দৃশান্তৰ class 10 mcq

দৃশান্তৰ class 10 question answer . দৃশান্তৰ কবিতা . দৃশান্তৰ কবিতা class 10 . class 10 assamese chapter 5 questions answere .

(খ)  দৃশান্তৰ

কবি--হৰেকৃষ্ণ ডেকা
পাঠ ভিকতি প্ৰশ্নোত্তৰ
ভাব বিষয়ক :
প্ৰশ্ন 1/চমু উত্তৰ দিয়া :
(ক) কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল ?
উওৰ  :- কবিয়ে ২৫ বছৰৰ পিছত মানুহজনক লগ পাইছিল ।
(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ?
উওৰ  :- মানুহজন কুকুৰীকণা আছিল বাবেই নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ।
(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল ?
উওৰ  :- মানুহজনে নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰিছিল ।
(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল ?
উত্তৰ :- মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰ ভংগিৰে আছিল ।
(ঙ) কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল ?
উত্তৰ :- কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল ।
প্ৰশ্ন 2/ সাতবছৰীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কৰিব স'তে কি কি কথা পাতিছিল তুমাৰ নিজৰ কথাত লিখা ।
উওৰ :- সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে চছমাৰ তলেৰে সন্ধেহজনক চাৱনিৰে কবিৰ ফালে চাইছিল আৰু তেওঁক কিবা লাগে নেকি সুধিছিল । তেওঁ কবিক কৈছিল যে তেওঁ সেই ঠাইত থাকি শান্তি নাপাব । কাৰণ তাত থকা মানুহবোৰে মানুহৰ মৃত্যু হ'লে শ দাহ কৰিবলৈ বা খবৰ কৰিবলৈও ওলাই নাহে । তাক মানুহবোৰ অতি কৃপণ আৰু কাকো তেওঁলোকে চিনি নাপায় । তেওঁলোকে নিজক লৈয়ে ব্যস্ত থাকে । এই আক্ষেপ কৰি মানুহজন সাতমহলীয়া ঘৰৰ ভিতৰত সোমাই গৈছিল ।
প্ৰশ্ন 3/দৃশ্যানতৰ কবিতাটোৰ মুল ভাব লিখা (MQ)2015,2017)
    উত্তৰ   :- কবি হৰেকৃষ্ণ ডেকাৰ 'দৃশ্যানতৰ' কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে । কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগৰে তেওঁ উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তি । কেঁচা আলি-কেঁকুৰিৰ পৰা কংক্ৰীটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নি:সঃগতা আৰু চহকীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰিছে । কবিৰ কেইবাটাও কবিতাত গ্ৰাম্য জীৱনৰ অকপট ৰূপ প্ৰকাশ পোৱাৰ দৰে চহৰীয়া জীৱনৰ ৰুক্ষতাৰো ৰূপায়ণ ঘটিছে । 'দৃশান্তৰ' নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিবৰ্তিত সত্য । দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে । 'দৃশান্তৰ' কবিতাটো আমাৰ সমাজ-জীৱনৰে এক আলেখ্য ।
        'দৃশান্তৰ' কবিতাটোত প্ৰকাশ পোৱা অভিব্যক্তিক আধুনিক কবিতাৰ বিদ্যায়তনিক আলোচনাত 'মহানগৰ চেতনা' বুলি কোৱা হয় ।
প্ৰশ্ন 4/বৰ শান্তিত আছোঁ 
এই পঁজাটিত।' কোনে, কিয় এইদৰে কৈছে ? কথাশাৰীৰ অন্তৰ্নিহিত ভাব মুকলাই লিখা ।
  উওৰ :-  কবিক এই কথাষাৰ বৃদ্ধ বাটৱাজনে কৈছিল । তেখেতে এই কথাষাৰ এই কাৰণে কৈছিল যে কংক্ৰিটৰ মহানগৰীত অট্টালিকাত থাকিলেও কোনোৱে কাকো চিনি নাপায়, সহায় নকৰে । কিন্ত গাঁৱৰ উৰুখা পঁজাঘৰত বাস কৰা হ'লেও মানুহে মিলা-প্ৰীতিৰে শান্তিৰে থাকিব পাৰে । গাঁৱৰ মানুহবিলাক আৰ্থিকভাৱে যথেষ্ট টনকিয়াল নহ'লেও তেওঁলোক মানসিকভাৱে যথেষ্ট আধ্যৱন্ত । তেওঁলোকৰ আনৰ প্ৰতি মৰম-সহানুভূতি থাকে । গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য, দয়াবোধ আদিৰ বাবে তাত পঁজাত থাকিও শান্তিত থাকিব পাৰি ।
৫/ "হেৰা অচিনাকি মানুহজন, তোমাৰ কি লাগেহে ইয়াত ? "
------ ইয়াত কোনে কাক অচিনাকি মানুহজন বুলি সম্বোধন কৰিছে ?
উত্তৰ :- "হেৰা অচিনাকি মানুহজন.... " ইয়াত পঁচিশ বছৰ পাছত লগ পোৱা আধুনিক যুগৰ এজন ব্যক্তিয়ে কবিক অচিনাকি মানুহজন বুলি সম্বোধন কৰিছে ।
৬/ দৃশান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিবৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, তোমাৰ ভাষাৰে বুজাই লিখা ।
উত্তৰ :- দৃশান্তৰ কবিতাটোত প্ৰথিতযশা কবি-সাহিত্যিক হৰেকৃষ্ণ ডেকাদেৱ মানৱ সমাজৰ পৰিবৰ্তিত আৰু ক্ৰমান্বয়ে স্খলন হ'বলৈ ধৰা মানৱতাৰ দৃশ্যৰ এক সাৰ্থক ছবি আঁকিছে ।
       কবিয়ে উল্লেখ কৰিছে যে সময়ৰ পৰিবৰ্তিত সোঁতৰ সমান্তৰালভাৱে মানৱ সমাজৰ ধ্যান-ধাৰণা, দৃষ্টিভংগী, চিন্তা-চেতনা আদিও সলনি হয় । পঁচিশ বছৰৰ আগতে এটা কেঁচা আলি কেকুঁৰিত সন্ধিয়া কবিয়ে লগ পাইছিল এজন কুকুৰী কণা মানুহক । আকাশচূম্বী কাহিনী তামোলেৰে, বাঁহনী এখনেৰে সেউজ হৈ থকা গাঁওখনত তেওঁৰ এটি পঁজাঘৰত বাস কৰে । নগৰীয়া ষ্ট্ৰীট লাইটৰ পোহৰ পাবলৈ ইচ্ছুক সেই ব্যক্তিগৰাকী উন্নয়ন তথা বিকাশৰ অংশীদাৰ । তেওঁ এনে এখন প্ৰগতিশীল সমাজ বাসনা কৰে যিখন সমাজ উন্নয়নৰ অগ্ৰগতিৰ সমানে সমানে মানৱীয় মূল্যবোধৰো উত্তৰণ বিচাৰে ।
      সময় বাগৰিল । পৰিৱেশ-পৰিস্থিতি, মানুহৰ মনোভাৱ সলনি হ'ল । কাহিনী তামোলেৰে পৰিবেষ্টিত সেই ঠাইডোখৰ, য'ত আছিল এটা সৰু পঁজাঘৰ, তাত পঁচিশ বছৰৰ পাছত ওখ ওখ কেইবা মহলীয়া অট্টালিকা নিৰ্মিত হ'ল । প্ৰতিযোগিতাৰ ধামখুমীয়াত গঢ়ি উঠা কংক্ৰিটৰ মহানগৰীত দোভাগ নিশাও মানুহে চাৰিওফালে পিয়াপি দি ফুৰে । চাৰিওফালে কেৱল মানুহে পৰুৱাৰ দৰে পিয়াপি দি ফুৰে । ফেউফালে কেৱল মানুহ আৰু মানুহ । কিন্ত মানুহে মানুহৰ বাবে অলপো চিন্তা কৰিবলৈ সময় নাইকিয়া হ'ল । সেউজ কোমল মন কংক্ৰিটৰ দৰে কঠিন হ'ল । ধন-ঐশ্বৰ্য-বিভূতি সংগ্ৰহৰ উদগ্ৰ তাড়না বাঢ়িল । কিন্ত তাৰ ফলত মানৱতাৰ যে অৱনমিত হৈছে সেয়া কাৰো ভাবিবলৈ সময় নাই । সমাজৰ এই স্খলিত ৰূপ দেখি কবিয়ে লগ পোৱা বৃদ্ধ ব্যক্তিজনে বীতশ্ৰদ্ধ হৈ সকলোকে যখন সন্তান বুলি বুলি ক'বলৈ সংকোচ কৰা নাই ।
৭/ 'দৃশান্তৰ' কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া ।
উত্তৰ :- দৃশান্তৰ কবিতাটোৰ কবিগৰাকীৰ নাম হৰেকৃষ্ণ ডেকা । ১৯৪৩ চনত তিনচুকীয়াত জন্ম । পিতৃ নগেন্দ্ৰনাথ ডেকা আৰু মাতৃ কামিনী ডেকা । তিনিচুকীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত প্ৰাকৃতিক শিক্ষা আৰম্ভ কৰি ১৯৫৯ চনত চেনাইৰাম স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়  । ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ । গুৱাহাটীৰ কমাৰ্চ কলেজৰ অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান । আৰক্ষী বিভাগৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে অৱসৰ গ্ৰহণ (২০০৩) ।
      হৰেকৃষ্ণ ডেকা 'The Sentinel' আৰু 'গৰিয়সী' ৰ সম্পাদকো আছিল । প্ৰকাশিত পুথি : 'স্বৰবোৰ', ৰাতিৰ শোভাযাত্ৰা', 'আন এজন ', 'পোষ্টমডাৰ্ণ অথবা গল্প', 'আধুনিকবাদ আৰু অন্যান্য প্ৰবন্ধ', 'বৰ্তমান'  (সম্পা.), 'প্ৰাকৃতিক আৰু অন্যান্য' । 'আন এজন কাব্যগ্ৰন্থৰ বাবে ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ । তেখেতৰ একমাত্ৰ উপন্যাস হ'ল 'আগন্তুক' । ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে ।
৮/ ব্যাখ্যা কৰা :
(ক) মৰিলেও দাহ কৰিবলৈও
      এজন মানুহ নাই ।'
উওৰ :-  উপযুক্ত কবিতাফাঁকি সাহিত্য সুবাসৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হৰেকৃষ্ণ ডেকাৰদেৱৰ দ্বিবাৰা বিৰচিত দৃশান্তৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে । ইয়াত কবিয়ে সমাজৰ পৰিবৰ্তিত গতিময়তাত মানুহৰ মাজত ক্ৰমান্বয়ে বস্তুবাদী প্ৰচীন এখন কথা উল্লেখ কৰিছে, যিয়ে মানুহৰ মাছত থকা দয়া-মমতা, সহায়-সহানুভূতি আদিও গুণৰাজিক পুৰণিকলীয়া আৰু বৰ্জিত সামগ্ৰী যেনে ৰূপ দি পেলাইছে । নগৰৰ মানুহবিলাকে কংক্ৰিটৰ কেইবামহলীয়া উচ্চ অট্টালিকাত বাস কৰে । ইজনে সিজনৰ লগত অহোৰাত্রি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ দোভাগ ৰাতিও টকা-পইচাৰ পিচত দৌৰি ফুৰে । কিন্ত বস্তবাদী চিন্তাৰ মাজত জাহ যোৱা মানুহে আনৰ বাবে চিন্তা কৰিবলৈ অকণো সময় উলিয়াব নোৱাৰে । তেওঁলোকৰ সেউজীয়া মনৰ দুবৰিৰ ঠাইত কংক্ৰিটৰ ঘন অৰণ্য গজি উঠিল । ধন-ঐশ্বৰ্য-বিভূতিৰ হেচাত মানৱীয়তা দিনকদিনে অৱনমিত হৈ আহিল । আনকি  ওচৰ চুবুৰীয়া কোনো মানুহৰ মৃত্যু ঘটিলেও খবৰ ল'বলৈ বা সেই মৃতদেহৰ সৎকাৰ কৰিবলৈও দুখৰ সমভাগী হৈ স্বইচ্ছাই আগবাঢ়ি অহা মানুহৰ অভাৱ ঘটিল ।
(খ) 'যখৰ পোৱালিহঁতে কাক কোনে চায় ।'
উত্তৰ :- ওপৰৰ কবিতাফাঁকি সাহিত্য সুবাস পাঠ্যপুথিৰ অন্তৰ্গত প্ৰথিতযশা কবি হৰেকৃষ্ণ ডেকাৰ দৃশান্তৰ কবিতাটিৰ পৰা উদ্ধৃত ।
      ইয়াত যখৰ পোৱালি শব্দৰ দ্বাৰা কবিয়ে আধুনিক যুগৰ দয়া-মমতাহীন স্বাৰ্থপৰ মানৱক শ্ৰেণীক বুজাইছে ।
     অতীজৰ সমাজত মানুহৰ মাজত দয়া-মমতা, পৰোপকাৰ, সহানুভূতি আদি গুণ অক্ষুণ্ণ আছিল । ইজনে সিজনক সহায়-সহযোগিতা কৰি নিজৰ নিজৰ বাটেৰে আগবাঢ়িছিল । কোনোবা বিপদত পৰিল সেইজনৰ বাবে এখন্তেক ৰৈ সহায়ৰ হাত আগবঢ়াবলৈ কুণ্ঠাবোধ কৰা নাছিল । কিন্ত লাহে লাহে নগৰীয়া জীৱনৰ প্ৰতি ধাৱমান হোৱা মানৱ জাতিয়ে কংক্ৰিটৰ অৰণ্যৰ মাজত নিজকে আবদ্ধ কৰি ঐশ্বৰ্য-বিভূতিৰ পিছত দোভাগ ৰাতিও দৌৰিবলৈ আৰম্ভ কৰিলে । দুচকুত ধন-সোণৰ প্ৰতি তিৰবিৰাই থকা লালসাই মানুহৰ দৃষ্টি আনৰ সুবিধা-অসুবিধা পৰা আঁতৰাই আনিলে । মানুহৰ মাজত লুকাই থকা মানৱীয় গুণৰাজিৰ কেতিয়াবাই মৃত্য ঘটিল আৰু মানৱৰ শৰীৰৰ লৈ তখ-ভূতৰ আত্মাৰে চলা-ফুৰা কৰি থকা মানুহখিনিক কবিয়ে অতি সাৰ্থকভাৱে যখৰ পোৱালি বুলি অভিহিত কৰিছে ।
(গ) 'এই কংক্ৰীটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু ।'
উত্তৰ :- উপৰি উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তগৰ্ত কবি হৰেকৃষ্ণ ডেকিদেৱ ৰচিত 'দৃশ্যন্তৰ' কবিতাটিৰ পৰা উদ্ধৃত ।
      ইয়াত কবিয়ে সময়ৰ গতিশীলতাৰ সেউজ ভূমিখনত কিদৰে প্ৰতিযোগিতামুখী কংক্ৰিটৰ অৰণ্য গঢ়ি উঠিছে তাকে ক'বলৈ বিচাৰিছে । 
     কবিৰ মতে এটা সময় আছিল, যি সময়ত সেউজীয়া পৰিবেশত লালিত-পালিত মানুহে আন্তৰিকতাৰে সদ্ভাৱ, মৰম-চেনেহ জীয়াই ৰাখি ইজনে সিজনৰ সুখ-দুখৰ সমভাগী ইছলামিক । তেনে কৰিবলৈ পালে নিজক ধন্য মানিছিল । কিন্ত এতিয়া তাৰ বিপৰীত দৃশ্য । এতিয়া এই ঠাইবোৰত গঢ়ি উঠিল কেইবামহলীয়া অট্টালিকাৰ শাৰী । মানুহৰ মনৰ পৰা সেউজ-কোমল ধ্যান-ধাৰণা আঁতৰি গ'ল । কংক্ৰিটৰ গগণচুম্বী অট্টালিকাৰ মাজত যেন হেৰাই গ'ল  মানৱীয়তা ।
ভাষা বিষয়ক :
৯/ বিপৰীত শব্দ লিখা :
কেঁচা, গধুলি, পোহৰ, শান্তি, ৰূপ ।
উত্তৰ :- কেঁচা  ----  পকা, গধূলি --- পুৱা, পোহৰ --- আন্ধাৰ,  শান্তিত --- অশান্তিত , ৰূপ --- গুণ ।
১০/ এটাকৈ সমাৰ্থক শব্দ লিখা :
জোন, ঘৰ, চৰা, দাহ, উভতি ।
উত্তৰ :- জোন --- চন্দ্ৰ,  ঘৰ --- ভিন, চৰা --- ওখ, দাহ --- সৎকাৰ, উভতি --- গুচি ।
১১/ নঞাৰ্থক শব্দ গঠন কৰা :
শান্তি, চিনাকি, সহায় ।
উত্তৰ :- শান্তি ---  ন + শান্তি = অশান্তি, চিনাকি --- ন + চিনাকি = অচিনাকি, সহায় --- ন + সহায় = অসহায় 
১২/ 'নমস্কাৰ' শব্দটো সন্ধি ভাঙিলে এনে হ'ব ---- 
নাম : + স্কাৰ । --- এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা 
উত্তৰ :- পুৰঃ + কাৰ = পুৰস্কাৰ, মন: + তাপ = মনস্তাপ 
বাচঃ + পতি = বাচস্পতি, তিৰঃ + কাৰ = তিৰস্কাৰ  ।
অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ 
অতি চমু প্ৰশ্নোত্তৰ                     প্ৰতিটোত ১ নম্বৰকৈ
১/ হৰেকৃষ্ণ ডেকা কি কি কাকত-আলোচনীৰো সম্পাদক আছিল ?
উত্তৰ :- 'The Sentinel' কাকত আৰু 'গৰিয়াসী' আলোচনীৰ ।
২/ কৰি হৰেকৃষ্ণ ডেকাৰ কবিতাপুথি কেইখনৰ নাম উল্লেখ কৰা ।
উত্তৰ :- 'ৰাতিৰ শোভাযাত্ৰা', 'আন এজন', Sea-Scare' আদি ।
৩/ কবি হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য বঁটা লাভ কৰে ?
উত্তৰ :- ১৯৮৭ চনত সাহিত্য অকাডেমিৰ বঁটা লাভ কৰে ।
৪/ হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি ?
উত্তৰ :- The Sentinel .
৫/ হৰেকৃষ্ণ ডেকাৰ দুখন গল্প পুথিৰ নাম লিখা ।
উত্তৰ :- 'গল্প আৰু কল্প', 'মধুৰসূদনৰ দলং' ।
৬/ কবি হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি ?
উত্তৰ :- কবি হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম 'আগন্তুক' ।
৭/ কবিয়ে বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেনে আছিল ?
উত্তৰ :- কবিয়ে বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি কেকুৰিটো কেঁচা আছিল ।
৮/ "মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই ।
ৰখৰ পোৱালীহঁতে কাক কোনে চায় ।" --- ইয়াত যখৰ পোৱালী বুলি কাক কোৱা হৈছে ?
উত্তৰ :- ইয়াত যখৰ পোৱালী বুলি আধুনিক যুগৰ দয়া-মমতাহীন, স্বাৰ্থপৰ মানৱ শ্ৰেণীক বুজাইছে ।
৯/ 'মই যেতিয়া হাতত তেওঁক আগুৱাই দিছিলোঁ, কৈছিল ,... --- ইয়াত 'তেওঁ' বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰ :- ইয়াত 'তেওঁ' বুলি লগ পোৱা কুকুৰীকণা মানুহজনৰ কথা কোৱা হৈছে ।
১০/ হৰেকৃষ্ণ ডেকাৰদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি ? 
উত্তৰ :- 'অসম উপত্যকা সাহিত্য বঁটা' ।
১১/ 'দৃশান্তৰ' -ৰ অৰ্থ কি ?
উত্তৰ :- দৃশান্তৰ' ৰ- অৰ্থ --- ভিন্ন বা অন্য দৃশ্য ।
১২/ 'দৃশান্তৰ' কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল ?
উত্তৰ :- পঁচিশ বছৰৰ পাছত ।
১৩/ নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল ?
উত্তৰ :- নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰীকণা আছিল ।
১৪/ 'কাকিনী তামোল' শব্দৰ অৰ্থ কি ?
উত্তৰ :- বৰ ওখ তামোল গছ ।
চমু প্ৰশ্নোত্তৰ                          প্ৰতিটোত ২/৩ নম্বৰকৈ
১/ কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগপোৱা পৰিৱেশটো কেনে আছিল ?
উত্তৰ :- কবিয়ে পঁচিশ বছৰৰ আগতে লগ পোৱা পৰিৱেশটো আছিল এনেধৰণৰ --- সময়টো আছিল গধূলি, আলি-কেঁকুৰিটো আছিল কেঁচা আকাশত পূৰ্ণ জোনৰ পোহৰ । কুকুৰীকণা মানুহজন এটা পঁজাঘৰত বাস কৰিছিল । তেওঁৰ ঘৰৰ মুখৰ পদূলিত আছিল নঙলা । বাৰীত আছিল কেইজনমান কাকিনী তামোল । ঘৰল দাঁতিত আছিল আগলি বাঁহ । সন্ধ্যা লগাৰ লগে লগে নিজান-নিস্তব্ধ পৰিবেশ । ক'তো মানুহ এটা দেখিবলৈ নাই । 
২/ কবিয়ে পঁচিশ বছৰৰ পাছত মানুহজনক লগপোৱা পৰিৱেশটো আগৰ দৰে আছিল ?
উত্তৰ :- কবিয়ে পঁচিশ বছৰৰ পাছত মানুহজনক লগপোৱা পৰিবেশটো আগৰ দৰে নাছিল । পৰিবেশটো সম্পূৰ্ণ সলনি হৈছিল । কবিয়ে পঁচিশ বছৰৰ আগতে লগ পোৱা পৰিবেশটো আছিল এনেধৰণৰ --- 
     সেই পঁজাঘৰৰ ঠাইত গঢ়ি উঠিল সাতমহলীয়া ঘৰ । এই ঠাইৰ ওচৰে-পাজৰে আন কেইবাটাও অট্টালিকা হ'ল ।
     এটাতকৈ আনটোৰ ৰূপ চৰা । সন্ধ্যা ভাগৰ বহুত পাছত মানুহ পিয়াপি দি ফুৰে । কুকুৰীকণা মানুহজনৰ চকুত এতিয়া চশমা । মানুহজন এতিয়া এটা সাত মহলীয়া ঘৰত বাস কৰে । আগতে পঁজাঘৰত বাস কৰা মানুহজনে এতিয়া কাৰোবাক লগ পালে ভাড়াঘৰ বিছাৰি আহিছে নেকি বুলিহে সোধে ।
৩/ দৃশ্যান্তৰ নামটো কবিতাটোৰ ক্ষেত্ৰত সাৰ্থক হৈছেনে বিচাৰ কৰা ।
উত্তৰ :- দৃশান্তৰ শব্দটোৰ অৰ্থ হৈছে ভিন্ন বা অন্য দৃশ্য । কেৱল বেলেগ দৃশ্যৰ মাজত থকা অন্তৰ বা পাৰ্থক্য বুজায় এই শব্দটোৱে । এই কবিতাটোত কবিয়ে তেওঁৰ বাস্তৱ অভিজ্ঞতা আৰু সময়ৰ লগে লগে সমাজ পৰিবৰ্তনৰ ইংগিত দাঙি ধৰিছে । পঁচিশ বছৰ আগৰ এখন সমাজ মানৱীয় দৃষ্টিভংগী, আত্মীয়তা আৰু মানুহে মানুহৰ বাবে জীয়াই থকাৰ যি মানসিকতা কবিয়ে প্ৰত্যক্ষ কৰিছিল, পঁচিশ বছৰৰ পিছত সমাজখনত তাৰ সম্পূৰ্ণ বিপৰীত ছবিহে কবিৰ দৃষ্টিগোচৰ হৈছে । দুয়োখন সমাজৰ মাজত থকা পাৰ্থক্যখিনি কবিয়ে এই কবিতাটোত দাঙি ধৰিছে । গতিকে বিষয়বস্তুৰ লগত কবিতাটোৰ নামৰ অতি সামঞ্জস্য আছে । সেয়ে 'দৃশান্তৰ' নামটো এই কবিতাটোৰ ক্ষেত্ৰত যথোপযুক্ত হৈছে বুলি ক'ব পাৰি ।
৪/ দৃশান্তৰ কবিতাটোত আধুনিক কবিতাৰ কি লক্ষণ দেখা গৈছে ?
উত্তৰ :- হৰেকৃষ্ণ ডেকাই ৰচনা কৰা দৃশান্তৰ কবিতাটো এটা সমাৰ্থক আধুনিক কবিতা । এই কবিতাটোয়ে আধুনিক কবিতাৰ কেইবাটাও লক্ষণ সামৰি লৈছে । তাৰ ভিতৰত কেইটামান হ'ল ---
(ক) নগৰীয়া জীৱনৰ যান্ত্ৰিকতাবোধ 
(খ) আধুনিক জীৱনৰ ক্লান্তি আৰু নিঃসংগতাবোধ 
(গ) নষ্টালজিকতা 
(ঘ) চিত্ৰকল্প আৰু প্ৰতীকৰ ব্যৱহাৰ ।
৫/ অৰ্থ লিখা :
কাকানী তামোল, ন্যুজ , দৃশান্তৰ ।
উত্তৰ :- কাকিনী তামোল  :- বৰ ওখ তামোল ।
ন্যুজ    :-  কুঁজা ।
দৃশান্তৰ :- ভিন্ন বা অন্য দৃশ্য ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ               প্ৰতিটোত ৪/৬ নম্বৰকৈ 
১/ 'দৃশান্তৰ' কবিতাটোৰ সাৰাংশ লিখা ।
উত্তৰ :- প্ৰথিতযশা কবি-সাহিত্যিক হৰেকৃষ্ণ ডেকাৰদেৱৰ ৰচিত 'দৃশ্যন্তৰ' কবিতাটোৰ মাজেৰে মানৱ সমাজৰ পৰিবৰ্তিত আৰু ক্ৰমান্বয়ে স্খলন হ'বলৈ ধৰা মানৱতাৰ দৃশ্য প্ৰতিফলিত হৈছে । 
       সময়ৰ পৰিবৰ্তিত সোঁতৰ সমান্তৰালভাৱে মানৱ সমাজৰ ধ্যান-ধাৰনা, দৃষ্টিভংগী, চিন্তা-চেতনা আদিও সলনি হয় । পঁচিশ বছৰৰ আগতে এটা কেঁচা আলি কেকুঁৰিত সন্ধিয়া কবিয়ে লগ পাইছিল এজন কুকুৰী কণা মানুহক । আকাশচুম্বী কাকিনী তামোলেৰে, বাঁহনী এখনেৰে সেউজ হৈ থকা গাঁওখনত তেওঁৰ এটি পঁজাঘৰত বাস কৰে । নগৰীয়া ষ্ট্ৰীট লাইটৰ পোহৰ পাবলৈ ইচ্ছুক সেই ব্যক্তিগৰাকী উন্নয়ন তথা বিকাশৰ অংশীদাৰ । তেওঁ এনে এখন প্ৰগতিশীল সমাজ বাসনা কৰে যিখন সমাজ উন্নয়নৰ অগ্ৰগতিৰ সমানে সমানে মানৱীয় মূল্যবোধৰো উত্তৰণ বিচাৰে ।
       সময় বাগৰিল । পৰিৱেশ-পৰিস্থতি, মানুহৰ মনোভাৱ সলনি হ'ল । কাকিনী তামোলেৰে পৰিবেষ্টিত সেই ঠাইডোখৰ, য'ত আছিল এটা সৰু পঁজাঘৰ, তাত পঁচিশ বছৰৰ পাছত ওখ ওখ কেইবা মহলীয়া অট্টালিকা নিৰ্মিত হ'ল । প্ৰতিযোগিতাৰ ধামখুমীয়াত গঢ়ি উঠা কংক্ৰীটৰ মহানগৰীত দোভাগ নিশাও মানুহে চাৰিওফালে পিয়াপি দি ফুৰে । চাৰিওফালে কেৱল মানুহে পৰুৱাৰ দৰে পিয়াপি দি ফুৰে । কেউফালে কেৱল মানুহ আৰু মানুহ । কিন্ত মানুহে মানুহৰ বাবে অলপো চিন্তা কৰিবলৈ সময় নাইকিয়া হ'ল । সেউজ কোমল মন কংক্ৰীটৰ দৰে কঠিন হ'ল । ধন-ঐশ্বৰ্য-বিভূতি সংগ্ৰহৰ উদগ্ৰ তাড়না বাঢ়িল । কিন্ত তাৰ ফলত মানৱতাৰ যে অৱনমিত হৈছে সেয়া কাৰো ভাবিবলৈ সময় নাই । সমাজৰ এই স্খলিত ৰূপ দেখি কবিয়ে লগ পোৱা বৃদ্ধ ব্যক্তিজনে বীতশ্ৰদ্ধ হৈ সকলোকে যখৰ সন্তান বুলি ক'বলৈ সংকোচ কৰা নাই ।
      কবিয়ে এনেদৰে পঁচিশ বছৰৰ আগত আৰু পাছত দুটা দৃশ্যৰ পাৰ্থক্য প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰিছে ।
২/ ব্যাখ্যা কৰা :
(ক)  'সময়টো আছিল গধূলি ।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল 
নিজৰ ঘৰৰ পদূলি ।  
     উওৰ :- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দাৰা ৰচিত দৃশান্তৰ, শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে ।
     ইয়াত কবিয়ে এনে এজন ব্যক্তিৰ কথা ক'বলৈ বিচাৰিছে যিজনে সন্ধিয়া চকুৰে মনিব নোৱাৰা নিজৰ নিজস্বতা-সহৃদয়তাৰে পূৰ্ণ শান্তিময় সৰু পঁজাটিলৈ সোমোৱা পদূলিটো বিচাৰি আছিল ।
   কবিয়ে গধূলি সময়ত কেঁচা ৰাস্তাৰ কেঁকুৰিটোৰ কুকুৰীকণা মানুহজন আৰু ওপৰত পোহৰ বিলাই থকা জোন আৰু টোপালৰ বিৱৰণেৰে এক অকৃত্ৰিম সমাজ এখনৰ দৃশ্য প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰিছে । আধুনিকতাৰ মিছা গপ-অহংকালত এচাম মানুহে কেনেদৰে সংকীৰ্ণতাৰ আঁকোৱালি লৈ নিজকে চিনি নোপোৱা হৈছে তাকে বুজাবলৈ বিছাৰিছে ।

এনেধৰনৰ প্ৰশ্ন উত্তৰ সমূহ ছাবৰ বাবে তলত দিয়া লিংক সমূহ নিৰ্ধাৰণ কৰক । আমাৰ এনেধৰনৰ প্ৰশ্ন উত্তৰ সমূহ পঢ়ি কেনেধৰণৰ অনুভৱ হৈছে কমেন্ট কৰি জনাব। 

CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক)
  পদ্যাংশ  
  ৫• দৃশ্যান্তৰ পাঠটোৰ প্ৰশ্ন উত্তৰ
    গদ্যাংশ  
  ৬• উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্মোত্তৰ🔎 
 Group B-বৈকল্পিক 
  গদ্যাংশ  
  পদ্যাংশ  
CLASS 1O GRAMMAR MCQ 
CLASS 11 ASSAMESE QUESTION ANSWER 
  ADRE Important Questions Answer 

Post a Comment

0 Comments