জিকিৰ আৰু জাৰী Class 10 | Most Important Question Answer | Zikir And Zari । class 10 lesstion 2 assamese

Class 10 Assamese Medium chapters 2 questions answere / SEBA lesson 2 MCQ / HSLC chapter 2 most important questions answere

অধ্যয় ২ 

 জিকিৰ আৰু জাৰী  
------ আজান ফকিৰ 
প্ৰশ্ন ১/ চমু উত্তৰ দিয়া :
ক) জিকিৰৰ ৰচক কোন ?
উত্তৰ:- জিকিৰ সমুহ আজান ফকীৰৰ দ্বাৰা ৰচিত ।
খ) জিকিৰ বোৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ:-  জিকিৰ বোৰক হিন্দুৰ ভক্তিৰ মুলক প্ৰাৰ্থনাৰ লগত তুলনা কৰিব পাৰি ।
গ) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰ:- জিকিৰ শব্দটো ' জিকৰ ' শব্দৰ পৰা ওলাইছে ।
২/ তলৰ শব্দবোৰৰ অৰ্থ লিখা :
 ৰছুল , মোমিন , ৰহম , কুটুব
 উত্তৰ:- 
 ৰছুল   ------- আল্লাৰ দূত , দেৱদূত,  ঈশ্বৰপ্ৰেৰিত পুৰুষ ।
মোমিন  --------বিশ্বাসী মুছলমান ।
ৰহম      --------দয়া , কৃপা , কৰুনা ।
কুটুব    -------- ধ্ৰুৱতৰা ।
৩/মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
 যেনে শালে শ'লৰ লগত দৰিকাৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ।
 উত্তৰ:- মক্কা ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে অতি পুণ্য স্থান।  বছৰত এবাৰকৈ সহযাত্ৰী সকলে মক্কা দৰ্শন কৰিবলৈ যায়।  এই মক্কাই দৰাচলতে পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰে আপোন , আপোন  ধৰ্ম স্থানক প্ৰতিনিধিত কৰিছে তীৰ্থস্থান সমূহত বিশাল জলসমাৱেশ প্ৰতিদিনেই পৰিলক্ষিত হয়।  ইয়ালৈ অহা প্ৰতেক মানুহৰ মুল উদ্দেশ্য অন্য একো নহয়।  তেওঁলোক প্ৰত্যেকেই মাথো ধৰ্ম-কৰ্মৰে পুণ্য অৰ্জিব বিচাৰে । তেওঁলোকৰ বিশ্বাস এই পুণ্য তেওঁলোকক মোক্ষ প্ৰাপ্তিত সহায় কৰে । কিন্ত মন্দিৰ-মছজিদ-মক্ক আদিৰ সন্মুখত পুণ্য বিচাৰি হাঁহাকাৰ কৰিলেই মানুহৰ পুণ্য অৰ্জন নহয় বা মোক্ষ লাভো নহয়।  এয়া দৰাচলতে মানুহৰ ভুল ধাৰাৰহে । পুণ্য বা  মোক্ষৰ লগত মানুহৰ সৎ কৰ্ম বা সৎ মানসিকতাৰহে সম্পৰ্ক একো উপকাৰ নহয়।  এয়া শাল , শ'ল আৰু দৰিকণা মাছৰ পিটিকা খাই টকালি পৰাৰ দৰেই । এই পিটিকা খাবলৈ অতি সুস্বাদু । এয়া ভক্ষণ কৰি টকালি নপৰা মানুহ হয়তো খুব কমকৈহে ওলাব । কিন্ত এনেদৰে মাছৰ পিটিকা খাই টকালি পৰাৰপৰা মানুহৰ শৰীৰৰ বিশেষ উপকাৰ নহয়।  মানুহৰ শৰীৰৰ উন্নতি হয় তেতিয়া , যেতিয়া কোনো এবিধ খাদ্যই শৰীৰৰ পুষ্টি যোগাব পাৰে । পুষ্টিহীন খাদ্য ভক্ষণ কৰা আৰু মক্কাৰ দুৱাৰৰ আগত ঈশ্বৰ বিচাৰি হাঁহাকাৰ কৰা একে কথা । দুয়োটাই কোনো ধৰনৰ উপকাৰ সাধিব নোৱাৰে ।
 ৪/ বাখ্যা কৰা :
 ক)পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত।
  খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত ।।
 উওৰ:- উদৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত জিকিৰ আৰু জাৰী' নামৰ কাব্যাংশৰ অনন্ত অন্তৰত ।
    উক্ত কাব্যাংশই সংসাৰ যাত্রাত মানুহে যি নিজৰ অজ্ঞাতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে । পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰো যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপোন হৃদয়তে অবস্থিত ভগবানক বিচাৰি আমি দুৰলৈ যোৱাৰ প্ৰয়োজন নাই। 
খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।।
উত্তৰ:- উদ্বৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত জিকিৰ আৰু জাৰি' নামৰ কাব্যাংশৰ অন্তৰ্গত। 
  কাব্যাংশত উল্লেখিত' তিৰবেণী ঘট' কথাষাৰে মক্কা যে এখন পৱিত্ৰ তীৰ্থভূমি তাকেই বুজাইছে । কিন্ত যাৰ অন্তৰত ধৰ্মভৃব থাকে বা যিজনে আল্লাৰ দৰ্শন পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে । আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া-মোহ ত্যাগ কৰিব পাৰিব লাগিব।  কিন্ত সংসাৰৰ মায়া-মোহে এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ খুখ-ভোগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্হায়ী বা সংসাৰ যে দুদিনীয়া সেই কথা কেৱল মায়াৰ বন্ধোনত বান্ধ খাই থাকে বাবেই উপলদ্ধি নকৰে । কিন্ত প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।
   গ) 'সজাৰ মইনাটিৰ অনেক যুগুতি ।
  দেও মাৰি পাৰ হলে এৰিলে পীৰীতি ।।' 
   উত্তৰ:- প্ৰশ্নোদ্বৃত কবিতাশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰী'ৰ পৰা উদ্ধৃত । ইয়াত কবিয়ে মানৱ দেহটোক এটা সজা বা পিঞ্জৰাত লগত তুলনা কৰি ইয়াৰ ভিতৰত থকা জীউ বা আত্মাক মইনা চৰাইৰ সৈতে তুলনা কৰিছে ।
       আমি দে নামৰ সজাটিৰ ভিতৰত জীউ বা আত্মা থকালৈকে ইয়াৰ প্ৰতি মায়া-মোহত আচ্ছন্ন হৈ নানা ধৰনেৰে বিকাশ সাধন কৰিবলৈ বা চিকুণ কৰিবলৈ ওৰেটা জীৱন কষ্ট কৰোহঁক।  সজাত আবদ্ধ হৈ থকা মইনা ওলাই যাবলৈ অৰ্থাৎ মুক্তি পবলৈ সদায় চেষ্টা কৰি থাকে । কেনেবাকৈ ওলাই যাব পৰিলে আতঁৰৰপৰা তাৰ সজাটো চাই থকাৰ বাহিৰে ওচৰলৈ নাহে । যেতিয়াই আমাৰ এই দেহ নামৰ সজাটিৰ পৰা প্ৰতি মৰম-চেনেহ নাইকিয়া হয় । সেই ভেলটো জীৱিত মানুহে বান্ধি নি পুৰি বা পুতি থয় । ভেলটোৰ এই বিলাই বিপত্তিবোৰ জীৱই আতঁৰৰপৰা চাই থাকে বুলি কোৱা হৈছে ।
 প্ৰশ্ন ৫ / সমাৰ্থক শব্দ এটাকৈ লিখাঃ
চিন্তো , ঘাট , পিৰীতি , জীৱ , আচমান 
 উত্তৰ:- চিন্তো     -----   ভাৱো
            ঘাট        -----   বন 
            পিৰীতি   -----  প্ৰম
            জীৱ       -----  জীৱৰ প্ৰণ
            আচমান ----- আকাশ
প্ৰশ্ন  ৬/বিপৰীত শব্দ লিখাঃ
 সঞ্চাৰ,  বিলাই , চিন্তা 
 উত্তৰ:-  শব্দ              বিপৰীতাৰ্থক শব্দ 
            সঞ্চাৰ  ---- সংক্ষেপ 
            বিলাই  ---- সুখ 
            চিন্তা    ---- চিন্তাবিহীন ।
প্ৰশ্ন ৭/ আজান ফকিৰৰ প্ৰকৃত নাম কি আছিলঃ
  উত্তৰ:- আজান ফকিৰৰ প্ৰকৃত নাম আছিল ছৈয়দ ছৈয়দ মইনুদ্দন । তেওঁৰ আন এটা নাম আছিল ছৈয়দ ছাৰ মীৰান ছাৰ ।
প্ৰশ্ন ৮/ আজান ফকীৰ'ক কি বুলি আখ্যা দিয়া হয়। 
 উত্তৰ:- আজান ফকীৰক এজন পীৰ বা ধৰ্মগুৰুৰ উপৰি  উপৰি সত্যদ্ৰষ্টা আৰু তত্বজ্ঞানী চুফী সাধক বুলি আখ্যা দিয়া হয়। 
প্ৰশ্ন ৯/ জিকিৰ গীত কোন ধৰ্মালম্বীৰ লোকৰ মাজত প্ৰচলিত ?
উত্তৰ:- জিকিৰ গীত অসমৰ ইছলাম ধৰ্মীসকলৰ মাজত প্ৰচলিত এক শ্ৰেণীৰ স্তুতি গীত ।
প্ৰশ্ন ১০/ জিকিৰত প্ৰথানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে ?
 উত্তৰ:- জিকিৰত প্ৰধানকৈ জ্ঞান মাৰ্গতহে গুৰুত্ব আৰোপ কৰা হৈছে ।
 প্ৰশ্ন ১১/ মোমিন মানে কি ? 
 উত্তৰ :- মোমিন মানে হৈছে বিশ্বাসী মুছলমান লোক ।
প্ৰশ্ন ১২/ জিকিৰ আৰু জাৰীবোৰৰ ৰচক কোন ?
উত্তৰ:- জিকিৰ আৰু জাৰীবোৰৰ ৰচক আজান ফকিৰ ।
প্ৰশ্ন ১৩ / জিকিৰ শব্দৰ উৎপত্তি কি শব্দৰ পৰা ?
 উত্তৰ:- জিকিৰ শব্দৰ উৎপত্তি আৰবী জিকৰ ,শব্দৰ পৰা ।
প্ৰশ্ন ১৪/ মক্কা কি ?
 উত্তৰ:- মক্কা হ'ল মুছলমান সকলৰ ধৰ্মস্থান।  তেখেতৰ মতে মক্কা দৰ্শন কৰাজনে বেহেস্তত স্থান পায় আৰু সকলো পাপ নাশ হয়। 
প্ৰশ্ন ১৫ / ' সজাত মইনা আছে , ঘনে লগাই মাত '' ----ইয়াত 'মইনা ' শব্দটোৱে কি অৰ্থ বুজাইছে ?
 উত্তৰ:- আত্মা বা জীৱক ।
প্ৰশ্ন ১৬ / 'ৰহমত গিৰিহঁত '  শব্দ দুটাই কি বুজাইছে ।
উত্তৰ:- ' ৰহম ' শব্দৰ অৰ্থ হ'ল দয়া আৰু ' গিৰিহঁত শব্দৰ অৰ্থ হ'ল ভগৱান । অৰ্থাৎ ভগৱান হ'ল দয়াৰ আকৰ বা পৰম দয়াশীল ।
প্ৰশ্ন  ১৭ / মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে ?
 উত্তৰ:- মক্কাৰ দুৱাৰত পবিত্ৰ তীৰ্থ স্বৰূপ ত্রিৱেণী ঘাটৰ থকাৰ কথা কোৱা হৈছে ।
প্ৰশ্ন ১৮ / আজান ফকীৰ কোন ? 
উত্তৰ:- আজান ফকিৰ এজন পীৰ বা ধৰ্মগুৰু আৰু ৱলী বা সত্যদ্ৰষ্টাৰূপে স্বীকৃত হোৱাৰ লগতে তেওঁ এগৰাকী তত্বজ্ঞানী সাধক বুলি জনসমাজত সমাদৃত ।
প্ৰশ্ন ১৯/ বিশ্লেষণ কৰাঃ
 ক) আচমানৰ কুটুব তৰা আদমৰ জাত ।
 সজাত মইনা আছে ঘনে লগায় মাত ।।
 উত্তৰ:- আদম হৈছে আল্লাৰদ্বাৰা সৃষ্ট প্ৰথম মানৱ । এই আদম ধ্ৰুৱতৰাৰ ৰূপত নিশাৰ আকাশত জিলিকি থকা বুলি বিশ্বাস কৰা হয়।  আকাশত জিলিকি থকা ধ্ৰুৱ তৰাটো দেখি , কিন্ত ধ্ৰুৱতৰাৰ মাজত থকা আদমক নেদেখি একেদৰেই মানৱৰ শৰীৰটোহে মানবীয় চকুৰে দৰ্শন কৰিব পাৰি , শৰীৰৰ মাজত লুকাই থকা ঈশ্বৰক নোৱাৰি । মানুহৰ শৰীৰৰ জীৱ বা আত্মাই ঈশ্বৰ।  ই সঁজাত বন্ধী হৈ থকা মইনা চৰাইৰ দৰে । মইনা চৰায় সংজাৰ ভিতৰৰপৰা যিদৰে মাত লগাই থাকে ঈশ্বৰৰূপী জীৱই মানুহ জীৱন্ত কৰি ৰাখে মানৱ জীৱনৰ ক্ষেত্ৰত দৰাচলতে দেহাটোৱেই সজাস্বৰূপ । দেহৰ ভিতৰত সোমাই থকা আত্মা হৈছে মইনা চৰাই ।
 খ) খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ ।
 মক্কাৰ দুৱাৰত বন্ধো মাৰিলা সঞ্চাৰ। ।
উত্তৰ:- ভগৱানৰ প্ৰতি মানুহৰ বিশ্বাস অপাৰ । অৱশ্যে ভগৱানক মানুহে বিশ্বাস কৰিলে স্বচক্ষে ভগৱানক দেখাৰ সৌভাগ্য মানুহৰ নহয় । মন্দিৰে-মছজিদে মানুহে ইশ্বৰৰ সন্ধান কৰে । ভগৱানে মানুহক পুণ্য প্ৰদান কৰে আৰু এই পুণ্যৰ ফলত মানুহৰ পাপকৰ্মৰ খণ্ডন হোৱাৰ লগতে মানহে মৃত্যুৰ পাছত স্বৰ্গ লাভ কৰিব পাৰে বুলি বিশ্বাস কৰে । এনে বিশ্বাস  দৰাচলতে ভিত্তিহীন । ভগৱানৰ সন্ধানত মন্দিৰে-মজজিতে বলিয়াৰ দৰে ঘুৰি ফুৰাৰো কোন প্ৰয়োজন নাই।  দৰাচলতে বিচাৰিব জানিলে নিজৰ মাজতেই ঈশ্বৰৰ সম্ভেদ পোৱা যায়  । মানুহৰ মাজতেই ঈশ্বৰৰ স্থিতি।  নিজৰ চকুত তলা মাৰি থোৱা বাবে মানুহে ঈশ্বৰৰ অস্তিত্ব উপলদ্ধি কৰিব নোৱাৰে । মায়াৰ পাকচক্ৰৰ পৰা ওলাই প্ৰকৃত সত্য দৰ্শন কৰিব পাৰিলেই মানুহৰ ইশ্বৰপ্ৰাপ্তি হয়  ।

এনেধৰণৰ অধিক প্ৰশ্নোত্তৰ ছাবৰ বাবে তলত দিয়া লিংক সমূহ নিৰ্বাচন কৰক  । পাঠটোৰ প্ৰশ্নোত্তৰ পঢ়ি আপোনাৰ মনোভাৱ কমেন্টত উপস্থাপন কৰক ।

CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক)
  পদ্যাংশ  
  পদ্যাংশ  
CLASS 1O GRAMMAR MCQ 

CLASS 11 ASSAMESE QUESTION ANSWER 



Post a Comment

0 Comments