অৰণ্য যাত্রা পাঠটোৰ প্ৰশ্নোত্তৰ Class 10 Assamese Chapter 11 Answer

Class 10 Assamese Question Answer Chapter 11

পাঠ ১১ অৰণ্য যাত্রা

লিখক :- অনুৰাধা শৰ্মা পূজাৰী
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১/ চমুকৈ উত্তৰ লিখা :
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্য লৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল  ?
উত্তৰ  :- বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উপন্যাস নিয়াৰ সিধান্ত লোৱাৰ হৈছিল  ।
(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে ?
উত্তৰ  :- পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে ।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল  ?
উত্তৰ  :- বাচন - বৰ্তন ধোৱা , ঘৰৰ আচবাব ধূলি মচা , ঘৰ সৰা , নিজৰ কানি - কাপোৰ জাপি থোৱা , জোতা - মোজা পৰিষ্কাৰকৈ ৰখা আদি ঘৰুৱা কামবোৰ ছোৱালীৰ কাম বুলি পলে পাহিক কৈছিল   ।
(ঘ) লৰ্ড কাৰ্জন কোন ?
উত্তৰ  :- লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰয় আছিল  । তেওঁ ১৮৯৯ চনৰ পৰা ১৯০৫ চনলৈ ব্ৰিটিছ প্ৰশাসনৰ দায়িত্ব আছিল আৰু পূৰ্ববাংলা আৰু অসমৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰিছিল  ।
২/ ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল  ? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল  ?
উত্তৰ  :- ল'ৰা - ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক সুধিছিল যে ল'ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে । তায়ো ককায়েক পলৰ দৰেই পঢ়া - শুনা কৰে । কিন্ত পলে নিজৰ পিন্ধা কাপোৰ জাপি নথয় । জোতাযোৰ পৰিস্কাৰকৈ নাৰাখে , গা ধোৱাৰ পাছতেই তিতি থকা গামোচাখনো বিছনাতে পেলাই থৈ যায়  । কাৰণ পলে ভাবে যে এই কামবোৰ মাকে বা পাহিয়ে কৰি দিব ।
     পাহিৰ এই কথা শুনি মাকে উত্তৰ দিছিল যে ল'ৰা - ছোৱালীহালে যি বয়সত যিবোৰ কাম কৰিব পাৰে , সেই কাম বয়স অনুযায়ী তেওঁ দুয়োটাকে শিকাই আহিছে । কাৰন তেওঁলোকে পঢ়া - শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিব  , ধন উপাৰ্জন কৰিব  , কিন্ত নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব  । তেতিয়া কেতিয়াবা সময়েও তেওঁলোকক ঠগিব আৰু মানুহেও ঠগিব ।
৩/ প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?
উত্তৰ  :- প্ৰকৃতিৰ প্ৰতিজোপা গছৰ ৰং ভিন্ন  , পাতৰ আকাৰ ভিন্ন; তামোলগছৰ কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই , দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা - উচৰিকৈ মিলা - প্ৰীতিৰে থাকে । আকৌ কলগছজোপাৰ কাষতে থাকে নেমুগছজোপা; নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায় । প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে । প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ পাহিক আকৃষ্ট কৰে । 
৪/ কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল   ?
উত্তৰ  :- কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি পলক মাক - দেউতাকে কিছু উপদেশ দিছিল  । দেউতাকে কৈছিল  --- ' শিক্ষকৰ লগ নেৰিবা , যি কথা কয় , সেইমতে চলিবা ।' 
     মাকে কৈছিল  --- ' তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা , অৰণ্যৰ পৰা শিকিবলগা বহুত কথা আছে । যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় - বস্তুবোৰ চম্ভালিবা ।
৫/ ' কামত ল'ৰা - ছোৱালী বুলি ভাগ নাই । যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা ।' ---- এই কথাষাৰৰ বক্তা কোন ? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা ।  [ HSLC ' 2020  ]
উত্তৰ  :- ' কামত ল'ৰা - ছোৱালী বুলি ভাগ নাই । যেনেকে কাম ভাগ কৰি দিছো তেনেকৈ কৰা ।' এই কথাষাৰৰ বক্তা হ'ল পলহঁতৰ স্কুলৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা 
      পলহঁতৰ স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ  - ছাত্ৰীসকলক কাজিৰঙা ৰাষ্টীয় উদ্যানলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে নিয়া হৈছিল  । বেছ হুলস্থল আৰু গান - নাচ কৰি দুখন বাছ আগবাঢ়িছিল কাজিৰঙা অভয়াৰাণ্যৰ দিশে । দুয়োখন বাছৰ ল'ৰা - ছোৱালীবোৰে এইদৰে একেলগে সমনীয়াৰ সৈতে অহাৰ আনন্দ আগেয়ে পোৱা নাছিল  । বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ  - ছাত্ৰীৰ মাজৰ পৰা নেতা - নেত্ৰী পাতি দিলে । পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ  - ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ । নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ  । সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওক,  আমি সিহঁতক দিয়া কামটো কৰো , কাৰণ আমি ল'ৰা লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম ।
          আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে । কিন্ত অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি ক'লে যে কামত ল'ৰা - ছোৱালী বুলি ভাগ নাই । যেনেকৈ কামৰ ভাগ কৰি দিয়া হৈছে , তেনেকৈয়ে কৰা উচিত  । ছোৱালীসকলক যি কাম দিয়া হৈছিল তেওঁলোকে তাত আপত্তি কৰা নাই । তেওঁলোকক খাদ্য বিতৰণ কৰিবলৈ দিলেও কৰিব লাগিব  । অৰ্থাৎ , তেওঁলোকে দুয়োটা কাম ভালদৰে কৰিব পাৰিব । কিন্ত ল'ৰাহঁতেহে এটা কাম পাৰিলে আনটো নোৱাৰে বা কৰিব নোখোজে ।
৬/  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল - আফতাবহঁত কি বিপদত পৰিছিল  ? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল  ?
উত্তৰ  :- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমদিনাই পল, আফতাবহঁত এক ভয়ংকৰ বিপদত পৰিছিল  । গৈ পোৱাৰ দিনা দুপৰীয়া ভাত - পানী খাই প্ৰত্যেকেই নিৰ্দিষ্ট কোঠালিত বিছনাবোৰত শুই পৰিছিল  । পিছে পল , আফতাব আৰু সৌৰভে মনে মনে এক অন্য পৰিকল্পনা কৰি পেলাইছিল  । অইনসকলতকৈ তেওঁলোকে আগেয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গৈ জীৱ - জন্তু চাই অহাৰ পাং পাতিছিল ।
    যেনে কথা তেনে কাম । সিহঁত তিনিওটাই মনে মনে পিছফালৰ বাৰাণ্ডাৰে নামি বননিৰ ফালে গ'ল । দুটা সুবৃহৎ কোঠালিত ল'ৰা - ছোৱালীবোৰ পৃথকে আছিল  । সিহঁতৰ মাজৰ কিছুমান লগত লৈ অনা লুডু খেলত ব্যস্ত আছিল  , কিছুমান শুইছিল , কিছুমানে ৰং , কাগজ উলিয়াই ছবি অঁকাত ব্যস্ত আছিল  । কোনেও পল, আফতাবহঁতক লক্ষ্য নকৰিলে । 
     পলহঁতে সুবৃহৎ আবাসৰ পিছফালে গ'ল । পিছফালে এখন ডাঙৰ লোহাৰ জপনা আছিল,  যত শিকলিৰে বন্ধা আছিল  । সিহঁত তিনিওটাই জপনাখন বগাই পাৰ হৈছিল  । জপনাখন পাৰ হৈ সিহঁতে দেখিলে এখন ডাঙৰ বিল , বিলৰ সিপাৰে পথাৰ , পথাৰৰ সিপাৰে হাবি । মানুহ - দুনুহ নাই । দুৰৈত দুটামান জুপুৰিঘৰ । সিহঁত আটাইকেইটাৰে মন ৰোমাঞ্চিত হৈ পৰিল ।
   পলহঁতে তাত মেটেকাৰে ভৰি থকা এখন বিল দেখিলে আৰু তাৰ পাছত এখন বান্ধি থোৱা নাও দেখিলে । কিন্ত তাত কোনো নাৱৰীয়া নাছিল  ।
      এনে সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি নাৱত উঠাৰ হাবিয়াসে আটাইতকৈ মোহাচ্ছন্ন কৰি তুলিছিল  । ততাতৈয়াকৈ সিহঁত তিনিওটা বিলৰ কাষেৰে গৈ নাওখনত উঠিলগৈ  । নাওখন টুলুং - ভুটুং কৰিলে । আফতাবে নাওখন বান্ধি থোৱা ৰছীডাল নমস্কাৰ খুঁটিৰ পৰা খুলি পেলালে । ব'ঠাপাট পলেই হাতত ল'লে । নাওখন পানীৰ ওপৰতে লৰচৰ কৰি থাকিল  । পলে স্থিৰ পানীখিনিত সৰ্বশক্তিৰে ব'ঠা মাৰিলে । নাওখন লৰচৰ কৰি আগুৱাই গ'ল । আটাইকেইটাই স্ফুৰ্তিতে চিঞৰি দিলে ।
      কিন্ত কিছুদূৰ এইদৰে নাওখন গৈ মেটেকাৰ মাজত সোমাই পৰিল  । ইফালে নাওখনৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিলে । সিহঁতে জনা নাছিল যে নাওখনৰ তলিত ফুটা আছিল  ।
      সিহঁত তিনিওটাৰে অণ্ঠ - কণ্ঠ শুকাই গ'ল । কাৰণ সিহঁতৰ এজনেও ভালকৈ সাতুঁৰিব নাজানিছিল  । সিহঁত চিঞৰ  - বাখৰ আৰম্ভ কৰিলে ।
     ইয়াৰ লগে লগে নাৱৰ পানী সোমোৱা ফুটাটো জোতাৰে সজোৰে বান্ধ কৰাৰ চেষ্টা চলালে । সৌৰভ আৰু আফতাবে মেটেকাবোৰ ব'ঠাৰে গুচাই নাওখন পাৰলৈ আনিব খুজিলে যদিও ব্যৰ্থ হ'ল  । নাওখন একে ঠাইতে ঘুৰি থাকিল । প্ৰাণপনে সিহঁত তিনিওটাই চিঞৰি থাকিল । কিন্ত এই নিৰ্জন ঠাইলৈ কোন আহিব । নাওখনৰ ভিতৰৰ পানী সিহঁতে যেন কান্দিবলৈ পাহৰি গৈছে । এনেতেই সিহঁতে দেখিলে , পথাৰৰ মাজেৰে কেইজনমান ছোৱালী আহিছে সিহঁতৰ গাত বোকা , হাতত জাকৈ ।
     পলহঁতৰ চিঞৰ - বাখৰ শুনি ছোৱালীজনীয়ে বিলখনৰ মাজত সিহঁতক দেখি আচৰিত হ'ল  । আটাইকেইজনী দৌৰি আহি বিলখনৰ পাৰ পালেহি । ঠিক তেনেতেই নাওখন কাতি হৈ পল পানীত পৰিল । আফতাব আৰু সৌৰভে চিঞৰত গগণ ভেদিলে । দুজনী ছোৱালীয়ে তৎক্ষণাত বিলত জঁপিয়াই দিলে । সিহঁত সাতুৰি আহি বিলৰ পানীত জোলোকা - জোলোকে পানী খাই ডুবিব খোজা পলক টানি নি পাৰত লগাব খোজোতেই নাওখন সম্পূৰ্ণ কাতি হৈ গ'ল । এইবাৰ আফতাব আৰু সৌৰভ পানীত পৰিল ।
     এই সমগ্ৰ ঘটনাটো বিলৰ পাৰৰ পৰা বেছি দূৰৈত নাছিল বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে । বহু দেখি পানীত ডুবি পলে যথেষ্ট পানী খাইছিল  । সেয়ে পলক ওভোতাই তাৰ পেটৰ পৰা ছোৱালীজনীয়ে পানী উলিয়ালে । পলে চকু মেলিলত , ছোৱালীজনীয়ে আটাইকেইজন ল'ৰাকে গালি - শপনি পাৰিলে । কিন্ত ছোৱালীজনী যথেষ্ট মৰমিয়াল আছিল  । সিহঁতে পলহঁতক ভবিষ্যতে এনে কাম নকৰিবলৈ উপদেশ দি আঁতৰি গৈছিল  ।
৭/ শিক্ষক - শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল  ?
ইয়াৰ পিছত পৰিস্থিতি কি হ'ল বহলাই লিখা ।
উত্তৰ  :- অৰণ্য দৰ্শনৰ কাৰ্যসূচীৰ হাতত লৈ কাজিৰঙা অভয়াৰাণ্যত উপস্থিত হোৱাৰ প্ৰথমদিনাই দুপৰীয়াৰ আহাৰৰ পিচত পল , আফতাব আৰু সৌৰভে শিক্ষক - শিক্ষয়িত্ৰী তথা আন ছাত্ৰ  - ছাত্ৰীৰ অগোচৰে তেওঁলোকৰ আবাসৰ পিছফালে থকা বিল এখনৰ পাৰলৈ গৈছিল  । সেই বিলখনৰ পাৰত বান্ধি থোৱা নাওখন এখনত উঠি তেওঁলোক বিলৰ মাজলৈ গৈছিল  । মেটেকাৰে ভৰি থকা বিলখনত নাওখন মেটেকাত আবদ্ধ হৈ পৰিছিল  । তদুপৰি নাওখনৰ তলি ফুটা আছিল যিটো কথা পলহঁতে জনা নাছিল  । ফলত নাওখনত হোৰাহোৰে পানী সোমাবলৈ আৰম্ভ কৰিছিল আৰু নাওখন কাটি হৈ প্ৰথম পল আৰু তাৰ পিছত সৌৰভ আৰু আফতাবো পানীত পৰি গৈছিল  । সাঁতুৰিব নজনা এই তিনিওজন ল'ৰাৰ বাবে সেইদিন মৃত্যু নিশ্চিত আছিল  । কিন্ত ভাগ্যক্ৰমে মাছ ঘৰলৈ উভতি আহি থকা কেইজনমান ছোৱালীয়ে এই দুৰ্ঘটনাটো দেখা পালে আৰু ততাতৈয়াকৈ আহি তিনিওকে উদ্ধাৰ কৰিলে ।
     শিক্ষকৰ অনুমতি নোহোৱাকৈ অকলশৰে গৈ দুৰ্ঘটনাৰ সন্মুখীন হোৱা পলহঁতৰ ওপৰত লগত যোৱা শিক্ষকসকল যথেষ্ট ক্ষুন্ন হৈ পৰিছিল  । কাৰণ এই কাৰ্য্যসূচীলৈ লৈ অহা সকলো লৰা - ছোৱালীৰ দায়িত্ব শিক্ষক - শিক্ষয়িত্ৰীৰ ওপৰতে আছিল  । অৰণ্য দৰ্শনৰ বাবে আহি কোনো ল'ৰা - ছোৱালী বিপদত নপৰক সেই কথা ভাবি শিক্ষক - শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰা বুলি খবৰ পোৱা মাত্ৰকে সকলো ছাত্ৰ  - ছাত্ৰীৰ মুখত মাত - বোল নোহোৱা হ'ল । যিটো উদ্দেশ্য লৈ তেওঁলোক ইমানদূৰ আছিল  , সেই উদ্দেশ্য সফল নোহোৱাকৈয়ে তেওঁলোক নিৰাশ মনে উভতিব লাগিল । গোটেই কোঠাটোত কাহ পৰি জীন যোৱাৰ দৰে হ'ল  । তাৰ মাজতে পহিয়ে ক'লে যে কেৱল কেইজনমান ছাত্ৰৰ দোষৰ বাবে আনসকলে অৰণ্য দৰ্শনৰ পৰা বঞ্চিত হোৱাটো উচিত নহ'ব । গতিকে যিকেইজন দোষী তেওঁলোকক শক্তি প্ৰদান কৰি অৰণ্য দৰ্শনৰ অনুমতি নিদি আনসকল অৰণ্য দৰ্শনলৈ নিয়াৰ উচিত হ'ব । সকলো ছাত্ৰ  - ছাত্ৰীয়ে পাহিৰ কথাত সমৰ্থন জনালে আনসকলক অৰণ্য দৰ্শনৰ সুযোগৰ পৰা বঞ্চিত নকৰে ।
     পল , সৌৰভ আৰু আফতাবে নিজৰ ভুল স্বীকাৰ কৰা কথাটো উপলব্ধি কৰিব পাৰি শিক্ষক - শিক্ষয়িত্ৰীসকলে তেওঁলোকক ক্ষমা কৰি দিলে আৰু আটাইবোৰ ল'ৰা - ছোৱালীক অৰণ্য দৰ্শন কৰিবলৈ নিবলৈ মান্তি হ'ল ।
৮/ মহীচন্দ্ৰ মিৰি কোন ? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিক লৈছিল  ?
উত্তৰ  :- মহীচন্দ্ৰ মিৰি এগৰাকী অসমীয়া অৰণ্য বিষয়া আছিল  । তেওঁ কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া হিচাপে সেয়ে আগবঢ়াইছিল  । তেওঁ বিশ্বৰ মানচিত্ৰত পোনপ্ৰথমবাৰৰ বাবে কাজিৰঙাক চিনাকি কৰি দিছিল  । তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙাৰ অৰণ্য যে এশিঙীয়া গঁড়ৰ বসতিস্থল সেয়ে সমগ্ৰ বিশ্বক জনাইছিল  ।
৯/ নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ? তেওঁ কাক প্ৰথম কাজিৰঙাৰ গঁড় দেখুৱাইছিল  ?
উত্তৰ  :- মহীচন্দ্ৰ মিৰি এগৰাকী অসমীয়া অৰণ্য বিষয়া আছিল  । তেওঁ কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া হিচাপে সেৱা আগবঢ়াইছিল  । তেওঁ বিশ্বৰ মানচিত্ৰত পোনপ্ৰথমবাৰৰ বাবে কাজিৰঙাক চিনাকি কৰি দিছিল  । তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙাৰ অৰণ্য যে এশিঙীয়া গঁড়ৰ বসতিস্থল সেয়ে সমগ্ৰ বিশ্বক জনাইছিল  ।
৯/ নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল  ?
উত্তৰ  :- নিগনা চিকাৰীৰ প্ৰকৃত নাম কি আছিল বাপীৰাম হাজৰিকা । নিগনা চিকাৰীয়ে ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন কাজিৰঙাৰ জীৱ - জন্তু চাবলৈ আহোতে তেওঁক প্ৰথমে এশিঙীয়া গঁড় দেখুৱাইছিল  ।
১০/ কাজিৰঙালৈ যাত্রা কৰি কি কি বিশেষ লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক  - শিক্ষয়ত্ৰীসকলক অৱগত কৰিছিল  ? [ HSLC ' 2020 ]
উত্তৰ  :- কাজিৰঙালৈ যাত্রা কৰি শিক্ষাৰ্থীসকলে তলত উল্লেখ কৰা বিশেষ শিক্ষাসমূহ লাভ কৰিলে বুলি তেওঁলোকে শিক্ষক  - শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল  ---
(ক) নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে , আনে কৰি দিব বুলি বাট চাব নালাগে ।
(খ) গছ হ'ল বনৰ জীৱ - জন্তু আৰু মানুহৰ বন্ধু গছ নহ'লে কোনো জীয়াই নাথাকিব নোৱাৰে ।
(গ) ল'ৰা আৰু ছোৱালী সকলো সমান । সিদিনা পলহঁতক ছোৱালীজনীয়ে উদ্ধাৰ নকৰা হ'লে তেওঁলোকে কাজিৰঙাই নেদেখিলেহেঁতেন ।
(ঘ) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম ।
(ঙ) দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন - শৃংখলা মানি চলাটো জৰুৰী কথা ।
ভাব বিষয়কঃ
১১/ বাক্য ৰচনা কৰাঃ
ককাই - ভনী ,টুলুং - ভুটুং , চিঞৰ - বাখৰ  , মানুহ - দুনুহ , তিতি - বুৰি ।
উত্তৰ  :-
ককাই - ভনী    :   ককাই - ভনীৰ মাজত মিলা  - প্ৰীতি থাকিলেহে ঘৰ এখনত সুন্দৰ পৰিবেশ গঢ়ি উঠে ।
টুলুং - ভুটুং      :   বতাহ বলিবলৈ আৰম্ভ কৰাৰ লগে লগে নাওখন টুলুং - ভুটুং কৰিবলৈ ধৰিলে ।
চিঞৰ - বাখৰ  :   কাজিৰঙা চাবলৈ গৈ ল'ৰা - ছোৱালীবোৰে বনৰীয়া জীৱ  - জন্তু দেখি আনন্দত চিঞৰ  - বাখৰ কৰিবলৈ ধৰিলে ।
মানুহ - দুনুহ     : বৰষুণৰ বাবে মানুহ  - দুনুহ - দুনুহ বেছি নহ'ল ।
তিতি - বুৰি      :  হঠাৎ অহা বৰষুণজাকত ৰাহুলে তিতি - বুৰি স্কুলৰ পৰা আহি ঘৰ পালে ।
১২/ মূৰ্দ্ধণ্য  'ণ' হোৱাৰ কাৰণ দৰ্শোৱাৰ
অৰণ্য  , অৰ্পণ , কণ্ঠ  , ওৰণি , পোৰণি , আড়ম্বৰপূৰ্ণ  ।
উত্তৰ  :- 
অৰণ্য        :  'ৰ' ---- ৰ পিছত ব্যৱধায়ক হিচাপে প আৰু স্বৰবৰ্ণ থকাৰ বাবে পিছত  'ণ' হৈছে  ।
অৰ্পন         : 'ৰ' ----- ৰ পিছত ব্যৱধায়ক হিচাপত প আৰু স্বৰবৰ্ণ 'অ' থকাৰ বাবে পিছত 'ণ' হৈছে ।
কণ্ঠ            : 'ঠ' ----- লগত যুক্ত হোৱা বাবে 'ণ' হৈছে ।
ওৰণি         : 'ৰ' ----- লগত যুক্ত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ 'অ' থকাৰ বাবে পিছত 'ণ' হৈছে ।
পোৰণি       : 'ৰ' ----- ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ 'অ' থকাৰ বাবে পিছত 'ণ' হৈছে ।
আড়ম্বৰ      : 'ৰ' ----- ৰ ঠিক পিছত 'ণ' হয় ।
অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ
১/ গৰমৰ বন্ধত পাহিহঁতৰ বিদ্যালয়ৰ পৰা কি কাৰ্যসূচী লোৱা হৈছিল  ?
উত্তৰ  :- গৰমৰ বন্ধৰ প্ৰথম সপ্তাহত পাহিহঁতৰ বিদ্যালয়ৰ পৰা চাৰিদিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ  - ছাত্ৰীসকলক এখন অৰণ্যলৈ নিয়াৰ কাৰ্যসূচী লোৱা হৈছিল  ।
২/ কাজিৰঙা আৰু মানাহৰ ভিতৰত কাজিৰঙালৈ যোৱাৰ সপক্ষে বিদ্যালয় কৰ্তৃপক্ষই কিয় হয়ভৰ দিলে ?
উত্তৰ  :- বিদ্যালয় কৰ্তৃপক্ষই জনালে যে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কাজিৰঙালৈ নিয়াৰ সপক্ষত ছাত্ৰ  - ছাত্ৰীসকলৰ মতামত বেছি হৈছিল বাবে তালৈকে নিয়া হ'ব  ।
৩/ কাজিৰঙা ভ্ৰমণ গোটটোত মুঠ কিমান সদস্য আছিল  ?
উত্তৰ  :- পাহিহঁতৰ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ পঞ্চাশগৰাকী ছাত্ৰ  - ছাত্ৰী আৰু পাঁচ - ছগৰাকী শিক্ষক  - শিক্ষয়ত্ৰী কাজিৰঙা ভ্ৰমণলৈ গৈছিল  ।
৪/ কাজিৰঙা ভ্ৰমণলৈ যাওতে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ  - ছাত্ৰীসকলক কি কি বস্তু লগত নিবলৈ মানা কৰিছিল  ?
উত্তৰ  :- কাজিৰঙা ভ্ৰমণলৈ যাওতে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ  - ছাত্ৰীসকলক কেমেৰাৰ  , ম'বাইল ফোন আদি আদি নিবলৈ মানা কৰিছিল  ।
৫/ কাজিৰঙা ভ্ৰমণলৈ ওলাওতে পাহিয়ে লগত কি কি আৱশ্যকীয় বস্তু - বাহানি লৈছিল  ?
উত্তৰ  :- পাহিয়ে নিজৰ পিঠিত ল'ব পৰা ডাঙৰ বেগটোত এখন ডাঙৰ আৰু এখন সৰু টোকাবহী , কাপোৰৰ আৰামদায়ক জোতা , টুপী , পাতল গামোচা , প্ৰাথমিক চিকিৎসাৰ ঔষদ , টৰ্চলাইট  , কপাহী কাপোৰ  ,  কলম ইত্যাদি লগত লৈ কাজিৰঙা ভ্ৰমণলৈ গৈছিল  ।
৬/ গছ - লতা , ফুল ভালপোৱা পাহিৰ কিয় টাবত ফুল লগাবলগীয়া হৈছিল  ?
উত্তৰ  :- পাহিয়ে গছ - লতা , ফুল বৰ ভালপায় । কিন্ত সৰু চহৰত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে টাবত
 ফুল লগাব পাৰে ।
৭/ কাজিৰঙা ভ্ৰমণলৈ যাওঁতে বাছত উঠাৰ পিছত শিক্ষকসকলে পাহিহঁতক কি দায়িত্ব দিছিল  ?
উত্তৰ  :- পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ  - ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ । নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ ।
৮/ কাজিৰঙা ভ্ৰমণলৈ ওলাওঁতে বিজ্ঞানৰ শিক্ষয়িত্ৰী মালৱিকা বাইদেউ ছাত্ৰ  - ছাত্ৰীসকলক কি উপদেশ দিছিল  ?
উত্তৰ  :- বিজ্ঞানৰ শিক্ষয়িত্ৰী মালৱিকা বাইদেউ কৈছিল  ---- তোমালোকক আমি এইকেইদিন প্ৰতিটো মুহূৰ্ততে পৰ্যবেক্ষণ কৰিম । তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলা - প্ৰীতিৰে থাকিবা , শিক্ষকৰ কথা শুনিবা আৰু কি কি দেখিলা , শিকিলা তোমালোকৰ টোকাবহীত লিখি যাবা ।'
৯/  শিক্ষক তপন বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কি কৈছিল  ?
উত্তৰ  :- অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ছাত্ৰ  - ছাত্ৰীসকলক কৈছিল  --- 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱীৰবীখ্যাত । কিন্ত তোমালোকক কেৱল গঁড় ছাবলৈকে আমি লৈ অহা নাই । তোমালোকে অৰণ্যৰ গছ - গছনি , লতা , তৃণ সকলোবোৰ ভালদৰে চাবা । আমাৰ পৃথিৱীখনত কোনো বস্তু এনেয়ে সৃষ্টি হোৱা নাই ।'
১০/ একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে । এই কথাষাৰৰ ব্যাখ্যা কৰা ।
উত্তৰ  :- মানুহৰ হাওঁফাও এনে এক অংগ , যিয়ে বায়ুমণ্ডলৰ অক্সিজেন সংগ্ৰহ কৰি হৃদযন্ত্ৰকে আদি কৰি শৰীৰৰ নানা অংগলৈ এই অক্সিজেন সৰবৰাহ কৰে কৰে । যিহেতু মানুহ জীয়াই থাকিবলৈ অক্সিজেন অত্যাৱশ্যকীয় , সেয়েহে হাওঁফাওৰ কাৰ্যকাৰিতাৰ ওপৰত মানুহৰ জীৱন নিৰ্ভৰ কৰে । ঠিক তেনেতেদৰে এখন অৰণ্যত বহুতো গছ - গছনি থাকে । এই গছ - গছনিবোৰে বায়ুত থকা এঙাৰগেছ সেৱন কৰি বায়ুত অম্লজান এৰি দিয়ে । এই অম্লজানে মানুহক সুস্থ শৰীৰেৰে জীয়াই ৰাখে । ৩৫ শতাংশ অম্লজান লাভ নকৰিলে শৰীৰ সুস্থ হৈ নাথাকে  । সেয়েহে হাওঁফাওৰ নিচিনাকৈ অৰণ্য একোখনেও মানুহকে আদি কৰি আন জীৱ - জন্তু জীয়াই থকাত এক অপৰিসীম বৰঙণি আগবঢ়ায় ।
১১/ কাজিৰঙা অৰণ্যৰ ভিতৰলৈ ভ্ৰমণৰ বাবে ছাত্ৰ  - ছাত্ৰীসকলক শিক্ষকসকলে কি নিৰ্দেশনা দিছিল  ।
উত্তৰ  :- কাজিৰঙা অৰণ্যৰ ভিতৰলৈ ভ্ৰমণৰ বাবে যোৱাৰ আগমুহূৰ্তত ছাত্ৰ  - ছাত্ৰীসকলক শিক্ষকসকলে কৈছিল যে কাইলৈ দোকমোকালিতে উঠি সকলোৱে অৰণ্যৰ ভিতৰলৈ যাব  । ছাত্ৰ  - ছাত্ৰীসকলে জানিব খোজা প্ৰশ্নোত্তৰৰ উত্তৰ তাত পাব । সেই সকলো প্ৰশ্ন আৰু উত্তৰ ছাত্ৰ  - ছাত্ৰীসকলে লিখিব । যিহেতু দোকমোকালিতে অৰণ্য ভ্ৰমণৰ বাবে সকলো যাব  , সেয়েহে পুৱা চাৰি বজাত যাতে সকলোৱে শুই উঠি পৰিস্কাৰ হৈ ওলায় আৰু বেগত প্ৰয়োজনীয় বস্তুবোৰ লয় ।
১২/ ' Self Service ' মানে কি ?
উত্তৰ  :- ' Self Service ' হ'ল এক ব্যৱস্থা , যি সাধাৰণতে হোটেল বা ৰেষ্টুৰেন্টত দেখিবলৈ পোৱা যায় । এই ব্যৱস্থাত গ্ৰাহকসকলে নিজেই নিজৰ খোৱাবস্তু ল'ব লাগে আৰু খোৱাৰ শেষত কাঁহ - বাটি নিৰ্দিষ্ট ঠাইত থৈও আহিব লাগে ।
১৩/ কাজিৰঙা ভ্ৰমণলৈ গৈ খোৱা মেজত হেঁচা - ঠেলা নহ'বলৈ পাহিহঁতে কি ব্যৱস্থা হাতত লৈছিল  ?
উত্তৰ :- কাজিৰঙা ভ্ৰমণলৈ গৈ খোৱা মেজত ছাত্ৰ  - ছাত্ৰীসকলক হেঁচা - ঠেলা কৰা দেখি পাহি আৰু তাইৰ বান্ধৱী বিদিশাই ছাত্ৰ  - ছাত্ৰীসকলক শাৰী পাতিবলৈ সহায় কৰিলে । এই কামত সহায় কৰিবলৈ অৰ্পণ আৰু সৌমাৰো আগবাঢ়ি আহিল  ।
১৪/ দুপৰীয়া খোৱা - - বোৱা শেষ হোৱাৰ অন্তত ছাত্ৰ  - ছাত্ৰীসকলে কি কি কামত ব্যস্ত হৈছিল  ?
উত্তৰ  :- দুপৰীয়া খোৱা - বোৱা শেষ হোৱাৰ অন্তত ছাত্ৰ  - ছাত্ৰীসকলৰ মাজৰ কিছুমানে লগত লৈ অনা লুডু খেলত ব্যস্ত হ'ল , কিছুমানে শুলে , কিছুমান ৰং , কাগজ উলিয়াই ছবি অঁকাত লাগিল ।
১৫/ নাও দুৰ্ঘটনাৰ পৰা পলহঁতক উদ্ধাৰ কৰা ছোৱালীজনীৰ নাম কি  ?
উত্তৰ  :- নাও দুৰ্ঘটনাৰ পৰা পলহঁতক উদ্ধাৰ কৰা ছোৱালীজনীৰ নাম আছিল  --- দীপালী , ৰুমী , শেৱালি , জিনা আৰু লক্ষী ,
১৬/ নাও দুৰ্ঘটনাৰ পৰা কথমপি বাচি অহা পলহঁতক শিক্ষক - শিক্ষয়িত্ৰীয়ে কেনেদৰে শুশ্ৰূষা কৰিলে ?
উত্তৰ  :- নাও দুৰ্ঘটনাৰ পৰা কথমপি বাছি অহা পলহঁতৰ মনৰ পৰা ভয় গুচা নাছিল বাবে শিক্ষক  - শিক্ষক্ষয়িত্ৰীয়ে সিহঁতক গৰম পানীৰে ভালকৈ গা ধুবলৈ দি পৰিস্কাৰ কাপোৰ পিন্ধিবলৈ ক'লে । গা - পা ধুই অহাৰ পাছত তিনিওটাকে তিনি গিলাছ গৰম গাখীৰ খাবলৈ দিলে ।
১৭/ পলহঁতৰ নাও দুৰ্ঘটনা হোৱাৰ দিনা সন্ধিয়া আন ছাত্ৰ  - ছাত্ৰীসকলক লৈ শিক্ষক  - শিক্ষয়ত্ৰীসকল ক'ত ফুৰিবলৈ গৈছিল  ?
উত্তৰ  :- পলহঁতৰ নাও দুৰ্ঘটনা হোৱাৰ দিনা সন্ধিয়া আন ছাত্ৰ  - ছাত্ৰীসকলক লৈ শিক্ষক  - শিক্ষয়ত্ৰীসকল কাষৰ এখন গাঁৱলৈ ফুৰিবলৈ গৈছিল । সেই ধুনীয়া গাঁওখনত সকলোৱে মিলি জলপান খাইছিল  , বিহুনাচ নাচিছিল আৰু যথেষ্ট স্ফুৰ্তি কৰিছিল  ।
১৮/ কাজিৰঙা যাত্ৰাত শিক্ষক  - শিক্ষয়িত্ৰীসকলৰ মাছত কোন দলপতি আছিল  ?
উত্তৰ  :- অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ ।
১৯/ 'ভাত খাওঁতে এক থমথমীয়া পৰিবেশ হ'ল ।' প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
উত্তৰ  :- ইয়াত কাজিৰঙা ভ্ৰমণলৈ যোৱাৰ প্ৰথমদিনা নিশা আহাৰৰ সময়ৰ পৰিবেশটোৰ কথা কোৱা হৈছে ।
     পিছদিনা গোটেই দলটো কাজিৰঙাৰ অৰণ্যৰ ভিতৰলৈ গৈ জীৱ - জন্তু , গছ - লতা চোৱাৰ লগতে বহুতো নেদেখা - নজনা কথা জনাব পৰিকল্পনা আছিল  । ইয়াকে লৈ ছাত্ৰ  - ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ - উদ্দীপনা আৰু অনাবিল স্ফুৰ্তি বিৰাজ কৰিছিল  । কিন্ত সেইদিনা দুপৰীয়া আন সকলোৰে অগোচৰে পল , সৌৰভ আৰু আফতাবে কাষৰ বিলত থকা নাওত উঠি নাও চলাই যাওতে এক দুৰ্ঘটনাৰ কবলত পৰিছিল আৰু কাষত মাছ মাৰি উভতি অহা কেইজনীমান ছোৱালীয়ে সিহঁতক উদ্ধাৰ কৰিছিল  । যিহেতু প্ৰতিজন ছাত্ৰ  - ছাত্ৰীৰ নিৰাপত্তাৰ দ্বায়িত্ব শিক্ষক  - শিক্ষয়ত্ৰীসকলৰ ওপৰত আছিল  , সেয়াহে এনে দুৰ্ঘটনা ভবিষ্যতে ৰোধ কৰাৰ বাবে শিক্ষক  - শিক্ষয়ত্ৰীসকলে কাজিৰঙাৰ অৰণ্য দৰ্শনৰ কাৰ্যসূচীকেই বাতিল কৰাৰ সিদ্ধান্ত লৈছিল  । এই কথা শুনি ছাত্ৰ  - ছাত্ৰীসকল নিৰাশ হৈ পৰিছিল আৰু ৰাতি আহাৰৰ সময়ত তেওঁলোকৰ মনত কোনো আন্দ নাছিল । সেয়েহে দুপৰীয়াৰ আহাৰৰ সহায়ত উথপথপ পৰিৱেশ বিপৰিতে ৰাতিৰ আহাৰৰ তাত এক থমথমীয়া পৰিবেশ বিৰাজ কৰিছিল ।
২০/ কাজিৰঙা অৰণ্যৰ ভিতৰলৈ যাওঁতে কিহত উঠি কৈছিল  ?
উত্তৰ  :- কাজিৰঙা অৰণ্যৰ ভিতৰলৈ যাওঁতে ছাত্ৰ  - ছাত্ৰীসকল গাড়ীৰে গৈছিল যদিও কিছুমান ছাত্ৰ  - ছাত্ৰীক ইচ্ছানুযায়ী হাতীৰ পিঠিত উঠি চাবলৈও শিক্ষকসকলে অনুমতি দিলে ।
২১/ হাতী আমাৰ কোনোদিনে শত্ৰু নাছিল  । ---- এই কথাষাৰৰ তাৎপৰ্য বুজাই লিখা ।
উত্তৰ  :- বৰ্তমান সময়ত অসম তথা ভাৰতৰ অন্যান্য প্ৰান্তকে ধৰি পৃথিৱীৰ বহু ঠাইত হস্তী - মানৱৰ সংঘাতে মাজে - সময়ে গুৰুতৰ ৰূপ ধাৰণ কৰা দেখা যায় । বনৰীয়া হাতীয়ে আহি বনাঞ্চলত প্ৰৱেশ কৰি খেতি - বাতি বিনষ্ট কৰে , ঘৰ - বাৰীৰ অনিষ্ট সাধন কৰে আৰু কেতিয়াবা মানুহৰো প্ৰাণনাশ কৰে । কিন্ত চাবলৈ গ'লে এই সংঘাত কাৰণ একপক্ষীয় নহয় । জনসংখ্যা বৃদ্ধিৰ অবাধ হাৰৰ ফলত মানুহে গছ - গছনি কাটি সেই ঠাইত নিজৰ বসতি স্থাপন কৰিছে , অৰণ্য কাটি তাত খেতি - বাতি আৰম্ভ কৰিছে । ফলত হাতীকে ধৰি আন জন্তুবোৰ খাবলৈ আৰু থাকিবলৈ ঠাই নোহোৱা হৈছে । হাতীক যথেষ্ট পৰিমাণে খাদ্যৰ প্ৰয়োজন হয় আৰু হাতীৰ সংখ্যা অনুপাতে হাতীৰ বিচৰণযোগ্য অটব্য অৰণ্য কমি আহিছে । মানুহৰ এই অপকাৰৰ বলি হৈ হাতীৰ দৰে নিৰীহ জন্তুও খঙাল হৈ পৰিছে আৰু ই হস্তী - মানৱৰ সংঘাতত পৰিণত হৈছে ।
২২/ অসমৰ ক'ত ক'ত গঁড় পোৱা যায় ? কাজিৰঙাক গঁড়ৰ বসতিস্থল কিয় বোলা হয় ?
উত্তৰ  :- কাজিৰঙা , পবিতৰা , মানাহ , ওৰাং , --- এইবোৰ অৰণ্যত কম - বেছি পৰিমাণে গঁড় আছে । কাজিৰঙাক গঁড়ৰ বসতিস্থল বোলা হয় , কাৰণ ইয়াত গঁড় সৰ্বাধিক  ।
২৩/ কাজিৰঙা ভ্ৰমণৰ কাৰ্যসূচীৰ মুল উদ্দেশ্য কি আছিল বুলি সদৌ শেষত বিদ্যালয়ৰ শিক্ষক  - শিক্ষয়ত্ৰীসকলে প্ৰকাশ কৰিছিল  ?
উত্তৰ  :- ছাত্ৰ  - ছাত্ৰীসকলৰ মনত আত্মবিশ্বাস বঢ়াবলৈ বিদ্যালয়ৰ শিক্ষক  - শিক্ষয়ত্ৰীসকলে এই অৰণ্যযাত্রাৰ পৰিকল্পনা কৰিছিল  । কাৰণ পাঠ্যপুথিয়ে দিব নোৱাৰা জ্ঞান ফুৰা - চকা কৰিলে পাব পৰি ।
২৪/ অৰণ্যযাত্রা পাঠটিৰ লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে লিখা ।
উত্তৰ  :- অনুৰাধা শৰ্মা পূজাৰী হ'ল অসমৰ এগৰাকী বিশিষ্ট লেখিকা তথা সাংবাদিক  । তেওঁৰ জন্ম হৈছিল ১৯৬৪ চনত যোৰহাটত । যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ডিব্ৰুগড় বিদ্যালয়ৰ পৰা সমাজশাস্ত্র বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে  । কলিকতাৰ বিৰলা ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেন্টত সাংবাদিকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে পশ্চিমবংগ বোলছবি কেন্দ্ৰ  , তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েচন পাঠ্যক্ৰমো সমাপ্ত কৰে কলিকতাৰ একাডেমী অব ফাইন আৰ্টছৰ অধীনত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা শৰ্মা পূজাৰীয়ে ' আমাৰ অসম ' কাকততো সাংবাদিক হিচাপে কৰ্মৰত আছিল  । বৰ্তমান তেওঁ ' সাদিন ' নামৰ পষেকীয়া কাকত আৰু ' সাতসৰী ' নামৰ মাহেকীয়া আলোচনাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল --- 'হৃদয় এক বিজ্ঞাপন ', চাহেব পুৰাৰ বৰষুণ ', কাঞ্চন ', নাহৰৰ নিৰিবিলি ছাঁ', ব'ৰাগী নদীৰ ঘাট', মেৰেং ','সোণ হৰিণৰ চেঁকুৰ ' ইত্যাদি । গল্প সংকলনৰ ভিতৰত ' বসন্তৰ গান', ' এছন অসামাজিক কৰিব বায়গ্ৰাফী', ' কেথেৰিণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া ', 'ন' আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন  । 'চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে তেওঁ ২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে । ২০১৩ চনত তেওঁ সাহিত্য আৰু সংবাদসেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে ।
২৫/ অৰণ্যযাত্রা পাঠটিৰ অন্তৰ্নিহিত ভাব লিখা ।
উত্তৰ  :- প্ৰকৃতিয়ে হ'ল মানুহৰ জীৱনৰ প্ৰথম পাঠশালা । প্ৰকৃতি জগতখনক ভালদৰে নিৰীক্ষণ কৰিলে আমি আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰকৃতিৰ পৰাই আহৰণ কৰিব পাৰো । ইয়াৰ উপৰিও জ্যেষ্ঠজনৰ হাক - বচন শুনি তেওঁলোকৰ পৰামৰ্শমতে আগবাঢ়ি গ'লে আমি কেতিয়াও বিপদত পৰিবলগীয়া নহয় । ল'ৰাই হওক বা ছোৱালীয়েই হওক প্ৰত্যেকেই নিজৰ কামবোৰ সময়ত কৰি গ'লে এখন ঘৰ তথা এখন সমাজ সু - শৃংখলভাবে আগবাঢ়ি যাব পাৰে । আত্মবিশ্বাসী তথা আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে কিতাপৰ শিক্ষাৰ উপৰিও যে ভ্ৰমণৰ প্ৰয়োজনীয়তা আছে , এই কথা পাঠটিত সুন্দৰকৈ প্ৰকাশ পাইছে ।
২৬/ শব্দাৰ্থ লিখা ।
কাতি , গিৰ্জনি , চন্তৰী , টুলুং ভুটুং , ডুবাৰু ।
উত্তৰ :- 
কাতি        : এঢলীয়া , এফালে ওখ এফালে চাপৰ ।
গিৰ্জনি     : বহুত মানুহে একেলগে হঁহাৰ শব্দ ।
চন্তৰী        : প্ৰহৰী ।
টুলুং ভুটুং : থৰক - বৰক কৰা ।
ডুবাৰু       : পানীত বুৰ মৰাত পাকৈত লোক ।

আমাৰ এইখন Website ৰ প্ৰশ্ন উত্তৰ সমূহ পঢ়ি আপোনাৰ কেনে লাগিছে কমেন্ট কৰি জনাব 

এনেধৰণৰ প্ৰশ্নোত্তৰ পাবৰ বাবে তলত দিয়া লিংক সমুহত পৰ্যবেক্ষণ কৰক

CLASS 10 ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক)
  পদ্যাংশ  
  গদ্যাংশ  
১১• অৰণ্য যাত্রা পাঠটিৰ প্ৰশ্নোত্তৰ 
Group-B (বৈকল্পিক)
  পদ্যাংশ   
  গদ্যাংশ   
CLASS 10 GRAMMAR QUESTION ANSWER 
CLASS 11 ASSAMESE QUESTION ANSWER 

Post a Comment

0 Comments