Class 10 Assamese Medium Chapter 7 Question Answer / SEB MCQ lesson 7 / HSLC Chapter 7 Question Answer
Class 10 Assamese Lesson 7 Answer ভাৰতীয় সংস্কৃতি (হেম বৰুৱা ) পাঠৰ উত্তৰ
ভাৰতীয় সংস্কৃতি
---হেম বৰুৱা
Important MCQ SEBA
প্ৰশ্ম ১। চমু টোকা লিখা জন কীট্ছ ।
উত্তৰ:-জন কীট্ছ (১৭৯৫-১৮২১) এজন ইংৰাজ ৰোমান্টিক কবি আছিল। এইজন কবিয়ে মাত্র ছাব্বিশ বছৰ কাল জীয়াই আছিল। এই চমু জীৱনৰ সময়ত তেওঁৰ ইংৰাজী সাহিত্যত এনে কিছুমান উচ্চ স্তৰৰ কবিতা ৰচনা কৰিছিল যাৰ বাবে বিশ্বত নিজক এগৰাকী শ্ৰেষ্ঠ কবি ৰূপে প্ৰতিস্থিত হৈছে । এই কম বয়সীয়া কবিজন প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু সৌন্দৰ্যৰ গুন-গান কৰাই হৈছে তেওঁৰ কবিতাৰ মুল বিষয়-বস্তু ।
পণ্ডিত ৰাহুল সাংকৃত্যায়ন: ৰাহুল সাংকৃত্যায়ন (১৮৯৩-১৯৬৩) ৰ আচল নাম আছিল কেদাৰনাথ পাণ্ডে । তেওঁৰ জন্ম হৈছিল ভাৰতৰ উত্তৰ প্ৰদেশৰ আজনগড়ত। তেওঁ সিংহললৈ গৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি ৰাহুল সাংকৃত্যায়ন নাম লয় । তেওঁ ৰুছ দেশৰ লেলিনগ্ৰড বিশ্ববিদ্যালয়ত সংস্কৃত সাহিত্যৰ অধ্যাপকৰ চাকৰি কৰিছিল । তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত মধ্য এচিয়াৰ ইতিহাস', ফ্ৰেম ভল্গা টু গংগা ' তেখেত এজন সংস্কৃত পণ্ডিত , গবেষক, ভাষাতাত্বিক, ইতিহাসবিদও আছিল ।
সৰ্বপল্লী ৰাধাকৃষ্ণণ ( ১৮৮৮-১৯৭৫) আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় দাৰ্শনিক পণ্ডিত আৰু লিখক আছিল । তেওঁৰ দেশ - বিদেশৰ কেইবাখনো বিশ্ব বিদ্যালয়ত দৰ্শন আৰু ইতিহাসৰ অধ্যাপকৰ কাম কৰিছিল । পিছলৈ তেওঁ বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰুছ দেশত ভাৰতীয় ৰাষ্ট্ৰদূত আৰু শেষলৈ স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হয় ।'দ্যা হিন্দ ভিউ অফ লাইফ ', দ্য ইণ্ডিয়ান ফিল'চফি', ৰিচভাৰি অফ ফেইথ' আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ।
প্ৰশ্ম ২/ কোনটো যুগৰ ভাৰতীয়ৰ সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উত্তৰ:- বৌদ্ধ ধৰ্ম প্ৰচাৰ যোগক ভাৰতীয় সংস্কৃতিৰ যোগ বুলিব পাৰি ।
প্ৰশ্ম ৩/ শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আবিস্কাৰ হৈছিল?
উত্তৰ:- শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জদাৰোত আবিস্কাৰ হৈছিল।
প্ৰশ্ন ৪/ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ?
উত্তৰ:- ইছলামীয় ভাস্কৰ্যৰ মূল হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা ।
প্ৰশ্ম ৫/ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উত্তৰ:- ক্ৰমবৰ্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।
প্ৰশ্ম ৬/ ফ্ৰম ভল্গা টু গংগা কাৰ ৰচনা ? HSLC 2013,2018.
উত্তৰ :- 'ফ্ৰম ভল্গা টু গংগা ' ৰাহুল সাংকৃত্যায়নৰ ৰচনা ।
প্ৰশ্ম ৭/ সৰ্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমনৰ কি আখ্যা দিছে ?
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে কালিয়দমন ' হৈছে আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীক ধৰ্মী নৃত্য।
প্ৰশ্ম ৮/ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ - বস্তু দুটা কি কি ?
উত্তৰ :- অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ-বস্ত দুটা হৈছে ---- (ক) সন্নাস জীৱন আৰু (খ) সমূহীয়া জীৱন।
প্ৰশ্ম ৯/ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকোৱা হব লাগে বুলি মত প্ৰকাশ কৰিছে ?
উত্তৰ:- গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হব লাগে বুলি মত প্ৰকাশ কৰিছে ।
প্ৰশ্ন ১০/ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক স্থায়ি বুলি কোৱা হয় ?
উত্তৰ:- চিত্ৰ শিল্পক সুকুমাৰ কলাৰ ভিতৰত স্থায়ি বুলি কোৱা হৈছে ।
প্ৰশ্ন ১১/ হেম বৰুৱাৰ সাহিত্য - চৰ্চাৰ সম্পৰ্কে পচিশ টা মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰ:- হেম বৰুৱা ( ১৯১৫ - ১৯৭৭ ) : এজন অসমীয়া কবি তথা সাহিত্যিক সৃষ্টিসমূহৰ ভিতৰত কেইখনমান উল্লেখযোগ্য ৰচনা হ'ল ---- বালিচন্দা ( কবিতাৰ পুথি ), আধুনিক সাহিত্য, এই গাঁও এই গীত, মেকং নৈ দেখিলোঁ , ইজৰাইল, স্মৃতিৰ পাপৰি , সানমিহলি , ৰঙা কৰবিৰ ফুল , কন্নড়ী , দ্য ৰিভাৰ এণ্ড ব্ৰো হিল '( ইংৰাজী ) ইত্যাদি । ইয়াৰ উপৰিও জনতা আৰু ' পছোৱা ' কাকতৰ সম্পাদনা কৰিছিল। তেখেত (১৯৭২) চনত ধুবুৰীত অনুষ্ঠিত সাহিত্য সভাৰ সভাপতি আছিল। তেওঁৰ ভাষাত সুকীয়া এক গাম্ভীৰ্য আছে ।
প্ৰশ্ম ১২/ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু ।'
-- এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ , ভাৰতীয় সংস্কৃতি পাঠটিৰ আধাৰত বিচাৰ কৰা ? HSLC .2013,2019.
উত্তৰ:- ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু । এই সমন্বয় হৈছে আৰ্য , অনাৰ্য , দ্ৰাবিড় , মংগোলিয় , গ্ৰীক, মোগল, পাঠান আদি বিভিন্ন জাতি আৰু উপজাতিৰে গঠিত ।
ইতিহাসৰ পাতত ভাৰতলৈ বিভিন্ন জাতি গোষ্ঠীৰ আগমন হৈছিল। উদাহৰণ স্বৰূপে গ্ৰীক সকল , শূণ সকল , পাঠান সকল , মোগল সকল আদি বিভিন্ন জাতি গোষ্ঠীৰ লোক ভাৰতলৈ আক্ৰমণ কৰিবলৈ আহি ভাৰতৰ মোহত পৰি নিগাজীকৈ থাকিবলৈ লৈছিল। শেষত ভাৰতক নিজৰ দেশ বুলি আঁকোৱালি লৈছিল। ভাৰতৰ বিভিন্ন কলা , সংস্কৃতি , শিল্প, ভাস্কৰ্য্য আদিত এই সমন্বয়ৰ প্ৰতীক ।
ভাৰতীয় সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক বৈশিষ্ট্য সমন্বয়ৰ আদৰ্শৰে গঢ় লোৱাৰ প্ৰমাণ ৰাজপুত চিত্ৰবোৰ । আৰ্যসকলে ভাৰতলৈ আগমন কৰি সিহঁতৰ স্বকিয় সংস্কৃতিৰ লগতে ভাৰতীয় সংস্কৃতিও গ্ৰহণ কৰিছিল। হিন্দু ধৰ্মত প্ৰচলিত লিংগ পুজা আৰু হিন্দুৰ শ্ৰদ্ধা বিধি অনাৰ্য সকলৰ অৱদান যদিও পিছলৈ অনাৰ্য সকলেও এইবোৰ গ্ৰহন কৰাত এক ভাৰতীয় সংস্কৃতিত পৰিনত হয় । সেইদৰে কালক্ৰমত অনাৰ্য দেবতা শিৱই আৰ্যৰ বেদিত স্হান পায় । অসমৰ কামাখ্যা দেৱিও অনাৰ্য আছিল । কিন্ত পিছত আৰ্য সকলে দুৰ্গা ৰূপান্তৰ হিচাপে গ্ৰহণ কৰে ।
ভাস্কৰ্যৰ ক্ষেত্ৰতো দেশী - বিদেশী সমন্বয়ৰ প্ৰভাৱ স্পষ্ট। বিষেশকৈ মোগল যোগত ভাৰতীয় ভাস্কৰ্যত ইছলামিয় ভাস্কৰ্যৰ প্ৰভাৱ পৰে । গঠনৰ সৰলতা আৰু সুক্ষ্মতা ইছলামিয় ভাস্কৰ্যৰ মূল বৈশিষ্ট্য। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰু - কাৰ্য প্ৰদান কৰিছে । আনহাতে হিন্দু ভাস্কৰ্যই ইছলামীয় ভাস্কৰ্যৰ জটিলতা হ্ৰাস কৰিছে । এনেদৰেই এক নতুন ধাৰাৰ সৃষ্টি হৈছে । তাজমহল ইয়াৰ উৎকৃষ্ট উদাহৰণ।
মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতীয় চিত্ৰ শিল্পত এক নতুন ধাৰাৰ প্ৰবেশ ঘটে । এই চিত্ৰ শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ । ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল টাইমুৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজদৰবাৰত। ব্যক্তিবাদে সাময়িকভাবে হলেও চিত্ৰ - শিল্পত সংকেতৰ স্থান প্ৰায় নাছিলেই । মোগল আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত ভাৰতত প্ৰচলিত চিত্ৰ ধাৰাৰ মিলন ঘটিছিল । এই দোয়োটাৰ সংমিশ্ৰণত এটি নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল ।
ভাৰতীয় উচ্চাঙ্গ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্যৰ কলাৰ দৰেই গাম্ভীৰ্য আৰু বিচিত্ৰ। উওৰ ভাৰতৰ সংগীতে এটা নতুন বস্ত আমাৰ চকুত পেলায় । গাম্ভীৰ্যৰ লগে লগে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পোৱা যায় । ইয়াকেই সুৰ - বস্তুৰ ওপৰত লোক - সংগীতৰ প্ৰভাৱ বুলিব পাৰি ।
সেইদৰে ধৰ্মিয় চিন্তা ধাৰাতো পুৰ্ব আৰু পাশ্চাত্যৰ মিলন সমন্বয় হৈছিল । উদাহৰণ স্বৰূপে 'ছুফিবাদ'ৰ মুল কোৰাণ যদিও উপনিষদৰ দৰ্শনৰ লগত ইয়াৰ অভুতপূৰ্ব মিল আছে ।
মুঠতে ভাৰতীয় সংস্কৃতি এনেদৰেই বিভিন্ন দেশী আৰু বিদেশী সংস্কৃতিৰ এক অপূৰ্ব সমন্বয়ত গঢ়ি উঠিছে ।
প্ৰশ্ন ১৩/ সভ্যতা আৰু সংস্কৃতি ' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা ।(H.S.L.C.2018)
উত্তৰ:- সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অবস্থাক বোজায় । ই এক সমাজ পদ্ধতি । আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন পতিভা ।
সত্যতাই সভ্য সমাজ সসু - শৃংঙ্খল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰে । সভ্যতা দৰাচলতে এখন সমাজৰ ভাষা , সাহিত্য, সুকুমাৰ কলা , দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাৰ প্ৰতিচ্ছবি ।
প্ৰশ্ন ১৪/ উওৰ ভৰত ,দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিগা ?
উওৰ:- উওৰ ভাৰত , দাক্ষিণাত্য ইছলামীয় ভাস্কৰ্যৰ মাজত বহুত প্ৰভেদ আছে ।
উওৰ ভাৰতৰ ভাস্কৰ্যৰ উপৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰা দেখা যায় । ই আচলতে সংহতিৰ ভাস্কৰ্য । ইয়াৰ শোভা - সমন্বয় আৰু গঠনৰ সুক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে । উওৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ ।
আনহতে দাক্ষিণাত্যৰ ভাস্কৰ্যৰো এক নিজস্ব বৈশিষ্ট্য আছে । গঠনৰ বিশালতা ইয়াৰ আন এক বৈশিষ্ট্য । ইয়াৰ উপৰতো কোনো বহিৰাগত প্ৰভাৱ পৰা না আছিল । ইয়াৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱৰ সৰহ । ইয়াৰ প্ৰত্যেকটো ভংগীমাই সুকীয়া ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰক সুকীয়া কৰি তুলিছে । ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তি দেখা নাযায়। উদাহৰণ হিচাপে দাক্ষিণাত্যৰ কাঞ্জিভৰাম মন্দিৰটোত প্ৰায় এহেজাৰটা স্তম্ভ আছে । কিন্ত ইয়াৰ প্ৰতিটো স্তম্ভৰ আৰ্হি বেলেখ বেলেগ ।
ইছলামীয় ভাস্কৰ্যৰ মূল বৈশিষ্ট্য হৈছে গঠনৰ সৰলতা আৰু সুক্ষ্মতা । ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াৰ বিশেষত্ব ইছলামীয় ভাস্কৰ্যক কাৰু - কাৰ্য প্ৰদান কৰিছে । আনহাতে হিন্দু ভাস্কৰ্যই ইছলামীয় আৰু হিন্দু ভাস্কৰ্যৰ এক সমন্বয় সাধন হয় । তাজমহল, ফটেহপুৰ চিক্ৰি আদি এই সমন্বয়ৰ ভাস্কৰ্যৰ প্ৰতীক ।
প্ৰশ্ন ১৫/ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া ।
উওৰ:- ভাৰতৰ অজন্তা গুহাৰ চিত্ৰবোৰে অনন্ত কলাৰ বাবে শিল্প- কলা সঞ্জীৱিত হৈ আছে । অজন্তাৰ চিত্ৰবোৰত দুটা ভাৱৰ প্ৰকাশ পোৱা দেখা যায় । এটা হৈছে সন্যাস জীৱন আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে । দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱনৰ আনন্দৰ উচ্ছাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে । শক্তি , খ্যাতি , প্ৰম আৰু যৌৱন আনহাতে প্ৰথমবিধত আছে দয়া , ধ্যান আৰু মৌনতা । ভাব - বস্তুৰ পিপৰ পৰা দুয়োবিধ চিত্ৰই বেলেগ আৰু দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে । যদিও সেইবোৰ পৃথক ভাবে অংকিত হৱা নাই ।
এইবোৰত শিল্পিৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্হাপন হৈছে । ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ ।
প্ৰশ্ন ১৬/ মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰবেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা ।
উত্তৰ:- মোগলৰ সম্ৰাট বাবৰৰ আমোলত চিত্ৰ শিল্পৰ এক নতুন ধাৰা ভাৰতত প্ৰবেশ কৰে । ই আছিল এক সুকিয বৈশিষ্ট্য যুক্ত। এই চিত্ৰ শিল্পত আছিল প্ৰচুৰ ব্যক্তিবোধ। এই শিল্পৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল টাইমুৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজদৰবাৰত । গতিকে যুগৰ দাবী হিচাপে এই কলা কঠোৰ আৰু বাস্তৱবাদী হ'বলৈ বাধ্য হৈছিল। ইয়াত আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা ব্যক্তিবাদ সাময়িক ভাবে হলেও চিত্ৰ শিল্পত সংকেতৰ স্থান নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয় । বাবৰৰ দিনত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰ ধাৰাৰ মিলন ঘটিছিল।
প্ৰশ্ন ১৭/ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্ত আমাৰ চকুত পেলায় বুলিছে ?
উত্তৰ:- উত্তৰ ভাৰতৰ সংগীতে আমাৰ চকুত এটা নতুন বস্ত ধাৰা পেলায় , সেয়া হৈছে - এনে সংগীতত গাম্ভীৰ্যৰ লগতে ঠায়ে ঠয়ে উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পোৱা যায় ।
প্ৰশ্ন ১৮/ ব্যাখ্যা কৰা :
ক) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত প্ৰন্থাই কাম কৰা দেখা যায় ।
উত্তৰ:- উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ' সাহিত্য সুবাসৰ অন্তগৰ্ত হেম বৰুৱা ৰচিত ' ভাৰতীয় সংস্কৃতি ' নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
উক্ত কথাফাঁকিৰ জৰিয়তে আৰ্ট (কলা)ৰ দুটা বিপৰীত মুখী পন্থাই কাম কৰাৰ বিষয়ে কৈছে ।
সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত মুখী পন্থাই কাম কৰা দেখা যায় । এটাৰ উদ্দেশ্য কাৰু - কাৰ্য আৰু জাক - জমকতাৰ সৃষ্টি কৰা আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা । এটাই বাহ্যিক জাগজমকতাৰ জৰিয়তে প্ৰকাশ বিচাৰে আৰু আনটোৱে অন্তৰ আত্মা স্পৰ্শ কৰি অভিভূত কৰে । প্ৰথমটোৱে বিৰাট পটভূমিৰ অবতাৰণা কৰে আৰু দ্বিতীয়টোয়ে নকৰে । বৰ্হিজগতৰ বিস্তৃতি আছে , কিন্ত দ্বিতীয়টোৰ নাই ।
খ) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। '
উত্তৰ:- উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ' সাহিত্য - সুবাসৰ অন্তগৰ্ত হেম বৰুৱা ৰচিত ' ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । ভাৰতীয় সংস্কৃতি বিভিন্ন জাতিগোষ্ঠীৰ সংস্কৃতিৰ এক সমন্বয় তাক বুজাবলৈ কথাষাৰ কৈছে ।
ভৌগোলিক, সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আদি বিভিন্ন দিশৰ পৰা ভাৰতবৰ্ষৰ হৈছে এক বিচিত্ৰ দেশ। ইয়াৰ সংস্কৃতিও বিচিত্ৰ। ভাৰতবৰ্ষত ভিন ভিন সময়ত নানা জাতি - উপজাতিৰ অনাৰ্য সকল , আৰ্যসকল , গ্ৰীক সকল, পাঠান সকল, মোগল সকল, শূণ সকল, আদি জনগোষ্ঠীৰ আগমন হৈছিল। এই সকলো জাতি জনগোষ্ঠীয়ে নিজা নিজা সংস্কৃতি লগত লৈ আহিছিল যদিও সময় সোঁতত ভাৰতৰ সংস্কৃতিৰ উপাদান গ্ৰহণ কৰিছিল আৰু সিহঁতৰ সংস্কৃতিও ভাৰতীয় সকলে গ্ৰহণ কৰিছিল। ফলস্বৰূপে গঢ় লৈ উঠিছে আৰু এই ধাৰাটো অবিচ্ছিন্ন ভাৱে মূল সম্পদ হিচাপে গঢ় লৈ উঠিছে ।
এনেধৰণৰ প্ৰশ্ম উত্তৰ বোৰ চাবৰ বাবে আমাৰ ৱেবছাইটৰ Home ত ক্লক কৰক আৰু সকলোবোৰ অধ্যায় বাছি লক ।
CLASS 1O ASSAMESE QUESTION ANSWER
Group-A ( বাধ্যতামূলক )
পদ্যাংশ
গদ্যাংশ
৭• ভাৰতীয় সংস্কৃতি'ৰ প্ৰশ্ন উত্তৰ
Group-B (বৈকল্পিক )
পদ্যাংশ
১৪• ধৰ ঝাডু ধৰ ভাই পাঠটিৰ প্ৰশ্নোত্তৰ🔎 গদ্যাংশ
CLASS 1O GRAMMAR MCQ
CLASS 11 ASSAMESE QUESTION ANSWER