ইন্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Chapter 9

 ইন্টাৰনেট তিতা মিঠা দশম শ্ৰেণীৰ অসমীয়া অধ্যায় নৱম | SEBA ইন্টাৰনেট তিতা মিঠা 

ইন্টাৰনেটৰ তিতা মিঠা
-----ডা‌⁰ প্ৰাণয়ী দত্ত 
ভাৱ বিষয়ক :
১/ অতি চমু উত্তৰ দিয়া :
(ক) দেতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰ:- কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে কুঁৱলীক এটা  কম্পিউটাৰ উপহাৰ দিছিল। 
(খ) ইন্টাৰনেট কি 
উত্তৰ :- 'Interconnection of Networks' --- এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি 'Internet' শব্দৰ সৃষ্টি হৈছে । ইয়াক চমুকৈ Net (নেট) বুলিও কোৱা হয় । ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্হা । অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱৰ্ক । সহজভাৱে বুজিবলৈ হ'লে এটা নেটৱৰ্কত কেইবাহাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হেজাৰ হেজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেটৰ ।
(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল ?
উত্তৰ :- কুঁৱলীয়ে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণশৈ প্ৰথমে ইমেইল কৰিছিল ।
(ঘ) পুজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ?
উত্তৰ :- পুজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 
(ঙ) ভাইৰাছ কি ?
উত্তৰ :- Virus ৰ সম্পূৰ্ণ ৰূপ হৈছে ----Vital information resources under seize' ।  ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম ই নিজকে কম্পিউটাত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞতে বা অনুমতি নোলোৱাকৈ ।
(চ) কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি ?
উত্তৰ :- কুঁৱলীৰ অন্তৰংগ বান্ধৱী আছিল শ্বেৰণ ।
২/ WWW বা ৱেব কি 
উত্তৰ:-  www ৰ সম্পূৰ্ণ ৰূপ হৈছে word Wide Web । ১৯৮৯ চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থকণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্ত:ৰাষ্টীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণাকেন্দ্ৰ চাৰ্ন  (European Organisation of Nuclear Research) চমুকৈ (CERN) ত 'ৱৰ্ল্ড ৱাইড ৱেব' ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল । পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামুহিক ভাণ্ডাৰ হৈছে ৱেব । এই ৱেব বৰ্তমান অতি জনপ্ৰিয় । www ত তথ্যবোৰ পাঠ, গ্ৰাফিক, ভিডিঅ আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি ।
৩/ কুঁৱলীয়ে ই - মেইলৰ জৰিয়তে বান্ধবীসকলৰ পৰা কি কি জানিব পাৰিলে ? 
উত্তৰ :- কুঁৱলীয়ে ই - মেইলৰ জৰিয়তে বান্ধবীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিলে । বহুতো ৰঙীণ ফটোৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ বৰ্ণনাও লাভ কৰিলে ।
৪/ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?
উত্তৰ  :- ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বহুতো নতুন নতুন অভিজ্ঞতা আহৰণ কৰিলে । ইন্টাৰনেটত তথ্যবোৰ পাঠ, গ্ৰাফিকছ,  ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত সহজে ৱেব (web) ৰ পৰা আহৰণ কৰিব পাৰি । ইন্টাৰনেটত ব্যৱহাৰ হৈ থকা কিছুমান শব্দ,  যেনে -- ৱেব পেজ (Web Page), ৱেবছাই (website), হ'মপেজ (Home page), ব্ৰাউজাৰ (browser) আদিৰ বিষয়েও বিতংভাৱে কুঁৱলীয়ে পলকতে ইন্টাৰনেটৰ পৰা আয়ত্ত কৰিলে । তাই নিশ্চিত হ'ল যে  বিজ্ঞান, কলা বা আন যিকোনো ক্ষেত্ৰৰে আমি যি কথা জানিব বিচাৰো, কম্পিউটাত টাইপ কৰি দিলেই হ'ল ইন্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰিব । এক কথাত ক'বলৈ গ'লে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনেই যেন ইন্টাৰনেটত পুঞ্জীভূত হৈ থাকে ।
      কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰণ বৰ্তমান মস্কোলৈ পঢ়িবলৈ গৈছে । সেয়ে কুঁৱলীয়ে তাইলৈকে প্ৰথম ই-মেইলৰ শুভাৰম্ভ কৰিলে । নিমিষতে শ্বেৰণৰ পৰা সঁহাৰিও পালে, য'ত বন্ধত মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইন্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীণ ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনা আছে । এই বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিলে । তাই উপলব্ধি কৰিলে --- ই-মেইলৰ যোগেদি দেখোন বন্ধ-বান্ধৱীৰ পৰা তেওঁলোকৰ দেস ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি । সেয়ে তাই শ্বেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধ-বান্ধৱীসকললৈ ই-মেইল দিয়া আৰম্ভ কৰিলে ।
       ই-মেইলৰ সোৱাদৰ লগতে কুঁৱলীয়ে ইন্টাৰনেটৰ জৰিয়তে ভিডিঅ' কলিঙো কৰিবলৈ সক্ষম হ'ল । সঁচাকৈয়ে ভিডিঅ' কলিং উপভোগ কৰি তাইৰ এনে অনুভৱ হ'ল যেন মুখামুখিকৈ বহিহে কাৰোবাৰ লগত কথা পাতি আছে । ইন্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে । ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল'লে । নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধুলাও উপভোগ কৰি তাই মনটো প্ৰফুল্লিত কৰি ৰাখিবলৈ ধৰিলে ।
       পুজাৰ বন্ধত কুঁৱলীহঁতে সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবৰৈ যোৱাৰ সিদ্ধান্ত ল'লে । কেনেকৈ যাব, ক'ত থাকিব, কি কি স্থান দৰ্শন কৰিব সেয়াও কুঁৱলীয়ে সহজে ইন্টাৰনেটৰ মাধ্যমেৰে ঠিক কৰি পেলালে । ইন্টাৰনেটতে কুঁৱলীয়ে টিকট কাটিলে, বিচাৰি বিচাৰি দামে-কামে সামঞ্জস্য থকা পচন্দৰ হোটেলো বন্দবস্ত কৰিলে, আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটোও মাকক দেখুৱালে । লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাড়াও ই-বেংকিঙৰ যোগেদি জমা দিলে । ভ্ৰমণৰ উপযোগী হোৱাকৈ আটাইৰে বাবে প্ৰয়োজনীয় সাজ-পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীও নেটৰ যোগেদিয়েই, অৰ্থাৎ ই-কমাৰ্চৰ সুবিধাত ক্ৰয় কৰিলে ।
৫/ ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাৰ পাৰে ?
উত্তৰ  :- Virus হৈছে একোটা ধ্বংসাত্মক এক  অভিপ্ৰায়েৰে প্ৰস্তুত কৰা একোটা কম্পি প্ৰগ্ৰেম । ই নিজক কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে অনুমতি নোলোৱাকৈ ।
৬/ ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবাধাও আছে ।' ----  কথাষাৰৰ বক্তা কোন ? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা । 
উত্তৰ  :- ইন্টাৰনেটৰো মিঠা সুবিধা আৰু তিতা অসুবাধাও আছে । এই কথাষাৰৰ বক্তা হ'ল শ্বাবানা বাইদেউ । ইন্টাৰনেটৰ সহায়ত মানুহে লাভ কৰা নানা সুবিধাৰ লগতে ইন্টাৰনেটৰ পৰা যে মানুহৰ কিছু অপকাৰো হয়, সেয়ে বুজাবলৈ শ্ববানা বাইদেউৱে এই বাক্যশাৰী ব্যৱহাৰ কৰিছিল ।
      ইন্টাৰনেটত থকা তথ্য তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত সহজে ৱেব (web) ৰ পৰা আহৰণ 'কৰিব পাৰি । ৱেব পেজ  (Web page), ৱেবছাইট (website) হ'মপেজ (Home page), ব্ৰাউজাৰ (Browser) আদিৰ সহায়ত বিজ্ঞান, কলা বা আন যিকোনো ক্ষেত্ৰৰে যিকোনো কথা জানিব পৰা যাৰ মাথোঁ কম্পিউটাৰত টাইপ কৰি দিলেই হ'ল । ইন্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰিব । এক কথাত ক'বলৈ গ'লে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনেই যেন ইন্টাৰনেটত পুঞ্জীভূত থাকে । ই-মেইলৰ যোগেদি বিভিন্ন দেশত থকা বন্ধ-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি ।
      ইন্টাৰনেটৰ জৰিয়তে ভিডিঅ' কলিঙৰ সহায়ত মুখামুখিকৈ বহি কাৰোবাৰ সৈতে কথা পতাৰ দৰে অভিজ্ঞতা লাভ কৰিব পাৰি । ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰিক্ষাৰ বিষয়েও শিকিব পাৰি । নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধুলাও উপভোগ কৰিব পাৰি ।
      ক'ৰবালৈ ফুৰিবলৈ গ'লে তালৈ কেনেকৈ যাব, ক'ত থাকিব, কি কি স্থান দৰ্শন কৰিব সেয়াও অতি সহজে ইন্টাৰনেটৰ মাধ্যমেৰে ঠিক কৰিব পাৰি । ইন্টাৰনেটত টিকট কাটিব পাৰি, বিচাৰি বিচাৰি দামে-কামে সামঞ্জস্য থকা পছন্দৰ হোটেলো বন্দবস্ত কৰিব পাৰি, আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটোও চাব পাৰি । লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাড়াও ই-বেংকিঙৰ যোগেদি জমা দিব পাৰি । ই-কমাৰ্চৰ যোগেদি প্ৰয়োজনীয় সাজ-পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰিও নেটৰ যোগেদিয়েই ক্ৰয় কৰিব পাৰি । 
     ইমানখিনি সুবিধাৰ লগতে ইন্টাৰনেটৰ কেতবোৰ অসুবিধাও আছে । ফে'চবুক , হোৱাটছএপ আদি ছ'চিয়েল মিডিয়াৰ জগতখনৰ নতুন প্ৰজন্ম সোমাই পৰিছে । ইয়াৰ ফলত তেওঁলোকৰ কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয়, খেলা-ধূলাৰ ফালেও সম্পূৰ্ণ পিঠি দিছে । তেওঁলোকৰ বহুতেই হয়তো নাজানে যে ম'বাইলত কথা হোৱাটছএপ, টুইটাৰ, ইউ টিউব, ফে'চবুক আদিৰ দ্বাৰা বহুত মিছা বাতৰিও প্ৰচাৰ হয় । এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে । তদুপৰি ইন্টাৰনেটৰ ব্যৱহাৰে বহু ক্ষেত্ৰত সমনীয়া তথা বয়োজেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধ কিছু পৰিমানে হ্ৰাস কৰাও দেখা যায় ।





৮/ ইন্টাৰনেটৰ তিতা - মিঠা ' গল্পটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা ।
উত্তৰ:- লেখক ড⁰ প্ৰণয়ী দত্তই গুণা - গথা কৰিয়েই পাঠটোৰ নাম ইন্টাৰনেটৰ তিতা - মিঠা ' ৰাখিছে বুলি কব পাৰি । লেখক নিজেও ইলেকট্ৰনিক মাধ্যমৰ হোৱা হেতুক সেই মাধ্যমৰ সুবিধা - অসুবিধা দুয়ো দিশেই তেওঁৰ জ্ঞাত ।
    সুৰ্যৰ পোহৰ আৰু শক্তি জীবকুলৰ প্ৰাণ । আনহাতে , সুৰ্যৰ পোহৰত থকা অতি বেঙুণীয়া ৰশ্মি জীৱৰ মৃত্যুৰ কাৰণ।  একেদৰে , একবিংশ শতিকাত তথ্য প্ৰযুক্তিৰ ব্যাপক উত্তৰণৰ যুগত ইন্টাৰনেটৰ প্ৰয়োগ অপৰিহাৰ্য হৈ ট
পৰিছে । ইন্টাৰনেট অবিহনে যেনে একোতেই আগবাঢ়িব নোৱাৰি । ইন্টাৰনেটে পৃথিৱীৰ সকলো জ্ঞান- তথ্য পলকতে পাব পৰা কৰিছে । কিন্ত একে সময়তে প্ৰয়োগৰ মাত্রৰ আধিক্যই ছাত্ৰ- ছাত্ৰী তথা মানুহৰ ক্ষতি সাধন কৰিছে । চকুৰ অসুখ , মুৰৰ বিষত ভুগিছে । সমাজিক পৰিৱেশৰ পৰা ছসমাজ দুৰলৈ আহিছে । বাস্তৱ পৃথিৱীতকৈ অধিক সময় কল্পনাৰাজ্যত বিচৰন কৰিছে ।  পৰিয়ালৰ পৰা বিচ্ছিন্ন হিছে কৰ্মবিমুখতাই গা কৰি উঠিছে । মুঠতে না না সমস্যাই আগুৰি ধৰিছে 
  ইন্টাৰনেটৰ সীমাহীন সুবিধাৰ লগতে ব্যৱহাৰকাৰীক ক্ষতি কৰা দিশসমূহ লেখকে সমান্তৰালভাবে বিশ্লেষণ কৰিছে । সেয়ে নিশ্চিত ভাবে কব পাৰি যে পাঠটোৰ নামাকৰণত লেখক সামৰ্থক হৈছে ।
৮/ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ- ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা ।
উত্তৰ  :- ইন্টাৰনেটৰ অত্যাধিক প্ৰয়োগে ছাত্ৰ- ছাত্ৰীৰ জীৱনত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিব পাৰে । সমস্ত জীৱন প্ৰৱাহেই সলাই দিব পাৰে ।
  ছাত্ৰ- ছাত্ৰীক দৈনন্দিন জীৱনৰ অন্য প্ৰায়প্ৰযয় কথালৈ মন নিদি বেছিখিনি সময় ইন্টাৰনেটত ব্যস্ত হৈ থকা সততে দখা যায় । ছচিয়েল মিডিয়াত এনেদৰে ব্যস্ত হৈ থাকে যে পঢ়া - শুনাৰ প্ৰতি আগ্ৰহ কমি যায় । ইন্টাৰনেটৰ আসক্তিয়ে খেলা - ধুলাৰ পতিও বিৰাগ জন্মায় । কোনো ধৰনৰ অনুষ্ঠান- উৎসৱত ভাগ ল'বলৈ  উৎসাহ নেদেখুৱায় । চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হয় । আলোচনী , বাতৰি - কাকতৰ লগতে সম্বন্ধ ছেদ হয় । বাটে - পথে সমনীয়া বা জ্যেষ্ঠ পথচাৰীৰ প্ৰতি গুৰুত্ব দেখুওৱাটোতো দুৰৰে কথা , ইন্টাৰনেট সংলগ্ন ম'বাইল চাই যাওঁতে পথ দুৰ্ঘটনাতো পৰে । বহু সময়ত ইন্টাৰনেটত প্ৰচলিত ভুল বাতৰিৰ প্ৰভাৱত সমাজত না না  সংঘৰ্ষ হোৱাও দেখা যায় । 
   মমুঠতে ইন্টাৰনেট আসক্তিৰ ফলত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলো কথাতে অমনোযোগীতা লক্ষ্য কৰিব পাৰি ।

ভাষা বিষয়ক :
৯/ বাক্য ৰচনা কৰা : 
চিনাকি - অচিনাকি ,  অলীক - সপোন,  নাকে - মুখে , পৰীক্ষা - নিৰীক্ষা । 
উত্তৰ :- চিনাক - অচিনাকি :- চিনাকি - অচিনাকি সকলোৱে মৃণালিনীৰ কৃতিত্বৰ শলাগ ল'লে ।অলীক- সপোন :- ভালদৰে নপঢ়ি চৰকাৰী চাকৰি কৰিব খোজাটো অলীক সপোনৰ লেখিয়া ।
নাকে - মুখে  :- নাকে - মুখে ৰং লাগি মইনা দেখিবলৈ পুতলাৰ দৰে হৈছে । পৰিক্ষা - নিৰীক্ষাৰ :- পৰীক্ষা - নিৰীক্ষাৰ অন্তত মৰমীৰ দুৰাৰোগ্য ৰোগত চিনাক্ত হ'ল ।
১০/ অৰ্থ লিখা ( অভিধান চাই ):
  ক্ষতি , বিজুতি , গুণা - গঁথা , উদাস , পুঞ্জীভূত ।
উত্তৰ  :- ক্ষতি   :- নাশ , ধবংস , অপচয় 
বিজুতি  :-  যন্ত্ৰ আদিত ওলোৱা বেমাৰ 
গুণা -গঁথা :- চিন্তা - চৰ্চা 
উদাস   :- অনুৰাগহীন , শূন্যতাবোধযুক্ত 
পুঞ্জীভূত  :- পুঞ্জীত , সঞ্চিত 
      অতিরিক্ত প্ৰশ্নোত্তৰ 

১/ অতি চমু প্ৰশ্নোত্তৰ:

(ক) কুঁৱলীক দেউতাকে কি উপহাৰ দিছিল?
উত্তৰ :- কুঁৱলীৰ দেউতাকে কম্পিউটাৰ উপহাৰ দিছিল। 
(খ) কুঁৱলীৰ বান্ধবী শ্বেৰণে কলৈ পঢ়িবলৈ গৈছিল?
উত্তৰ :- কুঁৱলীৰ বান্ধবী শ্বেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল 
(গ) কোনে কুঁৱলীৰ কম্পিউটাৰটোত এন্টিভাইৰাছ ছফটৱেৰ অন্তৰ্ভুক্ত কৰিছিল?
উত্তৰ  :- শ্বৱানা বাইদেউৱে কুঁৱলীৰ কম্পিউটাত এন্টিভাইৰাছ ছফটৱেৰ অন্তৰ্ভুক্ত কৰিছিল। (ঘ) ভাইৰাছ (VIRUS) ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰ  : - ভাইৰাছ ( VIRUS) ৰ সম্পূৰ্ণ ৰূপটো হ'ল  Vital information resources under seize। 
(ঙ) ইন্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় ? 
উত্তৰ  :- ইন্টাৰনেটক চমুকৈ নেট (NET)  বুলি কোৱা হয় ।
(চ) কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল ।
উত্তৰ  :- কুঁৱলী ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল। 
২/ চমু প্ৰশ্নোত্তৰ:
(ক) কুঁৱলীৰ দেউতাকে তাইক কি আশাৰে কম্পিউটাৰটো উপহাৰ দিছিল?
উত্তৰ  :- কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰ হয় - এই আশাৰে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। 
(খ) কুঁৱলীয়ে তাইৰ আইতাকৰ পৰা কি সাধুকথা শুনিছিল?
উত্তৰ  :- কুঁৱলীয়ে আইতাকৰ পৰা যাদুকৰী আইনা থকা ৰাজকুমাৰীৰ সাধু শুনিছিল। ৰাজকুমাৰীয়ে জানিব খোজা যিকোনো কথাৰ বিষয়ে আইনাখনক সুধিলেই জানিব পাৰিছিল। (গ) ইন্টাৰনেটত সঘনে ব্যৱহাৰ হোৱা কেইটামান গুৰুত্বপূৰ্ণ শব্দ কি কি ?
উত্তৰ  : - ইন্টাৰনেটত সঘনাই ব্যৱহাৰ হৈ থকা শব্দবোৰ হৈছে - ৱেব পজ ((Web Page) , ৱেবছাইট (WebSite), হ'ম পেজ (Home Page ) , ব্ৰাউজাৰ (Browser) ইত্যাদি ।
(ঘ) ইন্টাৰনেটৰ জনপ্ৰিয়তাৰ মুল কাৰটো কি  ?
উত্তৰ  :- বিজ্ঞান,  কলা বা অইন যিকোনো জানিব খোজা কথা আমাক ইন্টাৰনেটে নিমিষতে জনাব পাৰে । এয়াই ইন্টাৰনেটৰ জনপ্ৰিয়তাৰ মুল কাৰণ  ।
(ঙ) কুঁৱলীয়ে কিদৰে মাক - দেউতাকৰ সমস্যা নিমিষতে সমাধান কৰিছিল ?
উত্তৰ  :- ভ্ৰমণলৈ যাবলৈ ওলাই কুঁৱলীৰ মাক - দেউতাকৰ কত চিন্তাঙ্গ কিন্ত কুঁৱলীয়ে ইন্টাৰনেটৰ সহায়ত টিকট কটা , হোটেল বন্দবস্ত কৰা , প্ৰয়োজনীয় সাজ - পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰী কিনা ইত্যাদি কাম কৰি নিমিষতে  তেওঁলোকৰ সমস্যা সমাধান কৰিছিল। 
(চ) কুঁৱলীৰ মনটো কিয় বিষাদ গ্ৰস্ত হৈ পৰিছিল?
ত্তৰ  :- কুঁৱলীৰ বান্ধবী এজনীয়ে ইন্টাৰনেটত বৰ বেছিকৈ ব্যস্ত হৈ থাকি একো কথালৈ মন নকৰা হৈছে । সমাজৰ পৰা বিছিন্ন হোৱাৰ দৰে থাকে , ৰাস্তাই - ঘাটেও নীতি - নিয়ম নমনাকৈ যায় । তাইৰ ভায়েক পলৰো একেই দশা । পঢ়া - শুনালৈ পিঠি দি ভিডিঅ ' গেম খেলাত ব্যস্ত থাকে । সৰুৰে পৰাই পঢ়াশুনাত  চোকা ল'ৰাটোৱে ছয়মাহিলি পৰিক্ষাত কেইবাটাও বিষয়ত উত্তীৰ্ণ হব নোৱাৰিলে । এইবোৰ কথা জানি কুঁৱলীৰ মনটো বিষাদ গ্ৰস্ত হৈ পৰিছিল । 
(ছ) শ্বৱানা বাইদেউৱে কিহৰ দ্বাৰা সমাজৰ ভয়ানক সমস্যাৰ সৃষ্টি হোৱাৰ উদাহৰণ দিছিল ? এইক্ষেত্ৰত কেনেদৰে সচেতন হ'বলৈ উপদেশ দিছিল ?
উত্তৰ  :- শ্বৱানা বাইদেউৱে ইন্টাৰনেটৰ কু - ব্যৱহাৰৰ দ্বাৰা সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হোৱাৰ উদাহৰণ দিছিল। 
  তেওঁ কৈছিল যে ইন্টাৰনেটৰ সু - প্ৰয়োগৰ কৰা উচিত।  তেতিয়াহে উন্নিত সম্ভৱ । আজিৰ প্ৰজন্মই ছচিয়েল মেডিয়াৰ ব্যাপক প্ৰয়োগ কৰোঁতে  মনত ৰাখিব লাগিব যে তাৰ দ্বাৰা প্ৰচলিত সকলো বাতৰি সত্য নহয় । তদুপৰি এইবোৰ ব্যৱহাৰ কৰি যাতে পঢ়া , শুনা ,খেলা-ধুলা বা চৌপাশৰ সমাজখনক যাতে আওকান নকৰে । এনেবোৰ কথাত সচেতন হ'বলৈকে শ্বৱানা বাইদেউৱে উপদেশ দিছিল। 
(জ) আত্ম উপলব্ধিৰে ভৰি পৰা কুঁৱলীয়ে ইন্টাৰনেটে ব্যৱহাৰৰ ক্ষেত্ৰত কেনেদৰে সচেতন হোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞা হৈছিল ? 
উত্তৰ :- ইন্টাৰনেটৰ কু - প্ৰয়োগৰ বিষয়ে গম পাই কুঁৱলীৰ আত্ম- উপলব্ধি হৈছিল।  তাই মনে মনে দৃঢ় প্ৰতিজ্ঞ হৈছিল যে ইন্টাৰনেটৰ সুবিধা ল'বলৈ তাই পঢ়া - শুনা  খেলা - ধুলা বা নিজৰ অইন দায়িত্বক আওকান নকৰে । অভিভাৱকৰ অনুমতি অবিহনে কোনো কাৰ্যক্ৰম ইন্টাৰনেটত উপভোগ নকৰে । এইবোৰত ব্যস্ত থাকি সমনীয়া বা জ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধ অকণমানো হ্ৰাস নকৰে ।
(ঝ) কুঁৱলীয়ে কোনবোৰ অভিজ্ঞতা বৰ্ণনা কৰি সকলো বন্ধু - বান্দৱীলৈ চিঠি লিখিছিল?
উত্তৰ  :- কুঁৱলীয়ে বুজি উঠিছিল যে ইন্টাৰনেটৰ মাত্ৰাধিক ব্যৱহাৰে আজিৰ প্ৰজন্মক কোঙা কৰি আনিছে । ঘৰ , আত্মীয় সমাজৰ পৰা বিছিন্ন কৰাৰ উপক্ৰম হৈছে । দায়িত্ববোধ মৰ উমান নোপোৱা হৈছে বাবে বিশ্বাসযোগ্যতা হেৰুৱাইছে । এই সকলো ঘুৰাই পাব পাৰি ইন্টাৰনেটৰ সু - প্ৰয়োগৰ দ্বাৰা । নিজৰ সকলো দায়িত্ব সুকলমে আৰু সময়ত যথাযোগ্যভাৱে সম্পন্ন কৰি ইন্টাৰনেটৰ সুবিধাবোৰ উপভোগ কৰিব পাৰি । নিজৰ এই অভিজ্ঞতা বৰ্ণনা কৰিয়েই কুঁৱলীয়ে সকলো  বন্ধু -- বান্ধৱীলৈ চিঠি লিখিছিল। 

এনেধৰনৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ ছাবৰ বাবে তলৰ লিংক নিৰ্বাচন কৰক। 
পাঠটোৰ প্ৰশ্নোত্তৰ পঢ়ি আপোনাৰ মনোভাৱ কেনে হৈছে কমেন্ট কৰি জনাব  ।

এনেধৰণৰ সকলোবোৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ বোৰ চাবৰ বাবে আমাৰ ৱেবছাইটৰ Home ত যোৱা আৰু অধ্যায় নিৰ্ধাৰণ কৰি প্ৰশ্নোত্তৰ বোৰ চাই লোৱা
  ৬• উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্মোত্তৰ🔎 
  ৯• ইন্টাৰনেটৰ তিতা মিঠা পাঠৰ প্ৰশ্মোত্তৰ
Group-B ( বৈকল্পিক ) 
  পদ্যাংশ  
  গদ্যাংশ  
CLASS 1O GRAMMAR QUESTION ANSWER 
CLASS 11 ASSAMESE QUESTION ANSWER

Post a Comment

0 Comments