ADRE সাধাৰণ জ্ঞান | ADRE General Knowledge

 সাধাৰণ জ্ঞান

অসমঃ ইতিহাস,  সংস্কৃতি, ভূগোল,  অৰ্থনৈতিক ।

  অসম নামৰ উৎপত্তিঃ অতীজৰে অসমৰ নাম আছিল কামৰূপ আৰু ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ।  অসমৰ নামৰ উৎপত্তি সম্বন্ধে নানান ধৰণৰ মতবাদ আছে । কিছুমান কয় যে আহোম ৰজাসকলে এই দেশ শাসন কৰিছিল বাবেই 'আহোম শব্দটোৰ' পৰাই 'অসম' নামৰ উৎপত্তি হয় । সংস্কৃতত 'অ-সম' শব্দটোৰ অৰ্থ অদ্বিতীয় । ড০ বাণীকান্ত কাকতিৰ মতে "আছাম" শব্দটোৰ উৎপত্তি হৈছিল অপৰাজিত আৰু অদ্বিতীয় বুজাবলৈ । শেহতীয়াকৈ ইংৰাজসকলে ব্যৱহাৰ কৰা "আছাম" নামৰ উৎপত্তি সম্বন্ধে সঠিকক কোৱা টান । বৰ্তমান ৰাজ্য চৰকাৰি পূৰ্বৰ Assam নামটো Asom হিচাপে গ্ৰহণ কৰিছে ।


বৰ্তমান অসমৰ চাৰিসীমাঃ 
  উত্তৰঃ অৰুণাচল প্ৰদেশ আৰু ভূটান ।
  পূবেঃ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ।
  দক্ষিণেঃ মিজোৰাম আৰু ত্ৰিপুৰা ।
  পশ্চিমঃ মেঘালয়, বাংলাদেশ, আৰু পশ্চিমবংগ ।

ভৌগোলিক অৱস্থানঃ অসম ৰাজ্য ভাৰতৰ উত্তৰ-পূবত অৱস্থিত । ভৌগোলিক অৱস্থান অনুসৰি অসম ২৪ ডিগ্ৰী উত্তৰ অংশৰ পৰা ২৮ ডিগ্ৰী উত্তৰ অক্ষাংশত আৰু ৯০ ডিগ্ৰী পূব দ্ৰাঘিমাংশ অৱস্থিত। 
 মাটিকালিঃ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 
 মুঠ জনসংখ্যাঃ  ৩১,১৬৯,২৯২ জন (২০১১ চনৰ ৰোক-পিয়ল অনুসৰি)
 পুৰুষঃ ১৫,৯৫৪,৯২৭ জন ।
 মহিলাঃ ১৫,২১৪,৩৪৫ জনী ।
 পুৰুষ-মহিলাৰ অনুপাতঃ (প্ৰতি হাজাৰ পুৰুষত মহিলা) ৯৫৪ জনী ।
 জনসংখ্যাৰ ঘনত্ব : (প্ৰতিবৰ্গ কিলোমিটা): ৩৯৭ জন (২০১১)।
অনুসূচিত জনজাতিঃ ১২.৪২ শতাংশ। 
অনুসূচিত জাতিঃ ৬.৮৫ শতাংশ। 
দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰঃ ১৬.৯৩ শতাংশ) (২০১১) ।
অসমত নিবনুৱাৰ সংখ্যাৰঃ ৭১.৪ শতাংশ।
ৰাজধানীঃ দিছপুৰ (গুৱাহাটী) ।
মুঠ শিক্ষিত ব্যক্তিঃ ১৯,৫০৭,০১৭৮ জন (২০১১) ।
শিক্ষিতৰ হাৰঃ (২০১১) ৭৩.১৮ শতাংশ ।
পুৰুষঃ ৭৮.৮১ শতাংশ। 
মহিলাঃ ৬৭.২৭ শতাংশ। 
মুঠ জিলাঃ ৩১ খন ।
জিলা কেইখন হ'লঃ গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, নলবাৰী, বৰপেটা, বাক্সা, দৰং, শোণিতপুৰ, লক্ষীমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, নগাঁও, মৰিগাঁও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কাৰ্বি আংলং  উত্তৰ কাছাৰ, চিৰাং, আৰু ওদালগুৰি, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, চৰাইদেউ, দক্ষিণ শালমৰা আৰু পশ্চিম কাৰ্বি আংলং, আৰু মাজুলী ।

মুঠ মহকুমাঃ ৭৮ টা ।
জাতীয় সংগীতঃ "অ' মোৰ আপোনাৰ দশ" (ৰচিয়তাঃ লক্ষ্মীনাথ বেজবৰুৱা) ।
জাতীয় জন্তঃ গঁড় ।
জাতীয় উৎসৱঃ বিহু ।
মাতৃ-ভাষাঃ অসমীয়া ।
মুখ্য চহৰ-নগৰঃ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, তেজপুৰ, শিলচৰ, বঙাইগাঁও, ধুবুৰী, লক্ষিমপুৰ,
প্ৰধান নদ-নদীঃ ব্ৰহ্মপুত্ৰ, বৰাক ।
জলবায়ুঃ গৰম আৰু সেমেকা (মৌচুমী বায়ু) ।
পৃথিৱীৰ বৃহত্তম নদী দ্বীপঃ "মাজুলী" (ব্ৰহ্মপুত্ৰ নদীৰ মাজত) ।
ৰাষ্ট্ৰীয়-উদ্যানঃ কাজিৰঙা, মইনাহঁত, ডিব্ৰু-খোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান। 
পৃথিৱীৰ ভিতৰত প্ৰথম স্থানঃ চাহ উৎপাদন ।
দটা প্ৰধান শিল্পঃ চাহ আৰু খাৰুৱা তেল ।
বুৰঞ্জীপ্ৰসিদ্ধ ঠাইঃ ডিব্ৰুগড়, তেজপুৰ, হাজো, গুৱাহাটী আৰু শিৱসাগৰ। ।
প্ৰধান তীৰ্থ স্হানবোৰঃ কামাখ্যা, ভূৱনেশ্বৰী, উমানন্দ, বশিষ্ঠাশ্ৰম, অশ্বক্লান্ত, শুক্লেশ্বৰ, নৱগ্ৰহ, বৰপেটা সত্ৰ, বৰদোৱা সত্ৰ, পোৱা মক্কা আৰু আউলিয়া দৰগাহ। 

অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকল
 
প্ৰশ্ন ১/ সৰ্বপ্ৰথম স্নাতক ?
উত্তৰ :- আনন্দ ৰাম বৰুৱা ।
প্ৰশ্ন ২/ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ী ?
উত্তৰ : -ড⁰ ভূপেন হাজৰিকা ।
প্ৰশ্ন ৩/ সৰ্বপ্ৰথম কথাছবি পৰিচালক  ?
উত্তৰ  :- প্ৰমেথেশ বৰুৱা ।
প্ৰশ্ন ৪/ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ।
উত্তৰ  :- ফকৰুদ্দিন আলী আহমেদ। 
প্ৰশ্ন ৫/ সৰ্বপ্ৰথম গদ্য লিখক ?
উত্তৰ  :- ভট্টাদেব ।
প্ৰশ্ন ৬/  সৰ্বপ্ৰথম বোলছবি ?
উত্তৰ  :- জয়মতী (জ্যোতিপ্ৰসাদ আগৰৱালা) ।
প্ৰশ্ন ৭/ সৰ্বপ্ৰথম বুৰঞ্জী লিখক ?
উত্তৰ  :- হলিৰাম ঢেকিয়াল ফুকন  ।
প্ৰশ্ন ৮/ সৰ্বপ্ৰথম চাহ খেতিয়ক  ?
উত্তৰ  :- মণিৰাম দেৱান ।
প্ৰশ্ন ৯/ সৰ্বপ্ৰথম নাট্যকাৰ  ?
উত্তৰ  :- ব্ৰজ শৰ্মা ।
প্ৰশ্ন ১০/ সৰ্বপ্ৰথম দেশৰ কাৰনে প্ৰাণ দিওঁতা ?
উত্তৰ  :- পিয়লী ফুকন ।
প্ৰশ্ন ১১/ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি ?
উত্তৰ  :- দেৱকান্ত বৰুৱা ।
প্ৰশ্ন ১২/ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি ?
উত্তৰ  :- শুচিব্ৰতা ৰায়চৌধুৰী ।
প্ৰশ্ন ১৩/ সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক  ?
উত্তৰ  :- গণেশ ফুকন ।
প্ৰশ্ন ১৪/ সৰ্বপ্ৰথম মহিলা সাহিত্যক পেন্সনাৰ ?
উত্তৰ  :- নলিনীবালা দেৱী ।
প্ৰশ্ন ১৫/ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী ?
উত্তৰ  :- চৈয়দা দেৱী বৰকটকী ।
প্ৰশ্ন ১৬/ সৰ্বপ্ৰথম সাহিত্য সভাৰ সভাপতি ?
উত্তৰ  :- পদ্মনাথ গোহাঞি বৰুৱাৰ ।
প্ৰশ্ন ১৭/ সৰ্বপ্ৰথম অসমীয়া সংবাদ পত্ৰ  ?
উত্তৰ  :- অৰুনোদই ।
প্ৰশ্ন ১৮/ সৰ্বপ্ৰথম অসমৰ ছপাশাল  ?
উত্তৰ  :- মিছন প্ৰেছ, শিৱসাগৰ  ।
প্ৰশ্ন ১৯/ সৰ্বপ্ৰথম মহিলা পাইলট ।
উত্তৰ  :- ধীৰা হাজৰিকা ।
প্ৰশ্ন ২০/ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট  ?
উত্তৰ  :- বাণীকান্ত কাকতি ।
প্ৰশ্ন ২১/ সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতা ?
উত্তৰ  :- আনন্দৰাম বৰুৱা ।
প্ৰশ্ন ২২/ সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতা ?
উত্তৰ  :- জ্যোতিপ্ৰসাদ আগৰৱালা ।
প্ৰশ্ন ২৩/ সৰ্বপ্ৰথম অসমীয়া পি.এইচ.ডি. ?
উত্তৰ  :- মইদুল ইছলাম ।
প্ৰশ্ন ২৪/ সৰ্বপ্ৰথম অসমীয়া মেডিকেল ছাৰ্ভিচ পাছ কৰে ?
উত্তৰ  :- কৰ্ণেল শিৱৰাম বৰুৱা ।
প্ৰশ্ন ২৫/ সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক  ।
উত্তৰ  :- সুখলাল দুৱৰা আৰু সুধিলত দুৱৰা ।
প্ৰশ্ন ২৬/ সৰ্বপ্ৰথম সাহিত্য অকাডেমী বঁটা বিজয়ী ?
উত্তৰ  :- যতীন্দ্ৰনাথ দুৱৰা (১৯৫৫) ।
প্ৰশ্ন ২৭/ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ  ?
উত্তৰ  :- বলিনাৰায়ণ বৰা ।
প্ৰশ্ন ২৮/ সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় ?
উত্তৰ:- বেৰি হোৱাইট মেডিকেল স্কুল। ।
প্ৰশ্ন ২৯/ সৰ্বপ্ৰথম মেডিকেল কলেজ  ?
উত্তৰ  :- অসম মেডিকেল কলেজ , ডিব্ৰুগড় ।
প্ৰশ্ন ৩০/ সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য  ?
উত্তৰ  :- সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই  ।
প্ৰশ্ন ৩১/ সৰ্বপ্ৰথম সাহিত্যিক পেন্সনাৰ ।
উত্তৰ  :- পদ্মনাথ গোহাঞি বৰুৱাৰ ।
প্ৰশ্ন ৩২/ সৰ্বপ্ৰথম অসমীয়া ডি.লিট.
উত্তৰ :- সূৰ্য কুমাৰ ভূঞা ।
প্ৰশ্ন ৩৩/ সৰ্বপ্ৰথম অসমীয়া মহিলাৰ ডক্টৰেট  ?
উত্তৰ  :- ড⁰ লক্ষ্মী দেৱী ।

সাহিত্য-সংস্কৃতি 


প্ৰশ্ন ১/ প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক ?
উত্তৰ  :- লক্ষ্মীনাথ বেজবৰুৱা । 
প্ৰশ্ন ২/ প্ৰথম কথা-কবিতাৰ ৰচক ?
উত্তৰ  :- যতীন্দ্ৰনাথ দুৱৰা ।
প্ৰশ্ন ৩/ অসমৰ পুৰণি নাম কি ?
উত্তৰ :- কামৰূপ (প্ৰাগজ্যোতিষপুৰ) 
প্ৰশ্ন: ৪/ প্ৰাচীন কামৰূপৰ চাৰিটা ভাগত কি কি ?
উত্তৰ  :- (১) ৰত্নপীঠ (২) কামপীঠ (৩) স্বৰ্ণপীঠ আৰু (৪) সৌমাৰ পীঠ ।
প্ৰশ্ন ৫/ প্ৰথম অসমীয়া অনাতাঁৰ নাট ?
উত্তৰ  :- বীণ বৰাগী ।
প্ৰশ্ন ৬/ প্ৰথম অসমীয়া গল্প সংকলন  ?
উত্তৰ  :- লক্ষ্মীনাথ বেজবৰুৱা "সুৰভি" (১৯০৯) ।
প্ৰশ্ন ৭/ প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী ?
উত্তৰ  :- বিলাতৰ চিঠি (১৯৩৯) লেখক, জ্ঞানদাভিৰাম বৰুৱা ।
প্ৰশ্ন ৮/ জ্ঞানদাভিৰাম বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখকৰ নাম কি ?
উত্তৰ  :- মৃত্যুঞ্জয় (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য  ।
প্ৰশ্ন ৯/ সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি ?
উত্তৰ  :- " বনফুল " (১৯৫২), যতীন্দ্ৰনাথ দুৱৰা ।
প্ৰশ্ন ১০/ অসমৰ প্ৰথম মহিলা আলোচনী ?
উত্তৰ  :- ঘৰ জেউতি (১৯২৭) সম্পাদক কমলালয়া কাকতি ।
প্ৰশ্ন ১১/ সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উত্তৰ  :- ঈয়াৰুইঙ্গম; বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৮১) ।
প্ৰশ্ন ১২/ জ্ঞানপীঠ বঁটা পোৱা দ্বীতিয় গৰাকী সাহিত্যিকৰ নাম কি ?
উত্তৰ  :- ড⁰ মামণি ৰয়ছম গোস্বামী ।
প্ৰশ্ন ১৩/ অসমৰ "সাহিত্যৰথী" কোন  ?
উত্তৰ  :- লক্ষ্মীনাথ বেজবৰুৱা ।
প্ৰশ্ন ১৪/  অসমৰ "উপন্যাস সম্ৰাট " কোন ?
উত্তৰ  :- ৰজনীকান্ত বৰদলৈ ।
প্ৰশ্ন ১৫/ ২০০৩ চনত অসমৰ সাহিত্য বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন ?
উত্তৰ  :-  নিৰুপমা বৰগোহাঞি  ।
প্ৰ্ৰপ্ন ১৬ / প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি  ?
উত্তৰ  :- ধৰ্ম পুস্তক (১৮১৩), আত্মৰাম শৰ্মা ।
প্ৰশ্ন  ১৭/ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰ  :- বিহু অসমৰ জাতীয় উৎসৱ ।
প্ৰশ্ন ১৮/ অসমৰ এটি প্ৰাচীন কৃষি উৎসৱৰ নাম কি ?
উত্তৰ  :- মিচিংসকলৰ "আলি-আই-লৃগাং" উৎসৱ ।
প্ৰশ্ন ১৯/ অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি ?
উত্তৰ   :- 'ল'ৰাবন্ধু' (১৮৮৮) সম্পাদক: কৰুণাভিৰাম বৰুৱা ।
প্ৰশ্ন ২০/ অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি ?
উত্তৰ  :-  আছাম ট্ৰিবিউন (১৮৪৬), প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন। 
প্ৰশ্ন ২১/ অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয় ?
উত্তৰ  :- ১৯৪৮ চনত (গুৱাহাটী) ।
প্ৰশ্ন ২২/ অসমৰ প্ৰথম অসমীয়া বাতৰিকাকত খনৰ নাম কি ?
উত্তৰ  :- "দৈনিক বাতৰি" (১৯৩৫-৩৬) সম্পাদক: নীলমণি ফুকন  ।
প্ৰশ্ন ২৩/ প্ৰথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি ?
উত্তৰ  :- অৰুনোদই (১৮৪৬-১৮৮২) সম্পাদক ডঃ নাথান ব্ৰাউন ।
প্ৰশ্ন ২৪/ অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি ?
উত্তৰ :- অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২)  দেবেন্দ্ৰ নাথ বেজবৰুৱা ।
প্ৰশ্ন ২৫/ সংস্কৃতৰ পৰা অসমীয়ালৈ অনূদিত হোৱা প্ৰথম নাটকখন ?
উত্তৰ  :- শকুন্তলা (লম্বোদৰ বৰা) ।
প্ৰশ্ন ২৬/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ :- ১৯১৭ খ্ৰীষ্টাব্দত,  শিৱসাগৰ  ।
প্ৰশ্ন ২৪/ আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উত্তৰ  :- 'ভানুমতী', পদ্মনাথ গোহাঞিবৰুৱা ।
প্ৰশ্ন ২৫/ বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায় ?
উত্তৰ  :- ৰঘুনাথ চৌধৰীক ।
প্ৰশ্ন ২৬/ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি ?
উত্তৰ  :- পদ্মনাথ গোহাঞিবৰুৱা ।
প্ৰশ্ন ২৭/ অসম সাহিত্য সভাৰ প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
উত্তৰ  :- চন্দ্ৰকান্ত অভিধান ( ১৯৩৩ চন ) ।
প্ৰশ্ন ২৮/ অসমীয়া ব্যাকৰণক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন ?
উত্তৰ  :- হেম বৰুৱা ।
প্ৰশ্ন ২৯/ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল  ?
উত্তৰ  :- ১৯৫৫ চনৰ ১৬ নবেম্বৰত ।
প্ৰশ্ন ৩০/ বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি ?
উত্তৰ  :- জয়ভদ্ৰ হাগজেৰ। 
প্ৰশ্ন ৩১/ অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি ?
উত্তৰ  :- তিনিটা - (১) প্ৰাথমিক (২) মাধ্যমিক আৰু (৩) উচ্চতৰ ।
প্ৰশ্ন ৩২/ সাহিত্য অকাডেমী বঁটা লাভ কৰা "ককাদেউতাৰ হাড়" পুথিখনৰ লেখক কোন। 
উত্তৰ  :- নৱকান্ত বৰুৱা ।
প্ৰশ্ন ৩৩/ অসমীয়া ৰোমাণ্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন  ?
উত্তৰ  :- চন্দ্ৰকুমাৰ আগৰৱালা ।
প্ৰশ্ন ৩৪/ অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয় ?
উত্তৰ  :- খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ ।
প্ৰশ্ন ৩৫/ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি-সাহিত্য কোন আছিল  ?
উত্তৰ :- মহাপুৰুষ শংকৰদেৱ ।
প্ৰশ্ন ৩৬/ শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল  ?
উত্তৰ  :- মাধৱদেৱ ।
প্ৰশ্ন ৩৭/ শংকৰদেৱৰ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?
উত্তৰ  :- কিৰ্তন ঘোষা ।
প্ৰশ্ন ৩৮/ প্ৰাক্ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল  ?
উত্তৰ  :- মাধৱ কন্দলি আৰু হেম সৰস্বতী ।
প্ৰশ্ন ৩৯/ সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্য্য কবিতা পুথিখনৰ নাম কি ?
উত্তৰ  :- সুগন্ধি পখিলা ।
প্ৰশ্ন ৪০/ অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন আছিল  ?
উত্তৰ  :- ৰবিন্সন (১৮৩৯) ।
প্ৰশ্ন ৪১/ ইংৰাজৰ পৰা "ছাৰ" উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
উত্তৰ  :- ছাৰ চৈয়দ চাদুল্ল ।
প্ৰশ্ন  ৪২/ অসমৰ প্ৰথম চনেট কবি কোন আছিল  ?
উত্তৰ  :- হেমচন্দ্ৰ গোস্বামী ।
প্ৰশ্ন  ৪৩/ অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?
উত্তৰ  :- হেম সৰস্বতীৰ "পহ্লাদ চৰিত" ।
প্ৰশ্ন ৪৪/ অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভনি কেতিয়াও পৰা হয় ?
উত্তৰ  :- 'জোনাকী' কাকত ওলোৱাৰ পৰা ।
প্ৰশ্ন ৪৫/ অসমত স্থাপিত প্ৰথম কলেজ খনৰ নাম, প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি ?
উত্তৰ  :- কটন কলেজ (১৯০১ চন) প্ৰতিষ্ঠাপক হেনৰি কটন; প্ৰথম অধ্যক্ষ মিঃ চুডমাৰ্চন  ।
প্ৰশ্ন ৪৬/ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল  ?
উত্তৰ  :- ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪ জুলাই) ।
প্ৰশ্ন ৪৭/ অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল  ?
উত্তৰ  :- শ্ৰীমন্ত শংকৰদেৱ ।
প্ৰশ্ন ৪৮/ কাক অসমীয়া ব্যাস বুলি কোৱা হয় ?
উত্তৰ  :- ৰাম সৰস্বতী ।
প্ৰশ্ন ৪৯/ 'ৰামধেনু' আলোচনীৰ সম্পাদক কোন আছিল  ?
উত্তৰ  :- মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য,  ৰাধিকা মোহন ভাগৱতী ।
প্ৰশ্ন ৫০/ "আৱাহন" ৰ প্ৰথম সম্পাদক কোন আছিল  ?
উত্তৰ  :- দীননাথ শৰ্মা ।
প্ৰশ্ন ৫১/ "অসমীয়া ভাষা-উন্নত সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল  ?
উত্তৰ  :- ১৮৮৮ চনৰ ২৫/ আগষ্ট,  কলিতাই ।
প্ৰশ্ন ৫২/ চৈয়দ আব্দুল মালিকৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখন  ?
উত্তৰ  :- ধন্য নৰতনু ভাল ।
প্ৰশ্ন ৫৩/ অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলোচনীখনৰ নাম কি ?
উত্তৰ  :- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত- 'নৱযুগ' ।
প্ৰশ্ন ৫৪/ 'জোনাকী' ৰ প্ৰথম সম্পাদক কোন আছিল  ?
উত্তৰ  :- চন্দ্ৰকুমাৰ আগৰৱালা ।
প্ৰশ্ন ৫৫/ 'বাহী' ৰ প্ৰথম সম্পাদক কোন আছিল  ?
উত্তৰ  :- লক্ষ্মীনাথ বেজবৰুৱা ।
প্ৰশ্ন ৫৬/ ড°মামনি ৰয়চম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি ?
উত্তৰ  :- মামৰে ধৰা তৰোৱাল (১৯৮২) ।
প্ৰশ্ন ৫৭/ চৈয়দ আব্দুল মালিকে মাধবদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি ?
উত্তৰ  :- প্ৰেম অমৃতৰ নদী ।
প্ৰশ্ন ৫৮/ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল  ?
উত্তৰ  :- শৰৎ চন্দ্ৰ গোস্বামী ।
প্ৰশ্ন ৫৯/ সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা 'ৰং মিলিৰ হাঁহি' উপন্যাস খনৰ ৰচক কোন ?
উত্তৰ  :- লংবং তেৰাং ।
প্ৰশ্ন ৬০/ অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল  ?
উত্তৰ  :- কৃষ্ণকান্ত সন্দিকৈ (৩৯ বছৰ বয়সত) ।
প্ৰশ্ন ৬১/ চিৰ চেনেহী মোৰ ভাষা জননী' -এই গীতটো কোনে ৰচনা কৰিছিল  ?
উত্তৰ  :- সাহিত্যাচাৰ্য মিত্রদেৱ মহন্তই  ।

কোনজন সাহিত্যিকক কি বুলি জনাজাত 


কলাগুৰু                            :-  বিষ্ণুৰাভা ।
ৰূপ কোঁৱৰ                        :-  জ্যোতিপ্ৰসাদ আগৰৱালা ।
কৰ্মবীৰ                              :- নবীনচন্দ্ৰ বৰদলৈ ।
লোকপ্ৰিয়                          :- গোপীনাথ বৰদলৈ ।
দেশভক্ত                            :- তৰুণৰাম ফুকন  ।
ত্যাগবীৰ                            :- হেমচন্দ্ৰ বৰুৱা ।
নটসূৰ্য                               :- ফণী শৰ্মা ।
সাহিত্যৰত্ন                         :- চন্দ্ৰধৰ বৰুৱা ।
অগ্নিকবি                           :- কমলকান্ত ভট্টাচাৰ্য  ।
অসম কেশৰী                     :- অম্বিকাগিৰী ৰায়চৌধুৰী ।
উপন্যাস সম্ৰাট                   :- ৰজনীকান্ত বৰদলৈ ।
বকুল বনৰ কবি                 :- আনন্দচন্দ্ৰ বৰুৱা ।
শেৱালি কবি                      :- ৰত্নকান্ত বৰকাকতি ।
সুগন্ধি পখিলাৰ কবি           :- হীৰেন ভট্টাচাৰ্য ।
ভাঙনি কোঁৱৰ                    :- আনন্দচন্দ্ৰ বৰুৱা ।
অতিন্দ্ৰিয়বাদী কবি             :- নলিনীবালা দেৱী ।
কবিতা কোঁৱৰ                    :- অম্বেশ্বৰ চেতিয়া ফুকন  ।
গীতি কবি                           :- পাৰ্বতিপ্ৰসাদ বৰুৱা ।
ধ্বনি কবি                           :- বিনন্দচন্দ্ৰ বৰুৱা ।
নিজৰাৰে কবি                    :- শৈলধৰ ৰাজখোৱা ।
প্ৰতিমাৰ খনিকৰ                :- চন্দ্ৰকুমাৰ আগৰৱালা ।
কাব্য ভাৰতী                      :- ধৰ্মেশ্বৰী দেৱী বৰুৱানী ।
বনফুলৰ কবি                    :- যতীন্দ্ৰনাথ দুৱৰা ।
বিহগী কবি                        :- ৰঘুনাথ চৌধৰী ।
জ্ঞান মালিনীৰ কবি            :- মফিজুদ্দিন আহমদ হাজৰিকা ।
পাপৰি কবি                       :- গণেশ চন্দ্ৰ গগৈ ।
অগ্নি কবি                          :- কমলাকান্ত ভট্টাচাৰ্য্য  ।
অভিনয়াচাৰ্য                      :- ব্ৰজনাথ শৰ্মা ।
জননায়ক                          :- দেৱেশ্বৰ শৰ্মা ।
দেশপ্ৰাণ                            :- লক্ষ্মীধৰ শৰ্মা ।
নাট্যপ্ৰভাকৰ                      :- সত্যপ্ৰসাদ বৰুৱা ।
বনকোঁৱৰ                          :- আনন্দিৰাম দাস ।
বিদ্ৰোহী কবি                      :- প্ৰসন্নলাল চৌধৰী ।
বীৰ বালা                           :- কনকলতা বৰুৱা ।
ৰসৰাজ আৰু সাহিত্য ৰথী  :- লক্ষ্মীনাথ বেজবৰুৱা ।

অসমৰ ৰাজনীতি


১/ জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক  ?
(ক) ৪০০০                  (খ) ৩০০০
(গ) ২০০০                   (ঘ) ৫০০০
উত্তৰ  :- (ক)
২/ কিমান চনত অসমৰ ছিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয় ?
(ক) ১৯৪৫ চনত          (খ) ১৯৪৭ চনত
(গ) ১৯৪৮ চনত           (ঘ) ১৯৫০ চনত 
উত্তৰ  :- (খ)
৩/ স্বৰাজোত্বৰ অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল ?
(ক) ১৯৫৩ চনত          (খ) ১৯৫৪ চনত
(গ) ১৯৫২ চনত           (ঘ) ১৯৫৫ চনত
উত্তৰ  :- (গ)
৪/ কিমান চনত অসমৰ বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰৰ পৰিৱৰ্তে ছয় বছৰ কৰা হৈছিল  ?
(ক) ১৯৭২-৭৬ চনত    (খ) ১৯৭৩-৭৭ চনত
(গ) ১৯৭২-৭৮ চনত     (ঘ) ১৯৭৮-৮৪ চনত
উত্তৰ  :- (ক)
৫/ অসম বিধান সভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে ?
(ক) ৫ খন                    (খ) ৬ খন
(গ) ৭ খন                    (ঘ) ৮ খন
উত্তৰ  :- (ঘ)
৬/ অসম বিধান সভা নিৰ্বাচনত অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে ?
(ক) ১৬ খন                  (খ) ১৪ খন
(গ) ১৫ খন                   (ঘ) ১৮ খন
উত্তৰ  :- (ক)
৭/ দেশৰ লোকসভালৈ অসমৰ পৰা কিমানগৰাকী সাংসদ নিৰ্বাচিত হয় ?
(ক) ১৬ জন                  (খ) ১৪ জন
(গ) ১৫ জন                  (ঘ) ১২ জন
উত্তৰ  : - (খ)
৮/ দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কিমানজন সাংসদ নিৰ্বাচিত হয় ?
(ক) ৫ জন                     (খ) ৮ জন
(গ) ৭ জন                     (ঘ) ৯ জন
উত্তৰ  :- (গ)
৯/ লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জাতিৰ সংৰক্ষিত থাকে ?
(ক) ৫ খন                     (খ) ১ খন 
(গ) ৩ খন                      (ঘ) ৪ খন
উত্তৰ  :- (গ)
১০/ লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জন-জাতিৰ বাবে সংৰক্ষিত থাকে ?
(ক) ২ খন                    (খ) ১ খন
(গ) ৩ খন                    (ঘ) ৫ খন
উত্তৰ  :- (ক)

ASSAM DIRECT RECRUITMENT EXAM ANSWER
CLASS 11
CLASS 10


Post a Comment

0 Comments