উদ্যোগী হওঁ আহা Class 10 Assamese Chapter 6 Questions Answers

Class 10 Assamese SEBA Chapter 6 All QUESTIONS ANSWERS দশম শ্ৰেণীৰ উদ্যোগী হওঁ আহা পাঠটোৰ প্ৰশ্ন উত্তৰ
লেখক :- দেৱজিৎ ভূঞা

পাঠ ৬

উদ্যোগী হওঁ আহাঁ

পাঠভিত্তিক প্ৰশ্নোত্তৰ:-
১/ (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নামত নাম কি ?
উত্তৰ  :- প্ৰকাশ গোস্বামী ।
(খ) শ্ৰেণী-শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল  ?
উত্তৰ  :- এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ।'
(গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি ?
উত্তৰ  :- এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ব্যৱধান হ'ল এলাহ । 
(ঘ) এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন  ?
উত্তৰ  :- এজন উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি হ'ব লাগিব।  
(ঙ) ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ?
উত্তৰ  :- 'ককা কমলা কোম্পানীৰ বিজ্ঞাপনটোত কয় --- Eat cricket. sleep cricket, dream cricket, drink cricket. 
(চ) নাৰায়ণ মূৰ্ত্তী কোন ?
উত্তৰ  :- ইনফচিচ (infosy) কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা আন্ট্ৰাপিনিওৰ। 
(ছ) বিজিত ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল  ?
উত্তৰ  :- বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল, ''উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয় ।''
(জ) প্ৰথম অবস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু  থাকিব লাগিব  ?
উত্তৰ  :- প্ৰথম অবস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব  । লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব  ।
(ঝ) টমাচ আলফা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল  ?
উত্তৰ  :- বিখ্যাত বৈজ্ঞানিক টমাচ আলভা এডিচনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, "মই বিফল হোৱা নাই   । মাত্র বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে" ।
২/ (ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষ নিচান ।' --- শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা ।
উত্তৰ  :- উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।" এই কথাষাৰৰ অৰ্থ এয়ে যে এজন উদ্যোগী অৰ্থাৎ আন্টাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ  । আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা আন্ট্ৰাপিনিওৰ হোৱা । কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে । ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা ।
(খ) সৰল উদ্যোগী হ'বলৈ কিয় কঠিন  ?
উত্তৰ  :- এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি । সকলোবোৰে এই গুণবোৰ নাথাকে । সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামী ছাৰে কৈছে ।
(গ) এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষক গৰাকীয়ে কিয় কৈছে বুজাই লিখা ।
উত্তৰ  :- এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম । সকলোৱে প্ৰথম তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে । বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায় । কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে । যিসকলে ছালবাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে । যিসকলে ছালবাকলি এৰোৱাৰ পিছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি 'হাফ পেদেল' মাৰি চলাব পৰা হয় আৰু এদিন 'ফুল পেদেল' মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয় । এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম । বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰত বিফল হ'লে এৰি দিয়ে ।কিন্ত যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন সফল উদ্যোগ
 হয়গৈ ।
(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।
উত্তৰ  :- উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম  ।
৩/ ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন ? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা ।
উত্তৰ  :- ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা আন্ট্ৰাপিনিওৰ  । কিন্ত তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা । কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল  । সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল  । সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে । কিন্ত প্ৰতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায় । কোম্পানীটোৰ বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আৰু Infosys নামৰ কোম্পানী আৰম্ভ কৰে । এই কোম্পানীটো খুলিবৰ বাবে  নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে । নিজৰ ঘৰৰ পৰা দহ হাজাৰ টকা মুলধনেৰে আৰম্ভ কৰা ইনফচিচ প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত প্ৰতিঘাত সন্মুখীন হ'ব লগা হৈছিল, নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে । সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল । ধৈৰ্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী ।
৪/'ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব  ?
--- এইদৰে কোনে সুধিছিল ? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা ।
উত্তৰ  :- প্ৰীতম নামৰ এজন ছাত্ৰই শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামী সুধিছিল  । প্ৰীতমৰ প্ৰশ্নৰ উত্তৰত গোস্বামী ছাৰে কৈছিল যে তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব  । এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।  কিন্ত এইবোৰ ব্যৱসায়তো কৃতকাৰ্য্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয় । আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন  । কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰি ।
   আকৌ বৰ্তমান সময় প্ৰযুক্তি (Technology), তথ্যপ্ৰযুক্তি (Information technology) আৰু জ্ঞান (Knowledge) ৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনৈতি আৰু সমাজ ব্যৱস্থাৰ সময় । গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ  । কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰিং MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্যপ্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্য্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে ।
৫/ "এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্ত সিমান সহজ নহয় ।
---- কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা ।
উত্তৰ  :- এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্ত সিমান সহজ নহয় । প্ৰথম অবস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব  । লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি পৰি উলিবলৈও সাজু থাকিব লাগিব । 
    এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম । সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে । বহুতৰে চাইকেলৰ পৰা কাম । সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায় কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে । যিসকলে ছালবাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে । যিসকল ছালবাকলি এৰোৱাৰ পাছত চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি 'হাফ পেদেল' মাৰি চলাব পৰা হয় আৰু এদিন 'ফুল পেদেল' মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয় । 
৬/ "ভাৰতৰ সৰ্বতোকালৰ এজন সৰল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল ।" ----ধআৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা ।
উত্তৰ  :- ভাৰতৰ সৰ্বতোকালত এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনৰ নাছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল । মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল  । কিন্ত উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠি কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবলৈ বাবে সিদ্ধান্ত ল'লে । 'মন কৰিলে ছন, বাকৰি মাটিতে ধন' নিজৰ মূল ধন নথকা বাবে তেওঁ আমাৰ অসমীয়াৰ ফকৰা যোজনা "তোমাৰ বাৰীৰে বাঁহ গাজ আনি কৰিছোঁ খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা" সঠিকভাবে প্ৰয়োগ কৰিলে । ব্যৱসায়িৰ বাবে ৰাইজৰ পৰা ধন লৈ কপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা আৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰ সকলৰ মাজতো বিতৰণ কৰিলে । মূলধনৰ অভাব উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে । উইলিয়াম শ্বেইক্সপীয়েৰে কৈছিল "আমাৰ ভাগ্য (destiny) গ্ৰহ নক্ষত্ৰই নিৰূপন নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে" । কোনো এজন ব্যক্তি দুখীয়া হৈ জন্ম ল'লে বুলিয়েই আজীৱন তেওঁ দুখীয়া আৰু অকৃতকাৰ্য্যতাৰ হৈয়ে থাকিব লাগিব বুলি কোনো কথা নাই । বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰছফটৰ প্ৰতিষ্ঠাতা বিল গেটচে সেয়ে কৈছে, "আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়ে আপোনাৰ ভূল নহয়, কিন্ত আপুনি যদি দুখীয়া হৈ মৰে সেয়ে আপোনাৰ ভুল  ।" পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোবাইলৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে । কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী আৰু এটা টেলিফোন । তাৰপৰাই তেওঁ "ৰিলায়েঞ্চ কমাৰ্চিয়েল কৰ্পোৰেচন" স্হানপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত 'ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ' হয়গৈ ।
৭/ ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?
উত্তৰ:- উদ্যোগী হোৱাৰ গুণ জন্মগত আৰু উদ্যোগী গঢ়িব নোৱাৰি । কিন্ত এই ধাৰণা এক ভ্ৰান্ত ধাৰণা । উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰোচন (motivation) ৰ দ্বাৰা উদ্যোগী গঢ়ি তুলিব পাৰি ইয়াৰ বাবে কেৱল এজন ব্যক্তিৰ থাকিব লাগিব আত্ম বিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন ।
৮/ টমাচ আলভা এডিচন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহামবেল, চেষ্টাৰ কাৰ্লচন,  বিল গেটচ, উইলিয়াম চেক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তৰ  ।
উত্তৰ  :- 
    টমাচ আলভা এডিচনঃ বিখ্যাত মাৰ্কিন বিজ্ঞানী আৰু আৱিষ্কাৰক । প্ৰায় এহাজাৰতকৈও অধিক সৰু-বৰ আবিস্কাৰৰ পেটেণ্টৰ অধিকাৰী । ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত জন্ম আৰু মৃত্যু হয় ১৯৩১ চনৰ ১৮ অক্টোবৰত  । টমাচ আলভা এডিচনক বহুত 'আবিস্কাৰৰ মেচিন' আৰু 'আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক' বুলি অভিহিত কৰে । ১৮৭৭ চনত তেওঁ এটা কথা ক'ব পৰা আকৰ্ষণীয় যন্ত্ৰ আবিস্কাৰ কৰে । এডিছনে ইয়াৰ নাম দিছিল গ্ৰামোফোন সেইটোৱেই আছিল আধুনিক গ্ৰামোফোন আৰু টেপ ৰেকৰ্ডাৰৰ আদি ৰূপ ।
ৰাডাৰফৰ্ডঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯ তম ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ড বি হেইছে (১৮২২-১৮৯৩) চেমুৱেল টিল্ডেনৰ বিৰুদ্ধ এক বিতৰ্কিত আৰু তীব্ৰ বিতৰ্কিত নিৰ্বাচনত জয়লাভ কৰে । তেওঁ স্হানীয় নিয়ন্ত্ৰণ আৰু সদিচ্ছা পুনৰুদ্ধাৰ ৰখাৰ বাবে পুনৰ্নিৰ্মানত ৰাজ্যসমূহৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰে, এই সিদ্ধান্তক বহুতে দক্ষিণৰ আফ্ৰিকান আমেৰিকানসকলৰ প্ৰতি বিশ্বাসঘাতকতা বুলি গণ্য কৰে । তেওঁৰ উদ্বোধনী ভাষণত প্ৰতিশ্ৰুতি দিয়াৰ দৰে তেওঁ কেৱল এটা কাৰ্যকাল শাসন কৰিছিল  ।
আলেকজেণ্ডাৰ গ্ৰামোফোনঃ টেলিফোন আবিস্কাৰক আলেকজেণ্ডাৰ গ্ৰাহামবেল স্কটলেণ্ড পদাৰ্থবিজ্ঞানী । পিতৃৰ নাম আলেকজেণ্ডাৰ মেলভিল বেল । এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূকবধিৰ শিক্ষানুষ্ঠানত সহকাৰীৰূপে কৰ্মজীৱন আৰম্ভ কৰে । ১৮৭১ চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাত বষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰে । তাত মুকবধিৰসকলৰ উন্নয়নৰ বাবে তেওঁ বিভিন্ন প্ৰয়াস হাতত লয় । সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে । দীৰ্ঘ গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত বেলে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি টেলিফোন আবিষ্কাৰ কৰেই । ১৯২২ চনৰ ২ আগষ্টত গ্ৰাহাম বেলৰ মৃত্যু হয় ।
চেষ্টাৰ কাৰ্লচনঃ চেষ্টাৰ ফ্লায়ড কাৰ্লচন (১৯০৬-১৯৬৮) এজন আমেৰিকান পদাৰ্থবিজ্ঞানী , আবিষ্কাৰক পেটেণ্ট এটৰ্ণী আছিল যি ৱাশ্বিংটনৰ চিয়েটলত জন্মগ্ৰহণ কৰিছিল  । তেওঁ ইলেক্ট্ৰফটোগ্ৰাফীৰ প্ৰক্ৰিয়া উদ্ভাৱন কৰাৰ বাবে সৰ্বাধিক জনাজাত, যি তিতা প্ৰতিলিপিৰ সলনি শুকান প্ৰতিলিপি প্ৰস্তুত কৰিছিল,  যিটো মিমিঅ'গ্ৰাফ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল।  পৰৱৰ্তী সময়ত কাৰ্লছনৰ প্ৰক্ৰিয়াটোৰ নাম জেৰোগ্ৰাফী ৰখা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে'শুকান লিখনি'।
বিল গেটচঃ এগৰাকী কম্পিউটাৰ-ছফটৱেৰ ইঞ্জিনিয়াৰ আৰু ব্যৱসায়ী । বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰি গেটছ । ১৯৫৫ চনৰ ২৮ অক্টোবৰত আমেৰিকাৰ ৱাশ্বিংটনৰ ছিয়াটলত বিল গেটছৰ জন্ম হয় । পিতেৰ নাম উইলিয়াম এইচ গেটছ আৰু মাতৃৰ নাম মেৰী মেক্সৱেল গেটছ । ১৯৬৭ চনত তেওঁ লেকচাইড স্কুলত ভৰ্তি হয় । সৰুৰেপৰা তেওঁ কম্পিউটাৰৰ প্ৰতি অতি আগ্ৰহী আছিল আৰু ১৩ বছৰ বয়সতে স্কুলৰ বাবে এক' বৈদিক লেংগুৱেজ' প্ৰগ্ৰেম কৰি উলিয়াইছিল  । ১৯৬৯ চনত গেটছে পল এলেন আৰু দুই সহপাঠীৰ সৈতে মিলি' লেকচাইড প্ৰগ্ৰেমাৰ্ছগ্ৰুপ" প্ৰতিষ্ঠা কৰে । ১৯৭৩ চনত গেটছে শিক্ষালাভৰ বাবে হাভাৰ্ডলৈ যায় ।
     ১৯৭৫ চনত পল আৰু গেটছ 'মডেল ইন্সট্ৰুমেন্টেছন এণ্ড টেলিমেট্ৰি ছিষ্টেমছছ' (চমুকৈ এম আই টি ) নামৰ প্ৰতিষ্ঠানটোৰ বাবে এক 'বেছিক' ছফটৱেৰ সম্পূৰ্ণ কৰি তোলে আৰু তেওঁলোকৰ নিজস্ব কোম্পানী 'মাইক্ৰোছফট কৰ্পেৰেছন'ৰো জন্ম দিয়ে । ১৮৮০ চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী 'আই বি এম'ৰ লগত চুক্তিবদ্ধ হয় আৰু ১৯৮১ চনত এই কোম্পানীয়ে মাইক্ৰ'ছফটে বিকাশ কৰা এম এছড'ছ (MS DOS) বা মাইক্ৰোছফট ডিস্ক অপাৰেটিং চিষ্টেম (Microsoft Disk Operating System) পদ্ধতি তেওঁলোকৰ পাৰ্ছনেল কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয় ।
উইলিয়াম চেক্সপীয়েৰঃ কালজয়ী নাট্যকাৰ আৰু কবি । ১৫৬৪ চনত ২৬ এপ্ৰিলত ইংলেণ্ডৰ ৱাৰউইকশ্বায়াৰৰ (Warwicshire) ষ্টেটফোৰ্ড-আপন-এভন (Stratford upon-Avon) নামৰ ঠাইত জন্ম  । তেওঁৰ পিতৃ জন শ্বেক্সপীয়েৰ আছিল এজন ঊলৰ ব্যৱসায়ী । মাক মেৰি আৰ্ডেন এক সম্ভ্ৰান্ত ঘৰৰ মহিলা আছিল যদিও লিখা-পঢ়া একেবাৰেই নাজানিছিল । 
    ষ্ট্ৰেটফোৰ্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা শ্বেইক্সপীয়েৰৰ উচ্চ শিক্ষা সম্পৰ্কে বিশেষ জনা নাযায়  । অৱশ্যে লেটিন আৰু গ্ৰীক ভাষাৰ জ্ঞান লাভ কৰিছিল  । ১৫৮০ ৰ পৰা ১৫৮২ চনত এটা ৰোমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল  । ১৫৮২ চনত এনি হেথৱে নামৰ তেওঁতকৈ আঠ বছৰ ডাঙৰ মহিলা এগৰাকীৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু কালক্ৰমত এটি পুত্ৰ আৰু দুটি কন্যা সন্তানৰ পিতৃ হয় । শেইক্সপীয়েৰৰ ১৫৮২ চনৰ পাছৰ সময়ছোৱাত ভালদৰে জনা নাযায় । হয়তো লণ্ডনৰ কোনো এক বা একাধিক থিয়েটাৰ কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে তেওঁ কাম কৰিছিল  ।
   লণ্ডনত থকা কালতে শেইক্সপীয়েৰে থিয়েটাৰৰ বাবে নাটক লিখিবলৈ লয় । ১৫৯২ চনত তেওঁ লণ্ডনৰ বিখ্যাত নাটক কোম্পানী 'লৰ্ড চেম্বৰলেইনজ মেন'ত যোগদান কৰে আৰু কৰ্মজীৱনৰ শেষলৈকে তাতে থাকে । ১৬০৩ চনত এই কোম্পানীয়ে সলাই 'কিংছ মেন' নাম লয় আৰু প্ৰায়ে ইংলেণ্ডৰ ৰাজসভাত নাট প্ৰদৰ্শন কৰে । সেই সময়ৰ ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ পৃষ্ঠপোষকতাত এই সংস্থাই লণ্ডনত বিশেষ প্ৰসিদ্ধি লাভ কৰে । সকলো প্ৰসিদ্ধ নাট্যকাৰৰ শ্বেক্সপীয়েৰেও ৰংগমঞ্চসমূহত প্ৰতি লক্ষ্য ৰাখি নাট ৰচনা কৰিছিল  । ৰচনাৰ সময় হিচাপে তেওঁৰ নাটসমূহ সাধাৰণভাবে চাৰিটা যুগত ভাগ কৰা হয় ।
     জুবিন গাৰ্গঃ কণ্ঠশিল্পী, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, সংগীত ব্যৱস্থাপক, শব্দযন্ত্ৰী । ১৯৭২ চনৰ ১৮ নবেম্বৰত তেওঁৰ জন্ম হয় । জুবিনৰ প্ৰথম বানীবদ্ধ হয় ১৯৯০-৯১ চনমানত যোৰহাট অনাতাঁৰ কেন্দ্ৰত  । জুবিনে এতিয়ালৈকে বিভিন্ন ভাষাৰ প্ৰায় ৩০,০০০ গীতত কণ্ঠদান কৰিছে । বিহুগীত, টোকাৰী গীত,  বৰগীত, লোকগীত, বনগীত আৰু অন্যান্য লোক-সংগীতৰ কেছেট-চিডিত কণ্ঠদান কৰাৰ উপৰি এশৰো  অধিক অসমীয়া আৰু হিন্দী গীতৰ নেপথ্য শিল্পীৰূপে কণ্ঠদান কৰিছে । তেওঁৰ পৰিচালনা তথা নায়কৰূপে অভিনয় কৰা ছবি 'মিছন চাইনা' আৰু 'কাঞ্চনজংঘা' । অভিনয় কৰা ছবি 'তুমি মোৰ মাথোঁ মোৰ', 'দীনবন্ধু', 'মন যায়', আণ্ডাৰৱৰ্ল্ড', ' ৰ'দৰ চিঠি' আদি । তেওঁৰ সংগীত পৰিচালিত ।
  ছবিঃ 'হিয়া দিয়া নিয়া', 'তুমি মোৰ মাথোঁ মোৰ', 'দাগ', 'মন যায়', 'নায়ক', কন্যাদান', 'ৰামধেনু', 'ৰ'দৰ চিঠি', 'দিষ্ট্ৰিংছ-বাউণ্ডেড বাই ফেইথ' (হিন্দী), 'এটা দি ৰিভাৰ ফ্লউছ' আদি । অসমীয়া আৰু হিন্দীৰ উপৰি তামিল, তেলুগু, কানাড়া, পঞ্জাবী, উৰিয়া, বাংলা, মাৰাঠী, নেপালী আদি ভাষাৰ গীততো তেওঁ কন্ঠদান কৰিছে ।
    তেওঁৰ প্ৰকাশিত পুথিঃ 'শব্দ অনুভূতি', 'জুবিনৰ পদ্য' । 'ইকোছ অব ছাইলেন্স' শীৰ্ষক তথা চিত্ৰবনৰ বাবে ২০০৮ চনৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ (অ-কাহিনী শাখাত) বটাঁ লাভ কৰে । থলুৱা আৰু পশ্চিমীয়া সুৰ তথা সংগীতৰ সাৰ্থক সংমিশ্ৰণেৰে অসমৰ সংগীত জগতত সৃষ্টি কৰা এক নতুন ধাৰাৰ বাবে শ্ৰোতাৰ মাজত জুবিনৰ গীত অভূতপূৰ্ব ভাবে জনপ্ৰিয় শিল্পী ।
     অংগৰাজ্য পাপন মহন্তঃ কন্ঠশিল্পী, সূৰকাৰ, সংগীত ব্যৱস্থাপক । ১৯৭৫ চনত তেওঁৰ জন্ম হয় । উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমূহক আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে ফিউজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয় কৰে ।
    প্ৰকাশিত গীতৰ এলবামঃ 'জোনাকী ৰাতি', 'চিনাকি অচিনাকি', 'গোমচেং, 'ফাগুনৰ গান, ফুলচেং', 'ধূলিৰ আকাশ', 'ৰংফুল' আদি । ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ সংগীত গোষ্ঠীটোৰ মূল কন্ঠশিল্পী । এম টি ভিৰ সংগীত অনুষ্ঠান কোক স্টুডিঅ'ত একাধিকবাৰ গীত পৰিবেশন, জনপ্ৰিয়তা অৰ্জন । একাধিক চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান  । উল্লেখযোগ্য ছবি 'ৰামধেনু', 'ৰ'দৰ চিঠি', 'বৰফি', 'আই এম কালাম' আদি ।
    বঁটা-সম্মানঃ গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড (২০১০), বিগ অসমীয়া মিউজিক এৱাৰ্ড (২০১১) ।
৯/ সমাৰ্থক শব্দ লিখাঃ
প্ৰভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন ।
উত্তৰ  :- প্ৰভাত :- পুৱা,   কঠিন :- টান,  এলেহুৱা :- সোৰোপা, ডাঙৰ :- জ্যেষ্ঠ, চেষ্টা :- প্ৰচেষ্টা, লগৰীয়া :- সমনীয়া, লক্ষ্য :- অভিপ্ৰায়, নিৰৱচ্ছিন্ন  :- একেৰাহে, হাবিয়াস  :- হেপাহ,  সপোন  :- স্বপ্ন  ।
১০/ বিপৰীতাৰ্থক শব্দ লিখাঃ
নতুন,  ক্ষুদ্ৰ,  কৰ্মহীন,  এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ,  জন্ম,  সমান,  ।
উত্তৰ  :- নতুন  :- পুৰণি, ক্ষুদ্ৰ  :- বিশাল,  সফল :- বিফল, কৰ্মহীন  :- কৰ্ম্মযী, এলেহুৱা :- কামিলা, সহজ :- জটিল, সপোন :- দিঠক, সুবিধা :- অসুবিধা, আৰম্ভ, সমাপ্ত,  জন্ম  :- মৃত্যু, সমান :- অসমান ।
১১/ তুমি কথা-বতৰা পাতোঁতে সাৱধান হ'বা ।
মনে পঢ়া-শুনা কৰি আছে ।
গাড়ী দুখন আগা-পিছা গৈ আছে ।
ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ 
ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা ।
উত্তৰ  :- 
ল'ৰা-ছোৱালীঃ পিতৃ-মাতৃৰ বাবে ল'ৰা-ছোৱালীৰ সফলতাতকৈ আন একো সুখ নাই ।
হাত-ভৰিঃ হাত-ভৰি ধুইহে মন্দিৰলৈ সোমাব লাগে ।
জীৱন-জীৱিকাঃ জীৱন-জীৱিকা সন্ধানত বহু লোক চহৰলৈ আহে ।
পা-পইচাঃ ভালদৰে জীয়াই থাকিবলৈ পা-পইচাৰ প্ৰয়োজন ।
১২/ ভাব সম্প্ৰসাৰণ কৰাঃ
(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান  ।
উত্তৰ  :- সিংহ হৈছে বনৰ ৰজা । সেয়েহে সিংহৰ পশুৰ ৰজা বুলি কোৱা হয় । ধৈৰ্য্য আদি গুণবোৰ উদ্যোগী পুৰুষৰ গাত বিদ্যামান । উদ্যোগী পুৰুষে যিকোনো কাম আগ্ৰহ আৰু ঐকান্তিক প্ৰচেষ্টাৰে সফলতাৰে সম্পাদন কৰে । সেয়েহে তেওঁলোক অতি সহজে অতুল ঐশ্বৰ্য-বিভূতিৰ গৰাকী হ'ব পাৰে । সেইদৰে অধ্যৱসায়ৰ বলত মেধাশক্তি আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো উদ্যোগী পুৰুষসকল সমানে আগৰণুৱা । সেয়েহে শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোক আগবাঢ়ি যাব পাৰে  । সেয়েহে উদ্যোগী পুৰুষে ধন-সম্পদ আৰু বিদ্যা-বুদ্বি দুয়োটাৰে অধিকাৰী হৈ সুন্দৰভাৱে জীৱন যাপন কৰিবলৈ সমৰ্থ হয় ।
(খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।
উত্তৰ :- মূলা গজি যেতিয়া দুপৰীয়া হ'ব তেতিয়াই মূলা কেনেকুৱা হ'ব বুজিব পাৰি । অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব  ।  এই কথাষাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰু কালতেই ল'ৰা-ছোৱালী কেনে গঢ়ৰ হ'ব তাক বুজিব পৰা যায় । মানুহৰ ভবিষ্যতৰ লয়-লক্ষণ, গুণ, স্বভাৱ আদি সৰুকালতেই ফুটি ওলায় । যিসকল ভবিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰুকালতেই ধৰা পৰে ।
(গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ।
উত্তৰ  :- শ্ৰম-বিমুখ লোকে যে জীৱনত উন্নত কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হয় । হাঁহ-কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য  । কিন্ত হাঁহ-কুকুৰাবোৰ আপোনা-আপুনি শিয়ালৰ ওচৰত ধৰা নিদিয়ে । শিয়ালে নিজ চেষ্টাৰে এইবাৰ ধৰিব লাগে  ।  নানান ফন্দিও কৰিব  লগা হয় । সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব   । ঠিক তেনেকৈ মানুহে জীৱনত সুখ-শান্তিত থাকিবলৈ হ'লে তেওঁ পৰিশ্ৰম কৰিব লাগিব  । নিজে ধন অৰ্জন কৰিব লাগিব  । কিন্ত তাকে নকৰি যদি আলস্যত দিন পাৰ কৰে, তেন্তে সি কেতিয়াও জীৱনত উদগতি কৰিব নোৱাৰে । সেয়ে উদগতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন ।
১৩/ লিংগ পৰিবৰ্তন কৰাঃ শিক্ষক, ছাৰ, ছাত্ৰ, পুৰুষ, বন্ধু।
উত্তৰ  :- শিক্ষক --- শিক্ষয়িত্ৰী, ছাৰ --- মেডাম, ছাত্ৰ --- ছাত্ৰী, পুৰুষ --- মহিলা, বন্ধু--- বান্ধৱী ।

অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ 

অতি চমু প্ৰশ্নোত্তৰ                          প্ৰতিটোত ১ নম্বৰৈ
১/ নাৰায়ণ মূৰ্ত্তীৰ জন্ম ক'ত হৈছিল  ?
উত্তৰ  :- কৰ্ণাটকত ।
২/ নাৰায়ণ মূৰ্ত্তীৰ শিক্ষাগত অৰ্হতা কি আছিল  ?
উত্তৰ  :- অভিযান্ত্ৰিক শিক্ষা সমাপ্তি কৰিছিল  ।
৩/ নাৰায়ণ মূৰ্ত্তীয়ে প্ৰতিষ্ঠা কৰা Softronics নামৰ কোম্পানীটোৰ কিমান বছৰ চলিছিল ?
উত্তৰ  :- দেৰ বছৰ ।
৪/ নাৰায়ণ মূৰ্ত্তীৰ Infosys নামৰ কোম্পানীটোৰ নব্বৈৰ দশকত সফল হোৱাত ভাৰত চৰকাৰৰ কি নীতিয়ে সহায় কৰিছিল ?
উত্তৰ  :- ভাৰতৰ বিত্ত মন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুক্ত অৰ্থনীতি ঘোষণা কৰাৰ ফলত  ।
৫/ উদ্যোগী হওঁ আহা' পাঠটিৰ লেখক কোন ?
উত্তৰ  :- দেৱজিৎ ভূঞা ।
৬/ দেৱজিৎ ভূঞাৰ জন্ম ক'ত হৈছিল  ?
উত্তৰ  :- তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত ।
৭/ দেৱজিৎ ভূঞাৰ এখন কবিতা পুথিৰ নাম লিখা ।
উত্তৰ  :- এনিশাৰ কবিতা ।
৮/ কেইগৰাকীমান সফল অসমীয়া উদ্যোগীৰ নাম লিখা ।
উত্তৰ  :- শ্ৰী নোমলচন্দ বৰা, নৰেন্দ্ৰ দত্ত, হিতেশ বৰুৱা, অভিজিত বৰুৱা, জে,এন, খাটনিয়াৰ, জুবিন গাৰ্গ, অঙ্গৰাজ পাপন মহন্ত, ।
৯/ বিখ্যাত আৱিষ্কাৰক চেষ্টাৰ কাৰ্লচনৰ ফটোকপি আৱিষ্কাৰটো কোন কোম্পানীয়ে কিনি লৈছিল ?
উত্তৰ  :- নিউয়ৰ্কৰ হেইয়া নামৰ কোম্পানীয়ে ।
১০/ বহুতো ভাল বজাৰত বিক্ৰী নোহোৱাৰ কাৰণ কি ?
উত্তৰ  :- যোগাযোগ বা উপস্থাপন ভাল নোহোৱা বাবে ।
১১/ সফল উদ্যোগী ধীৰুভাই আম্বানীৰ শিক্ষাগত অৰ্হতা কি আছিল  ?
উত্তৰ  :- মেট্ৰিক শিক্ষা ।
১২/ মাইক্ৰচফটৰ প্ৰতিষ্ঠাতা কোন  ?
উত্তৰ  :- বিল গেটচ  ।
১৩/ উইলিয়াম চেক্সপীয়েৰে ভাগ্য সম্পৰ্কত কি কৈছিল  ?
উত্তৰ  :- শ্বেইক্সপীয়েৰে কৈছিল--- "আমাৰ ভাগ্য গ্ৰহ --- নক্ষত্ৰই নিৰূপন নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে ।"
১৪/ উদ্যোগীসকল প্ৰশিক্ষণ দিবৰ বাবে থকা ভাৰত চৰকাৰৰ এটি সংস্থাৰ নাম লিখা ?
উত্তৰ  :- Indian Institute of Entrepreneuship, I.I.E.
১৫/ ধীৰুভাই, আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ নামৰ কোম্পানীটোৰ প্ৰাৰম্ভিক নাম কি আছিল  ?
উত্তৰ  :- ৰিলায়েন্স কমাৰচিয়েল কৰ্পোৰেচন  ।
১৬/ GNRC Hospital ৰ স্বতাধিকাৰী  নাম কি ?
উত্তৰ  :- নোমল চন্দ্ৰ বৰা  ।
১৭/ Down Town Hospital ৰ স্বত্বাধিকাৰী কোন ?
উত্তৰ  :- নৰেন্দ্ৰ নাথ দত্ত  ।
১৮/ অভিজিত বৰুৱাই প্ৰতিষ্ঠা কৰা উদ্যোগীকেইটাৰ নাম কি ?
উত্তৰ  :- অসম এয়াৰ প্ৰডাক্টছ আৰু প্ৰিমিয়াৰ ক্ৰায়জেনিক ।
১৯/ মেনেজমেন্ট শাস্ত্ৰৰ গুৰু কোন  ?
উত্তৰ  :- পিটাৰ ড্ৰাকাৰ ।
২০/ বিখ্যাত বৈজ্ঞানিক টমাচ আলভা এডিচনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰোঁতে কেইবাৰ বিফল হৈছিল  ?
উত্তৰ  :- ১০,০০০ বাৰ ।
২১ / অসমৰ এজন প্ৰখ্যাত গৃহ নিৰ্মাণকৰী
 বা বিল্ডাৰৰ নাম লিখা ।
উত্তৰ  :- জে,এন, খাটনিয়াৰ  ।
২২/ "Eat cricket, sleep cricket, dream cricket, drink cricket"
---এইটো কিহৰ বিজ্ঞাপনত দেখা পোৱা যায় ?
উত্তৰ  :- ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনত ।
২৩/ ধীৰুভাই আম্বানীয়ে পোন প্ৰথমে কি সামগ্ৰীৰ ব্যৱসায় কৰিছিল  ?
উত্তৰ  :- কাপোৰ ।
২৮/ ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন  ?
উত্তৰ   :- নাৰায়ণ মূৰ্ত্তী ।
২৫/ "ছাৰ এজন সফল উদ্যোগী হ'বলৈনো কিয় কঠিন ?" --- এই কথাষাৰ কোনে সুধিছিল  ?
উত্তৰ  :- বিদিশা নামৰ ছোৱালীজনীয়ে ।
২৬/ ইনফচিচ কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে কিমান টকা আগবঢ়াইছিল ?
উত্তৰ  :- দহ হাজাৰ টকা ।
২৭/ মটৰগাড়ী ভাল কৰা গেৰেজ, মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে কিহৰ প্ৰয়োজন  ?
উত্তৰ  :- নিজৰ কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন  ।
২৮/ Name Care Hospital ৰ স্বত্বাধিকাৰী কোন ?
উত্তৰ  :- হিতেশ বৰুৱা ।
২৯/ চেষ্টাৰ কাৰ্লচনৰ আবিস্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হোৱা কোম্পানীটোৰ নাম কি  ?
উত্তৰ  :- নিউইয়ৰ্ক হেলয়ড কোম্পানী ।
৩০/ হেলয়ড কোম্পানী পৰবৰ্তী সময়ত কি নামেৰে জনাজাত হয় ?
উত্তৰ  :- জেৰক্স ক'ৰপৰেচন নামেৰে ।
৩১/ ধীৰুভাই আম্বানীয়ে প্ৰথম কি কাম কৰিছিল  ?
উত্তৰ  :- পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল  ?
৩২/ ইলেক্ট্ৰনিক বাল্ব কোনে প্ৰস্তুত কৰিছিল  ?
উত্তৰ  :- টমাচ আলভা এডিচনে ।
৩৩/ ১৮৭৬ খ্ৰীষ্টাব্দত নিজৰ আবিস্কৃত এটা যন্ত্ৰ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ চপা ডেকাজন কোন আছিল  ?
উত্তৰ  :- আলেকজেণ্ডাৰ গ্ৰাহাম বেল   ।
৩৪/ ধীৰুভাই আম্বানীয়ে প্ৰথম আৰম্ভ কৰা ব্যৱসায়টো কি আছিল  ?
উত্তৰ  :- ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি মুনাফা আৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰ সকলৰ মাজত বিতৰণ কৰিছিল  ।
৩৫/ ধীৰুভাই আম্বানীয়ে প্ৰথম আৰম্ভ কৰা ব্যৱসায়টো অসমীয়াৰ কোনটো ফকৰা যোজনাৰ প্ৰয়োগ বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰ  :- তোমাৰ বাৰীৰ বাঁহ গাজ আনি তাৰে কৰিছো খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা" ফকৰা যোজনাটিৰ প্ৰয়োগ ।
৩৬/ উদ্যোগী হোৱাৰ গুণ জন্মগত ' --- কথাষাৰ শুদ্ধকে ?
উত্তৰ  :- শুদ্ধ নহয় ।

চমু প্ৰশ্নোত্তৰ

১/ ক'কা ক'লা বিজ্ঞাপনটোৰ সৈতে এগৰাকী উদ্যোগীৰ সফলতাৰ কি সম্পৰ্ক আছে ?
উত্তৰ  :- ক'কা ক'লা কোম্পানীৰ এটা বিজ্ঞাপনত কোৱা হয় --- 'Eat cricket, sleep cricket, dream cricket, drink cricket,' উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ । খাওঁতে, শোওঁতে, উঠোঁতে-বহোঁতে অনবৰতে উদ্যোগী ব্যক্তি গৰাকীয়ে নিজৰ লক্ষ্য বা সপোন কৰিবৰ বাবে নিৰৱচ্ছিন্ন ভাৱে কাম কৰি যাব লাগিব । লগতে তেওঁৰ লাগিব এক সৃজনশীল মন । এজন উদ্যোগীয়ে প্ৰতিটো খোজতে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ খোজ আগবঢ়াব লাগিব  । ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেটচমেনেও ভাল বলাৰৰ বাবে ৰাণ-কৰিব নোৱাৰিলেও নিজৰ উইকেট বচাইৰাখি চিক্সাৰৰ বাবে ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনেও ধৈৰ্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ন সদ্ব্যৱহাৰ কৰিব লাগিব  ।
২/ উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ কি কি ব্যৱস্হা আছে ?
উত্তৰ  :- উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ  (Indian Institute of Entrepreneurship (IIR) নামৰ সংস্থাৰ শাখা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে । লগতে Startup India আঁচনিৰ জৰিয়তে উদ্যোগীসকলক আৰম্ভণি কৰিবৰ বাবে মূলধন, কাৰিকৰী সহায় (Technical support) দিয়াৰ লগতে প্ৰশিক্ষণৰো ব্যৱস্হাত আছে । বৰ্তমান চৰকাৰে আত্মনিৰ্ভৰশীল হোৱাৰ আগ্ৰহী যুৱসকলৰ বাবে বিভিন্ন আঁচনিৰ জাৰি কৰিছে । উদাহৰণ স্বৰূপে মুদ্ৰা ঋণ আঁচনি ।
৩/ মুদ্ৰা ঋণ আঁচনি কি ?
উত্তৰ  :- বৰ্তমান চৰকাৰে আত্মনিৰ্ভৰশীল হোৱাৰ আগ্ৰহী যুৱকসকলৰ বাবে বিভিন্ন আঁচনিও জাৰি কৰিছে । উদাহৰণ স্বৰূপে মুদ্ৰা ঋণ আঁচনি । এই আঁচনিৰ জৰিয়তে মূলধন নাথাকিলেও কোনো এজন উদ্যোগী লোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে । চৰকাৰে তেনেধৰণৰ লোকৰ বাবে এই আঁচনিৰ জৰিয়তে কোনো ধৰনৰ বন্ধকী অথবা মৰ্টগেজ নথকাকৈয়ে বেংকৰ ঋণৰ ব্যৱস্থা অতি কম সুদত দিয়াৰ ব্যৱস্থা কৰিছিল  । এই আঁচনিৰ জৰিয়তে বহুতো উদ্যোগী ডেকাই উন্নতিও লাভ কৰিছে ।
৪/ আলেকজেণ্ডাৰ গ্ৰাহামবেলৰ দ্বাৰা আৱিষ্কৃত টেলিফোনে প্ৰথম অবস্থাত কি কি বাধা পাইছিল  ?
উত্তৰ  :- ১৮৭৬ খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে । অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ সন্মুখত তেওঁৰ আবিষ্কাৰ প্ৰদৰ্শন কৰিলে । ৰাডাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে "এইটো এটা আচৰিত আবিষ্কাৰ  । কিন্ত এইটো কোনো ব্যৱহাৰ কৰিব বা কোনে ল'ব ?" সেই ডেকাজন আছিল আলেকজেণ্ডাৰ গ্ৰাহামবেল ।
৫/ চেষ্টাৰ কাৰ্লচনৰ ফটো কপি আবিষ্কাৰটোৱে কি কি বাধাৰ মাজেৰে সফলতা পাইছিল  ?
উত্তৰ  :- ১৯৪০ চনত আন এজন আবিষ্কাৰক চেষ্টাৰ কাৰ্লচনে নিজৰ আবিস্কাৰ  ২০ টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল আৰু কোনেও তেওঁৰ আবিষ্কাৰ গ্ৰহন কৰিবলৈ মান্তিনহ'ল । সাতবছৰৰ পাচত ১৯৮৭ চনত নিউয়ৰ্কৰ হেলয়ড নামৰ এটা সৰু কোম্পানীৰ জেৰক্স কৰ্পোৰেচন নামে জনাজাত হয় । আজিও বহুতে চিঠি পত্ৰৰ মেচিনত কৰা ফটো কপিক জেৰক্স বুলিয়েই কয় ।
ৰচনধৰ্মী প্ৰশ্নোত্তৰ              প্ৰতিটোত ৪/৫ নৱেম্বৰকৈ
১/ শ্ৰেণী-শিক্ষকগৰাকীয়ে কেইগৰাকীমান বৈজ্ঞানিকৰ কথাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক কি অনুপ্ৰেৰণা দিছিল ?
উত্তৰ  :- শ্ৰেণী শিক্ষক গৰাকীয়ে টমাচ আলভা, ষ্টিফ জবছ, আলেকজেণ্ডাৰ গ্ৰাহামবেল,  চেষ্টাৰ কাৰ্লচন আদিৰ কথা কৈছিল  ।
   বিখ্যাত বৈজ্ঞানিক টমাচ আলভা এডিচনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল,  "মই বিফল হোৱা নাই  । মাত্র বুজিলোঁ যে ১০০০০ ধৰণে কাম নকৰে" । এপল কোম্পানীৰ সহপ্ৰতিস্থাপক ষ্টিফ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথোঁ ধৈৰ্য্যশীলতা (Perseverance) ।
    ১৮৭৬ খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুত লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে । অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ সন্মুখত তেওঁৰ আবিষ্কাৰ প্ৰদৰ্শন কৰিলে । ৰাডাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে "এইটো এটা আচৰিত আবিষ্কাৰ  । কিন্ত এইটো কোনে ব্যৱহাৰ বা কোনে ল'ব  ? " সেই ডেকাজনে আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল  ।
     ১৯৪০ চনত আন এজন আবিষ্কাৰক চেষ্টাৰ কাৰ্লচনে নিজৰ আবিস্কাৰ ২০ টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল আৰু কোনেও তেওঁৰ আবিষ্কাৰ গ্ৰহন কৰিবলৈ মান্তি নহ'ল । সাতবছৰৰ পাচত ১৯৮৭ চনত নিউয়ৰ্কৰ হেলয়ড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আবিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয় । পৰৱৰ্তী সময়ত হেলয়ড কোম্পানীৰ জেৰক্স কৰ্পোৰেচন নামে জনাজাত হয় । আজিও বহুতে চিঠি পত্ৰৰ মেচিনত কৰা ফটো কপিক জেৰক্স বুলিয়েই কয় ।
২/ ভাৱ সম্প্ৰসাৰণ কৰাঃ
১/ অতি ভক্তি চোৰৰ লক্ষণ ।
উত্তৰ  :- ভক্তি শব্দই সাধাৰণভাৱে উপাসনা, আৰাধনা, সেৱা, খাটনিয়াৰ আদি অৰ্থ প্ৰকাশ কৰে । অবিভক্ত বুলিলে অতিৰিক্ত বা অধিক ভক্তিকেই বুজায় । সাধাৰণতে যিসকল দেৱ-দেৱী নাইবা যিসকল ব্যক্তিয়ে আমাৰ জীৱনৰ ওপৰত কিবা প্ৰকাৰে নহয়, কিবা প্ৰকাৰে প্ৰভাৱ পেলায়, নাইবা কিবা প্ৰকাৰে আমাক অনুপ্ৰাণিত কৰে তেওঁলোকৰ প্ৰতিয়েই আমি ভক্তিৰ ভাৱ প্ৰকাশ কৰোঁ । কিন্ত সেয়া হলেও সকলো কামৰে একোটা সীমা বা পৰিসৰ থকাৰ দৰে ভক্তিৰ ক্ষেত্ৰতো ইয়াৰ এটা সীমা বা পৰিসৰ আছে । ভক্তিৰ সীমা বা পৰিসৰৰ ভিতৰত থাকি যেতিয়া কাৰোবালৈ শ্ৰদ্ধাৰ মনুভাৱ  জনোৱা হয়, তেনেকুৱা ভক্তিভাৱাপন্ন লোক সকলোৰে আদৰৰ হৈ পৰে । কিন্ত অতিভক্তি শব্দই অধিকভাৱ প্ৰকাশ কৰিলেও বাস্তৱ ক্ষেত্ৰত কিন্ত কেতিয়াবা কেতিয়াবা অতিৰিক্তৰ মাজত, দুষ্টালি আদিৰ মনোভাৱ জড়িত হৈ থকাও দেখা যায় । কেতিয়াবা কেতিয়াবা দেখা যায় ব্যক্তিগত স্বাৰ্থপৰায়ণ লোকে নিজৰ নিজৰ নিজৰ কাৰ্যসিদ্বিৰ বাটত অগ্ৰসৰ হৈ প্ৰয়োজনতকৈ অতিৰিক্ত ভাৱে ভক্তি বা সেৱাৰ মনোভাৱ দেখুৱায় । তেনে লোকৰ ভক্তিৰ আধিক্য কিন্ত বাহ্যিক হে; ইয়াৰ মাজত সততে নিজৰ স্বাৰ্থসিদ্ধিৰ কথাহে কথাহে জড়িত থাকে । অন্য কথাত তেওঁলোকে চোৰৰ দৰে নিজৰ স্বাৰ্থ উপযোগী কাম আদায় কৰিবৰ বাবেহে যেন আগবাঢ়ে । এনেকুৱা অসৎ লোকৰ ক্ষেত্ৰত সেৱাৰ মনোভাৱ দেখিয়েই সেয়ে কোৱা হয় 'অবিভক্তি চোৰৰ লক্ষণ' বুলি । এনেকুৱা লোকে দেখাত ভক্তিৰ মনোভাৱ দেখুৱায় যদিও ছেগ পালেই চোৰ কৰি নিবলৈও কুন্ঠাবোধ নকৰে । সেয়ে এনে লোকৰ চতুৰালিৰ পৰা সাৱধান কৰি দিবলৈ 'অবিভক্তি চোৰৰ লক্ষণ' এই ফকৰাৰ ব্যৱহাৰ কৰা হয় । 
(২) আঁঠোৱা চাই ঠেং মেলা ।
উত্তৰ  :- অবস্থা চাইহে যে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই কথাকে এই কথাশাৰীৰে বুজাব বিচৰা হৈছে । ৰাতিৰ ভাগত আমি মহৰ কামোৰৰ পৰা ৰক্ষা পৰাৰ বাবে আঁঠুৱা তৰি লওঁ।  কিন্ত আঁঠুৱাৰ তলত সোমাই লোৱাৰ লগে লগে আমি বিচাৰ কৰিব লাগিব, সেই আঁঠুৱাখন কিমান দীঘল  । সোমাই লোৱাৰ লগে লগে আমি বিচাৰ কৰিব লাগিব , সেই আঁঠুৱাখন কিমান দীঘল  । সেই কথা বিচাৰ নকৰাকৈয়ে যদি আমি ঠেং মেলি দিওঁ, তেতিয়াহ'লে ঠেং বাহিৰলৈ ওলাই পৰিব আৰু তেনে অবস্থাত মহবিলাকে আমাৰ ঠেঙত পৰি বৰভোজ খাবলৈ সুবিধা পাব । ফলস্বৰূপে আমি মহৰ কামোৰৰ খজুৱতিৰ পৰা কষ্ট পোৱাৰ উপৰি হয়তো কেতিয়াবা বিভিন্ন বেমাৰ-আজাৰৰো সন্মুখীন হ'ব পাৰোঁ । একেদৰে আমাৰ সামৰ্থ্য অনুসৰিহে আমি খৰচত ব্যৱস্থা কৰিব লাগে । আমি যদি আয়ৰ পিনে নাচাই উধাই-মুধাই ক'ৰবাৰ পৰা ধাৰ-ঋণ কৰি খৰচ কৰিবলৈ লওঁ, তেতিয়াহ'লে এটা সময়ত আমি সৰ্বস্বান্ত হ'ব লাগিব  । আমাৰ সঞ্চয়তো নাথাকিবই, বৰং আমি পদে পদে ধৰুৱা হৈ, বিভিন্নজনৰ গালি-গালাজ খাই জীৱন নিৰ্বাহ কৰিব লাগিব  । আনকি আমাৰ উত্তৰপুৰুষৰ লাঞ্ছনা-গঞ্ছনাও আমি সহ্য কৰিব লাগিব  । সেয়ে আমি আঁঠুৱা চাই ঠেং মেলিব লাগে অৰ্থাৎ অবস্থা চাইহে নিজৰ নিজৰ কাৰ্যব্যৱস্থা স্হিৰ কৰিব লাগে । কথাষাৰিৰে এই মহত কথাখিনিকেই প্ৰকাশ কৰিছে । 
৩/ আপোন ভালেই জগত ভাল  ।
উত্তৰ  :- জগতখনৰ ভাল-বেয়া সকলোখিনিয়েই যেন নিজৰ ওপৰতেই নিৰ্ভৰ কৰে, সেই কথাকেই এই যোজনাটিৰে বুজোৱা হয় ।
      সমাজ এখনৰ সকলো মানুহৰ যদি নিজেই ভাল হয়, তেতিয়া জগতখনো ভাল হয় । অৰ্থাৎ  জগতখন ভাল হোৱাৰ মুল কাৰণেই হৈছে আমি প্ৰত্যেকে নিজে ভাল হোৱাটো । সমাজৰ লোকসকলৰ প্ৰত্যেকে যদি নিজে সৎ হৈ জীৱন নিৰ্বাহ কৰিবলৈ লয়, সকলোৱে যদি অন্য কাৰোৰেই অমংগল চিন্তা নকৰিবলৈ লয়, তেতিয়াহ'লে সকলোৱে অন্যৰ সমাজ গঢ়ি উঠিব আৰু সেইখন সমাজত সকলোৱে মুক্ত মনেৰে বিচৰণ কৰাৰ সুযোগ লাভ কৰিব  । আমি যদি সকলোকে নম্ৰভাৱে ব্যৱহাৰ কৰোঁ তেতিয়া আইন সকলোৱে আমাকো নম্ৰভাবে ব্যৱহাৰ কৰিবলৈ ল'ব । তাৰ বিপৰীতে আমি যদি অন্যক আচৰণ কৰোঁ, অন্যক যদি আমি কটু মাত, কটু কথা ক'বলৈ লওঁ তেতিয়া আমিও অন্যৰপৰা সেই একে ধৰণৰ ব্যৱহাৰকেই পাম ।
     সেয়ে কোৱা হয় সমাজৰ ভাল-বেয়া নিজৰ ওপৰতেই নিৰ্ভৰ কৰে বা আপোন ভালেই জগত ভাল  ।
(৪) উদক ভেটা ৰখীয়া পতা ।
উত্তৰ  :- সাধাৰণতে লুভীয়া মানুহক কোনো ভঁৰাল ঘৰৰ ৰখীয়া পতা কাৰ্যক ব্যংগাত্মাকভাৱে বুজাবলৈ 'উদক ভেটা ৰখীয়া পতা'এই যোজনাটো ব্যৱহাৰ কৰা হয় ।
    মানুহে জান-জুৰি, নদ-নদী আদিৰ পাৰত ভেটা বান্ধি মাছ ধৰে । কিন্ত উদক যদি সেই ভেটাৰ ৰখীয়া পতা হয়, তেতিয়াহ'ল হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা বেছি উদ মাছৰ লুভীয়া আৰু উদে মাছ খাই জীয়াই থাকে । সেয়ে উদক যদি ভেটাৰ ৰখীয়া পতা যায়, তেতিয়াহ'ল
 উদে মাছবোৰ ৰখিব চাৰি সেইবোৰ খাইহে শেষ কৰি পেলাব । উদক ভেটা ৰখীয়া পতাৰ দৰে মানুহে কোনো লুভীয়া মানুহক কোনো ভঁৰাল ঘৰৰ ৰখীয়া পাতে, তেতিয়া তেনে মানুহবোৰেও লাহে লাহে সেই ভঁৰালৰ বিভিন্ন সামগ্ৰীসমূহ এপদ-এপদকৈ নি এটা সময়ত আটাইবোৰ সামগ্ৰীকেই শেষ কৰি পেলাব  । অন্যকথাত উদক ভেটা ৰখীয়া পতা যেনে কথা, লুভীয়া মানুহক ভঁৰাল ঘৰৰ ৰখীয়া পতাও তেনে কথা । দুয়ো ক্ষেত্ৰতেই মঙ্গল হোৱাতকৈ অমঙ্গল হোৱাৰেই সম্ভাৱনা বেছি । সেয়ে লুভীয়া মানুহক ভঁৰাল ঘৰৰ ৰখীয়া পতা কাৰ্যক বুজাবলৈ 'উদক ভেটা ৰখীয়া পতা' যোজনা ব্যৱহাৰ কৰা হয় ।
(৫) কইনা হাঁহৰ ঠোটঁলৈকে মঙহ ।
উত্তৰ  :- কঠোৰ পৰিশ্ৰমেৰে অৰ্জন কৰা ধনেৰে কিনি অনা বস্তুৰ মূল্য কিনোঁতাৰ বাবে যে অতি অপৰিসীম সেই কথাকেই এই যোজনাৰে বুজোৱা হয় ।
      ধন দি কিনি অনা হাঁহৰ সামান্য অংশও মানুহে পেলাবলৈ নিবিচাৰে  । তাৰ ঠোটঁটোৰ মাজতো মঙহ আছে বুলি ধৰি লৈ ঠোটঁলৈকে ভালদৰে কাটি-বাছি লয় । যোজনাটোত কেৱল মাত্ৰ হাঁহৰ কথাকেই কোৱা হৈছে যদিও হাঁহ ৰূপকেৰে কষ্টোপাৰ্জিত ধনেৰে কিনি লোৱা সকলোবোৰ বস্তুৰ ক্ষেত্ৰতেই এই কথা প্ৰযোজ্য বুলি ক'ব লাগিব  । খাদ্য বস্তুৱেই হওঁক বা অন্যান্য বস্তুৱেই হওঁক মানুহে যেতিয়া অশেষ পৰিশ্ৰমেৰে উপাৰ্জিত ধনেৰে সেইবোৰ কিনি আনে, তেতিয়া মানুহে সেইবোৰ বস্তুৰ প্ৰকৃত ব্যৱহাৰ হোৱাটো বিচাৰে । যিকোনো খাদ্যবস্তুৰে এনেই পেলনি যোৱাটো মানুহে নিবিচাৰে; অথলে পেলনি গ'লে মানুহে মনত সীমাহীন দঃখ-কষ্ট লাভ কৰে । সেইয়ে অন্যান্য বস্তুৰো কোনো প্ৰকাৰে হানি-বিঘিনি হোৱাটো মানুহে নিবিচাৰে । 
     কষ্ট উপাৰ্জিত ধনেৰে কিনা বস্তুৰ ওপৰত মানুহে এইধৰণে দৃষ্টি আৰু মূল্য দিয়া কথাটোকেই বুজাবলৈ 'কইনা হাঁহৰ ঠোটঁলৈকে মঙহ' এই যোজনাটো প্ৰয়োগ কৰা হৈছে ।

এনেধৰণৰ সকলোবোৰ পঠৰ প্ৰশ্ন উত্তৰ ছাবৰ বাবে তলৰ লিংক সমূহ নিৰ্বাছন কৰক ।

পাঠটোৰ প্ৰশ্নোত্তৰ সমূহ পঢ়ি আপোনাৰ কেনেধৰণৰ অনুভৱ হৈছে মতামত জনাওক কমেন্টত ।


CLASS 10 ASSAMESE QUESTION ANSWER 
Group-A ( বাধ্যতামূলক ) 
  পদ্যাংশ  
১• বৰগীত পাঠটোৰ প্ৰশ্ন উত্তৰ 🔎 
২• জিকিৰ আৰু জাৰী'ৰ প্ৰশ্ন উত্তৰ🔎 
৩• প্ৰশস্তি পাঠৰ প্ৰশ্মোত্তৰ🔎 
 ৪• মই অসমীয়া পাঠৰ প্ৰশ্মোত্তৰ🔎 
 ৫•  দৃশ্যান্তৰ পাঠটোৰ প্ৰশ্ন উত্তৰ 🔎 
  গদ্যাংশ 
৬• উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্মোত্তৰ 
৭• ভাৰতীয় সংস্কৃতি'ৰ প্ৰশ্ন উত্তৰ 🔎 
১২• পাৰস্যত এভূমুকি'ৰ প্ৰশ্ন উত্তৰ 🔎 
 Group-B ( বৈকল্পিক পদ্যাংশ ) 
  গদ্যাংশ  
  গদ্যাংশ  
CLASS 10 GRAMMAR QUESTION ANSWER 

Post a Comment

0 Comments