মই অসমীয়া Class10 চৈয়দ আব্দুল মালিক পাঠৰ প্ৰশ্মোত্তৰ

পাঠ ৪
মই অসমীয়া
লিখক :- চৈয়দ আব্দুল মালিক

পাঠ ভিত্তিক প্ৰশ্নোত্তৰ
ভাব-বিষয়ক :
১/ চমু উত্তৰ দিয়া ।
(ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা । [HSLC ' 2022]
উত্তৰ  :- বেদুইন ।
(খ) মোগলসকলে অসমৰ ক'ত ভৰি দিছিল  ?
উত্তৰ  :- মোগলসকলে অসমৰ সেউজীয়া দুৱৰি বনত ভৰি দিছিল ।
(গ) অসমৰ হেংদাং ক'ত জিলিকিছিল ?
উত্তৰ  :- দুপৰৰ পূৰ্ণ আলোকত হেংদাং জিলিকিছিল ।
(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰ পেঁপা বজাইছিল  ?
উত্তৰ  :- অসমীয়াসকলে ম'হৰ শিংৰ পেঁপা বজাইছিল  ।
(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল  ?
উত্তৰ  :- অসমৰ স্বৰ্গদেৱ হাঁহকণী আৰু চাউলেৰে দেউল সাজিছিল ।
২/ 'অসমৰ হেংদাং জিলিকিল ।         [HSLC 2022]
দুপৰৰ পূৰ্ণ আলোকত' ----কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰ  :- হেংদাং হ'ল আহোম সৈন্য আৰু ৰজাসকলে ব্যৱহাৰ কৰা এবিধ বিশেষ তৰোৱাল । অত্যন্ত চোকা এই তৰোৱালবিধেৰে শত্ৰুক অনায়াসে ধৰাশায়ী কৰিব পৰা গৈছিল  । সুদূৰ পশ্চিমৰ পৰা সাম্ৰাজ্যবাদী মোগলসকলে আহি অসম আক্ৰমণ কৰাৰ সময়ত স্বাধীনচিতীয়া জাতিপ্ৰেমিক আহোমসকলে শত্ৰুৰ হাতৰ পৰা দেশ ৰক্ষাৰ উদ্দেশ্য হাতত হেংদাং তুলি লৈ বীৰত্বৰে যুদ্ধ দিছিল  । এই হেংদাঙৰ জিলিকি উঠিছিল এক বলিষ্ঠ জাতীয় সত্তা, যাৰ চিকমিকনিত প্ৰবল পৰাক্ৰমী মোগল সেনাৰ থমকি ৰৈছিল । সমৰথলীত দুপৰীয়াৰ পথৰ ৰ'দত জিলিকি উঠা হেংদাঙে শত্ৰুৰ চকু জলক-তবক লগাইছিল । সমৰথলীত অসমীয়াৰ শৌৰ্য-বীৰ্যৰ আহোম অস্ত্ৰ হেংদাঙৰ তীক্ষ্ণ ধাৰে শত্ৰুৰ তীব্ৰভাৱে আঘাত কৰিছিল, শত্ৰুপক্ষ ছেদেলি-ভেদেলি হৈ গৈছিল আৰু অবশেষত আহোমৰ হাতত মোগলৰ পৰাজয় ঘটিছিল  ।
৩/ অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰ লিখা ।
উত্তৰ  :- সাম্ৰাজ্যবাদী মোগলে সুদূৰ দিল্লীৰ পৰা অসম অধিকাৰ কৰাৰ উদ্দেশ্যৰে আহি অসমৰ সীমাত উপস্থিত হৈছিল । তেওঁলোকৰ উদ্দেশ্য আছিল অসমভূমিত তেওঁলোকৰ বিজয়ৰ ধ্বজা । ভাৰতৰ বিভিন্ন পৰাক্ৰম ৰজায়ো মোগল সৈন্যৰ আগত তিষ্ঠিব নোৱাৰি কিমানে যুদ্ধ কৰি আৰু কিছুমানে বিনাযুদ্ধই নিজৰ ৰাজ্য সমৰ্পণ কৰিছিল । কিন্ত তেনে পৰাক্ৰমী মোগল সৈন্যও অসমত উপস্থিত হৈ অনায়াসে অসম দখল সন্মুখীন হৈছিল । স্বদেশ আৰু স্বজাতিৰ বাবে মৃত্যুবৰণ ভয় নকৰা, নিজৰ আত্মীয়-কুটুস্বকো দেশৰ বাবে বলিদান দিয়া অসমীয়া পুৰুষৰ সন্মুখীন হৈছিল মোগল । ঠিক তেনেদৰে স্বামীৰ প্ৰতি অচলাভক্তি, সন্তানৰ প্ৰতি নিঃস্বাৰ্থ মৰম, ভাতৃৰ প্ৰতি দায়িত্ববোধ থকা অসমীয়া নাৰীৰ আগতো মোগল সৈন্য থমক ৰৈছিল । কাৰন এই অসমত মূলাগাভৰু, সতী ৰাধিকা, জয়মতী আদিৰ দৰে দেশ পৰিচালনা কৰিব জনা, ৰণচণ্ডী মূৰ্তি ধৰি শত্ৰুৰ অস্ত্ৰ হেলাৰঙে বুকুত বহুৱাই ল'ব পৰা শত্ৰুৰ আগত তিলমানো বিচলিত নহৈ শত্ৰুৰ ফালে চোঁচা ল'ব পৰা  নাৰী অসমৰ চুকে-কোণে সিচৰিত হৈ আছিল । এইসকল অসমীয়া ঌঈৰ-বীলাগনাৰ সন্মুখত প্ৰবল পৰাক্ৰমী মোগল পৰাস্ত হৈছিল  ।
৪/ 'ক'ত অত বল পালে অসমৰ সেনানীয়ে
 শুকান সান্দহ আৰু পানী আঁজলিত  ।' ----কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা ।                       [HSLC ' 2020]
উত্তৰ  :- এই কথাষাৰত মোগলসকলে আহোম সৈন্যৰ বল পৰাক্ৰমী বিষয়ে আলোচনা কৰা দেখা যায় । সাম্ৰাজ্যবাদী মোগলসকলে যেতিয়া সুদূৰ দিল্লীৰ পৰা আহি অসম আক্ৰমণ কৰিছিল, তেতিয়া তেওঁলোকে ভবা নাছিল যে আহোম সৈবল-বিক্ৰম মোগলৰ, তুলনাত কোনোপধ্যেই কম নহয় । মোগলৰ তুলনাত বাহুবল আৰু অস্ত্ৰবিধ যথেষ্ট কম থকা সত্ত্বেও একমাত্ৰ মনোবলৰ জোৰতেই আহোমসকলে মোগলক অতি শোচনীয়ভাৱে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল  । আহোমৰ পৰাক্ৰম কথা ক'বলৈ গৈ মোগলসকলে কৈছিল যে শুকান সান্দহত একাঁজলি পানী সানি তাকেই খাই আহোমসকলে সমৰথলীত গৈ যুদ্ধ কৰিবলৈ ইমান শক্তি পাইছিল  । একেদৰে সন্মুখত দেখি আৰু স্বজাতি আৰু স্বদেশৰ অস্তিত্বৰ সংকট দেখি অসমৰ বীৰ-বীৰাংগনাৰ শক্তিও সান্দহগুড়িৰ দৰে বৃদ্ধি পাইছিল।  সান্দহে দিয়া বল-বীৰ্যৰে অসমীয়াৰ জাতিয়ে মোগলৰ দৰে এটা শক্তিশালী জাতিৰে গঠিত সৈন্যদলক ওফৰাই পেলাবলৈ সমৰ্থ হৈছিল  ।
৫/ 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা ।
উত্তৰ  :- 'মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপ প্ৰতিফলিত হৈছে । অসমৰ চৌদিশে সেউজীয়া পাহাৰ আৰু ইয়াৰ বুকুত প্ৰতিজোপা বননি যেন জাংফাই মীনা কৰা । ইয়াত দুবৰি বনবোৰত নিয়ৰৰ টোপাল বো ওলমি এনেদৰে জিলিকি থাকে যেন সেয়া মুকুতাৰ একোটা থোপাহে । আনকি অসমৰ ধূলি-বালিতো বাখৰৰ দৰে মূল্যৱান পৰি থাকে, যি মানুহে গচকি পাৰ হৈ যায় । অসমৰ ইমানেই সমৃদ্ধিশালী যে হাতীদাঁতৰ দৰে মূল্যৱান বস্তুও তেওঁলোকে ভৰিৰ খৰমত ব্যৱহাৰ কৰে । প্ৰবালৰ দৰে মূল্যৱান সামগ্ৰীৰে নিৰ্মিত দলঙত অসমীয়াই ভৰি থোৱা কাৰ্য সম্পাদন কৰে । সকলো বস্তুৰে উভৈনদী অসমত নদীৰ বালিতো সোণ থাকে । অসমৰ সকলো বস্তুৱেই ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠিমাছৰ দৰে সৰু জীৱটোৱে কানত সোণৰ থৰীয়া পিন্ধে । আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱেও কঁপালত ফোঁট লৈ ধুনীয়া হৈ থাকে । অৰ্থাৎ প্ৰকৃতিৰ দানত অসম অপৰূপা হৈ থাকে । অসমীয়াই বাঘখেৰে খাৰু আৰু ভৰিৰ আঙঠি বনাই পিন্ধে । ম'হৰ শিঙেৰে পেঁপা নিৰ্মাণ কৰি বজায় । হাঁহকণী আৰু বৰাচাউলেৰে আহোম স্বৰ্গদেউসকলে দেউল সজায় । স্বৰ্গদেউসকলে খন্দা সাগৰৰ দৰে একো একোটা বিশাল পুখুৰীয়ে অসমৰ সৌন্দৰ্য বঢ়ায় । আনকি নিষ্কৰ্মা ধোদসকলৰ হতুৱাই ৰজাই ৰাআলিও নিৰ্মাণ কৰায় । অসমীয়া মানুহৰ মাতত এনেকৈ মৌ বৰযে যে সেয়া শুনি শিলো গলি যায় । সমৃদ্ধিশালী অসমীয়াই মাটিৰ চৰুত সোণ আৰু ৰূপ ভৰ্তি কৰি সেয়া আনক উপহাৰস্বৰূপে আগবঢ়ায় ।
৬/ কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
উত্তৰ  :- চৈয়দ আব্দুল মালিকৰ জন্ম হয় ৰজ্বাৰজ্ব চনত গোলাঘাট জিলাৰ নাহৰণিত । তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল  । তেওঁক গল্পসম্ৰাট বুলি কোৱা হয় । গল্পকাৰ আৰু ঔপন্যাসিক হোৱা বাবে তেওঁ কবি হিচাপে অল্পচৰ্চিত।  কিন্ত তেওঁৰ কবিতায়ো আমাৰ সাহিত্য বাৰুকৈয়ে সমৃদ্ধ কৰিছে । তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে  'বেদুইন' । অসমীয়া শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায় । তেওঁ 'সুৰুজমূখী স্বপ্ন' তেওঁৰ আন এখন বিখ্যাত উপন্যাস  । তেওঁৰ গল্প-উপন্যাসৰ ভাষাতো এক কাব্যিক আয়তন দেখা যায় । গল্প-উপন্যাসৰ পৰা 'জেতুকা পাতৰ দৰে', 'মমতাজ' আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে । মুঠতে কবি, গল্পকাৰ আৰু ঔপন্যাসিক চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াইছে । তেওঁৰ আন আন ৰচনাৰাজি হ'ল ----'পৰশমণি', 'আধাৰশিলা', 'মৰহা ফুল', 'ৰূপতীৰ্থৰ যাত্ৰী', 'ধন্য নৰতনু ভাল', 'স্বাক্ষৰ', 'ছবিঘৰ', 'ৰঙাগৰা', 'ৰজনীগন্ধাৰ চকুলো' ইত্যাদি । তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল  । এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনৰ দেহান্তৰ ঘটে ।
৭/ অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা । 
উত্তৰ  :- সুদূৰ দিল্লীৰ পৰা বাদশ্বাই ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা ৰামসিংহই এক বিশাল সৈন্যবাহিনী লৈ অসমত উপস্থিত হৈছিল  । মোগলৰ উদ্দেশ্য আছিল অসম অধিকাৰ কৰি নিজৰ দেশৰ সীমা বিস্বাৰ কৰা । কিন্ত যুদ্ধংদেহি মনোভাবেৰে অহা সেই মোগল অসমৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ পৰিছিল । অসমৰ ৰূপ-সৌন্দৰ্য দেখি অবাক হৈ পৰা মোগলসকলে অসমৰ ৰূপৰ বৰ্ণনা ধৰিবলৈ শব্দ আৰু উপমাৰ অভাৱত ভূগিছিল । মোগলসকলে কৈছিল যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত বসবাস কৰা লোকসকলৰ শাৰীৰিক-মানসিক প্ৰতিভাৰ জ্যোতি মনোমোহা আছিল । মোগলসকলে অসমৰ সৌন্দৰ্য এনেধৰণে বৰ্ণনা কৰিছিল ---'অসমৰ চৌদিশে সেউজীয়া পাহাৰ আৰু ইয়াৰ বুকুৰ প্ৰতিজোপা বননি যেন জাংফাই মীনা কৰা । ইয়াত দুবৰি বনবোৰত নিয়ৰৰ টোপালবোৰ ওলমি এনেদৰে জিলিকি থাকে যেনে সেয়া মুকুতাৰ একোটা থোপাহে । আনকি অসমৰ ধূলি-বালিতো বাখৰৰ দৰে মূল্যৱান মুকুতা পৰি থাকে, যি মানুহে গচকি পৰা হৈ যায় । অসমৰ ইমানেই সমৃদ্ধিশালী যে হাতীদাঁতৰ দৰে মূল্যৱান সামগ্ৰীও তেওঁলোকে ভৰিৰ খৰমত ব্যৱহাৰ কৰে । প্ৰবালৰ দৰে মূল্যৱান সামগ্ৰীৰে নিৰ্মিত দলঙত অসমীয়াই ভৰি ধোৱা কাৰ্য সম্পাদন কৰে । সকলো বস্তুৰে উভৈনদী অসমত নদীৰ বালিতো সোণ থাকে । অসমৰ সকলো বস্তুৱেই ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠিমাছৰ দৰে সৰু জীৱটোৱেও কাণত সোণৰ থৰীয়া পিন্ধে । আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱেও কঁপালত ফোঁট লৈ ধুনীয়া হৈ থাকে । অৰ্থাৎ প্ৰকৃতিৰ দানত অসম অপৰূপা হৈ থাকে । অসমীয়াই বাঘনখেৰে খাৰু ভৰিৰ আঙঠি বনাই পিন্ধে । ম'হৰ শিঙেৰে পেঁপা নিৰ্মাণ কৰি বজায় । হাঁহকণী আৰু বৰাচাউলেৰে আহোম স্বৰ্গদেউসকলে দেউল সজায় । স্বৰ্গদেউসকলে খন্দা সাগৰৰ দৰে একো একোটা বিশাল পুখুৰীয়ে অসমৰ সৌন্দৰ্য বঢ়ায় । আনকি নিষ্কৰ্মা ধোদসকলৰ হতুৱাই ৰজাই ৰাআলিও নিৰ্মাণ কৰায় । অসমীয়া মানুহৰ মানত এনেকৈ মৌ বৰষে যে সেয়া শুনি শিলো গলি যায় । সমৃদ্ধিশালী অসমীয়াই মাটিৰ চৰুত সোণ আৰু ৰূপ ভৰ্তি কৰি সেয়া আনক উপহাৰ স্বৰূপে আগবঢ়ায় ।'
৮/ ব্যাখ্যা কৰাঃ 
(ক) মোগলে এবাৰ পালে শকতিৰ পৰিচয় 
দেশ-প্ৰাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভক্তি ।
উত্তৰ  :- উপৰোক্ত কবিতাফাঁকি চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত 'মই অসমীয়া' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে । অসমীয়া সৈনিক আৰু সাধাৰণ বীৰ-বীৰাংগনাৰ বল-বিক্ৰমৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।
    গোটেই ভাৰতবৰ্ষৰ বিভিন্ন পৰাক্ৰমী ৰজা-মহাৰজাক যুদ্ধত পৰাস্ত কৰি শেষত অসমভূমিত উপস্থিত হোৱা মোগলসকলে তেওঁলোকৰ কল্পনাৰ বিপৰীতে অসমত প্ৰচুৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল আৰু অসমীয়া সৈনিকৰ হাতত পৰাস্ত হৈছিল।  মোগলসকলে বুজিছিল যে দেশপ্ৰেম, জাতিপ্ৰেম আৰু এক মুক্ত জীৱনৰ প্ৰতি তীব্ৰ তাড়না থকা অসমীয়া জাতিৰ শক্তি মোগলসকলতকৈ বহুগুণে ওপৰত । স্বদেশ আৰু স্বজাতিৰ বাবে মৃত্যুবৰণ কৰিবলৈ ভয় নকৰা, নিজৰ আত্মীয়-কুটুম্বকো দেশৰ বাবে বলিদান দিয়া পুৰুষৰ সন্মুখীন হৈছিল মোগল । ঠিক তেনেদৰে স্বামীৰ প্ৰতি অচলাভক্তি, সন্তানৰ প্ৰতি নিঃস্বাৰ্থ মৰম, ভাতৃৰ প্ৰতি দায়িত্ববোধ থকা অসমীয়া নাৰীৰ আগতো মোগল সৈন্য থমকি ৰৈছিল  । কাৰণ এই অসমত মূলাগাভৰু, সতী ৰাধিকা, জয়মতী আদিৰ দৰে দেশ পৰিচালনা কৰিব জনা, ৰণচণ্ডী মূৰ্তি ধৰি শত্ৰুৰ অস্ত্ৰ হেলাৰঙে বুকুত বহুৱাই ল'ব পৰা, শত্ৰুৰ আগত তিলমানো বিচলিত নহৈ শত্ৰুৰ ফালে চোঁচা ল'ব পৰা নাৰী অসমৰ চুকে-কোণে সিঁচৰিত হৈ আছিল।  এইসকল অসমীয়া বীৰ-বীৰাংগনাৰ সন্মুখত প্ৰবল পৰাক্ৰমী মোগল পৰাস্ত হৈছিল  ।
(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
ভৰি ধোৱে পোৱালৰ ভৰা দলঙত ।
উত্তৰ  :- উক্ত কবিতাফাঁকি চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা 'মই  অসমীয়া' নামৰ কবিতাটোৰ পৰা উদ্ধৃত । এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ অপৰূপ সৌন্দৰ্যৰ উপমা মোগলসকলৰ দৃষ্টিৰে কৰিছে ।
     অসমৰ চৌদিশ ধুসৰ সেউজীয়া পাহাৰেৰে ভৰা আৰু ইয়াৰ বুকুৰ প্ৰতিজোপা বননি যেন জাংফাই মীনা কৰা । ইয়াত দুবৰি বনবোৰত নিয়ৰৰ টোপালবোৰ ওলমি এনেদৰে জিলিকি থাকে যেন সেয়া মুকুতাৰ একোটা থোপাহে । অসম ইমানেই সমৃদ্ধিশালী যে হাতীদাঁতৰ দৰে মূল্যৱান সামগ্ৰীও তেওঁলোকে ভৰিৰ খৰমত ব্যৱহাৰ কৰে । তদুপৰি প্ৰবালৰ দৰে মূল্যৱান সামগ্ৰীৰে নিৰ্মিত দলঙত অসমীয়াই ভৰি ধোৱাৰ দৰে সাধাৰণ কাৰ্যহে সম্পাদন কৰে ।
(গ) মোহ গ'ল দূৰণিৰ বিদেশী মোগল 
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ'ল, অসমৰ ৰূপ-মূগ্দ
দূৰৰ মোগল আহি হ'ল অসমীয়া  ।।
উত্তৰ  :-  উক্ত কবিতাফাঁকি চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত 'মই অসমীয়া' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
     ৰাজ্য বিস্তাৰৰ অৰ্থে অসম অধিকাৰ কৰিবলৈ অহা মোগলসকলে অসমৰ ৰূপ-সৌন্দৰ্য দেখি মুগ্ধ হৈ পৰিছিল । অসমভূমি প্ৰাকৃতিক ৰূপ সম্পাদৰ আকাৰ হ'ব পাৰে বুলি তেওঁলোকৰ সপোনৰো অগোচৰ আছিল  ।
     মোগলসকল আছিল এক বিদেশী জাতি । তেওঁলোকে ভাৰতভূমিত প্ৰৱেশ কৰি দিল্লী অধিকাৰ কৰিছিল আৰু লগে লগে ভাৰতৰ আন ৰাজ্যসমূহো দখল কৰি বিশাল ভাৰতীয় ভূখণ্ডৰ একমাত্ৰ অধিপতি হৈ পৰিছিল  । শেষত তেওঁলোকে সীমামূৰীয়া অসম ৰাজ্যত উপস্থিত হৈ সেই সময়ত অসমৰ শাসনকৰ্তা আহোম ৰজাৰ সৈতে যুদ্ধ কৰি অতি সহজে অসম অধিকাৰ কৰিব পাৰিব বুলি ভাবিছিল  । কিন্ত অসমত উপস্থিত হৈ তেওঁলোকে অসমৰ এক ছবি দেখিবলৈ পালে । নিজৰ দেশ আৰু জাতিৰ প্ৰতি তীব্ৰ দায়িত্ববোধ থকা অসমীয়া বীৰ-বীৰাংগনাই দেশৰক্ষাৰ বাবে সুবিশাল মোগল সৈন্যৰ ওপৰত পৰাক্ৰমেৰে জপিয়াই পৰিছিল । এনে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈ হতবাক হৈ পৰা মোগল সৈন্যসকলে অশেষ চেষ্টা কৰিও মাটি আৰু পানী সকলোতে যুদ্ধ কৰিও আহোমসকলক পৰাস্ত কৰিব নোৱাৰিলে । আহোমৰ আগত মোগলসকলে পৰাজয় স্বীকাৰ কৰিলে । কিন্ত স্বীকাৰ কৰিও মোগলসকল দুখী হোৱা নাছিল, কাৰণ অসমৰ অপৰূপ সৌন্দৰ্যত তেওঁলোক মোহিত হৈছিল  । অসমৰ গছ-বন-লতা, চৰাই-চিৰিকতি আদিৰ বিনন্দীয়া ৰূপ তেওঁলোকক আপ্লুত কৰিছিল।  অসমৰ পাহাৰ-পৰ্বত, নদ নদীৰ ধুলি-বালিত সিঁচৰতি হৈ থকা মণি-মুকুতা, সোণ-ৰূপ আদিৰ প্ৰাচুৰ্য আৰু সৌন্দৰ্যত মোগলসকল মুগ্ধ হৈছিল  । যুদ্ধত পৰাজিত হৈ আহোমৰ বন্দী হৈও অসমত থাকি যোৱাৰ হেঁপাহ তেওঁলোকৰ মাজত তীব্ৰ হৈ উঠিছিল  । অসমৰ মাটি-পানী-বায়ুয়ে জীপাল হৈ তেওঁলোকে অসমীয়া হৈ থাকিবলৈ বিচাৰিছিল  ।
(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্ৰাণ মন;
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ ।
উত্তৰ  :- উক্ত কবিতাফাঁকি চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত 'মই অসমীয়া' কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
     স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা আৰু দায়িত্ববোধ আৰু স্বদেশৰ প্ৰতি থকা প্ৰেম আৰু অনুগত্য এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে প্ৰকাশ কৰিব খুজিছে ।
     অসম আক্ৰমণ কৰিবলৈ আহি মোগলসকলে অসমীয়া মানুহৰ বীৰত্বৰ সন্মুখীন হ'বলগীয়া হৈছিল।  অসমীয়া বীৰত্বৰ সৈতে কাহানিও পৰিচিত নথকা মোগলসকলে অসমীয়াৰ বীৰত্ব-বিক্ৰম দেখি বিস্মিত হৈছিল  । অশেষ চেষ্টা কৰিও তেওঁলোকে আহোমক পৰাস্ত কৰিব নোৱাৰিলে । আৰু শেষত আহোমৰ বশ্যতা স্বীকাৰ কৰিলে । তেওঁলোকৰ বহুত যুদ্ধবন্দী হিচাপে অসমতে থাকি গ'ল । অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ মানুহৰ সৰলতাত মুগ্ধ হৈ তেওঁলোকেও নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ধৰিলে । আৰু পাচলৈ হাড়ে-হিমজুৱে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ তেওঁলোক অসমীয়া হৈ পৰিল । মোগলসকলৰ লগত পৰাক্ৰমেৰে যুদ্ধ দি অসমীয়া বীৰ-বীৰাংগনাই যি  হৈ পৰিল । মোগলসকলৰ লগত পৰাক্ৰমেৰে যুদ্ধ দি অসমীয়া বীৰ-বীৰ-বীৰাংগনাই যি  স্বদেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে, সি কভাৰতৰ ভিতৰতেই নহয় গোটেই পৃথিৱীৰ ভিতৰত অতুলনীয় । দেশৰ বাবে প্ৰাণ দিবলৈ আৰু প্ৰাণ ল'বলৈ সদাপ্ৰস্তুত থকা জাতি এটাই যে কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নোৱাৰে, সেয়া কবিয়ে উল্লেখ কৰিছে । পৃথিৱীৰ প্ৰতিটো জাতিয়েই এনে এক আদৰ্শৰে নিজকে জীপাল কৰি জাতিৰ উন্নতিৰ বাবে আগবাঢ়িব পাৰিলে এই পৃথিবীতে সৰগৰ সৃষ্টি হ'ব বুলি কবিয়ে বিস্বাস কৰে । জীৱিতকালত এজন প্ৰকৃত অসমীয়া হৈ দেশৰ বাবে যুঁজি দেশৰ বাবে মৃত্যুবৰণ কৰিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে । তদুপৰি মৃত্যুৰ পিচতো এই অসমতে জন্মলাভ কৰি অসমীয়াই আইৰ সেয়া কৰিবলৈ সদাপ্ৰস্তুত বুলি তেওঁ কৈছে ।
৯/ 'মই অসমীয়া' কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰম কিয় প্ৰশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা ।
উত্তৰ  :- 'মই অসমীয়া' কবিতাটোত কবিয়ে জাতিৰ বীৰত্ব আৰু পৰাক্ৰম ভূয়সী প্ৰশংসা কৰিছে । অসমীয়া জাতিৰ বিক্ৰম আৰু পৰাক্ৰমৰ আগত বিশ্বজয়ী মোগলসকলেও থমকি ৰ'বলৈ বাধ্য হৈছিল  ।
    সাম্ৰাজ্যবাদী মোগলে সুদূৰ দিল্লীৰ পৰা অসম অধিকাৰ কৰাৰ উদ্দেশ্যৰে আহি অসমৰ সীমাত উপস্থিত হৈছিল  । তেওঁলোকৰ উদ্দেশ্য আছিল অসমভূমিত তেওঁলোকৰ বিজয়ৰ ধ্বজা উৰুওৱা । সেই সময়ত মোগল সৈন্য আছিল গোটেই ভাৰতৰ ভিতৰতে প্ৰবল পৰাক্ৰমী । ভাৰতৰ বিভিন্ন পৰাক্ৰমী ৰজায়ো মোগল সৈন্যৰ আগত তিষ্ঠিব নোৱাৰি কিছুমানে যুদ্ধ কৰি আৰু কিছুমানে বিনাযুদ্ধই নিজৰ ৰাজ্য সমৰ্পণ কৰিছিল। । কিন্ত তেনে পৰাক্ৰমী মোগল সৈন্যৰ সৈন্যও অসমত উপস্থিত হৈ অনায়াসে অসম দখল কৰাৰ স্বপ্নৰ বিপৰীতে প্ৰবল পৰাক্ৰমী অসমীয়া নৰ-নাৰী দেশপ্ৰেমৰ বাস্তৱিকতাৰ সন্মুখীন হৈছিল  । স্বদেশ আৰু স্বজাতিৰ বাবে মৃত্যুবৰণ কৰিবলৈ ভয় নকৰা, নিজৰ আত্মীয়-কুটুম্বকো দেশৰ বাবে বলিদান দিয়া অসমীয়া পুৰুষৰ সন্মুখীন হৈছিল মোগল  । ঠিক তেনেদৰে স্বামীৰ প্ৰতি অচলাভক্তি, সন্তানৰ প্ৰতি নিঃস্বাৰ্থ মৰম, ভাতৃৰ প্ৰতি দায়িত্ববোধ থকা অসমীয়া নাৰীৰ আগতো মোগল সৈন্য থমকি ৰৈছিল । কাৰণ এই অসমত মূলাগাভৰু, সতী ৰাধিকা, জয়মতী আদিৰ দৰে পৰিচালনা কৰিব জনা, ৰণচণ্ডী মূৰ্তি ধৰি শত্ৰুৰ অস্ত্ৰ হেলাৰঙে বুকুত বহুৱাই ল'ব পৰা, শত্ৰুৰ আগত তিলমানো বিচলিত নহৈ শত্ৰুৰ ফালে চোঁচা ল'ব পৰা নাৰী অসমৰ চুকে-কোণে সিঁচৰিত হৈ আছিল  । এইসকল অসমীয়া বীৰ-বীৰাংগনাৰ সন্মুখত প্ৰবল পৰাক্ৰমী মোগল পৰাস্ত হৈছিল।  স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা তীব্ৰ দায়িত্ববোধ বাবেই অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰম মোগলতকৈ বেৰি আছিল আৰু সেই আদৰ্শৰ প্ৰতি মোগলসকলেও সন্মান প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈছিল  ।
১০/ কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা ।
উত্তৰ  :- অসম আক্ৰমণ কৰিবলৈ আহি মোগলসকলে অসমীয়া মানুহৰ বীৰত্বৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু শেষত অসমীয়াৰ আগত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল  । যুগৰ শেষত মোগল সৈন্যৰ বহুতে যুদ্ধবন্দী হিচাপে অসমতে থাকি গ'ল । অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ মানুহৰ সৰলতাত মুগ্ধ হৈ তেওঁলোকেও নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ধৰিলে । আৰু পাচলৈ হাড়ে-হিমজুৱে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ তেওঁলোক অসমীয়া হৈ পৰিল  । মোগলসকলৰ লগত পৰাক্ৰমেৰে দি অসমীয়া বীৰ-বীৰাংগনাই যি স্বদেশপ্ৰেম নিদৰ্শন দাঙি ধৰিলে, সি কেৱল ভাৰতৰ ভিতৰতেই নহয় গোটেই পৃথিৱীৰ ভিতৰতে অতুলনীয় । দেশৰ বাবে দিবলৈ আৰু ল'বলৈ সদাপ্ৰস্তুত থকা জাতি এটাই যে কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নোৱাৰে, সেয়া কবিয়ে উল্লেখ কৰিছে । পৃথিৱীৰ প্ৰতিটো জাতিয়েই এনে এক আদৰ্শৰে নিদৰ্শন জীপাল কৰি জাতিৰ উন্নতিৰ বাবে আগবাঢ়িব পাৰিলে এই পৃথিবীতে সৰগৰ সৃষ্টি হ'ব বুলি কবিয়ে বিস্বাস কৰে । জীৱিতকালত এজন প্ৰকৃত অসমীয়া হৈ দেশৰ বাবে যুঁজি দেশৰ বাবে মৃত্যুবৰণ কৰিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে । তদুপৰি মৃত্যুৰ পিছত এই অসমতে জন্মলাভ কৰি অসমী আইৰ সেৱা কৰিবলৈ সদাপ্ৰস্তুত বুলি তেওঁ কৈছে । পুনৰ এই পবিত্ৰ অসমভূমিত জন্মগ্ৰহণ কৰি অসমৰ অপৰূপ ৰূপ-সৌন্দৰ্যৰ মাজত থাকি অসমৰ প্ৰতি থকা নিজৰ দায়িত্ব পালন কৰিব পোৱাটো এক ভাগ্যৰ কথা বুলি কবিয়ে ভাবে ।
১১/ 'মই অসমীয়া' কবিতাটোৰ সাৰাংশ লিখা । [HSLC '2020]
উত্তৰ  :- মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ এক দিনন্দীয়া ৰূপ প্ৰতিফলিত হৈছে । অসমৰ চৌদিশ সেউজীয়া পাহাৰ আৰু ইয়াৰ বুকুৰ প্ৰতিজোপা বননি যেন জাংফাই মীনা কৰা । ইয়াত দুবৰি বনবোৰত নিয়ৰৰ টোপালবোৰ ওলমি এনেদৰে জিলিকি থাকে যেন সেয়া মুকুতাৰ একোটা থোপাহে । আনকি অসমৰ ধুলি-বালিতো বাখৰৰ দৰে মূল্যৱান মুকুতা পৰি থাকে, যি মানুহে গচকি পাৰ হৈ যায় । অসমত ইমানেই সমৃদ্ধিশালী যে হাতীদাঁতৰ দৰে মূল্যৱান বস্তুও তেওঁলোকে ভৰিৰ খৰমত ব্যৱহাৰ কৰে । প্ৰবালৰ দৰে মূল্যৱান সামগ্ৰীৰে নিৰ্মিত দলঙত অসমীয়াই ভৰি থোৱা কাৰ্য সম্পাদন কৰে সকলো বস্তুৰে উভৈনদী অসমত নদীৰ বালিতো সোণ থাকে । অসমৰ বস্তুৱেই ইমান মূল্যৱান আৰু ধুনীয়া পুঠিমাছৰ দৰে সৰু জীৱটোৱেও কাণত সোণৰ থৰীয়া পিন্ধে । আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱেও কঁপালত ফোঁট লৈ ধুনীয়া হৈ থাকে । অৰ্থাৎ প্ৰকৃতিৰ দানত অসম অপৰূপ হৈ থাকে । অসমীয়াই বাঘনখেৰে খাৰু আৰু ভৰিৰ আহোম স্বৰ্গদেউসকলে দেউল সজায় । স্বৰ্গদেউসকলে খন্দা সাগৰৰ দৰে একো একোটা বিশাল পুখুৰীয়ে অসমৰ সৌন্দৰ্য বঢ়ায় । আনকি নিষ্কাৰ্মা ধোদসকলৰ হতুৱাই ৰজাই ৰাআলিও নিৰ্মাণ কৰায় । অসমীয়া মাটিৰ চৰুত সোণ আৰু ৰূপ ভৰ্তি কৰি সেয়া আনক উপহাৰস্বৰূপে আগবঢ়ায় ।
     যুদ্ধৰ শেষত মোগল সৈন্যৰ বহুতে যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ মানুহৰ সৰলতাত মুগ্ধ হৈ তেওঁলোকেও নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ধৰিলে । আৰু পাচলৈ হাড়ে-হিমজুৱে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ তেওঁলোক অসমীয়া হৈ পৰিল । মোগলসকলৰ লগত পৰাক্ৰমেৰে যুদ্ধ দি অসমীয়া বীৰ-বীৰাংগনাই যি স্বদেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে সি কেৱল ভাৰতৰ ভিতৰতেই নহয় গোটেই পৃথিৱীৰ ভিতৰতে অতুলনীয় । দেশৰ বাবে প্ৰাণ দিবলৈ আৰু প্ৰাণ ল'বলৈ সদাপ্ৰস্তুত থকা জাতি এটাই যে কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নোৱাৰে, সেয়া কবিয়ে উল্লেখ কৰিছে । পৃথিৱীৰ প্ৰতিটো জাতিয়েই এনে এক আদৰ্শৰে নিজকে জীপাল কৰি জাতিৰ উন্নতিৰ বাবে আগবাঢ়িব পাৰিলে এই পৃথিবীতে সাগৰৰ সৃষ্টি হ'ব বুলি কবিয়ে বিস্বাস কৰে । জীৱিতকালত এজন প্ৰকৃত অসমীয়া দেশৰ বাবে যুঁজি দেশৰ বাবে মৃত্যুবৰণ কৰিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে । তদুপৰি মৃত্যুৰ পিছত এই অসমতে জন্মলাভ কৰি অসমী আইৰ সেৱা কৰিবলৈ সদাপ্ৰস্তুত বুলি তেওঁ কৈছে । পুনৰ এই পবিত্ৰ অসমভূমিত জন্মগ্ৰহণ কৰি অসমৰ অপৰূপ ৰূপ-সৌন্দৰ্যৰ মাজত থাকি অসমৰ প্ৰতি থকা নিজৰ দায়িত্ব পালন কৰিব পোৱাটো এক ভাগ্যৰ কথা বুলি কবিয়ে ভাবে ।
১২/ 'মই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ।  [HSLC'2022]
উত্তৰ  :- 'মই অসমীয়া' কবিতাটোত অসমৰ অতীতৰ এক গৌৰৱময় ছবি ফুটি উঠিছে । স্বদেশপ্ৰেম, স্বাভিমান আৰু স্বজাতিৰ প্ৰতি থকা নিঃস্বাৰ্থ দায়িত্ববোধে অসমীয়া জাতিক এক শক্তিশালী জাতি হিচাপে গঢ় দিছিল  । সেই সময়ত গোটেই ভাৰতবৰ্ষত দিল্লীৰ মোগল সকল আছিল আটাইতকৈ শক্তিশালী যোদ্ধা আছিল  । ইয়াৰ পিছত সিখনকৈ ভাৰতৰ নানা ৰাজ্য তেওঁলোকে হেলাৰঙে জয় কৰি এক সুবিশাল সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল  । শেষত তেওঁলোকে ভাৰতৰ সীমামূৰীয়া ৰাজ্য অসমত উপস্থিত হৈ অসমকো অতি সহজে পদানত কৰিব পাৰিব বুলি আশা কৰিছিল  । কিন্ত অসমীয়া সৈন্যৰ সৈতে সমৰথলীত মুখামুখি হৈ মোগল সৈন্যই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল আৰু তাৰ পিছতে অনুভৱ কৰিছিল যে শৌৰ্য-বীৰ্যত অসমীয়া সৈন্য অসমীয়া সৈন্য মোগলতকৈ কোনোগুণে কম নহয়, বৰঞ্চ দেশপ্ৰেম আৰু জাতিপ্ৰেমে মোগলতকৈ অধিক শক্তিশালীহে কৰি তুলিছিল  । কেৱল পুৰুষেই নহয়, মহিলাসকলেও ৰণচণ্ডী মূৰ্তি ধৰি শত্ৰুৰ ফালে চোঁচা লৈছিল  । হাতত হেংদাং লৈ অসমীয়া সৈন্য যেতিয়া মোগলক ধৰাশায়ী কৰিছিল, তেতিয়া ভাৰতত এক নতুন ইতিহাস ৰচিত হৈছিল  ।
   কেৱল বল-বিক্ৰমৰ ফালৰ পৰাই নহয়, প্ৰাকৃতিক সৌন্দৰ্যৰ মোহনীয়তা ফালৰ পৰাও সেই সময়ত অসম অদ্বিতীয় আছিল  । যুদ্ধবন্দী মোগল সেনাই অসমৰ মাটিৰ সুবাস আৰু ইয়াৰ গছ-বনৰ সজীৱতাত বিমুগ্ধ হৈ অসমতে থাকি অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লৈ হাড়ে-হিমজুৱে অসমীয়া হৈ থকাৰ সিদ্ধান্ত লৈছিল । এনেদৰেই গোটেই কবিতাটোৰ মাজেৰে অসমৰ অতীত গৌৰৱৰ স্পষ্ট ছবি এখন দেখিবলৈ পোৱা যায় ।
১৩/ ভাষা বিষয়ক
(ক) ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
স্বৰ্ণপুৰী, মুক্তগীত , অনিৰুদ্ধ, নিষ্কৰ্ম্ ।
উত্তৰ  :- স্বৰ্গপুৰীঃ স্বৰ্গৰ পূৰী----- ষষ্ঠ তৎপুৰুষ সমাস ।
মুক্তগীতঃ মুক্ত যি গীত---- কৰ্মধাৰয় সমাস ।
অনিৰুদ্ধঃ ন ৰুদ্ধ----- নঞ তৎপুৰুষ সমাস  ।
নিষ্কৰ্মাঃ ন কৰ্ম----- নঞ তৎপুৰুষ সমাস  ।
(খ) তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজুঃ
বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং ।
উত্তৰ  :- হীতা-দাঁত, ৰাজশক্তি, কালিদাস, গ্ৰন্থাগাৰ, জীৱন-বীমা ।
(গ) বিপৰীত শব্দ লিখা
গৌৰৱ, আলোক, স্বাধীনতা, পৰাজিত, সপোন, মৰণ ।
উত্তৰ  :- গৌৰৱ---কালিমা, আলোক----তিমিৰ, স্বাধীনতা-----পৰাধীনতা, পৰাজিত----বিজিত, সপোন-----দিঠক, মৰণ----জীৱন  ।

অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ 

১/ চৈয়দ আব্দুল মালিকৰ জন্ম ক'ত হৈছিল  ?
উত্তৰ  :- গোলাঘাট জিলাৰ নাহৰণিত  ।
২/ চৈয়দ আব্দুল মালিকৰ সাহিত্য জগতত কি নামেৰে প্ৰসিদ্ধ আছিল  ?
উত্তৰ  :- গল্প সম্ৰাট  ।
৩/ চৈয়দ আব্দুল প্ৰধানকৈ কি হিচাপে চৰ্চিত আছিল   ?
উত্তৰ  :- গল্পাকাৰ আৰু ঔপন্যাসিক হিচাপে ।
৪/ কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল  ?
উত্তৰ :- অঘৰী আত্মাৰ কাহিনী ।
৫/ চৈয়দ আব্দুল মালিকৰ কি কি গল্প-উপন্যাসৰ চলচ্চিত্ৰ নিৰ্মাণ হৈছে ?
উত্তৰ  :- জেতুকা পাতৰ দৰে আৰু মমতাজ ।
৬/ অসমীয়া কবিতাৰ কোনটো পৰ্বত চৈয়দ আব্দুল মালিকৰ বৰঙণি দেখা যায় ?
উত্তৰ  :- আধুনিক অসমীয়া কবিতাৰ প্ৰথম পৰ্বত ।
৭/ অসম সাহিত্য সভাৰ কোনখন অধিবেশনত চৈয়দ আব্দুল মালিক সভাপতি হিচাপে অধিষ্ঠিত হৈছিল  ?
উত্তৰ  :- অভয়াপুৰী অধিৱেশনৰ ।
৮/ চৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতাপুথিখনৰ নাম কি ?
উত্তৰ  :- বেদুইন  ।
৯/ চৈয়দ আব্দুল মালিকৰ কেৱল এখন কবিতাপুথি কিয় পোৱা যায় ?
উত্তৰ  :- চৈয়দ আব্দুল ঘাইকৈ গল্পকাৰ আৰু ঔপন্যাসিক আছিল  । তেওঁ সাময়িক ভাবে কবিতা চৰ্চাও কৰিছিল  । সেই কবিতাখিনিৰ সংকলনক আমি 'বেদুইন' কবিতাপুথিৰ ৰূপত পাওঁ ।
১০/ চৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ নাম লিখা ।
উত্তৰ  :- সূৰুযমুখী স্বপ্ন  ।
১১/ চৈয়দ আব্দুল মালিকৰ কেইখনমান ৰচনাপুথিৰ নাম লিখা  ।
উত্তৰ  :- 'পৰসমণি', 'আধাশিলা','মৰহা', 'ৰূপতীৰ্থৰ যাত্ৰী', 'ধন্য ৰতনু ভাল', 'স্বাক্ষৰ','ছবিঘৰ', 'ৰঙাগৰা', 'ৰজনীগন্ধাৰ চকুলো' ইত্যাদি  ।
১২/ মই অসমীয়া কবিতাটোত উল্লেখ কৰা অনুসৰি মোগলে অসমলৈ অহাৰ উদ্দেশ্য কি আছিল  ?
উত্তৰ  :- মোগলে অসমলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল কামৰূপ তথা অসমক মোগলৰ অধীনলৈ নিয়া । অসমত মোগলৰ মুছলিম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ মানসেৰে মোগল সৈন্যই অসমত ভৰি দিছিল  ।
১৩/ অসমলৈ আহি সমৰথলীত নামি মোগলে কি অনুভৱ কৰিলে ?
উত্তৰ  :- অসমৰ সমৰথলীত ভৰি দি মোগলে এক বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল । অসমভূমি ইমানেই সমৃদ্ধিশালী যে ইয়াত সমৰথলীত বন-বিৰিখো মীনা কৰা ৰূপেৰে জাতিষ্কাৰ । অসমীয়া সৈন্যৰ হেংদাং যেতিয়া দুপৰৰ আলোকত জিলিকি উঠিছিল, তেতিয়া ই প্ৰবল পৰাক্ৰম মোগলৰ মনতো ভীতিৰ সঞ্চাৰ কৰিছিল  । তদুপৰি সাধাৰণ সৈন্যৰ উপৰিও অসমৰ পুৰুষ-তিৰোতাসকলে আহি মোগলৰ বিপক্ষে যেতিয়া ৰণচণ্ডী ৰূপ ধৰি চোঁচা লৈ আহিল, তেনে অপ্ৰত্যাশিত ঘটনাত মোগলসকল বাৰুকৈয়ে বিচলিত হৈ পৰিছিল  । ৰাজপুত্ৰৰ নিচিনা প্ৰবল পৰাক্ৰমী বীৰসকলকো পৰাস্ত কৰিবলৈ সক্ষম হোৱা মোগলে অসমলৈ আহি অসমীয়া সন্মুখত এপলকো তিষ্ঠিব নোৱাৰিলে । সাধাৰণ খাদ্য-পাতি ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰা অসমীয়াসকলে বাহুত ইমান বল কেনেকৈ পালে সেয়া মোগলসকলৰ বাবে চৰম আশ্চৰ্য্যৰ বিষয় আছিল  ।
 ১৪/  অসমীয়াৰ সৈতে সন্মুখ সমৰত লিপ্ত হৈ পৰাজয়বৰণ কৰি মোগলে কি শিক্ষা লাভ কৰিছিল  ?
উত্তৰ  :- অসম জয় কৰাৰ উদ্দেশ্যৰে সন্মুখ সমৰত অসমীয়া সৈন্যৰ মুখামুখি হৈ অতি লজ্জাজনকভাৱে মোগল সৈন্যই পৰাজয়বৰণ কৰিলে, যিটো তেওঁলোকৰ বাবে সপোনৰো আগোচৰ আছিল । সেই যুদ্ধত বিজয়ী অসমীয়াৰ চকুত দেশপ্ৰেম, জাতিপ্ৰেম, স্বাধীনতা প্ৰেমৰ সবল তিৰবিৰণি দেখিলে তাৰ পৰা মোগল বজি পালে যে নিজৰ আৰু জাতিত প্ৰতি থকা দায়িত্ববোধ মানুহক সৰ্বশক্তিমান কৰি তোলে । বুকুত দেশৰ অগাধ ভালপোৱা থাকিলে অতি পৰাক্ৰমী সৈন্যকো হেলাৰঙে পৰাস্ত কৰিব পাৰি । মোগল উদ্দেশ্য আছিল অসম দখল কৰা আহোমৰ উদ্দেশ্য আছিল মোগলৰ হাতৰ পৰা অসমভূমিক ৰক্ষা কৰা । সেইহেতুকে নৈতিকতা আৰু মূল্যবোধৰ ফালৰ পৰা অসমীয়া সৈন্যৰ স্থান বহুত ওপৰত আছিল, যিয়ে অসমীয়া সৈন্যৰ বিজয় নিশ্চিত কৰিছিল  ।
১৫/ চৈয়দ আব্দুল মালিকৰ ৰূপতীৰ্থৰ যাত্ৰী নামৰ গ্ৰন্থখনৰ বিষয়বস্তু কি আছিল  ?
উত্তৰ  :- জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন ।
১৬/ মাজত মাথোঁ হিমালয় নামৰ গ্ৰন্থখনৰ বিষয়বস্তু কি  ?
উত্তৰ  :- ভ্ৰমণ কাহিনী ।
১৭/ চৈয়দ আব্দুল মালিকৰ আত্মজীৱনী মূলক গ্ৰন্থখন কি ?
উত্তৰ  :- মোৰ জীৱনৰ নহ'লবোৰ ।
১৮/ শংকৰদেৱৰ জীৱনৰ ওপৰত ভিক্তি কৰি চৈয়দ আব্দুল মালিকদেৱৰ কোনখন উপন্যাস ৰচনা কৰিছিল  ?
উত্তৰ  :- ধন্য নৰতনু ভাল  ।
১৯/ মই অসমীয়া কবিতাটোৰ নামটোৰ যথাৰ্থতা বিচাৰ কৰা ।
উত্তৰ  :- চৈয়দ আব্দুল মালিকৰ মই অসমীয়া নামৰ কবিতাটোত তেওঁ আহোম যুদ্ধৰ এক চিত্ৰ দাঙি ধৰিছে, য'ত অসম আক্ৰমণ কৰাৰ উদ্দেশ্য অহা মোগলৰ লগত আহোম সৈন্যৰ তয়াময়া লাগিছিল । আৰু শেষত এই ৰণত মোগলে পৰাজয়বৰণ কৰিছিল  । এই কবিতাটোত অসমীয়া সৈন্য তথা অসমীয়া জনগণৰ জাতিপ্ৰেম, স্বাভিমান আৰু দেশপ্ৰেমৰ এক জীৱন্ত চিত্ৰ দেখিবলৈ পোৱা যায় । দেশৰক্ষাৰ বাবে অসমৰ প্ৰতিজন জনতাই ৰণথলীলৈ আগুৱাই গৈছিল আৰু শত্ৰুক প্ৰাণেপনে ভেটা দিছিল  । প্ৰবল পৰাক্ৰমী মোগলেও অশেষ কৰিও অসমীয়াৰ আগত তিষ্ঠিব নোৱাৰি পৰাজয় স্বীকাৰ কৰিছিল  । গতিকে ইয়াত অসমীয়া শব্দটোৰে গোটেই অসমৰ জনগণ যে পৰাক্ৰম আৰু স্বাভিমানত কাৰো তুলনাত কম নহয়, সেয়া প্ৰমাণিত হয় । তদুপৰি যুদ্ধত পৰাজয়বৰণ কৰা মোগলে অসমৰ বৈভৱ আৰু অসমীয়া মানুহৰ সৰলতা আৰু আত্মাভিমানত মুগ্ধ হৈ অসমতেই থাকি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে । অসমৰ জনগণৰ মাজেৰে হৈ নিজকে অসমীয়া বুলি পৰিচয় দি অসমীয়া ভাষাটোৱেই নিজৰ মাতৃভাষা বুলি আঁকোৱালি লৈ গোটেই জীৱনত ইয়াতেই পৰা কৰিবলৈ অংগীকাৰ কৰে । মৃত্যুবৰণ কৰাৰ দিনা অসমী আইক বিদায় বুলি কৈহে চকু মুদিবলৈ ভাল পাব বুলি মোগলসকলে আন্তৰিকতাৰে প্ৰকাশ কৰিছিল  । আনকি মৃত্যুৰ পিচত পুণৰ এই অসমতেই জন্মগ্ৰহণ কৰি অসমভূমিক আই বুলি সম্বোধন কৰাৰ সৌভাগ্য পাবলৈও বিচাৰিছিল  ।
       গতিকে মই অসমীয়া নামটোৰে অসমীয়া জাতি, অসমভূমি আৰু অসমীয়া ভাষাৰ গৌৰৱময় ইতিহাস আৰু বৰ্ণিল ধাৰাক এক সবল ৰূপত দাঙি ধৰা হৈছিল  । গতিকে এই শিৰোনামটো সম্পূৰ্ণৰূপে যথাযথ হৈছে ।
২০/ 'নিষ্কৰ্মা ধোদৰ দলে বান্ধে জাজআলি  ।' ----এই কথাষাৰৰ দ্বাৰা কি বুজোৱা হৈছে ?
উত্তৰ  :- আমি অসমীয়া কবিতাটোত চৈয়দ আব্দুল মালিকদেৱৰ অসমীয়া জাতি আৰু অসমভূমিৰ বীৰগাথাৰ বৰ্ণনা কৰিছে  । কবিয়ে উল্লেখ কৰিছে যে আহোম শাসনৰ কালছোৱাত যেতিয়া মোগলে অসম দখল কৰিবলৈ অসমভূমিত আহি উপস্থিত হৈছিল, সেই সময়ত অসম ঐশ্বৰ্য্য-বৈভৱ, বল-বিক্ৰম আৰু ৰাজনীতিত যথেষ্ট আগবঢ়া আছিল  । আহোম ৰজাসকলে আৰু বিষয়াসকলে অতি দক্ষতাৰ নিজ নিজ কৰ্তব্য পালন কৰিছিল আৰু সেই হেতুকে গোটেই অসমৰ চুকে-কোণে শান্তি আৰু সমৃদ্ধি দেখিবলৈ পোৱা গৈছিল  । সেই সময়ত এচাম এলেহুৱা প্ৰকৃতিৰ লোকো আছিল, যিয়ে কোনো কাম-কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিল । তেনে নিষ্কৰ্মা ধোদসকলকো আহোম ৰজাই আনি এটা ৰাজআলি বান্ধিবলৈ নিৰ্দেশ দিছিল । আৰু ৰজাৰ আদেশ অমান্য কৰিব নোৱাৰি সেই ধোদসকলে যথাসময়ত সেই আলিটোত নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছিল  । এনে ঘটনা অসম বা ভাৰত তথা গোটেই পৃথিৱীতেই বিৰল । অতি দক্ষ ৰজা বা বিষয়াৰ কালতহে ধোদৰ দ্বাৰা ৰাজআলি নিৰ্মাণৰ দৰে এক কঠিন কাৰ্য সম্পন্ন কৰি তুলিব পৰা যায় । এই উপমাটোৰ দ্বাৰা কবিয়ে অসমভূমিৰ কৃতিত্ব প্ৰতিষ্ঠা কৰিছে  ।
২১/ মই অসমীয়া কবিতাটোত কবিয়ে সাগৰ শব্দৰ উল্লেখ কিয় কৰিছ ?
উত্তৰ  :- আহোম স্বৰ্গদেউসকলৰ দিনত অসমখন প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐশ্বৰ্য-বিভূতিৰে পৰিপূৰ্ণ আছিল । আহোম স্বৰ্গদেউসকলে প্ৰজাৰ কল্যাণৰ অৰ্থে বহুতো প্ৰচেষ্টা হাতত লৈছিল  । প্ৰজাৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল  । অসমভূমিৰ কৰাত কোনো সাগৰ পোৱা নাযায় । গতিকে সাগৰ শব্দটোৰে কবিয়ে বিশাল জলৰাশিক বুজাইছে, যাৰ তুলনা সাগৰৰ সৈতে কৰিব পাৰি । দৰাচলতে আহোম স্বৰ্গদেউসকলে অতি বৃহৎ আকাৰৰ পুখুৰী কিছুমান খন্দাইছিল, যিবোৰ আকাৰ আৰু আয়তনত ইপাৰ-সিপাৰ নেদেখা সাগৰৰ সমকক্ষ আছিল  । এই বৃহৎ পুখুৰীবোৰ পানী, মাছ-কাছ আদি বিভিন্ন উপযোগিতাৰ বাবে প্ৰজাসকলে ব্যৱহাৰ কৰিছিল  । এই পুখুৰীসমূহ আজিও বিৰাজমান ।
২২/  মই অসমীয়া কবিতাটোৰ মূল ভাব লিখা ।
উত্তৰ  :- 'মই অসমীয়া' কবিতাটোৰ মাজেৰে কৰিব স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে । অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো পুটি উঠিছে । মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্বৰ দেখি বিস্মিত হৈছে । অসমীয়া ল'ৰা-তিৰোতাৰ মাজত দেখা পোৱা স্বদেশপ্ৰেমে মোগলসকলৰ অন্তৰ চুইছে । পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমৰ থাকি পাছলৈ অসমীয়া হৈ পৰিল । হাড়ে-মিমজুৱে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল । কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে । অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাথা আজিও যেন অক্ষুন্ন হৈ আছে । কবিয়ে সেয়েহে অসমৰ বাবে যুঁজি খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে মৰিলেও অসমীয়া হৈ জনম লোৱাটোৱে তেওঁ কামনা কৰিছে । অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে-মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ । অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে-মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ । অসমীয়া গীত-মাত আৰু ভাষা তেওঁ সৰগতো চিনি পাব বুলি দৃঢ়তাৰ কৈছে । এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমানৰ সংযোগ সেতু । জীৱনে-মৰণে অসমীয়া হ'ব খোজা কবিজনাৰ এয়া এক অনুপম কবিতা, য'ত ঐতিহ্যৰ মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্ৰতি গভীৰ কৃতজ্ঞতা ।
২৩/ শব্দাৰ্থ লিখা  
অনিৰুদ্ধ, আপোনাৰ, আলোক, এনুৱা, উচ্ছ্বাস, কায়মনে, কাৰেংঘৰ, কিন্নৰ, খৰম, খৰমৰ চুলা, জাতিষ্কাৰ, তৃষা, দৃপ্ত , ধোদ, ধুসৰ, পুনু, বিনন্দীয়া, বিহগ, বিৰামবিহীন,  ভকতি , ভটীয়নি,  ভুৰ, মৰকত, মৰত, মিনাকৰা, মুক্তৰাজ, মোশ্লেম , ৰংঘৰ, ৰণচণ্ডী, ৰাজ অন্তঃপুৰ, শকতি,  শুকান সান্দহ, সমৰ, সৰগ, সাগৰ খানি, সুৱাগী,  স্বৰ্ণপুৰী, স্মিৰিতি,  হেংদাং ।
উত্তৰ  :- 
অনিৰুদ্ধ         : যাক ৰোধ কৰিব নোৱাৰ; বাৰণ কৰিব নোৱাৰি ।
আপোনাৰ       : নিজৰ ।
আলোক          : পোহৰ ।
এনুৱা               : এনেকুৱা ।
উচ্ছ্বাস             : উলাহ; আনন্দ; আবেগ ।
কায়মনে          : মনে-প্ৰাণে; অন্তৰেৰে ।
কাৰেংঘ           : আহোম ৰজাই বাস কৰা ঘৰ ।
কিন্নৰ              : কুবেৰৰ পৰিষদ; দেৱলোক গায়ন, এইলোক মুখ ঘোঁৰাৰ দৰে গা মানুহৰ দৰে ।
খৰম               : ভৰিত পিন্ধা কাঠৰ পাদুকা ।
খৰমৰ চুলা      : কাঠৰ পাদুকা যোৰত পিন্ধাৰ বাবে খুঁটি এটা থাকে । তাকে খৰমৰ চুলা বোলা হয় ।
জাতিষ্কাৰ        : জকমকীয়া; উত্তমৰূপে সজোৱা ।
তৃষা                 : তৃষ্ণাতুৰ; বৰকৈ হেঁপাহ জগা ।
দৃপ্ত                  : গৰ্বযুক্ত মনোভাব ।
দীপ্ত                 : আলোকিত; উজ্জ্বল; জিলিকি থকা ।
ধোদ                : এলেহুৱা ।
ধুসৰ                : অস্পষ্ট, ধোঁৱাময় ।
পুনু                  : পুনৰ ।
বিনন্দীয়া         : ধুনীয়া; মনোমোহা ।
বিহগ               : চৰাই, পক্ষী ।
বিৰামবিহীন     : কোনো যতি বা বাধা নপৰাকৈ; নিৰৱচ্ছিন্ন ভাবে ।
ভকতি             : ভক্তি, শ্ৰদ্ধা ।
ভটীয়নি           : নৈৰ ভাটি বা নামনিফাল ।
ভুৰ                  : কেইডালমান কলগছ নাইবা বাঁহ নাইবা কেইখনমান কঠাল পাত একেলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা সঁজুলি  ।
মৰকত           : এবিধ সেউজীয়া ৰঙৰ বাখৰ ।
মৰত               : মৰ্ত্ত্য  ।
মিনাকৰা         : মিনা লগোৱা, মিনাৰ ৰহণসনা  ।
মুক্তৰাজ         : মুকলিমূৰীয়া একচ্ছত্ৰী শাসন ।
মোশ্লেম          : মুছলমান, মোগল জাতি ।
ৰংঘৰ              : আহোম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে ৰং-ধেমালি কৰা আৰু তাত বহি বাহিৰৰ চোতালত মানুহ, জন্ত আদিৰ যুঁজ, খেল-ধেমালি আদি চোৱা ঘৰ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল  ।
ৰণচণ্ডী            : যুদ্ধলৈ সাজু হৈ উঠা মানুহ ।
ৰাজ অন্তঃপুৰ : ৰজাৰ অন্তেষপুৰ ।
শকতি             : শক্তি, বল ।
শুকান সান্দহ : তিওৱা চাউল ভাজি খুন্দি প্ৰস্তুত কৰা এবিধ জলপান  ।
সমৰ               : যুদ্ধ  ।
সৰগ               : স্বৰ্গ  ।
সাগৰ খানি      : আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা হৈছিল  । পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক সাগৰৰ লগতহে তুলনা কৰিব পাৰি । উদাহৰণ স্বৰূপে, শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ ইত্যাদি ।
সুৱাগী             : লাগী তিৰোতা; অধিক  ধুনীয়াকৈ নিজকে সজোৱা ।
স্বৰ্ণপুৰী            : সোণেৰে নিৰ্মাণ কৰা নগৰ ।
স্মিৰিতি            : স্মৃতি ।
হেংদাং            : আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল  ।

এনেধৰণৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ ছাবৰ বাবে তলৰ লিংক সমূহ নিৰ্বাচন কৰক  ।

পাঠটিৰ প্ৰশ্নোত্তৰ সমূহ পঢ়ি আপোনাৰ মনোভাৱ কমেন্টত জনাওক ।


CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A ( বাধ্যতামূলক ) 
  পদ্যাংশ  
  • মই অসমীয়া
   গদ্যাংশ  
 ৬ • উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্মোত্তৰ🔎 
Group B- বৈকল্পিক 
  পদ্যাংশ  
  গদ্যাংশ  
CLASS 10 GRAMMAR QUESTION ANSWER 
CLASS 11 ASSAMESE QUESTION ANSWER 


Post a Comment

0 Comments