্কৃতিৰ সমন্বয়ত সৃষ্টি হোৱা উমৈহতীয়া সংস্কৃতি । গতিকে অসমীয়া সংস্কৃতিৰ প্ৰতিটো উপাদানৰ আত্মা বা উৎস বুলি ক'ব পাৰি অসমত বাস বিভিন্ন স্হানৰপৰা আহি অসমক মাতৃভূমি হিচাপে লোৱা অসংখ্য জাতিৰ বহুতে এতিয়াও ক'ৰবাত স্বকীয় সাংস্কৃতিক পৰম্পৰা নিজৰ মাজতে বজাই ৰাখিলেও সামূহিকভাৱে নিজৰ গোষ্ঠীৰ বা সম্প্ৰদায়ক একাষৰীয়া কৰি যেতিয়াই প্ৰয়োজন হয় তেতিয়াই নিজকে বৃহৎ অসমীয়া জাতিৰ লোক বুলি গৌৰৱ কৰে ।
৫/ "বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আতৰিও পৰিল" --- ইয়াত কি ঔপন্যাসিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে --- পাঠৰ আলমত বিচাৰ কৰা ।
উত্তৰ  :- যুগ যুগ ধৰি অসমত পূৰ্বৰেপৰা বাস কৰি থকা আৰু অসমলৈ আহি থিতাপি লোৱা নানা জাতি গোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে উনবিংশ শতিকাত ব্ৰিটিছসকলে অসমত চাহ বাগিচা স্থাপন কৰি সেই বাগিচাসমূহত শ্ৰমিক হিচাপে কাম কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহু জনগোষ্ঠীৰ লোকক অসমলৈ আনিছিল  । এওঁলোক হ'ল চাহ বনুৱাসকল । এই লোকসকল আছিল চাওতাল, কুৰ্মি মোছহৰ,  মুণ্ডা , তেলেঙা,  হো , ভূমিজ , ওৰাঙ , তাঁতী , লোহৰ আদি । ব্ৰিটিছসকলে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিশেষকৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা চাহ শ্ৰমিক অসমলৈ আনিছিল  । এওঁলোকৰ স্বকীয় সংস্কৃতি অতি চহকী । চাহ বাগিছাৰ জীৱন যাত্ৰাৰ বাতাবৰণ অসমৰ থলুৱা জীৱন যাত্ৰাৰ বাতাবৰণতকৈ পৃথক । একোখন চাহ বাগিছাৰ চাৰিসীমাৰ ভিতৰত শ্ৰমিক,  কৰ্মচাৰী , বিষয়া , কলঘৰ আদিৰে এক সুকীয়া ধৰণৰ কঠোৰ শৃংখলাবদ্ধ ঔদ্যোগিক পৰিমণ্ডল বিৰাজ কৰিছিল  । বিশেষকৈ চাহ বাগিচা একোখনৰ ভিতৰতে সুকীয়া ধৰণৰ জীৱন যাত্ৰাত আৱদ্ধ হৈ থকাৰ বাবে চাহ জনগোষ্ঠীসমূহে অসমৰ থলুৱা লোকৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পোৱা নাছিল । ব্ৰিটিছ চাহ ঔদ্যোগীসকলে চাহ শ্ৰমিক সকল কঠোৰ শৃংখলাৰ মাজত ৰাখি চাহ বাগিচাৰ পৰিমণ্ডলৰ ভিতৰতে জীৱনযাত্ৰা চলোৱাৰ বাবে এক প্ৰকাৰ বাধ্য কৰা হেতুকে চাহ জনগোষ্ঠীসমূহে অসমৰ থলুৱা লোকৰ সৈতে সাংস্কৃতিক আদান-প্ৰদানৰ সুযোগ পোৱা নাছিল  । কিন্ত বৰ্তমানে আধুনিক যুগত ব্ৰিটিছ সকলৰ দিনৰ কঠোৰ বাধ্যবাধকতা অন্ত পৰা হেতুকে চাহ বনুৱাসকলে থলুৱা অসমীয়া সংস্কৃতিলৈ নানা অৱদান আগবঢ়াইছে আৰু থলুৱা সংস্কৃতিৰ দ্বাৰা নিজেও সমৃদ্ধ হৈছে ।
৬/ 'এটা সংমিশ্ৰণত-সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্ত-তৰ্কৰ অৱকাশ নাই ।' ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে ?
'নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই ।' বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা ।
উত্তৰ  :- ইয়াত লিখকে অসমীয়া জাতিটোক এক সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে । অসমত বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মৰ লোকে বাস কৰে । তেওঁলোকৰ নিজা ভাষা আছে । কিন্ত আন জাতি বা ধৰ্মৰ লোকৰ লগত কথা পাতিবলৈ তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে । তেওঁলোকে অসমীয়া বুজে, ক'ব পাৰে । আন কিছুমানে আকৌ নিজৰ মাতৃভাষা পৰিহাৰ কৰি অসমীয়া ভাষাতে কথা পাতে ।
   মিচা, কছাৰী, তীখা , কাৰ্বি , দেউৰী , আদি সম্প্ৰদায়ে নিজে নিজ দোৱান বা উপভাষা জীয়াই ৰখাৰ উপৰিও অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয় । বাহিৰৰ পৰা অহা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়াৰ ভাষাটো বুজে আৰু কয় । বাহিৰৰ পৰা অহা সকলোৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত আদান - প্ৰদান কৰে । সেয়েহে নাগালেণ্ড,  অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষাটো আছিল অসমীয়া । ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোম ভাষাৰে, ব্ৰাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতিৰে আৰু মুছলমানে আৰবী-ফাৰ্চীৰে কথা নাপাতে । এই সকলোবোৰৰে মাতৃভাষা অসমীয়া । তেনেকৈ বাহিৰৰ পৰা আহি অসমত স্থায়ীভাৱে থাকিবলৈ লোৱা বিভিন্ন জনগোষ্ঠীসমূহে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত তেওঁলোকৰ অতীতৰ সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়াৰূপে নিজকে গণ্য কৰি দেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল'লে । একমাত্ৰ নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে স্বকীয়তা পৰিলক্ষিত হ'ল  ।  ভাৰতীয় সংবিধান স্বীকৃত ধৰ্মনিৰপেক্ষ নীতি অঘোষিতভাৱে কোনোবা কালৰে পৰা অসম ৰাজ্যত বৰ্তি আছিল  । ধৰ্ম পালন কৰিবলৈ যোৱাটোতহে নামৰ , মছজিদ  , মন্দিৰ  , বৌদ্ধ-বিহাৰ আদি অনুষ্ঠান প্ৰবৰ্তন হোৱা দেখিবলৈ পোৱা যায় । ইয়াৰ বাহিৰে সকলো ক্ষেত্ৰতে ই এক বিৰাট অসমীয়া জাতিৰূপেহে পৰিচিত । সেয়েহে লেখকে কৈছে যে এক সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি হিচাপে যে অসমীয়া জাতিৰ এক সুকীয়া পৰিচয় আছে, তাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই ।
৭/ "লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ।" --- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল  ? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা । [ HSLC '2015 , 18 ]
উত্তৰ  :- ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতীয় ভূ-খণ্ডলৈ বহুতো জাতি গোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল  । এই সময়ছোৱাতেই ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ লগতে ভাৰতৰ সীমান্তৱৰ্তী অন্যান্য ৰাষ্ট্ৰ বা ভূখণ্ডমূহৰ পৰাও অসমলৈ বিভিন্ন লোকৰ আগমন হৈছিল । এই লোকসকলৰ ভিতৰত হুকং উপত্যকা আৰু চীনদেশৰ দক্ষিণ পশ্চিম অঞ্চলৰপৰা অহা মংগোলিয় গোষ্ঠী , পাটকাইৰ সিপাৰৰ পৰা অহা আহোমসকল , দিল্লীৰপৰা অহা মুছলমানসকল আৰু কনৌজৰ পৰা অহা ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকল প্ৰধান  । এই লোকসকলে বিভিন্ন কাৰণত অসমলৈ আহি নিগাজীকৈ থকাৰ সুযোগ পালে । এওঁলোকৰ কিছুমানে দেশ জয় কৰিবলৈ আহি , কিছুমান বেপাৰ  - বাণিজ্যৰ অৰ্থে , কিছুমান যুদ্ধবন্দী হিছাপে ৰৈ অসমত স্থায়িভাৱে থাকিবলৈ ল'লে । ইয়াৰোপৰি কিছুলোকে পূজা - পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত আৰু আন বহুলোকে ৰাজকীয় পৃষ্ঠপোষকতাত অসমত চিৰদিনৰ বাবে ৰৈ গ'ল । সেই সময়ত অসমত বাস কৰা সহজ - সৰল জনগোষ্ঠীয় গোষ্ঠীৰ লোকসকলেও এই নতুন প্ৰব্ৰজনকাৰী সকলক নিৰ্বিবাদে মানি ল'লে । সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে । একে ভৌগোলিক পৰিবেষ্টনিত ওচৰা - উচৰিকৈ থকা এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'ল  । সেই সময়ত বাহিৰৰ পৰা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা - সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে । এইয়া হ'ল সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ সৈতে জাহ যোৱাৰ ব্যৱস্থা । বাহিৰৰ পৰা অহাসকলে এই দেশক নিজৰ দেশ আৰু এই ভাষাক নিজৰ ভাষা কৰি ল'লে । এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি - নীতি , আচাৰ  - ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে । খোৱাবস্তু আৰু ৰন্ধন প্ৰকৰণৰো সাল পৰিবৰ্তন সূচালে  । এনেদৰে এটা বৃহৎ অসমীয়া জাতিৰ গঢ়ি উঠিল  । লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ।
৮/ তাৎপৰ্য ব্যাখ্যা কৰা ।
(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা । [ HSLC 2011 , 14 ]
উত্তৰ  :- উক্ত কথাষাৰ বিশিষ্ট প্ৰবন্ধকাৰ আব্দুছ ছাত্তাৰদেৱৰ 'অসম জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ' শীৰ্ষক প্ৰবন্ধটোৰ পৰা তুলি অনা হৈছে  । অসমীয়া ভাষাই কেনেকৈ বিভিন্ন ধৰ্মালম্বী আৰু বিভিন্ন ভাষাগোষ্ঠীৰ মাজত উমৈহতীয়া ভাষা হিচাপে সমন্বয় গঢ়িলে সেই সন্দৰ্ভত প্ৰশ্নোন্ধৃত কথাষাৰৰ অৱতাৰণা কৰা হৈছে ।
   অসমত বিভিন্ন জাতি - জনগোষ্ঠীৰ  , ধৰ্মৰ লোকে বাস কৰে । তেওঁলোকৰ নিজা নিজা ভাষা আছে । কিন্ত আন জাতি বা ধৰ্মৰ লোকৰ লগত কথা পাতিবলৈ তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে । তেওঁলোকে অসমীয়া বুজে , ক'ব পাৰে । আন কিছুমানে আকৌ নিজৰ মাতৃভাষা পৰিহাৰ কৰি অসমীয়া ভাষাতে কথা পাতে । মিচিং , কছাৰী  , তিৱা , কাৰ্বি , দেউৰী , আদি সম্প্ৰদায়ে নিজ নিজ দোৱান বা উপভাষা জীয়াই ৰখাৰ উপৰিও অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয় । বাহিৰৰ পৰা অহা সকলোৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত আদান - প্ৰদান কৰে । সেয়েহে নাগালেণ্ড  , অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষাটো আছিল অসমীয়া । ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোম আহোম ভাষাৰে , ব্ৰাহ্মণ - ক্ষত্ৰিয়ই সংস্কৃতিৰে আৰু মুছলমানে আৰৱী   -  ফাৰ্ছীৰে কথা নাপাতে । এই সকলোবোৰৰে মাতৃভাষা অসমীয়া । ইয়াৰপৰা দেখা যায় যে সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ।
(খ) এই গোটেইবোৰ হ'ল স্বতঃ প্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া । [ HSLC 2020 ]
উত্তৰ  :- উদ্বৃত কথাষাৰ আব্দুছ ছাত্তাৰ ৰচিত 'অসম জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' শীৰ্ষক প্ৰবন্ধটোৰ পৰা উঠাই অনা হৈছে । অসমৰ থলুৱা সংস্কৃতিৰ লগত বহিৰাগত সংস্কৃতিৰ আপোনা আপুনি সংমিশ্ৰণক বজাবলৈ উল্লেখিত কথাফাঁকিৰ অৱতাৰণ কৰা হৈছে । 
    অসমত অতীজৰেপৰাই ভিন ভিন জাতি ধৰ্মৰ লোকে বাস কৰি আহিছে । বিভিন্ন সময়ত বিভিন্ন লোক অসমত প্ৰৱেশ কৰিছিল  । তেওঁলোকৰ সংস্কৃতি ভিন্ন আছিল  । কিন্ত এটা জাতি আন এটাৰ সংস্কৃতিৰ সংস্পৰ্শলৈ নহাকৈ থাকিব নোৱাৰে । হোটেল প্ৰতিষ্ঠা হোৱাৰ লগে লগে । বিশেষকৈ খাদ্যাভাসৰ ক্ষেত্ৰত এই সংস্পৰ্শ বাঢ়ি আহিল । 
    অসমৰ ব্ৰিটিছসকল অহাৰ লগে লগে ৰেলগাড়ী, বিমান,  মটৰ গাড়ী , কোট পেন্ট  , কেক - বিস্কুট আদিৰ প্ৰচলন হৈছিল  । হোটেল প্ৰতিষ্ঠান হৈছিল  । ব্ৰিটিছসকল স্বাধীনতাৰ পাছত গুচি গ'ল যদিও তেওঁলোকে প্ৰতিষ্ঠা কৰা চাহ উদ্যোগ, ৰেলগাড়ী , বিমান আদি থাকিল । আগৰে হিন্দু - মুছলমান সমাজত লুক ঢাককৈ চলা খানা - পিনা সামাজিকভাৱে আৰু হোটেলৰ যোগেদি পৰিবেশনৰ ব্যৱস্থা হ'ল । পৰাথা , পোলাও  , কোৰ্মা-কৌপ্তাৰ লগতে কেক , বিস্কুট  , ৰুটি প্ৰচলন হ'ল । বংগদেশীয় ৰসগোল্লা , লাল - মোহন , চিঙ্গাৰা আদি নানা মিঠাইৰ প্ৰচলন হ'ল । লুচি পুৰীও সোমাই পৰিল । মাদ্ৰাজী ড'চা চাম্বৰ আৰু ইডলি হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ'ল । জাত - কুলৰ বিচাৰ হেৰাই গ'ল । চুৱাৰ অন্ত পৰিল  । একেলগে সকলোৱে খোৱা ব্যৱস্থা হ'ল । ক্ৰমান্বয়ে বিয়া - বাৰুত হিন্দু - মুছলমান সকলো লোকে যোগ দিয়া হ'ল  । মৰা জীয়াৰ খবৰ কৰা হ'ল । মৰা শ সৎকাৰতো ভাগ লোৱা হ'ল । সকলো উৎসৱতে সকলোৱে যোগ  দিয়া হ'ল  ।
     এনেদৰে এটা জাতি বা ধৰ্মৰ লোকৰ আনটোৰ সংস্পৰ্শলৈ আহিল । আনৰ ভাল লগা কিছুমান গ্ৰহণ কৰি নিজৰ পুৰণি সংস্কৃতিৰ কিছু পৰিহাৰ কৰিলে । এইবোৰ প্ৰক্ৰিয়াত কোনেও কাকো বাধ্য কৰোৱা নাছিল । এই গোটেইবোৰ হ'ল স্বতঃ প্ৰণোদিতভাবে হোৱা প্ৰক্ৰিয়া ।
(গ) এইয়া আছিল দিয়া - লোৱা আৰু এৰা - ধৰাৰ ব্যৱস্থা ।
উত্তৰ  :- উদ্বৃত কথাষাৰ আব্দুছ ছাত্তাৰ ৰচিত 'অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' শীৰ্ষক প্ৰবন্ধটোৰ পৰা উঠাই অনা হৈছে ।
    অতীত কালৰেপৰা বিভিন্ন ঠাইৰ পৰা বিভিন্ন জনগোষ্ঠীয়ে প্ৰব্ৰজন প্ৰক্ৰিয়াৰ যোগেদি অসমলৈ আহি ইয়াত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল  । অসমত পূৰ্বৰ পৰা বসবাস কৰা অনাৰ্য্য গোষ্ঠীৰ কোচ  , কছাৰী , বড়ো , চুটিয়া আদি গোষ্ঠীৰ লগত মংগোলীয় গোষ্ঠীৰ গাৰো , মিজো , খাছী , জয়ন্তীয়া , নগা আদি আৰু অন্যান্য গোষ্ঠীৰ আহোম , মুছলমান আদি গোষ্ঠীৰ লোকসকল একেখন অসমতে সমিল - মিলেৰে বসবাস কৰিবলৈ ল'লে । একে ভৌগোলিক পৰিবেষ্টনিত ওচৰা - ওচৰিকৈ থাকি এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'ল  । বাহিৰৰ পৰা অহা সম্প্ৰদায়বোৰে যি ঠাইৰ পৰা আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা - সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে । সকলোৱে এই দেশখনক নিজৰ দেশ বুলি ল'লে আৰু এটা সম্প্ৰদায়ৰ ভাল ৰীতি - নীতি আচাৰ আদি আনটোৱে গ্ৰহন কৰিলে । এয়া আছিল তেওঁলোকৰ দিয়া - লোৱা আৰু এৰা - ধৰাৰ ব্যৱস্থা ।
ভাষা বিষয়ক
৯/ সন্ধি ভঙা 
সংস্কৃতি , জলাঞ্জলি , ভৌগোলিক  ।
উত্তৰ  :- সংস্কৃতি = সম্ + কৃতি , জলাঞ্জলি = জল + অঞ্জলি , ভৌগোলিক  = ভূগোল + ইক ।
১০/ 'প্ৰ' উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা ।
উত্তৰ  :- প্ৰচেষ্টা , প্ৰব্ৰজন  , প্ৰৱেশ ।
১১/ বাক্য ৰচনা কৰাঃ
ভাষা - সংস্কৃতি , পূজা - পাৰ্বন  , বেপাৰ  - বাণিজ্য  , সহজ - সৰল , দিয়া - লোৱা , এৰা - ধৰা ।
উত্তৰ  :- ভাষা - সংস্কৃতি : ভাষা - সংস্কৃতিৰ মাজেৰেহে এটা জাতি জীয়াই থাকে ।
পূজা - পাৰ্বণঃ পূজা - পাৰ্বন কৰিবলৈ শাৰীৰিক আৰু মানসিক দুয়োবিধ পবিত্ৰতাৰেই প্ৰয়োজন  । বেপাৰ  - বাণিজ্যঃ ব্ৰিটিছসকল ভাৰতলৈ প্ৰথমে বেপাৰ - বাণিজ্য কৰিবলৈ আহিছিল  ।
সহজ - সৰলঃ সহজ-সৰল মানুহবোৰ সহজ আনৰ প্ৰতাৰণাৰ বলি হয় ।
দিয়া-লোৱাঃ দিয়া-লোৱাৰ মাজেৰ সম্বন্ধ এটা অটুট থাকে ।
এৰা-ধৰাঃ সৰু-বৰ কিছু কথা এৰা-ধৰাৰ মাজেৰে চলিলেহে সংসাৰ এখন সুন্দৰ হয় ।

অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ

অতি চমু প্ৰশ্নোত্তৰ                প্ৰতিটোত ১ নম্বৰকৈ
১/ বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি ?  [ HSLC 2016 ]
উত্তৰ  :- অহিংসা পৰম ধৰ্ম  ।
২/ 'সংমিশ্ৰণ অসমীয়া সংস্কৃতি' গ্ৰন্থৰ লেখক কোন ?
উত্তৰ  :- 'সংমিশ্ৰণ অসমীয়া সংস্কৃতি' গ্ৰন্থৰ লেখক আব্দুছ ছাত্তাৰ ।
৩/ আব্দুল ছাত্তাৰ আফগানিস্থানলৈ কিয় গৈছিল  ?
উত্তৰ  :- আব্দুছ ছাত্তাৰ আফগানিস্থানলৈ শিক্ষক ৰূপে গৈছিল ।
৪/ 'অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ' পাঠটিত লেখকে কেতিয়াৰ অসমৰ কথা কৈছিল  ?
উত্তৰ  :- পাঠটিৰ লেখকে স্বাধীন অসমৰ কথা কৈছে ।
৫/ জনজাতীয় গোষ্ঠী অন্য এটা কি নামেৰে জনাজাত  ? [ HSLC ' 2019 ]
উত্তৰ  :- জনজাতিয় গোষ্ঠীৰ অন্য নাম অনাৰ্য জাতি ।
৬/ সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল  ?
উত্তৰ  :- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ।
৭/ প্ৰাচীন কালৰেপৰা কোন দুটা ধৰ্ম অসমত প্ৰচলিত আছিল  ?
উত্তৰ  :- প্ৰচীন কালৰেপৰা অসমত প্ৰচলিত ধৰ্ম হ'ল--- হিন্দুৰ তন্ত্রিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম  ।
৮/ 'অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' প্ৰবন্ধটোৰ লেখক কোন ?
উত্তৰ  :- প্ৰবন্ধটোৰ লেখক আব্দুছ ছাত্তাৰ ।
৯/ জাহ যোৱাৰ প্ৰধান উপায় কি ?
উত্তৰ  :- জাহ যোৱাৰ প্ৰধান উপায় ভাষা গ্ৰহণ ।
১০/ ন-অসমীয়া মুছলমান সকল পূৰ্বতে ক'ৰ মানুহ আছিল  ?
উত্তৰ  :- ন-অসমীয়া মুছলমানসকল পূৰ্ববংগীয় মানুহ আছিল  ।
১১/ কোনে প্ৰথমতে অসম দেশত মাৰাপাট খেতিৰ বহুল প্ৰচলন কৰিছিল  ?
উত্তৰ  :- পূৰ্ববংগীয় ধৰ্মীয় মুছলমানসকলে প্ৰথমতে অসম দেশত মৰাপাট খেতিৰ বহুল প্ৰচলন কৰিছিল  ।
১২/ মংগোলীয় জনগোষ্ঠীৰ মানুহ ক'ৰপৰা আহি অসমত থিতাপি লৈছিল ?
উত্তৰ  :- মংগোলীয় জনগোষ্ঠীৰ মানুহ চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা আহি অসমত থিতাপি লৈছিল  ।
১৩/ ৰেলগাড়ী কেতিয়া আমাৰ দেশলৈ আহিল  ? [ HSLC ' 2015 ]
উত্তৰ  :- ৰেলগাড়ী আমাৰ দেশলৈ ব্ৰিটিছৰ দিনত আহিছিল  ।
১৪/ বহিৰাগত মংগোলীয়সকল কোন শতিকাত অসমলৈ আহিছিল ?
উত্তৰ  :- বহিৰাগত মংগোলীয়সকল ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল  ।
১৫/ প্ৰাচীন কালৰেপৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ? [ HSLC ' 2018 ]
উত্তৰ  :‐ প্ৰাচীন কালৰেপৰা অসম দেশ যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল  ।
১৬/ অনাৰ্য জাতি বুলিলে কাক বুজায় ?
উত্তৰ  :- অনাৰ্য জাতি বুলিলে জনজাতীৰ গোষ্ঠীৰ লোকসকলক বুজায় ।
১৭/ কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?
উত্তৰ  :- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ।
১৮/ 'ইয়াণ্ডাবু সন্ধি ' কেতিয়া হৈছিল  ?
উত্তৰ  :- ১৮২৬ চনত ' ইয়াণ্ডাবু সন্ধি ' হৈছিল  ।
১৯/ স্বাধীনতাৰ পিছত পূব পাকিস্তানে কি নামে পালে ?
উত্তৰ  :- স্বাধীনতাৰ পিছত পূব পাকিস্তানে ' বাংলাদেশ  ' নাম পালে ।
২০/ অসমত চাহ উদ্যোগ কোনে প্ৰতিষ্ঠা কৰে ?
উত্তৰ  :- অসমত চাহ উদ্যোগ ব্ৰিটিছে প্ৰতিষ্ঠা কৰে ।
২১/ আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল  ? [ HSLC '2020 ]
উত্তৰ  :- প্ৰধান সম্পাদক পদত  ।
২২/ অসমত কোন সময়ছোৱাত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা প্ৰচলন কৰা হৈছিল  ?
উত্তৰ  :- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙালা ভাষা চলিছিল ।

চমু প্ৰশ্নোত্তৰ                  প্ৰতিটোত ২/৩ নম্বৰকৈ

১/ মংগোলীয় বহিৰাগত গোষ্ঠীৰ লোকসকল স্হিতি লোৱাৰ আগতে অসমত কোন কোন জনগোষ্ঠীয় লোকসকলে বসবাস কৰিছিল  ?
উত্তৰ  :- মংগোলীয় বহিৰাগত গোষ্ঠীৰ লোকসকল স্হিতি লোৱাৰ আগতে অসমত জনজাতীৰ গোষ্ঠীৰ লোকসকলে বসবাস কৰিছিল  । সেইসকল হ'ল  --- কছাৰী , চুতীয়া , কোচ , মেচ , ডিমাচা , দেউৰী , মিচিং , বড়ো , তিৱা  , কাৰবি আদি ।
২/ ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ  :- ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত মানৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল  ।
৩/ চাহ উদ্যোগৰ কৰ্মীসকল অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খাই পৰাত পলম হোৱাৰ কাৰণ কি ?
উত্তৰ  :- ব্ৰিটিছসকলে প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কৰ্মীৰূপে ভাৰতবৰ্ষৰ বিহাৰ , উৰিষ্যা , মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা কিছুমান লোক অসমলৈ আহিছিল  । এওঁলোক অসমৰ চাহ উদ্যোগৰ অপৰিহাৰ্য কৰ্মীৰূপে অসমতে বৰ্তি থাকিল । কালক্ৰমত এইসকলেই নিজৰ কৃষ্ট-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ - নীতি , সাজ - পাৰ গ্ৰহণ কৰিলে । কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে । কিন্ত এইসকল লোক এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত আছিল  । বাহিৰৰ সৈতে এওঁলোকৰ সংস্পৰ্শত কম আছিল  । শিক্ষা দিয়াৰ কোনো ব্যৱস্থা নথকাত এওঁলোক অনগ্ৰসৰো হৈ ৰ'ল । অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল । বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেই এনে হ'ল ।
৪/ কোনবোৰ গীতক লোকগীত আখ্যা দিয়া হয় । উদাহৰণসহ লিখা  ।
উত্তৰ  :- অনাদি কালৰেপৰা মানুহৰ মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লোকগীত বোলা হয়  । মুখে মুখে চলি অহা এই গীতবোৰ একো একোটা জাতিৰ অমূল্য সম্পদ  । উদাহৰণ স্বৰূপে পুৰণিকালৰে পৰা অসমত চলি অহা গৰখীয়া নাম , নিচুকণি গীত  , বাৰমাহী গীত  , আইনাম  , বিয়ানাম  , বনগীত  , বিহুগীত  , আদি অসমীয়া লোকগীতসমূহ অসমীয়া ভাষা সাহিত্যৰ অমূল্য সম্পদ  ।
৫/ জাহ যোৱা নিতি মানে কি ?
উত্তৰ  :- জাহ যোৱা মানে জীণ যোৱা বা মিলি যোৱা । কোনো এটা সংস্কৃতিসম্পন্ন জাতিয়ে আন এটা সংস্কৃতি সম্পন্ন জাতিৰ পৰস্পৰৰ ভাল লগা ৰীতি - নীতি , আচাৰ  - ব্যৱহাৰ  , সাজ - সজ্জা , ৰন্ধন প্ৰকৰণ আদিৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰ গ্ৰীকৰে । এইদৰে গ্ৰহণ কৰোঁতে পৰস্পৰ এনেদৰে সংমিশ্ৰণত হৈ পৰে যে ইয়াৰ আগ - গুৰি বিচাৰি উলিয়াবলৈ টান হৈ পৰে । এটা আনটোৰ লগত মিলি যায় । ইয়াকেই জাহ যোৱা নীতি বুলি ক'ব পাৰি ।
৬/ ন - অসমীয়া মুছলমান বুলি ক'লে কাক বুজা যায় ? তেওঁলোকে অসমৰ অৰ্থনৈতিত কি অৰিহণা যোগাইছিল  ?
উত্তৰ  :- অসম চৰকাৰৰ উদ্যোগত কুৰি শতিকাৰ চতুৰ্থ দশকত মৈমন সিংহ আদি পূৰ্ববংগৰ ঠাইৰ লোক অসমলৈ আহিছিল  । ধৰ্ম অনুযায়ী এওঁলোক মুছলমান  । এওঁলোকে পাছত অসমীয়া ভাষা গ্ৰহণ কৰিলে । কালক্ৰমত এওঁলোককে ন - অসমীয়া মুছলমান বুলি কোৱা হ'ল ।
    ন - অসমীয়া মুছলমানসকল কৃষিকৰ্মত পাৰ্গত । তেওঁলোকে নগাঁও  , কামৰূপ  , দৰং , গোৱালপাৰা আদি ঠাইৰ মাটি ভাঙি বকৰাণিত খেতি কৰি অসমত খেতি কৰা বিবিধ প্ৰণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে । চৰ অঞ্চল আৰু বাকৰি আবাদ কৰিলে । মৰাপাটৰ খেতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰতা লাভ হ'ল এওঁলোকৰ পৰাই । দেখা যায় যে ন - অসমীয়া মুছলমানসকল অসমৰ অৰ্থনীতিত উল্লেখযোগ্য ভূমিকা আছে ।
৭/ চমুটোকা লিখাঃ
ইয়াণ্ডবু সন্ধি , লোকগীত , ডাকৰ বচন  [ HSLC ' 2017 ]
উত্তৰ  :- ইয়াণ্ডাবু সন্ধিৰ ইয়াণ্ডাবু সন্ধি মানৰজা আৰু ব্ৰিটিছৰ মাজত হোৱা এখন সন্ধি চুক্তি । ১৮২৬ চনত ইয়াণ্ডাবু নামে ঠাইত এই চুক্তিখন স্বাক্ষৰিত হয় । এই চুক্তি অনুযায়ী অসমদেশ মানৰাজাৰ হাতৰপৰা ব্ৰিটিছৰ হাতলৈ যায় আৰু অসমৰ স্বাধীনতা সূৰ্য অস্তমিত হয় । ইয়াৰ পিছত প্ৰায় দুশ বছৰ কাল অসম দেশ ব্ৰিটিছৰ শাসনৰ তলত থাকিব লগা হয় । 
   লোকগীতঃ অনাদি কালৰেপৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লোকগীত বোলা হয় । এই লোকগীতবোৰ সকলো দেশৰ জনগোষ্ঠীবোৰৰ মূল্যৱান সম্পদ । অসমতো পুৰণি কালৰে পৰা মৌখিকভাৱে এনে বহু গীত প্ৰচলিত হৈ আহিছে । অসম এখন বৰ্ণময় জাতি-জনগোষ্ঠী আৰু এই সমূহৰ সাংস্কৃতিক উপাদানেৰে চহকী ৰাজ্য । ইয়াতো মৌখিকভাৱে অতা পুৰণি কালৰেপৰা গৰখীয়া নাম , নিচুকণি গীত , নাও খেলোৱা গীত , বাৰমাহী গীত , আইনাম , বিয়ানাম  , বনগীত  , বিহুগীত  , দেহ বিচাৰৰ গীত  আদি লোকগীতসমূহ চলি আহিছে ।
    ডাকৰ বচনঃ অসমৰ সামাজিক জীৱনত 'ডাকৰ বচন'বোৰ বিশেষকৈ কৃষিজীৱী সমাজত অতি মূল্যৱান আৰু প্ৰভাৱশালী । এই বচনবোৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা , সৰহ ভাগেই খেতি - বাতি বিষয়ক   । শ শ বছৰ ধৰি এটা জাতিয়ে লাভ কৰা জ্ঞানৰ আধাৰ এই বচনবোৰ । পুৰুষানুক্ৰমে বহুকাল মুখে মুখে চলি অহা পিছতহে ই লিখিত ৰূপ পায় ।
৫/ চাহ বনুৱাসকলৰ অসমৰ সামাজিক জীৱনত অৰিহণা কেনেধৰণৰ  ? [ HSLC ' 2014 ]
উত্তৰ  :- ব্ৰিটিছসকলে প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কৰ্মীৰূপে ভাৰতবৰ্ষৰ বিহাৰ , উৰিষ্যা , মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা কিছুমান লোক অসমলৈ আহিছিল  । এওঁলোক অসমৰ চাহ উদ্যোগৰ অপৰিহাৰ্য কৰ্মীৰূপে অসমতে বৰ্তি থাকিল । কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি - সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত - কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ  - নীতি , সাজ - পাৰ গ্ৰহণ কৰিলে । কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে ।

ৰচনাৰ্মী প্ৰশ্নোত্তৰ         প্ৰতিটোত ৪/৬ নম্বৰ কৈ

১/ 'বৃটিছ আহিল  --- চাহ উদ্যোগ প্ৰতিস্থা হ'ল' --- লিখকে চাহ উদ্যোগ প্ৰতিস্থা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য কৰিছে বুজাই লিখা । [ HSLC '2016 ]
উত্তৰ  :- বৃটিছৰ দিনত চাহ উদ্যোগ প্ৰতিস্থা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল মানুহ  (চাহ বনুৱা) আহি অসম দেশৰ বসবাস কৰিবলৈ ল'লে । এওঁলোক আহিল ভাৰতৰ বিভিন্ন অঞ্চল যেনে --- বিহাৰ  , উৰিষ্যা , মধ্যপ্ৰদেশ  , আৰু উত্তৰ প্ৰদেশৰপৰা । কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি - সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত - কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ - নীতি , সাজ - গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে ।
২/ লেখকে অসমৰ সংস্কৃতি বাৰে বৰণীয়া আৰু বৈচিত্ৰপূৰ্ণ বুলি কিয় কৈছে --- পাঠৰ আধাৰত আলোচনা কৰা ।
উত্তৰ  :- অসম এখন বিভিন্ন জাতি , উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্য । এই জাতি , জনগোষ্ঠীবোৰৰ ধৰ্ম  , ভাষা সাজ - পাৰ , উৎসৱ  - পাৰ্বন  , ৰীতি - নীতি আদিও ভিন ভিন । অসমখন ঘাইকৈ অনাৰ্য জাতিৰ বসতিস্থল  । এসময়ত অসমত আৰ্য সংস্কৃতিতকৈ প্ৰাক আৰ্য সংস্কৃতিহে অধিক গুৰুত্বপূৰ্ণ আছিল । ত্ৰয়োদশ শতিকাত আহোমসকলে অসমত প্ৰবেশ কৰে , তাৰ পিছত আহিল মুছলমানসকল আৰু ভাৰতৰে অন্যান্য ৰাজ্যৰ লোকসকল  । ব্ৰিটিছৰ শাসনকালত চাহ কৰ্মীৰূপে বহু লোক আহিল , পূৰ্ব বংগৰ মুছলমান আহিল আৰু আহিল পাঞ্জাৱী , শিখ , মাৰোৱাৰী , বিহাৰী , ৰাজধানী আদি ।
     এনেদৰে অসংখ্য সৰু - বৰ জাতি - জনগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক উপাদান আৰু ভাষিক  , ধৰ্মীয় , সামাজিক  , সাহিত্যিক  , আচাৰ - নীতি আদি নানা দিশৰ সমন্বয়ত সুসংহত এক প্ৰক্ৰিয়াৰ মাজেদি বাৰেৰহণীয়া উমৈহতীয়া সংস্কৃতি গঢ় লৈ উঠিছে । এই সকলোৰে সাংস্কৃতিক উপাদানসমূহৰ আদান  - প্ৰদানেই হৈছে অসমীয়া সংস্কৃতিৰ মূল আধাৰ  । উদাহৰণ স্বৰূপে অসমত যেতিয়া আৰ্যমূলীয় লোকসকল তথা তেওঁলোকৰ সংস্কৃতিয়ে প্ৰৱেশ কৰিলে তেতিয়া তলুৱা অনাৰ্য সকলৰ ভাষিক সাংস্কৃতিক প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিল আৰু তেওঁলোকৰ ভাষিক সংস্কৃতিক প্ৰভাৱো থলুৱা লোকসকলৰ ওপৰত পৰিল । এনেদৰে অসমীয়া সংস্কৃতিৰ বিচিত্ৰতা বাঢ়িল আৰু অসমৰ সংস্কৃতিয়ে বৰ্ণাঢ্য ৰূপ পৰিগ্ৰহ কৰিলে । এনেদৰে টাইসকলৰ আগমনৰ লগে লগে সাংস্কৃতিক সমন্বয়ৰ যোগেদি উমৈহতীয়া অসমীয়া সংস্কৃতি গঢ় লোৱাৰ প্ৰক্ৰিয়াটোৱে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিলে । টাই - আহোম সকলৰ দৰে বৰ্ণাঢ্য সাংস্কৃতিৰে চহকী গোষ্ঠীসমূহে অসমত প্ৰৱেশ কৰি এই অঞ্চললৈ নিজা সাংস্কৃতিক উপাদানসমূহ দান কৰিলে ।
    এনেদৰেই অসমৰ সংস্কৃতিয়ে বাৰে বৰণীয়া ৰূপ গ্ৰহণ কৰিলে ।
৩/ কি কি কাৰণত বিভিন্ন জাতি - গোষ্ঠীৰ লোকসকল অসমলৈ আহি স্হিৰ লৈছিল  । --- পাঠৰ আধাৰত বুজাই লিখা ।
উত্তৰ  :- অসম বৰ্ণাঢ্য সাংস্কৃতিক আৰু জাতিগত বৈচিত্ৰৰ ৰাজ্য  । বিভিন্ন জাতি , উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে পৰিপূৰ্ণ অসমৰ সাংস্কৃতিও বাৰেবৰণীয়
 আৰু বৈচিত্ৰপূৰ্ণ  । ইতিহাসে ঢুকি পোৱা সময়ৰ পৰাই অসম আছিল কছাৰী , জাতিগোষ্ঠীৰ বাসভূমি ।
       অতীত কালৰেপৰা বিভিন্ন উদ্দেশ্যত অসমভূমিলৈ অসংখ্য গোষ্ঠীৰ লোকে বিভিন্ন সময়ত প্ৰৱেশ কৰিছিল  । ভিন ভিন জাতি ধৰ্মৰ লোক ভিন ভিন সময়ত অসমত প্ৰৱেশ কৰিছে । ত্ৰয়োদশ শতিকাৰপৰা আহোম , মুছলমানকে আদি কৰি ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকসকলৰ বিভিন্ন কাৰণত অসমলৈ প্ৰব্ৰজন ঘটিছিল আৰু এইসকল লোক লাহে লাহে অসমতে নিগাজীকৈ থাকিবলৈ লৈছিল  । কোনোবাই দেশ জয় কৰিবলৈ আহিছিল কোনোবা আকৌ যুদ্ধবন্দী হিচাপে ৰ'ল । কোনোবা বেপাৰ  - বাণিজ্য সূত্ৰে বহি ল'লে , কোনোবা আকৌ পূজা - পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিল । বহুত আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজীকৈ বহিল । এনেদৰে এচাম যদি আহিছিল নতুন নতুন আবাসভূমিৰ সন্ধানত , আন এচাম আহিছিল কৰোবাৰ আমন্ত্ৰণত অথবা কাৰোবাৰ কাম সিদ্ধি কৰিবলৈ ।
      এইদৰে অসমলৈ অহা অসংখ্য জাতি - জনগোষ্ঠীৰ লোকে অসমত প্ৰবেশ কৰি ওচৰা - উচৰিকৈ বাস কৰিবলৈ লোৱাৰ ফলত স্বাভাৱিক ভাৱেই জাতি - গোষ্ঠীসমূহৰ মাজত সংস্কৃতিৰ বহুল আদান  - প্ৰদান ঘটিল । সেই কালৰ সহজ - সৰল কছাৰী , চুতীয়া , কোচ , বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে ।
৪/ ব্যাখ্যা কৰা ।
(ক) অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে ?
উত্তৰ :- উৎকলিত কথাফাকি বিশিষ্ট লেখক আব্দুছ ছাত্তাৰদেৱৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু স্বজাতি ' নামৰ পাঠটিৰ পৰা উঠাই অনা হৈছে । অসমৰ বিচিত্ৰ জনগাঁথনিৰ বাবেই সংস্কৃতিও যে বাৰেৰহণীয়া হৈছে সেই কথা ক'বলৈ যাওঁতে উক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছে ।
     অসমত বিভিন্ন জনগোষ্ঠীয়ে অতীতৰ পৰাই বসবাস কৰি আহিছে । অনাৰ্য মঙ্গোলিয়া , আৰ্য কিৰাত ইত্যাদি বিভিন্ন গোষ্ঠীৰ বাসস্থান অসম ৰাজ্য কছাৰী , চুতিয়া , কোচ , মঙ্গোলীয় , আৰ্য কিৰাত ইত্যাদি বিভিন্ন গোষ্ঠীৰ বাসস্থান অসম ৰাজ্য কছাৰী , চুতিয়া , কোচ , মেচ , ডিমাচা , দেউৰী , মিচিং , বড়ো , তিৱা , তিৱা , কাৰবি , গাৰো , মিজো , নগা , খাছী , জয়ন্তীয়া ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ লোকে অতীতৰ কালৰে পৰা অসমত সমিল মিলেৰে বসবাস কৰি আহিছে । এনেবোৰ বিভিন্ন জনগোষ্ঠীবোৰৰ স্বকীয় বৈশিষ্ট্য আছে । তথাপি ভাষা - সংস্কৃতিৰ এৰা - ধৰা নীতি গ্ৰহণ কৰি তেওঁলোকে বৃহৎ অসমীয়া গোষ্ঠী নিৰ্মাণত তেওঁলোকে সমিলমিলেৰে অতীতৰে পৰাই অসমত বসবাস কৰি আহিছে । জনগোষ্ঠীবোৰৰ এনে বৈচিত্ৰময় সমিলমিলৰ মাজেৰে অসমীয়াত্বৰ প্ৰকাশি উঠিব পৰিছে ।

আমাৰ website ত আপোনালোকৰ সহায় হোৱা কৈ পাঠটোৰ আধাৰত থকা সকলোবোৰ পৃষ্ঠাৰ প্ৰশ্নোত্তৰ আগবঢ়াই দিয়া হয় । আমাৰ এইখন Website ত পঢ়ি কেনেধৰণৰ অনুভৱ পাইচে মতামত জনাব কমেন্ট ত গৈ ।


CLASS 10 ASSAMESE QUESTION ANSWER 
 Group -A (বাধ্যতামূলক)
  পদ্যাংশ  
   গদ্যাংশ  
   ৮• অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি 
 Group B - বৈকল্পিক 
  পদ্যাংশ  
  গদ্যাংশ  
CLASS 10 GRAMMAR QUESTION ANSWER 
CLASS 11 ASSAMESE QUESTION ANSWER 

Post a Comment

0 Comments