প্ৰশস্তি Class 10 Seba Lesson 3 Question Answer

পাঠ ৩ প্ৰশস্তি পাঠভিত্তিক প্ৰশ্নোত্তৰ লিখক :- ৰঘুনাথ চৌধাৰী ।

১/ অতি চমু উত্তৰ দিয়া ।
(ক) ৰঘুনাথ চৌধৰীক কি কবি বুলি জনা যায় ?
উত্তৰ :- বিহগী কবি বুলি জনা যায় ।
(খ) ৰঘুনাথ চৌধৰীৰ কবিতা-পুথি দুখনৰ নাম লিখক ।
উত্তৰ  :- সাদৰী (১৯১০) আৰু কেতেকী (১৯১৮) ।
(গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰ  :- নৱ কিশলয়দল, অৰ্থাৎ গছৰ কুঁহিপাত, গজালি, কোঁহ আদিয়ে প্ৰকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে ।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ? [HSLC '2020]
উত্তৰ  :- মন্দিৰৰ উপেক্ষিত ৰবাব ফুল প্ৰেম পৰিমল যচা কবিয়ে কৈছে ।
(ঙ) জল, স্থল আৰু ক'ত দেউতাৰ মহা অভিযান চলিছে ?
উত্তৰ  :- জল-স্থল আৰু অন্তৰীক্ষৰ দেউতাৰ মহা অভিযান চলিছে ।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰ  :- মুক্তিপথৰ যাত্ৰী অমৃতৰ পুত্ৰই মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে ।
২/ কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰ  :- নৱ কিশলয়দল (অৰ্থাৎ কুঁহিপাত, গজালি, কোঁহ) ফুল, চৰাই-চিৰিকতি, পানী, মাটি, আকাশ আদি প্ৰকৃতিৰ বিভিন্ন বস্তু কবিয়ে কবিতাটোত টানি আনিছে ।
৩/ কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে ?
উত্তৰ  :- প্ৰশস্তি কবিতাটোত কবিয়ে সুন্দৰৰ আৰাধনা গুণানুকীৰ্তন কৰিছে । প্ৰকৃতিৰ সৌন্দৰ্য্য, যেনে--- বেলিৰ পোহৰে পোহৰাই তোলা গছ-বন, চৌদিশে ফুলি থকা ফুলৰ আনন্দময় ৰূপ, চৰাই-চিৰিকতিৰ গান আদিৰ মাজত কবিয়ে যেন দেৱতাৰ সন্ধান পাইছে ।
সেয়েহে কবিয়ে সৌন্দৰ্য্য বৰ্ণনাৰ মাজেৰে নেদেখাজনৰ প্ৰশস্তি কৰিছে ।
৪/ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বৱৰি লিখা ।
উত্তৰ  :- প্ৰশস্তি কবিতাটোৰ প্ৰকৃতিৰ সুধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে । প্ৰশ্ন আকাশত ৰঙা সূৰুযে ভূমুকি মৰাৰ লগে লগে দহোদিশ উদ্ভাসিত হৈ পৰে । আকাশ-বতাহ, মাটি-পানী সকলো নতুন সাজেৰে চমকি উঠে । তৰু-বৃক্ষ, চৰাই-চিৰিকতি, ফুল-ফল আদিৰ আনন্দময় ৰূপে প্ৰকৃতিক জাতিস্কাৰ কৰি তোলে । এইবোৰত যেনে দেৱতাৰ অস্তিত্বৰ উমান পোৱা যায় । প্ৰকৃতিৰ সুন্দৰতাৰ মাজতেই যে ঈশ্বৰ বিৰাজ কৰে আৰু অমৃতৰ সন্তান মানৱক মুক্তিপথৰ যাত্ৰী আন্ধাৰৰ পৰা পোহৰৰ বাট বিচৰি যাবলৈ উদ্দ্বুদ্দ্ব কৰে, তাকেই কৰিয়ে কবিতাটোৰ মাজেৰে বজাইছে । 
৫/ প্ৰশস্তি কবিতাটোৰ মূল ভাব লিখা । [HSLC'2020]
উত্তৰ  :- প্ৰশস্থি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্য সমৃদ্ধ বৰ্ণনাৰ মাজেৰে সত্য-সুন্দৰৰ এক জাগ্ৰত স্বৰূপ দাঙি ধৰিছে । কবিয়ে প্ৰকৃতিৰ গুনানুকীৰ্তন বা আৰাধনাৰ মাজেৰে সুন্দৰৰ স্বৰূপৰ সৈতে এই জগতৰ একাত্মতাৰ এক স্পষ্ট ছবি দাঙি ধৰিছে । ৰহস্যাবাদী সুন্দৰীৰে বন্ধা কবিতাটোত ঈশ্বৰৰ গুনানুকীৰ্তনত প্ৰকৃতি আৰু মনৱৰ এক যোগসূত্ৰ প্ৰতিভাত হৈছে । এই প্ৰকৃতিৰ সমস্ত উপাদান,  যেনে --- তৰু , বৃক্ষ , চৰাই-চিৰিকতি, ফুল-ফল, মাটি-পানী, আকাশ-বতাহ-বেলি, কুঁহিপাত-কোঁহ আদিত যে ঈশ্বৰে লুকাই থাকে সেয়া প্ৰতিজন মুক্তিকামী মানৱে অনুধাৱন কৰি নিজ নিজ লক্ষ্য অভিমুখে সাহসেৰে আগুৱাই যাব লাগে । ঈশ্বৰৰ সৃষ্ট এই জগতখনত মানৱৰ এক নান্দনিক স্বৰূপ আছে আৰু ৰাতিৰ শেষত যেনেকৈ  গছ-লতা, চৰাই-চিৰিকতি, পাহাৰ-পৰ্বত আদিয়ে সূৰুযৰ প্ৰথম কিৰণৰ ৰক্তিম পৰশত নতুনকৈ উদ্ভাসিত হৈ উঠে, ঠিক তেনেকৈ জীৱনৰ আন্ধাৰ বাটত খোজকাঢ়ি থকা অমৃতৰ সন্তান স্বৰূপ মানৱেও পোহৰৰ গতিপথৰ ফালে নিজক আগুৱাই নিয়াৰ অহৰহ যাত্রা তুলনা কৰিব পাৰি । প্ৰকৃতিৰ ৰূপ-ৰস আৰু নতুনত্বৰ মাজত পলে পলে ঈশ্বৰৰ অস্তিত্ব উমান লাভ কৰিব পাৰি । ঈশ্বৰৰে সৃষ্টি এই জগতখনৰ প্ৰতিটো ধূলিকণাতেই ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰি । ঈশ্বৰৰ সন্তান মানৱে প্ৰকৃতিৰ সৈতে একাত্ম হৈ সত্য-সুন্দৰৰ সাধনাৰে জীৱনৰ আন্ধাৰ নিশাবোৰ দুৰ কৰি নৱপ্ৰভাতৰ দৰে এক প্ৰোজ্জ্বল স্বকীয়তা লৈ অহা আলোকময় মুক্তিৰ পথত ধাৱমান হোৱাৰ লগতে সুন্দৰ সাধনাত ব্ৰতী হোৱা উচিত। 
৬/ 'উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, [HSLC'2020]
          উটাই যত মুক্তি পথযাত্রী। '
----কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰ  :- প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ এক সাৱলীল ৰূপ দাঙি ধৰিছে । ৰাতিপুৱা হোৱাৰ লগে লগে নিশাৰ অৱসান ঘটাই পূব আকাশত ৰংচুৱা বেলিয়ে ভূমুকি মাৰে।  ইয়াৰ লগে লগেই গোটেই জগতখন ৰূপ আৰু ৰসেৰে সমৃদ্ধ হৈ উঠে । গছ-লতা, পশু-পক্ষী, আগমনত প্ৰাণ পাই উঠাৰ দৰে মানুহেও জগতখনত নিজ নিজ দায়িত্ব পালন কৰি আন্দ্বাৰৰ পৰা পোহৰৰ দিশলৈ ধাৱমান হোৱাৰ প্ৰয়াস কৰিব পাৰে । যিদৰে প্ৰকৃতিৰ নানা বস্তুৰ মাজত কবিয়ে ঈশ্বৰৰ অস্তিত্বৰ প্ৰবল উমান অনুভৱ কৰিছে, ঠিক সেই একেজন ঈশ্বৰৰেই সন্তান মুক্তিপথৰ যাত্ৰ
 মানৱে অমৃতময় জীৱন এটিৰে নিজকে সমৃদ্ধ কৰাৰ বাবে মুক্তিপথৰ যাত্ৰী হৈ জগতখন পোহৰাই তুলিব পাৰে ।
৭/ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
প্ৰকৃতিৰ আনন্দময় এই জগতখনৰ মাজত কবিয়ে ঈশ্বৰৰ অস্তিত্বৰ উমান পাইছে । পূব আকাশত বেলিয়ে ভুমুকি মাৰাৰ লগে লগে গোটেই জগতখনত পোহৰ আৰু আনন্দৰে জিলিকি উঠে । গছৰ কুঁহিপাতে মিচিকিয়াই হাঁহি । ফুলবোৰে ৰং আৰু সুগন্ধিত নতুনক আদৰে । চৰাই চিৰিকটিৰ কলৰৱে ছাৰিওফালে সুমধুৰ সংগীতৰ জোৱাৰ আনে । ইয়াকে প্ৰত্যক্ষ কৰি কবিয়ে মানৱ জাতিকো এই সত্য-সুন্দৰৰ আৰাধনাৰ মাজেৰে ঈশ্বৰৰ সৈতে একাত্ম হোৱাৰ আহ্বান জনাইছে । সুন্দৰৰ ৰূপ ধ্যান কৰি ভক্তবৃন্দই এই জীৱন, জগত আৰু ঈশ্বৰৰ এক আলোকসন্ধানী দিনৰ বাবে আহ্বান জনাইছে । 
৮/ ব্যাখ্যা কৰা :
(ক) উঠ তৰু শিৰে ৰন বিহংগৰ 
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলোতে যেন 
দেৱতাৰ মহা অভিযান ।
উত্তৰ  :- উদ্ধৃত কবিতাফাঁকি বিহগী কবি ৰঘুনাথ চৌধৰীদেৱৰ ৰচিত 'প্ৰশস্তি' নামৰ কবিতাটোৰ পৰা লোৱা হৈছে ।
   এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ৰঙচুৱা বেলিৰ পোহৰে আন্ধাৰ বিষাদ লগাই এই জগতখনক এক নতুন দিনৰ বাবে প্ৰস্তুত কৰাৰ কথাখিনি উল্লেখ কৰিছে । মাটি-পানী, আকাশ তথা প্ৰকৃতিৰ প্ৰতিটো বস্তুতেই কবিয়ে আনন্দ আৰু উৎসৱৰ উমান পাইছে । 
   পূব আকাশত ৰাতিপুৱাৰ সূৰুযে ভূমুকি মৰাৰ লগে লগে দশোদিশ উজ্জ্বল হৈ পৰে । চৰাই-চিৰিকতি, গছ-লতিকা, আকাশ-বতাহ, ফুল-ফল সকলোতে আনন্দৰ ন সাজ চমকি উঠে । চৰাই-চিৰিকতিৰ গানৰ মূৰ্ছনাত দেৱতাৰ অস্তিত্বৰ উমান পোৱা যায়।  এই আলোকসন্ধানী আৰু আনন্দসন্ধানী জগতখনত সকলোতে যেনে দেৱতাৰ বিচৰণ ঘটে ।
(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ 
শেষ হ'ল মহা কালৰাত্ৰি, 
উঠা যত মুক্তি পথযাত্রী। 
উত্তৰ  :- এই কবিতাফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত 'প্ৰশস্তি' নামৰ কবিতাটোৰ অন্তৰ্গত। 
   এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ঘোৰ অন্ধকাৰ ৰাতিৰ শেষত পুৱাৰ ৰঙচুৱা সূৰুযে কঢ়িয়াই অনা সত্য-সুন্দৰৰ লগত অমৃতৰ সন্তান মুক্তিপথৰ যাত্ৰী মানৱ জাতি জড়িত হৈ পৰাৰ কথা কোৱা হৈছে ।
   ইয়াত কালৰাত্ৰি শব্দৰে কবিয়ে কেৱল আন্ধাৰকেই বুজোৱা নাই, বৰঞ্চ এই জগতৰ নানা দুখ-যন্ত্রণা, বিষাদ আদিৰ এক প্ৰতীক হিচাপে ইয়াক ব্যৱহাৰ কৰিছে । পূব আকাশত নানা দুখ-যন্ত্রণা, বিষাদ আদিৰ এক প্ৰতীক হিচাপে ইয়াক ব্যৱহাৰ কৰিছে পূব আকাশত সূৰুযে ভূমুকি মৰাৰ লগে লগে এই সমস্ত জগতখনৰ কালৰাত্ৰিৰ আন্ধাৰ নাশ হৈ পৰে আৰু এই প্ৰকৃতিৰ চৰাই-চিৰিকতিৰ গান, ফল-ফুলৰ সুবাস আৰু সৌন্দৰ্য, জল-স্থল, আকাশ সকলোতে বিয়পি পৰে । সকলোফালে এক নতুন দিনৰ আৰু নতুন পোহৰেৰে জাতিষ্কাৰ হৈ উঠে । আনন্দৰ এনে তেজোদ্দীপ্ত দিন এটাতো ঈশ্বৰৰ সন্তান মানৱে আন্ধাৰৰ বাটৰ পৰা নিজকে উধাব নোৱাৰাক লৈ কবিয়ে আক্ষেপ কৰিছে ।
প্ৰকৃতিৰ সকলোতেই বিৰাজমান ঈশ্বৰৰ সত্য-সুন্দৰ ৰূপৰ সন্ধানৰ লগতে মানৱ জাতিয়ে  পোহৰৰ বাটত কবিয়ে অনুভৱ কৰে  ।  সেয়েহে অমৃতৰ পুত্ৰ মানৱ জাতিক এহাল ত্যাগ কৰি মুক্তিপথৰ যাত্ৰী হ'বলৈ কবিয়ে আহ্বান জনাইছে ।
(গ) মোহন কীচক বেণু অনাহত ছন্দে 
গায় মহামহিমৰ গান,
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান। 
উত্তৰ  :- উদ্বৃত্ত বাক্যাংশ কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত কবিতা 'প্ৰশস্তি 'ৰ পৰা তুলি দিয়া হৈছে ।
   এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে পুৱাৰ ৰাঙলী সূৰুযৰ আভাই এই জগত আৰু প্ৰকৃতিক এক আলোকময় আৰু আনন্দময় ৰূপেৰে কিদৰে আপ্লুত কৰি তুলিছে, সেয়া উল্লেখ কৰা হৈছে । ইয়াৰ লগতে কবিয়ে মানৱক ঈশ্বৰৰ জয়গান গোৱাৰ লগতে সত্য-সুন্দৰৰ পথ সন্ধান কৰি মুক্তিৰ দিশত অগ্ৰসৰ হ'বলৈ আহ্বান জনাইছে ।
    এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে পুৱাৰ ৰঙালী সূৰুযৰ আভাই এই জগত আৰু প্ৰকৃতিক এক আলোকময় আৰু আনন্দময় ৰূপেৰে কিদৰে আপ্লুত কৰি তুলিছে সেয়া উল্লেখ কৰা হৈছে । ইয়াৰ লগতে কবিয়ে মানৱক ঈশ্বৰৰ জয়গান গোৱাৰ লগতে সত্য-সুন্দৰৰ পথ সন্ধান কৰি মুক্তিৰ দিশত অগ্ৰসৰ হ'বলৈ আহ্বান জনাইছে ।
     এই জগতখন বেলিৰ পোহৰে পোহৰাই তোলাৰ লগে লগে গছ-বন, কুঁহিপাত, ফুল-ফল, চৰাই-চিৰিকতি, আদি প্ৰাণৰ আনন্দত তলমল হৈ পৰে । এই জগতৰ সৰ্বত্রে সুন্দৰতাৰ জয়গান বাজি উঠে । যেন কিশৰ বেণুৱে আনন্দৰ মতলীয়া হৈ এক স্বৰ্গীয় সুৰ তুলি মহামহিম, অৰ্থাৎ এই সৃষ্টিকৰ্তাৰ জয়গান গায় । প্ৰকৃতিৰ বিভিন্ন ৰূপৰ মাজত কবিয়ে ঈশ্বৰৰ এটাই ৰূপ দেখিবলৈ পায় । সেই ঈশ্বৰৰ সাধনাত নিজকে ব্ৰতী কৰি আন্ধাৰ পথৰ পৰা পোহৰৰ পথলৈ ধাৱমান হ'বলৈ কবিয়ে মানৱ জাতিক আকুল আহ্বান জনাইছে । সুন্দৰৰ ধ্যানৰ যোগেদি জীৱনত মুক্তিৰ পথ পোৱাৰ মানৱ জাতিক পৰম কৰ্তব্য হোৱা উচিত বুলি কবিয়ে অনুভৱ কৰিছে ।

ভাষা বিষয়ক:

১/ অৰ্থ লিখা :
কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্ৰলস ।
উত্তৰ  :-
কিশলয়  : কুঁহিপাত, গজালি, কোঁহ। 
চিত্তহাৰী  : মন-প্ৰাণ হৰি নিয়া ।
অন্তৰীক্ষ  : আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।
তন্দ্ৰলস   : শ্ৰান্ত ক্লান্ত, টোপনি যোৱা অৱস্থা ।
২/ বাক্য ৰচনা কৰা :
দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ  ।
উত্তৰ  :-
দশোদিশ  :- মহাপুৰুষ শংকৰদেৱ যশস্যা অতি কম সময়তে দশোদিশে বিয়পি পৰিল  ।
উপেক্ষিত :- গুৰু দ্ৰোণাচাৰ্যৰ দ্বাৰা উপেক্ষিত হৈও একলব্যই এজন শ্ৰেষ্ঠ ধনুৰ্দ্ধৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল  ।
জৰাজীৰ্ণ  :- বানপানীয়ে জৰাজীৰ্ণ দলংখন একেবাৰে উটুৱাই নিলে ।
অমৃত        :- অমৃতক লৈ দেৱতা আৰু অসুৰৰ মাজত তীষণ টনা-আঁজোৰা হৈছিল  ।
মোহ          :-পিতৃ-মাতৃৰ অত্যাধিক সন্তানক বিপথে নিয়াৰ সম্ভাৱনা থাকে ।
৩/ সামৰ্থক শব্দ লিখা :
তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী, ।
উত্তৰ  :- 
তৰু      : লতা, লতিকা
যুক্তি     : মুকলি, ৰেহাই
সুমধুৰ  : সুমিষ্ট 
ধ্যানী    : তপস্বী 

অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ

১/ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমে কোনখন কাকতত লিখিছবলৈ আৰম্ভ কৰিছিল  ?
উত্তৰ  :- জোনাকী কাকতত ।
২/ ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি হিচাপে জনা যায় ?
উত্তৰ  : - ৰোমাণ্টিক যুগৰ ।
৩/ ৰঘুনাথ চৌধৰীৰ জন্ম কেতিয়া হৈছিল  ?
উত্তৰ  ১৮৭৯ চনত ।
৪/ ৰঘুনাথ চৌধৰীৰ জন্ম ক'ত হৈছিল  ?
উত্তৰ  :- বৰ্তমান চৌধাৰীৰ জন্ম ক'ত হৈছিল  ?
উত্তৰ  :- বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত ।
৫/ ৰঘুনাথ চৌধাৰীৰ গল্প পুথিখনৰ নাম কি ?
উত্তৰ  :- পচতিয়া ।
৬/ ৰঘুনাথ চৌধাৰীয়ে কি কি আলোচনীৰ সম্পাদক আছিল  ?
উত্তৰ  :- মইনা, জয়ন্তী আৰু সুৰভি ।
৭/ ৰঘুনাথ চৌধাৰী কোনখন কাকতত সহকাৰী সম্পাদক আছিল  ?
উত্তৰ  :- জোনাকী ।
৮/ ৰঘুনাথ চৌধাৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল  ?
উত্তৰ  :- সাদৰী (১৯১০)
৯/ ৰঘুনাথ চৌধৰীক বিহগী কৰি আখ্যা কিয় দিয়া হৈছিল ?
উত্তৰ  :- চৰাইক বিষয়বস্তু হিচাপে লৈ তেখেতে বহুতো কবিতা লিখিছিল বাবে ।
১০/ মৰণোত্তৰ কালত প্ৰকাশ হোৱা ৰঘুনাথ চৌধাৰীৰ কবিতা পুথিখনৰ নাম কি আছিল  ?
উত্তৰ  :- মনাই বৰাগী ।
১১/ ৰঘুনাথ চৌধাৰীৰ কেতিয়া মৃত্যু ঘটে ?
উত্তৰ  :- ১৯৬৪ চনত  ।
১২/ ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল  ?
উত্তৰ  :- ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা অধিবেশনত ।

১৩/ ব্যাখ্যা কৰা :
উষাৰ কুঙ্কুম ৰাগে            ৰঞ্জিলে বসুধা
           দশোদিশে উদ্ভাসিত কৰি,
নৱ কিশলয়দলে              চামৰ ধুলাই
            প্ৰকৃতিক আনিলে সাদৰি

উত্তৰ  :- উক্ত কবিতাফাঁকি অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱৰ দ্বাৰা ৰচিত প্ৰশস্তি নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
    ইয়াত কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপমাৰ সহায়ত অসুন্দৰৰ সুন্দৰৰ প্ৰতি ধাৱমান হোৱা জাগতিক নিয়মৰ কথা উল্লেখ কৰিছে ।
পুৱাৰ আশাত যেতিয়া বেলিয়ে ভূমুকি মাৰে, ঠিক তাৰ পিছত গোটেই জগতখনত এক আলোকময় নান্দনিক সৌন্দৰ্যৰ আগমন ঘটে । কিছুবেলি আগলৈকে অন্ধকাৰৰ কলাৰ গ্ৰাসত নিমজ্জিত হৈ থকা গোটেই জগতৰ গছ-লতা, আকাশ-বতাহ আদিয়ে সূৰ্যৰ কিৰণৰ মধুৰ পৰশত আলোড়িত হৈ উঠে আৰু সজীৱ ৰূপেৰে নিজ নিজ সৌন্দৰ্যৰে জাতিষ্কাৰ হৈ উঠে । ৰাতিপুৱাৰ জগতখন আলোকময় হোৱাৰ পিছতেই কিশলয় দল যেনে--- কুঁহিপাত, গজালি, কোঁহ আদিয়ে জগতখনৰ এক নতুনত্বৰ সুবাস আনে । প্ৰকৃতিৰ পৰা সকলো জড়তা তথা বিষণ্ণতা আঁতৰি এক নতুন দিনত নতুন সাজেৰে প্ৰকৃতিয়ে সকলোকে আঁকোৱালি লয় ।
১৪/ কবিয়ে ভক্তবৃন্দক কি ত্যাগ কৰাৰ কথা কৈছে ?
উত্তৰ  :- কবিয়ে ভক্তবৃন্দক মোহ আৰু তন্দ্ৰৰ ভাব ত্যাগ কৰিবলৈ আহ্বান জনাইছে । 
১৫/ কবিয়ে ভক্তবৃন্দক কি ধ্যান কৰিবলৈ আহ্বান জনাইছে ?
উত্তৰ  :- কবিয়ে ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে ।
১৬/ গছ-লতাৰ শিৰে শিৰে কোনে ছন্দভৰা সুমধুৰ ৰাগ সৃষ্টি কৰে ?
উত্তৰ  :- গছ-লতাৰ শিৰে শিৰে বন-বিহংগই ছন্দভৰা সুমধুৰ ৰাগ সৃষ্টি কৰে  ।
১৭/ কাৰ প্ৰাণ আনন্দত তলমল কৰিছে ?
উত্তৰ  :- গছ-গছনিৰ ফুলবোৰৰ প্ৰাণ আনন্দত তলমল কৰিছে ।
১৮/ মহাকালৰাত্রি কিদৰে শেষ হ'ল বুলি কবিয়ে উল্লেখ কৰিছে ?
উত্তৰ  :- পুৱাৰ আকাশত বেলিৰ আগমনৰ পিছতেই গোটেই জগতত পুঞ্জীভূত হৈ থকা দুখ-বিষাদ, জড়তা, অৱসাদ আদি আঁতৰি যায় আৰু এইদৰেই মহাকালৰাত্রি সমাপ্তি ঘটে ।
১৯/ ৰাতিপুৱা প্ৰকৃতিয়ে কিদৰে প্ৰসাধন কৰে বুলি কবিয়ে উল্লেখ কৰিছে ?
উত্তৰ :- পুৱাৰ আকাশত বেলিৰ আগমনৰ লগে লগে গোটেই জগতখনৰ বেলিৰ মিঠা পোহৰ সিচঁৰিত হৈ পৰে । সূৰ্য্যৰ কিৰণে এই জগতৰ সমস্ত গছ-লতিকা, জীৱ-জন্তুক উজ্জ্বলাই তোলে । এনে অনুভৱ হয় যেন প্ৰতিটো বস্তুৱেই প্ৰসাধন কৰি সুন্দৰ হৈ পৰিছে । 
২০/ ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰা কবিতা পুথিখনৰ নাম উল্লেখ কৰা ?
উত্তৰ  :- সাদৰি, কেতেকী, কাৰবাল, দহিকটৰা, নৱমল্লিকা আৰু মনাই বৰাগী ।
২১/ ৰঘুনাথ চৌধাৰীৰ আনুষ্ঠানিক শিক্ষা কিমান আছিল  ?
উত্তৰ  :- ৰঘুনাথ চৌধাৰীয়ে অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল  ।
২২/ কি ফুলক মন্দিৰৰ উপেক্ষিত বুলি কবিয়ে উল্লেখ কৰিছে ?
উত্তৰ  :- ৰবাব ফুল  ।
২৩/ প্ৰশস্তি কবিতাটোৰ সাৰাংশ লিখা ?
উত্তৰ  :- ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ ৰূপ-ৰসৰ এক বিস্তৃত বিৱৰণ দাঙি ধৰিছে । দৰাচলতে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে কবিয়ে ৰসৰ এক বিস্তৃত বিৱৰণ দাঙি ধৰিছে । দৰাচলতে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে কবিয়ে সত্য-সুন্দৰৰহে গুণানুকীৰ্তন কৰিছে । প্ৰকৃতিয়ে
 যেনেকৈ অন্ধকাৰ নিশাৰ শেষত নৱপ্ৰভাতৰ পৰশ পাই ৰূপ-ৰসেৰে জাতিষ্কাৰ হৈ পৰে, ঠিক তেনেদৰে সুন্দৰৰ আগমনে সকলো অপায়-অমংগল আৰু অসুন্দৰ দূৰ কৰি জীৱনক মহিমামণ্ডিত কৰি তোলে । পুৱাৰ আকাশত বেলিয়ে ভুমুকি মৰাৰ লগে লগে গোটেই জগতখনত এক নতুন সজীৱতাই বিৰাজ কৰে । নতুনকৈ কোঁহ মেলা গছ-বনৰ পাতবোৰ সেউজীয়া সাজেৰে  প্ৰকৃতিক সম্ভাষণ জনায় । গছ-বনৰ ফল-ফুলেও আনন্দত মতলীয়া হৈ সকলোতে নৱ প্ৰাণৰ সঞ্চাৰ আনে । আনকি মন্দিৰৰ দেৱপূজাতো প্ৰয়োজন নোহোৱাৰ ৰবাব ফুলেও চাৰিওফালে প্ৰেমৰ সুগন্ধ বিয়পাই দিয়ে । চৰাই-চিৰিকতিৰ গানৰ মূৰ্ছনাত দেৱতাৰ অস্তিত্বৰ উমান পোৱা যায় । এই আলোকসন্ধানী আৰু আনন্দসন্ধানী জগতখনত সকলোতে যেন দেৱতাৰ বিচৰণ ঘটে । 
      পূৱ আকাশত সূৰুযে ভূমুকি মৰাৰ লগে লগে এই সমস্ত জগতখনৰ কালৰাত্ৰিৰ আন্ধাৰ নাশ হৈ পৰে আৰু এই প্ৰকৃতিৰ চৰাই-চিৰিকতিৰ গান, ফল-ফুলৰ সুবাস আৰু সৌন্দৰ্য, জল-স্থল, আকাশ সকলোতে বিয়পি পৰে । সকলোফালে এক নতুন দিনৰ আৰু নতুন পোহৰেৰে জাতিষ্কাৰ হৈ উঠে । আনন্দৰ এনে তেজোদ্দীপ্ত দিন এটাতো ঈশ্বৰৰ সন্তান মানৱে আন্ধাৰৰ বাটৰ পৰা নিজকে উধাব নোৱাৰাক লৈ কবিয়ে আক্ষেপ কৰিছে । প্ৰকৃতিৰ সকলোতেই বিৰাজমান ঈশ্বৰৰ সত্য-সুন্দৰ ৰূপৰ সন্ধানৰ লগতে মানৱ জাতিয়ে পোহৰৰ বাটত নিজকে ধাৱমান কৰিব পৰাটোহে মানব জাতিৰ এক উৎকৃষ্ট সাধনা হোৱা উচিত বুলি কবিয়ে অনুভব কৰে । সেয়েহে অমৃতৰ পুত্ৰ মানৱ জাতিক এহাল ত্যাগ কৰি মুক্তিপথৰ যাত্ৰী হ'বলৈ কবিয়ে আহ্বান জনাইছে । কবিয়ে অনুভব কৰিছে যেন এই জগতখন বেলিৰ পোহৰে পোহৰাই তোলাৰ লগে লগে যেন কিশক বেণুৱে আনন্দত মতলীয়া হৈ এক স্বৰ্গীয় তুলি মহামহিম অৰ্থাৎ এই সৃষ্টিকৰ্তাৰ জয়গান গায় । প্ৰকৃতিৰ বিভিন্ন ৰূপৰ মাজত কবিয়ে ঈশ্বৰৰ এটাই ৰূপ দেখিবলৈ পায় । সেই ঈশ্বৰৰ সাধনাত নিজকে ব্ৰতী কৰি আন্ধাৰ পথৰ পৰা পোহৰৰ পথলৈ ধাৱমান হ'বলৈ কবিয়ে মানৱ জাতিক আকুল আহ্বান জনাইছে । সুন্দৰৰ ধ্যানৰ যোগেদি জীৱনত মুক্তিৰ পথ পোৱাটো মানৱক জাতিৰ পৰম কৰ্তব্য হোৱা উচিত বুলি কবিয়ে অনুভৱ কৰিছে ।
২৪/ ৰঘুনাথ চৌধাৰীদেৱৰ এটি পৰিচয় দাঙি দৰা ?
উত্তৰ  :- বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত কবি চৌধাৰীৰ জন্ম ১৮৭৯ চনত।  তেওঁৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী সৰুতেই ভৰিত দখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয় । ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ লৈ আহে । ইয়াত তেওঁক বিদ্যালয়ত নামভৰ্ত্তি কৰি দিয়ে । অষ্টম শ্ৰেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে । ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয় । পিছত কেইবছৰমান শিক্ষকতা কৰি এৰি পেলায় । শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেয়াও কৰি থাকে । তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত 'জোনাকী' কাকতৰ সহকাৰী সম্পাদক আৰু 'মইনা', 'জয়ন্তী' আৰু 'সুৰভি' নামৰ আলোচনীৰো সম্পাদক আছিল  ।
     চৌধাৰীয়ে 'জোনাকী' কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু 'আলোচনী' 'বাহী' আদিতো বহুতো কবিতা প্ৰকাশ পায় । প্ৰথম স্তৰত লিখা কবিতাবোৰৰ 'সাৰদী' (১৯১০) পুথিৰ সন্নিৱিষ্ট কৰা হৈছিল । ইয়াৰ পিছত ক্ৰমে 'কেতেকী' (১৯১৮), 'কাৰবালা' (১৯২৩), 'দহিকতৰা' (১৯৩১), 'নাৱমল্লিকা' (১৯৫৮) আৰু মৰণোত্তৰ কালত 'মনাই বৰাগী' (কবিতা) তথা 'পচতীয়য়া' নামে গল্প পুথি প্ৰকাশ পায় । চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক 'বিহগী কবি' আখ্যা দিয়া হৈছে  । তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভা'ৰ অধিৱেশনৰ সভাপতি আছিল।  
২৫/ প্ৰশস্তি কবিতাটোৰ মুল ভাব লিখা ।
উত্তৰ :- প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে । প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰে । বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে প্ৰকৃতিক সাজেৰে সজাই তুলিছে । চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে । চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে । কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিছাৰিবলৈ আহ্বান জনাইছে কীচক বেণুৱে বতাহৰ স্শ্ৰষ্টাৰ গান গাইছে । কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে । প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে । প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে । এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে । সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোৰ ৰহস্যবাদী ধাৰাৰ ওচৰত চপাই নিছে ।
২৫/ শব্দাৰ্থ লিখা ।
ঊষা, ঋত্বিক, কালৰাত্ৰি, কীচক বেণু, কুংকুম, কুসুম,, ক্লেদ, চামৰ, তেজি, তান, দীৰ্ণ, পৰিমল, পুঞ্জীভূত, ফুল্ল, বসুধা, বিহংগ, মহামহিম, ৰঞ্জিলে ।
উত্তৰ  :- 
ঊষা           : সূৰ্য ।
ঋত্বিক        : ঋতুযাজক, পুৰোহিত ।
কালৰাত্ৰি    : আন্ধাৰ ৰাতি ।
কীচক বেণু  : কীচক বাঁহ, সেই বাঁহৰ বাদ্যৰ শব্দ  ।
কুংকুম        : প্ৰসাধন সামগ্ৰী বিশেষ ।
কুসুম          : ফুল
ক্লেদ           : গেলা মলযুক্ত পানী ।
চামৰ          : চোঁৱৰ, চুঁৱৰী পহুৰ নেজৰ মুঠা ।
তেজি         : ত্যাগ কৰি ।
তান            : সুৰ, ৰাগ ।
দীৰ্ণ            : ভাগি-ছিগি যোৱা, বিদাৰিত ।
পৰিমাল     : সুগন্ধ  ।
পুঞ্জীভূত     : সঞ্চিত ।
ফুল্ল           : ফুলি উঠা, পাহি মেলা ফুল ।
বসুধা         : পৃথিৱী, বসুমতী ।
বিহংগ        : চৰাই, পক্ষী  ।
মহামহিম    : অতিশয় গৌৰৱান্বিত, বৰ মান্য, খ্যাতিমন্ত ।
ৰঞ্জিলে      : ৰঙীণ কৰিলে, পোহৰ কৰিলে ।
 
এনেধৰণৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ ছাবৰ বাবে তলৰ লিংক নিৰ্বাচন কৰক  ।

পাঠটিৰ প্ৰশ্নোত্তৰ পঢ়ি আপোনাৰ মনোভাৱ কেনে হৈছে কমেন্ট কৰি জনাব  ।


CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A ( বাধ্যতামূলক )
  পদ্যাংশ  
   প্ৰশস্তি পাঠৰ প্ৰশ্মোত্তৰ
  গদ্যাংশ  
Group-B ( বৈকল্পিক )
  পদ্যাংশ  
  গদ্যাংশ  
CLASS 10 GRAMMAR QUESTION ANSWER 
CLASS 11 ASSAMESE QUESTION ANSWER 



Post a Comment

0 Comments