ব্যাকৰণ
সমাস , সন্ধি , বাক্য পৰিবৰ্তন , ণত্ব আৰু ষত্ব বিধি , যতি চিহ্নৰ ব্যবহাৰ , খণ্ডবাক্য / জতুৱা ঠাঁচ , বিপৰীতাৰ্থক শব্দ , সমাৰ্থক শব্দ , এটা শব্দত প্ৰকাশ , প্ৰত্যয় , ভুল বাক্যৰ শুধৰণি , উপসৰ্গ , অনুসৰ্গ , পুৰণি শব্দৰ আধুনিক ৰূপ ।
সমাস
১/ তলত দিয়া যিকোনো দুটাৰ ব্যাস - বাক্য সহ সমাসৰ নাম লিখা । [2016]
ত্রিফলা , শূলপাণি , মহাপুৰুষ , সত্যাগ্ৰহ , ।
উত্তৰ :-
ত্রিফলা :- তিন ফলৰ সমাহাৰ;
শূলপাণি :- শূল আছে পানীত যাৰ ( মধ্যলোপী কৰ্মধাৰায় সমাস )
মহাপুৰুষ :- মহান যি পুৰুষ ( কৰ্মধাৰয় সমাস )
সত্যাগ্ৰহ :- সত্যাগ্ৰহ প্ৰতি আগ্ৰহ ( নিত্য সমাস )
২/ সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা ।
উত্তৰ :- পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে । উদাহৰণ----
ৰক্তজবা ৰক্ত বৰনৰ যি জবা (কৰ্মধাৰায় সমাস)
সমস্তপদ ব্যাসবাক্য
৩/ সমাস কেই প্ৰকাৰৰ ? প্ৰতিটো প্ৰকাৰৰ নাম লিখি একোটিকৈ উদাহৰণ দিয়া ।
উত্তৰ :- সমাস প্ৰধানতঃ চাৰি প্ৰকাৰৰ
(১) দ্বন্দ সমাস উদাহৰণ :- বুঢ়া-বুঢ়ী বুঢ়া আৰু বুঢ়ী
(২) অব্যয়ীভাব সমাস উদাহৰণ :- উপগ্ৰহ সদৃশ
(৩) তৎপুৰুষ সমাস উদাহৰণ :- গুৰুভক্তি গুৰুলৈ ভক্তি
(৪) বহুব্ৰীহি সমাস উদাহৰণঃ চক্ৰপাণি চক্ৰ আছে পানীত যাৰ
সন্ধি
১/ তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা । [2016]
বিদ্যালয় , চন্দ্ৰোদয়, যদ্যপি , নমস্কাৰ
উত্তৰ :-
বিদ্যালয় = বিদ্যা + আলয় ; চন্দ্ৰোদয় = চন্দ্ৰ + উদয় ;
যদ্যপি = যদি + অপি ; নমস্কাৰ = নম + কৰা ।
২/ সন্ধি কাৰ বোলে ? ই কেই প্ৰকাৰৰ ? উদাহৰণ দিয়া ।
উত্তৰ :- ওচৰা - উচৰিকৈ দুটা শব্দ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে ।
সন্ধি তিনি প্ৰকাৰৰ ১/ স্বৰসন্ধি ২/ ব্যঞ্জন সন্ধি ৩/ বিসৰ্গ সন্ধি বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে ।
সন্ধি তিনি প্ৰকাৰৰ ১/ স্বৰসন্ধি ২/ ব্যঞ্জন সন্ধি ৩/ বিসৰ্গ সন্ধি ।
(১) স্বৰসন্ধি দেৱ + অসুৰ = দেৱাসুৰ
(২) ব্যঞ্জন সন্ধি দিক্ + অন্ত = দিগন্ত
(৩) বিসৰ্গ সন্ধি নিঃ + আকাৰ = নিৰাকাৰ
৩/ সমাস আৰু সন্ধিৰ মাজত পাৰ্থক্য লিখা ।
উত্তৰ:- (১) সন্ধিৰ বৰ্ণৰ লগত বৰ্ণৰ মিলন হয় আনহাতে সমাস পদৰ লগত পদৰ মিলন হয় ।
(২) সন্ধিত বৰ্ণৰ মিলনৰ ভেটি হ'ল উচ্চাৰণ; অৰ্থাৎ সন্ধিৰ ব্যৱহাৰ ঘাইকৈ উচ্চাৰণৰ সুবিধাৰ কাৰণে । আনহাতে সমাসৰ পদৰ মিলন ভেটি হ'ল অৰ্থ; অৰ্থাৎ সমাসৰ ব্যৱহাৰ ঘাইকৈ শুনিবলৈ শুৱলা কৰি চুটিকৈ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে ।
(৩) সন্ধিত বিভক্তি লোপ নহয়; যেনে গৰু + এ = গৰুৱে । কিন্ত সমাসত প্ৰতিটো পদৰ বিভক্তি লোপ হৈ সমস্ত পদতহে বিভক্তি যুক্ত হয় ।
৪/ সন্ধি ভাঙাঃ
হিমালয় , তন্ময় , মানৱাত্মা , মোহান্ধ , হিমাদ্ৰি , সংস্কৃতি , সমন্বয় , ভাৰাক্ৰান্ত , সন্মত ।
উত্তৰ :-
হিমালয় = হিম + আলয় ; তন্ময় = তৎ + ময়
তদ্ৰুপ = তৎ + ৰূপ; মানৱত্মা = মানৱ + আত্মা
মোহান্ধ = মোহান্ধ + অন্ধ ; হিমাদ্ৰি = হোম + অগ্নি
সংস্কৃতি = সম + কৃতি; সমন্বয় = সম + অন্বয়
সম্বন্ধ = সৎ + বন্ধন ; ভাৰাক্ৰান্ত = ভাৰ + আক্ৰান্ত
সন্মত = সৎ + মত ।
৫/ 'নমস্কাৰ' শব্দটো সন্ধি ভাঙিলে এনে হ'ব নমঃ + কাৰ । এনে চাৰিটা শব্দ লিখি সন্ধি কৰা ।
উত্তৰ :- পৰিস্কাৰ = পৰিঃ + কাৰ ।
আৱিস্কাৰ = আৱিঃ + কাৰ ।
বহিস্কাৰ = বহি + কাৰ ।
তিৰস্কাৰ = তিৰস্কাৰ + কাৰ।
জাতিষ্কাৰ = জাতাঃ + কাৰ ।
বাক্য পৰিবৰ্তন
১/ তলৰ মিশ্ৰবাক্যটো সৰল বাক্যলৈ পৰিবৰ্তন কৰা । [HSLC ' 2016]
'যিসকল ব্যকৰণ মনপুতি পঢ়ে , তেওঁলোকে ভাষাটো ভালকৈ জানে ।'
উত্তৰ :- ব্যকৰণ মনপুতি পঢ়াসকলে ভাষাটো ভালকৈ জানে ।
২/ বাক্য পৰিবৰ্তন বুলিলে কি বুজা ?
উত্তৰ :- বাক্য সমুহক অৰ্থৰ কোনো পৰিবৰ্তন নকৰাকৈ এটি প্ৰকাৰৰ পৰা আন এটি প্ৰকাৰলৈ পৰিবৰ্তন কৰাকে বাক্য পৰিবৰ্তন বোলে ।
উদাহৰণ :- কিতাপ পঢ়া সময়ত হাই - উৰুমি নকৰিবা । সৰল বাক্য ) যি সময়ত কিতাপ পঢ়া , সেই সময়ত হাই - উৰুমি নকৰিবা (মিশ্ৰ বাক্য )
৩/ মিশ্ৰ বা জটিল বাক্যলৈ নিয়াঃ
(ক) কিতাপ পঢ় সময়ত হাই - উৰুমি নকৰিবা ।
উত্তৰ :- যেতিয়া কিতাপ পঢ়া, তেতিয়া হাই - উৰুমি নকৰিবা ।
(খ) বিদ্যাহীন লোক পশুৰ তুল্য ।
উত্তৰ :- যিসকল লোক বিদ্যাহীন, তেওঁলোক পশুৰ তুল্য ।
৪/ সৰল বাক্যলৈ নিয়া :
(ক) কেৱল ধনেই নহয় সমাজৰ কাম কৰিবলৈ মনো লাগিব ?
উত্তৰ :- সমাজৰ কাম কৰিবলৈ ধনৰ লগতে মনো লাগিব ।
(খ) মই যেতিয়া পঢ়োঁ, সি তেতিয়া খেলে ।
উত্তৰ :- মই পঢ়া সময়ত সি খেলে ।
(গ) ল'ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ'ল ।
উত্তৰ :- ল'ৰাটোৱে ভাত খাই স্কুললৈ গ'ল ।
৫/ যৌগিক বাক্যলৈ নিয়া :
(ক) ল'ৰাটো ভাত খাই স্কুললৈ গ'ল ।
উত্তৰ :- ল'ৰাটোয়ে ভাত খালে আৰু স্কুললৈ গ'ল ।
(খ) সি কামটো কৰি লৰালৰিকৈ গুচি গ'ল ।
উত্তৰ :- সি কামটো কৰিলে আৰু লৰালৰিকৈ গুচি গ'ল ।
(গ) ল'ৰাজন দুখীয়া হ'লেও সৎ ।
উত্তৰ :- ল'ৰাজন দুখীয়া কিন্ত সৎ ।
ণত্ব আৰু ষত্ব বিধি
১/ তলৰ যি কোনো দুটা শব্দৰ 'ণ' বা 'ষ' হোৱাৰ কাৰণ লিখা ।
প্ৰতিষ্ঠা , বৰুণ , বৰ্ষ , তৃণ [HSLC 2016]
উত্তৰ :- প্ৰতিষ্ঠা :- প্ৰতি' উপসৰ্গৰ পিছত থকা 'স্হা' ধাতুৰ 'স' 'ষ' হয় ।
বৰুণ :- একেটা পদতে থকা ঋ, ৰ, ষ-ৰ পাছত 'ন' মূৰ্দ্ধণ্য 'ণ' হয় ।
বৰ্ষ :- একোটা পদতে থকা ঋ, ৰ, ষ-ৰ পাছত দন্ত্য 'স' মূৰ্দ্ধণ্য 'স' হয় ।
তৃণ :- একেটা পদত থকা ঋ, ৰ, ষ-ৰ পাছত দন্ত্য 'ন' মূৰ্দ্ধণ্য 'ণ' হয় ।
২/ ণত্ব বিধি কাক বোলে ? ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া ।
উত্তৰ :- যি বিধি মতে 'ন' 'ণ' হয় তাকে ণত্ব বিধি বোলে । ণত্ব বিধিৰ নিয়ম --
(১) ঋ, ৰ, ষ ৰ পিছত থকা 'ন' 'ণ' হয় । উদাহৰণ -- ঋণ ।
(২)'ট' বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে 'ন' 'ণ' হয় । উদাহৰণ-- কণ্ঠ ।
৩/ ষত্ব বিধি কাক বোলে ? ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া ।
উত্তৰ :- যি বিধি মতে 'স' 'ষ' হয় তাকে ষত্ব বিধি বোলে । ষত্ব বিধিৰ দুটা নিয়ম--
(১) 'ঋ' , 'ৰ' , 'ক' , ৰ পিছতে 'ষ' হয় । উদাহৰণ-- কৃষি ।
(২) 'ট' বৰ্গৰ বৰ্ণ 'ট' আৰু 'ঠ' ৰ লগত যুক্ত হ'লে 'স' 'ষ' হয় । উদাহৰণ :- দুষ্ট , ষষ্ঠ ।
৪/ তলত দিয়া শব্দকেইটাৰ 'ষ' আৰু 'ণ' কিয় প্ৰয়োগ হৈছে লিখা ।
সম্ভাষণ , অন্বেষণ ,গৱেষণা , অৱতাৰণ ।
উত্তৰ :- সম্ভাষণ :- 'ষ'ৰ পাছত থকা 'ন' 'ণ' হৈছে ।
অন্বেষণ :- 'ষ'ৰ পাছত থকা 'ন' 'ণ' হৈছে ।
গবেষণা :- 'ষ'ৰ পাছত থকা 'ন' 'ণ' হৈছে ।
অৱতাৰণ :- 'ৰ' ৰ পাছত থকা বাবে 'ন' 'ণ' হৈছে ।
৫/ মূৰ্দ্ধণ্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱা :
ওৰণি, পোৰণি ম, পুৰণা, আড়ম্বৰপূৰ্ণ
উত্তৰ :- ওৰণি -- 'ঋ' 'ৰ' আৰু 'ষ'ৰ পাছত দন্ত্য-ন সদায় - ণ হয় ।
পোৰণি -- 'ঋ' 'ৰ' আৰু 'ষ' পাছত দন্ত্য-ন সদায় মূৰ্দ্ধণ্য-ণ হয় ।
পুৰণা -- 'ঋ' 'ৰ' আৰু 'ষ'ৰ পাছত দন্ত্য-ন সদায় মূৰ্দ্ধণ্য-ণ হয় ।
আড়ম্বৰপূৰ্ণ -- ৰেফৰ লগত সদায় মূৰ্দ্ধণ্য-ণ হয় ।
যতি চিহ্নৰ ব্যবহাৰ
১/ যথাস্থানত যতি চিহ্ন বহুওৱা । [HSLC ' 2016]
দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিয়ঁহ কিনি আনে ।
উত্তৰ :- দেউতাই বজাৰৰ পৰা প্ৰায়ে আম , আপেল , আনাৰস আৰু তিয়ঁহ কিনি আনে ।
২/ 'যতি' কাক বোলে ? বুজাই লিখা ।
উত্তৰ :- উচ্চাৰণৰ সময়ত জিভাৰ বিৰামৰ নাম যতি বা ছেদ । কথাৰ মাধুৰ্য ৰাখিবলৈ আৰু লয়যুক্ত কৰিবলৈয়ো বিৰামৰ আৱশ্যক হয় । এই বিৰামকে যতি বা ছেদ বুলি কোৱা হয় । এই বিৰাম বুজোৱাৰ বাবে ব্যৱহাৰ কৰা চিহ্নবোৰকেই যতি চিহ্ন বোলা হয় । এই যতি চিহ্নবোৰ দিয়া থাকিলে এটা বাক্য পঢ়া আৰু বুজি পোৱাত বিশেষ সুবিধা হয় ।
খণ্ডবাক্য / জতুৱা - ঠাঁচ
১/ তলৰ খণ্ডবাক্য আৰু জতুৱা - ঠাঁচেৰে বাক্য কৰাঃ
ৰমকজমক , উলহ - মালহ , ডলাৰ বগৰী , তলা - নলা । [HSLC '2016]
উত্তৰ :- ৰমকজমক :- দেৱালীত গোটেই ঠাইখন ৰমকজমক হৈ উঠিছিল ।
উলহ - মালহ :- (উছাহ উদ্দীপনা) ধনৰ অভাৱৰ বাবে মীনাৰ বিয়াখন উলহ - মালহেৰে পাতিব পৰা নহ'ল ।
ডলাৰ বগলী :- ( স্থিতিহীন স্বভাৱৰ ) : ডলাৰ বগৰী হৈ ঘুৰি ফুৰা কাৰণে তুমি তোমাৰ জীৱনত উন্নত কৰিব নোৱাৰিলা ।
তলা-নৰা ( আঁতি-গুৰি ) :- কোনো ঘটনাৰ বিষয়ে তলা-নলা নজনাকৈ মন্তব্য দিয়া অনুচিত ।
২/ খণ্ডবাক্য আৰু জতুৱা ঠাঁচ বুলিলে কি বুজা আলোচনা কৰা ।
উত্তৰ :- কোনো এটা বাক্যত দুটা ততোধিক শব্দ লগ লাগি হোৱা গোট একোটা শব্দৰ নিচিনা ব্যৱহাৰ হ'লে , সেই সেই শব্দৰ গোটটোকেই একোটা খণ্ডবাক্য বাক্য কোৱা হয় ।
উদাহৰণস্বৰূপে :- ফুলথকা গামোচাখন দিয়া -- এই বাক্যটোত ফুল আৰু থকা -- এই শব্দ দুটাৰে গঠিত গোটটো হৈছে ' ফুলথকা ' আৰু ই বিশেষণ ৰূপে ব্যৱহূত হৈছে । সেয়ে 'ফুলথকা' এই গোটটোক একোটা খণ্ডবাক্য বুলি কোৱা হয় ।
৩/ তলত উল্লেখ কৰা জতুৱা ঠাঁচবোৰৰ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা ।
উত্তৰ :- (১) অজীন পাতকী :- ( কাৰ লগত মিলিব নোৱাৰা লোক ) সি অজীন পাতকী বাবে কাৰো লগত প্ৰিয় হ'ব নোৱাৰে ।
(২) অহুকাণে পহুকাণে :- ( অ'ৰ-ত'ৰ পৰা ) তাৰ বিয়াৰ খবৰটো অহুকাণে - পহুকানে গম পাইছে ।
(৩) আঁচলৰ ধন :- ৰমেন মাক - দেউতাকৰ আঁচলৰ ধন আছিল ।
(৪) আকাশত চাং পতা :- ( অস্বাভাৱিক কল্পনা কৰা ) আকাশত চাং পতা কথাবোৰেৰে পেট নভৰে ।
(৫) আঁঠু লোৱা :- ( শৰণাপন্ন হোৱা ) ভুল কৰিছিল যেতিয়া মাষ্টৰৰ ওচৰত আঁঠু ল'বলৈ লাগিব ।
(৬) আঁঠুৱা তলৰ মহ :- ( সমুলি পৰৰ অধীন হোৱা ) আঁঠুৱা তলৰ মহ হোৱা বাবে সি নিবিচৰাকৈ মিছা কথা ক'বলগীয়া হ'ল ।
(৭) আভুৱা ভৰা :- ( প্ৰবঞ্চনা কৰা ) কাম কৰিবলৈ আহিম বুলি আগতিয়াকৈ পইচা নি তাই মোক আভুৱা ভৰিলে ।
(৮) অজৌ গছত বজৌ গুটি :- ( অতি দুষ্ট ) নতুনকৈ স্কুলত অহা ল'ৰাটো অজীন গছৰ বজৌ গুটি দেই ।
(৯) আলাসৰ লাৰু :- ( অতি মৰমৰ ) সিহঁতৰ আলাসৰ লাৰু একমাত্ৰ সন্তানটোক ভগবানে কাঢ়ি নিলে ।
(১০) অলপ পানীৰ মাছ :- ( দুৰ্বল শত্ৰুক কেতিয়াও অলপ পানীৰ মাছ বুলি লাই নিদিবা ।
(১১) উঠিপৰি লাগ :- ( অহোপুৰুষাৰ্থ কৰ ) আটায়ে উঠিপৰি লাগি কামটো কৰিলেহে সমাধা হ'ব ।
(১২) উৰহীৰ ওৰ :- ( কেনো কথাৰ প্ৰকৃত ৰহস্য ) তোমাৰ কথাখিনি শুনিহে মই উৰহীৰ ওৰ ধৰিব পাৰিলোঁ ।
(১৩) ঊনৈশত বা বলা :- ( আনন্দত ঘুৰি ফুৰা ) নতুন গাড়ী পাই তাৰ ঊনৈশত বা বলিছে ।
(১৪) একাদশত বৃহস্পতি :- ( ভাগ্য সুপ্ৰসন্ন হোৱা ) তাৰ একাদশত বৃহস্পতি হোৱা বাবে জয়জয় ময়ময় হ'ব লাগিছে ।
(১৫) এলাইবাদু :- ( কোনো কামৰ নোহোৱা ) এলাইবাদু হৈ সি কিদৰে কামটো পালেনো ।
(১৬) কথা চহকী :- ( বেছিকৈ কথা কোৱা লোক ) ইমান কথা চহকী বাবে তেওঁক মোৰ ভাল নালাগে ।
(১৭) কুন্দত কটা :- ( অতি ধুনীয়া ) এই বদনাম ল'ৰাটোৱে এইহেন কুন্দত কটা ছোৱালীজনী লৈ আছিল ।
(১৮) কাঁহ পৰি জিন যোৱা :- ( নিজম নিস্তব্ধ হোৱা ) শংকৰদেৱে কথা কোৱাত ৰজা নৰনাৰায়ণৰ ৰাজসভা কাঁহ পৰি জিন গৈছিল ।
(১৯) কাঠ সংস্কাৰ কৰা :- ( মৃতকৰ সংস্কাৰ কৰা ) কোনো নাছিল বাবে ওচৰ-চুবুৰীয়াই তেওঁৰ কাঠ সংস্কাৰ কৰিলে ।
(২০) খাই পাত ফলা :- ( অশলাগী ) তই খাই পাত ফলা লোক বাবেই মোৰ বিপদত এবাৰ দেখা নিদিলি ।
(২১) গাই-বাট চা :- ( চেষ্টা কৰি চা ) এইবাৰ গাই-বাই চাই কামটো সমাধা কৰিবা ।
(২২) গাখীৰতে ম'হৰ খুঁটি :- ( শুভদিন উপস্থিত হোৱা ) নতুন গাড়ী লৈছেহে; চাকৰিটো হাতত লাগিল তাৰ গাখীৰতে ম'হৰ খুঁটি ।
(২৩) গোজেই গজালি মেলা :- ( অস্থায়ী স্থায়ী হৈ পৰা ) বিভিন্ন প্ৰান্তৰ পৰা লোক আহি অসমত গোজেই গজালি মেলিছে ।
(২৪) চকুৰে সৰিয়হ ফুল দেখা :- ( বহুত কষ্ট পোৱা ) মানুহৰ মাৰত ল'ৰাটোৱে চকুৰে সৰিয়হ ফুল দেখিছে ।
(২৫) চকুৰ ভেকুলী :- ( একো নজনা লোক ) আজিৰ যুগত তোৰ দৰে চুকৰ ভেকুলীৰ কোনো মূল্য নাই ।
(২৬) চালে চকু ৰোৱা :- ( বৰ ধুনীয়া ) তুমি ঘৰটো সঁচাকৈয়ে চালে চকু ৰোৱাকৈ তৈয়াৰ কৰিছা ।
(২৭) জয়দেউ কাকূতি :- ( বৰকৈ মিনতি ) জয়দেউ কাকূতি কৰিও সৰু ছোৱালীজনীয়ে তাইৰ পৰা ৰক্ষা নাপালে ।
(২৮) জাকত জিলিকা :- ( চকুত লগা ) তিৰোতা গৰাকী সুন্দৰ সাজ পাৰেৰে জাকত জিলিকা হৈ পৰিছে ।
(২৯) টিঙিৰি তুলা :- ( বৰ খঙাল ) ইমান টিঙিৰি তুলা হৈ ধৈৰ্য নেহেৰুৱাবি ।
(৩০) টুপাই বুৰ মাৰ :- ( ফাঁকি দিয়া ) বিপদত পৰিলে টকা ধাৰলৈ দিম বুলি সময়ত সি টুপাই বুৰ মাৰিলে ।
(৩১) ডলাৰ বগৰী :- ( থান - থিত নপৰা ) ডলাৰ বগৰী হৈঘূৰি ফুৰিলে তোৰ ক'ৰ সংস্থাপন হ'ব ।
(৩২) ডাং-কটা :- ( অতি দুষ্ট ) সেই তিৰোতাজনী বৰ ডাং কটা দেই ।
(৩৩) ঢৌতে খৰ মাৰ :- ( জঞ্জালৰ মাজতো সময় উলিওৱা ) আপুনি ঢৌতে খৰ মাৰি কামটো কৰি দিয়া বাবে ধন্যবাদ ।
(৩৪) ঢোলৰ লগত টেমেকা :- ( লগত এনেয়ে লগৰী হোৱা ) ঢোলৰ লগৰ টেমেকা হৈ সি মন্ত্ৰীৰ পিছত ঘুৰি ফুৰে ।
(৩৫) তৰা নৰা ছিঙি :- ( বৰ বেগেৰ ) খবৰটো শুনি সি তৰা নৰা ছিঙি দৌৰিব লগিল ।
(৩৬) তলি উদং :- ( একো নথকা ) ঘৰখনৰ ইমান তলি উদং কৰিব ৰাখিব লাগেনে ?
(৩৭) থৰকাছুটি এৰ :- ( বিতত হোৱা ) প্ৰকাণ্ড সাপটোৱে তাৰ থৰকাছুটি এৰালে ।
(৩৮) তিতা কেঁহা লগা :- ( আমনিদায়ক হৈ পৰা ) একেটা কাম কৰি কৰি তাৰ হেনো তিতা কেঁহা লাগিছে ।
(৩৯) তেজক পানী কৰ :- ( অতি পৰিশ্ৰম কৰা ) তেজক পানী কৰি টকাখিনি উপাৰ্জন কৰিছিল ।
(৪০) ধোৱাখুলীয়া :- ( অতি খৰছী ) ধোৱাখুলীয়া লোকৰ উন্নতি নাই ।
(৪১) নলে গলে লগা :- ( অতি বন্ধু ) নলে গলে লগা বন্ধু হৈও ৰাজুই তাক বিশ্বাসঘাতকতা কৰিলে ।
(৪২) নপতা ফুকন :- ( নিজে নিজে ডাঙৰ মানুহ হোৱা ) সি নপতা ফুকনটো হৈ থাকিলে ক'ত আদৰ পাব ।
(৪৩) পানীৰ তলৰ কাঁইট :- ( অজান শত্ৰু ) তাক পানীৰ কাঁঐট বুলি ভবা নাছিলো দেই ।
(৪৪) পোটক তোল :- ( প্ৰতিশোধ লোৱা ) এইবাৰ তাৰ পোটক তুলিহে এৰিম ।
(৪৫) ফুটুকাৰ ফেন :- ( অসাম ) ইমান তাইক বজালোঁ , সকলো ফুটুকাৰ ফেন হ'ল ।
(৪৬) বিধি পথালি :- ( কানত বাধা ) কবিতাৰ বয়াখন হ'ল ।
(৪৭) বিনা মেঘে বজ্ৰপাত :- ( বিপদ উপস্থিত ) একমাত্ৰ উপাৰ্জনক্ষম মানুহটো ঢুকালত সিহঁতৰ বাবে বিনা মেঘে বজ্ৰপাত যেন লাগিল ।
(৪৮) বিৰ দি বাট নোপোৱা :- ( বহুত মানুহ উপস্থিত হোৱা ) ৰাসত অনুষ্ঠিত হোৱা থিয়েটাৰ ভগাৰ লগে লগে ৰাস্তাত বিৰ দি বাট নোপোৱা হ'ল ।
(৪৯) বুকুৰ কুটুম :- ( অতি মৰমৰ ) ৰিমি অতি কম দিনৰ ভিতৰতে মোৰ বুকুৰ কুটুম হৈ পৰিল ।
(৫০) ভাত উঠা :- ( আয়ুস নাইকিয়া হোৱা ) বেমাৰ যিমানেহে লাগিছে এতিয়া ভাত উঠিব যেনেহে পাওঁ ।
বিপৰীতাৰ্থক শব্দ
১/ বিপৰীত শব্দ লিখা :
উত্তৰ :-
শব্দ বিপৰীত শব্দ শব্দ বিপৰীত শব্দ
হৰ্ষ :- বিষাদ আৱাহন :- বিসৰ্জন
উপকাৰ :- অপকাৰ উজনি :- নামনি
স্থাৱন :- অস্থাৱৰ স্বাধীন :- পৰাধীন
সম্পদ :- বিপদ দুৰ্বল :- সবল
জন্ম :- মৃত্যু আনন্দ :- নিৰানন্দ
উদয় :- অস্ত আকৰ্ষণ :- বিকৰ্ষণ
অনুকূল :- প্ৰতিকূল ওখ :- চাপৰ
নিষ্কৰ্মা :- সকৰ্মক ক্ৰটি :- শুদ্ধ
সহযোগিতা :- অসহযোগিতা কেঁচা :- পকা;
দেশহিতৈষিতা :- দেশদ্ৰোহিতা গধূলি :- পুৱা
পোহৰ :- অন্ধাৰ; শান্তি :- অশান্তি
২/ নঞাৰ্থক শব্দ গঠন কৰা :
শান্ত, চিনাকি , সহায় ।
উত্তৰ :- শান্ত :- অশান্তি , চিনাকি :- অচিনাকি , সহায় :- অসহায় ।
সমাৰ্থক শব্দ
১/ এটাকৈ সমাৰ্থক শব্দ লিখা : [HSLC ' 2016]
আচমান , বিটপী , হাত , বতাহ
উত্তৰ :- আচমান :- আকাশ ; বিটপী :- গছ, বিৰিখ ; হাত :- হস্ত ; বতাহ :- সমীৰ ।
২/ সমাৰ্থক শব্দ কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰ :- এটা শব্দই ভিন ভিন অৰ্থ বুজাব পাৰে একে অৰ্থ বুজাব পৰা একাধিক শব্দ ভাষাত থাকিব পাৰে । একে অৰ্থ বুজোৱা এনেকুৱা শব্দবোৰকেই সমাৰ্থক শব্দ বোলে । যেনে :-
(ক) পৃথিৱী :- বসুন্ধৰা , বসুমতী , ধৰনী , মেদিনী , ধৰা , ধৰিত্রী , ভূ ।
(খ) ৰাতি :- নিশা , ৰজনী , যামিনী , বিভাৱৰী , আদি ।
৩/ সমাৰ্থক শব্দ এটাকৈ লিখা :
চিন্তো , ঘাট , পিৰীতি , আচমান , পানী , অগ্নি , খোদা , ৰচুল , জোন , ঘৰ , চৰা , দাহ , উভতি ।
উত্তৰ :-
চিন্তো :- চিন্তা কৰা , ভাবা , পিৰীতি :- প্ৰীতি , আনন্দ ,
পানী :- জল , আচমান :- আকাশ ,
খোদা :- আল্লা , অগ্নি :- জুই ,
জোন :- চন্দ্ৰ ; ৰচুল :- পয়গম্বৰ ,
চৰা :- বেছি ; ঘৰ :- গৃহ ,
উভতি :- ঘুৰি , দাহ :- দহন ,
উভতি :- ঘূৰি ,।
৪/ সমাৰ্থক শব্দ লিখা :
কাৰ্যকৰী , প্ৰকৃত , সাম্য , আনমনা , অৰ্থকৰী , দুৰ্দিন , কাপ , কাকত ।
উত্তৰ :-
কাৰ্যকৰী :- প্ৰায়োগিক ; প্ৰকৃত :- সঠিক
সাম্য :- সুস্থিৰ ; আনমনা :- অন্যমনস্ক
অৰ্থকৰী :- ধনলাভকাৰী; দুৰ্দিন :- বেয়া দিন
কাপ :- কলম ; কাকত :- কাগজ ।
৫/ সমাৰ্থক শব্দ লিখা :
উত্তৰ :-
পৃথিৱী :- ধৰণী ধৰিত্রী নিশা :- ৰাতি , ৰজনী
মেন :- ডাৱৰ , নীৰদ ৰজা :- নৰপাল , নৃপতি
ৰাতি :- যামিনী , নিশা নদী :- স্ৰোতস্বিনী , প্ৰৱাহিনী
পানী :- নীৰ , জল দিন :- দিৱস , দিবা
বতাহ :- অনিল , সমীৰ গছ :- বৃক্ষ , তৰু
গুহা :- গহ্বৰ , ধৰা :- ধৰিত্রী , বসুমতী
ধন :- টকা-পইচা দুখ :- কষ্ট , পীড়া
৬/ তলৰ দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ।
ত্ৰাণ , শাৰদ , কামিনী , মুকুতি , প্ৰাণ , সাগৰ , নাৱ ।
উত্তৰ :-
চন্দ্ৰ :- শশী কামিনী :- সুন্দৰী
মুকুতি :- মুক্তি প্ৰাণ :- আত্মা
সাগৰ :- সমুদ্ৰ নাৱ :- নৌকা
৭/ তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা :
নিপুন , সহস্ৰ , বিস্তাৰ , বাদ্য , সদৃশ , চৰ্ম , কৰ - চৰণ , বিমঙ্গল , শ্ৰুতি , বান্ধৱ
উত্তৰ :-
নিপুন :- পাৰ্গত সম সহস্ৰ :- হেজাৰ
বিস্তৰ :- বহুত বাদ্য :- সংগীতৰ সঁজুলি
সদৃশ :- একে চৰ্ম :- চাল , চমৰা
শ্ৰুতি :- শ্ৰৱণ কৰ-চৰণ :- হাত-ভৰি
বান্ধৱ :- সখি বিমঙ্গল :- অমঙ্গল ।
এটা শব্দত প্ৰকাশ কৰা
১/ এটা শব্দত প্ৰকাশ কৰা : [HSLC ' 2016]
(i) যি কণীৰ পৰা জন্মে ।
উত্তৰ :- অণ্ডজ ।
(ii) যি আগেয়ে হোৱা নাই ।
উত্তৰ :- অভূতপূৰ্ব ।
(iii) একে গুৰুৰ শিষ্য ।
উত্তৰ :- সতীৰ্থ ।
(vi) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে ।
উত্তৰ :- অকৃতজ্ঞ ।
২/ এটা শব্দত প্ৰকাশ কৰা :
উত্তৰ :-
(১) অ'ত ত'ত ঘূৰি ফুৰা লোক :- অঘৰী , যাযাবৰ ।
(২) আগতে জন্ম লোৱা জন :- অগ্ৰজ ।
(৩) আনৰ ভাল দেখিব নোৱাৰা:- চকুচৰহা ,পৰশ্ৰীকাতৰ
(৪) আদিৰ পৰা শেষলৈকে :- আদ্যোপান্ত
(৫) আনৰ তলতীয়া হোৱা :- পৰাধীন
(৬) আঞ্জা খাবলৈ অনা কলপুলি :- পচলা ।
(৭) ইহলোক সম্পৰ্কীয় :- ঐহিক ।
(৮) একে মাকৰ সন্তান :- সহোদৰ ।
(৯) একে গুৰুৰ শিষ্য :- হৰিভকত
(১০) একে সময়ত হোৱা :- সমসাময়িক
(১১) একে সমান যি :- কান সমনীয়া ।
(১২) এবাৰ গুটি লাগি মৰা গছ :- ঔষধি ।
(১৩) আগতে নোহোৱা ঘটনা :-অভুতপূৰ্ব ।
(১৪) আগতে কোনোদিন নেদেখা
নুশুনা ঘটনা :- নাভুত-নাশ্ৰুত ।
(১৫) একে লগে ওপজা সন্তান :- যঁজা , যমজ ।
(১৬) কাঠৰ নিচিনা টান :- কঠুৱা ।
(১৭) কথা নোকোৱা মানুহ :- নিবোকা ।
(১৮) কথা বেছিকৈ কোৱা লোক :- কথাচহকী ।
(১৯) কণীৰ পৰা হোৱা :- অণ্ডজ ।
(২০) কাৰো লগত মিলিব
নোৱাৰা লোক :- অজীন-পাতকী ।
(২১) কথা কোৱাত বা বক্তৃতা
দিয়াত যি নিপুন :- বাগ্মী ।
(২২) খাৰণি সনা সৰিয়হৰ গুৰি :- খাৰলি ।
(২৩) খুউব ঠাণ্ডাও নহয় বা গৰমো নহয় :- নাতিশীতোষ্ণ
(২৪) গোটেই জীৱনজুৰি :- আজীৱন ।
(২৫) চোবাই খোৱা বস্তু :- চৰ্ব্য ।
(২৬) জলত থাকি যি :- জলজ ।
(২৭) ডেৰ বছৰত পোৱালী দিয়া গাই :- ডেৰেচী ।
(২৮) জন্তৰ নিচিনা :- জান্তৱ ।
(২৯) ঠেং নগজা ভেকুলী :- লালুকী ।
(৩০) দেউতাৰ সখিয়েক :- তাৱৈ ।
(৩১) তিনিটা চকু আছে যাৰ :- ত্ৰিনয়ন ।
(৩২) দুটা মাহৰ মাজৰ দিন :- দোমহী বা সংক্ৰান্তি ।
(৩৩) দুবছৰত পোৱালী দিয়া গাই :- দুৰচী ।
(৩৪) নাওৰ দৰে পেট যাৰ :- নাওপেটা ।
(৩৫) চেলেকি খোৱা বস্তু :- লেহ্য ।
(৩৬) স্থলত জন্ম যাৰ :- স্থলজ ।
(৩৭) বোকাত জন্ম যাৰ :- পঙ্কজ ।
(৩৮) বনলৈ গৈ খোৱা ভাত :- বনভোজ , বালিভাত ।
(৩৯) ভিক্ষা মাগিলে নোপোৱা দিন :- দুৰ্ভিক্ষ ।
(৪০) বিহুৰ আগদিনা :- উৰুকা ।
(৪১) গিৰীয়েক মৰা তিৰোতা :- বাঁৰী , বিধবা ।
(৪২) ঘৈনিয়েক মৰা মতা মানুহ :- বৰলা , বিপত্নীক ।
(৪৩) পীত বৰনীয়া অম্বৰ পিন্ধে যি :- পিতাম্বৰ ।
(৪৪) কাৰো নাম নোপোৱাকৈ দিয়া গালি :- গুৱালগালি ।
(৪৫) পনীয়া গাখীৰ দিয়া গাইগৰু :- জলাহী ।
(৪৬) ভাগি অহা লোক :- ভগনীয়া ।
(৪৭) শিশু কালৰে পৰা :- আশৈশৱ ।
(৪৮) শৰৎ কালত হোৱা অনুস্থান :- শাৰদীয় ।
(৪৯) বিদেশৰ পৰা অহা লোক :- বিদেশী ।
(৫০) শহাৰ দৰে কাণ যাৰ :- শহাকণীয়া।
পত্যয়
১/ তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা ।
শয়ন , খীৰতী , বাপতীয়া , দয়ালু , [HSLC '2016]
উত্তৰ :- শয়ন = শো + অন , খীৰতী = খীৰ + অতী ,
বাপতীয়া = বাপ + অতীয়া , দয়া + আলু ।
২/ প্ৰত্যয় বুলিলে কি বুজা ?
উত্তৰ :- যিবোৰ সৰ্গক মূল বা প্ৰকৃতিৰ লগত সংযোগ কৰি বিভিন্ন অৰ্থবাচক নতুন নতুন শব্দৰ সাধন কৰিব পাৰি সেইবোৰ সৰ্গকে শব্দ সাধনৰ সৰ্গ বা প্ৰত্যয় বোলে ।
উদাহৰণ :- কপাহ + ঈ = কপাহী ।
৩/ নিৰ্দেশাত্মক বা নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা ? উদাহৰণ দিয়া ।
উত্তৰ :- নিৰ্দিষ্টকৈ বুজাবলৈ বিশেষ্য শব্দৰ পাছত কিছুমান প্ৰত্যয় যোগ দিয়া হয় ।
এইবোৰক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে । উদাহৰণ :-
কোছা :- চুলিকোছা ; খিলা :- পাতখিলা ।
৪/ স্ত্ৰী প্ৰত্যয় কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰ :- অসমীয়া ভাষাত মাইকী বা স্ত্ৰী বুজাবৰ বাবে যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় , সেইবোৰকে স্ত্ৰী প্ৰত্যয় বোলা হয় । উদাহৰণ :- ঈ :- বান্ধৰী ।
অনী , নীৰদ :- বামুণী বা বামুণনী ।
৫/ কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰ :- যিবোৰ প্ৰত্যয় ধাতুৰ লগত যোগ হয় , সেইবোৰক কৃৎ প্ৰত্যয় বোলে ।
উদাহৰণ :-
কৰ :- আ = কৰা
ধাতু প্ৰত্যয়
যিবোৰ প্ৰত্যয় প্ৰাতিপদিকৰ লগত যোগ হয় , সেইবোৰক তদ্ধিত প্ৰত্যয় বোলে ।
উদাহৰণ :-
বন :- অনিল = বননি
প্ৰতিপাদিক প্ৰত্যয়
৬/ তলৰ যিকোনো পাঁচটা শব্দত কি প্ৰত্যয় যোগ হৈছে লিখা ।
গৰু , টেঙেচি , পানখিলা , পতিয়ান , বুধিয়ক , বাঘিনী , ৰূপহ ।
উত্তৰ :-
গৰু = গো + ৰূপ । টেঙেচি = টেঙা + চি ।
পানখিলা = পান + খিলা । পতিয়ন = পতিয়া + অন ।
বুধিয়ক = বোধ + ই + অক । বাঘিনী = বাঘ + নী ।
ৰূপহ = ৰূপ + হ ।
৭/ তলৰ যিকোনো পাঁচটা শব্দত কি প্ৰত্যয় যোগ হৈছে লিখা ।
বিহুৱা , কথকী , ৰূপহ , পতিয়ন , তলতীয়া , খাৱন , অঘাইত ।
উত্তৰ :- বিহুৱান = বিহু + উঠা ।
কথকী :- কথা + অক্ + ঈ ।
ৰূপহ :- ৰূপ + হ । পতিয়ন = পতিয়া + অন ।
তলতীয়া = তল + অতীয়া । খাৱন + খাৱন + অন্ ।
আঘাইত = অঘ = আইত্
ভুল বাক্যৰ শুধৰণি
১/ তলৰ ভুল বাক্যবোৰ শুদ্ধকৈ লিখা : [HSLC 2016]
(ক) মই তোমাক ৰখি থাকিম ।
উত্তৰ :- মই তোমাৰ বাবে ৰৈ থাকিম ।
(খ) আমি বজাৰ যাম ।
উত্তৰ :- আমি বজাৰলৈ যাম ।
(গ) চাৰিটা বজাৰ লগে লগে আমি যাম ।
উত্তৰ :- চাৰি বজাৰ লগে লগে আমি যাম ।
(ঘ) মই দশমমান শ্ৰেণীত পঢ়ো ।
উত্তৰ :- মই দশম শ্ৰেণীত পঢ়ো / মই দশমমানত পঢ়ো ।
(ঙ) তুমি যাবানে নাই ।
উত্তৰ :- তুমি যাবানে নোযোৱা ?
(চ) মোৰ মূৰ বিষাইছে ।
উত্তৰ :- মোৰ মূৰটো বিষাইছে ।
(ছ) শেৱালি ফুল ৰাতি ফুটে ।
উত্তৰ :- শেৱালি ফুল ৰাতি ফুলে ।
(জ) তোমাৰ মামা ঘৰত আছেনে ?
উত্তৰ :- তোমাৰ মোমায়েকৰা ঘৰত আছেনে ?
(ঝ) সি মোক গালি দিছে ।
উত্তৰ :- সি মোক গালি পাৰিছে ।
(ঞ) প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা ।
উত্তৰ :- প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি আহিবা ।
উপসৰ্গ / অনুসৰ্গ
১/ উপসৰ্গ আৰু অনুসৰ্গ একোটাকৈ উদাহৰণ দিয়া । [HSLC 2016]
উত্তৰ :- উপসৰ্গৰ উদাহৰণ : প্ৰ --- প্ৰকাশ ।
অনুসৰ্গৰ উদাহৰণ : এ --- ৰামে ।
২/ উপসৰ্গ কাক বোলে ? উদাহৰণ দি ব্যৱহাৰ দেখুওৱা ।
উত্তৰ :- প্ৰাকৃতিক বা আগত বহি অৰ্থভেদ কৰিব পৰা ধ্বনি বা সমষ্টিয়েই হৈছে উপসৰ্গ । প্ৰকৃতিৰ আগত বহে কাৰণেই 'উপ' । উপসৰ্গ এবিধ অব্যয় শব্দ মাথোন ।
যেনে --- প্ৰ, পৰা, অপ, সম, অনু, নি, ইত্যাদি কুৰিটা উপসৰ্গ আছে ।
৩/ অনুসৰ্গ কাক বোলে ? উদাহৰণ দি ব্যৱহাৰ দেখওৱা ।
উত্তৰ :- শব্দৰ পাছত বিভক্তি বা প্ৰত্যয়ৰ সমশক্তিৰে ব্যৱহাৰ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টিক অনুসৰ্গ বোলে । যেনে : ও, ই, হে, তো ইত্যাদি ।
৪/ তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা ।
অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল ।
উত্তৰ :- অনুৰাগ : অনু + ৰাগ ; অনুভৱ : অনু + ভৱ ।
অভিনয :- অভি + নয় ; প্ৰতিফল : প্ৰতি + ফল ।
সমাৰ্থক শব্দ
১/ সমাৰ্থক শব্দ লিখা : জুই, নিপুণ, [HSLC 2016]
উত্তৰ :- জুই : অগ্নি, বহ্নি ; নিপুণ : পাৰ্গত, দক্ষ ।
২/ তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ---
হৰিষ, পুষ্প , পক্ষী, ঈশ্বৰ, ক্ৰোধ, বায়ু ।
উত্তৰ :- হৰিষ : আনন্দ, স্ফূৰ্তি, হৰ্ষ ।
পুষ্প : ফুল, কুসুম ।
পক্ষী : চৰাই, বিহগ, পখী ।
ঈশ্বৰ : ভগৱান, দয়াময়, বিধাতা, আল্লা, কৰুণাময় ।
ক্ৰোধ : খং, ৰাগ ।
বায়ু : পৱন, অনিল সমীৰ, বতাহ, সমীৰণ ।
পুৰণি শব্দৰ আধুনিক ৰূপ
১/ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা :
পাতক, যাকেৰি, বিগুটীয়া [HSLC 2016]
উত্তৰ :- পাতক : পাপ ; যাকেৰি : যাৰ ; বিগুটীয়া : ঠাট্টা কৰা ।
২/ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা ---
বিগুটিয়া, সুমৰন্তে , চৌপৰ, তাসম্বাক, শুতিয়া, পিশা, তোম্ৰা, কৈলো, পুছিলে, ভৈলা, চড়িয়া, গড়ায় ।
উত্তৰ :-
বিগুটিয়া : ঠাট্টা সুমৰন্তে : সুঁৱৰি
চৌপৰ : চাৰি প্ৰহৰ তাসম্বাক : তেওঁলোকক
শুতিয়া : শুই পাশ : কাষ
তোম্ৰা : তমি কৈলো : কৰিলো
পুছিলা : সুধিলে ভৈলা : হ'ল
চড়িয়া : উঠি গড়ায় : গঢ়াই
৩/ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা :
উত্তৰ :-
হুয়া :- হে, কহা :- কোৱা, চক্ষু :- চকু
কৰিলা :- কৰিলে, চাঞো :- চাওঁ, মঞি :- মই,
বুলিলা :- কলে, খসি :- খহি, বুলিলা :- ক'লে,
ফুঙ্কিলা :- ফু দিলে, বাইলা :- বজালে, লহিবে :- ৰ'ব,
ৰহো :- ৰওঁ, কয়লি :- কৰিলে, সোহি :- সেই,
যোহি :- যি , যাকেৰি :- যিজনাৰ, ভেলহ :- হ,
বাক্য ৰচনা
১/ বাক্য ৰচনা কৰা :
বিৰহ-বেদনা, হাঁহি-কান্দোন, গীতে-গানে, সানি-পুতুকি, নিজান-নিজম, উদুলি-মুদূলি, দৌৰাদৌৰি, চিন-চাব, কথাবতৰা, বজাৰ-সমাহাৰ, উঠি-পৰি, ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বানিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা ।
উত্তৰ :-
বিৰহ-বেদনা :- স্বামীৰ মৃত্যুৰ বিৰহ-বেদনাই মানুহজনীক একেবাৰে জৰ্জৰিত কৰিলে ।
হাঁহি-কান্দোন :- হাঁহি-কানন্দোনৰ সমষ্টিয়ে মানুহৰ জীৱন ।
গীতে-গানে :- গীতে-গানে স্কল সমাপ্তহৰ সামৰণি পৰিল ।
সানি-পুতুকি :- ল'ৰাটোৰ ভাতখিনি মাকে সানি-পুতুকি দিলে ।
নিজান-নিজম :- প্ৰতিমাৰ বৰগীতে সকলোকে আপ্লুত কৰিছিল আৰু পৰিৱেশটো নিজান-নিজম হৈ গৈছিল ।
উদুলি-মুদুলি :- ৰাস উৎসৱৰ উদুলি-মুদুলি পৰিবশত
গোটেই মাজুলীবাসী মতলীয়া হৈ পৰিছে ।
দৌৰা-দোৰি :- গুৰুত্বপূৰ্ণ কামত বৰ বেছি দৌৰা-দৌৰি কৰিলে অথন্তৰ লগাৰ সম্ভাৱনা থাকে ।
চিন-চাব :- বহুত ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ অভাৱত বৰ্তমান চিন-চাব নোহোৱা হৈছে ।
কথা-বতৰা :- কদা-বতৰা পাতোতে আনৰ মতামতক গুৰুত্ব দিব লাগে ।
ৰজাৰ-সমাৰ :- দুৰ্গাপূজাৰ বাবে উৰ্মিমালাৰ দেউতাকে ৰজাৰ-সমাৰ কৰি আনিলে ।
উঠি-পৰি :- সমীৰে পৰীক্ষাৰ বাবে কৰা প্ৰস্তুতিৰ বাবে উঠি-পৰি লাগিছে ।
ভাষা-সংস্কৃতি :- অসমীয়া ভাষা-সংস্কৃতি বৈচিত্ৰ্যতাৰে ভৰপূৰ ।
CLASS 1O ASSAMESE QUESTION ANSWER
Group-A (বাধ্যতামূলক)
পদ্যাংশ
গদ্যাংশ
Group-B বৈকল্পিক
পদ্যাংশ
গদ্যাংশ
CLASS 10 GRAMMAR QUESTION ANSWER
• দশম শ্ৰেণীৰ ব্যাকৰণ'ৰ প্ৰশ্নোত্তৰ
CLASS 11 ASSAMESE QUESTION ANSWER